Saturday, 11 November 2023

 

হেঙুলীয়া টোপনিৰ বাটে  পাৰি দিয়া চকু হাল....

 

 

 star-crossed lovers on either side

of the quarantine line

whose wordless courtship spanned the river

till she came no longer.

 But slept again,

and dreamt this time

of the exiled yaksha sending word

to his lost wife on a passing cloud,”

 

 

-- ‘আহ  ভাই।  নামি আহ।  চিতাৰ  জুইৰ  গৰমত  ভাইৰাছ  মৰি  গৈছে।  ইয়াত  ভয়  নাই। '

  বাবুলাল  চণ্ডালে তাক  আশ্বাস  দিলে।  স্পন্দন  গাড়ীৰপৰা  নামি আহিল।  

 অতিমাৰীৰ সময়ত স্পন্দন এডাল কোৱাৰেনটিন লাইনৰ এটি পাৰত ৰৈ গৈছে। সিটো পাৰে তাৰ  বৃদ্ধ পিতৃ-মাতৃ,  আৰু সন্তান দুটিক আৱৰি ৰৈ গৈছে মানু । পাৰ চৰাই এজনীৰ দৰে তাই অকলেই পৰিয়ালটোলৈ ডেউকা দুখনি   মেলি  দিছে।  লাইনৰ  এই পাৰে  ৰৈ এতিয়া  সি  এতিয়া  পাৰ চৰাইজনীৰ ডেউকাৰ  ধপধপনিবোৰহে  শুনিবলৈ  পায়।

তাৰপৰাই   তাই  যেন ৰিঙিয়াই  কয়,

--‘মোৰ এই  বুকুখনি কণীৰ কুহুমৰ  দৰেই--উম সনা। ইয়াত জীৱই তৰণি পায়।” 

 সি   হাহাকাৰ  কৰি  উঠে।  কোৱাৰেনটিন  লাইনৰ  সিটো  পাৰৰপৰা  সি যেন  মানুক  সৌ লুইতৰ   বুকুৰ  বালিচাপৰি  এটালৈ  টানি  নিব!  তাত  তাই  এজনী ৰান্ধনী বেলি হ'ব । গোটেই  বালিচাপৰিটো  জুৰি   নীড়মূখী পখীৰ  আটাইবোৰ  কাকলিৰ কঁপণিলৈ,  দিগন্ত   আৰু   বলুকাৰ  দোমোজাত  তাই  জাঁই  উঠা  মমতাৰ  হেঙুলীয়া  কণাবোৰ সিঁচি  দিব--আৰু সি! সি  সেই  মহাজাগতিক  হেঙুলীয়াৰ  বিছনাখনলৈ টোপনি হেৰুৱাই পেলোৱা তাৰ  চকুহাল  পাৰি  দিব।  লুইতৰ  বুকুৰ  জলৰাশিৰ  প্ৰাচীন,  কুলু  কুলু  বিৱৰণী  '  সন্ধিয়াৰ  ৰাগিণী--কমাই  থকা জলকুঁৱৰীৰ তপত উশাহে  সপোনৰ  বাটৰ খৰিকাজাঁই  ফুলাব।  

 স্পন্দনৰ বুকুত মৰিশালিখন বাঢ়ি  আহে । মৰিশালিৰ   বিৰিখত  আশ্ৰয় লোৱা  পখীয়ে  গভীৰ নিশা  জলি উঠা  চিতাৰ  তাপত কোৰ্হাল কৰি  উঠে । সি উচপ  খাই  যায়।   দাং  খাই  অহা  গাৰ  নোমবোৰলৈ  চাই  সি উমান পায়--  সি মৃতক নহয়। কিন্তু মৰণৰ ভয়ে তাক খেদি ফুৰিছে । এই   সংকটকালত  স্পন্দনে  ৰাউণ্ড নেক আৰু   হাফপেণ্টটো  গাত  সুমুৱাই,  হাৱাই চেণ্ডেল চোঁচোৰাই হস্পিতাল,  মৰ্গ,  শ্মশান,  কোৱাৰেনটিন চেণ্টাৰ  আৰু  স্বাৱ কালেকচন চেণ্টাৰবোৰ একাকাৰ কৰি ফুৰিছে। প্ৰটেকশ্যন  য়েৰৰ  নামত  সিহঁতে   মাস্ক  আৰু  চেনিটাইজাৰৰ  বটলবোৰৰ  বাহিৰে  আন  একো  পোৱা  নাই। তাৰ  হাতে-ভৰিয়ে চেনিটাইজাৰৰ ডাঠ  চামনি । এনে অৱস্থাত  তাৰ দৰেই কোনো সাংবাদিকেই পৰিয়ালৰ  সতে  বাস  কৰিবলৈ সাহস   কৰা নাই।  ঘৰৰ ভিতৰতে  কোৱাৰেনটিন লাইন  টানি  সিহঁতে  নিজকে  নিলগাই  ৰাখিছে। 

 বাবুলাল চণ্ডালৰ বুকুতো  আছে এই মৰিশালি। সি  স্পন্দনক  কৈছিল--এই  'ভিদকালত সি  তাৰ  মানুহজনীক  চুবলৈ সাহ কৰা নাই । তাইৰ  গাৰ  গৰম চুবলৈ নাপাই সি শুকাই মৰুভূমি হৈ গৈছে।  

 নিশাৰ এন্ধাৰত বাবুলালৰ চকুহাল  অঙঠাৰ দৰে জলিছে। স্পন্দনে জানে, চণ্ডালৰ এই অন্তৰ্দাহী চাৱনিত এতিয়া আৰু লিপ্সা,  আক্ৰোশ  আৰু  চকুপানী নাই । সেই  সকলোবোৰ এতিয়া  হেৰাই  যোৱা  সাধুকথা।  গৰঙা  বিলৰ  পাৰত  তাৰ জুপৰিটোৰপৰা  সিদিনাহে   ব্ৰহ্মপুত্ৰৰ  পানী  নামি গৈছে। নৈৰ   ভটিয়াই যোৱা  জলধিত সি  সেই কথকতা   বিসৰ্জন  দিলে। পৃথিৱীৰ মানুহৰ  দুৰ্যোগৰ  সময়ত   মানৱতাৰ  হাত ধৰি  অলীক  হৈ  উঠিবৰ  বাবেই যেন  সি সেই  নিষ্ঠুৰ  বিৱৰণী  উটি যোৱা  নৈৰ  পানীত  এৰি  থৈ আহিল।

 কিন্তু নৈয়ে ভঙা বেৰৰ নতুনকৈ লিপা মাটিৰ তলত মানুহজনীয়ে কোঁচত  তিনিমহীয়াটো  আৰু  আন  দুটি  সন্তানক কাষত লৈ দুৱাৰমুখত  বাবুলাললৈ ৰৈ থাকে। সমাজে  জুই-পানী নিষেধ  কৰাৰ  আতংক  তাইৰ  চকুত   এতিয়াও ওলমি আছে। বান নামি  যোৱা  পৃথিৱীৰ  গোটেইখিনি   নীৰৱতা  গাত  মেৰিয়াই   তাই  ৰৈ  থাকে। দিনে- পোহৰে  ঘৰখনলৈ আহিব নোৱাৰা বাবুলাল  কেনেবাকৈ  পুৱতি  নিশা  ওলাবহি  বুলি তাই  সেমেকা  দুৱাৰমুখত তালৈকে  বাট  চাই  থাকে।  

 বাবুলাল  চণ্ডালৰ  চকুৰ মণিত  মানুহজনী  আৰু  'ৰাকেইটাৰ  এই  ছবিখনিৰ  বাহিৰে  এতিয়া  আৰু  একোৱেই  নাই।  শুকান পলসৰ দৰে সেই  চকুহালত  স্পন্দন  হেৰাই যায়। এই  অতিমাৰীকালত  ফুলা কোনো  এটি  গোলাপৰ  কলিয়ে   বাবুলাল  চণ্ডালৰ  এই  ভালপোৱাৰ  বিৱৰণী  দিব   নোৱাৰিব । কোনো এটি  নিজৰাই  তাৰ    তপ্ত  বুকু  শাঁত পেলাব  নোৱাৰিব। কিন্তু এটা এছাইনমেণ্টৰ  পম খেদি স্পন্দন এয়া  'লৈ আহিল! আন্তঃৰাষ্ট্ৰীয়   সংবাদ  প্ৰতিষ্ঠান   এটিত  সি  দুটাকৈ দশক  ধৰি  ফটো-সাংবাদিকতা  কৰিছে। সি জানে,  এই  অতিমাৰীৰ সময়ৰ  তৃতীয় বিশ্বৰ দশা,  সংকট আৰু  লেতেৰা ৰাজনীতি প্ৰতিষ্ঠা কৰিব  পৰা  প্ৰামাণ্য  ফটোখনিৰ  বাবে  তাক বাবুলাল  চণ্ডালৰ  এই  চকুহালৰ  প্ৰয়োজন। কিন্তু সি  কেমেৰাটো  সাজু  কৰে  মানে বাবুলালে সেই  চাৱনি হেৰুৱাই  পেলাব । সি আকৌ   অবোধ,  ভাৱলেশহীন  হৈ পৰিব।   

