কথাৰ মাজৰ বতৰাঃ
প্ৰগতিশীল সাহিত্য আৰু শিল্পী-সাহিত্যিকৰ সামাজিক দায়বদ্ধতা
শ্ৰদ্ধাৰ সুধীবৃন্দ, গোলাঘাট গ্ৰন্থমেলাৰ প্ৰাংগনত আপোনলোকে
নিমন্ত্ৰণ কৰি আনি কিছু কথা কবলৈ সুযোগ দিয়াৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
যিসময়ত আমাৰ দৰে লেখক-সাহিত্যিকৰ মুখত তলা লগোৱাৰ চক্ৰান্তত ৰজাঘৰীয়াই নিত্য-নতুন
কৌশল ৰছনা কৰিছে, সেই সময়ত এখন গ্ৰন্থমেলাৰ প্ৰাংগনত ‘প্ৰগতিশীল সাহিত্য আৰু শিল্পী সাহিত্যিকৰ সামাজিক দায়বদ্ধতা’ৰ দৰে দিশত কিছু কথা কবলৈ সুযোগ পোৱাটো একপ্ৰকাৰে বিৰল বুলিয়েই কব লাগিব।
নতুন সাহিত্য পৰিষদৰ গোলাঘাট শাখাৰ লগতে গ্ৰন্থমেলাৰ আয়োজক সমিতিলৈও সেয়েহে
অন্তৰভৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে কাৰোবাৰ অন্তৰত আঘাত দিব
পৰা শব্দৰ বাবে আগতীয়াকৈ ক্ষমাও বিচাৰিছোঁ। কিনো বহু কথা মুকলিকৈ পতাৰ প্ৰয়োজন এতিয়া
আহি পৰিছে।
কিছুদিনৰ আগতে গুৱাহাটী
আই আই টিৰ কৰ্মশালা এখনৰ চাহ বিৰতিত এগৰাকী সমাজবিজ্ঞানীৰ সতে কথা-বতৰা হোৱাৰ সুযোগ
হৈছিল। কথাৰ প্ৰসংগত তেখেতে অসমীয়া সাহিত্যত, বিশেষকৈ কবিতাত প্ৰতিফলিত হোৱা সামাজিক
দাপোনখনৰ বিষয়ে নিজৰ এটি পৰ্যবেক্ষণ সন্দৰ্ভত বিশ্লেষণ দাঙি ধৰিছিল । তেখেত কৈছিল যে, নব্বৈৰ
দশকৰ আগলৈকে অৰ্থাৎ নব্য উদাৰবাদী অৰ্থনীতিৰ মাজেৰে অহা ভোগবাদৰ আগৰ সময়ৰ অসমীয়া কবিসকলৰ
কবিতাত ব্যৱহাৰ হোৱাৰ ৰূপক বা চিত্ৰকল্পবোৰত সাধাৰণতে নিজৰ গাওঁখন, নৈ অথবা হাবিখনকে ধৰি
প্ৰকৃতিৰ যিমানবোৰ উপাদান বিচাৰি পোৱা যায় বা সেইবোৰৰ প্যিৰতি ধৰণৰ আকূলতা লক্ষ্য কৰা যায়, নব্বৈৰ
দশকৰ পৰৱৰ্তী সময়ত জন্ম হোৱা কবিসলকৰ ৰূপক বা চিত্ৰকল্পবোৰত সেই উপাদানবোৰ যেন অনুপস্থিত। তেখেতে এই বিষয়টো লৈ গভীৰভাৱে অধ্যয়ন কৰিবলৈ ইচ্ছুক বুলিও
জনাইছিল। নব্বৈৰ দশকত অসমৰ সমাজজীৱনলৈ আমদানি হোৱা ভোগবাদেই ইয়াৰ আঁৰৰ কাৰক বুলি
তেখেতে বিশ্বাস কৰে।
