Sunday, 5 November 2023

 

অসমীয়া জাতীয়তাবাদ- 

কিছু উদাৰতা, কিছু সংকীৰ্ণতা আৰু কিছু স্থিতিস্থাপকতাৰ আকৰ্ষণীয় দিশ


 --ৰত্না ভৰালী তালুকদাৰ

 

ভাৰতবৰ্ষ এখন জাতি-ৰাষ্ট্ৰ । ‘জাতি-ৰাষ্ট্ৰৰ'  ৰাজনৈতিক  বাগধাৰাত  জাতীয়তাবাদৰ ধাৰণা  এক আকৰ্ষণীয়  আলোচ্য বিষয়।  অসম ভাৰতৰ এখন  অংগ  ৰাজ্য। এক  অৰ্থত  কবলৈ গ'লে  নানা জাতি-জনগোষ্ঠীৰ বসতিৰে  অসম  ভাৰতৰ এটি  ক্ষুদ্ৰ   ৰূপ।অসমৰ  ৰাজনৈতিক বাগধাৰাত  ‘অসমীয়া জাতীয়তাবাদ'  অতিকৈ  চৰ্চিত এটি বিষয়। অসমৰ  ৰাজনৈতিক  প্ৰেক্ষাত  কাম  কৰি থকাসকলে  ৰাষ্ট্ৰীয়তাবাদী,  আঞ্চলিকতাবাদী  অথবা  সাম্যবাদী-- যি দৰ্শনকেই বিশ্বাস নকৰক কিয়,  জাতীয়তাবাদৰ  প্ৰসংগটো কোনেও এৰাই  চলিব  নোৱাৰে।  এই প্ৰসংগত   ‘অসমীয়া  জাতীয়তাবাদ'  বিষয়টোও তাৎপৰ্যপূৰ্ণ।

এক কথাত কবলৈ গ'লে ‘অসমীয়া  জাতীয়তাবাদ' এই অভিধাটো বিভ্ৰান্তিকৰ।   জাতীয়তাবাদত  বিশ্বাস   কৰাসকলে  একধৰণৰ  জাতীয়  আৱেগক প্ৰাধান্য  দিয়ে ঠিকেই, কিন্তু  অসমৰ বিশেষ  প্ৰেক্ষাত  ৰাজনৈতিক  দৰ্শন  হিচাপে  ইয়াৰ  জটিল  তাত্বিক  দিশবোৰ  প্ৰায়েই এৰাই  চলে। ‘অসমীয়া' আৰু  ‘জাতি'ৰ ধাৰণাটোৱে আচলতে কাক কাক সামৰি লৈছে? কি হিচাপে  সামৰি  লৈছে। কেৱল অসমীয়া ভাষা কোৱা মনুহখিনিক, নে  অসমৰ ৰাজনৈতিক মানচিত্ৰৰ  চাৰিসীমাৰ ভিতৰত বাস কৰা মানুহখিনিক? ভাষিক  জাতীয়তাবাদৰ আৱৰ্তত  যেতিয়া  যুগ যুগ ধৰি বসবাস কৰি অহা জাতিসত্তাসমূহক সামৰি লোৱা হয়, তেনেহ'লে  সমকালীন প্ৰেক্ষাত  অৰ্থাৎ  যোৱা দুটামান  শতিকাক প্ৰব্ৰজিত হোৱাসকলক  ই সামৰি লবনে নাই?  মাজে  মাজে  একধৰণৰ  ‘অৰ্থনৈতিক জাতীয়তাবাদ'ৰ কথাও মাজে  মাজে উত্থাপিত হয়, যিবোৰত তত্বগত স্পষ্টতা অনুপস্থিত । এই তত্বগত দিশবোৰ আওকাণ কৰিলে সমস্যা  আঁতৰি নাযায়। গতিকে সমসাময়িক প্ৰেক্ষাৰ   কিছুমান   জটিল  চলমান  কাৰক   বিশ্লেষণ  কৰাৰ  প্ৰয়োজনীয়তা আহি পৰে। 

অলপ দ কৈ গমি চালেই দেখা পোৱা যায়  অসমীয়া  ‘অসমীয়া  জাতীয়তাবাদ'ৰ কিছু  উদাৰতা,  কিছু সংকীৰ্ণতা  আৰু  কিছু  স্থিতিস্থাপকতাৰ স্পৰ্শকাতৰ আৰু  আকৰ্ষণীয় দিশবোৰ-- সমাজবিশ্লেষকৰ দৃষ্টিৰে যিবোৰ অতিকৈ গুৰুত্বপূৰ্ণ।  এই দিশবোৰ  এইবাবেই প্ৰাসংগিক যে, কুটিল ৰাজনীতিকে এই স্পৰ্শকাতৰ দিশবোৰক লৈয়েই জনসাধাৰণৰ মাজত বিভাজনৰ ৰাজনীতি খেলে।সেইবাবেই এই  দিশবোৰ পুংখানপুপুংখভাৱে  আলোচনা কৰাটো অতিকৈ প্ৰয়োজন।

