নীলিমা ঠাকুৰীয়া হকৰ আত্ম-প্ৰতিকৃতিখন
ওপৰৰ ছবিখন নীলিমা ঠাকুৰীয়া হকৰ আত্ম-প্ৰতিকৃতি। ছবিখন আঁকি উঠি তেখেতে সামাজিক মাধ্যমত দিয়াৰ লগে লগেই চকু ৰৈ গৈছিল। বহু দেৰি মূক হৈ পৰিছিলোঁ। কি যেন শোকৰ নদী পাৰ হৈ হৈ সমাহিত হৈ পৰা এখনি মুখ। ছবিৰ বোধ, উপলিব্ধ, সৰলতা আৰু প্ৰশান্তিয়ে ইমান আচ্ছন্ন কৰি তুলিছিল যে, লগে লগেই গুগল চাৰ্চ কৰি বিখ্যাত শিল্পীসকলে অংকণ কৰা আত্ম-প্ৰতিকৃতিবোৰ চাইছিলোঁ। ৰেণেছা, তাৰ পূৰ্বৰ, আৰু সমকালীন চিত্ৰকৰসকলৰ আত্ম-প্ৰতিকৃতিবোৰ বুজিবলৈ বিচাৰিছিলোঁl কিন্তু ইমান সুন্দৰ, সৰল আৰু ব্যতিক্ৰমী আত্ম-প্ৰতিকৃতি আৰু এখন দেখিবলৈ নাপালোঁ। এই আত্ম-প্ৰতিকৃতিত যি বিৰল সৰলতা আছে, তাক প্ৰকাশ কৰিবলৈ আমাৰ দৰে লোকৰ শব্দৰ হয়তো অভাৱ, কিয়নো এই সৰলতাই যেন পাৰ্থিৱ জীৱনৰ সমস্ত সীমাবদ্ধতাক অতিক্ৰম কৰিবলৈ বিচাৰিছে! এক কথাত এই সৰলতাই ছবিখনৰ সুন্দৰতাও। আচলতে সকলোবোৰ মহৎ সৃষ্টিয়েই সৰল। আৰু সেইবাবেই সুন্দৰ। ক’ৰবাত শিল্পীয়ে নিসৰ্গৰ সতে বিলীন হৈ গৈছে। নিসৰ্গৰ সতে বিলীন হৈ পৰাৰ সময়তেই হয়তোবা মানৱ জীৱন ইমান সমাহিত হৈ পৰে। নীলিমা ঠাকুৰীয়া হকৰ দৰে শিল্পীয়ে জীৱনৰ সৰলতাক এক নিৰৱধি প্ৰক্ৰিয়াৰ(Process)দৰে লালন-পালন কৰিছে। এই সৰলতাই অতি গভীৰ জীৱন স্পৰ্শ কৰি আহে।
শিল্পীয়ে ইয়াত চকু মুদি আছে। দেখাত গভীৰ ধ্যানত থকা যেন লাগে। কি যে প্ৰশান্তি! বুদ্ধত্বপ্ৰাপ্তি নেকি! বুদ্ধৰ দৰেই দীঘল হৈ নামি আহিছে প্ৰশস্ত কাণ, শিৰৰ কেকোঁৰা কেশ। কিন্তু কেইটিমান পখীয়ে যে শিল্পীৰ মূৰত খুটিয়াই ৰাঙলী কৰি তুলিছে!
বুকুৱেদি বৈ যোৱা আজন্মৰ সেই নদী! কপালত এটা ৰঙা সূৰ্য।
‘জোনফুল’ৰ বাবে আদৰৰ শিল্পী নীলিমা ঠাকুৰীয়া হকে নিজৰ বুকুত অংকণ কৰা এই নদীখনৰপৰাই এশাৰী প্ৰেৰণা লৈছিলোঁ—“এই বৰনৈ যেন জন্মদাত্ৰী আইৰ ৰিহাৰ আঁচল। ভাগৰুৱা মাছবোৰ আইৰ আঁচলৰ ছায়াত জিৰাই আছে নেকি?সংগোপনে কৰিছে নেকি অপেক্ষা!”
ছবিখন মোৰ বাবে একধৰণৰ ‘থেৰাপি’। বহু কঠিন সময়তো ছবিখনে মোক সমাহিত কৰি তোলে । ইয়াৰ হয়তো অধিক ব্যাখ্যা হ’ব পাৰে।এনে ব্যাখ্যাৰ বাবে বাট চাই ৰ’লোঁ।
No comments:
Post a Comment