Friday 30 October 2020

নাৰায়ন চন্দ্ৰ গোস্বামীৰ কাম আৰু আদৰ্শৰ মূল্যায়নেই হ'ব তেখেতৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি

 




মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত নাৰায়ন চন্দ্ৰ গোস্বামীৰ শ্ৰদ্ধাঞ্জলিৰ  বাবে কিছু শব্দ লিখিবলৈ পাই নিজকে ধন্য বুলি গণ্য কৰিছোঁ। সঁচা কথা কবলৈ গ'লে এই প্ৰাজ্ঞ ব্যক্তিত্বগৰাকীৰ সতে আমাৰ সাক্ষাত দুহ- তিনিবাৰমানহে হৈছিল।সেই ময়খিনিত আমি সত্ৰ সম্পৰ্কীয় কথাৰ বিষয়ে নহয়, বৰং মাজুলীৰ বিভিন্ন  সমস্যাৰাজিক লৈহে বিশেষভাৱে কথা পাতিছিলোঁ। সেই আলাপ যেন এগৰাকী ত্ৰাধিকাৰৰ সতে হোৱা আলাপ নাছিল, বৰংসেয়া আছিল মাজুলীৰ বিষয়ে থকা প্ৰগাঢ় জ্ঞানৰ গৰিমাৰে উজ্জীৱিত এগৰাকী  প্ৰাজ্ঞ সমল ব্যক্তিৰ সতে হোৱা আলাপ। মোৰ সাংবাদিক স্বামী সুশান্ত তালুকদাৰেও মাজুলীৰ বিষয়ে জানিবলৈকে তেখেতক  বিভিন্ন সময়ত  সাক্ষাৎ কৰি কথা- বতৰা হৈছিল, আৰু সমৃদ্ধও হৈছিল।এগৰাকী সাংবাদিক হিচাপে নতুন কমলাবাৰী সত্ৰৰ এইগৰাকী সত্ৰাধিকাৰৰ সতে কথা হোৱাৰ এক বিমল আনন্দ আছিল।কিয়নো তেখেতৰ সতে হোৱা  প্ৰতিটো আলাপেই আছিল আন্তৰিক,  সহজ-সৰল মানুহখিনিৰ বাবে তেখেতৰ আছিল এখন সঁচা হৃদয়।তেখেতৰ সৈতে হোৱা সাক্ষাতকালত ধৰ্মৰ বাণীতকৈ  বান-খহনীয়াকে ধৰি মাজুলীৰ মানুহখিনিৰ সমস্যাৰাজিয়েহে স্থান পাইছিল, আৰু সেইবোৰে  কথাবোৰ নতুনকৈ ভাবিবলৈ আমাৰ প্ৰেৰণা দিছিল।

আমি সৰু থাকোঁতেই শুনিবলৈ  পাইছিলোঁ সত্ৰৰ অভ্যন্তৰত  সংৰক্ষিত হৈ থকা সাংস্কৃতিক সম্পদৰাজি তেখেতে সত্ৰৰ অভ্যন্তৰৰপৰা  আনি  চৰ্চাৰ বাবে সাধাৰণ মানুহৰ মাজলৈ উলিয়াই  দিয়াৰ ক্ষেত্ৰত লোৱা বিশেষ উদ্যোগৰ কথা। সেই সময়ত সত্ৰৰ ভকতসকলেহে বিশেষকৈ সত্ৰীয়া নৃত্য, বাদ্য আৰু সংস্কৃতিৰ চৰ্চা কৰিছিল।সত্ৰৰ বাহিৰৰ  কোনোবাই আনুষ্ঠানিকভাৱে সত্ৰীয়া সংস্কৃতিৰ সমলৰাজি শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিলেও শিকাৰ সুবিধা নাছিল।  সত্ৰৰ চৌহদত বা নামঘৰত সত্ৰৰ বাহিৰা মানুহৰ ল'ৰা-ছোৱালীবোৰে শিকাৰ সুবিধা  লাভ কৰা নাছিল।     কিন্তু নাৰায়ন চন্দ্ৰ গোস্বামীয়ে নতুন কমলাবাৰী সত্ৰত সত্ৰৰ বাহিৰৰ লৰা-ছোৱালীয়েও যাতে আনুষ্ঠানিকভাৱে  এই শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ ব্যৱস্থা  কৰিছিল। সেয়া আছিল সত্তৰৰ দশকৰ পিছৰচোৱা অথবা  আশীৰ দশকৰ আৰম্ভণীৰ সময়ৰ কথা। সেই সময়ত  নাৰায়ন চন্দ্ৰ গোস্বামীৰ এই  প্ৰচেষ্টাৰ  বিষয়ে মাজুলীৰ সুধীমহলত  বিশেষভাৱে চৰ্চা চলিছিল। কথাটো আপাতত সাধাৰণ যেন লাগিলেও এটা দিশৰপৰা সি এক নতুন চেতনাৰ বাৰ্তা বহন কৰিছিল। সেই সময়ৰ সত্ৰ আৰু সত্ৰৰ বাহিৰৰ সমাজখনো আজিৰ তুলনাত যথেষ্ট গোড়া আছিল। সত্ৰসমূহে  নিজৰ নিজৰ সাংস্কৃতিক সম্পদ নিজৰ সত্ৰৰ বাবে আচূতীয়া কৰিৰাখিছিল। সেয়েহে সাধাৰণ  ৰাইজৰ ইচ্ছা থাকিলেও  গুৰুজনাই দি থৈ যোৱা সাংস্কৃতিক সমলৰাজি চৰ্চা কৰাৰ সুবিধা তেনেকৈ নাছিল।ফলত বৈষ্ণৱ সংস্কৃতিৰ নাভিকেন্দ্ৰ হোৱা স্বত্বেও সত্ৰৰ বাহিৰৰ সমাজখনৰ বাবে সত্ৰীয়া সংস্কৃতিৰ অমূল্য সম্পদৰাজি চৰ্চা কৰাটো বহুক্ষেত্ৰত  সম্ভৱ হৈ  উঠা নাছিল। তেনে সময়তে নাৰায়ন চন্দ্ৰ গোস্বামীৰ প্ৰচেষ্টাই  সেইবাবেই  সেই দিনবোৰত এক নতুন বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে কেইবটাও দশকৰ পিছত এতিয়া এনেধৰণৰ কথাবোৰ বহুদূৰ  আগবাঢ়ি আহিল আৰু  এতিয়া সকলোৱেই  চ্ছা কৰিলে  এই আপুৰুগীয়া সাংস্কৃতিক সম্পদৰাজিৰ ওপৰত  চৰ্চা কৰিব পাৰে। 

