Friday 30 October 2020

নাৰায়ন চন্দ্ৰ গোস্বামীৰ কাম আৰু আদৰ্শৰ মূল্যায়নেই হ'ব তেখেতৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি

 




মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত নাৰায়ন চন্দ্ৰ গোস্বামীৰ শ্ৰদ্ধাঞ্জলিৰ  বাবে কিছু শব্দ লিখিবলৈ পাই নিজকে ধন্য বুলি গণ্য কৰিছোঁ। সঁচা কথা কবলৈ গ'লে এই প্ৰাজ্ঞ ব্যক্তিত্বগৰাকীৰ সতে আমাৰ সাক্ষাত দুহ- তিনিবাৰমানহে হৈছিল।সেই ময়খিনিত আমি সত্ৰ সম্পৰ্কীয় কথাৰ বিষয়ে নহয়, বৰং মাজুলীৰ বিভিন্ন  সমস্যাৰাজিক লৈহে বিশেষভাৱে কথা পাতিছিলোঁ। সেই আলাপ যেন এগৰাকী ত্ৰাধিকাৰৰ সতে হোৱা আলাপ নাছিল, বৰংসেয়া আছিল মাজুলীৰ বিষয়ে থকা প্ৰগাঢ় জ্ঞানৰ গৰিমাৰে উজ্জীৱিত এগৰাকী  প্ৰাজ্ঞ সমল ব্যক্তিৰ সতে হোৱা আলাপ। মোৰ সাংবাদিক স্বামী সুশান্ত তালুকদাৰেও মাজুলীৰ বিষয়ে জানিবলৈকে তেখেতক  বিভিন্ন সময়ত  সাক্ষাৎ কৰি কথা- বতৰা হৈছিল, আৰু সমৃদ্ধও হৈছিল।এগৰাকী সাংবাদিক হিচাপে নতুন কমলাবাৰী সত্ৰৰ এইগৰাকী সত্ৰাধিকাৰৰ সতে কথা হোৱাৰ এক বিমল আনন্দ আছিল।কিয়নো তেখেতৰ সতে হোৱা  প্ৰতিটো আলাপেই আছিল আন্তৰিক,  সহজ-সৰল মানুহখিনিৰ বাবে তেখেতৰ আছিল এখন সঁচা হৃদয়।তেখেতৰ সৈতে হোৱা সাক্ষাতকালত ধৰ্মৰ বাণীতকৈ  বান-খহনীয়াকে ধৰি মাজুলীৰ মানুহখিনিৰ সমস্যাৰাজিয়েহে স্থান পাইছিল, আৰু সেইবোৰে  কথাবোৰ নতুনকৈ ভাবিবলৈ আমাৰ প্ৰেৰণা দিছিল।

আমি সৰু থাকোঁতেই শুনিবলৈ  পাইছিলোঁ সত্ৰৰ অভ্যন্তৰত  সংৰক্ষিত হৈ থকা সাংস্কৃতিক সম্পদৰাজি তেখেতে সত্ৰৰ অভ্যন্তৰৰপৰা  আনি  চৰ্চাৰ বাবে সাধাৰণ মানুহৰ মাজলৈ উলিয়াই  দিয়াৰ ক্ষেত্ৰত লোৱা বিশেষ উদ্যোগৰ কথা। সেই সময়ত সত্ৰৰ ভকতসকলেহে বিশেষকৈ সত্ৰীয়া নৃত্য, বাদ্য আৰু সংস্কৃতিৰ চৰ্চা কৰিছিল।সত্ৰৰ বাহিৰৰ  কোনোবাই আনুষ্ঠানিকভাৱে সত্ৰীয়া সংস্কৃতিৰ সমলৰাজি শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিলেও শিকাৰ সুবিধা নাছিল।  