তেখেতৰ কথাখিনি কিছু পৰ টং কৰি চাবলৈ বাধ্য হৈছিলোঁ। কিয়নো বহুদিন ধৰি ময়ো মনতে একেখন অসমীয়া সমাজ জীৱনক প্ৰতিফলিত কৰা দুটা বিশেষ সময়ৰ গীতৰ বিষয়ে মনতে তুলনামূলকভাবে কিছু কথা ভাবি আছিলোঁ। গীত দুটিয়ে অসমৰ অন্যতম সমৃদ্ধ মাছমৰীয়াৰ সমাজখনকেই প্ৰতিনিধিত্ব কৰিছে। ইয়াৰে প্ৰথমটো ১৯৫৪ চনত ৰচিত, ইয়াত কণ্ঠ নিগৰাইছে আমাৰ প্ৰাণৰ শিল্পী ভূপেন হাজৰিকাই। আনটো গীত নব্বৈৰ দশকৰ। অসমৰ তৰুণ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব বুলি জনাজাত জুবিন গাৰ্গে ইয়াত কণ্ঠ নিগৰাইছে। এই গীত দুটিৰ content analysis-কৰিলেও প্ৰথমতে উল্লেখ কৰা সমাজবিজ্ঞানীগৰাকীৰ কথাখিনিৰ সত্যতা প্ৰতিফলিত হয়।
ইয়াৰে ভূপেন হাজৰিকাই গোৱা গীতটি যেন অসমৰ মাছমৰীয়া সমাজখনৰ
কঠোৰ-কঠিন জীৱন সংগ্ৰামৰ মুহুৰ্মুহু ৰূপ--এটি নজহা-নপমা case study। গীতৰ কথাংশত
কোৱা ‘পৰহি পুৱাতে’ অৰ্থাৎ তিনিদিনৰ আগতেই পুৱাৰ ভাগত টুলুঙা নাৱত উঠি মাছ মাৰিবলৈ
ওলাই যোৱা ৰংমনৰ খবৰ-বাতৰি নোহোৱা হোৱাত কান্দি-কাটি বাউলী হোৱা তেওঁৰ পত্নী ৰহদৈৰ
দুখৰ যি অবিশ্বাস্য বিৱৰণী গীতিকাৰে দাঙি ধৰিছে, তাৰ মাজেৰেই গীতিকাৰৰ জীৱনবীক্ষা
আৰু সমাজবীক্ষাৰ কিমান গভীৰলৈ প্ৰোথিত -- সেয়া শ্ৰোতাই গীত শুনা মাত্ৰকে মৰ্মে মৰ্মে
উপলব্ধি কৰিব পাৰে। এই গীতৰ ৰংমন মাছৰ সদাগৰ নহয়। ৰংমনে মাছ মাৰিবলৈ ওলাই গৈছে এখন
টুলুঙা নাও লৈ, সন্মুখত ধুমুহাৰ আগজাননী। যাত্ৰাৰ উল্লেখতেই যেন শ্ৰোতাই অনুভৱ
কৰিবলৈ পাৰিলে আঁৰত লুকাই থকা ৰংমনৰ উৰুখা পঁজাটিও --যাৰ উল্লেখ গীতত উহ্য। সকলো কথা খোলোচা কৰিব লাগিব বুলিওটো কোনো কথা
নাই!সন্মুখত বিপদৰ আগজাননী দেখি পত্নী ৰহদৈৰ মন অজান আশংকাত দুৰু দুৰু—তেওঁ যেন কবলৈ
বিচাৰিছে ‘মাছকে মাৰিবলৈ নেলাগে যাবলৈ ধুমুহা আহিবৰ হ’ল’। ধুমুহাৰ পৰা সাৰিলেও জানোচা
নৈৰ ঘঁৰিয়ালে ধৰিব! কিন্তু সন্মুখত বিপদ দেখিও ৰংমন জানো ঘৰত বহি থাকিব পাৰিব!
সমাজৰ নিম্নস্তৰত বাস কৰা মাছমৰীয়াই জীয়াই থকাৰ তাগিদাত মাছ মাৰিবলৈ যাবলৈ বাধ্য--এয়াই যে
ক্ষুধাতুৰৰ জীৱনৰ সংগ্ৰাম!