 জুলাই  মাহৰ  গৰম।  বাবুলাল  চণ্ডালে তাৰ  গেঞ্জীটো  ওপৰলৈ  দাঙি  লৈছে। কল  কল  নিজৰাৰ দৰে  শৰীৰৰ  ঘাম ওলাই  গৈছে।  নুনমাটি   তৈল  শোধনাগাৰৰ  আৱৰ্জনা আৰু  মানুহৰ  পায়খানাৰ টেংকিবোৰে   লেতেৰা  নৰ্দমালৈ  পৰিণত  কৰা  ভৰলু নদী কাষেৰে  বৈ  গৈছে। অঁকটা  গোন্ধ  এটি বৈ  ভৰলুৰ  বুকুৰপৰা  অহা  এজাক  বতাহে  এতিয়াও   কৈছে-- এই  নদীত  জীৱনৰ  সম্ভাৱনা শেষ  হোৱা  নাই।  কিন্তু  চেঁচা   বতাহজাকে  তাৰ  শৰীৰ  শীতল  কৰিব  পৰা নাই। 

স্পন্দনে ওপৰলৈ   চালে। এখন তামৰ  কাঁহী  হৈ  আকাশত  জোনবাই  ওলমি  আছে । মকৰাৰ   দৰে  জোনৰ  আশে-পাশে  সেৰেঙা  ডাৱৰ বগাই  ফুৰিছে।  কেতিয়াবা  জোন  মকৰাৰ বুকুত সোমাই পৰিছে। কেতিয়াবা  বুকু  ফালি তাম ৰঙী  কাঁহী ওলাই  আহিছে । হয়তো  অলপ পিছতে  বৰষুণ  'ব। সৌৱা জোনৰ  বুকুত  দুটি  ৰঙা  পিয়াহ ।  মকৰা-ডাৱৰৰ ফাঁকে ফাঁকে অমৃতৰ  ৰসৰ  দৰে  জোনৰ  পিয়াহবৃন্তৰ  পৰা জোনাক  নামি  আহিছে । তলত  এই   জোনাকে   বাবুলাল  আৰু  স্পন্দনক  জুৰুলি- জুপুৰি কৰি   পেলালে । লক ডাউনৰ  নিশা   বাটত  এটা  পৰুৱাও  পাবলৈ নাই।   সৰু   শ্মশানখনত  সজা   চিতাবোৰৰ   মাজত  এতিয়া  আৰু   দুই   ফুটৰো  ব্যৱধান   নাই।   সাঁজ  ভগাৰ  পাছে পাছে  বাবুলাল  চণ্ডালে  জুই  দিয়াৰ আগতে  প্ৰতিখন  চিতাৰ  নামত   শ্মশানকালী  দেৱীমাতালৈ   হুইস্কিৰ  একোটিকৈ    সৰু  পেগ  উছৰ্গা কৰিছিল।  এতিয়া  পাতি  লোৱা  চিতাৰ   অঙঠাবোৰ   খুছৰি দিবলৈ  হাতত   লাঠি  এডাল  লৈ উলুবাৰী  শ্মশানত  জলি  থকা  বাৰখন  চিতাৰ  মাজত  ঘূৰি  ঘূৰি মানুহটো  অশৰীৰী  হৈ  গৈছে।  ভৰলুৰ  বতাহে  উৰুৱাই  দিয়া  বালিয়ৰি  ভস্ম  তাৰ  ঘামত  টুপটুপীয়া  হোৱা শৰীৰত   লাগি  ধৰিছে।  এক অদ্ভূত   কায়দাৰে  সি তাৰ  শৰীৰটো   চিতাৰ   মাজে মাজে    ঘূৰাবলৈ  ধৰিছে। 

 ক্লিক  ক্লিক  ক্লিক।

 কেমেৰাৰ  ম্যেনুৱেল  'ডৰ  আই  এছ  ',  'কাচ-- সকলো ঠিকে  আছে-- নিখুঁত ।  এই  বিশেষ  ফটো-নিবন্ধটিৰ  এছাইনমেণ্টৰ   বাবে  বাবুলাল  চণ্ডালৰ  পম খেদি  ওলাই  আহোঁতে  সি  আজি  তাৰ  মৰমৰ  কেনন ওৱান ডি মাৰ্ক টু কেমেৰাটো,  ২৪-১২০ এম এম  ৱাইড  এংগল লেন্স,  ৭০-২০০ এম এম  জুম  বগা  লেন্স,  ৪০০ এম এম টে'লিফটো লেন্স  আৰু  ট্ৰাইপ'ড--সকলো সঁজুলি  সাজু   কৰি  আনিছে। গাড়ীৰ  বেক  চিটত  মানুৱে চেনিটাইজাৰ  আৰু  ডেটলৰ  বটল,  মাস্কৰ পেকেট,  কেইটামান  চকলেট,  অলপ খোৱাবস্তুৰে  এটা  টিফিন,   পানীৰ বটল সাজু  কৰি দিছে।  এখন কোমল  টাৱেলো  দিছে তাই। 

 ডাৱৰৰ  মাজেৰে  নামি   অহা  জোনাক  আৰু  তলৰ  পৃথিৱীৰ  চিতাৰ  জুইৰ  পোহৰত   বাবুলাল   অপাৰ্থিৱ  হৈ  গৈছে।  মুখৰ  মাস্ক খনৰ  বাহিৰে  আন কোনো প্ৰটেকশ্যন  গিয়েৰ  লবলৈ  সি কেৰেপ  কৰা নাই।  আনকি ভৰিৰ  চেণ্ডেলযোৰো   সোলোকাই  থৈছে।  কলহৰ  দৰে  তাৰ পেটতো  বাহিৰলৈ ওলাই  আহিছে। মৰিশালিৰ   নিৰ্জনতাৰ  গোটেইবোৰ  খালি  ঠাই  তাৰ  পেটটোৱে  আগুৰি  লৈছে।    

 ক্লিক  ক্লিক  ক্লিক ।

 বাবুলালে কৈছিল--শুকাই কাঠ হোৱা  মৃতকৰ  শৱৰ  সৎকাৰ সোনকালেই  শেষ হ'ব।  দেহা পানীৰে  উপচি থকা  মৃতকৰ   শৱবোৰ  জলি  শেষ  'বলৈহে  কিছু  সময়  লাগিব।  জুইৰ  তাপত কেঁাচ   খোৱা প্ৰাণহীন  দেহৰপৰা  পানীহিলৈ  ফুটাৰ  দৰে  শব্দ  ওলাব।  হয়তো  এনেকৈয়ে   নিশা  দুপৰ  হবগৈ।  দৈত্যৰ  দৰেই   শৰীৰৰ  জোৰ  চণ্ডালৰ । অতিমাৰীকালত  মানুহজনীক  চুবলৈ   নাপাই  শৰীৰ  মৰুভূমি  হৈ  গৈছে ।  কিন্তু   এই  সংকটকালত   সকলো  যাতনা  তাৰ শৰীৰত  জাহ  গৈছে।   