সত্ৰৰ চৌহদত বা নামঘৰত সত্ৰৰ বাহিৰা মানুহৰ ল'ৰা-ছোৱালীবোৰে শিকাৰ সুবিধা  লাভ কৰা নাছিল।     কিন্তু নাৰায়ন চন্দ্ৰ গোস্বামীয়ে নতুন কমলাবাৰী সত্ৰত সত্ৰৰ বাহিৰৰ লৰা-ছোৱালীয়েও যাতে আনুষ্ঠানিকভাৱে  এই শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ ব্যৱস্থা  কৰিছিল। সেয়া আছিল সত্তৰৰ দশকৰ পিছৰচোৱা অথবা  আশীৰ দশকৰ আৰম্ভণীৰ সময়ৰ কথা। সেই সময়ত  নাৰায়ন চন্দ্ৰ গোস্বামীৰ এই  প্ৰচেষ্টাৰ  বিষয়ে মাজুলীৰ সুধীমহলত  বিশেষভাৱে চৰ্চা চলিছিল। কথাটো আপাতত সাধাৰণ যেন লাগিলেও এটা দিশৰপৰা সি এক নতুন চেতনাৰ বাৰ্তা বহন কৰিছিল। সেই সময়ৰ সত্ৰ আৰু সত্ৰৰ বাহিৰৰ সমাজখনো আজিৰ তুলনাত যথেষ্ট গোড়া আছিল। সত্ৰসমূহে  নিজৰ নিজৰ সাংস্কৃতিক সম্পদ নিজৰ সত্ৰৰ বাবে আচূতীয়া কৰিৰাখিছিল। সেয়েহে সাধাৰণ  ৰাইজৰ ইচ্ছা থাকিলেও  গুৰুজনাই দি থৈ যোৱা সাংস্কৃতিক সমলৰাজি চৰ্চা কৰাৰ সুবিধা তেনেকৈ নাছিল।ফলত বৈষ্ণৱ সংস্কৃতিৰ নাভিকেন্দ্ৰ হোৱা স্বত্বেও সত্ৰৰ বাহিৰৰ সমাজখনৰ বাবে সত্ৰীয়া সংস্কৃতিৰ অমূল্য সম্পদৰাজি চৰ্চা কৰাটো বহুক্ষেত্ৰত  সম্ভৱ হৈ  উঠা নাছিল। তেনে সময়তে নাৰায়ন চন্দ্ৰ গোস্বামীৰ প্ৰচেষ্টাই  সেইবাবেই  সেই দিনবোৰত এক নতুন বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে কেইবটাও দশকৰ পিছত এতিয়া এনেধৰণৰ কথাবোৰ বহুদূৰ  আগবাঢ়ি আহিল আৰু  এতিয়া সকলোৱেই  চ্ছা কৰিলে  এই আপুৰুগীয়া সাংস্কৃতিক সম্পদৰাজিৰ ওপৰত  চৰ্চা কৰিব পাৰে। 

নাৰায়ন চন্দ্ৰ গোস্বামী নামৰ ব্যক্তিগৰাকীক আমি শৈশৱকালৰেপৰাই কিংবদন্তীৰ ৰূপত দেখিছিলোঁ। অৱশ্যে    তেখেতৰ প্ৰজ্ঞাৰ বিষয়ে অনুধাৱণ কৰিব পৰাকৈ সেই সময়ত আমাৰ জ্ঞান-বুদ্ধি হোৱা নাছিল। নতুন কমলাবাৰীৰ সত্ৰাধিকাৰে মানুহৰ সেৱা'  নলয়,  আৰু তেখেতক সাক্ষাৎ কৰিবলৈ  'লে  প্ৰভু ঈশ্বৰ'  বুলি কব নালাগে--এই দুষাৰি কথাই আমাক নাৰায়ন চন্দ্ৰ গোস্বামী নামৰ ব্যক্তিত্বৰ প্ৰতি প্ৰবলভাৱে আকৰ্ষিত কৰিছিল।