বহল আৰু উদাৰ অৰ্থত যদি ধৰি লোৱা যায় বৰলুইতৰ দুয়োপাৰৰ পাহাৰে-ভৈয়ামে  বাস কৰা  ‘অসম'  নামৰ ৰাজনৈতিক মানচিত্ৰখনৰ চাৰিসীমাত বাস কৰি অহা সকলো লোকেই অসমীয়া। তেওঁলোকৰ  জাতীয়  আৱেগৰ  ওপৰতেই  ‘অসমীয়া জাতীয়তাবাদ' প্ৰতিষ্ঠিত। কিয়নো এই কথা কোৱাৰ লগে লগে  এতিয়া  অসমীয়া  জাতিৰ আৱৰ্তত  থকা  সকলোবোৰ গোষ্ঠী একপ্ৰকাৰে  আতংকিত হৈ পৰে।  কিয়নো ঐতিহাসিক কালৰেপৰা অসমভূমি নানা গোষ্ঠীৰ অহা- যোৱা কৰা আৰু   বাসস্থান গঢ়ি তোলাৰ  ঠাই। বহুতো গোষ্ঠী এই  ভূমিৰ বুকুৰে হয়তোবা পাৰ হৈ গৈছে,  অথবা নিজৰ বসতি গঢ়ি তুলিছে।  কালৰ সোঁতত কিছু  গোষ্ঠী হয়তো হেৰাই  গৈছে।  এইবোৰ কথা নতুনকৈ দোহৰাৰ  প্ৰয়োজন  আৰু   নাই।   কিন্তু  কি ছুমান  কথাই সঁচাকৈয়ে আমাক  আশ্বৰ্যচকিত কৰি তোলে।   নৃতাত্বিক  দিশেৰে  চাবলৈ গ'লে  আকাৰত যিমানেই সৰু  নহওক  কিয়-- এটা জাতিৰ থাকিবলগীয়া সকলোবোৰ উপাদান  যেনে--স্বকীয়  ভাষা,  সংস্কৃতি,  ধৰ্মীয় উপাসনাৰ পদ্ধতি,  পৰম্পৰাগত আইনৰ  ব্যৱস্থা, এডোখৰ  নিজস্ব  বসতিভুমি ভূমি--এই  সকলোবোৰ  প্ৰায় প্ৰতিটো   গোষ্ঠীৰেই আছে। অৱশ্যে  বিভিন্ন  প্ৰাকৃতিক অথবা ঐতিহাসিক কাৰণত মিছিং জনগোষ্ঠী বা চুতীয়া  জনগোষ্ঠীৰ দৰে  কিছুমান  বৰ্ণাঢ্য  গোষ্ঠীয়ে   পৰম্পৰাৰ  বসতিভূমি  কিছু  পৰিমাণে হেৰুৱাই  পেলাইছে।  তদুপৰি  সংমিশ্ৰণৰ কালত ইতিহাসৰ মাজেৰে আহোঁতে কিছুমানে হেৰুৱাইছে   নিজৰ  ভাষা।  কিন্তু  জীয়াই  ৰাখিছে  বাৰেৰহণীয়া কৃষ্টি- সংস্কৃতি। আৰু  এটা   দিশ  হৈছে   জাতি-গোষ্ঠীসমূহৰ  ভাষা আৰু ধৰ্মীয় উপাসনাৰ পদ্ধতিবোৰৰ তুলনাত  কৃষ্টি-সংস্কৃতিৰ উপাদানবোৰ অধিক চলমান। এইবোৰৰ  গ্ৰহণযোগ্যতাও  অধিক।  সেইবাবেই হয়তোবা  সৰ্বগুণাকৰ শংকৰদেৱে  বড়ো  জনগোষ্ঠীৰ সাজপাৰ,  মিছিংসকলৰ নৃত্যৰ  চেও, গোষ্ঠীচেতনাৰ উপাসনা  পদ্ধতিক নামঘৰ স্থাপত্যত উদাৰতাৰে  গ্ৰহণ   কৰিছিল। আন এটা  আশ্বৰ্যকৰ কথা  এয়ে যে,  তিৱা  বা দেউৰীসকলৰ  দৰে  অসমৰ কোনোবাটো গোষ্ঠী  আকাৰত তেনেই   ক্ষুদ্ৰ।  সংখ্যাৰে মাথোন কেইহাজাৰমান।  কিন্তু  ভাষিক-সাংস্কৃতিক  গৰিমাৰে  ইমানেই সমুজ্জল যে বিশ্বপ্ৰেক্ষাত  দপদপাই থাকিবলৈ সেয়াই যথেষ্ট।  অসম নামৰ ৰাজনৈতিক মানচিত্ৰখনে  সামৰি ৰখা ঠাইডোখৰত   এই  সকলোবোৰ উপাদানক লৈয়েই আমি  অসমীয়া  জাতীয়তাবাদৰ এটা সামূহিক, উদাৰনৈতিক পৰিচিতি গঢ়  লৈ  ঠা দেখিবলৈ পাওঁ। এতিয়া জাতীয় আৱেগ বুলি ক'লে বৃহত্তৰ অসমীয়া জাতিসত্তাৰ আৱৰ্তত নিজৰ গৰিমাৰে জিলিকি থকা  এই  জাতিসত্তাবোৰৰ জাতীয় আৱেগৰ  দিশটোও স্পষ্ট হৈ পৰে।