নাৰায়ন চন্দ্ৰ গোস্বামী নামৰ ব্যক্তিগৰাকীক আমি শৈশৱকালৰেপৰাই কিংবদন্তীৰ ৰূপত দেখিছিলোঁ। অৱশ্যে    তেখেতৰ প্ৰজ্ঞাৰ বিষয়ে অনুধাৱণ কৰিব পৰাকৈ সেই সময়ত আমাৰ জ্ঞান-বুদ্ধি হোৱা নাছিল। নতুন কমলাবাৰীৰ সত্ৰাধিকাৰে মানুহৰ সেৱা'  নলয়,  আৰু তেখেতক সাক্ষাৎ কৰিবলৈ  'লে  প্ৰভু ঈশ্বৰ'  বুলি কব নালাগে--এই দুষাৰি কথাই আমাক নাৰায়ন চন্দ্ৰ গোস্বামী নামৰ ব্যক্তিত্বৰ প্ৰতি প্ৰবলভাৱে আকৰ্ষিত কৰিছিল।আমাৰ শৈশৱকালত  মাজুলীবাসীৰ মনত থকা এটা সৰল বিশ্বাস আছিল যে,    সত্ৰাধিকাৰসকলক  প্ৰভূ  ঈশ্বৰ'  বুলি সম্বোধন কৰিবই  লাগিব,  কিয়নো তেখেতসকল ভগবানৰ অংশ' । সত্ৰলৈ  'লেই  সত্ৰাধিকাৰক সেৱা এটি  কৰিব  লাগে, তেখেতৰ হাতৰ নিৰ্মালি আৰু পদজল গ্ৰহণ কৰিব লাগে। এই পৰম্পৰা এতিয়াও আছে। কোনো ধৰণৰ উন্নত চিকিৎসাৰ ব্যৱস্থা নথকা মাজুলীৰ ৰাইজে আপোনজন  মৰিবৰ সময়ত মুখত প্ৰভূ ইশ্বৰ'ৰ পদজল দিয়াৰ কথা আমাৰ মনত পৰে।   কোৱা বাহুল্য যে,  প্ৰভূ ঈশ্বৰ'ৰ নিৰ্মালি  ভকতৰ হাতলৈ দলিয়াই দিয়াহে  হয়,  কিয়নো  তেওঁলোকে ভকতক স্পৰ্শ নকৰে। জ্যেষ্ঠজনক সেৱা কৰা ভাৰতীয় সমাজৰ এটি পৰম্পৰা। ইয়াকে লৈ  কোনো বিৰোধিতা থাকিব  নালাগে, বা থকা উচিত নহয়। কিন্তু সি হব লাগিব  অন্তৰৰ  শ্ৰদ্ধাৰ  প্ৰকাশ।কাৰোবাক শ্ৰদ্ধা বা ভক্তি কৰাটো অন্তৰৰ  গভীৰৰপৰা অহা উপলব্ধি, জোৰ কৰি তাক আদায় কৰা নাযায়। তাতেই সি যেতিয়া বাধ্যতামূলক হয়,  তেতিয়া মন এঙাই যোৱাই স্বাভাৱিক।সাধাৰণ মানুহৰ সতে দূৰত্ব স্থাপন কৰিবৰ বাবেই এই সত্ৰাধিকাৰসকলক আলৌকিকত্ব  প্ৰদান কৰাৰ নানা কাহিনীৰে মানুহক বিভ্ৰান্ত কৰাৰো একধৰণৰ ৰীতি আছিল।বোধহয় এইবোৰ কাৰণতেই সত্ৰৰ  কাষতে ডাঙৰ-দীঘল হোৱাৰ সুযোগ পায়ো সত্ৰাধিকাৰসকলৰ প্ৰতি আমাৰ আগ্ৰহ তেনেকৈ নাছিল। মাজুলীত আমাৰ ঘৰখন উত্তৰ কমলাবাৰী সত্ৰৰ কাষতে। এই সত্ৰখন আমাৰ বৰ মৰমৰ আছিল। সেই সময়ত সত্ৰৰ কেৱলীয়া  আতৈসকলে গৰু পুহি গাখীৰ বিক্ৰী কৰি সেই উপাৰ্জনেৰে নিজৰ  সামান্য প্ৰয়োজন পূৰণ কৰিছিল। কবলৈ গ'লে দিনটোত  সত্ৰৰ চাৰিহাটীত এপাক ঘূৰি অহাটো আমাৰ শৈশৱকালৰ বিভিন্ন কাম-কাজৰ এটা অংশ আছিল।সৰলপ্ৰাণ  আতৈসকলৰ সতে আমাৰ আছিল এৰাব নোৱাৰা প্ৰাণৰ সম্পৰ্ক। কেতিয়াবা আতৈসকলৰ কেঁচা মাটিৰ স্নিগ্দ্ধ বহা'  কাঁহৰ বাটিত কোমল চাউল-দৈ গাখীৰৰ জলপানটো খাই  পিচফালৰ পুখুৰীত পানীত নামি বাটিটো  চকচকীয়াকৈ ধুই থৈ আহিবলৈ আমি ভাল পাইছিলোঁ। ভাল পাইছিলোঁ ভাদ মাহৰ চৈধ্য প্ৰসংগ,  গায়ন- বায়ন, সূত্ৰধাৰী নাচ  আৰু ভাওনাৰ আখৰাবোৰ চাবলৈ। আমাৰ উত্তৰ কমলাবাৰীৰ আতৈসকলে যেতিয়া আখৰা কৰে, তেতিয়া তেওঁলোক আধ্যাত্মকি ভাৱত ইমান বিলীন হৈ পৰে যে,  আখৰাৰ কালতেই যেন এক সৰগীয় পৰিবেশৰ ৰচনা হয়। নৃত্য-গীতৰ মাজেৰে পৰম শক্তিৰ ওচৰত আত্মসমৰ্পণৰ সেই নয়ন জুৰোৱা আৰু বিনন্দীয়া প্ৰকাশ সত্ৰৰ বাহিৰৰ কোনো পৰিবেশতেই দেখা পোৱা নাই। সেই  আমি সদায় কাষতে পোৱা আতৈগৰাকীয়েই  সত্ৰৰ নামঘৰৰ মজিয়াত পলকতে  কিদৰে এই যাদুৰ সৃষ্টি কৰে, তাক বিস্ময়কৰভাৱে উপভোগ কৰিবলৈ পোৱটোৱেই আমাৰ বাবে আছিল এক বিমল আনন্দৰ কথা।আতৈসকলৰ সতে স্থাপন হোৱা এই আন্তৰিকতা প্ৰভু ঈশ্বৰ'ৰ সতে গঢ় লৈ উঠাৰ কোনো সুযোগ  আমাৰ কাষত নাছিল।  সত্ৰাধিকাৰসকলৰ বিষয়ে থকা অলৌকিক কাহিনীবোৰৰ বিপৰীতে তেখেতসকলৰ  জ্ঞান-গৰিমাৰ বৰ্ণণাও তেনেকৈ লাভ কৰা নাছিলোঁ। 