 ক্লিক  ক্লিক  ক্লিক 

  কাঠৰ  কুণ্ডাবোৰ  টানি  টানি  সি  প্ৰতি  নিশাৰ   বাবে  দহ- বাৰখন চিতা  কিদৰে  সাজু কৰিব,  শৱ  জলি শেষ হোৱাৰ  পিছত  মৰিশালি  কিদৰে চেনিটাইজ   কৰিব-- তাকে লৈ  বাবুলালে  প্ৰশাসনক   মূৰ  ঘমাবলৈ  দিয়া  নাই। তাক  আশ্বাস   দিয়া  প্ৰশাসনৰ  লোকসকলো এটি  এটিকৈ  'ৰণা ভাইৰাছত  আক্ৰান্ত  হৈছে।  লক  ডাউনত ঘৰৰ ভিতৰত আৱদ্ধ হৈ  ৰোৱা মহানগৰীৰ  লক্ষ   লক্ষ মানুহৰ  সুৰক্ষাৰ   স্বাৰ্থত  তেওঁলোকে দিন- ৰাতি একাকাৰ  কৰি  কাম  কৰিছে।  তাৰ দৰেই  তেওঁলোকে  ফ্ৰণ্টলাইন  'ভিদ যোদ্ধা।  কোনোবা  দিনা সি তেওঁলোকৰ  কোনোবাজনৰ  দেহা সৎকাৰ কৰিবলগীয়া   নহওক -- এয়াই তাৰ  কামনা। 

 ভাগৰত  অৱশ  হৈ বাবুলালে  এইবাৰ খুঁটা এটাত  আওজি  দিলে। তাৰ  মূৰটো হাওলি  ডিঙিৰ ওপৰতে  ওলমি  পৰিল।  শাৰী শাৰী  চিতাৰ  জুইৰ   মাজত তাৰ  হাওলি  পৰা  মূৰটো--মৰিশালিৰ  নীৰৱতালৈ ওলাই পৰা পেট-- ঘৰ্মাক্ত   শৰীৰত  লাগি  ধৰা  বালিয়ৰী  ভস্ম-- এয়া যেন  মাজনিশাৰ মৰিশালিত  নিমখৰ  দানাৰে  সজা  এটি  ভাস্কৰ্য । স্পন্দন   সাৱধান হ'ল। সি সামান্য অসাৱধান হ'লেই  নিমখৰ এই ভাস্কৰ্য পানী হৈ  পৰিব।  সি  কঁপি উঠিল। তাৰ লেন্সৰ বাবে  বাবুলাল চণ্ডাল  এটি যথাৰ্থ  উত্তৰ-উপনিবেশিক সত্তা--এয়াও  এটি  প্ৰপঞ্চ-- এক  উপৰি পাওনা। উনৈশ শ  সাতচল্লিছৰ দেশ বিভাজনে সৃষ্টি  কৰা  মানৱ  প্ৰব্ৰজনৰ  ভয়ংকৰ এক শৃংখলত  উফৰি  আহি  গৰঙা বিলৰ  পাৰত থিতাপি লোৱা এটি  হিন্দু  শৰণাৰ্থী  পৰিয়ালৰ  আজোনাতি বাবুলাল।  পিতৃৰ  দূৰাৰোগ্য ৰোগৰ  চিকিৎসাত  সৰ্বস্বান্ত  হৈ  এটি  সংস্থাপন  বিচাৰি এদিন  গুৱাহাটী পাইছিলহি।  লঘোণে-ভোকে লেবেজান হৈ  ভূতনাথ  শ্মশানৰ গছৰ  ছায়াত ক্লান্ত   পথিকৰ  আশ্ৰয়ৰ  বাবে সাজি দিয়া শিলৰ বিছনাত সি  কলমটিয়াই আছিল।  নিশা  গভীৰ হৈ আহিছিল।শ্মশানৰ চণ্ডালকেইজন  শেতেলিত  পৰিছিলগৈ। কিন্তু  তাৰ   ভোকাতুৰ  চকুলৈ   টোপনি  নামি অহা  নাছিল। তেনেতে  সৎকাৰ কৰিবলৈ অনা  কোনো এক  মৃতকৰ আত্মীয়ই  আন  চণ্ডালক  বিচাৰি নাপাই তাকেই  খাটনি ধৰিছিল সৎকাৰ  কাৰ্য সমাপণ  কৰিবলৈ।  এনেকৈয়ে   অৱলীলাক্ৰমে  সি  হৈ  পৰিল  শ্মশানৰ  চণ্ডাল। বিচাৰি  পালে উপাৰ্জনৰ  এটি পথ-- সৎ,  কিন্তু  কৰিবলৈ  মন কোঁচ  খাই   অহা।

 বাবুলাৰৰ  মনৰ   দ্বন্দ আঁতৰাবলৈকে  শ্মশানৰ  গুৰুৱে  তাক  শ্মশানকালীৰ জাগ্ৰত মন্দিৰত দীক্ষা দিলে। দীক্ষাৰ কঠোৰ পৰ্ববোৰত সি  উপলব্ধি কৰিলে--কাষ্ঠ-সংস্কাৰৰ  এই  কঠিন পথৰ প্ৰতিটি পথিকক এধানি  সহায়ৰ  হাত আগবঢ়োৱা চণ্ডালসমাজ মানৱতাৰ দ্যুতিৰ একোগছি অকণি অকণি চাকি। সি  বিধবা মাক,  তিনিটি সন্তানৰ সতে  পত্নীলৈ  ঘৰ   চলাবলৈ  টকা পঠিয়াব  পৰা  'ল।  তথাপিও তাৰ  উপাৰ্জনৰ সৱিশেষ ঘৰত জনাবলৈ তাৰ সাহ হোৱা নাছিল। ঘৰত সি কোনোবা কোম্পাণীত  কাম  কৰে   বুলিহে  জানিছিল।  

 ফটো-নিবন্ধটিৰ বাবে এছাইনমেণ্টটো পোৱাৰ পিছত স্পন্দনে  এইখিনি হ'ম-ৱৰ্ক  কৰি লৈছিল। ঘৃণা আৰু  অবিশ্বাসৰ  জখলাত  ভাগৰুৱা সৰীসৃপৰ দৰে বগাই ফুৰা বাবুলালৰ বিশ্বাস  অৰ্জন কৰা সহজ নাছিল।এখন  হৃদয়  বুকুত বান্ধি  সি তাৰ  কাষ চাপিছিল।  “চা  বাবুল, তই মোৰ ভাই। মোক বিশ্বাস  কৰ”--সি কৈছিল।  ইয়াত  কৃত্ৰিমতা নাছিল। নতুনদিল্লীত  বহি  থকা সিহঁতৰ ব্যুৰোৰ  হে'ডে কয়-- স্পন্দনে যেতিয়া  মানৱিক  আবেদন থকা  বিষয়ৰ  ফটো তোলে, সেই  ফটো কবিতা  হৈ পৰে। ক'লিগসকলৰ  ইৰ্ষামিশ্ৰিত   প্ৰশংসাৰ  মাজত সি সেই অভিনন্দন বাণী  বিনম্ৰতাৰে গ্ৰহণ কৰে। বুকু চাৰখাৰ কৰি যোৱা  হতাশা  আৰু  চকুপানীৰ বাহিৰে  এই ফটোবোৰত  আৰুনো  কি আছে!

 আৰু এতিয়া সি কৰ্মৰত হৈ থকা আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানটিৰ প্ৰথম বিশ্বৰ তীখৰ  ফটো- সাংবাদিকসকলৰ  সৈতে ফেৰ মাৰি অতিমাৰীকালৰ তৃতীয় বিশ্বৰ এটি  সত্য  প্ৰতিষ্ঠা  কৰাৰ  প্ৰামাণ্য  এখনি  ফটোৰ  বাবে   বাবুলাল   চণ্ডাল কব নোৱাৰাকৈয়ে তাৰ বাবে হৈ উঠিছে নিমখৰ  এটি  ভাস্কৰ্য।     

 অৱশ্যে প্ৰটেকশ্যন গিয়েৰৰ সুৰক্ষাৰ আবেষ্টনীত কাম কৰিবলৈ সুযোগ  পোৱা  প্ৰথম বিশ্বৰ   তীখৰ  সাংবাদিকসকলেই   স্পন্দনৰ  একমাত্ৰ  প্ৰতিদ্বন্দী নহয় । বৰং  দুৰ্যোগৰ সুযোগ  লৈ দেশে দেশে সংবাদ প্ৰতিষ্ঠানৰ মালিকে   কামৰপৰা  খেদি দিয়া  অনেক সাংবাদিকৰ বিৱৰণীয়ে  সিহঁতক  এতিয়া  সমব্যথী  কৰি  তুলিছে।  বিশ্বৰ  সকলো সাংবাদিক এতিয়া একেটি সমদলত । কেতিয়া, 'ত আৰু কাৰ চাকৰি হেৰাই  গৈছে--কোনেও কব পৰা নাই। 