আংৰাজুলি গাঁৱৰ এটি পঁজা 

অসমীয়া  জাতীয়তাবাদক  সাধাৰণতেই  ভাষিক  জাতীয়তাবাদ  বুলি কোৱা হয়।  এইখিনিতে সমান্তৰাল  আন  এটি  প্ৰশ্নৰ  উদয়  হয়। যদি  ভাষাকেই জাতীয়তাবাদৰ  আধাৰ বুলি ধৰা হয়-- তেনেহ'লে এজন কাৰ্বি, ডিমাচা,  বড়ো,  মিচিং বা তেনে যিকোনো  গোষ্ঠীৰ লোকে উপজিয়েই  কোৱা ভাষাটো কি? সেইসকলৰ  আইৰ  মুখৰ ভাষা কি? ভাষিক  জাতীয়তাবাদৰ  চৰিত্ৰ  অনুসৰি  আইৰ  মুখৰ  ভাষাৰেই  একোজনৰ  ভাষিক   জাতীয়তাবাদৰ  আৱেগ আৰু  পৰিচিতিয়ে  গঢ়  লব। এইটোৱেই  সত্য।  অসমৰ ৰাজনৈতিক  মানচিত্ৰৰ আধাৰত  অসমীয়া  জাতীয়তাবাদৰ কথা  কোৱাৰ সময়ত ৰাজনৈতিক  মানচিত্ৰৰ আৱৰ্তত বাস কৰা আন  জাতিসত্তাৰ ভাষিক  জাতীয়তাবাদৰ  সমান্তৰাল   ধাৰাটোৰ সন্দৰ্ভত   মনলৈ অহা এনে  প্ৰশ্ন  আহুকলীয়া যেন  লাগিব পাৰে।  কেতিয়াবা  সি  স্পৰ্শকাতৰ  হৈ উঠিবও পাৰে।  কিন্তু  এই  প্ৰশ্নটো  আমি  আওকাণ  কৰিব নোৱাৰোঁ। এৰাই চলিব নোৱাৰোঁ। এটা  সময়ত  লিপি  নথকাৰ অজুহাতত  জনগোষ্ঠীয় লোকসকলে  ব্যৱহাৰ  কৰা তেওঁলোকৰ  আইৰ  মুখৰ ভাষাটোক ‘দোৱান' বুলি কোৱা হৈছিল। লিপি নথকাৰ বাবেই  ‘দোৱান'ৰ মান্যতা নাই  বুলি  ধৰি লৈ অসমীয়া  ভাষাৰ  লিখিত  ৰূপটোকেই  মান্যভাষা  বুলি কোৱা হৈছিল। কিন্তু  পৰৱৰ্তী সময়ত  দেখা গ'ল যে,  দোৱান'  শব্দটো  মাথোন  এটা   মীথ্  দেখা গৈছে যে,  মাথোন  লিপি  নথকাৰ  অজুহাতত  একোটা  ভাষাই  নিজৰ গৰিমা আৰু  মৰ্যদা  হেৰুৱাই নেপেলায়।  একোটা  গোষ্ঠীৰ  মানুহৰ  মুখৰ  উপযুক্ত কৰ্ষণেৰে  ভাষা  জীয়াই  থাকে  আৰু  সংবিধানপ্ৰদত্ত  যিকোনো ভাষাৰ লিপি  গ্ৰহণ  কৰি একোটা  গোষ্ঠীয়ে  নিজৰ  ভাষাৰ লিখিত ৰূপক বিকশিত  কৰিব পাৰে। এই ব্যৱস্থাৰে  গোষ্ঠীৰ  ভাষাৰ  মৰ্যদা  প্ৰতিষ্ঠাৰ  দিশটো অতি উন্নত পৰ্যায়লৈ  নিয়াৰ  এক সফল উদাহৰণ  হৈছে   বড়ো জনগোষ্ঠী।   বড়ো স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামখনত  বড়ো  ভাষা আৰু  সাহিত্যৰ দিশটো তেওঁলোকে পাদ- প্ৰদীপলৈ  লৈ  আহিছিল আৰু  বহুসময়ত  বড়ো  সাহিত্য সভাৰ দৰে সাহিত্য সংগঠনৰ  নেতাসকলে  এই দাবী আৰু  সংগ্ৰামৰ গুৰি  বঠা ধৰিছিল। তাৰ ফল আজি বড়োসকলে লাভ কৰিছে।  গতিকেই যি জাতিতত্বৰ  আধাৰত  অসমীয়া ভাষিক  জাতীয়তাবাদৰ ধাৰণাৰ  উদ্ভৱ হৈছে, তাৰেই আধাৰত বড়ো জাতীয়তাবাদ  ধাৰণা, কাৰ্বি জাতীয়তাবাদৰ ধাৰণা  বা আন গোষ্ঠীসমূহৰ জাতীয়তাবাদৰ ধাৰণা প্ৰতিষ্ঠিত হৈছে।  ভাষিক জাতীয়তাবাদৰ আধাৰ যেতিয়া আইৰ মুখৰ ভাষা হয়, তেতি য়াহ'লে ধৰি লব লাগিব যে,  মিছিং  জনগোষ্ঠীৰ  সন্তান  এটিৰ  প্ৰাথমিক পৰিচয়   নিশ্চয়েই  মিছিং হ'ব। ৰাভা জনগোষ্ঠীৰ সন্তান এটিৰ প্ৰাথমিক পৰিচয়  ৰাভা।  ইয়াৰ পিছতহে তেওঁলোক  অসমীয়া । এয়াই  হৈছে  ভাষিক  জাতীয়তাবাদৰ  এক বাস্তৱতা।  