কিন্তু ব্যতিক্ৰম আছিল নাৰায়ন চন্দ্ৰ গোস্বামী। সত্ৰাধিকাৰগৰাকীয়ে  যে গুৰুজনাৰ আধ্যাত্মিক চেতনাৰ সাৰ- বস্তু সাধাৰণ মানুহৰ কাষলৈকে যাব লাগে, সাধাৰণ মানুহে  সত্ৰৰ সম্পদ চৰ্চা কৰাৰ  সুযোগ  পাব  লাগে বুলি যিদৰে অন্তৰৰপৰা উপলব্ধি  কৰিছিল-- সেই কথা বুজি পাবলৈ ওপৰৰ উদাহৰণটিয়েই যথেষ্ট।আন সত্ৰাধিকাৰসকল দৰে তেখেতে নিজকে  প্ৰভূ ঈশ্বৰ' বোলাৰ সুবিধা নিদি সাধাৰণ  ৰাইজৰ মাজৰ এজন হৈ আড়ম্বৰহীন জীৱন যাপন কৰি গ'ল।আড়ম্বৰহীন,কিন্তু প্ৰজ্ঞাৰ সাধনাৰে সমুজ্জল।এই জীৱনেই আছিল শংকৰদেৱেৰো জীৱন। গুৰুজনাই ধৰ্মপ্ৰচাৰৰ লগে লগে অসমীয়া সাহিত্যৰ বৰভেটি বান্ধিবৰ সময়ত কোনোদিনেই ৰজাঘৰৰ প্ৰতি আনুগত্যৰ ভাৱ পোষণ নকৰিলে।  জীৱনৰ ভাটি বয়সত কোঁচ ৰজা নৰনাৰায়নে তেখেতক আতিথ্য দিলেও গুৰুজনাই ৰজাঘৰীয়াৰ প্ৰতি অহেতুক  আনুগত্যৰ ভাৱ পোষণ কৰা দেখা পোৱা নাযায়। নাৰায়ন চন্দ্ৰ গোস্বামীৰ জীৱনশৈলীতো গুৰুজনাৰ এই  আদৰ্শ প্ৰতিফলিত হোৱা দেখা যায়। গুৰুজনাৰ দৰেই তেওঁ এক সাধাৰণ জীৱন যাপন কৰিছে, আৰু  নীৰৱে প্ৰজ্ঞাৰ সাধনা কৰি গৈছে। মাজুলী এনেকুৱা এখন ঠাই য'ত ৰাজনীতিকে সদায় সত্ৰাধিকাৰক তুষ্ট কৰি থাকিবলৈ ভাল পায়। এই   সত্ৰাধিকাৰসকলৰ শিচসমূহ গোটেই ৰাজ্যতে আছে, যিসকল বিভিন্ন ৰাজনৈতিক দলৰ ভোটাৰ।সত্ৰাধিকাৰসকলৰ একোটা   ইংগিতে বহু কথাই সলনি কৰি পেলাবে পাৰে বাবে  ৰজাঘৰীয়াই সত্ৰাধিকাৰসকলক তুষ্ট কৰি ৰখাৰ চেষ্টা কৰে।  নাৰায়ন চন্দ্ৰ গোস্বামীক কেনোদিনেই ধৰ্ম-সংপৃক্ত সংকীৰ্ণ ৰাজনীতি কৰা নেদেখিলোঁ--ৰজাঘৰীয়া তোষামোদ, অহেতুক  আহ্লাদ আৰু সুবিধাৰ প্ৰতি আকৃষ্ট হোৱা নেদেখিলোঁ। কিন্তু তেখেত সদায়েই ৰাইজৰ সতে আৰু ৰাইজৰ কাষত  আছিল--সেই অৰ্থত তেখেতৰ ৰাজনীতি আছিল মাজুলীৰ সাধাৰণ মানুহৰ কল্যাণৰ ৰাজনীতি।সত্ৰাধিকাৰ    এগৰাকী যে কোনো আলৌকিক শক্তিৰ অধিকাৰী নহয়--তেওঁ সমাজ এখনক  বৌদ্ধিক নেতৃত্ব  দিব পৰাকৈ সক্ষম এগৰাকী তেজ-মঙহৰ মানুহ, সেই কথা নাৰায়ন চন্দ্ৰ গোস্বামীৰ সতে হোৱা সাক্ষাকালত আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছিলোঁ। বিভিন্ন সময়ত তেখেতক সাক্ষাৎ কৰাৰ সময়ত সত্ৰাধিকাৰগৰাকীয়ে পৰিস্থিতিৰ যিদৰে বাস্তৱসন্মত বিশ্লেষণ  দাঙি ধৰি আমাক সমৃদ্ধ কৰিছিল সি আমাক নতুন চিন্তাৰ  বাবে প্ৰেৰণা দিছিল। প্ৰতিবাৰেই উপলব্ধি কৰিছিলোঁ যে, তেখেত মাজুলীৰ অভ্যন্তৰৰ গৰ্ভৰপৰা সৃষ্টি হোৱা সেইগৰাকী প্ৰজ্ঞাৰ সাধক, যি গুৰুজনাৰ  আদৰ্শক  নতুন সময়ৰ পৰিপ্ৰেক্ষিতত নতুনকৈ আৱিস্কাৰ কৰিছে।অসমৰ সত্ৰ অনুষ্ঠানবোৰ গুৰুজনাৰ অপূৰ্ব সৃষ্টি। সত্ৰীয়া সংস্কৃতিৰ ধাৰক আৰু বাহকসকলে নতুন সময়ৰ পৰিপ্ৰেক্ষিতত গুৰুজনাক নতুনকৈ আৱিস্কাৰ কৰি সত্ৰ অনুষ্ঠানক   নতুন সাৰ-পানী দিয়াটো তেওঁলোকৰ  দায়িত্ব, সময়ৰ প্ৰত্যাহ্বান।এই ক্ষেত্ৰত নিয়াৰিকৈ দায়িত্ব পালনৰ যি বিৰল প্ৰজ্ঞাৰ প্ৰয়োজন, সেই প্ৰজ্ঞা লাভ কৰিবলৈ সক্ষম নোহোৱাসকল কালৰ বুকুত হেৰাইযাব-- এয়াই তেওঁলোকৰ  অমোঘ  নিয়তি। নাৰায়ন চন্দ্ৰ গোস্বামীয়ে সময়ৰ এই আহ্বান শুনিলে,  আৰু কালৰ বুকুত হেৰাই যোৱাৰপৰা নিজকে ৰক্ষা কৰিলে।গুৰুজনাৰ সম্পদৰ পনুৰ আৱিস্কাৰৰ নতুন উপলব্ধিৰে তেখেত নিজে আলোকিত হ'ল আৰু আনকো তাৰ জেউতিৰে সমৃদ্ধ কৰিলে। গতিকে তেখেত মাথোন এজন সত্ৰাধিকাৰ হোৱাৰ পৰিবৰ্তে মাজুলীবাসীৰ বুকুৰ মানুহ হৈ ৰ'ল।অসমীয়া ভাষা- সাহিত্য-সংস্কৃতৰি ভেটি বান্ধোতা গুৰুজনাৰ আদৰ্শক নতুন সময়ৰ পৰিস্থিতিত  পুনৰ আৱিস্কাৰ কৰিবলৈ সক্ষম নহলে অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি যি ভাবুকি আহিব তাক উপলব্ধি কৰাত আজি আমাৰ কাৰো অসুবিধা নহয়। আজি মাজুলীৰ অভ্যন্তৰৰ নাভিৰপৰা গুৰুজনাৰ সম্পদ আৰু সংস্কৃতিক উচন কৰি  উদাৰতাৰ মহান বাণীৰ বিপৰীতে বিপৰীতে ধৰ্ম-সংপৃক্ত সংকীৰ্ণ ৰাজনীতিৰ মাজেৰে মাজুলীৰ সমাজজীৱন গ্ৰাস  ৰিবলৈ কৰা ষড়য়ন্ত্ৰবোৰৰ সন্মুখত এমুঠিমান মানুহে হলেও সোঁতৰ বিপৰীতে গৈ নাৰায়ন চন্দ্ৰ গোস্বামীৰ কৰ্মৰাজৰি প্ৰকৃত মূল্যায়ন কৰাটো সেয়েহে অতিকৈ প্ৰাসংগিক কথা  হৈ পৰিছে। 