আমাৰ শৈশৱকালত  মাজুলীবাসীৰ মনত থকা এটা সৰল বিশ্বাস আছিল যে,    সত্ৰাধিকাৰসকলক  প্ৰভূ  ঈশ্বৰ'  বুলি সম্বোধন কৰিবই  লাগিব,  কিয়নো তেখেতসকল ভগবানৰ অংশ' । সত্ৰলৈ  'লেই  সত্ৰাধিকাৰক সেৱা এটি  কৰিব  লাগে, তেখেতৰ হাতৰ নিৰ্মালি আৰু পদজল গ্ৰহণ কৰিব লাগে। এই পৰম্পৰা এতিয়াও আছে। কোনো ধৰণৰ উন্নত চিকিৎসাৰ ব্যৱস্থা নথকা মাজুলীৰ ৰাইজে আপোনজন  মৰিবৰ সময়ত মুখত প্ৰভূ ইশ্বৰ'ৰ পদজল দিয়াৰ কথা আমাৰ মনত পৰে।   কোৱা বাহুল্য যে,  প্ৰভূ ঈশ্বৰ'ৰ নিৰ্মালি  ভকতৰ হাতলৈ দলিয়াই দিয়াহে  হয়,  কিয়নো  তেওঁলোকে ভকতক স্পৰ্শ নকৰে। জ্যেষ্ঠজনক সেৱা কৰা ভাৰতীয় সমাজৰ এটি পৰম্পৰা। ইয়াকে লৈ  কোনো বিৰোধিতা থাকিব  নালাগে, বা থকা উচিত নহয়। কিন্তু সি হব লাগিব  অন্তৰৰ  শ্ৰদ্ধাৰ  প্ৰকাশ।কাৰোবাক শ্ৰদ্ধা বা ভক্তি কৰাটো অন্তৰৰ  গভীৰৰপৰা অহা উপলব্ধি, জোৰ কৰি তাক আদায় কৰা নাযায়। তাতেই সি যেতিয়া বাধ্যতামূলক হয়,  তেতিয়া মন এঙাই যোৱাই স্বাভাৱিক।সাধাৰণ মানুহৰ সতে দূৰত্ব স্থাপন কৰিবৰ বাবেই এই সত্ৰাধিকাৰসকলক আলৌকিকত্ব  প্ৰদান কৰাৰ নানা কাহিনীৰে মানুহক বিভ্ৰান্ত কৰাৰো একধৰণৰ ৰীতি আছিল।বোধহয় এইবোৰ কাৰণতেই সত্ৰৰ  কাষতে ডাঙৰ-দীঘল হোৱাৰ সুযোগ পায়ো সত্ৰাধিকাৰসকলৰ প্ৰতি আমাৰ আগ্ৰহ তেনেকৈ নাছিল। মাজুলীত আমাৰ ঘৰখন উত্তৰ কমলাবাৰী সত্ৰৰ কাষতে। এই সত্ৰখন আমাৰ বৰ মৰমৰ আছিল। সেই সময়ত সত্ৰৰ কেৱলীয়া  আতৈসকলে গৰু পুহি গাখীৰ বিক্ৰী কৰি সেই উপাৰ্জনেৰে নিজৰ  সামান্য প্ৰয়োজন পূৰণ কৰিছিল। কবলৈ গ'লে দিনটোত  সত্ৰৰ চাৰিহাটীত এপাক ঘূৰি অহাটো আমাৰ শৈশৱকালৰ বিভিন্ন কাম-কাজৰ এটা অংশ আছিল।সৰলপ্ৰাণ  আতৈসকলৰ সতে আমাৰ আছিল এৰাব নোৱাৰা প্ৰাণৰ সম্পৰ্ক। কেতিয়াবা আতৈসকলৰ কেঁচা মাটিৰ স্নিগ্দ্ধ বহা'  কাঁহৰ বাটিত কোমল চাউল-দৈ গাখীৰৰ জলপানটো খাই  পিচফালৰ পুখুৰীত পানীত নামি বাটিটো  চকচকীয়াকৈ ধুই থৈ আহিবলৈ আমি ভাল পাইছিলোঁ। ভাল পাইছিলোঁ ভাদ মাহৰ চৈধ্য প্ৰসংগ,  গায়ন- বায়ন, সূত্ৰধাৰী নাচ  