এই বাস্তৱতা থকাৰ বাবেই  ভাষিক  পৰিচিতিৰ  জাতীয়তাবাদৰ  সন্দৰ্ভত  তথাকথিত  মূলসুঁতিৰ  সমাজখনত বাস কৰা  অনেকৰ  মনত  কেতিয়াবা   শংকাৰ উদয় হয়।  যে,  জনগোষ্ঠীয়  ভাষাসমূহৰ  বিকাশ  আৰু   উত্থানে  মূল  অসমীয়া  ভাষাটোক সংকুচিত  কৰি পেলাব!  নকলেও হয় যে, এই ধাৰণাটোও এটা  মীথ্। এই  শংকা তেনেই অমূলক।  ভাষাৰ  গুণগত  বিকাশহে  জাতিৰ উন্নতিৰ মূল,  জাতিৰ  সংখ্যাগত দিশে  ভাষাৰ বৃদ্ধি  বা সংকোচনত কোনো প্ৰভাৱ নেপেলায়।  'হলে কেইজাহাজৰমান  জনসমষ্টিৰ  তিৱাসকলে নিজৰ  ভাষা  যুগ  যুগ  ধৰি   মুখত  ধৰি ৰাখিব নোৱাৰিলেহেঁতেন।   দৰাচলতে যিসকলে নিজৰ ভাষা-সংস্কৃতিৰ প্ৰতি  শ্ৰদ্ধাশীল নহয়,  ভাষা-সংস্কৃতিৰ প্ৰতি নিজৰ কৰ্তব্য ভালদৰে  পালন নকৰে--তেওঁলোকৰ  মনতহে এনে শংকাৰ উদয় হয়। এটা কথা ভাবিলে আচৰিত লাগে যে,  ভাষিক  জাতীয়তাবাদৰ  কথা কবলৈ  গৈও  বহু  সময়ত  আমি  অসমীয়া ভাষাটোক  লৈয়ে   কেতিয়াবা সংকুচিত  হৈ  পৰোঁ।  বিশেষকৈ  বিজেপিৰ  ‘এক ৰাষ্ট্ৰ,  এক ভাষা'  শ্লোগানৰ  সন্মুখত  অসমীয়া ভাষাৰ অস্তিত্বৰ  বিষয়েই  আমি থৰহৰি কম্পমান হওঁ। তেনেক্ষেত্ৰত  বজাৰ  অৰ্থনীতিৰ আগ্ৰাসনৰ  এই যুগত ৰাজ্যখনত  তাহানিৰেপৰা বাস কৰি অহা  সৰু  সৰু  জাতিসত্তাসমূহে  তেওঁলোকৰ ভাষা- সংস্কৃতিৰ সুৰক্ষাৰ দিশটোক লৈ কিমান  শংকিত  আৰু  সংকুচিত  হৈ পৰিছে,  তাক  আমি  কিমানদূৰ  অনুধাৱন   কৰিবলৈ পাৰিছোঁ--সেয়া এক উদ্বেগৰ কথা।  যি অৰ্থত  হিন্দী ভাষাৰ আগ্ৰাসনক লৈ আমি সচেতন, সেই  অৰ্থতেই তেওঁলোকো সচেতন হবলৈ বাধ্য। এটা কতা সঁচা যে, মান্য  বুলি ধৰি লোৱা  অসমীয়া  ভাষাটোৰ ৰূপ   প্ৰকৃততে  টনকিয়াল হ'ব তেতিয়াহে,  যেতিয়া   সকলোবোৰ জাতিসত্তাৰ  আইৰ মুখৰ  ভাষাই  তেওঁলোকে  ভবাৰ  দৰে  উপযুক্ত  মৰ্যদা  লাভ কৰিব। এইক্ষেত্ৰত  তথকথিত   মূলসুঁঁতিৰ  অসমীয়া সমাজখনৰ যথেষ্ট   দায়- দায়িত্ব  আছে।  প্ৰশ্ন হয়,  এই দায়িত্ব  তেওঁলোকে কিমানদূৰ পালন কৰিছে?  দেখা গৈছে যে  মূলসুঁতিৰ সমাজখনৰ অধিকাংশই অসমৰ জনগোষ্ঠীসমূহৰ এনেধৰণৰ   আৱেগ-অনুভুতিৰ প্ৰতি  আন্তৰিকতাবিহীন ।  