 আমাৰ দেউতা প্ৰয়াত মুহিধৰ ভৰালীৰ সতে তেখেতৰ বন্ধুত্ব আছিল। দেউতা আছিল মাজুলীত শংকৰদেৱ সংঘৰ অন্যতম গুৰি ধৰোঁতা।কমলাবাৰীৰ চাৰিআলিত বজাৰ কৰিবলৈ গ'লে তেখেতে  প্ৰায়ে  নতুন কমলাবাৰী সত্ৰতো এপাক সোমাই আহে। মাজুলীত অতি পিচপৰা এলেকাবোৰত দেউতাই গুৰুজনাৰ নামধৰ্মৰ আদৰ্শ প্ৰচাৰ কৰাৰ সময়ত তেখেতে দেউতাক সদায়েই উৎসাহ যোগাইছিল। দেউতাৰ মুখেৰেই নাৰায়ন চন্দ্ৰ গোস্বামীৰ বহু কথা শুনিবলৈ পাইছিলোঁ। অৱশ্যে নিৰন্তৰে বান-খহনীয়াৰ সমস্যাৰ লগতে কঠোৰ জীৱন-জীৱিকাৰ সংগ্ৰামে পিষ্ট কৰি ৰখা এইসকল লোকক ধৰ্মৰ বাণীয়ে কিমান প্ৰেৰণা দিব পাৰিছিল, বা পাৰিব--সি এক প্ৰশ্নৰ বিষয়।কিন্তু নিজৰ নিজৰ  সীমাবদ্ধতাৰ মাজতো তেখেতসকলে মানুহৰ কল্যাণৰ কথা  চিন্তা কৰিছিল। সত্ৰ আৰু শংকৰদেৱ  সংঘৰ মাজত থকা আদৰ্শগত প্ৰভেদৰ মাজতো তেওঁলোকৰ পাৰস্পৰিক সৌহাৰ্দ অটুট আছিল আৰু এজনে আনজনক প্ৰেৰণা দিছিল-  এই দিশটো আমাৰ বাবে বৰ উৎসাহৰ কথা  আছিল।নতুনক উৎসাহ দিবলৈ আওপুৰণি পৰম্পৰাবোৰ এফালৰপৰা  ভংগ কৰি যোৱাই যেন সত্ৰাধিকাৰগৰাকীৰ কাম আছিল। মাজুলীৰ কেনোবা এখন সত্ৰৰ সত্ৰাধিকাৰে মানুহৰ ঘৰত ভৰি দিয়োটো এক ধৰণৰ নোহোৱা-নোপজা কথা। আমাৰ এজন ভাইটি ইন্দুকল্প ভৰালীয়ে বহু ষ্ট কৰি মাজুলী ভীমকলৰ পৰা প্ৰস্তুত কৰা এটি শিশুখাদ্যৰ উদ্যোগৰ লগতে সৰু ভাইটি বেদব্ৰত ভৰালীৰ সহযোগত  সৰিয়হৰ  তেলৰ উদ্যোগ এটিও স্থাপন  কৰিছে। এদিন তেখেতে হঠাতেই  নিজে আহি উদ্যোগ দুটা চাই  ভাইটিক আশীৰ্বাদ কৰি গ'লহি। 