তাৰপিছত কি হ’ল? গীতৰ কথালৈ মন দিয়কচোন--‘গধূলিৰে পৰতে বৰ্হমপুত্রৰ মাজতে, বৰ্হমপুত্রৰ
মাজতে, ৰংমন নাইকীয়া হ’ল৷’—কালধুমুহাই টানি নিছে ৰংমনৰ জীৱন, মৰহি গৈছে ৰহদৈৰ সপোন। ‘হিয়াখনি ভুকুৱাই আকাশলে’ চাই চাই।ৰহদৈ
বাউলী হ’ল!। অ’ ঢৌ যা: গুচি নিশাকে নেওচি।ৰংমনক আনিবৰ
হ’ল!। ঢৌবোৰে সাৱটি ৰংমনৰ দেহাটি।ৰংমনৰ দেহাটি!।পাৰতে
শুৱাই থৈ গ’ল ।”
গীতিকাৰৰ প্ৰচণ্ড সামাজিক দায়বদ্ধতা নাথাকিলে এনে যুগজয়ী গীতৰ সৃষ্টি হবলৈ পাৰিলেহেঁতেন নে? গীতলৈ যেন তেওঁ শব্দ তুলি অনা নাই, তুলি আনিছে জীৱন। কাটি কাটি সোমাই গৈছে শ্ৰোতাৰ মননলৈ। ভাৱ হয়, এই কালজয়ী চিত্ৰপটখনিক যাউতী-যুগীয়া কৰিবলৈ ভূপেন হাজৰিকাৰ বাহিৰে আন কাৰোবাৰ কণ্ঠ জানো ইমান দৰদী হৈ উঠিলেহেঁতেন।
এতিয়া মাছমৰীয়াৰ সমাজখনক প্ৰতিনিধিত্ব কৰি নব্বৈৰ দশকৰ আনটি
গীতৰ বিষয়ে কোৱা যাওক-যি গীত গাইছে জুবিন গাৰ্গে। গীতৰ আৰম্ভণি এনেদৰে হৈছে—‘অ' মোৰে ল'ৰাৰ
মাক। মাছলৈ যাওঁ
নাখাও নাখাও শুদা ভাত। ৰহদৈ-কৰদৈ ।পাৰি পাৰি থ তই ।জুতিৰে
খামে দিনৰ সাজ ।মাছলৈ যাওঁ নাখাও নাখাও শুদা ভাত”—কোনো সন্দেহ নাই যে চিত্ৰকল্পত আছে সম্পূৰ্ণৰূপে
এখন ভোগৰ ছবি। সুখৰ এঁসাজ মাছ-ভাত খোৱাৰ বাবে জীৱনৰ অনন্ত সংগ্ৰামৰ যি হাহাকাৰ
সেয়া ইয়াত অনুপস্থিত। মাছৰ লগত খাবলৈ বাৰীৰ লাই-পালেং, ৰহদৈ-কৰদৈ পাৰি থ’ব লাগিব, পাণে-চূণে হাঁচতি যতনাই
দিব লাগিব, জাকৈ-থিয়নীও কাঁঠিৰপৰা নমাই দিব লাগিব।আকৌ কৈছে—“চুবুৰীৰ ৰংমন উভতি
আহিলে। কঁকালৰ খালৈটি পুৰাই।খলিহনা পুঠী আৰু গৰৈ চেঙেলি। দেখি
মোৰ দেহা জ্বলি যায়।”
গীতটিৰ সাংস্কৃতিক চিত্ৰায়ন অপূৰ্ব। এজন গাৱঁলীয়া মানুহৰ মাছে-ভাতে এঁসাজ খোৱাৰ
হেঁপাহকেই গীতটিয়ে প্ৰতিফলিত কৰিছে। ইয়াক কোনো সন্দেহ নাই যে নব্বৈৰ
দশকৰ এই গীতটোৱে হয়তোবা গাৱঁৰ সমাজ এখনৰ এটি বিশেষ দৃশ্যৰ ওপৰত ৰেখাপাত কৰিছে।
লগতে ‘চুবুৰিৰ ৰংমন..’ৰ উল্লেখেৰে ইয়াক ‘পৰহি পুৱাতে’ৰ ৰংমনক এক উত্তৰাধিকতাৰ বুলিও