হেমাই লেকথে গাৱঁৰ এটি টঙীঘৰ

মান্য  অসমীয়া ভাষাৰ সতে অসমৰ চাৰিসীমাত বাস কৰি  অহা  গোষ্ঠীসমূহৰ ভাষাৰ এই  দ্বন্দ্ব  যিদৰে  এক  বাস্তৱতা, সেইদৰে    অসমৰ ভাষিক জাতীয়তাবাদৰ ধাৰণাটোৰ আৱৰ্তত থকা আন  এটি  চলমান কাৰক  হৈছে  যিসকলে  নিজকে অসমীয়াভাষী বুলি কয়, তেওঁলোকৰ ভিতৰতে থকা  ভাষাকেন্দ্ৰিক স্পৰ্শকাতৰতা। বিশেষকৈ  নামনি অসমত অসমীয়া ভাষাৰ কেইবাটাও ঠাঁচ দেখিবলৈ পোৱা যায়, যাক লৈ একোটা এলেকাৰ লোকসকল অত্যন্ত স্পৰ্শকাতৰ ।  নলবাৰীৰ লোকসকলে কোৱা অসমীয়া ভাষাটোৰ ৰূপ বৰপেটাৰ লোকসলে কোৱা লোকতকৈ সুকীয়া। আনকি  নলবাৰী আৰু বৰপেটাৰ মাজৰ এলেকাবোৰতেই অসমীয়া ভাষাৰ ৰূপ  কেইবাবাৰো সলনি হৈ পৰা দেখিবাল পাওঁ।  সেইদৰে দক্ষিণ  কামৰূপৰ লোকসকলে কোৱা অসমীয়া ভাষাৰ  ৰূপ সুকীয়া।  মৰিগাৱঁৰ লোকসকলে কোৱা অসমীয়া ভাষাটোৰ এক নিৰ্দিষ্ট  ৰূপ আছে।   লিপি নথকাৰ অজুহাতত জনগোষ্ঠীয় ভাষাবোৰত ‘দোৱান' বুলি কোৱাটো যিদৰে এটা মীথ,  সেইদৰে নামনি অসমৰ বা অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলে কোৱা ঠাঁচবোৰক অসমীয়া ভাষাৰ ‘কথিত ৰূপ'  বুলি কোৱাটোও আন এটা মীথ।   সাহিত্য সৃষ্টিৰ বেলিকা  ভাষাৰ  এই  অঞ্চলভিত্তিক  ‘কথিত ৰূপ'বোৰে কেৱল  নান্দনিক সৌন্দৰ্যই বৃদ্ধি নকৰে,  বহুসময়ত সেইবোৰৰ প্ৰতিনিধিত্ব হৈ পৰে  অপৰিহাৰ্য।  ভাষিক  জাতীয়তাবাদৰ ৰাজনৈতিক বাগধাৰাত  এই প্ৰশ্নবোৰ এতি য়াও সঠিকভাৱে পৰ্যালোচনা  কৰা হোৱা নাই। ফলত অঞ্চল ভেদে, গোষ্ঠী ভেদে  মানুহৰ মনত অসন্তুষ্টি ৰৈ গৈছে।