নাৰায়ন চন্দ্ৰ গোস্বামীয়ে প্ৰজ্ঞাৰ সাধনাৰে শংকৰদেৱৰ সাহিত্য আৰু আদৰ্শৰ চৰ্চাক এক পৰ্যায়লৈ লৈ গৈছে। ইয়াৰ লগে লগে তেখেতে ব্যৱহাৰিক জীৱনত গ্ৰহণ কৰা এনেবোৰ পদক্ষেপে এই কথাই প্ৰতীয়মান  কৰে যে,  তেখেতে গুৰুজনাক পুনৰাবিস্কাৰৰ কৰাৰ মাজেৰে, গুৰুজনাৰ আদৰ্শক নতুন যুগৰ সতে খাপ খুৱাবলৈ নিৰন্তৰে চেষ্টা কৰিছে।  গুৰুজনাই নিজে লিখি থৈ গৈছে--কুক্কুৰ  শৃগাল গদৰ্ভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিয়া প্ৰণাম।সাধাৰণ ইতৰ জীৱ-জন্তুলৈকো এনে বাক্য লিখিব পৰা গুৰুজনাৰ হৃদয় সাধাৰণ মানুহৰ প্ৰতি কিমান আকুল আছিল,   সাধাৰণ মানুহৰ বাবে তেখেতৰ অন্তৰত কিমান দৰদ আছিল,  তাৰ অসংখ্য উদাৰহণ গুৰুচৰিত কথাৰ দৰে পুথিসমূহত লিখিত অৱস্থাত আছে। গুৰুজনাৰ ধৰ্মৰ প্ৰচাৰকসকলৰ মাজত গাৰো, নগা, মিছিং, কৈৱৰ্ত আদি নানা গোষ্ঠী-সম্প্ৰদায়ৰ মানুহ আছিল। তেখেতে অনবদ্য সৃষ্টি নৃত্য, অভিনয়ৰ সাজ-সজ্জা আদিত জনগোষ্ঠীয় উপাদানৰ লগতে আনকি বিহুনৃত্যৰ চেৰেকী পাকৰ দৰে মুদ্ৰা কিদৰে সোমাই পৰিছে, সেই  কথাবোৰ আজি  গৱেষকসকলে বিশ্লেষণ কৰি দেখুৱাইছে ।  এনেক্ষেত্ৰত নাৰায়ন চন্দ্ৰ গোস্বামীয়ে গুৰুজনাক যিদৰে আজিৰ সময় আৰু পৰিস্থিতিত পুনৰ আৱিস্কাৰ কৰিলে,  সেই   কথাবোৰৰো মূল্যায়ন হব লাগিব আৰু তেতিয়াহে তেখেতৰ প্ৰতি প্ৰকৃততে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব।এইক্ষেত্ৰত আগন্তুক সময়ত হোৱা যিকোনো পদক্ষেপৰ সৈতে জড়িত হোৱাৰ সুযোগ পালে নথৈ আনন্দিত হ'ম। 

--ৰত্না ভৰালী তালুকদাৰ

24-09-2020

Friday 23 October 2020

কাফকাৰ ‘হাংগাৰ আৰ্টিষ্ট’ আৰু বিশ্ব ক্ষুধা সূচক,২০২০ত ভাৰতবৰ্ষ

 


PIC- Ratna Bharali Talukdar

‘ক্ষুধাৰ শিল্পী’ বাহংগাৰ আৰ্টিষ্ট’ নাৰ গল্পটো ফ্ৰানজ্ কাফকাৰ এঅমৰ সৃষ্টি মাথোন চল্লিছ বছৰ জীয়াই থকা কাফকাই গল্পটি লিখিছিল ১৯২২ চনত, মৃত্যুৰ দুবছৰ পূৰ্বে শুনিবলৈ আচৰিত যেন লাগিলেও এয়া সঁচা যে,  এই পৃথিৱীত কেইবাটাও শতিকা ধৰি ক্ষূধাৰ শিল্পীয়ে প্ৰদৰ্শন  কৰিছিল ক্ষুধাৰ কলা ‘ক্ষুধাৰ শিল্পী’ বাহংগাৰ আৰ্টিষ্ট চাবলৈ মানুহ দল বান্ধি উধাতু খাই দোৰি আহিছিল, জুম বান্ধিছিল, হেতা-ওপৰা লাগিছিল সোতৰ, ওঠৰ, উনবিংশ আনকি কুৰি শতিকাতো ইউৰোপত দেখিবলৈ পোৱা গৈছিলহাংগাৰ আৰ্টিষ্টক্ষুধাৰ কলাৰ প্ৰদৰ্শন কি এই ক্ষুধাৰ কলা? এই কলাৰ সাধকসকলে দীঘলীয়া সময়ৰ বাবে একো নোখোৱাকৈ গঁৰালত সোমাই থাকে। দৰ্শকে অনাহাৰে-উপবাসে শীৰ্ণকায় হৈ পৰা ‘ক্ষুধাৰ শিল্পী’ চাবলৈ উত্ৰাৱল হয়, ঠিক চাৰ্কাছৰ জন্তু চোৱাৰ দৰেই পায় বন্য উল্লাস।

মহান সাহিত্যিক ফ্ৰানজ্ কাফকাইহাংগাৰ আৰ্টিষ্টনামৰ গল্পটি লিখি এই পৃথিৱীৰপৰা ক্ষূধাৰ শিল্পীসকল বিলুপ্ত হৈ যোৱা বুলিয়েই যেন ঘোষণা কৰিছিল আধুনিক গল্প সাহিত্যৰ সংজ্ঞাকেই  ওলট-পালট কৰি পেলোৱা কাফকাৰমেটামৰফচিছগল্পটোৰ দৰেই এই বিখ্যাত গল্পটোৰো  অনেক ব্যাখ্যা আছে ব্যাখ্যাবোৰে সাহিত্যৰ সীমা পাৰ হৈ জীৱনৰ নতুন নতুন প্ৰশ্ন আমাৰ সন্মুখত উন্মোচিত কৰিছেদৰাচলতে কি কথা কবলৈ বিচাৰিছে গল্পটোৱে? অনাহাৰে থকাৰ (বা থাকিবলগীয়া হোৱাৰ) প্ৰক্ৰিয়া এটা কেনেকৈ শিল্প ৰূপ হয়? মানৱ মনৰ এয়া কি বিচিত্ৰ ৰূপ? মনৰ গহনত থকা বিকৃত আনন্দ চৰিতাৰ্থ কৰাৰ বাসনা নেকি এয়া? এই ক্ষুধা মাথোন পেটৰ ক্ষুধাইনে? জীৱনৰ আধ্যত্মিকতাহীনতাৰ প্ৰতীক নেকি সি? নে ভাঙি যোৱা মানৱিক সম্পৰ্কবোৰৰ গাথা?দৰিদ্ৰতাৰ প্ৰতি সমাজৰ দৃষ্টিকোণৰ প্ৰতিফলন?নে সভ্যতাৰ যাত্ৰাপথৰ এটি পৰিহাস? কাফকাৰ আন গল্পবোৰৰ দৰেই ইয়াতো আছে পৰিহাস, পৰিহাসৰ স্তৰ আৰু সিবোৰে আমাক দিয়া বিস্ময় কাফকাৰ গল্পতক্ষূধাতুৰ শিল্পী মৃত্যু হৈছে সভ্যতাৰ এটা সময় আহিছে, যেতিয়া এজনে হয়তো আন এজনৰ অস্থি-চৰ্মসাৰ শৰীৰৰ  প্ৰদৰ্শন চাবলৈ আগ্ৰহ হেৰুৱাই পেলাইছে

