The Blind perfumes of the earth opens
and since there are no
roads
no one will
come, only
like the singing of a bell
মূৰৰ ভিতৰত
যন্ত্ৰণাৰ এটা
গুটি। তাতেই অৱসন্নতাৰ কাঁইটীয়া লতা
গজি উঠিল। পোখা মেলিলে। বগাই গ'ল। আৰু মৃন্ময়ীক জপটিয়াই ধৰিলে। যেন মুনিচুনিৰ এন্ধাৰেহে তাইৰ
বাটটো আৱৰি ধৰিলে। চকুৰ পতা তাইৰ ধীৰে
ধীৰে দোঁ খাই
আহিল। হাত- ভৰি
কোঁচ খাই
মানুহজনী লেতু-সেতু হৈ
পৰিল। চোং সলাই
সলাই তাই মহানগৰীৰ অলিয়ে- গলিয়ে আৰু
লেতেৰা কোঠাবোৰত পাতি
লোৱা আফিংখোলাত সৰু সৰু চিৰিঞ্জেৰে হলাহল
ঢালি বন্ধ কৰি থোৱা সিৰা- উপসিৰাবোৰ যেন
খোল খাই পৰিছে। আৰু বিদ্ৰোহ কৰি
শৰীৰ ফালি ওলাই
আহিব খুজিছে। তাইৰ
ছালৰ তলৰ বিন্দুবোৰৰপৰা নামি
অহা ঘামত মানুহজনী চপচপীয়া হ'ল। ঢুলঢুলীয়া চকুযুৰিৰে নামি অহা
মৰা চকুলোৰ নৈ'ত তাই
উটি - ভাহি
গ'ল। নাকৰপৰা বৈ অহা মৰানদীখনে তাইক
মেৰিয়াই ধৰিলে। অৱশেষত তাইৰ
শৌচ আৰু প্ৰস্ৰাৱৰ দ্বাৰেৰে বৈ
আহিল লেতেৰা মলৰ নৰ্দমা।
তাই লুতুৰি- পুতুৰি হ'ল।
এতিয়া তাইৰ
জাৰ লাগিবলৈ ধৰিলে। জিকাৰ খাই খাই মানুহজনী কঁপি উঠিল।
কুচি- মুচি
নিজৰ খোলালৈকে তাই
সোমাই গ'ল।
মৃন্ময়ী ধৰাশায়ী হৈ
পৰিল।
এই ভয়ংকৰ
যন্ত্ৰণাৰ মাজেৰে গৈ থাকোঁতে তাই গৰ্ভৰ
লুণীয়া পানীৰ
হ্ৰদটিত খলখলাই থকা কণমানি জীৱন্ধৰীটিৰ কথা ভাবিবলৈ চেষ্টা কৰিলে। সময় বঢ়াৰ লগে লগে হ্ৰদটি ধৰি
ৰখা জোলোঙাখন লাহে
লাহে তললৈ নামিবলৈ ধৰিছে। তাইৰ জঁকাৰ
দৰে শৰীৰ,
পিন্ধি লোৱা মৰা
মানুহৰ চকুহাল, আউল- বাউল চুলিকোচা আৰু বেজীৰ খোঁচত ঢপলা কাঠফুলাৰ বৰণ লোৱা ছালচটাৰ তলেৰে
লাহে লাহে বাঢ়ি অহা এই
জোলোঙাখনে এক অদ্ভূত শিহৰণ
তোলে। তাইৰ সতে
যোৱা এবছৰ
ধৰি ‘লিভ
টুগেদাৰ' কৰি
থকা আকাশেও মানুহজনীলৈ এপলক
চাব নোৱাৰে, অথচ
এবাৰ চালে
চকু ঘূৰাই আনিব নোৱাৰে। চাৰিবছৰ ধৰি সি
পৰিস্কাৰ জীৱনৰ মাজত আছে। আৰু
স্বাভাৱিক জীৱনৰ আনন্দ
উপভোগ কৰিছে। তিনি বছৰৰ আগতে সি খাৰঘুলি পাহাৰখনৰ নামনিৰ সৌডোখৰতে তাৰ
নিজৰ দুমহলীয়া ঘৰটোৰ
তলত ৰিহে'ব কেন্দ্ৰ এটি
খুলি তাতেই সমৰ্পিত হৈছে।
সি আশা কৰে,
তাৰ দৰেই
মৃন্ময়ীও এদিন পৰিস্কাৰ জীৱনলৈ উভতি আহিব। সি সময়লৈ
অপেক্ষা কৰিবলৈ সাজু
আছিল। কিন্তু মৃন্ময়ীৰ এই দশাই
তাক এক বুজাব নোৱাৰা অপৰাধবোধৰ মাজলৈ ঠেলি দিছে।
এয়া
এক আচৰিত অভিজ্ঞতা । অৱসন্নতাৰ কাঁইটীয়া লতাই
জপটিয়াই ধৰাৰ এই ভয়ংকৰ দুৰ্যোগৰ মাজেৰেই মৃন্ময়ীয়ে এই
এছাকি আচৰিত পোহৰ লাভ কৰিছে। বিশ্বাস-অবিশ্বাসৰ মাজতে কেতিয়াবা তাই
শিহৰিত হৈছে । আৰু
কেতিয়াবা অজান আশংকাৰে কঁপি উঠিছে। পাতল
ছালচটাৰ তলত
হাড়ৰ ওপৰেৰে নীলা
নীলা সিৰা- উপসিৰাবোৰ পৰ্যন্ত দেখা পোৱা
কংকালসাৰ শৰীৰটোৰেই যোৱা
সাত মাহ ধৰি এই এধানি
পোহৰ তাই কঢ়িয়াই লৈ
ফুৰিছে। খুপি খুপি আগুৱাই গৈছে
তাই । প্ৰায়েই চেতনাহীন অৱসন্নতাৰে। গ্লানি, অপৰাধবোধ আৰু
অনুশোচনাবোৰে তাইৰ দুৰু
দুৰু উৎকণ্ঠাক হেঁচা মাৰি ধৰে। তাইৰ মাত- কথা, খোজ- কাটল আৰু
মগজুৰ আড়ষ্টতাৰ পাকবোৰৰ মাজে
মাজে অৱসন্নতাৰ ডাৱৰ
নথকাৰ সময়ত সংগোপনে তাই
এই জেউতি দুহাতেৰে তুলি লবলৈ
চেষ্টা কৰে। নিজকে কয়-- অন্ততঃ এটা
দিনৰ বাবে তাই পৰিস্কাৰ হৈ
থাকিব বিচাৰে। এটা
দিনৰ বাবে এই জেউতিৰ আভা পূৰ্ণ ৰূপত