এই স্পৰ্শকাতৰ জেগাডোখৰতেই ৰাষ্ট্ৰই অতি কৌশলেৰে অসমীয়া  জাতীয়তাবাদৰ  উদাৰবাদী ধাৰণা এটা মানুহৰ মনত গাঢ় হবলৈ নিদিয়ালৈ নানাধৰণে প্ৰলোভিত কৰে। এই কৌশল হয়তোবা সফল ন'হলহেতেন, যদিহে তাৰ বাস্তৱ  ভিত্তি নাথাকিলেহেঁতেন ।  কিন্তু   ইয়াৰ বাস্তৱ ভিত্তি আছে।  তথাকথিত  মূলসুঁতিৰ  সমাজখনে, বিশেষকৈ  জাতীয়তাবাদৰ ৰাজনৈতিক  বাগধাৰাত বিশ্বাস কৰাসকলে  এই দ্বন্দ্ববোৰ সদায়  আওকাণ কৰি আহিছে।  জনগোষ্ঠীয় ভাষাৰ উপযুক্ত বিকাশৰ ব্যৱস্থা কৰাৰ  লগতে  অসমীয়া ভাষীসকলৰ অঞ্চল ভেদে থকা পাৰ্থক্যবোৰৰ উপযুক্ত মৰ্যদা প্ৰদানৰ মাজেৰে হয়তো  এই চলমান কাৰকবোৰৰ দ্বন্দ্ববোৰ  কিছু  পৰিমাণে প্ৰশমিত কৰিব পৰা গ'লহেঁতেন।

ভাষাৰ ক্ষেত্ৰত  দেখা পোৱা  জাতিসত্তাসমূহৰ  এনে ভয়-শংকা-ভীতি কিন্তু  সাংস্কৃতিক  উপাদানবোৰৰ বেলিকা দেখিবলৈ  পোৱা নাযায়। আচৰিতধৰণে  জাতিসত্তাসমূহ পৰস্পৰৰ  সাংস্কৃতিক সমলবোৰৰ প্ৰতি  শ্ৰদ্ধাশীল। সংস্কৃতিৰ চলমান কাৰকবোৰক লৈ কাৰো  মনত দ্বিধা-সংশয়  নাই। বৰঞ্চ আন্তৰিকতা, আগ্ৰহ  আৰু পাৰস্পৰিক সহযোগিতাহে দেখিবলৈ পোৱা যায়।  ভাষাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা প্ৰশ্নবোৰৰ তুলনাত  অসমীয়া  জাতিৰ সাংস্কৃতিক  জাতীয়তাবাদৰূপে প্ৰতিষ্ঠা কৰিব পৰা ঐক্যৰ এই দিশবোৰৰ ওপৰত তেনেকৈ আলোকপাত হোৱা দেখিবলৈ পোৱা নাযায়। আচলতে অলেখ নৈ-উপনৈৰ কুলু কুলু সুৰ, চৰাই-চিৰিকতিৰ কাকলি, ৰিৱ ৰিৱ বতাহৰ ছন্দৰে অসমীয়া জাতিটোৰ মূল আধাৰটো  কিন্তু ইয়াৰ সুৰীয়া আৱেশহে। ভাষাৰ শতিকাজোৰা লিখিত ৰূপৰ কৰ্ষণ  থাকিলেও আমাৰ  পৰম্পৰাৰ  শকতি  মূলতঃ  অনাখৰী মানুহৰ  মুখে মুখে  নিগৰাই জীয়াই ৰখা সাংস্কৃতিক ৰূপটোহে -- যি  সহজেই সকলোৰে প্ৰাণত সোমাই পৰে, ভাষা ইয়াত  অন্তৰায় হৈ নুঠে।  

