লিখিবলৈ মন নোযোৱা এটা গল্পৰ প্লট
আৰু এটা কথাত আচৰিত লাগে যে, চকুৰ সন্মুখত ইমানবোৰ গল্পৰ প্লট থকাৰ পিছতো মানুহে বেলেগ ভাষাৰ গল্প চুৰ কৰি নিজৰ ভাষাত লিখি আলোচনীত প্ৰকাশ কৰে। গল্প লিখা মানুহ হিচাপে মোৰ মনত প্ৰায়েই খু-দুৱাই থকা অথচ গল্প লিখিবলৈ উচাহ বোধ নকৰা বহু প্লট আছে। তাৰে ভিতৰত এটা হৈছে বিভিন্ন সময়ত লগ পোৱা একাংশ অসমীয়া মাতৃৰ। বিষয়টোৱে গভীৰভাৱে আলোড়িত কৰে—অথচ তাকে লৈয়েই গল্প লিখিবলৈ মন নাযায়। এই মাতৃ-সকল বিশেষ। হয়তোবা কেতিয়াবা মই তেওঁলোকক বিমান বন্দৰত লগ পাইছোঁ। কেতিয়াবা লগ পাইছোঁ গুৱাহাটীৰ পাচপ’ৰ্ট অফিচত। তেওঁলোক প্ৰায়েই সম্ভ্ৰান্ত ঘৰৰ। মধ্যবিত্ত পৰিয়ালৰো থাকে। তেওঁলোক আদবয়সীয়া। অথবা বয়সে প্ৰায় ভাটী দিয়া । চুগাৰ, প্ৰেছাৰ, হাৰ্টৰ বিভিন্ন সমস্যা থাকেই! প্ৰায়েই হ’ম-মেকাৰ। জীৱনত চাকৰিৰ ব্যস্ততা নথকা, অথচ ঘৰুৱা কামৰপৰা উশাহ নোপোৱা। তথাকথিতধৰণে স্মাৰ্ট নহয়। আত্মবিশ্বাসো কম। দেখিলে এনে লাগে জীৱনৰ অলেখ খলা-বমা বগাই বগাই তেওঁলোকে যেন অলপ জিৰণি লবলৈ বিচাৰিছে!
তেওঁলোকৰ সতি-সন্তানবোৰৰ এটা হলেও বিদেশত থাকে। জীৱনৰ এটি বিশেষ সময়ত তেওঁলোকে বিদেশত সতি-সন্ততিৰ কাষলৈ অকলে অকলে যায়গৈ। প্ৰায়েই পুত্ৰ-বোৱাৰীয়ে টিকেটৰ বন্দবস্ত কৰি দিয়ে। যাত্ৰাকালত এই নাৰীসকলৰ চকু-মুখত ওলমি থাকে উদ্বিগ্নতা। বিষাদ। বিদেশভ্ৰমণৰ আমেজ নাথাকে। কিয়নো জীৱনত হয়তোবা তেওঁলোকে ৰাজ্যখনৰ ভিতৰতে অকলশৰে তেনেদৰে ভ্ৰমণ কৰি পোৱা নাই। এতিয়া ইমান দূৰলৈ যাবগৈ লাগিব! বৃদ্ধ অৱস্থাত কাম কৰা মানুহৰ হাতত স্বামীক এৰি থৈ বহু দিনৰ বাবে যাবগৈ--সেয়াও আন চিন্তা। মানুহজনে সঠিক সময়ত দৰৱ খাবলৈ পাবনে? দৰৱ খাবলৈ পাহৰিব নেকি? ইমানদিনে যে পত্নীৰ ওপৰতে ভাৰসা কৰি জীৱনটো কটাই দিলে, এতিয়া কেনেকৈ চম্ভালিব? বিমানবন্দৰত, পাচপ’ৰ্ট অফিচত কাষৰ কোনোবাজনক সুবিধাজনক যেন পালেই মনৰ সেই উদ্বিগ্নতাবোৰ কৈ কৈ পাতল হব বিচাৰে।
জীৱনৰ কোন সময়ত এই নাৰীসকলে দেশ এৰি বিদেশলৈ বাৰঘণ্টীয়া-চৈধ্যঘণ্টীয়া-ওঠৰঘণ্টীয়া বিমানৰ যাত্ৰা কৰিবলগীয়া হয়? যেতিয়া বিদেশত থকা তেওঁলোকৰ ল’ৰাটো বাপেক হবলৈ ওলায়, বা জীয়েকে মাক হবলৈ ওলায়, তোতিয়া। খব সহজ ভাষাত কবলৈ গ’লে তেওঁলোক যায়গৈ Nanny হবলৈ। কেতিয়াবা ল’ৰা-ছোৱালীবিলাকৰ দুইগৰাকীৰ মাক, অৰ্থাৎ বিয়নী দুগৰাকীয়ে দায়িত্ব ভগাই লয়—এগৰাকী যায় সন্তানৰ গৰ্ভাৱস্থাত, আনগৰাকীয়ে গৰ্ভাৱস্থাৰ পৰৱৰ্তী সময়ত সংগ দিয়েগৈ।
