প্ৰকাশক --ক্ৰান্তিকাল প্ৰকাশন, মূল্য -- ২০০ টকা (পকাবন্ধা)
আমাৰ বাবে অসমীয়া ভাষাত লিখা উৎকৃষ্ট গল্পবোৰ পঠনৰ মাজেৰে গল্পসাহিত্যক বিশষেভাৱে ভালপাবলৈ উদ্বুদ্ধ কৰা গল্পকাৰসকলৰ অন্যতম আছিল মনোজ কুমাৰ গোস্বামী। তেখেতৰ বিখ্যাত গল্প ‘সমীৰণ বৰুৱা আহি আছে'ৰ নিৰ্মাণ পদ্ধতি বুজিবলৈ চেষ্টা কৰি অনুভৱ কৰিছিলোঁ যে, গল্পটোৰ নিৰ্মিতিত ‘উপস্থিতি' আৰু ‘অনুপস্থিতি'-ৰ ধাৰণা বিশেষভাৱে সক্ৰিয় হৈ আছে। পাঠকৰ তীব্ৰ কৌতূহল স্বত্বেও গল্পত সমীৰণ বৰুৱা কায়িকভাৱে অনুপস্থিত-- তেওঁ তাত নাই। গল্পকাৰে সমীৰণ বৰুৱাৰ ‘উপস্থিতি' তেওঁৰ কায়িক ‘অনুপস্থিতি'ৰ মাজেৰেই ঘোষণা কৰিছে বুলি পতিয়ন গৈ আছিলোঁ তেতিয়ালৈকে, যেতিয়া গল্পৰ নিৰ্মিতিৰ কথা কবলৈ গৈ অৰিন্দম বৰকটকীয়ে ক'লে যে, গল্পত সমীৰণ বৰুৱাক ‘মিউট' ম'ডত ( mute mode), অৰ্থাৎ নিৰ্বাক কৰি ৰখা হৈছে। গল্পৰ ‘উপস্থিতি' আৰু ‘অনুপস্থিতি'ৰ ধাৰণাৰ দেওনা পাৰ হৈ অৰিন্দম বৰকটকীয়ে দেখুৱাই দিয়া ই ‘মিউট' ম'ডটোৰে গ'লে গল্পৰ পঠন আকৌ এবাৰ বিশেষ হৈ উঠে। গল্পটো আৰু এবাৰ আৱিস্কাৰ কৰাৰ সুক্ষ্ম কপাট এখন মুকলি হৈ পৰে।
সাহিত্যত নিজৰ স্থান নিৰ্বাচন কৰি লোৱাৰ বাবেই লেখা-মেলাৰ বিশাল পৃথিৱীখনৰ ভিতৰত একেলগে থকা বহুকেইখন জগতত অৰিন্দম বৰকটকীয়ে বিচৰণ কৰে। আৰু প্ৰয়োজন বুজি নিজৰ দায়িত্ব বিস্তাৰ কৰি লয়। অসমৰ উচ্চপৰ্যায়ৰ সাহিত্য আলোচনী ‘প্ৰকাশ'ৰ সম্পাদনাৰ দায়িত্বত থকাৰ সময়ত এগৰাকী সম্পাদক হিচাপে অৰিন্দম বৰকটকীৰ ভূমিকা সকলোৰে চকুত পৰিছিল। সুদক্ষ সম্পাদকে লেখকৰ বৌদ্ধিক সত্তাৰ প্ৰতিপালন কৰিব জানে। সি এনে এটি কলা য'ত হৰিষ আৰু বিষাদ একেলগে থাকে। সৃষ্টিশীল সত্তাৰ মান-অভিমান আৰু অহং ভাৱৰ জেওৰা-জপনা পাৰ হৈ ভিতৰৰ জগতখনলৈ প্ৰৱেশ কৰি সৃষ্টিৰ বাবে নিৰন্তৰ তাগিদা দি এজাক লেখকক টগ্ বগ্ কৰি ৰখাৰ পৰিবেশ এটাৰ সৃষ্টি কৰা-- আৰু তাৰ হৰিষ আৰু বিষাদবোৰ নিজৰ ভিতৰত প্ৰতিপালন কৰি নিজে উত্তৰণৰ বাটেৰে যোৱাৰ লগতে লেখকক বৌদ্ধিক নিৰাপত্তা দিব পৰাজনেই প্ৰকৃত সম্পাদক।