উপভোগ কৰিব
খোজে ।
কিন্তু তাই
হাৰি যায়। মূৰৰ ভিতৰৰ প্ৰচণ্ড বিষ,
চকু আৰু নাকৰপৰা বাগৰি
অহা মৰা নদী,
শৌচ আৰু
প্ৰস্ৰাৱৰ দ্বাৰেৰে বৈ
অহা ক্লেদৰ নৰ্দমাত লুতুৰি-পুতুৰি হৈ
ঘমি উঠা,
আৰু প্ৰচণ্ড জাৰত কঁপি উঠাৰ ভয়ংকৰ কালচক্ৰবোৰৰ অসহ্য যন্ত্ৰণাৰপৰা মুক্তি পাবলৈ
তাই নিজকে বাৰে বাৰে সমৰ্পণ কৰি পেলায়।
আজিও তাই ওফন্দি উঠি লাহে লাহে
দোঁ খাই
পৰিবলৈ আৰম্ভ কৰা
পেটৰ ওপৰত হাতখন ৰাখি এয়া
নিজকে কৈছে--আজিৰ দিনটো
তাই ‘ক্লিন' হৈ থাকিব। পৰিস্কাৰ হৈ
থাকিব তাই। চিৰিঞ্জৰ নলীৰে
বোৱাই অনা হলাহল
আজি তাই
শৰীৰৰ ভিতৰলৈ যাবলৈ
নিদিয়ে। অকণমান মুকলি বতাহ লবলৈ
তাই খাৰঘূলি পাহাৰখনৰ চেপত
এতিয়া বাস
কৰিবলৈ লোৱা এই অন্ধকূপ ঘৰটোৰ
কোঠাটোৰ খিৰিকী এখন খুলি দিলে। শৰীৰত চেতনা থকাৰ সময়ত
মাজে মাজে তাই এই
খিৰিকীখন খুলি দিয়ে। খিৰিকীখনৰ কাষতেই এজোপা শেৱালি ফুলৰ
গছ। এইখিনিৰপৰা চালে গছজোপা আলাসতে ভাহি থকা
যেন লাগে। আহিনৰ
পৰিচ্ছন্ন আকাশ। কোমল
এজাক বৰষুণে পৃথিৱীখন ধুৱাই থৈ
গৈছে । শেষ হ'ব
খোজা পুৱাটোত এই
স্নিগ্দ্ধতাৰ অকণমান ৰেশ লাগি আছে। noক'ভিদ-১৯
অতিমাৰী কালত প্ৰশাসনে ঘোষণা কৰা
লক্ ডাউনে
যোৱা ছমাহ ধৰি
জনজীৱন প্ৰায় স্তব্ধ কৰি
পেলোৱা মহানগৰীত প্ৰকৃতিয়ে এয়া অপৰূপ সাজেৰে সাজিছে।
খিৰিকীখন খুলি তাই আচৰিত
হৈ গ'ল। মুকুতাৰ দৰে বগা বগা ফুলবোৰেৰে গোটেইজোপা গছ
ভৰি পৰিছে। বতাহত
দুলি দুলি এটি
দুটি ফুল ধীৰে ধীৰে তললৈ
নামি আহিছে । যেন
শূন্যত ওলমি থকা
কণ কণ বেলুনৰ খেলা। আলাসতে ভাহি থকা
গছজোপাৰপৰা সৰি
সৰি ফুলৰ বেলুনবোৰ যেন শূন্যত হেৰাই গৈছে। এছাটি বতাহ
বলিছিল। বতাহছাটিয়ে শেৱালি ফুলৰ কোমল সুবাস কঢ়িয়াই আনিলে। চকু দুটা
মুদি তাই
প্ৰাণ ভৰি
এই সুবাস লবলৈ চেষ্টা কৰিলে। ভাৱ
হ'ল এই স্নিগ্ধ সুবাসত তাইৰ
মনৰপৰা সকলো গ্লানি মচ
খাই গৈছে। সকলো
অপৰাধবোধৰপৰা তাই মুক্ত
হৈ পৰিছে। হাত
মেলি তাইৰ বেলুনৰ দৰে
নামি অহা
ফুলবোৰ আজলি পাতি ধৰিবলৈ মন গ'ল। কিন্তু তাই
দুয়োখন হাতৰ আঙুলিবোৰ ওফন্দি উঠি
দোঁ খাই
নামি অহা
পেটটোৰ ওপৰেৰে বুলাই
দিলে। আঠালেটীয়া মাতটোৰে নিজকে কবলৈ
ধৰিলে-- আজিৰ দিনটো তাই ‘ক্লিন' হৈ থাকিব। পৰিস্কাৰ হৈ
থাকিব তাই।
অতিমাৰীৰ সময়ৰ লক
ডাউনত বাধ্য হৈ
মহানগৰীৰ মানুহবোৰ ঘৰতে সোমাই আছে।হস্পিতাল আৰু কোৱাৰেনটিন কেন্দ্ৰবোৰত বিছনাৰ অভাৱ হোৱাত কৰ'না
পজিটিভসকলৰ প্ৰায়বোৰকেই এতিয়া ঘৰতে
কোৱাৰেনটিনড্ কৰা হৈছে।
জটিল ৰোগীয়েহে হস্পিতাললৈ গৈ জৰুৰী সেৱা লাভ কৰাৰ সুবিধা লাভ কৰিছে।মাস্ক পিন্ধি অতি প্ৰয়োজনীয় কামত
ওলাই অহা
দুই-এক বাটৰুৱাকহে দেখা পোৱা গৈছে। প্ৰশাসনৰ নিৰ্দেশ মানি দুজনৰ মাজত কমেও এক
মিটাৰৰ ব্যৱধান মানি চলা হৈছে।দোকানত এক মিটাৰৰ ব্যৱধানত ঠিয় হৈ মানুহে কেৱল অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিছে।
বেছিভাগেই অনলাইন আৰু হ'ম
ডেলিভাৰী সেৱাৰ সুবিধা লৈছে ।যেন গোটেইখন মহানগৰী এতিয়া
কোৱাৰেনটিনড্। তাইৰ ভাৱ হয়, প্ৰণোচ্ছল মহানগৰী এতিয়া তাইৰ দৰেই আড়ষ্ট।
তাইৰ ভাৱ হয়, চিৰিঞ্জৰ খোঁচবোৰে অদ্ভূত ৰূপ
দিয়া বিৱৰ্ণ কাঠফুলাৰ দৰে তাইৰ শৰীৰৰ ছালচটা যেন
অতিকায় বেংছটা হৈ
উঠিছে, আৰু মহানগৰখন মেৰিয়াই ধৰিছে!