 এইযে সিহঁতে প্ৰটেকশ্যন গিয়েৰ নোহোৱাকৈয়ে গোটেইখন টহিলং কৰি এছাইনমেণ্ট ক'ভাৰ  কৰিছে!  এখন  ফটোৰ  সন্ধানত ডিঙিত কেমেৰা  ওলোমাই, লেন্স বেগ আৰু  ট্ৰাইপড  কঢ়িয়াই  পাহাৰ- ভৈয়াম  একাকাৰ  কৰি  কৰ্তব্য কৰিছে। প্ৰথমৰ ফালে  খাৰঘূলিৰ  পাহাৰত প্ৰশাসনে  ঘৰে ঘৰে চলোৱা  অভিযানত  'ভিদ-১৯ পজিটিভ বুলি চিনাক্ত  হোৱা  কিশোৰী  মাতৃ এজনীয়ে  কান্দি-কাটি  চিৎকাৰ  কৰোঁতে তাৰ  গাতে  উফৰি  পৰাৰ  উপক্ৰম  হৈছিল। বান্দৰৰ  পোৱালিৰ  দৰে  তাইৰ  বুকুতে অকণমানি কেঁচুৱা এটি  ওলমি  আছিল।  মাতৃ-পুত্ৰ দুয়ো প'জিটিভ বুলি ৰেপিড টেষ্টৰ ফলাফল ওলাইছিল। ভাগি পৰা স্বাস্থ্যৰ কিশোৰী মাতৃক এম্বুলেন্সত  উঠাবলৈ পি পি ই  কিট পিন্ধি যোৱা স্বাস্থ্যকৰ্মীসকলৰ বিশেষ কষ্ট হোৱা  নাছিল। কিন্তু জিলিপোকৰ মাতৰ  দৰে  ৰিঁ  ৰিঁকৈ  দুপৰীয়াটোৰ  বুকুলৈ সোমাই যোৱা তাইৰ কান্দোনটোৱে পাহাৰখন চৌচিৰ কৰি পেলাইছিল । 

 লক ডাউনে মৰিশালি কৰি  পেলোৱা  মহানগৰীৰ  উৰুঙা  দুপৰবোৰত  এখন  একসক্লুচিভ  ফটো বিচাৰি  ফুৰোঁতে  সি এতিয়াও সেই ৰিঁ ৰিঁ  মাতটি শুনিবলৈ পায় । গিৰীয়েকে  এৰি যোৱা  কিশোৰী  মাতৃ   আৰু   বুকুত  ওলমি  থকা কেঁচুৱাটি আৰোগ্য হৈ  জীৱনৰ  দুৱাৰমুখলৈ উভতি  যাবলৈ পাৰিলেনে?  দ্বিতীয়বাৰৰ   বাবে  খাৰঘূলিৰ  পাহাৰখন  বগাবলৈ সি সময় কৰিব পৰা  নাই। কাম শেষ হোৱাৰ  পিছত  সঁজুলিবোৰ   চেনিটাইজ  কৰা,  নিজেও চেনিটাইজাৰ আৰু  ডেটলৰ  বটলত  জোবোৰা  মৰা, আৰু  গৰম পানীৰে  গা ধোৱাৰ পৰ্ব   শেষ কৰি  যেতিয়া সি নিজৰ বাবে আছূতীয়া  কৰি  লোৱা কোঠাটোত সোমায়গৈ--তেতিয়া স্পন্দনৰ  শৰীৰ-মন  কাঠ  হৈ  পৰে । সন্মানীয় পঢ়ুৱৈসমাজক মানসিক খোৰাকি দিব পৰাকৈ ফটো এখনৰ আকৰ্ষণীয়,  মননশীল  কেপশ্যন  এটা  ভাবিবলৈও মগজুৱে কাম  নকৰা  হয়। সেই  সময়তে মানুৱে  খোৱাবস্তুৰ থালখন সজাই  কোঠাৰ   দুৱাৰমুখ পায়হি।

 তাৰপৰাই  তাই  যেন  ৰিঙিয়াই  কয়,

--‘‘মোৰ এই বুকুখনি...।' '

 সি হাহাকাৰ কৰি উঠে। কিন্তু নিজকে সম্বৰণ কৰি   লয়।  অত  সাৱধানতাৰ  পিছতো  জানোচা সিটো  কোঠালিত  থকা  আশীবছৰ অতিক্ৰম  কৰা  পিতৃ-মাতৃ , 'ৰা  দুটি, আৰু মানুৰ শৰীৰলৈ কেনেবাকৈ  তাৰ শৰীৰৰপৰা এই  বিষাক্ত   ভাইৰাছ  বিয়পিব  পাৰে-- সেই আশংকাত সি  চিঞৰি  উঠে,

--‘‘তাতে থোৱা,  তাতে থোৱা, ভিতৰলৈ  নাহিবা তুমি।''

 সি জানে,  এই  সংকটকালত  কৰ্তব্য সমাপণ কৰি যোৱা প্ৰতিজন  সাংবাদিকৰ এই   একেটাই  কাহিনী-- নিজৰ  বাবে  সিহঁতে  তৈয়াৰ কৰি লৈছে  এই  অলিখিত  প্ৰ'টকল ।

 কত  প্ৰত্যাহ্বান সন্মুখত  লৈ  সিহঁতে   তুলি ধৰে  সাংবাদিকৰ পৰিচয়। ডিজিটেল  মাধ্যমৰ মল্টি-স্কীলড টগ-বগ তৰুণ সাংবাদিকে  দপদপাই  থকাৰ  সয়মত  মুহূৰ্তে  মুহূৰ্তে   ভাইৰেল  হৈ  পৰা  হাজাৰ  প্ৰতিবেদন, ভিডিঅ'  অথবা  অডিঅ' বাৰ্তাই   কঢ়িয়াই  অনা  অনেক  খবৰৰ  মাজত  সি  এখনি  ফটোৰেই  প্ৰতিষ্ঠা  কৰিব  পাৰিব  লাগিব  অনেক  সত্যৰ   মাজতো  অনন্য   হৈ  উঠা  আৰু  এটি  সত্য। যেন  মকৰা-ডাৱৰৰ   ফাঁকে ফাঁকে সৌ আকাশত  অনেক তৰাৰ  মাজতো তিৰবিৰাই  থকা শালপ্ৰাংশু  ভোটতৰাটি--অনেকৰ মাজৰ বিশেষ ।  তাৰবাবেই  তাৰ  অত  অধ্যয়ন-- প্ৰতিখন   ফটোৰ  পিছৰ  সততে  আনে দেখা নোপোৱা  প্ৰস্তুতি,  বেকগ্ৰাউণ্ডিং,  'ম ৱৰ্ক। তীখৰ পঢ়ুৱৈয়ে  জানে--নিউজ  ফটোগ্ৰাফি  মাথো ছায়া-পোহৰৰ কৌশল নহয়--ই যে অভিনৱ খেলা  হৃদয় আৰু মগজুৰ। যেতিয়া সি কেমেৰাৰ  ভিউফাইণ্ডাৰত চকু থ'ব--সি  হৈ   উঠিব  সামুদ্ৰিক  মৎস্য  চিকাৰৰ  বাবে আকাশৰ  মণিব নোৱাৰা  নীলাৰপৰা  সোঁ সোঁ  কৈ  নামি  অহা  ঈগল  পক্ষী- সঠিক  অংগ  সঞ্চালনা,  মগজুৰ ক্ষীপ্ৰতা,  একাগ্ৰ  দৃষ্টি  আৰু  অব্যৰ্থ  লক্ষ্যভেদ!   এয়াই  প্ৰত্যাহ্বান-- কেমেৰাই   ধৰি  ৰাখিব   পাৰিব  লাগিব  এনুৱা  মহাৰ্ঘ  ক্ষণ। এটি  পলকত, যি  চাবুক হৈ  উঠিব  চেতনাত।  তাৰ ফটোখনি  'বগৈ   মানৱতাৰ  হকে  গাঁতত  সোমাই  থকা  এটি  কণমানি  উইচিৰিঙাৰ  মাত।  মগজু টনটনাই  উঠা  ঝংকাৰ—তীক্ষ্ণ আৰু  শাণিত।   