বৰ্তমানে তেওঁৰ মূখ্য সম্পাদনাত অসমৰ নবীন কবিৰ বাবে নগাঁৱৰপৰা তিনিমিহীয়াকৈ প্ৰকাশিত হৈ থকা ‘যাত্ৰা' নামৰ কাব্য আলোচনীখন নবীন লেখকৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ অন্যতম প্ৰমাণ। লক্ ডাউনৰ সময়তো এইখন মঞ্চই প্ৰযুক্তিৰ উপযুক্ত ব্যৱহাৰ কৰি কবিতাৰ পঠন আৰু প্ৰৱীণ-নবীনৰ অপূৰ্ব সংগমেৰে কাব্য আলোচনাৰ এক ৰুচিসন্মত পৰিবেশ জীয়াই ৰাখিছে। আচৰিত হ’বলগীয়া নাই যে, জাতি আৰু ভাষাৰ প্ৰশ্ন জড়িত হৈ থকা স্পৰ্শকাতৰ বিষয়বোৰত তেওঁ নিজৰ দায়িত্ব বিস্তাৰ কৰি ৰাজপথলৈয়ো নামি আহিছে, লেখককূলৰ ৰাজপথৰ সংগ্ৰামৰ বৌদ্ধিক নেতৃত্ব দিছে।দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত অৰিন্দম বৰকটকীক কেতিয়াও অজুহাত দিয়া দেখা নাযায়, অথবা কৰবাত আন্তৰিকতাহীনভাৱে উপস্থিত থকাও দেখা নাযায়।প্ৰজন্মৰ প্ৰতি দায়িত্ব তেওঁৰ আছে, তাক পালন কৰাত কৃপণালি নকৰে, কিন্তু প্ৰয়োজনসাপেক্ষে কঠোৰ।বিশেষকৈ সৃষ্টিশীল লোকৰ সংহতিৰ ক্ষেত্ৰত, লাগিলে সি ৰাজপথৰ প্ৰতিবাদৰ ভাষাই হওক।গতিকে মঞ্চ সদায় নিস্কলুষ, সৃষ্টিশীলতাৰ সতে জড়িতসকলৰ বাবে সুৰক্ষিত। নিজকে ‘মিউট' কৰি ৰাখি এনে বহু কামৰ হৰিষ আৰু বিষাদৰ অভিজ্ঞতা লবলৈ তেওঁ সাজু।
‘অনুবন্ধ' ৰ কবিতাৰ বিষয়ক সমালোচনাত স্থান পোৱা বিশিষ্ট কবিসকল হৈছে কবীন ফুকন, জ্ঞান পূজাৰী, বিপুলজ্যোতি শইকীয়া, নীলিম কুমাৰ, জীৱন নৰহ, ৰাজীৱ বৰুৱা, হেমাংগ দত্ত, ৰশ্মিৰেখা বৰা, বিজয় শংকৰ বৰ্মন, কমল কুমাৰ তাঁতী। সংকলনৰ গল্প সাহিত্য সমালোচনাত স্থান পাইছে দুগৰাকী গল্পকাৰে, আৰু তেওঁলোক হৈছে ক্ৰমে মনোজ কুমাৰ গোস্বামী আৰু মৌচুমী কন্দলী। বৰকটকীয়ে ‘আকৌ পঢ়াৰ অনুভৱ' বুলি আন এক শিতানত কবি চন্দ্ৰকুমাৰ, কবি বেজবৰুৱা, হেম বৰুৱাৰ কবিতা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতা, অজিৎ বৰুৱাৰ কবিতা, সৌৰভ চলিহাৰ গল্প, কবি নীলমনি ফুকন আৰু কবি ভবেন বৰুৱাৰ কবিতাৰ ওপৰত আলোকপাত কৰিছে। সাক্ষাৎকাৰ শিতানত চাৰিজন প্ৰবীণ আৰু দিগ্ গজ ব্যক্তিত্ব নীলমনি ফুকন, নগেন শইকীয়া, ড০ হীৰেন গোহাঁই আৰু গল্পকাৰ অপূৰ্ব শৰ্মাৰ সাক্ষাতকাৰ সন্নিবিষ্ট কৰা হৈছে। সংযোজন শিতানৰ ৰচনাকেইখন হৈছে ক্ৰমে -- কবিতাত লোকজীৱন, আশীৰ দশকৰ কবিতা, কবিতাত সমাজ আৰু সহৃদয়তা, নতুন কবিতাঃ নতুনৰ কবিতা(ক) আৰু নতুন কবিতাঃ নতুনৰ কবিতা (খ) ।