আৰু দুটা বছৰৰ পিছত কাফকা হাংগাৰ আৰ্টিষ্ট'-এ এশবছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিব।  

কাফকাৰহাংগাৰ আৰ্টিষ্ট থকা জীৱন আৰু জিজ্ঞাসাৰ ব্যাখ্যাবোৰৰ দৰেই, তেওঁ গল্পটো লি্খাৰ প্ৰায় এটা শতিকাজোৰা কালত বিশ্বৰ মানুহে ক্ষুধা সম্পৰ্কেও নতুন নতুন ব্যাখ্যাৰ উদ্ভাৱন কৰিছে ক্ষুধাৰ ধাৰণাই নিয়ন্ত্ৰণ কৰিছে ৰাজনীতি, অৰ্থনীতি আৰু সমাজনীতি। শেহতীয়াকৈ Global Hunger Index,2020, অৰ্থাৎ ২০২০চনৰবিশ্ব ক্ষুধা সুচকত দেখুওৱা হৈছে যে, দেশৰ জনসাধাৰণৰ ক্ষুধা নিবাৰণ কৰাৰ কৃতকাৰ্যতাৰ দিশত ভাৰতৰ স্থান এতিয়া পাকিস্তান আৰু নেপালৰ দৰে দেশতকৈও তলত। নিঃসন্দেহে বিশ্ব ক্ষুধা সুচক,২০২০’-এ আমাৰ দেশক লজ্জানত কৰিছে কিন্তু বছৰটোৰ আৰম্ভণিতেই অক্সফে(OXFAM)নামৰ আন্তৰ্জাতিক সংস্থাটিপ্ৰতিবেদনত কোৱা হৈছে, যোৱা বৰ্ষবোৰত দেশৰ দুখীয়াসকল কিদৰে আৰু বেছি দুখীয়া আৰু ধনীসকল ধনী হৈ গৈ আছে এই বৰ্ষৰ জানুৱাৰী মাহৰ অক্সফেমৰ (OXFAM)প্ৰতিবেদনত কোৱা হৈছিল যে, দেশৰ ১০ শতাংশ মানুহে মুঠ সম্পদৰ ৭৪. শতাংশ নিজৰ ভঁৰালত কুক্ষিগত কৰিছে আৰু ৯০ শতাংশ মানুহৰ হাতত আছে বাকী ২৫. শতাংশ সম্পদ অক্সফেমৰ (OXFAM)উক্ত প্ৰতিবেদনত পুনৰ কোৱা হৈছে যে, দেশৰ মাত্ৰ এক শতাংশ মানুহে ৪০ শতাংশ সম্পদ নিজৰ হাতলৈ লৈ গৈছে আৰু একেবাৰে তলত থকা ৫০ শতাংশ মানুহৰ হাতত মুঠ সম্পদৰ মাত্ৰ . শতাংশ ৰৈ গৈছে

সংস্থাটোৱে এই প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতেই বিশ্বজুৰি কৰণাভাইৰাছে অতিমাৰীৰ ৰূপ লে লক্ ডাউনৰ লগে লগেই আমাৰ দেশত ডেৰ কোটি শ্ৰমিকে পোনে পোনে কাম হেৰুৱায় কাম হেৰুৱাই প্ৰব্ৰজিত শ্ৰমিকসকলে নিজৰ ঘৰখনলৈ বুলি খোজকাঢ়ি দেশৰ  ইমুৰৰপৰা সিমুৰলৈ যি অভাৱনীয়  যাত্ৰা কৰিলে সেই যাত্ৰাকালত আমি যেন  কাফকাৰ ক্ষূধাৰ শিল্পীজনেই কোটি কোটি প্ৰব্ৰজিত শ্ৰমিকৰ ৰূপআমাৰ চকুৰ সন্মুখত নতুনকৈ দেখা পালোঁ! তেওঁলোকৰ হাজাৰ মাইলৰ বাট খোজকঢ়াৰ কালৰ ভৰিৰ ফটা গোৰোহাবোৰ, প্ৰসূতি মাতৃয়ে ঘৰমুৱা যাত্ৰাত ৰাজপথৰ ওপৰতে সন্তান প্ৰসৱ কৰাৰ দৃশ্যবোৰ চাবলৈ আমি জানো হেতা-ওপৰা লগোৱা নাছিলোঁ? এই কোটি কোটি দৰিদ্ৰ নাৰায়ন যেন কাফকাৰ হাংগাৰ আৰ্টিষ্টজনৰ একো একোটি সংস্কৰণ হৈ উঠিছিল তেওঁলোকৰ সেই দশা চাবলৈ দেশবাসী বাতৰি কাকতবোৰত, টেলিভিছনৰ পৰ্দাত, সামাজিক মাধ্যমত উবুৰি খাই পৰিছিল ইয়াৰ আগতেও ‘ক্ষূধাৰ শিল্পী’ৰ প্ৰতি আমাৰ আগ্ৰাহাতিশয্য আমি দেখুৱাইছিলোঁ, যেতিয়া ঋণৰ বোজাত আত্মহত্যা কৰা আৰু জুৰুলা হৈ পৰা কৃষকে ৰাজপথৰ ওপৰেৰে হাজাৰ মাইলৰ বাট খোজকাঢ়ি প্ৰতিবাদ কৰিছিল।

