কাচি-দঁৰীয়া -- ৰাজেন দাসৰ উপন্যাস
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক ছাত্ৰ ৰাজেন দাসে লিখি উলিওৱা “কাচি-দঁৰীয়া” নামৰ উপন্যাসখন পঢ়িলোঁ। এটা নিভাঁজ উজনীয়া আঞ্চলিক ভাষা, মানুহৰ মুখৰপৰা হেৰাই যাব খোজা সুমধুৰ কিছুমান চহা শব্দ সাৱলীলভাৱে বুটলি অনাৰ প্ৰয়াসে উপন্যাসখন পঢ়িবলৈ মনটো ধৰি ৰাখিলে l উপন্যাসখন আত্মজৈৱনিক আৰু একধৰণৰ motivational বুলিও কব পাৰি। উপন্যাসত দুটা বাস্তৱতা আছে— দৰিদ্ৰতা আৰু সামাজিকভাৱে পিচপৰা কৃষিজীৱি সমাজ এখনৰ প্ৰতিবন্ধকতা। সংবেদনশীল শিশু মন এটি জোঁকাৰি দিবলৈ এই দুটা কাৰকেই যথেষ্ট। অসমৰ বহুতো ঠাইত শিশুৰ বাবে দৰিদ্ৰতা এক অভিশাপ। তাতেই যদি সেই সমাজখন সামাজিকভাৱে পিচপৰা শ্ৰেণীৰ হয়, তেন্তে সেই বেদনা হৈ পৰে দুৰ্বিসহ। উপন্যাসত শিশুৰ সংবেদনশীল মনে দৰিদ্ৰতাৰ সতে যুঁজি যুঁজি শৈশৱৰ কঠোৰ প্ৰেক্ষাৰপৰাই তিল তিলকৈ জীৱন গঢ়িছে, ভাঙি পৰিব খোজাৰ সময়ত মন দৃঢ় কৰি সমাজবাস্তৱতাকো চাবলৈ শিকিছে l সামাজিক সংকীৰ্ণতা এক ব্যাধি। মনৰ দুৰন্ত পোহৰেৰে তাক অতিক্ৰম কৰিব নোৱাৰিলে জীৱনৰ নেওচা-কেওচা খুওৱা অভিজ্ঞতাবোৰৰ মাজতে জীৱনে লেটি লয়। এনে এখন সমাজত কম সংখ্যকেহে সৰুৰপৰাই তীক্ষ্ণভাৱে সমাজবাস্তৱতাক চাবলৈ শিকে আৰু সংকীৰ্ণ ভাৱনাৰ হেঙাৰ পাৰ হৈ জীৱনক মহীয়ান কৰাৰ বাসনাৰে তিল তিলকৈ নিজকে গঢ দিয়ে। এই যাত্ৰা মধুৰ নহয়। সন্তানক শিক্ষালাভৰ বাটত আগবঢ়াই দিবলৈ যাওতে ধাৰ-ধুপাৰ কৰিবলগীয়া হোৱা মাতৃক দুটা টকা দিবলৈ লওতেও দাতাৰ মনত সন্দেহে উঁক দিয়ে—পইচা ওভতাই দিব পাৰিব জানো! মেধাবী সন্তানৰ বাবে তেনে পুতৌজনক চকুৰ চাৱনি শৰীৰত হজম কৰি দিয়াটো কঠিন । অৱশেষত ইস্পিত লক্ষ্যত উপনীত হোৱাৰ সময়ত সেই দুখজৰ্জৰ দিনবোৰলৈ উভতি চাওতে তাহানিৰ নাযায়-নুপুৱায় যেন লগা সময়বোৰেই জীৱনৰ প্ৰেৰণা হৈ উঠেগৈ। এটা কথা সত্য যে, বহুতেই এই দুৰ্বিসহ অভিজ্ঞতাবোৰ সময়ৰ কষটি শিলত নিৰ্মোহভাৱে চাবলৈ সাহস কৰিব নোৱাৰে। কিন্তু "কাচি-দঁৰীয়া"ত ঔপন্যাসিকে কঠিন সামাজিক প্ৰতিবন্ধকতাৰ মাজত থকা সমাজ খনৰ কঠিন সত্যবোৰ অকাতৰে উন্মোচন কৰিছে, জীৱন বাটৰ লগৰী হিচাপে তাক সহজে গ্ৰহণো কৰিছে।
উপন্যাসৰ গদ্যশৈলীত আছে চৈয়দ আব্দুল মালিকৰ উত্তৰাধিকাৰৰ দৰে আৱেশ এটা l কাহিনীকথনত তেওঁ মাজে মাজে উজুটি খাইছে, বাক্য গাঁথনিত বহুত কাম কৰিবলগীয়াও আছে। কিন্তু এয়া আৰম্ভণিহে। বিশেষকৈ নতুন প্ৰজন্মৰ সাহিত্য পঢ়োঁতে আমি মৰমেৰে পঢ়োঁ, কিয়নো তেওঁলোকৰ আগলৈ বহু দূৰ যাবলৈ থাকে।
এইখিনিতে জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকন ছাৰে আমাক দিয়া ‘টিপচ্’ এটা আগবঢালোঁ--নতুন কবিতা-গল্প-উপন্যাসৰ জঁকাটো লিখি উঠি কিছুদিনলৈ গেৰাই থৈ পাহৰি যাব লাগে l তাৰপিছত এদিন উলিয়াই আনি আকৌ এবাৰ লিখিব পেলাব লাগে। তেতিয়া লেখকে নিজৰ বহুবোৰ ভ্ৰান্তি বা শুধৰণি নিজেই দেখা পায়।
--ৰত্না ভৰালী তালুকদাৰ
No comments:
Post a Comment