সংকলনত সন্নিবিষ্ট হোৱা প্ৰতিগৰাকী লেখকৰ সমালোচনাৰ মূল্যায়ন কৰাটো এই নাতিদীৰ্ঘ আলোচনাত সম্ভৱ নহয়। তথাপি সমকালীন সাহিত্যিকসকলৰ ক্ৰমে মৌচুমী কন্দলীৰ গল্প, জীৱন নৰহ, নীলিম কুমাৰ, বিজয় শংকৰ বৰ্মন, ৰাজীৱ বৰুৱা, ৰশ্মিৰেখা বৰাৰ কবিতাৰ বিশ্লেষণত সমালোচকৰ তীব্ৰ সংবেদী মননে আমাক আশ্বস্ত কৰিছে। সমালোচক এগৰাকীয়ে সমকালীন বিশ্বসাহিত্যৰ ধাৰাবোৰ জনাৰ দক্ষতা আহৰণ কৰিব লাগিব বুলি থকা সাধাৰণ ধাৰণাৰ বিপৰীতে একে সময়তে তেওঁ কিমান পৰিমাণৰ এগৰাকী দীক্ষিত আৰু মনোযোগী পাঠকো হব লাগিব সেই কথা এই সমালোচনাবোৰ পঢ়িলে উপলব্ধি কৰিব পাৰি। আচৰিত কথা যে, কবিতাৰ কথা কবলৈ গৈ কেতিয়াবা তেওঁ নিজেও চিত্ৰকল্প নিৰ্মাণ কৰি তুলিছে। উদাহৰণস্বৰূপে, জ্ঞান পূজাৰীৰ কবিতাৰ বিষয়ে আলোচনা কৰোঁতে তেওঁ নÍব্বৰ দশকৰ কবিসকলৰ কবিতাৰ প্ৰসংগ টানি এনেদৰে কৈছে--“কিন্তু নব্বৈ দশকৰ বহুতো কবিৰ কবিতা যেতিয়া গাইগুটীয়াকৈ ভাল লাগে, অথচ সংকলনত পাত লুটিয়ালে একেটা কবিতাকেই পঢ়ি থকা যন লাগে, তেতিয়া ভাৱ হয় ভাষাৰ প্ৰতি সাংঘাটিক মোহে ভাৱৰ গুৰুত্ব নোহোৱা কৰিছে, নে সামাজিক সমৃদ্ধিৰ পৰিৱৰ্তে আত্মদীপোভৱৰ পথ লোৱাৰ বাবে কবিতাই ব্যক্তিকেন্দ্ৰিকতাৰ পৰিধিত আৱদ্ধ হৈ পৰিছে। ফলশ্ৰুতিত সফলতাৰ বিন্দুতো বহুতো প্ৰতিভাবান কবিৰ কবিতা একেটা ঘৰৰ বহুতো কোঠালি হ'ল, কিন্তু বহুতো খিৰিকীৰ সম্ভাৱনা ন'হল।” নকলেও হ’ব অৰিন্দম বৰকটকীয়ে কোৱা এই ‘বহুতো খিৰিকী' আধুনিক কম্পিউটাৰৰ ‘উইণ্ড' প্ৰগ্ৰেমৰ সেই অনন্ত সম্ভাৱনাৰ খিৰিকীবোৰৰ মেটাফৰ, য'ত প্ৰতিখন খিৰিকীয়েই আমাৰ বাবে কঢ়িয়াই আনে বিস্ময়, থৰ থৰ কৌতূহল, নজনাক জনাৰ অনন্ত হেঁপাহৰ অফুৰন্ত সম্ভাৱনাবোৰ।