আৰু ভাওনাৰ আখৰাবোৰ চাবলৈ। আমাৰ উত্তৰ কমলাবাৰীৰ আতৈসকলে যেতিয়া আখৰা কৰে, তেতিয়া তেওঁলোক আধ্যাত্মকি ভাৱত ইমান বিলীন হৈ পৰে যে,  আখৰাৰ কালতেই যেন এক সৰগীয় পৰিবেশৰ ৰচনা হয়। নৃত্য-গীতৰ মাজেৰে পৰম শক্তিৰ ওচৰত আত্মসমৰ্পণৰ সেই নয়ন জুৰোৱা আৰু বিনন্দীয়া প্ৰকাশ সত্ৰৰ বাহিৰৰ কোনো পৰিবেশতেই দেখা পোৱা নাই। সেই  আমি সদায় কাষতে পোৱা আতৈগৰাকীয়েই  সত্ৰৰ নামঘৰৰ মজিয়াত পলকতে  কিদৰে এই যাদুৰ সৃষ্টি কৰে, তাক বিস্ময়কৰভাৱে উপভোগ কৰিবলৈ পোৱটোৱেই আমাৰ বাবে আছিল এক বিমল আনন্দৰ কথা।আতৈসকলৰ সতে স্থাপন হোৱা এই আন্তৰিকতা প্ৰভু ঈশ্বৰ'ৰ সতে গঢ় লৈ উঠাৰ কোনো সুযোগ  আমাৰ কাষত নাছিল।  সত্ৰাধিকাৰসকলৰ বিষয়ে থকা অলৌকিক কাহিনীবোৰৰ বিপৰীতে তেখেতসকলৰ  জ্ঞান-গৰিমাৰ বৰ্ণণাও তেনেকৈ লাভ কৰা নাছিলোঁ। 

কিন্তু ব্যতিক্ৰম আছিল নাৰায়ন চন্দ্ৰ গোস্বামী। সত্ৰাধিকাৰগৰাকীয়ে  যে গুৰুজনাৰ আধ্যাত্মিক চেতনাৰ সাৰ- বস্তু সাধাৰণ মানুহৰ কাষলৈকে যাব লাগে, সাধাৰণ মানুহে  সত্ৰৰ সম্পদ চৰ্চা কৰাৰ  সুযোগ  পাব  লাগে বুলি যিদৰে অন্তৰৰপৰা উপলব্ধি  কৰিছিল-- সেই কথা বুজি পাবলৈ ওপৰৰ উদাহৰণটিয়েই যথেষ্ট।আন সত্ৰাধিকাৰসকল দৰে তেখেতে নিজকে  প্ৰভূ ঈশ্বৰ' বোলাৰ সুবিধা নিদি সাধাৰণ  ৰাইজৰ মাজৰ এজন হৈ আড়ম্বৰহীন জীৱন যাপন কৰি গ'ল।আড়ম্বৰহীন,কিন্তু প্ৰজ্ঞাৰ সাধনাৰে সমুজ্জল।এই জীৱনেই আছিল শংকৰদেৱেৰো জীৱন। গুৰুজনাই ধৰ্মপ্ৰচাৰৰ লগে লগে অসমীয়া সাহিত্যৰ বৰভেটি বান্ধিবৰ সময়ত কোনোদিনেই ৰজাঘৰৰ প্ৰতি আনুগত্যৰ ভাৱ পোষণ নকৰিলে।  জীৱনৰ ভাটি বয়সত কোঁচ ৰজা নৰনাৰায়নে তেখেতক আতিথ্য দিলেও গুৰুজনাই ৰজাঘৰীয়াৰ প্ৰতি অহেতুক  আনুগত্যৰ ভাৱ পোষণ কৰা দেখা পোৱা নাযায়। নাৰায়ন চন্দ্ৰ গোস্বামীৰ জীৱনশৈলীতো গুৰুজনাৰ এই  আদৰ্শ প্ৰতিফলিত হোৱা দেখা যায়। গুৰুজনাৰ দৰেই তেওঁ এক সাধাৰণ জীৱন যাপন কৰিছে, আৰু  নীৰৱে প্ৰজ্ঞাৰ সাধনা কৰি গৈছে। মাজুলী এনেকুৱা এখন ঠাই য'ত ৰাজনীতিকে সদায় সত্ৰাধিকাৰক তুষ্ট কৰি থাকিবলৈ ভাল পায়। এই   সত্ৰাধিকাৰসকলৰ শিচসমূহ গোটেই ৰাজ্যতে আছে, যিসকল বিভিন্ন ৰাজনৈতিক দলৰ ভোটাৰ।