যেন কবলৈ বিচৰা হৈছে, যেন একধৰণৰ legacy গীতটোৱে বহন কৰিছে। কিন্তু পূৰ্বসুৰীৰ গীতত উল্লেখ কৰা জীৱন সংগ্ৰামৰ চিত্ৰণ
ইয়াত অনুপস্থিত। অথচ দুয়োটি গীতৰেই গায়কী
অপূৰ্ব, গীতৰ চয়ন সুন্দৰ। দুয়োগৰাকী গীতিকাৰ প্ৰচণ্ড
প্ৰতিভাশালী আৰু প্ৰভাৱী। গীতৰ কথাংশও মনোমোহা। নব্বেৰ
দকৰ গীতটিত যিটো অনুপস্থিত সেয়া হৈছে জীৱনবীক্ষা আৰু সমাজবীক্ষা। আৰ্তজনলৈ
বুলি সেই বিশেষ দৰদী অন্তৰ। যাক আমি সামাজিক দায়বদ্ধতা আৰু প্ৰগতিশীল
সাহিত্যৰ মাপকাঠি বুলি কব পাৰোঁ।
অথচ ষাঠিৰ দশকত ভূপেন হাজৰিকাই গীত গাবলৈ যিখন ধ্ৰূপদী মাছমৰীয়া
সমাজ পাইছিল, নব্বৈৰ দশকত সেই সমাজখনৰ দুৰ্দশা তাতকৈও অধিক
হ’ল। তেওঁলোকৰ জীৱন তাতোকৈও জটিল হৈ পৰিল। নৈৰ পাৰৰ খহনীয়াত হয়তোবা তেওঁলোকৰ
সোঁৱৰণিৰ গাওঁ জাহ গ’ল, উন্নয়নৰ বেমেজালিৰ চৰকাৰী আৰ্হিবোৰ চাকনৈয়াত হয়তোবা জীৱন
থৰক-বৰক হ’ল, গাৱঁৰ সৰল আৱেষ্টনীৰপৰা আহি হয়তোবা জীৱনে মথাউৰিত ঠাই পালে—কিন্তু
গীতিকাৰৰ হাতৰ আঙুলিলৈ সেই অনন্ত হাহাকাৰ উঠি নাহিল--কিয়নো তেওঁৰ তাক চকুৱে
নেদেখিলে। ব্যক্তিকেন্দ্ৰিকতাত সি আৱদ্ধ হৈ ৰ’ল, লগতে সমাজবীক্ষা
আৰু জীৱনবীক্ষাৰো অভাৱ হ’ল। ৰাইজৰ বুকুৰপৰা আঁতৰি পৰাজনে
জানো জীৱনৰ সেই অনন্ত হাহাকাৰবোৰ, সেই চকুলোবোৰ দেখা পাব?
আজি যোতিয়া গোলাঘাট গ্ৰন্থমেলাৰ বাকৰিত শিল্পী-সাহিত্যিকৰ
সামাজিক দায়বদ্ধতাৰ প্ৰশ্ন আপোনালোকে তুলিছে, তেতিয়া সময়ৰ কষটি শিলত ওপৰত উল্লেখ কৰা গীতবোৰৰ দৰে সাহিত্যৰ
সমলৰাজিৰ ন-কৈ বিশ্লেষণ কৰা প্ৰশ্ন আহি পৰা নাইনে? সঁচা কথা যে, সামাজিকভাৱে দায়বদ্ধ
শিল্পী-সাহিত্যিক নোহোৱা হৈ যোৱা নাই। যিজন দায়বদ্ধ তেওঁৰ অহৰহ প্ৰচেষ্টা থাকিব
‘পৰহি পুৱাতে’ৰ দৰে কালজয়ী, যুগজয়ী চিত্ৰকল্পৰে নিগাজী শব্দসম্ভাৰ তুলি আনিবলৈ।
লগতে এই কথাও সঁচা যে, যিজন সামাজিকভাৱে
দায়বদ্ধ তেওঁৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ অহৰহ কূট-কৌশল ৰছনা কৰা হৈছে। এই প্ৰসংগতে প্ৰগতিশীল সাহিত্যৰ কথাটো আহি পৰে। কোৱা হয় সৃ্ষ্টিশীল সত্তাই