কিন্তু বৰষুণজাকৰ পিছতে এয়া অপাৰ্থিৱ নিৰ্জনতাই পুৱাটো, শেৱালিজোপা আৰু কোমল বতাহছাটিক সাৱটি ধৰিছে।মৃন্ময়ীৰ এনে
লাগিল যেন এটা
যাদুকৰী ঘটনা ঘটিব। ৰৈ যাব
সময়। এই
কণ কণ
শুকুলা বেলুনৰ দৰে বতাহত দুলি দুলি শেৱালি ফুলবোৰ নামি অহাৰ সময়কণ হাতৰ মুঠিত
লৈ পাখিলাহি চিলাৰ
দৰে তাই
সন্মুখৰ সকলো
কণ্টকাকীৰ্ণ পথ পাৰ
হৈ গুচি যাব। গুচি যাব তাই । আকাশৰ দৰেই সিপাৰৰ পৃথিৱীৰ পৰিস্কাৰ জীৱনলৈ। সি
যে সেইখন পৃথিৱীত তাইলৈ
বাট চাই
আছে! তাইৰ
চিকিৎসকে কব--
নাই নাই। এতিয়া আৰু
কোনো ভয় নাই। তোমাৰ
গৰ্ভৰ নবাগতই সুকলমে এই
পৃথিৱীৰ পোহৰ
দেখিবলৈ পাব। এই এষাৰ কথা শুনাৰ লগে
লগেই বিবেকৰ ভয়ানক দংশন, পাপবোধ আৰু
স্বীকাৰোক্তিৰপৰা তাইৰ জীৱনটো মুক্ত হৈ পৰিব।
খিৰিকীমুখত ৰৈ
বহুপৰ ধৰি তাই
এই ফেণ্টাছীটোত উমলি থাকিল। তাইৰ
মাকলৈ মনত
পৰিল। দুখনমান ফটোৰ বাহিৰে মাকৰ কোনো স্মৃতি তাইৰ নাই। তাইৰ জন্মৰ এসপ্তাহৰ পিছতে হঠাতে হোৱা এক হাৰ্ট ষ্ট্ৰ'কত
মাকৰ মৃত্যু হৈছিল। দেউতাকে বিয়া কৰোৱা আনগৰাকী মাকৰ ফালৰপৰা তাইৰ দুটা ভায়েক আছে।তেওঁলোক তাইক লৈ একেবাৰেই উদাসীন। সৰুৰেপৰাই খোজ-কাটলৰ লগতে কথা কোৱাত কিছু আড়ষ্টতা থকা মৃন্ময়ীৰ হাতৰ মুঠিত স্মৃতি বুলিবলৈ অভিজাত বৰ্ডিং স্কুলত পাৰ কৰি
অহা শৈশৱটোৰ বাহিৰে আন একো
নাই। তাই
জানে, একাকীত্বৰ এই পাকলগা বাটবোৰত তাই ভালকৈ
খোজ কাঢ়িবলৈ শিকা নাই। এঠাৰ দৰে জিভাত লাগি
থকা শব্দবোৰেৰে নিজৰ
কথাবোৰ কাকোৱেই বুজাই
কব পৰা
নাই। বন্ধত ঘৰলৈ অহাৰ সময়ত তাইৰ পিছৰগৰাকী মাতৃ অথবা ভায়েক দুটাৰপৰা এষাৰ মৰমৰ মাত, অকণমান আব্দাৰ পোৱাৰ স্মৃতি তাইৰ হাতৰ মুঠিত নাই। পিছৰফালে হাইস্কুলৰ ওপৰৰ শ্ৰেণীবোৰত তাই
অৱশ্যে বিদ্যালয়ৰ বন্ধৰ
সময়বোৰৰ বেছিভাগেই ৰিহে'ব কেন্দ্ৰবোৰত পাৰ
কৰিছে। ব্যৱসায়ত ব্যস্ত দেউতাককো তাই
কেতিয়াবাহে দেখা পায়।
উদাসীনতা--চুঁচৰি অহা এডাল সাপ। চেঁচা আৰু নীৰৱ। গাৰ নোম
জিকাৰ খুৱাই বগাই য়োৱা স্পৰ্শ। অৱসন্ন হাবিৰ মাজলৈ টানি নিয়াৰ হিচ হিচ আৰাও।নিৰ্জন পৰত
সাপডালে হিচ হিচ
আৰাওবোৰেৰে তাইক গিলি আনিছিল। তেৰবছৰ বয়সতেই বৰ্ডিং স্কুলৰ আবাসত তাইক অৱসন্নতাৰ শিপাবোৰে তাইক মেৰিয়াই ধৰিছিল।অৱশ্যে আফিং
নহয়, তেতিয়া তাই
চিকাৰ আছিল ভাংখোলাৰ,যাক
সিহঁতে ‘উইড' বুলি কৈছিল। বিদ্যালয়ৰ পঢ়া-শুনা, আন
কাম- কাজ, আনকি প্ৰাৰ্থনাৰ সভাতো তাই
মনোযোগ বহুৱাব পৰা
নাছিল। কোনো শিক্ষকৰপৰা বিশেষ
আব্দাৰ পোৱা নাছিল।কাৰোবাৰ মনোযোগলৈ আহিব পৰাকৈ অকণমান আত্মবিশ্বাসো নাছিল তাইৰ।কিন্তু ভাংখোলাত তাই পালে
এদল চিনিয়ৰ ছোৱালীৰ মৰম। সিহঁতে তাইক আদৰি ল'লে, আৱৰি ৰাখিলে । এই
এদল ছোৱালীৰ মাজতে মৃন্ময়ীয়ে নিজকে বিচাৰি পালে। ভাংখোলাৰ প্ৰতিজনী সদস্যৰেই আছিল ভাঙি যোৱা ঘৰ, বঞ্চিত মৰম
আৰু টকাৰ পাহাৰৰ একোটা বিৱৰণী।
ভাঙৰ নিচাত অভিমানৰ ওলমি থকা দলংবোৰৰ ওপৰেৰে খুপি খুপি গৈ আছিল
সিহঁত।এজনীয়ে আনজনীৰ ভাৰসা হৈ
থিয় দিছিল।টয়লেটৰ কাষৰ কোনো নোযোৱা লেতেৰা ঠাইকণেই আছিল সিহঁতৰ ভাংখোলা। বৰ্ডিঙৰ চকীদাৰ আৰু ৰান্ধনীবোৰে সিহঁতক নিচাৰ যোগান
ধৰিছিল। বিদ্যালয় কতৃপক্ষই এই ভাংখোলাখন আৰু সিহঁতৰ অসংলগ্ন জীৱনৰ কথা
নজনাকৈ থকা
নাছিল। কিন্তু নতুনকৈ গঢ় দিয়া অভিজাত বিদ্যালযখনৰ গৃহনিৰ্মাণ,
ইনড'ৰ ষ্টেডিয়াম,
চুইমিং পুল, নতুন বৰ্ডিঙৰ দৰে আন্তঃগাঁথনিৰ বাবে