সত্ৰাধিকাৰসকলৰ একোটা   ইংগিতে বহু কথাই সলনি কৰি পেলাবে পাৰে বাবে  ৰজাঘৰীয়াই সত্ৰাধিকাৰসকলক তুষ্ট কৰি ৰখাৰ চেষ্টা কৰে।  নাৰায়ন চন্দ্ৰ গোস্বামীক কেনোদিনেই ধৰ্ম-সংপৃক্ত সংকীৰ্ণ ৰাজনীতি কৰা নেদেখিলোঁ--ৰজাঘৰীয়া তোষামোদ, অহেতুক  আহ্লাদ আৰু সুবিধাৰ প্ৰতি আকৃষ্ট হোৱা নেদেখিলোঁ। কিন্তু তেখেত সদায়েই ৰাইজৰ সতে আৰু ৰাইজৰ কাষত  আছিল--সেই অৰ্থত তেখেতৰ ৰাজনীতি আছিল মাজুলীৰ সাধাৰণ মানুহৰ কল্যাণৰ ৰাজনীতি।সত্ৰাধিকাৰ    এগৰাকী যে কোনো আলৌকিক শক্তিৰ অধিকাৰী নহয়--তেওঁ সমাজ এখনক  বৌদ্ধিক নেতৃত্ব  দিব পৰাকৈ সক্ষম এগৰাকী তেজ-মঙহৰ মানুহ, সেই কথা নাৰায়ন চন্দ্ৰ গোস্বামীৰ সতে হোৱা সাক্ষাকালত আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছিলোঁ। বিভিন্ন সময়ত তেখেতক সাক্ষাৎ কৰাৰ সময়ত সত্ৰাধিকাৰগৰাকীয়ে পৰিস্থিতিৰ যিদৰে বাস্তৱসন্মত বিশ্লেষণ  দাঙি ধৰি আমাক সমৃদ্ধ কৰিছিল সি আমাক নতুন চিন্তাৰ  বাবে প্ৰেৰণা দিছিল। প্ৰতিবাৰেই উপলব্ধি কৰিছিলোঁ যে, তেখেত মাজুলীৰ অভ্যন্তৰৰ গৰ্ভৰপৰা সৃষ্টি হোৱা সেইগৰাকী প্ৰজ্ঞাৰ সাধক, যি গুৰুজনাৰ  আদৰ্শক  নতুন সময়ৰ পৰিপ্ৰেক্ষিতত নতুনকৈ আৱিস্কাৰ কৰিছে।অসমৰ সত্ৰ অনুষ্ঠানবোৰ গুৰুজনাৰ অপূৰ্ব সৃষ্টি। সত্ৰীয়া সংস্কৃতিৰ ধাৰক আৰু বাহকসকলে নতুন সময়ৰ পৰিপ্ৰেক্ষিতত গুৰুজনাক নতুনকৈ আৱিস্কাৰ কৰি সত্ৰ অনুষ্ঠানক   নতুন সাৰ-পানী দিয়াটো তেওঁলোকৰ  দায়িত্ব, সময়ৰ প্ৰত্যাহ্বান।এই ক্ষেত্ৰত নিয়াৰিকৈ দায়িত্ব পালনৰ যি বিৰল প্ৰজ্ঞাৰ প্ৰয়োজন, সেই প্ৰজ্ঞা লাভ কৰিবলৈ সক্ষম নোহোৱাসকল কালৰ বুকুত হেৰাইযাব-- এয়াই তেওঁলোকৰ  অমোঘ  নিয়তি। নাৰায়ন চন্দ্ৰ গোস্বামীয়ে সময়ৰ এই আহ্বান শুনিলে,  আৰু কালৰ বুকুত হেৰাই যোৱাৰপৰা নিজকে ৰক্ষা কৰিলে।