অসমীয়া জাতীয়তাবাদৰপৰা  আন এটা  দিশ  হৈছে জাতীয়তাবাদৰ মাজত সোমাই থকা গ্ৰজাতীয়তাবাদী  উপাদান।  জাতীয়তাবাদী সকলে এই প্ৰশ্নটোৰো উত্তৰ দিবলৈ সক্ষম হোৱা নাই। দৰাচলতে উগ্ৰজাতীয়তাবাদী সেইসকল,  যিসকলে  সুযোগ বুজি   জাতীয়তাবাদৰ মাজতে অৱস্থান লয, সুযোগৰ অপেক্ষাত ৰয় আৰু সুযোগ আহিলেই প্ৰকৃত জাতীয়তাবদীসকলক  বিশ্বাসঘাতকতা কৰি শিৱিৰ সলায়।   অসমৰ বিশেষ ভূ-ৰাজনৈতকি পৰস্থিতিৰ আধাৰত জাতীয়তাবাদৰ এক সুদৃঢ় তাত্বিক ভেটি নথকাৰ অজুহাততে হওক  বা  আদৰ্শগত শিথিলতাৰ  বাবেই  হওক-- তেওঁলোকৰ মাজত সহজতেই ছদ্মবেশীয়ে সহজেই  বাহ সাজে।  এইক্ষেত্ৰত  আশীৰ দশকৰ ছয়বছৰীয়া  বিদেশী বহিস্কাৰ  আন্দোলন বা অসম আন্দোলনক এক ‘কেইচ ষ্ট'ৰী'  হিচাপে অধ্যয়ন কৰিলে বহু  দিশ পৰিস্কাৰ হৈ পৰে। অসম আন্দোলনৰৰ সময়ৰ কমিউনিষ্ট  নিধনজ্ঞ,  নেলী, চাউলখোৱা, চিলাপথাৰৰ দৰে ঘটনাবোৰৰ বাবে  বহুসময়ত জাতীয়তাবাদীসকলক  দোষাৰোপ কৰা হয়।  কিন্তু  পৰৱৰ্তী সময়ত গাঁৱে গাঁৱে  ক্ষেত্ৰভিত্তিক অধ্যয়নলৈ গৈ আমাৰ এক সুকীয়া উপলব্ধি হৈছে। যিসকল  প্ৰকৃতাৰ্থত  জাতীয়তাবাদী শিৱিৰৰ লোক,  যিসকলে  ধৰ্মীয় গণ্ডীৰ উৰ্ধত  মনে-প্ৰাণে অসমৰপৰা অবাধ হাৰৰ অবৈধ অনুপ্ৰৱেশকাৰী  বিতাড়ণ হোৱাটো বিচাৰিছিল--তেওঁলোক  এনে দুস্কাৰ্যত লিপ্ত হোৱা নাছিল। এচাম দুস্কৃতিকাৰীয়ে জাতীয়তাবাদীৰ মাজত সোমাই   অতি সুপৰিকল্পতিভাৱে  গণ-উন্মাদনাৰ সৃষ্টি  কৰি  চামক  নৰপিশাচলৈ পৰিণত  কৰিছিল। সময়ৰ  দাপোনত  এইসকল জনমানসত নগ্ন হৈ পৰিল। যিসকলে  এই  পৰিকল্পনাবোৰ কৰিছিল,  জাতীয়তাবাদীসত্তাৰ  আঁৰতে  থাকি তেওঁলোকে  পৰৱৰ্তীসময়ত  ক্ষমতা  দখল কৰি  অবাধ  সম্পত্তিৰ  পাহাৰ গঢ়ি তুলিলে। পৰৱৰ্তী সময়ত যেতিয়া দেশত হিন্দুত্ববাদী শক্তিৰ উত্থান হ',  তেতিয়া  তেওঁলোকেই অতি চতুৰতাৰে জাতীয়তাবাদী শিৱিৰৰপৰা হিন্দুত্ববাদী শিৱিৰলৈ ঢাপলি মেলিলেগৈ। কিন্তু  যিসকল  প্ৰকৃতাৰ্থত জাতীয়তাবাদী, তেওঁলোক এতিয়াও  ৰাইজৰ মাজতেই নিৰলে  বাস কৰিছে।  অসম আন্দোলন  আৰু অসম চুক্তিৰ পৰাজয়ৰ গ্লানি  বুকুত সাৱটি  এওঁলোক আজিও  সুখে-দুখে  জনসাধাৰণৰ  মাজতেই  আছে। দুখৰ কথা এয়ে যে, জাতীয়তাবাদীসকলৰ  মাজতে লুকাই থাকি  আন্দোলনৰ চালিকাশক্তিলৈ পৰণিত হোৱা  এই  সাম্প্ৰদায়িক শক্তিটোক চিনাক্ত  কৰি প্ৰকৃত  সত্য  উদঘাটন কৰাৰ দায়িত্ব তেওঁলোকৰেই আছিল যদিও, সেই  দায়িত্ব তেওঁলোকে পালন কৰিব নোৱাৰিলে। আনহে নালাগে, সৌ সিদিনাৰ কা-আন্দোলনৰ  সময়তো দেখা গ'ল যে, এচাম সুবিধাবাদী আৰু ছদ্মেবশী হিন্দুত্ববাদীয়ে অনায়াসে জাতীয়তাবাদী শিৱিৰত আত্নগোপন কৰি থাকে --যাৰ বাবে  জাতীয়তাবাদত  আস্থা  আৰু  বিশ্বাস ৰখা সহজ-সৰল লোকসকল বিপথে পৰচিালিত হয় আৰু  হতাশাত ভোগে।