প্ৰতিজনী ছোৱালীৰ ঘৰৰপৰা বিদ্যালয়লৈ শকত টোপোলা আহিছিল। সেয়ে সিহঁতে বিদ্যালয়ৰপৰা খেদা খাবলগীয়া হোৱা পৰিস্থিতিৰ উদ্ভৱ হোৱা নাছিল। ভাংখোলাৰ এই
ছোৱালীজাক আছিল
আন বহুতৰ তুলনাত নিৰ্জু।
সিহঁতে কাকো আমনি নকৰাকৈ নিজৰ ভিতৰতে দল বান্ধি একাষৰীয়াকৈ আছিল। নিচাগ্ৰস্ত হৈ
নিজৰ খোলাৰ ভিতৰলৈ সোমাই
যোৱাৰ যাত্ৰাটোৰ বাহিৰে সিহঁতৰ আন কোনো অপৰাধ নাছিল।
এনেকৈয়ে তাই
প্ৰায় সুকলমেই ক্লাছ
টে'নৰ
দেওনা পাৰ হৈ
গ'ল। স্কুলৰ বন্ধৰ দিনবোৰত দেউতাকে তাইক ঘৰলৈ অনাৰ পৰিৱৰ্তে খবৰ-খাতি কৰি শুদ্ধিকৰণৰ বাবে কোনো এটা ৰিহে'ব
কেন্দ্ৰলৈ পঠিয়াই দিছিল। হয়তো দেউতাকৰ এটা ক্ষীণ আশাও আছিল যে, এদিন এনেকৈয়ে তাই পৰিস্কাৰ জীৱনৰ মাজলৈ উভতি আহিব পাৰিব।
ইয়াৰ পিছত দেউতাকে তাইক আৰু আগুৱাই নিব
নোৱৰিলে। মৃন্ময়ীৰ খোজ-কাটল আৰু কথা কোৱাৰ আড়ষ্টতা বাঢ়ি আহিল।বিদ্যালয়ৰ জীৱন ওৰ
পৰাত মৰি যোৱা চকুহাল পিন্ধি তাই
মহানগৰীৰ অলি-গলিৰ আফিংখোলাবোৰ সহজতে বিচাৰি ল'লে। তাতেই তাই আকাশক লগ পালে। আউলী-বাউলী চুলিকোচাৰে থুপুক-থাপাককৈ খোলালৈ সোমাই অহা
মমৰ পুতলাৰ দৰে
মৃন্ময়ী আছিল তাৰ
বাবে এক বিস্ময়।
আফিংখোলাৰ আন সদস্যৰ দৰে নিজৰ ‘শ্বট' যোগাৰ কৰিবলৈ তাই ঘৰৰ
বস্তু চুৰি কৰিবলগীয়া হোৱা
নাছিল। বাটেদি যোৱা মহিলাৰ ডিঙিৰ সোণৰ চেইন টানিবলগীয়া হোৱা নাছিল।
ব্যভিচাৰৰ আন বাটবোৰেৰেও যাবলগীয়া হোৱা নাছিল তাই । তাইৰ
বেংক একাউন্টত প্ৰতিমাহেই নিৰ্দিষ্ট পৰিমাণৰ টকা সোমায়। তাইৰ কোনো ‘ক্ৰিমিনেল হিষ্ট্ৰি' নাছিল।
হয়তো তাইৰ অকলশৰীয়া হবলৈহে ভয় লাগিছিল। হয়তো তাতোকৈও ভয় কৰিছিল ঘৰখনলৈ যাবলৈ। কাচিৎ ঘৰত
থাকিলেও প্ৰায়েই আফিংখোলা আৰু ৰিহে'ববোৰেই আছিল মৃন্ময়ীৰ আশ্ৰয়। আফিংখোলাবোৰত মৃন্ময়ীৰ ঘৰখনৰ নানান
সাধুকথা বগাই ফুৰিছিল।ওঠৰ
বছৰ বয়স হোৱাত তাই আইনগতভাৱেই দেউতাকৰপৰা খাৰঘূলি পাহাৰৰ চেপত দুটা কোঠালিৰে সতে থকা এই
অন্ধকূপ ঘৰটো লাভ
কৰিলে।তেতিয়াৰেপৰা তাই ইয়াতেই অকলশৰে বাস কৰিছে । এখন আফিংখোলাও বহুৱাই লৈছে
তাই।
ইয়াৰ বিপৰীতে আকাশৰ জীৱনত ‘ক্ৰিমিনেল হিষ্ট্ৰী'ৰ সীমা সংখ্যা নাছিল। চাৰিবছৰ আগলৈকে খাৰঘুলিৰ এই এলেকাত সি আছিল এটা জীৱন্ত যমদূত।ঘৰ, ৰিহে'ব আৰু কাৰাগাৰ--এয়াই আছিল তাৰ জীৱন। মৃন্ময়ীৰ দৰেই তাৰো আছিল বৰ্ডিং স্কুলৰ ইতিহাস। ঘৰখনৰ একমাত্ৰ লৰা সি। এজনী মৰমলগা ভনীয়েকো আছে। পশ্চিম অসমৰ এখন প্ৰখ্যাত বিদ্যালয়ত ব’ৰ্ডিঙত থাকি পঢ়াৰ কালতেই তাকো অৱসন্নতাৰ কাঁইটীয়া লতাবোৰে মেৰিয়াই ধৰিছিল। প্ৰৱেশ পৰীক্ষাৰ কঠোৰ প্ৰতিদ্বন্দিতাৰ মাজেৰেহে সি সেই বিদ্যালয়ত পঢ়িবলৈ অৰ্হতা অৰ্জন কৰিছিল। কিন্তু তাতেই যে আছিল সেই ভয়ংকৰ সুৰংগ--সৰ্পিল,কদৰ্যময়, কৌতূহল আৰু থৰ থৰ উত্তেজনাৰ গৰ্ভমুখ। সি তাত ভৰি দিলে। আৰু অন্ধকাৰ গৰ্ভলৈ সোমাই গৈ থাকিল।