গোটেই জীৱন তেওঁলোকে সন্তানৰ বাবে নিজকে পাত কৰে। ভাল স্কুলত পঢ়ুৱাব, দামী টিউশ্যন দিব, হয়তোবা বিদেশত পঢ়িবলৈ প্ৰয়োজন হোৱা টকা-পইচাৰ জোৰা মাৰিবলৈ কেতিয়াবা স্বামীয়ে দূৰ্নীতিত লিপ্ত হ’লে তাকো সহি থাকিব! নিজৰ অপূৰ্ণ আকাংক্ষাবোৰ সন্তানৰ মাজেৰে পূৰ্ণ হোৱাৰ সপোনত মজি মজি, সিহঁতৰ আল-পৈচান ধৰি ধৰি নিজৰ শৰীৰটো বেমাৰী কৰি পেলায়। আৰু সন্তানক কৰি তোলে মাকৰ মন বুজিব নোৱাৰাকৈ স্বাৰ্থপৰ। সন্তানবোৰে হয়তো ভাবি লয়-মাকটো আছেই! কিহৰ চিন্তা! বিপদ হ’লেই দৌৰি আহিব! টিকেট এটা কাটি যোৱাৰ বন্দবস্তটো কৰি দিয়ে। দুটা টিকেট কাটি দি মাক-দেউতাকক নকয়—‘তোমালোক দুয়ো আহা’। যিহেতু তৃতীয় বিশ্বৰ দেশবোৰৰ সস্তীয়া শ্ৰমিকৰ বজাৰখন তাত নাই, সেয়ে সতি-সন্ততিবোৰে সেইবোৰ দেশত কেঁচুৱা চম্ভালাৰ বাবে মানুহ নাপায়। সকলো কাম নিজেই কৰিব লাগে। গতিকেই অগতিৰ গতি মাকজনী!
এনে এগৰাকী বিধবা মাতৃ লগ পাইছিলোঁ বিমানবন্দৰত। তেখেত আছিল নাৰ্চ। ইতিমধ্যে অৱসৰ
লোৱাৰো কিছুবছৰ হৈ গৈছে। তিনিজনী জীয়েক। মাজুজনী বোলে সৰুৰেপৰাই উচ্চাকাংখী। পঢ়ি-শুনি
আমেৰিকা পালেগৈ। বিয়া-বাৰু পাতিলে। যেতিয়া সন্তান হবৰ হ’ল, তেতিয়া বিমানৰ টিকেটৰ বন্দৱস্ত
কৰি মাক মাতি পঠালে। ইফালে বিধবা মানুহগৰাকীয়ে গোটেই জীৱন নিজৰ নাৰ্চৰ চাকৰিটোৰে তিনিজনী
ছোৱালীক প্ৰতিষ্ঠা কৰাৰ দায়-দায়িত্বত অসমৰ বাহিৰখনেই দেখা নাই। বিমান যাত্ৰা বাদেই,
ৰেলতে উঠা নাই। বাচতহে উঠি পাইছে বোলে। জীয়েকে বোলে মাকগৰাকীয়ে বিমানযাত্ৰাৰ আও-ভাও
নাজানে বাবে ‘বেমাৰী’ বুলি হুইলচেয়াৰত যোৱাৰ বন্দৱস্ত কৰি দিছে। ‘ষ্টপ’বোৰত বিমান অৱতৰণ
কৰাৰ লগে লগে তেওঁৰ নামটো লিখি থোৱা কাৰ্ড লৈ মানুহ আহি হুইলচেয়াৰত উঠা আনখন বিমানত
তুলি দিবগৈ। হুইলচেয়াৰত যে যাব লাগিব, সেইটোও তেওঁৰ বাবে এটা দুচিন্তা হৈ উঠিছে। জীয়েকৰ
বন্দৱস্তিৰ ধৰণটো দেখি তেওঁযে নিৰাপদে পাবগৈ সেই কথা নিশ্চিত আছিলোঁ—কিন্তু সেই গোটেই
সময়চোৱাত মানুহগৰাকীয়ে যিটো মানসিক বিপৰ্যয়ৰ মাজত আছিল, তাক জীৱনলৈ পাহৰিব নোৱাৰোঁ।
এযোৰ বগা সাজ, শুকাই কাঠ হোৱা শীৰ্ণ চেহেৰা।