সাহিত্যৰ সমালোচনাত এজন সমালোচকে সৃষ্টি কৰা এনে মেটাফৰৰ সাক্ষাৎ আমাৰ বাবেও বিস্ময়কৰ। এই বিস্ময় স্বত্বেও কাব্য সমালোচনাৰ কিছু সীমাবদ্ধতাও চকুত নপৰা নহয়। ‘অনুবন্ধ'ত সন্নিবিষ্ট হোৱা একে বয়সৰ দুটা পৃথক ধাৰাৰ দুগৰাকী কবি ক্ৰমে বিজয় শংকৰ বৰ্মণৰ কবিতাৰ বিশ্লেষণত দেখা পোৱা প্ৰগলভতা আৰু সুক্ষ্মাতিসুক্ষ্ম কাৰুকাৰ্যবোৰ কমল কুমাৰ তাঁতীৰ কবিতাৰ বিশ্লেষণত দেখিবলৈ পোৱা হোৱা নাই। এয়া ইচ্ছাকৃত নহয়, বৰং সমালোচকৰ সীমাবদ্ধতাহে, যাক অনাগত সময়ত তেওঁ অতিক্ৰম কৰি যাব বুলি আশা কৰিব পাৰি, যিহেতু অৰিন্দম বৰকটকীৰ সমাজ বাস্তৱতাৰ বিশ্লেষণৰ দক্ষতাও অপূৰ্ব। সাহিত্যৰ সমালোচনালৈ তাক নিঃসংকোচে আনিলেই হ'ল।‘ নতুন কবিৰ কবিতা' শিতানত তেখেতে ‘কথন' নামেৰে সংকলন এটি প্ৰকাশৰ পিছতে নীৰৱ হৈ পৰা জ্যোৎস্না কলিতাৰ লগতে কবিতাত নিজৰ শৈলীৰে জিলিকি উঠা, অথচ সঘনে নাম উচ্চাৰিত নোহোৱা সমুদ্ৰ কাজল শইকীয়াৰ কবিতাৰ বিষয়ে উল্লেখ কৰিছে।
সাহিত্যৰ ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল অৰিন্দম বৰকটকীয়ে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, হেম বৰুৱা বা অজিৎ বৰুৱা, হীৰেন ভট্টাচাৰ্য, নীলমনি ফুকনৰ কবিতালৈ পুনৰ এবাৰ ভূমুকি মাৰি চাইছে।বিশেষকৈ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতাৰ অৱলোকনে গ্ৰন্থৰ সৌন্দৰ্য বৃদ্ধি কৰিছে এইবাবেই যে, উপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বৃহৎ কলেৱৰটিৰ আঁৰত কবিজন প্ৰায়েই উপেক্ষিত হৈ ৰয়।অৰিন্দম বৰকটকীৰ কাব্য সমালোচনাৰ দক্ষতাই বাবেই এই কবিসকলৰ কীৰ্তি আকৌ এবাৰ সমুজ্জল হৈ উঠিছে। অৱশ্যে এই শিতানত থকা সৌৰভ কুমাৰ চলিহাৰ প্ৰেমৰ গল্প সম্পৰ্কীয় ব্যতিক্ৰমী ৰচনাখন আন কেইখনৰ দৰে আটোম-টোকাৰি হোৱা নাই।
অৰিন্দম বৰকটকীযে দীৰ্ঘসময় ধৰি অসমৰ সাহিত্য আৰু সমাজজীৱনত পোহৰ পেলোৱা এলানি ব্যক্তিত্বৰ পদ্ধতিগত ভাৱে সাক্ষাতকাৰ গ্ৰহণ কৰি আহিছে। সমকালীন সাহিত্য জীৱনক প্ৰভাৱিত কৰা চাৰিজনকৈ ব্যক্তিৰ সাক্ষাতকাৰৰ অন্তৰ্ভুক্তিয়ে গ্ৰন্থখন সমৃদ্ধ কৰিছে।এই সাক্ষাতকাৰবোৰ পঠনৰ মাজেৰেও সমালোচকগৰাকীৰ জীৱন জিজ্ঞাসাৰ লগতে এই ব্যক্তিকেইগৰাকীৰ সৃষ্টিৰাজিৰ সতে তেওঁৰ গভীৰ পৰিচিতিৰ আন এটি দিশ উন্মোচিত হৈছে। সময়ত এই সাক্ষাতকাৰবোৰো সাহিত্যৰ ইতিহাসৰ অন্যতম সম্পদৰূপে পৰিগণিত হবগৈ।