বাবুলাল চণ্ডালে  চকু  দুটা  মুদি  দিছে। প্ৰশাসনৰ  উচ্চপদস্থ  বিষয়াই  পিঠিত  ঠপৰিয়াই   তাক  মানৱতাৰ  বাণী শুনাই যায়। মৰিশালিৰ  ভস্ম  নদীলৈ নমাই  দিয়া  নলাটো  বন্ধ  হৈ  পৰাৰ  কথাটো   প্ৰশাসনৰ  মানুহৰ  চকুত  পৰা নাই। নলাটো বন্ধ  হৈ পৰাৰ বাবে এচূকত ভস্মবোৰে  '  বান্ধিছে।  হাতত কেমেৰাটো  লৈ  বিভিন্ন  এংগলৰপৰা ফটোবোৰ তুলিবলৈ দৌৰা-দৌৰি কৰোঁতে স্পন্দনেও ধৰিব নোৱাৰাকৈ  ভস্মৰ   'মৰ  ওপৰতে উঠিছেগৈ।

 হঠাতে তাৰ  ভৰিখন  গোটা বস্তু  এটাৰ ওপৰত পৰিল।  ওপৰত   জোনাক  আৰু   তলত  আজিৰ  দিনটোত   'ভিদ-১৯ ভাইৰাছ  সৃষ্ট  অতিমাৰীত  মৃত্য হোৱা  মৃতকৰ   চিতাৰ  জুইৰ  চৌফলীয়া  পোহৰত  সি দেখিলে,  তাৰ  ভৰিৰ  তলত  এয়া   ভস্মৰ  মাজত  কোনোবা  মৃতকৰ  আঁঠুৰ   হাড়। স্পন্দনৰ তেজৰ সোঁত  পৰ্যন্ত  বৰফ  হৈ  'ল। ওলাই আহিব  খোজা  চিঞৰ এটা সি হেঁচা মাৰি  সুমুৱাই  দিলে।  সৌৱা  শাৰী  শাৰী  চিতাৰ  মাজত  বাবুলালে  সমৰ্পিত হৈ কৰ্তব্য  কৰি গৈছে। অলপ সময়ৰ  আগতে  সি স্পন্দনক নিৰ্ভয় দিছে, -“চিতাৰ  জুইৰ এই তাপত ভাইৰাছ জীয়াই  থাকিব নোৱাৰে,   ইয়াত  প্ৰাণৰ  সংশয়  নাই।  কাম কৰি যা। ভয় নকৰিবি।'' 

 চণ্ডালে  সঁচাকৈয়ে এই  সৎকাৰ কৰ্মত  নিজকে  সমৰ্পণ  কৰি  পেলাইছে  নেকি! প্ৰশাসনৰ  বিয়াগোম  বিষয়াসকলে কোৱাৰ দৰেই  সি  ভাবিবলৈ  আৰম্ভ কৰিছে নেকি যে,  অতিমাৰীকালত   মানৱতাৰ সেৱা কৰিবলৈকে  ভগবানে  তাক  স্ৰজন  কৰিলে! ক'ৰণা ভাইৰাছৰ আতংক বিয়পি সময়ত কোনো চণ্ডালেই  'ভিদত মৃত্যু হোৱা  লোকৰ  দাহ-সংস্কাৰ  কৰিবলৈ সাহ কৰা নাই । সিও  সাহ  কৰা নাছিল। কিন্তু এতিয়া সি ইহকালৰ   এই  কৰ্মৰদ্বাৰা  সঁচাকৈয়ে   পৰকালৰ   বাবে  পূণ্য  লাভ কৰিব  বুলি  আশা কৰিছে নেকি!  সংবাদ মাধ্যমত  নানা  খবৰ  প্ৰচাৰ  হৈ  আছে । অতিমাৰীকালত  বাবুলাল  চণ্ডালক  ভূতনাথ  শ্মশানৰপৰা  আনি  হোটেলত  আছূতীয়াকৈ  ৰখা  হৈছে।  খোৱা-বোৱাৰ খৰছ দিয়া  হৈছে।  সৰ্বোপৰি,  প্ৰতিখন চিতা জলোৱাৰ  বাবদ  আঠ  হেজাৰ টকা  মাননী পাব  বুলি স্বয়ং  মন্ত্ৰীয়ে তাক  আশ্বাস দিছে। তাৰেই লালসাত এই  মাজনিশা  চণ্ডালে   তাৰ   শৰীৰটো  এনে  আচৰিত কায়দাৰে   চিতাবোৰৰ  মাজত  ঘূৰাই   ফুৰিছে নেকি!  

দিন  বাগৰাৰ  লগে  লগে  'ভিদ-১৯ ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা  বাঢ়ি  আহিছে।  চণ্ডালৰো সৎকাৰ  কাৰ্যৰ  অলিখিত  পাৰিশ্ৰমিক  কমি আহি আছে।সুধীসকলে   তাক  মন্ত্ৰীৰ  আশ্বাস   কাগজত লিখা- লিখি  কৰি  খাটাং  কৰি নোলোৱাৰ  বাবে খং কৰে।হয়তো সি প্ৰতিটো শৱ সৎকাৰ কৰা  নামত  এতিয়া  আৰু  পাঁচশ  টকাও   নাপাবগৈ।

 এয়াই সত্য।পৃথিৱী জুৰি  বিয়পি পৰা  এই  দুৰ্যোগত  ইয়াতকৈ  ডাঙৰ  সত্য  আৰু  কি হ'ব পাৰে!অচিনা  এটি   ভাইৰাছৰ সন্মুখত বিপন্ন হৈ পৰা মানৱসমাজৰ এই সংকটকালত সাংবাদিকসকলে অনেক  সত্য উন্মোচন কৰিছে।  তাৰ সংবাদ  প্ৰতিষ্ঠানটিৰ  বিভিন্ন দেশৰ  সাংবাদিকসকলৰ  কামৰ খতিয়ানৰ  সপ্তাহান্তিক  অনলাইন  বৈঠকবোৰ বিস্ময়কৰ ফটোৰে ভৰি পৰিছে।  উন্মোচিত হৈছে ইটালী,  জাৰ্মানী অথবা ফ্ৰান্সত লক ডাউনত বন্ধ  হৈ পৰা  এয়াৰ   কণ্ডিচনিং  শ্বপিং মলৰ  ভিতৰত  শাৰী শাৰীকৈ  ৰখা মৃতকৰ  সুদৃশ্য কফিনবোৰ। নিউয়ৰ্কৰ কবৰস্থানবোৰত  মৃতকৰ  সৎকাৰৰ কৰিবলৈ ঠাইৰ  অভাৱ হোৱাৰ বাবে  নতুন  কবৰস্থানৰ সন্ধানত খেতিপথাৰত  চলা  বুলডজাৰৰ  খননকাৰ্য।

ফটোবোৰ কথক--অদ্ভূত কাহিনীৰ  চৰিত্ৰ।মিছিগানৰ হস্পিতালত  কৰ্মৰত এগৰাকী গৰ্ভৱতী চিকিৎসকে  কামৰ মাজে মাজে গৰ্ভত থকা সন্তানটিৰ ওপৰেৰে হাত বুলাই  ভয়ত শিয়ৰি  উঠে। অতিমাৰীয়ে  দেখা দিলে  গোষ্ঠী  উচন গৈ   প্ৰাচীন  টোটেম  হেৰুৱাই  পেলাব বুলি  ভয় খোৱা  আমাজান বৰ্ষাৰণ্যৰ  আদিম  জনজাতিসকলে  বিচিত্ৰ  সাজ-সজ্জা কৰি,  নৃত্য-গীতেৰে অপায়-মৰকৰ দেৱতা  খেদি অৰণ্যৰ  গভীৰলৈ  খোজ  লয় । আপোনজনক  শেষ  বিদায়  দিবলৈ  মৰিশালিলৈ পি পি ই কিট পিন্ধি আহি শোকত  ভাগি  পৰা আত্মীয়সকলৰ এলানি  ফটো স্পন্দনৰ  কেমেৰাত আৱদ্ধ  হৈছিল। অনেক  প্ৰ'টকল পাৰ কৰি মৰ্গৰ ভিতৰৰপৰা পলিথিনৰ  পেকেটত  সোমাই  আহে মৃতক। বাবুলাল চণ্ডালে পেকেটৰ জীপ খুলি ক্ষন্তেক সময়ৰ বাবে  মুখখন আত্মীয়ক চাবলৈ  দিয়ে। নীলা ৰঙৰ পি পি ই  কিটবোৰৰ  তলত  শোকত ভাগি পৰা আত্মীয়ৰ  হিয়া ভঙা কান্দোনৰ  সেই  বিৱৰণী  দিবলৈ যোৱাৰ  সময়ত  বৃদ্ধ পিতৃ- মাতৃ, মানু আৰু  সন্তান  দুটিৰ মুখকেইখন সন্মুখলৈ আহি স্পন্দনক স্তব্ধ কৰি দিছিল। স্পন্দনৰ সেই  ফটোবোৰে  নিউয়ৰ্ক  টাইমচ,  ৱাশ্বিংটন প'ষ্টৰ দৰে কাকতৰ পাঠকসমাজক  অলোড়িত কৰিছে।