ফেণ্টাছীটোলৈ সোমাই যাওতে মূৰৰ ভিতৰত আৰম্ভ হোৱা যন্ত্ৰণা পাহৰি গৈছিল মৃন্ময়ীয়ে।এনে লাগিছিল যেন পিঠিত দুখন পাখি গজিছে। পৰিভ্ৰমী কহুৱা ফুলৰ দৰে তাই উৰি গৈছে। আলাসত ওপঙি গৈ আছে তাই!অকস্মাত পাহাৰখনৰ কেঁকুৰিটোৰপৰা অহা তীব্ৰ শব্দ এটাই পৃথিৱীয়ে আয়োজন কৰা এই সমস্ত নিৰ্জনতা ভাঙি থান-বান কৰি পেলালে। কেঁকুৰিৰপৰা চাইৰেণ বজাই এম্বুলেন্স এখন ওলাই গৈছে। এম্বলেন্সখনে হয়তো কোনোবা ক'ভিড পজিটিভ ছুবুৰীয়াক হস্পিতাললৈ লৈ গৈছে। হয়তো আন কোনো ৰোগত গুৰুতৰভাৱে আক্ৰান্ত কোনোবা ৰোগীক তুলি নিছে। এই অন্ধকূপৰ ভিতৰত মৃন্ময়ীৰ মূৰৰ ভিতৰতো চাইৰেণৰ শব্দটো অসংখ্য প্ৰতিধ্বনি হৈ গুমগুমাই উঠিল। তাই গম পালে--এয়াই আগজাননী। ভয়ংকৰ আগজাননী। মগজুৰ ভিতৰত আৰম্ভ হোৱা এই যন্ত্ৰণাৰ গুটিটোৰপৰাই অৱসন্নতাৰ কাঁইটীয়া লতাবোৰ গজি উঠিব। শৰীৰটো মেৰিয়াই ধৰি কাঁইটীয়া লতাবোৰে আঁকুহি বখলিয়াই পেলাব তাইক ।
অসহ্য এই যন্ত্ৰণা।তাই মানুহজনী কোঁচ খাই আহে।বতাহে কোবাই
চুৰ্চুমৈ কৰা আগলি কলাপাত এখিলাৰ দৰে কঁপিবলৈ ধৰে।ছালৰ তলৰ সিৰা আৰু উপসিৰাবোৰ ফাটি বাহিৰলৈ ওলাই আহিব নেকি/ কেতিয়াবা তাই ঘামি-জামি একাকাৰ হ'ল। আৰু কেতিয়াবা প্ৰচণ্ড জাৰত কঁপি
উঠিল। কুঁচি-মুচি তাই নিজৰ
খোলালৈকে সোমাই গ'ল ।
এই যন্ত্ৰণাৰ মাজতো তাই গৰ্ভৰ জোলোঙাখনিয়ে ধৰি ৰখা
হ্ৰদটিত কণমানি জীৱটিয়ে লৰ-চৰ কৰাৰ উমান
পালে। লৰ-চৰ কৰিছে, নে তাইৰ দৰেই গৰ্ভৰ ভিতৰত অকণমানি জীৱটিও কঁপি
উঠিছে।অৱসন্নতাৰ এই ভয়ানক লতাবোৰ তাইৰ গৰ্ভৰ ভিতৰৰ জোলোঙাখনিয়ে ধৰি ৰখা লুণীয়া
পানীৰ হ্ৰদটিৰ আধাৰটিতো পোখাইছেগৈ নেকি! ভয়ংকৰ আচোঁৰবোৰে কণমানি জীৱন্ধৰীটিকো চুৰ্চুমৈ
কৰি পেলাইছে নেকি! তাইৰ গৰ্ভত থকা জীৱটিয়ে ভিতৰত খলখলাই উঠাৰ কথা আড়ষ্ট
জিভাৰে তাই চিকিৎসকক কয়।আঠাৰ দৰে জিভাখনত লাগি ধৰা কথাবোৰ চিজিলকৈ সৰি নপৰে।চিকিৎসকে
তথাপি মনোযোগেৰে তাইৰ কথা শুনিবলৈ চেষ্টা কৰে। অসাৱধানতাবশতঃ মাতৃ হবলৈ আগবঢ়া আফিংখোলাৰ এই ভাগৰুৱা পথিকৰ কাহিনীবোৰে টানি
নিছে তেওঁক।কিন্তু বাৰে বাৰে তেওঁ তাইক
সোঁৱৰাই দিয়ে-- এয়া গৰ্ভত থকা সন্তানে কৰা স্বাভাৱিক লৰ-চৰ নহয়।
ভয়ংকৰ সময়ৰ আগজাননী দি তেওঁ তাইক কয়--গৰ্ভৰ সন্তানটিক তাই কঢ়িয়াই অনা দুৰ্যোগৰ এই
বতাহজাকে আগলি কলাপাত এখিলাৰ দৰেই কোবাই
চুৰ্চুমৈ কৰি পেলাব। বাৰে বাৰে তেওঁ তাইক সকীয়াই
দিয়ে -- মাথোন এই নবাগত অতিথিৰ বাবেই পংকিলতাৰ বাট এৰি
তাই পৰিস্কাৰ হওক! পৰিস্কাৰ হওক! ক'ভিড-১৯ অতিমাৰীয়ে কোবাই যোৱা এই দুঃসময়ত গৰ্ভধাৰণ কৰা মহিলাৰ বাবে থকা প্ৰট'কলবোৰো বৰে বাৰে সোঁৱৰাই দিয়ে তেওঁ।
চিকিৎসকে কোৱাৰ দৰেই ক'ভিড-১৯অতিমাৰীকালৰ গৰ্ভাৱস্থাৰ প্ৰট'কলবোৰ আখৰে আখৰে পালন কৰিবলৈ তাই পাৰ্যমানে
চেষ্টা কৰিছে।কোনোমতেই যাতে ক'ভিড সংক্ৰমণ নহয়, তাৰবাবেই অলি-গলিত, ফ্লাই-অ'ভাৰৰ তলৰ লেতেৰা এন্ধাৰৰ আফিংখোলাৰ ভাগৰুৱা পথিকবোৰক
ইয়ালৈ অহাটো বন্ধ কৰি দিছে।কিন্তু
অৱসন্নতাৰ কাঁইটীয়া লতাবোৰ গজি উঠাৰ কণ্টকাকীৰ্ণ পথত প্ৰতিটো
দিনেই তাই ধৰাশায়ী হৈ পৰে। যন্ত্ৰণাই তাইক কাবু কৰি পেলায়। এনে সময়ত আকাশেও তাইক সহায় কৰিব পৰা নাই।
সিদিনা চিকিৎসকৰ মুখত নিজৰ গৰ্ভাৱস্থাৰ কথা শুনি ভয়, শংকা আৰু আনন্দৰ বুজাব নোৱাৰা অনুভুতিৰ চেঁচা জোকাৰণিবোৰে মৃন্ময়ীক থৰ লগাই দিলে। কিবা এটা সিদ্ধান্ত লবলৈ তাইৰ ভয় লাগিছিল।তথাপি সিদিনা আড়ষ্টতাৰ মাজতে চিকিৎসকৰ কোঠাত অংগীকাৰ লৈছিল পৰিস্কাৰ জীৱনৰ। হয়তো এয়াই সেই পোহৰ, যাক সাৰথি কৰি তাই আকাশৰ হাতত ধৰি সিটো পাৰৰ পৰিস্কাৰ জীৱনলৈ গুচি যাব।তাই পাৰিব।তাই সিদ্ধান্ত লৈছিল--অকণো লুক-ঢাক নকৰাকৈ চিকিৎসকৰ আগত তাই গ্লানি আৰু অপৰাধবোধৰ স্বীকাৰোক্তিবোৰ দাঙি ধৰিব।