অৰিন্দম বৰকটকী এই সময়ৰ সেইজন সাহিত্য সমালোচক--যি এজন লেখকে সৃষ্টি কৰা শব্দবোৰক বিশ্বাস কৰাৰ উপৰিও সামগ্ৰীকভাৱে লেখকৰ সংহতিতো বিশ্বাস কৰে। সাহিত্যৰ সমালোচনা তেওঁৰ বাবে মাথোন এটা পেশা অথবা কৰি ভাল পোৱা কাম নহয়--তেওঁ দায়িত্ব সহকাৰে এই কামটোক এটা কলাৰ পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা কৰিছে। সাহিত্যৰ পঠনৰ সময়ত তেওঁ হৈ উঠে মানৱিক, অত্যন্ত দৰদী। কেৱল মগজুৰে নহয়, এখন হৃদয় লৈ তেওঁ লেখকৰ শব্দবোৰ পঢ়ে, অসীম ধৈৰ্যৰে, একধৰণৰ বিৰল সংবেদনাৰে--লাগিলে লেখক নতুনেই হওক, প্ৰবীনেই হওক, প্ৰতিষ্ঠিতই হওক বা কোনেও চিনি নোপোৱা এজনেই হওক।তেওঁ সময় দিয়ে।প্ৰায় সকলোবোৰকে তেওঁ ব্যক্তিগতভাৱে চিনিও পায়— সম্ভৱক্ষেত্ৰতঃ পঢ়ি উঠি এটা বাৰ্তা দিয়ে।অসমৰ অস্ত্ৰ-সংঘাতৰ পৰিস্থিতিৰ ওপৰত তেওঁ উগ্ৰপন্থী সদস্যসকলকে ধৰি সৃষ্টিশীল লোকসকলে লিখা যিমানবোৰ সৃজনীমূলক লিখনি, প্ৰতিবেদন, টোকা আদি পঢ়িলে, হয়তো নিজে সৃষ্টিশীল লেখক হোৱাহেঁতেন অস্ত্ৰ-সংঘাতৰ পৰিণতিৰ অসমীয়া সাহিত্যৰ প্ৰামাণ্য উপন্যাসখন তেওঁৰ কলমৰপৰাই ওলালেহেঁতেন। অসমীয়া ভাষাত লিখা এটা ভাল কবিতাৰ বাবে, এটা ভাল গল্পৰ বাবে বা এখন ভাল উপন্যাসৰ বাবে ইমান আকূলতাৰে অপেক্ষা কৰা সমালোচক আন ভাষাৰ সাহিত্যত পাবলৈ আছেনে নাই, জনা নাযায়। অসমীয়া ভাষাৰ লেখকসকল এই ক্ষেত্ৰত ইমানেই ভাগ্যবান। সমকালীন বিশ্ব-সাহিত্যৰ তেওঁ এজন অনুৰাগী পাঠক, আৰু অসমীয়া সাহিত্যতো কামনা কৰে তেনেধৰণৰ সৃষ্টি। সেইবাবেই একে সময়তে সমকালীন সৃষ্টিশীল সত্তাবোৰ প্ৰতিপালন কৰাটো নিজৰ কৰণীয় বুলি বিশ্বাসো কৰে।অৰিন্দম বৰকটকীৰ সমালোচনা পঢ়ি উঠি এনে অনুভৱ হয় যে, তেওঁ লেখকৰ অন্তৰৰ জগত একোখনো আন বহু সমালোচকৰ তুলনাত ইৰ্ষণীয়ভাৱে বেছিকৈ জানে, আৰু জনাৰ আনন্দৰ নিৰ্যাস লেখকে সৃষ্টি কৰা শব্দৰ মাজেৰে নিজে উপভোগ কৰে। ভাষা-সাহিত্যৰ ঐতিহ্যক অন্তৰৰ গভীৰৰপৰা ভাল পাব নোৱাৰিলে কেৱল লেখকে সৃষ্টি কৰা শব্দৰ মাজেৰেই এজন সমালোচক ইমান গভীৰলৈ যাব পৰাটো সম্ভৱ নহয়। হয়তো সেইবাবেই অৰিন্দম বৰকটকী নামটো প্ৰতিজন তৰুণ লেখকৰ বাবে এটি ভাৰসাৰ নাম, তৰুণ কবি অথবা গল্পকাৰ নিশ্চিত যে, লেখা সমলোচকৰ দৃষ্টিৰপৰা আঁতৰি থকা নাই। লেখকে স্থাপনা কৰা এই ভাৰসা বা সংযোগৰ বাবেই সমকালীন বহু সমালোচকৰ ৰসহীন, যান্ত্ৰিক ভাষাৰ বিপৰীতে অৰিন্দম বৰকটকীৰ সমালোচনাৰ ভাষা আৰু আলাপবোৰ জীৱন্ত, মানৱিক। লেখকৰ উত্তৰণৰ বাবে তেওঁ অপেক্ষা কৰিব জানে, কোনো লৰালৰি নাই।