যেতিয়া ক্ষুদ্ৰ জীৱনৰ সংকীৰ্ণতা এৰি মহত্তৰ জীৱন আকোঁৱালি লয়—সেয়াই প্ৰগতিশীল। সেয়াই
প্ৰগতিশীল সাহিত্য, গীত। জীৱনৰ দ্বন্দ-সংঘাতৰ দ্বান্দিক বিশ্লেষণৰ মাজেৰে গৈ গৈ প্ৰগতিশীল
সাহিত্যই তুলি আনে সমাজৰ নিকৰুণ সত্য। জীৱনৰ কৰুণ গাথা তুলি অনাৰ পিছত সাহিত্যত সি
উহ্য বা অনুপস্থিত হৈ থাকিলেও তীক্ষ্ণধী পাঠকে তাক ধৰিব পাৰে।
সাহিত্যত ‘শোক’ এক মহত্তম বাগধাৰা। কিন্তু ব্যক্তিজীৱনৰ
শোকৰ অনুভুতিক সামাজিক জীৱনৰ মহত্তৰ সত্যৰ সতে, সমূহৰ হাহাকাৰবোৰৰ সতে একাকাৰ কৰি দিব নোৱাৰিলে তাক প্ৰগতিশীল
সাহিত্য বুলিও কব নোৱাৰি, মহৎ সাহিত্য বুলিও কব নোৱাৰি। ব্যক্তিসত্তাৰ শোক সামাজিক
শোকলৈ ৰূপান্তৰ কৰিব পৰাৰ বাবেইহে ‘পৰহি পুৱাতে’ এটি কালজয়ী গীত। সেইবাবেই
মেক্সিম গৰ্কীৰ ‘মা’ প্ৰগতিশীল সাহিত্য। অথচ প্ৰগতিশীল বাগধাৰাৰ তথাকথিত মাৰ্ক্সীয়
তত্বৰ উপাদান তাত সতকাই বিচাৰি পোৱা নাযায়।
যিসকলে মাৰ্ক্সবাদত বিশ্বাস কৰে, তেওঁলোকৰ সাহিত্য প্ৰগতিশীল হবলৈ বাধ্য, কিয়নো তেওঁলোকৰ থাকে সমাজ বিশ্লেষণৰ দ্বন্দ্বিক বিশ্লেষণৰ অস্ত্ৰ। কিন্তু এইখিনিতে এটা কথা কবলৈ বাধ্য হৈ পৰোঁ যে, দ্বান্দ্বিক বিশ্লেষণৰ মাজেৰে গৈ বিচাৰি বিচাৰি অনা সত্যক সৃষ্টিৰ সময়ত আমি সাহিত্য হিচাপেই প্ৰতিষ্ঠিত কৰিব লাগিব – যি অতি কঠিন কাম-এইখিনেতই যেন জীৱনৰ সাধনা সাহিত্যৰ সাধনাৰ সতে একাকাৰ হৈ যায়। মানুহক ভালপোৱাটো মহৎ সাহিত্যৰ অন্যতম উপাদান। লেখক-সাহিত্যিকে চোফাচেটত বহি বা তোষামোদকাৰীৰ সংগত থাকি সাহিত্য সৃষ্টি কৰিব নোৱাৰে। জীৱনৰ প্ৰেৰণাৰ বাবে তেওঁ মানুহৰ মাজলৈ যাবলৈ বাধ্য। কিন্তু কেৱল মানহক ভালপোৱাৰেই আমি সাহিত্য সৃষ্টি কৰিব নোৱাৰোঁ। তাৰ বাবেই আমাক লাগিব বিশ্ববীক্ষা। সমসাময়িক বিশ্বত সাহিত্যৰ ধাৰাবোৰ কি, কি ধৰণৰ সাহিত্যই সমসাময়িক মানুহক আলোড়িত কৰিছে, সেই দিশবোৰ অধ্যয়ন কৰা আৰু বিশ্বসাহিত্যৰ সতে নিৰন্তৰ সংযোগেই প্ৰগতিশীল সাহিত্যৰ ধাৰাটোক নতুনকৈ সাৰ-পানী দিব বুলি আমাৰ মনে ধৰে।