ৰামোতী  ৰ্পবতৰপৰা  ৰিণ ৰিণি দেখা  কাজিৰঙা, লুইত আৰু  অৰুণাচলৰ পাহাৰ 

ৰাজনীতিৰ জটিল মেৰ-পেচ নুবুজাকৈ  অসমৰ সহজ- সৰল  ৰাইজে প্ৰাণত   ধৰি  ৰখা  অসমীয়া  জাতীয়তাবাদৰ স্বৰূপটো কেনেকুৱা-- তাকে বুজি পাবলৈ  সততে চকুত পৰা এটা উদাহৰণেই যথেষ্ট।  কোনো এখন বিদ্যালয় বা মহাবিদ্যালয়ৰ প্ৰাংগণত যেতিয়া  এদল ছাত্ৰ-ছাত্ৰীয়ে জুম বান্ধি আড্ডাৰ ৰসাল পৰিবেশ এটা গঢ়ি তোলে-- তেতিয়া সেই জুমটোত হয়তোবা বিভিন্ন  জাতিসত্তা  বা ধৰ্মীয় পৰিচিতিৰ যেনে-- বড়ো, ৰাভা, কাৰ্বি, মুছলমান,  খ্ৰীষ্টান ব্ৰাহ্মণ, শূদিৰ আদি নানানটা সামাজিক প্ৰেক্ষাৰপৰা অহা  শিক্ষাৰ্থী  থাকিব পাৰে । এতিয়া তেওঁলোকৰ আলোচনা-বিলোচনালৈ  মন কৰিলে দেখা পোৱা যায় যে, বিভিন্ন বিষয়  লৈ কৰা আলোচনাৰ কালত তেওঁলোক সদায় সচেষ্ট হৈ  থাকে  যাতে কোনো এজনৰ বক্তব্যই  আন ধৰ্ম-সম্প্ৰদায়-জাতিসত্তাৰ পৰিচিতিৰ সমনীয়াজনৰ আৱেগত আঘাত নকৰে। এখন  বজাৰলৈ  আহি  অলপ সময়ৰ  বাবে ৰসাল  আড্ডাত সময় কটোৱা বা আন যিকোনো পৰিবেশতে এই উদাহৰণটো খাপ খাই পৰে। এজনে আনজনৰ আৱেগ- অনুভুতিক সহজে আঘাত কৰিব নিবিচাৰে। ঠিক এইখিনিতেই বহুভাষিক,বহু ধৰ্মীয় আৰু অনেক পৰিচিতিসত্তাৰে চিনাকি দিব বিচৰা অসমীয়া জাতিসত্তাৰ উদাৰ জাতীয়তাবাদী চেতনাৰ স্থিতিস্থাপকতাখিনি চকুত পৰে--য'ত এজনে আনজনৰপৰা আৱেগিকভাৱে  বৰ  সহজে আঁতৰি যাব নিবিচাৰে। অসমীয়া  জাতীয়তাবাদৰ  বাগধাৰাটোত দেখিবলৈ পোৱা এয়াও এক সমাজবাস্তৱতা বা গ্ৰাউণ্ড ৰিয়েলিটি-- যি  বিশাল বৰলুইতৰ  অন্তঃস্ৰোতৰ দৰেই গভীৰ, সতকাই  আনৰ চকুত নপৰে--যাৰবাবেই  হয়তো অসমীয়া জাতিটোক  টুকুৰা- টুকুৰ কৰিব বিচৰা অনেক ৰাজনৈতিক  ষড়য়ন্ত্ৰৰ মাজতো কেনেবাকৈ আমি ৰক্ষা পৰি আছোঁ।

No comments:

Post a Comment