অসহ্য। ওফন্দি উঠা পেটৰপৰা হাত দুখন তুলি আনি মৃন্ময়ীয়ে মূৰটো হেঁচা মাৰি ধৰিব বিচাৰিলে। কিন্তু অৱশ হাতদুখন তাই দাঙিব পৰা নাই।কাঁইটীয়া লতাবোৰে এতিয়া তাইৰ সন্মুখলৈ অন্ধকাৰ গুহা এটা টানি আনিছে। সৌটো অন্ধকাৰ গুহাৰ গৰ্ভমুখ।ভ্ৰম।গুহাটো আগুৱাই আহিছে।তাইৰ ভাৱ হ'ল তাইৰ মূৰটো ডিঙিৰপৰা সুলকি পৰিব।সাতবছৰ ধৰি দিনে দুটাকৈ ‘শ্বট' লোৱা মৃন্ময়ীয়ে আজিও নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। গুহাটোৱে তাইক নিজৰ গৰ্ভলৈ টানি লৈ গ'ল।ভিতৰত কাঁইঁটীয়া লতাবোৰ এন্ধাৰৰ শিপা হৈ পৰিল।ইয়াৰপৰা তাই শেৱালি ফুলবোৰ বতাহত দুলি দুলি বেলুনৰ দৰে নামি অহাৰ ফেণ্টাছীটোলৈ হাত দুখন মেলি দিব পৰা নাই। বতাহে কঢ়িয়াই অনা শেৱালি ফুলৰ সুৰভি লবৰবাবে দীঘলকৈ উশাহটো লব পৰা নাই।বতাহ নিথৰ হৈ গৈছে। তাইৰ চকু দুটা মৰি আহিল।এবাৰ আকাশলৈ মনত পৰিল। তাই জানে, এই মুহূৰ্তত সি তাইক সহায় কৰিব নোৱাৰে। আকাশ কিয়, এনে মুহূৰ্তত কোনেও তাইক সহায় কৰিব নোৱাৰে। মাথোন আফিংখোলাৰ ক্লান্ত পথিকসৱেহে জানে-- এয়াই নিচাসক্ত পথিকৰ ‘টাৰ্কি'ৰ শীৰ্ষমুখ, এয়াই সিহঁতৰ ‘হাই'। জুইত পুৰি মৰিবলৈ চগা উৰি অহাৰ নৃসিংহ সময়।
চকুৰ সন্মুখতে ঘটনাটো ঘটি
গৈছিল।কাণতলীয়া চৰটো সি নিজৰ গালতে অনুভৱ কৰিলে।সি যেন বহু বহু যুগলৈ উভতি গ'ল।সেই সময়ৰ পশ্চিম অসমৰ আটাইতকৈ
নামজলা বিদ্যালয়খনত তাক মাক-দেউতাকে নাম ভৰ্তি কৰাই দিছিলগৈ।ব’ৰ্ডিঙৰ জ্যেষ্ঠ ৰূমমেটে ইটো-সিটোকৈ
নানা কামৰ আল-পৈচান ধৰাইছিল তাক।অসহ্য হৈ উঠিছিল তাৰ বন্দীত্বৰ জীৱন। কিন্তু তাৰ অভিমানবোৰ বুজি
উঠিবলৈ মাক-দেউতাক যেন সাজু নাছিল।এদিন তাক ৰুমমেটে নিজৰ জোতাযোৰ চাফা কৰিবলৈ দিলে। তাৰ অকণমানি
অন্তৰখন অপমানত মোচৰ খাই উঠিল।সি তাৰ আদেশ পালন নকৰিলে। তাৰ
ৰুমমেটে তাক এটা প্ৰচণ্ড কাণতলীয়া চৰ শোধালে। তাৰ
কাণেৰে তেজ বৈ আহিল। এই ঘটনা বৰ্ডিঙৰ অধীক্ষকৰপৰা বিদ্যালয়ৰ
অধ্যক্ষ আৰু শেষত
অভিভাৱকৰ মাজ পালেগৈ। তাৰ ৰুমমেট
আছিল প্ৰাক্তন মন্ত্ৰীৰ ল'ৰা। আকাশে তাৰপৰা উভতি আহিব বিচাৰিলে। কিন্তু দুয়োপক্ষৰ অভিভাৱকৰ প্ৰচণ্ড জেদৰ
বাবেই সি তাতেই থাকিবলগীয়া হ'ল। অৱশ্যে তাক বেলেগ এটা কোঠালৈ নিয়া হৈছিল। কিন্তু কোনেও নুবুজা অভিমানবোৰেই তাৰ
বাবে কাল হৈ উঠিল।
সমনীয়া আৰু ৰুমমেটৰ সতে মিলিব
নজনা লৰা বুলি তাৰ বদনাম বিয়পি
পৰিল।অকলশৰীয়া কোনো এটি সময়ত অন্ধকাৰ সুৰংগৰ মুখত খাপ পিতি থকা আবাসৰ
দুৱৰীবোৰে তাক টানি নিলে। ৱম শ্ৰেণী পায়গৈ মানে সি ভয়ানকধৰণে
নিচাসক্ত হৈ উঠিল। তেতিয়ামানে তাক কাণতলীয়া চৰ শোধোৱা এসময়ৰ জ্যেষ্ঠ আবাসীয়ে
সুকলমে পঢ়-শুনা কৰি মেডিকেল কলজেত ভৰ্তি হৈছিলগৈ।
সি সিদ্ধান্ত ল'লে--সি নিজাকৈ এটা ৰিহে'ব খুলিব।নিজৰ ৰিহে'বখনত সি পৰিস্কাৰ জীৱনলৈ উভতিব খোজা আফিংখোলাৰ ক্লান্ত পথিকৰ বাবে মৰ্যদ পূৰ্ণ জীৱন যাপনৰ নিজা পাঠ্যক্ৰম তৈয়াৰ কৰিব।সিহঁতৰ দুমহলীয়া ঘৰটোৰ তলৰ মহলাতো গুদাম হিচাপে ভাৰা দি থোৱা আছিল। সি তাতেই তাৰ ৰিহে'বখন খোলাৰ বিষয়ে মাকৰ অনুমতি বিচাৰিলে।