উদাহৰণস্বৰূপে সমসাময়িক সাহিত্যৰ এটা জনপ্ৰিয় ধাৰা হৈছে পৰিবেশ সাহিত্য বা প্ৰকৃতি সাহিত্য।প্ৰকৃতিৰ সতে মানুহৰ যি নিৰন্তৰ সংযোগ তাক ভাঙি দিয়াৰ ফলত সমাজত যি হাহাকাৰ সৃষ্টি হৈছে, সেই দিশৰ ওপৰত এইধৰণৰ সাহিত্যই মনোনিবেশ কৰে। এই বিষয়ক সাহিত্য সমালোচনাৰ যি ধাৰা, Eco-croticism, সি প্ৰগতিশীল সাহিত্যত বিশ্বাস কৰাসকলৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছেনে নাই? এইটো এটা জৰুৰী কথা। কিয়নো জলবায়ুৰ পৰিবৰ্তনৰ দৰে দিশসমূহ সম্প্ৰতি সকলোৰে বাবেই এটা অতিকৈ স্পৰ্শকাতৰ বিষয়। আমাৰ বাবে অতিকৈ জৰুৰী বিষয়টো হৈছে জলবায়ুৰ পৰিবৰ্তন আৰু প্ৰকৃতি ধ্বংসৰ সতে জড়িত হৈ থকা কাৰকসমূহৰ শ্ৰেণী চৰিত্ৰ আৰু সামাজিক দ্বন্দ্বক বিচাৰি উলিওৱা। আৰু সাহিত্যত তাক সফলভাৱে প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰা। যেতিয়া খহনীয়া হয়, মথাউৰিত বাস কৰিবলৈ জেগা নাথাকেগৈ, তেতিয়া দৰিদ্ৰই হাবি ভাঙি বনাঞ্চল দখল কৰে। সুযোগ বুজি ধনীয়েও তাত সম্পত্তিৰ পাহাৰ গোটায়। যেতিয়া উচ্ছেদ হয়, তেতিয়া বনাঞ্চল ভাঙি গঢ়ি তোলা ধনীৰ সম্পত্তিত উচ্ছেদৰ বুলডজাৰ নচলে। বুলডজাৰৰ কোব পৰেগৈ দৰিদ্ৰৰ ঘৰত। বান-গৰাখহনীয়াত আক্ৰান্ত পৰিয়ালৰ সন্তানবোৰ ক’ত গৈছেগৈ? মৰি অহা নদীৰ কাষৰ বিধবা নৈপৰীয়াই গুৱাহাটীৰ ৰাজপথত ফ্লাইঅ’ভাৰ সজা ঠিকাদাৰৰ তলত বনুৱাৰ কাম কৰি জীয়াই আছে। এই গতিশীল কাৰকবোৰৰ দ্বান্দ্বিক বিশ্লেষণ কি হ’ব? জলবায়ুৰ পৰিবৰ্তনৰ বাবে গ্ৰীষ্মৰ প্ৰকোপ বাঢ়িছে। মানুহৰ নিত্য-নতুন বেমাৰ-আজাৰ বাঢ়িছে। ইয়াৰ শ্ৰেণীদ্বন্দ্ব কি? ধনীয়ে শীত-তাপ নিয়ন্ত্ৰিত কোঠাত সোমাইছে। কিন্তু দৰিদ্ৰই কি কৰিব? যদিহে আমি যথাযথ বিশ্লেষণেৰে মহৎ সাহিত্য সৃষ্টিৰ উদ্দেশ্যে এই উপাদানবোৰলৈ মনোনিবেশ নিদিও, তেনেহ’লে অৱেগিক আৰু টুলুঙা বিষয়বস্তুৰে গল্প-উপন্যাস-কবিতা লিখি তাকেই ‘প্ৰকৃতি সাহিত্য’ বুলি চলাই দি বাহ বাহ লোৱাসকলক সমালোচনা কৰাৰ অধিকাৰো থাকিব বুলিও কব নোৱাৰোঁ।