ফ্ৰানজ কাফকাজীৱনৰ এই অন্তিমটো গল্পত ‘ক্ষুধাৰ শিল্পীবা হাংগাৰ আৰ্টিষ্টজন চল্লিছদিন এটা গঁৰালত সোমাই থাকে অনাহাৰে চল্লিছটা দিনকিয়নো মালিক, যাক কাফকাই ইম্প্ৰেচিঅবুলি কৈছে, তেওঁ ভাৱে যে, চল্লিছদিনতকৈ বেছি সময় অনাহাৰে থাকিলে জনতাই শিল্পীৰ প্ৰতি থকা স্বাভাৱিক উৎসুকতা হেৰুৱাই পেলাব পাৰে। শিল্পীয়ে অনাহাৰে থকাৰ কালত কেনেবাকৈ চুৰ কৰি হলেও কিবা খাইছে নেকি তাকে চাবলৈ জনতা গঁৰালৰ কাষত উবুৰি খাই পৰে সেকা মঙহ, মদৰ বটল লৈ অনাহাৰী, অস্থি-চৰ্মসাৰ দেহাৰ গৰাকীক চাবলৈ আকূল হৈ উঠা চৌখিন প্ৰজাই ক্ষূধাৰ শিল্পীক পহৰা দিয়ে এজন মানুহে একো নোখোৱাকৈ গঁৰালৰ ভিতৰত এনেদৰে থাকিব পাৰেনে? কেনেকৈ থাকে? হাজাৰ প্ৰশ্ন মনত লৈ জনতা উবুৰি খাই পৰে ক্ষূধাৰ শিল্পীৰ বিষয়ে জনৰৱ বিয়পি পৰে কোনোবাই কয়, তেওঁ এজন প্ৰচাৰমুখী ফোপজহী ৰঙাই আন কোনোবাই কয়, হয়তো আনে নেদেখাকৈ তেওঁ মনে মনে কিবা খাই লৈছে কিন্তু এই সন্দেহবোৰে ‘ক্ষুধাৰ শিল্পীবিৰক্ত কৰে নিজৰ প্ৰদৰ্শন তেওঁ অত্যন্ত সততাৰে কৰিব বিচাৰে

চল্লিছটা দিনৰ অন্ত পৰাৰ  পিছত মালিক (ইম্প্ৰেচাৰিঅ’) সোমাই আহে‘ক্ষুধাৰ শিল্পী’ সোমাই থকা গঁৰালটো ফুলেৰে সজোৱা হয় আঁৰ কাপোৰ উঠি যায় পেশীবহুল হাতেৰে তেওঁ জাৰ্ণ-শীৰ্ণ ‘ক্ষুধাৰ শিল্পী’ক তুলি ধৰি দুজনী সুন্দৰীক গতাই দিয়ে মানুহৰ সন্মুখত প্ৰদৰ্শন কৰিবৰ বাবে সুন্দৰীয়ে গঁৰালৰ ভিতৰৰপৰা তেওঁক উলিয়াই আনে—যেন আভিজাত্যৰে ভৰা বিলাসী সামগ্ৰীহে মুকলি কৰা হৈছে! ইতিমধ্যে ‘ক্ষুধাৰ শিল্পী’ৰ মূৰটো তললৈ হালি পৰি বুকুত ওলমি ৰৈছেগৈ, কঁপা কঁপা হাত-ভৰি মানুহটো কোনোমতেই থিৰেৰে থাকিব পৰা নাই-আৰু সন্মুখত আছে  সেই অগণণ মানুহ, চমঝদাৰ দৰ্শক, যি ৰৈ থাকে শিল্পীৰ প্ৰদৰ্শন চাবলৈ, হোতা-ওপৰা কৰি টিকেট কাটে, বাজী ধৰে তেওঁক গঁৰালৰপৰা উলিয়াই অনাৰ কামত নিয়োজিত সুন্দৰী যুৱতীয়ে হয়তো  তেনে অস্থি-চৰ্মসাৰ  ব্যক্তি এটি আশা কৰা নাছিলসেয়ে তেওঁৰ চকু চকুলোৰে উপচি পৰে কিন্তু এতিয়ালৈকে প্ৰায় চেতনা হেৰুৱাই পেলোৱা ‘ক্ষুধাৰ শিল্পী’ক সন্মুখত দৰ্শকৰ সন্মুকত পাতি থোৱা টেবুল-চকীত বহুৱাই ইম্প্ৰেচাৰিঅ’-ই সামান্য খোৱাবস্তু গুজি দিয়ে অৰ্কেষ্ট্ৰা বাজি উঠে অৰ্কেষ্ট্ৰাৰ মাতত আন সকলো কখা তল পৰি যায় এনেকৈয়ে এটা চল্লিছদিনীয়া ক্যেৰিকেচাৰৰ অন্ত পৰে

 ‘ক্ষুধাৰ শিল্পী’য়ে কিছুদিনৰ বাবে বিৰতি লয় আকৌ আৰম্ভ কৰে তেওঁৰ ক্ষুধাৰ শিল্পৰ প্ৰদৰ্শন লাহে লাহে তেওঁ বিমৰ্ষ হৈ আহে মানুহে তেওঁৰ শিল্পৰূপ গভীৰভাৱে নোলোৱাৰ বাবে তেওঁ বিমৰ্ষ হয়। কোনোবাই  যদিহে ভাৱে, দিনৰ পিছত দিন ধৰি লঘোণে থাকিবলগীয়া হোৱাৰ অৱস্থাই তেওঁক বিমৰ্ষ কৰিছে, তেতিয়া তেওঁ খঙত একো নাই হৈ পৰে কিন্তু ইম্প্ৰেচাৰিঅ’ বাবে এয়াও সুযোগ, জনতাৰ দৃষ্টি আকৰ্ষণ কৰি ধন ঘটাৰ, গঁৰালত সোমাই থকাৰ কালত চাবলৈ অহা উপস্থিত দৰ্শকক তেওঁ পতিয়ন নিয়ায় হয় দীৰ্ঘদিনৰ অনাহাৰৰ বাবেই তেওঁৰ স্বভাৱ খিট-খিটীয়া    

কাফকাই আমাক কৈছে যে, লাহে লাহে মানুহে ‘ক্ষুধাৰ শিল্পী’য়ে দাঙি ধৰা শিল্পকলাৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলাইছে এতিয়া আৰু মানুহে ‘ক্ষুধাৰ শিল্পী’ প্ৰদৰ্শন চাবলৈ টিকেট কাটি হল ভৰ্তি প্ৰেক্ষাগৃহলৈ সোমাই নাহে, কংকালসদৃশ অস্থি-চৰ্মসাৰ সেই দেহাবোৰৰ প্ৰতি জনতাৰ এতিয়া আৰু সেই উৎসুকতা নাই উপায়বিহীন হৈহাংগাৰ আৰ্টিষ্টএখন চাৰ্কাচত সোমায়হি মালিকে তেওঁক জন্তুবোৰৰ কাষতে এটা গঁৰাল দিয়ে কিন্তু তেওঁ সোমাই থকা গঁৰালটোতকৈ বাঘ-সিংহ থকা গঁৰালটোৰ প্ৰতিহে মানুহৰ আগ্ৰহ বেছি অৱেশেষত এটা পৰিয়াল আহে, পৰিয়ালটিৰ কণ কণ শিশুকেইটিয়ে ‘ক্ষুধাৰ শিল্পী’ৰ দৃষ্টি আকৰ্ষণ কৰে তেতিয়া দেউতাকে সিহঁতক সোঁৱৰণিৰ জলঙাৰে পুৰণি দিনৰ কথাবোৰ মনত পেলাই দিয়ে কিন্তু নতুন যুগৰ এই প্ৰজন্মই কোনোবা মানুহ লঘোণে থকাৰ কথাটো বুজি নাপায়, সিহঁতৰ চকুত এতিয়া সমৃদ্ধিৰ দিনৰ ছবি এনেকৈয়ে ‘ক্ষুধাৰ শিল্পী’ক সকলোৱেই উপেক্ষা কৰি চাৰ্কাচৰ আন মজা লবলৈ গুচি যায়