নিজৰ সন্তানটিক পৰিস্কাৰ জীৱনলৈ ওভতাই আনিবলৈ আকুল হৈ উঠা মাকৰ বাবে এয়া আছিল চমৎকাৰ।তেওঁ কেৱল সন্মতি দিয়াই নহয়, নিজেও সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে তাক। নিজৰ পৰিস্কাৰ জীৱনৰ বাটত উপাৰ্জনৰ লগতে নিচাসক্তসকলক সহায় কৰাৰ উদ্দেশ্যেৰে খোলা এই কেন্দ্ৰটোত সেয়েহে সি এতিয়া নিজৰ অভিজ্ঞতাৰেই পৰিশুদ্ধিৰ নিজস্ব কাৰ্যসূচী তৈয়াৰ কৰি লৈছে। নিজহাতে সি অৱসন্নতাৰ কৰাল গ্ৰাসত পৰাসকলৰ বিষমুক্তিৰ সময়ত হোৱা বমি-বিষ্ঠা পৰ্যন্ত পৰিস্কাৰ কৰিছে, গৰম পানীৰে গা ধুৱাই দিছে। সমাজৰ অনেক কল্যাণৰ কামত তেওঁলোকক নিয়োগ কৰিছে। মাক আৰু ভনীয়েক আচৰিতধৰণে তাৰ সহচৰ হৈ পৰিছে। তাৰ এই পৰীক্ষা- নীৰিক্ষা আৰু কাম-কাজবোৰে পৰিস্কাৰ জীৱনলৈ আহিব খোজাসকলৰ বাবে নতুন প্ৰেৰণাৰ সৃষ্টি কৰিছে। সাধুকথাৰ দৰেই বিয়পি পৰিছে তাৰ কাহিনী ।
টেমা!টেমা! টেমা!
আৰক্ষীয়ে ‘টেমা'ৰ যোগান ধৰা সৰবৰাহকাৰীৰ কথা বাদেই, আনকি প্ৰতিটো নিচাসক্ত পথিকৰপৰাও নিয়মিত ‘হাপ্তা' লয়। আচৰিত কথা যে সেই আৰক্ষীয়েই তাৰ ৰিহে'ব খোলাৰ প্ৰচেষ্টাতো সমানেই উৎসাহ দিছে। তাৰ দহ বছৰৰ নিচাসক্ত জীৱনৰ সৰু-ডাঙৰ বিভিন্ন অপৰাধবোৰত তাৰ চিনাকি হৈ পৰা আৰক্ষীসকলে এই দুয়োটা কামেই সমান উৎসাহেৰে কৰিছে। মহানগৰীৰ আলি- গলি, ফ্লাই-অ'ভাৰৰ তলত, ৰেল লাইনৰ চূকৰ আফিংখোলাবোৰৰ প্ৰতিজন ক্লান্ত পথিকৰ দৰেই সিও জানে--‘হাপ্তা' লবলৈ আৰক্ষী বাধ্য। এডাল বিশাল শিকলি আৰক্ষীয়ে কঢ়িয়াই ফুৰে--যাৰ এটা মূৰত থাকে নিচা সেৱনকাৰী, টেমা যোগনিয়াৰৰ দৰে লাপি-লুপাবোৰৰপৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগচ সৰবৰাহকাৰী। আৰু আনটো মূৰত বিয়াগোম ৰাজনৈতিক নেতা, উচ্চপদস্থ প্ৰশাসনিক বিষয়া। আৰক্ষীয়ে মাত্ৰ এই শিকলিডাল ধৰি কঢ়িয়াইহে নিয়ে। পদ অনুসৰি এটা ভাগ পায়। এক নিৰাপদ ব্যৱস্থাৰে কাম-কাজ চলি থাকে। আনকি লক ডাউনৰ সময়তো নিচাসক্ত পথিকে হাহাকাৰ কৰবলগীয়া হোৱা নাই, ‘চ'ৰ্চ'- ৰপৰা নিয়মিত যোগান চলি আছে।
আকাশে জানে, ঠিক এইখিনি সময়তে মৃন্ময়ীয়ে এটা ‘শ্বট' লয়। সি তাইৰ কাষলৈ আহিবলৈ বাইকখন ষ্টাৰ্ট কৰিলে।
অন্ধকূপ কোঠাটোত টেমাটো হাতত পৰাৰ লগে লগেই মৃন্ময়ীৰ মগজুৰ প্ৰতিটো কোষ সক্ৰিয় হৈ উঠিল। বগুৱা বাই তাই আফিংখোলাখনৰ কাষত বহি পৰিলগৈ। এটা ‘শ্বট' তৈয়াৰ কৰাৰ পৰ্ববোৰ অকণো খেলি-মেলি নোহোৱাকৈ তাই সমাপণ কৰিলে। অতি ক্ষিপ্ৰতাৰেই তাই ‘শ্বট'তো সাজু কৰিলে।
--------
সিদিনা হস্পিতালত আকাশে
দুহাতেৰে তুলি ধৰা মৃত সন্তানটি তাই অৱসন্ন চেতনাৰে এবাৰ দেখিছিল। উদং ঘৰটোত ভৰি দি মৃন্ময়ীৰ সেই
ছবিখনেই মনত পৰিল। এটা হাহাকাৰ তাইৰ বুকুখনেৰে নামি গ'ল। তাই ভিতৰৰ
অন্ধকূপ কোঠাটিৰ খিৰিকীখনৰ মুখত ঠিয় দিলেগৈ। সিদিনাৰ দৰেই এৰি অহা জীৱনটোলৈ
ক্ষন্তেক উভতি চালে। ভাৱ হ'ল অভিশপ্ত সময়বোৰ বুকুত
বান্ধি লৈ তাই হয়তো জন্মাৱধি কোৱাৰেনটিনড্ হৈয়ে আছিল। অচিনা মহামাৰীৰ কালব্যাধিয়ে অতদিনে ঘেৰি আছিল
তাইক। তাইৰ হাত- ভৰিত, জিভাত আড়ষ্টতাৰ
শিপাবোৰ পোখাবলৈ দি অৱসন্নতাৰ
লতাবোৰে বান্ধি ৰখা গুহালৈ টানি নিছিল তাইক।সেয়া
আছিল এক কোৱাৰেনটিনকাল-- ভয়ানক কালব্যাধিৰ। যোৱা সাতমাহৰ
যাত্ৰাকালটি যেন তাই উমান নোপোৱাকৈয়ে সেই কোৱাৰেনটিনড্ সময়ৰ খোলা
ভাঙি ওলাই অহাৰ এক প্ৰস্তুতিহে আছিল! তাইক প্ৰস্তুত
কৰিবৰ বাবেই তাইৰ গৰ্ভলৈ সেই
পোহৰছাটি আহিছিল নেকি! আস, অযাচিতে অহা এই পৰম
সম্পদ তাইৰ জীৱনৰপৰা হেৰাই গৈছে।
তাই সেই সম্পদ
ধৰি ৰাখিব নোৱাৰিলে। কিন্তু সি যে
তাইক দি থৈ গৈছে এটা নতুন জীৱন। এই বাবেই
সেই দেৱশিশু ক্ষন্তেকৰ বাবে
তাইৰ কাষলৈ আহিছিল নেকি!
