কটন কলেজৰ (বৰ্তমানৰ বিশ্ববিদ্যালয়) নৃতত্ব বিভাগৰ অধ্যাপক শ্ৰদ্ধাৰ লণু দেৱী বাইদেউৰ মৃত্যৰ খবৰে একপ্ৰকাৰে
হতচকিত কৰি তুলিলে।আন্তঃগাথনিৰ ফালৰপৰা কটন
কলেজৰ বোধহয় আটাইতকৈ এলাগী আৰু আমাৰ বাবে আটাইতকৈ মৰমৰ বিভাগটোৱেই হৈছে নৃতত্ববিভাগ।
উত্তৰ-পুব ভাৰতৰ হিউমেন লেণ্ডস্কেপ অৰ্থাৎ মানুহৰ চিত্ৰপটখন যে ইমান বৰ্ণাঢ্য আৰু আকৰ্ষণীয়
সেই কথা নৃতত্ব বিভাগৰ শিক্ষাৰ্থী ন’হলে জানো বুজিব পাৰিলোঁহেঁতেন! ছাত্ৰ অৱস্থাতেই
মাৰ্ক্সবাদৰ দ্বন্দ্বমূলক বিশ্লেষণে যিদৰে সমাজবাস্তৱতাৰ বিজ্ঞানসন্মত বিশ্লেষণ কৰিবলৈ
শিকালে, সেইদৰেই এনথ্ৰপ’জেনিক চিত্ৰপটখনৰ বৈচিত্ৰময়তালৈ প্ৰচণ্ড কৌতূহোলদ্দীপক চকুযুৰি
মেল খুৱাই দিলে নৃতত্ব বিভাগৰ বিভাগৰ ছাৰ-বাইদেউসকলে।বিশেষকৈ
বৰ্ণময় জনগোষ্ঠী এটাই শতিকাৰ পিছত শতিকা ধৰি বহন কৰি অহা অতূলনীয় সাংস্কৃতিক সমহাৰবোৰ গৱেষণামূলক
পদ্ধতিৰে কিদৰে কৰিব লাগে, সেই কথা তেখেতসকলেই বিজ্ঞানসন্মতভাৱে শিকাই দিছিল। ফিল্ড কি,
কিমান শ্ৰদ্ধাসহকাৰে ফিল্ডলৈ যাব লাগিব, কিদৰে প্ৰশ্নমালা প্ৰস্তুত কৰিব লাগিব, প্ৰতিবেদন
কিদৰে লিখিব লাগিব—এই কথাবোৰ লণু বাইদেউ, আইনু বাইদেউ, অদিতি বাইদেউ, বন্দনা বাইদেউ,
জোনালী বাইদেউ, সৰোজ বাইদেউৰ দৰে শিক্ষাগুৰুসকলে হাতত ধৰি শিকাইছিল। একেবাৰে প্ৰতিবেদন
লিখাৰ সময়ত বানান শুধৰণিৰপৰা, কাল(tense)লৈকে।সেইবাবেই
হয়তো শিক্ষাগুৰু যদিও নৃতত্ববিভাগৰ শিক্ষাগুৰুসকলৰ সতে আমাৰ সম্পৰ্কৰ বান্ধোনটো এটা
পৰিয়ালৰ দৰেহে।
আচৰিত লাগে যে, নৃতত্ববিভাগত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষতেই
আমি ফিল্ডৱৰ্কৰ দৰে অতূলনীয় কাৰ্যসূচীত ভাগ লবলৈ পাৰিছিলোঁ। ফিল্ডৱৰ্কৰ অংশ হিচাপে আগতীয়া প্ৰশ্নমালাৰ প্ৰস্তুতি, গুৱাহাটীৰ সমীপৱৰ্তী এখন জনজাতীয় গাৱঁলৈ গৈ গাওঁখনৰ
মেপিং কৰা, মুখিয়ালৰ সতে কথা পাতি অনুমতি লৈ কেইবাটাও দলত বিভক্ত গৈ তেওঁলোকৰ সংস্কৃতিৰ