 এতিয়া সি আশা কৰে-- ভৰলু নদীৰ পাৰৰ এই শ্মশানৰ  ফৰিং ফুটা জোনাকত অতিমাৰীত হেৰাই যোৱা  মৃতকৰ  দাহ  কাৰ্যত  মগ্ন  হৈ  থকা  বাবুলাল  চণ্ডালৰ  ফটো-নিবন্ধটিয়েও  উন্মোচন কৰিব  নিৰন্ন  মানৱতাৰ  আন  এটি  সত্য। জুলাই  মাহৰ  প্ৰচণ্ড গৰমত   এটা  মানুহে   অকলেই   কাঠৰ  গধুৰ  কূন্দা  টানি  টানি  চিতা সাজি   বিশটালৈকে  শৱ  দাহ   কৰিছে।  এই  অদ্ভূত পৰিক্ৰমাত  সি  নিজেও কতবাৰ   মৰিছে  আৰু  জী উঠিছে! এয়াই   সত্য।  এই   নিৰ্মম  সত্যই  ঘাম আৰু  চিতাৰ  জুই  হৈ  চাবুকৰ  দৰে কোবাই  বাবুলাল  চণ্ডালৰ দেহ   ছিৰাছিৰ  কৰিছে।  তাৰ মূৰটো হাওলি পৰিছে, ভাগৰত লাল-কাল  দিয়া চকুহাললৈ  থিয়ৈ  থিয়ৈ  টোপনি  নামি  আহিছে।  শ্মশানকালী দেৱীমাতালৈ  উচৰ্গা  কৰা  হুইস্কীৰ  পেগবোৰৰ  প্ৰতিটো  টোপাল  ঘাম  হৈ  শৰীৰপৰা ওলাই    গৈছে।  তথাপি  সি   গংগা  নদীৰ  পবিত্ৰ   সংগমত অস্থি  বিসৰ্জন দিয়াৰ  বােব   মানস  কৰি  ৰখা  মৃতকৰ  আত্মীয়সকলৰ  বাবে  নিষ্ঠাৰে শৱদেহৰ  অস্থি   সংগ্ৰহ   কৰি  ৰাখিব-- সৎকাৰ  শেষ হোৱাৰ পিছত  পাইপেৰে  পানী ঢালি মৰিশালি  পৰিস্কাৰ  কৰিব-- সৎকাৰ  কাৰ্যৰ  প্ৰ'টকল  মানি চেনিটাইজাৰ  ঢালি  শ্মশান বীজাণুমুক্ত   কৰি  ৰাখিব। 

 মাজনিশাৰ  এই  শ্মশানত  স্পন্দনে প্ৰিয় কবি   গিয়েনৰ  এটি  কবিতাৰে  এই  সত্যক  বৰণ  কৰি ল'লে।   সি  বিৰবিৰকৈ  আবৃত্তি   কৰিলে-- Lash, sweat and lashThe wind went by screaming: What a black flower in each hand   Said the blood to him  Let’s go!  Said he to the blood, Let’s go!প্ৰিয়  কবিৰ  কবিতাৰ  শাৰীকেইটা  সি  চিতাৰ  জুইৰ  মাজে  মাজে খেলা  কৰি  থকা  জোনাকৰ  বুকুলৈ  এৰি  দিলে।   

 স্পন্দনে জানে--- এই  সত্য  বাবুলাল  চণ্ডালৰ  নিয়তি  হৈ  গৈছে ।  সি  আৰু   ইয়াৰপৰা ওলাই আহিব  নোৱাৰে।  ক্ষন্তেকৰ  বাবে  সি  কেমেৰাৰপৰা  হাত দুখন  আঁতৰাই  দিলে।

 ------

 এটা সময়ত   বাবুলাল  আজৰি হ'ল।  পাইপেৰে  পানী ঢালি  ভস্মবোৰ   উটুৱাই সি  শ্মশানখন  চেনিটাইজড  কৰি  পেলালে। তাৰপিছত   নিজে পৰিস্কাৰ  কৰি  ', আৰু   স্পন্দনক ক'লে,

-- ‘‘এতিয়া ব'ল।''

 ঠিক  এইখিনিৰপৰাই  বাবুলাল চণ্ডালে তাক নিয়ন্ত্ৰণ  কৰিবলৈ ধৰিলে।  চণ্ডালৰ বাইকৰ  পিছে  পিছে স্পন্দনৰ  গাড়ী আগবাঢ়িল।  পল্টনবজাৰৰ  নিৰ্দিষ্ট  হোটেলখনৰ তাৰ কোঠাটো পোৱাৰ  লগে  লগে হোটেলৰ  ফালৰপৰা তাক নিশাৰ আহাৰ দিয়া হ'ল।  এয়া  প্ৰশাসনৰ  নিৰ্দেশ।  নিশা  চাৰে  বাৰ  বাজিছে। অলপ  পিছতে  বাবুলাল  তাৰ  ঘৰলৈ বুলি ওলাব। শৱদাহৰ  পাৰিশ্ৰমিক হিচাপে  প্ৰশাসনে  তাৰ  þহাতত দ্বিতীয় কিস্তিৰ  কিছু টকা দিছে।  সি পত্নীৰ  হাতত টকাখিনি  দিবগৈ। 

 স্পন্দনে মনতে এটা হিচাপ কৰিলে। তাৰ মনত এখন বিশেষ ফটোৰ  পৰিকল্পনা  আছে। ইয়াৰপৰা  বাবুলালৰ  ঘৰলৈ  তিনিঘণ্টাৰ  বাট।  সিহঁত  অলপ পিছত ওলালেও হ'ব। সি  বাবুলালক  অলপ সময়  শুই  লবলৈ ক'লে।  বাবুলাল  বিছনাত পৰে  মানে   চকী এখনত  বহি   দৰকাৰী মেছেজ  আছে নেকি চাবলৈ  ' বাইলটো খুলি ল'লে। 

 স্পন্দন  স্তব্ধ হৈ  'ল।  মেচেজ বাকচত  প্ৰাণজিতা ৰাভাই  লক ডাউনৰ মাজতে  জন্ম হোৱা  তাইৰ  নৱজাতকৰ ফটো এখন দি থৈছে।  ৰঙা এপাহি  ফুলৰ  দৰে  এটি  স্বাস্থ্যবান কণমানি  জীৱ।  প্ৰাণজিতাই  তালৈ  এটি মেচেজো  দি   থৈছে-- “মই যোদ্ধা,  মই  যুঁজিম।” --সি দীঘলকৈ  এটি  উশাহ   'লে।  কবলৈ  'লে  ফিল্ড ৰিপৰ্টিঙত তাই  এজনী  দুদ্ধৰ্ষ   যোদ্ধা। অথচ তায়েই  হৈ পৰিছিল  অতিমাৰীৰ দোহাই  দি গৰ্ভধাৰণৰ  সুযোগত কামৰপৰা আঁতৰাই  দিয়া প্ৰথমগৰাকী  সাংবাদিক। মহিলা  সংবাদিকৰ গৰ্ভধাৰণ এটি  সমস্যা, আৰু অতিমাৰীয়ে মালিকপক্ষৰ  বাবে মাথো এটা সুযোগ তৈয়াৰ কৰি দিলে। 