পোন্ধৰটাকৈ দিন হস্পিতালৰ থকাৰ সময়তো তাইক অৱসন্নতাৰ কাঁইটীয়া লতাবোৰে বাৰে বাৰে মেৰিয়াই ধৰিছে। উইথড্ৰলৰ সময়ৰ মৰানদী আৰু ডায়েৰীয়াৰ লেতেৰা নৰ্দমাত বাৰে বাৰে ভাহি গৈছে তাই। কিন্তু এইবেলি তাই হালি পৰা নাই।তইৰ সন্তানটি হেৰাই গৈছে--আকাশে তাৰ কণমানি মৃতদেহ তাইৰ চকুৰ সন্মুখত দাঙি ধৰিছে। চিকিৎসকে আশংকা কৰাৰ দৰেই তাৰ স্বাভাৱিক বিকাশ নাছিল। মাতৃত্বৰ পাকলগা মোহনীয়া বাটটোত জন্মাৱধি আড়ষ্টতাই তাইক মেৰিয়াই ধৰিলে, তাই ভালকৈ খোজকাঢ়িবলৈ নাজানিলে। ভিতৰৰ এই খুন্দাটোৱে তাইক ইমান কাবু কৰি পেলাইছে যে, আন সকলো যন্ত্ৰণা এতিয়া তুচ্ছ হৈ গৈছে।
আকাশে তাইক কৈছে, বেবীৰুমত জীয়াই থকাৰ আঠচল্লিছটা ঘণ্টাৰ খন্তেকীয়া সময়কণত কণমানিটিয়ে কিদৰে দুবাৰকৈ অৱসন্নতাৰ কাঁইটীয়া লতাবোৰৰ আছোঁৰত ক্ষত-বিক্ষত হৈ চিকিৎসকক স্তব্ধ কৰি দিছিল। তাৰ অদ্ভূত কঁপণি আৰু অস্বাভাৱিক কান্দোনৰ ভাষা বুজি পাবলৈ সময় লাগিছিল তেওঁলোকক। তেওঁলোকক সহায় কৰিবলৈকে সি ইণ্টাৰনেটৰপৰা নমাই থোৱা কেইটিমান বিশেষ ভিডিঅ' তেওঁলোকক যোগান ধৰিছিল। কলিকতাত ‘ৰিক'ভাৰিং এন'নিমাচ' সমাজৰ সন্মিলনত সি নিচাসক্ত মাতৃৰ গৰ্ভধাৰণৰ কালত গৰ্ভৰ ভিতৰতেই নিচাগ্ৰস্ত হৈ পৰা নৱজাতকৰ বিৱৰণীবোৰ শুনি শিয়ৰি উঠিছিল। যেতিয়া অসাৱধানবশতঃ মাতৃত্বৰ পথেৰে মৃন্ময়ী আগুৱাই গ'ল, তেতিয়াও এই আশংকাই তাক খেদি ফুৰিছিল। অৱশেষত সি তুলি ধৰা সেই তথ্যবোৰ চাইহে চিকিৎসকে ধৰিব পাৰিছিল, নৱজাতক মাতৃগৰ্ভতেই নিচাগ্ৰস্ততাৰ কবলত পৰা শিশু--‘এ্য বৰ্ণ এডিক্ত!' অৱশেষত সি পৃথিৱীৰ কোলা শুৱাই থকাৰ সময়কণত তাৰ কণমানি শৰীৰটোৱে অৱসন্নতাৰ লক্ষণবোৰৰপৰা পোৱা ভয়ানক যন্ত্ৰণাৰ উপশম ঘটাবলৈ চিকিৎসকে মাতৃদুগ্ধ নহয়, তাৰ মুখত গুজি দিছিল মৰফিনৰ অকণি অকণি টোপালবোৰহে।
ভিতৰখনো যেন আচৰিতধৰণে
পাতল হৈ পৰিছে। ধীৰে ধীৰে খোলা ভাঙি ওলাই আহিছে তাই।তাইৰ আড়ষ্ট জিভাখনেৰে নামি
যোৱা সেই কাহিনীকথনে যেন তাইক বিশবছৰীয়া কোৱাৰেনটিনড্ কালৰ কৰাল গ্ৰাসৰপৰাহে তাইক মুকলি কৰিলে। তাইৰ
কথাবোৰ মনোযোগেৰে শুনাৰ বাবে দুয়ো হাত যুৰি তাই
মনে মনে চিকিৎসকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলে।তাৰপিছত হাত দুখন আজলি পাতি
ধৰি তাই হেৰাই যোৱা সন্তানটিক ক্ষমা খুজিলে।তাইৰ দুচকুৰে দুটোপাল চকুলো নিগৰি
আহিল।
--------
No comments:
Post a Comment