গুৰুজনাৰ সম্পদৰ পনুৰ আৱিস্কাৰৰ নতুন উপলব্ধিৰে তেখেত নিজে আলোকিত হ'ল আৰু আনকো তাৰ জেউতিৰে সমৃদ্ধ কৰিলে। গতিকে তেখেত মাথোন এজন সত্ৰাধিকাৰ হোৱাৰ পৰিবৰ্তে মাজুলীবাসীৰ বুকুৰ মানুহ হৈ ৰ'ল।অসমীয়া ভাষা- সাহিত্য-সংস্কৃতৰি ভেটি বান্ধোতা গুৰুজনাৰ আদৰ্শক নতুন সময়ৰ পৰিস্থিতিত  পুনৰ আৱিস্কাৰ কৰিবলৈ সক্ষম নহলে অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি যি ভাবুকি আহিব তাক উপলব্ধি কৰাত আজি আমাৰ কাৰো অসুবিধা নহয়। আজি মাজুলীৰ অভ্যন্তৰৰ নাভিৰপৰা গুৰুজনাৰ সম্পদ আৰু সংস্কৃতিক উচন কৰি  উদাৰতাৰ মহান বাণীৰ বিপৰীতে বিপৰীতে ধৰ্ম-সংপৃক্ত সংকীৰ্ণ ৰাজনীতিৰ মাজেৰে মাজুলীৰ সমাজজীৱন গ্ৰাস  ৰিবলৈ কৰা ষড়য়ন্ত্ৰবোৰৰ সন্মুখত এমুঠিমান মানুহে হলেও সোঁতৰ বিপৰীতে গৈ নাৰায়ন চন্দ্ৰ গোস্বামীৰ কৰ্মৰাজৰি প্ৰকৃত মূল্যায়ন কৰাটো সেয়েহে অতিকৈ প্ৰাসংগিক কথা  হৈ পৰিছে। 

 আমাৰ দেউতা প্ৰয়াত মুহিধৰ ভৰালীৰ সতে তেখেতৰ বন্ধুত্ব আছিল। দেউতা আছিল মাজুলীত শংকৰদেৱ সংঘৰ অন্যতম গুৰি ধৰোঁতা।কমলাবাৰীৰ চাৰিআলিত বজাৰ কৰিবলৈ গ'লে তেখেতে  প্ৰায়ে  নতুন কমলাবাৰী সত্ৰতো এপাক সোমাই আহে। মাজুলীত অতি পিচপৰা এলেকাবোৰত দেউতাই গুৰুজনাৰ নামধৰ্মৰ আদৰ্শ প্ৰচাৰ কৰাৰ সময়ত তেখেতে দেউতাক সদায়েই উৎসাহ যোগাইছিল। দেউতাৰ মুখেৰেই নাৰায়ন চন্দ্ৰ গোস্বামীৰ বহু কথা শুনিবলৈ পাইছিলোঁ। অৱশ্যে নিৰন্তৰে বান-খহনীয়াৰ সমস্যাৰ লগতে কঠোৰ জীৱন-জীৱিকাৰ সংগ্ৰামে পিষ্ট কৰি ৰখা এইসকল লোকক ধৰ্মৰ বাণীয়ে কিমান প্ৰেৰণা দিব পাৰিছিল, বা পাৰিব--সি এক প্ৰশ্নৰ বিষয়।কিন্তু নিজৰ নিজৰ  সীমাবদ্ধতাৰ মাজতো তেখেতসকলে মানুহৰ কল্যাণৰ কথা  চিন্তা কৰিছিল। সত্ৰ আৰু শংকৰদেৱ  সংঘৰ মাজত থকা আদৰ্শগত প্ৰভেদৰ মাজতো তেওঁলোকৰ পাৰস্পৰিক সৌহাৰ্দ অটুট আছিল আৰু এজনে আনজনক প্ৰেৰণা দিছিল-  এই দিশটো আমাৰ বাবে বৰ উৎসাহৰ কথা  আছিল।