বিভিন্ন দিশবোৰ যেনে বস্তুগত সংস্কৃতিৰ অন্তৰ্গত মাছধৰা সঁজুলি, খেতিৰ সঁজুলি, তাতশাঁলৰ
সঁজুলি, গৃহনিৰ্মাণৰ পৰম্পৰা আদি দিশবোৰ আৰু
আনবোৰ দিশ যেনে বিবাহ পদ্ধতি, গোত্ৰ ব্যৱস্থা, উপাসনা পদ্ধতি আদি দিশবোৰ কিদৰে অধ্যয়ন কৰিব লাগে–সেই কথাবোৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষতেই আমি
তেখেতসকলৰ নিৰ্দেশনাত শিকিবলৈ পাইছিলোঁ। শিকিছিলোঁ ‘কেইচ ষ্ট’ৰী’ লিখাৰ পদ্ধতিও।
স্নাতক পৰ্যায়ত আমি একোখন গাৱঁলৈ গৈ ১৫ দিনীয়া ফিল্ডৱৰ্ক কৰিব
লাগিছিল। এই ফিল্ডৱৰ্কৰ পৰ্যায়তেই আমি একোটা পৰিয়ালৰ দৰে বান্ধ খাই পৰোঁ, যি সমন্ধ
আজীৱন ৰৈ যায়। চুড়ান্ত বৰ্ষত লণু বাইদেউৰ
তলত ফিল্ডৱৰ্ক কৰিছিলোঁ। সেই সময়ত কটন কলেজৰ মুখপত্ৰ ‘কটনিয়ান’ৰ সম্পাদনাৰ কামৰ ব্যস্ততাৰ
বাবে ফিল্ডৰ কামখিনি কৰিলেও লিখাৰ প্ৰক্ৰিয়াটো লেহেমীয়া হৈছিল। বাইদেউৰ গালি খালোঁ
। লিখোঁতে দেৰি হ’ল। পৰীক্ষাৰ আগে আগে বাইদেউৰ ঘৰত গৈ প্ৰতিবেদন জমা দিলোঁ। পকাবন্ধা
এটা প্ৰকাণ্ড ৰিপ’ৰ্ট। বাইদেৱে কিন্তু তন্ন
তন্নকৈ চালে। ভুল কৰা বানানকেইটাও সাৰি ন’গল। তেখেতৰ ছোৱালী ‘নেইনাই’ এগিলাচ চৰৱত দিলে।
জানিছিলোঁ, ফিল্ডৱৰ্কৰ সেই পেপাৰখনত কম নম্বৰ পালেও সেয়া মোৰ প্ৰাপ্য আছিল, যদিও তেখেত
কিন্তু সদয় আছিল। আজি যদি মই সেই সময়খিনিলৈ উভতি চাওঁ, তেতিয়াহ’লে সেই শিক্ষাগুৰুসকলক
একক হিচাপে চাবলৈ নোৱাৰিম-সকলোকে একেলগে চাবলৈ লাগিব।
লণু বাইদেৱে আমাৰ সাংস্কৃতিক নৃতত্ব পঢ়াইছিল--‘নোটচ’ দিছিল যদিও ভালদৰে বুজাই লৈহে। জানিছিলোঁ –তেখেত
আছিল বিশ্ববিদ্যালয়ৰ ‘শ্ৰেষ্ঠ গ্ৰেজুৱেট’,
সেয়ে আমাৰ দিয়া ‘নোটচ’বোৰো বৰ উচ্চপৰ্যায়ৰ আছিল। কিতাপৰ পৰা পোনে পোনে দিয়া নহয়—বিভিন্ন
কিতাপৰ পৰা সংগ্ৰহ কৰি নিজ হাতে লিখি প্ৰস্তুত কৰি উলিওৱা। পঢ়াৰ সময়ত অমনোযোগিতা সহ্য