 যেতিয়া প্ৰথম  বিশ্বৰ  বিভিন্ন  দেশৰপৰা অ তিমাৰীৰ আতংকৰ  খবৰ আহিছিল -- সেই  আতংকৰ  সৈতেই  আৰম্ভ হৈছিল  অনেক  অনাকাংখিত  হিচাপ-নিকাচ। প্ৰথমে  সাপ্তাহিক কাকত  এখন  বন্ধ কৰাৰ খবৰ আহিল।  কাকত খনৰ আটাইকেইজন  সাংবাদিকে  কাম হেৰুৱালে। তাৰপিছত  পৰ্যায়ক্ৰমে আহি  থাকিল খবৰবোৰ--  দৰমহাৰ কৰ্তন, মালিকপক্ষই  অপ্ৰয়োজনীয়  বুলি  ভবা সাংবাদিকক  কামৰপৰা  বিতাড়ণ । 

লক ডাউনৰ  এই দুঃসময়ত গুৱাহাটী  মহানগৰীতে এশজনতকÍ  অধিক  সাংবাদিকে কাম হেৰুৱাইছে।  খবৰ  বিলাই   ফুৰা  সাংবাদিকে  কাম হেৰুওৱাৰ  এই খবৰবোৰ ক'তো প্ৰকাশ হোৱা নাই। এইসকল  সাংবাদিকৰ  বাবে  প্ৰেছ  ক্লাৱে নিজস্ব  উদ্যোগ লৈ  দান-বৰঙণি  সংগ্ৰহ কৰি ৰেচনৰ সামগ্ৰী বিতৰণ  কৰাৰ ফটোবোৰ  কেমেৰাত  ধৰি ৰাখিবলৈ স্পন্দনক তাৰ  বিবেকে সন্মতি নিদিলে।  এতিয়ালৈকে   সংবাদ  প্ৰতিষ্ঠানবোৰৰ  প্ৰায়বোৰ  সাংবাদিক   আক্ৰান্ত  হৈছে-- হস্পিতাল অথবা কোৱাৰেনটিন চেণ্টাৰৰপৰা ওলায়েই  স্বাদ  আৰু  গোন্ধ  নোপোৱা দুৰ্বল  গাৰে শ্বিফট ডিউটি  কৰিবলৈ  ঢাপলি মেলিছে।  কৰ্তব্যৰ  তাগিদা,  নিজক  আৰু  পৰিয়ালবোৰক  সুৰক্ষিত কৰি   ৰখাৰ আপ্ৰাণ চেষ্টাই   সিহঁতক  লেটালৈ  পৰিণত  কৰি তুলিছে। 

 এনে  দুঃসময়ত প্ৰাণজিতাই  পঠিওৱা  ৰঙচুৱা ফুলৰ  দৰে কেঁচুৱাকণৰ  ফটোখনে  এক সঞ্জীৱনীৰ  দৰেই  কাম কৰিলে। সি যেন জঁপিয়াই, চিঞৰি  দিব! তাৰ  আন এটা মেচেজলৈ চকু গ'ল।  এসময়ৰ কলেজৰ সহপাঠী  বৰ্তমানৰ  এগৰাকী  বন বিষয়া দীপাংকৰৰ  মেচেজ। আমচাঙৰ   পাহাৰত বনৰীয়া হাতী এজনীৰ  বাৰ্ধক্যজনিত  মৃতু্য  ঘটিছে।  কাইলৈ ক'ভিদ-১৯ প্ৰ'টকল  মানি হাতীজনী  সমাধিস্থ  কৰা হ'ব। বন্যহস্তীজনী সমাধিস্থ কৰাৰ সময়ত  পাহাৰৰ  জনজাতীয় লোকসকল গোট খাই  ৰীতি অনুসৰি  শ্ৰদ্ধা জনাব । ইচ্ছা কৰিলে স্পন্দনে ফটো সংগ্ৰহৰ বাবে আহিব পাৰে । 

সি পুলকিত হ'ল।  সিহঁতটো এতিয়া সেইফালেই যাব। এই  সুযোগ সি  এৰি  নিদিয়ে।   কিন্তু এয়া বাবুলালে  ধৰফৰাই উঠি বিচনাত বহি দিছে।  

 -- ‘কেঁচুৱাটোলৈ মনত পৰিলে চকুত টোপনি নাহে । ব',  যাবলৈ  আৰম্ভ কৰি দিওঁ।”-- সি কলে। 

 যাত্ৰা আৰম্ভ হ'ল।  আগে আগে  বাবুলালৰ বাইক। পিছে পিছে স্পন্দন । বি বৰুৱা কলেজৰ  সন্মুখেৰে আহি  গুৱাহাটী ক্লাৱ পাৰ হৈ সিহঁত এম জি ৰোডত উঠিল। এম  জি ৰোডৰ  নিজান  'ব নোখোজা  ব্যৱসায়িক  প্ৰতিষ্ঠান,  ৱাইন  শ্বপ,  নানা ৰঙী  কিয়'স্ক- সকলো এতিয়া  বন্ধ- ভূতৰ দৰে  বাটৰ  কাষত  থিয় দি আছে। কেতিয়াকৈ  এইবোৰ  খুলিব কোনেও  কব পৰা নাই।   মানুহবোৰে বাৰু  সাঁচতীয়া টকাৰ ওপৰতেই  চলি থাকিব পাৰিছেনে?  কাম  হেৰুওৱা এদল সাংবাদিকে  শাৰী পাতি  প্ৰেছ  ক্লাৱে বিতৰণ কৰা  ৰেচনৰ টোপোলা  সংগ্ৰহ  কৰা  ছবিখন তাৰ  চকুৰ আগেৰে পাৰ  হৈ  'ল।   

 বাটত এখন গাড়ীও দেখিবলৈ নাই।  আনহে   নালাগে  কুকুৰৰ  ভূকভূকনি এটাও  নাই। মানুহৰ  এই  দুৰ্দিনত  বাটৰ  কুকুৰবোৰ  'লৈ  গৈছে?  স্পন্দনৰ  ভাৱ হ',   সি যেন  এক  প্ৰাচীন  কাৰাগাৰৰ  জৰাজীৰ্ণ   কুঠৰীবোৰৰ   মাজেৰে  গৈ  আছে--কুঠৰীৰ  দুৱাৰে দুৱাৰে ৰৈ  থকা  কয়দীবোৰৰ  নাকৰপৰা  সৰি  পৰা  হুমুনিয়াহৰ  বাহিৰে তাক আমনি দিবলৈ আৰু  কোনো নাই । এই  যাত্ৰাৰ  আদি  আৰু অন্ত  'ত! এই  মৃত মহানগৰীত  লক্ষ লক্ষ  মানুহক  বন্দী কৰি ৰখা সৌ এপাৰ্টমেণ্টবোৰ  কাৰাগাৰৰ  কুঠৰী। এসময়ত তাত  চঞ্চলতা আছিল। কিন্তু  এতিয়া  মানুহবোৰৰ  উশাহ-নিশাহৰ বাহিৰে  নীৰৱতাক ভংগ  কৰিবলৈ আন  একো শব্দ  নাই। বিয়লিৰ  নামঘৰ  আৰু  প্ৰাতঃ ভ্ৰমণৰ  মাজত  সময়  কটোৱা স্পন্দনৰ  বৃদ্ধ পিতৃ-মাতৃকো   আচৰিত  নীৰৱতাই  গ্ৰাস  কৰি পেলাইছে। 

 বৰষুণ পৰিছে। বৰষুণৰ টোপালবোৰ ডাঙৰ  হৈ  আহিছে।  পিঠিত  বৰষুণজাক লৈ সিহঁত   চানমাৰী,  বামুনীমৈদাম,  নুনমাটি,  নাৰেংগী  পাৰ  হৈ আহিল । ইয়াৰপৰাই  বাটৰ  দুয়োপাৰ  কিছু  উদং।  এটা সময়ত সিহঁত  বোন্দা  পালেহি।  বোন্দাৰ  ৰেলৱে ক্ৰচিংটোৰ   কাষতে  বাবুলাল  চণ্ডালে  বাইকখন ৰখাই  দিলে  আৰু ৰেইনকোট  এটা  উলিয়াই   পিন্ধি ল'লে।   সি ৰেইনকোটতো পিন্ধে   মানে স্পন্দনে  ৰেলৱে ক্ৰচিংটোৰ  কাষৰ সৌ  ছালিখনৰ  তলৰ  জুপুৰিটোলৈ  চাই পঠিয়ালে।  কিছুদিনৰ আগতে তাতেই আন্তঃৰাষ্ট্ৰীয়  চোৰাং  ব্যৱসায়ীয়ে  লুকুৱাই  অনা কেইবাটাও  বনৰৌ,  কেঁকো সাপ  আৰু  উজ্জ্বল  হালধীয়া  বৰণৰ   বাৰ্মিজ অজগৰ  দুটি   উদ্ধাৰ হৈছিল।  আন্তঃৰাষ্ট্ৰীয়  চোৰাং  বজাৰত এইখিনিৰ   মূল্য কেইবালাখ টকাৰ  আছিল । খবৰ পাই  স্পন্দন  ফটো তুলিবলৈ দৌৰি  আহিছিল। জীৱন্ত   অৱস্থাত উদ্ধাৰ হোৱা  বন্যপ্ৰাণীকেইটি  চিৰিয়াখানাত চমজাই  দিয়া  হৈছিল।  প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত  বাকীকেইটা  প্ৰাণী  হাবিত  এৰি  দিয়া  'ল। কিন্তু  বাৰ্মিজ অজগৰ  দুটিক  চিৰিয়াখানাতেই  ৰখাৰ  ব্যৱস্থা  কৰা  হৈছিল।  এটি  সাপ  বচাব  পৰা  নগল।  আনটি   চিৰিয়াখানতে  ডাঙৰ   হৈছে । 