নতুনক উৎসাহ দিবলৈ আওপুৰণি পৰম্পৰাবোৰ এফালৰপৰা  ভংগ কৰি যোৱাই যেন সত্ৰাধিকাৰগৰাকীৰ কাম আছিল। মাজুলীৰ কেনোবা এখন সত্ৰৰ সত্ৰাধিকাৰে মানুহৰ ঘৰত ভৰি দিয়োটো এক ধৰণৰ নোহোৱা-নোপজা কথা। আমাৰ এজন ভাইটি ইন্দুকল্প ভৰালীয়ে বহু ষ্ট কৰি মাজুলী ভীমকলৰ পৰা প্ৰস্তুত কৰা এটি শিশুখাদ্যৰ উদ্যোগৰ লগতে সৰু ভাইটি বেদব্ৰত ভৰালীৰ সহযোগত  সৰিয়হৰ  তেলৰ উদ্যোগ এটিও স্থাপন  কৰিছে। এদিন তেখেতে হঠাতেই  নিজে আহি উদ্যোগ দুটা চাই  ভাইটিক আশীৰ্বাদ কৰি গ'লহি। 

নাৰায়ন চন্দ্ৰ গোস্বামীয়ে প্ৰজ্ঞাৰ সাধনাৰে শংকৰদেৱৰ সাহিত্য আৰু আদৰ্শৰ চৰ্চাক এক পৰ্যায়লৈ লৈ গৈছে। ইয়াৰ লগে লগে তেখেতে ব্যৱহাৰিক জীৱনত গ্ৰহণ কৰা এনেবোৰ পদক্ষেপে এই কথাই প্ৰতীয়মান  কৰে যে,  তেখেতে গুৰুজনাক পুনৰাবিস্কাৰৰ কৰাৰ মাজেৰে, গুৰুজনাৰ আদৰ্শক নতুন যুগৰ সতে খাপ খুৱাবলৈ নিৰন্তৰে চেষ্টা কৰিছে।  গুৰুজনাই নিজে লিখি থৈ গৈছে--কুক্কুৰ  শৃগাল গদৰ্ভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিয়া প্ৰণাম।সাধাৰণ ইতৰ জীৱ-জন্তুলৈকো এনে বাক্য লিখিব পৰা গুৰুজনাৰ হৃদয় সাধাৰণ মানুহৰ প্ৰতি কিমান আকুল আছিল,   সাধাৰণ মানুহৰ বাবে তেখেতৰ অন্তৰত কিমান দৰদ আছিল,  তাৰ অসংখ্য উদাৰহণ গুৰুচৰিত কথাৰ দৰে পুথিসমূহত লিখিত অৱস্থাত আছে। গুৰুজনাৰ ধৰ্মৰ প্ৰচাৰকসকলৰ মাজত গাৰো, নগা, মিছিং, কৈৱৰ্ত আদি নানা গোষ্ঠী-সম্প্ৰদায়ৰ মানুহ আছিল। তেখেতে অনবদ্য সৃষ্টি নৃত্য, অভিনয়ৰ সাজ-সজ্জা আদিত জনগোষ্ঠীয় উপাদানৰ লগতে আনকি বিহুনৃত্যৰ চেৰেকী পাকৰ দৰে মুদ্ৰা কিদৰে সোমাই পৰিছে, সেই  কথাবোৰ আজি  গৱেষকসকলে বিশ্লেষণ কৰি দেখুৱাইছে ।  এনেক্ষেত্ৰত নাৰায়ন চন্দ্ৰ গোস্বামীয়ে গুৰুজনাক যিদৰে আজিৰ সময় আৰু পৰিস্থিতিত পুনৰ আৱিস্কাৰ কৰিলে,  সেই   কথাবোৰৰো মূল্যায়ন হব লাগিব আৰু তেতিয়াহে তেখেতৰ প্ৰতি প্ৰকৃততে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব।এইক্ষেত্ৰত আগন্তুক সময়ত হোৱা যিকোনো পদক্ষেপৰ সৈতে জড়িত হোৱাৰ সুযোগ পালে নথৈ আনন্দিত হ'ম। 

--ৰত্না ভৰালী তালুকদাৰ

24-09-2020

No comments:

Post a Comment