কৰা নাছিল। তেখেত বৰ ওখখাপৰ শিক্ষক আছিল। ওচৰৰ হৈও দূৰৈৰ যেন!কেতিয়াবা খেদ হয় যে, বাইদেউৰ
ভিতৰত লুকাই থকা সম্ভাৱনাৰাজিৰ উপযুক্ত ব্যৱহাৰ ন’হল।
২০০০ চনত গুৱাহাটী প্ৰেছ ক্লাৱৰপৰা আমি মহিলা সাংবাদিকৰ দল এটাই
চিক্কিম ভ্ৰমণ কৰি প্ৰতিবেদন প্ৰস্তত কৰিছিলোঁ। উভতি অহাৰ সময়ত পল্টনবজাৰত পুৱা ৰেলৰপৰা
নামি ঘৰলৈ আহোঁতে আমবাৰীৰ মিঠাই দোকান এখনত মিছাই কিনিবলৈ সোমাওতে লণু বাইদেউক অকস্মাতে
লগ পালোঁ। ফিল্ডৱৰ্কৰ প্ৰতিবেদনত কৰা হেমাহিৰ বাবে বাইদেউৰ ওচৰত এটা সংকোচৰ ভাৱ তেতিয়াও
আছিল বোধহয়, কিন্তু বাইদেৱে চাগে পাহৰি গৈছিল। তেখেতে কিছুসময় আন্তৰিকতাৰে কথা পাতিলে।
ক’লে—‘আমি শিকোৱা কথাবোৰে এতিয়া তোমাক সহায় কৰিছেনে?’ ক’লোঁ--‘নিশ্চয় কৰিছে, সেইখিনিয়েই
আমাৰ পাঠশালা।’ বাইদেৱে শুনি ভাল পালে।
আজি যেতিয়া সাংবাদিক বা লেখক হিচাপে মানুহৰ অনন্ত সম্ভাৱনা থকা
জীৱনৰ সেই বিশাল ‘ফিল্ড’ নামৰ বিশ্ববিদ্যালয়খনত ঘূৰি ফুৰোঁ, তেতিয়া একান্তমনে নৃতত্ববিভাগৰ
শিক্ষাগুৰুসকলৰ সতেও মনে মনে কথা পাতি থাকোঁ।
যোৱাকালি কটন বিশ্বিবদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ এগৰাকী মেধাবী
শিক্ষাৰ্থীৰ সতে কথা পতাৰ সুযোগ মিলিল। তেঁওৰো নৃতত্ববিজ্ঞান বিষয়টো আছে। শুনি আচৰিত
লাগিল যে, তেওঁলোকে বোলে আমাৰ দৰে শিক্ষকৰ প্ৰতক্ষ্য তত্বাৱধানত একোখন গাৱঁলৈ ফিল্ডৱৰ্ক
কৰিবলৈ নাপালে। কথাটো শুনি আচৰিত লাগিল! উত্তৰ-পূব ভাৰতক আমি নৃতত্ববিজ্ঞানৰ জীৱন্ত
যাদুঘৰ বুলি কওঁ। হাতেৰে থপিয়ালেই এতিয়াও ফিল্ডৱৰ্ত
কৰিবলৈ একোখন গাওঁ পাওঁ। আজিৰপৰা ৩০ বছৰ আগতেই লাভ কৰা যি অনন্য সুযোগে আমাৰ জীৱনলৈ
নতুন কৌতূহল কঢ়িয়াই আনিলে, তেনে সুযোগৰপৰা আজিৰ শিক্ষাৰ্থীক বঞ্চিত কৰাৰ আঁৰৰ কথাখিনি
বুজি নাপালোঁ।
শ্ৰদ্ধাৰ লণু বাইদেউ, আপুনি আজীৱন আমাৰ মাজত অনন্য প্ৰেৰণা হৈ
জিলিকি থাকিব।
No comments:
Post a Comment