দেশৰ শাসনভাৰ হিন্দুত্ববাদী শাসক আৰু ফেচীবাদৰ কবলত থকাৰ সময় প্ৰগতিশীল সাহিত্যত
বিশ্বাস কৰাসকলৰ বাবে এটা প্ৰধান সমস্যা হৈছে তেওঁলোকৰ লিখনি প্ৰকাশ কৰিবলৈ space অৰ্থাৎ
ঠাইৰ অভাৱ। এটা ৰজাঘৰীয়া ষড়যন্ত্ৰ অহৰহ চলি থাকে যাতে তথাকথিত মূলসুঁতিৰ কোনোধৰণৰ
সাহিত্য আলোচনী, কাকত আদিত আমাৰ লিখনি প্ৰকাশ কৰা নহয়। হতাশাৰ মায়াজাল ৰছনা কৰি তেওঁলোকে
আমাৰ লেখকসত্তাক হত্যা কৰিবলৈ যেন বদ্ধপৰিকৰ। ৰজাঘৰীয়াৰ ষড়যন্ত্ৰত হাত উজান দিয়াত
একাংশ লেখক-সাহিত্যিকো এইক্ষেত্ৰত কম নহয়। এনে দুৰ্দিনত এজন প্ৰগতিশীল লেখকে নিজৰ সৃজনীশীলক
জীয়াই ৰাখিবলৈ কেনেদৰে পাঠক সতে নিৰন্তৰে সম্পৰ্ক
স্থাপন কৰি থাকিব পাৰিব, নিজৰ উত্তৰণ ঘটাব পাৰিব, তাৰ কলা-কৌশল তেওঁ নিজেই বিচাৰি উলিয়াব
লাগিব। বিচাৰি উলিয়াব লাগিব alternative
space বা বিকল্প জেগাবোৰ, যিবোৰ বহুলাংশই সামাজিক মাধ্যমৰ আওতাত পৰে। সামাজিক মাধ্যমৰ
যি space, তাক আমি কিমান উদ্ভাৱনীমূলকভাৱে আৰু সৃজনীশীলতাৰে ব্যৱহাৰ কৰিব পাৰিছোঁ।
মূলসুঁতিৰ তথাকথিত মাধ্যমবোৰে আমাক space দিব নোখোজাৰ এই দুৰ্জিনত সামাজিক মাধ্যমৰ
আপাতত democratic space খিনিৰ সজব্যৱহাৰ কৰি আমি আমাৰ সহৃদয় পাঠকৰ বাবে প্ৰেৰণাদায়ী
কথা লিখিবলৈ সক্ষম হৈছোঁনে নাই, সেয়া এক প্ৰত্যাহ্বান। এটা কথা সত্য যে technology is always more democratic, আৰু প্ৰগতিশীল
সাহিত্যই সদায়েই গভীৰ জীৱনবীক্ষা আৰু সমাজবীক্ষাৰে আৰ্তজনৰ কথা সবাৰো উৰ্ধত তুলি ধৰিব
বিচাৰে। এয়া আমাৰ মহান কৰ্তব্য, কিয়নো জীৱন-জাৱিকাৰ সংগ্ৰামত অহৰহ ব্যস্ত হৈ থাকিবলগীয়া
হোৱাৰ বাবে তেওঁলোকে নিজৰ জীৱনৰ মহৎ সত্যবোৰ ওপৰত আলোকপাত কৰিবলৈ সময় নাপায়, সাহিত্য
সাধনা দূৰৈৰ কথা। এইক্ষেত্ৰত আমি তেওঁলোকক
প্ৰতিনিধিত্ব কৰিব পৰাকৈ নিজকে উপযুক্তভাৱে গঢ় দি লবই লাগিব।এয়াই সময়ৰ আহ্বান।
ৰত্মা ভৰালী তালুকদাৰ
১-১২-২০২৩
বৰ ধুনীয়া লাগিল বাইদেউ
ReplyDeleteঅশেষ ধন্যবাদ
DeleteThis comment has been removed by the author.
ReplyDelete