এগৰাকী নিৰ্মোহ সমালোচক হোৱাৰ পিছতো তেওঁৰ সমালোচনাত লেখক এজন তেজে-মঙহে পাঠকৰ কাষলৈ গৈ পায়।
এই সীমাবদ্ধতাসমূহ আঙুলিয়াই দিয়াটো জৰুৰী, কিয়নো ‘অনুবন্ধ'ৰ মাজেৰে সমকালীন সাহিত্য বিচাৰত সমালোচকৰ এক দৰ্শন পোহৰ হৈ উঠিছে, য'ত সমালোচকে পূৰ্বৰ তুলনাত অধিক স্বাধীনতা লৈছে আৰু আত্মবিশ্বাস লাভ কৰিছে। সন্মুখত এক দীঘলীয়া বাট আছে, যি জটিল আৰু কণ্টকাকীৰ্ণ। এতিয়াৰপৰা সমালোচকে নিজকেই প্ৰত্যাহ্বান দি, নিজৰ সীমাবদ্ধতা ভাঙি আগুৱাব লাগিব। ন ন ক্ষেত্ৰত বিচৰণ সম্ভৱ কৰি তুলিব পাৰিব লাগিব। অন্যথা, তেখেতে জ্ঞান পূজাৰীৰ কবিতাত নব্বৈৰ দশকৰ বহুতো কবিৰ কবিতা সফলতাৰ বিন্দুত উপনীত হৈও বহুতো সম্ভাৱনাৰ খিৰিকী হোৱাৰ পৰিৱৰ্তে একেটা ঘৰৰ বহুতো কোঠালি হোৱাৰ যি অপৰূপ চিত্ৰকল্প নিৰ্মাণ কৰিছে, সেই চিত্ৰকল্পয়েই কালান্তক বাস্তৱ হৈ তেওঁকো সীমাবদ্ধ কৰি পেলাব। সমালোচনাৰ ন ন ক্ষেত্ৰলৈ নিজৰ দৃষ্টি প্ৰসাৰিত কৰিব নোৱাৰিলে অৰিন্দম বৰকটকীৰ সমালোচনাও সাহিত্যৰ নতুন নতুন ৰ'দৰ খবৰবোৰ কঢ়িয়াই অনা কম্পিউটাৰৰ ‘উইণ্ড' প্ৰগ্ৰেমৰ অলেখ অযুত খিৰিকীৰ পৰিৱৰ্তে একেটা ঘৰৰ অনেক কোঠালিহে হবগৈ--যাক তেওঁ অতদিনে সন্মুখৰপৰা বৌদ্ধিক নেতৃত্ব দি অহা সমকালীন প্ৰজন্মই আশা নকৰে। কিন্তু এই সীমাবদ্ধতাই গ্ৰন্থখনে সাঙুৰি লোৱা সাহিত্যিককলৰ কৰ্মৰাজিৰ মননশীল সমালোচনাৰ ক্ষেত্ৰত অৰিন্দম বৰকটকীৰ নিষ্ঠা, একাগ্ৰতা আৰু দীঘলীয়া প্ৰস্তুতিৰ পৰা আহৰিত তেওঁৰ সাহিত্য-সমালোচনাৰ দৰ্শনৰ মূল্যায়নৰ সামান্যতমো হেৰ-ফেৰ ঘটাব পৰা নাই। বৰং কব পাৰি যে, ‘অনুবন্ধ' সাম্প্ৰতিক সময়ৰ সমালোচনা সাহিত্যৰ এক মূল্যবান দলিল। সাহিত্যক গভীৰভাৱে লোৱাসকলৰ বাবে এখন অৱশ্য পঠনীয় গ্ৰন্থ, লাগিলে তেওঁ সৃষ্টিশীল ক্ষেত্ৰৰ সতে জড়িত হওকেই বা নহওক।
------
০৯-০৮-২০২০
No comments:
Post a Comment