ব’ৰ্ডিঙৰ সময়লৈকে গোটেই সময়খিনি তেওঁ মোৰ কাষতে
থাকিল(যিহেতু ইংৰাজী বাদেই, হিন্দীও কব নোৱাৰে)।মাজে মাজে হাতখন ধৰি থাকিল। আনক সান্তনা
দিয়াত মই বাৰু এনেয়েও বেয়া—কিন্তু মানুহগৰাকীক
আং-বাং কথা কৈ সিদিনা বহুত সাহস দিবলৈ যত্ন কৰিলোঁ।
আন এগৰাকীক পাইছিলোঁ পাচপ’ৰ্ট অফিচত। তেখেতৰ জীয়ৰীও আমেৰিকাত থাকে।মানুহগৰাকী বেমাৰী। হাই ডায়েবেটিক। প্ৰেছাৰো আছে। স্বামীও অসুখীয়া। এনে অৱস্থাত মানুহজনক অকলে এৰি থৈ বহুদিনৰ বাবে যাবগৈ লাগিব, লগতে একেৰাহে চৈধ্যঘণ্টাৰ যাত্ৰাও কৰিব লাগিব। যথেষ্ট উদ্বিগ্নতাৰ মাজত আছিল। তাতেই আকৌ লাইনৰ সন্মুখত এগৰাকীয়ে ক’লে—“এনেকুৱা যাত্ৰা বৰ দিগদাৰ বুজিছে। মই এবাৰ লণ্ডনলৈ যাওতে বিমানত দহ ঘণ্টা একেলেঠাৰিয়ে ভ্ৰমণ কৰিবলগীয়া হ’ল। আনবিলাকে হুইস্কি খাই শুই গ’ল। মই কিন্তু চকুৰ টিপ এটাও মাৰিব নোৱাৰিলোঁ।পিছত যি অৱস্থা!” নকলেও হ’ব যে তেৱোঁ এগৰাকী মহিলাই। কথা শুনি সিগৰাকীৰ মুখলৈ চাবলগীয়া হৈছিল। উপায় নাপাই টেপেৰকৈ কৈ দি’লো—“আপুনি একো চিন্তা নকৰিব। বিমানত উঠিয়েই চকু দুটা মুদি জীৱনৰ ভাল লগা কথাবোৰ ভাবিবলৈ আৰম্ভ কৰি দিব। লগতে আহিবলগীয়া নাতিৰ সতে কেনেকৈ উমলিব তাকো কল্পনা কৰি থাকিব—চৈধ্য ঘণ্টাৰ সময় কিদৰে পাৰ হ’ব গমেই নাপাব।” তেহে মানুহগৰাকীৰ অলপ তৎ আহিল। চিনিয়ৰ চিটিজেন। গতিকে কামটো সোনকালেই গৈ গ’ল। যাবৰ সময়ত মাত এষাৰ লগায়ো গ’ল—‘মোৰ হৈ গ’ল যাও দেই।তুমি বহা।”
জীৱনৰ সেই বিশেষ সময়খিনিৰ সেই বিশেষ মাতৃসকলৰ উদ্বিগ্ন চকুবোৰে, তেওঁলোকৰ বিদেশত থকা স্বাৰ্থপৰ সন্তানবোৰে আমনি কৰি থাকে। উভতি আহি বিয়া-বাৰুত লগ পোৱা আত্মীয়-স্বজনক তেওঁলোকে ধুনীয়াকৈ বেবীশ্বাৱাৰৰ বৰ্ণণা দিয়ে। আৰু বহুত কথা কয়। যিমানখিন কয়, নোকোৱাখিনিৰ ভাৰ তাতকৈ বেছি। যেতিয়া মাতৃৰ বিয়োগ ঘটিব, তেতিয়া চাকৰিৰ অজুহাতত বা ঘৰ-সংসাৰৰ ব্যস্ততাত সেই সন্তানসকলে হয়তো এবাৰ আহিবলৈও সময় নাপাব।
অৱশ্যে ব্যতিক্ৰম আছে। সকলো সন্তানেই স্বাৰ্থপৰ নহয়। সকলো মাতৃও ইমান অসহায় নহয়।
কিন্তু এইযে বিশেষ মাকবোৰ! মৰম কৰি কৰি সন্তানক স্বাৰ্থপৰ কৰি পেলায়! তেওঁলোকৰ সেই বিশেষ যাত্ৰাকালৰ উদ্বিগ্নতাখিনিয়ে সময়ে সময়ে আমনি কৰি থাকে।
জানো-এইটো এটা ভাল গল্পৰ প্লট, যিটো গল্প লিখিবলৈ মোৰ অকণো মন নাযায়।
No comments:
Post a Comment