তাৰপিছত এদিন চাৰ্কাচৰ পৰিদৰ্শক সেই গঁৰালৰ কাষলৈ আহে, তাত ‘ক্ষুধাৰ শিল্পী’ অতি মুৰ্মুৰ্ষু অৱস্থাত খেৰৰ ওপৰত পৰি থকা দেখা যায় তেওঁ ‘ক্ষুধাৰ শিল্পী’ সোধে সিনো কিয় আন একো কাম নকৰিলে ‘ক্ষুধাৰ শিল্পী’য়ে কোনোমতে মূৰটো সামান্য ওপৰলৈ তোলে, দেখাত এনে লাগে যেন তেওঁৰ ওঁঠ দুটিয়ে এটি চুমাহে আশা কৰিছে অৱশেষত  তেওঁ কয়এনে ভাৱে কয় যেন এটা শব্দও তেওঁৰ কাণৰপৰা সাৰি নাযায়—‘কিয়নো, মই বিচৰাধৰণে খাবলৈ কোনো খাদ্যই পোৱা নাছিলোঁ যদিহে পালোঁহেঁতেন, বিশ্বাস কৰক, মই নিজকে এইদৰে প্ৰদৰ্শন কৰিবলগীয়া জীৱলৈ পৰিণত নকৰিলোঁহেঁতেন, আপোনাৰদৰে আৰু আন সকলোৰে দৰেই মন ভৰি উঠালৈকে খালোঁহেঁতেন

হয়তো এয়াই হৈছে সেই মোক্ষম অনুভুতি, যাক গল্পকাৰে শব্দৰ মাজেৰে প্ৰকাশ কৰিলেযি আজি প্ৰাসংগিক কাফকাৰ গল্পত ইয়াৰ পিছতেই ‘ক্ষুধাৰ শিল্পী’য়ে চকু মুদে। অনাহাৰে থকাৰ বাবে নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ বাবে কোনো হাবিয়াস আৰু নাই। গঁৰালৰ খেৰবোৰৰ সতে ‘ক্ষুধাৰ শিল্পী’ক কবৰ দিয়া হয় অৱশেষত গঁৰালটোত সুমুৱাই দিয়া হয় এটা ঘোং--লা বাঘ সি দৰ্শকক অতিকৈ আমোদ দিলে, মালিকক সন্তুষ্ট কৰিলে, ‘ক্ষুধাৰ শিল্পী’ৰ দৰে সি অভুক্ত হৈ থকা নাছিলসানন্দে খাদ্য গ্ৰহণ কৰিছিল। তাৰ স্বাধীনতা উপভোগ কৰিছিল

কাফকাৰ গল্পত ‘ক্ষুধাৰ শিল্পী’ৰ মৃত্যু হৈছে কিন্তু কেৱল গল্পতহে তেওঁৰ মৃত্যু হৈছে । বাস্তৱত  তেওঁ যে আজিও জীয়াই থাকিল। বিশ্ব ক্ষুধা সুচক, ২০২০-ৰ মাজেৰে  আমি দেখিলোঁ কাফকাই গল্প ৰূপ দিয়াৰ প্ৰায় এশবছৰীয়া যাত্ৰাকালতো এই ‘ক্ষুধাৰ শিল্পী’জন ভাৰতবৰ্ষৰ দৰে দেশত চৰকাৰী আঁচনিৰ কোটি কোটি হিতাধিকাৰীৰ এজন হৈ কিদৰে জীয়াই আছে ক্ষুধাৰ সুচকত আমাক দেশক তেওঁ লজ্জাজনক পাৰদৰ্শিতালৈ ঠেলি দিছে কিন্তু কেৱল ‘ক্ষুধাৰ শিল্পী’জনেই নহয়--জীয়াই আছে সেই জনতাও, যি চাব বিচাৰে ক্ষুধাৰ শিল্পী’ৰ পাৰদৰ্শিতাৰ প্ৰদৰ্শন—কেতিয়াবা কোটি কোটি প্ৰব্ৰজিত শ্ৰমিকৰ ভৰিৰ ফটা তলুৱাত, কেতিয়াবা আত্মহত্যা কৰা কৃষকৰ পৰিয়ালবোৰত, আৰু কেতিয়াবা বিনামূলীয়া চাউল আৰু কিলোত সত্তৰটকীয়া পাচলিৰ বুজিব নোৱাৰা অংকবোৰ উপভোগ কৰি। আৰু জীয়াই আছে সেই ইম্প্ৰেচাৰিঅ’। যি সুযোগ বুজি চমঝদাৰ দৰ্শকক প্ৰদৰ্শন কৰে ক্ষুধাৰ শিল্পৰূপৰ পৰিহাস। সোণৰ সূতাৰে বোৱা বস্ত্ৰত নিজৰ নাম খোদাই কৰা চ্যুট পিন্ধি দেশৰ নেতাই যেতিয়া বিদেশৰ ৰাষ্ট্ৰপতিক আদৰণি জনায়, তেতিয়া আমি জানো তেওঁৰ মুখত এজন ইম্প্ৰেচাৰিঅ’কেই দেখা নাপাওঁ! আৰু বিশ্ব ক্ষুধাৰ সুচক, অক্সফে’মৰ (OXFAM) দৰে সংস্থাৰ প্ৰতিবেদনবোৰে আমাক অহৰহ কৈ আছে ‘ক্ষুধাৰ শিল্পী’সকলৰ সংখ্যা কিদৰে বাঢ়ি আহিছে--ইমানকৈ বাঢ়িছে যে, তেওঁলোকক চাবলৈ অতীতৰ দৰে এতিয়া আৰু প্ৰদৰ্শনীৰ প্ৰয়োজন নহয়। তেওঁলোক এতিয়া সৰ্বত্ৰে দৃশ্যমান–পৰিসংখ্যাত আৰু ৰাজপথতো।

২৪-১০-২০২০