নিয়ৰে ধোৱা এটি সূৰ্যমুখী ফুল ৰ'দ পাই জিলিকি উঠাৰ দৰে চিকমিকাই থকা হালধীয়া বৰণৰ  সেই নতুন অতিথি  প্ৰাণীটি তাৰ সন্তান দুটিক দেখুৱাব বুলি সি ভাবি  আছিল।সি মৰা শগুনৰ পাখিৰ দৰে পৰিত্যক্ত  বদনামী জুপুৰিটোলৈ চালে। পাহাৰৰ কেঁকুৰিবোৰ  উচপ খুৱাই আন্তঃৰাষ্ট্ৰীয় চোৰাং বন্যপ্ৰাণী ব্যৱসায়ৰ  কুখ্যাত  অপৰাধীক টানি  আনিব পৰা খিল খিল  হাঁহিৰ নিজৰাবোৰ এতিয়া  জুপুৰিটোত  নাই।  ৰেলৱে ক্ৰচিং  জুৰি  অপাৰ শূন্যতা।

পানীখাইতি পাৰ হৈ  সিঁহত  আমচাং  বনাঞ্চল  এলেকাত সোমালহি।  ধাৰাসাৰে  'ৰষুণ  পৰিবলৈ  ধৰিলে।  বগা ৰেইনকোটটো  পিন্ধি বাইক চলাই  সৌৱা বাবুলাল  গৈ আছে। গম নোপোৱকৈয়ে সি ক'ভিদত আক্ৰান্ত হৈ  মৃত্যু হোৱা কিশোৰী ছোৱালী  এজনীক ভূতনাথ  শ্মশানত দাহ  কৰি পেলাইছিল। তাই  'ভিদ পজিটিভ আছিল বুলি  শৰীৰ দাহ  হৈ যোৱাৰ পিছতহে সংবাদ মাধ্যমত ৰৌজাল-বৌজাল হৈছিল।  ঘটনাক্ৰমে,  তায়েই  আছিল  অতিমাৰীয়ে  প্ৰাণ কাঢ়ি  নিয়া প্ৰথমটি বলি । বাবুলালে শৱ সৎকাৰ  কৰি ভাৰাঘৰৰ  নিজৰ কোঠাত   শুই আছিলগৈ।   'বাইলতো বাৰে বাৰে ৰিং হোৱাতহে তাৰ টোপনি ভাগিছিল। তাক শ্মশানলৈ মতা  হৈছিল। শ্মশানলৈ আহি   সি দেখিছিল  চাৰিওফালে পুলিচ- প্ৰশাসনৰ  মানুহ।  শ্মশানৰ মানুহবোৰে  তাক  প্ৰচণ্ড গালি-গালাজ পাৰিছে-- অথচ  কোনেও  কাষ  চাপিবলৈও সাহ কৰা  নাই। ইয়াৰ  পিছত  তাৰ   মূৰেৰে এখন  মহাভাৰত  পাৰ হৈ গৈছে।  

 যি মুহূৰ্ততে  সি ক'ভিদত মৰা মানুহ  দাহ কৰা বুলি  গম পালে--আসন্ন মৃত্যুৰ ভয়ে তাক দহি নিলে। পৰিয়ালটোৰ প্ৰাণীকেইটিৰ  মুখবোৰ তাৰ চকুৰ আগত ভাহি উঠিল।  জীৱনৰ  আশা এৰি সি  মৰিবলৈ  সাজু হ'ল।  কিন্তু তাক  ভাইৰাছে  নাপালে। সি  টে'ষ্টত  নিগেটিভ হ'ল। সি  বাচি  থাকিল।  প্ৰশাসনে  ভূতনাথ  শ্মশানৰ এটি এৰাপৰলীয়া কোঠাত  তাক কোৱাৰেনটিন  কৰাৰ  ব্যৱস্থা  কৰি দিলে।  কোৱাৰেনটিন   কালতহে  ঘৰৰ  মানুহক সি তাৰ চণ্ডালৰ বৃত্তিটোৰ কথা  জনাবলৈ বাধ্য  'ল।  অৱশ্যে  প্ৰশাসনৰ  মানুহে  তাক  সহায় কৰিলে।  ঘৰৰ  মানুহকো আশ্বাস দিলে। কিন্তু  সি কোৱাৰেন্টিন  ' বলৈ  পালেনো কিমান দিন?  মৃতকৰ খবৰবোৰ  অহাৰ লগে  লগে প্ৰশাসনৰ  ফালৰপৰা তাক যোগাযোগ কৰা  'ল। কোনো চণ্ডালেই  অতিমাৰীত   মৰা মৃতকৰ দেহা   দাহ  কৰিবলৈ  সাহ  কৰা নাই । সিয়েই  আগবাঢি আহিব  লগা  'ল। সেই সময়ত  স্থানীয়  মানুহৰ মনত  বিয়পি  পৰা আতংকৰ  বাবে  প্ৰশাসনে  মাজনিশা  সকলো শুই  পৰাৰ  পিছতহে  কটকটীয়া নিৰাপত্তাৰ মাজত মৃতকক   দাহ  কৰাৰ  ব্যৱস্থা  কৰিছিল।  এতিয়াহে   সন্ধিয়াৰ পিছৰেপৰা  দাহ কাৰ্য আৰম্ভ হয়।

গৰঙা বিলৰ পাৰৰ মানুহবোৰে  ঘটি যোৱা অত  ঘটনাৰ  উমান  পোৱা নাছিল। বেছিভাগ  'ৰাই  জীৱিকাৰ  সন্ধানত  অৰঙে-দৰঙে থাকে গৈ। অতিমাৰী আৰু লক ডাউনেহে  সিহঁতক  গাঁৱলৈ ওভোতাই  আনিছে । কোনে, 'ত কি কাম কৰে তাক  জানিবলৈ  গঞাৰেই  বা  সময় ক'ত! কিন্তু স্থানীয়  নিউজ চেনেল এটাত সি  দাহ  কাৰ্য  কৰি থকাৰ  ভিডিঅ' ওলোৱাৰ পিছত হৈ চৈ লাগিল। সি চণ্ডালৰ  বৃত্তি লোৱা বাবেই  পৰিয়ালটো  জুই- পানী নিষেধ হ'ল। অৱশ্যে  প্ৰশাসন আগবাঢ়ি  আহিল। তেওঁলোকে তাৰ পৰিয়ালৰ  নিৰাপত্তা   দিলে, তাক চৰকাৰী চাকৰি এটাও দিয়া হ'ব বুলি  আশ্বাস দিলে। তথাপি  সামাজিকভাৱে সিহঁত এতিয়াও এঘৰীয়া।  সৌ  সিদিনা  লুইতৰ   বানে   ঘৰ  বুৰাই  পেলোৱাৰ সময়ত  তাৰ  ঘৰৰ  দমকলটো  পানীত  তল যাওতেও  গঞাই  তাৰ পৰিয়ালটিক  এটোপাল  পানী দিয়া  নাই।  প্ৰশাসনৰ  মানুহেহে  তাৰ  ঘৰত পানীৰ  যোগান   ধৰিছেগৈ।  দিনে- পোহৰে সি এতিয়াও  গাৱঁত সোমাব নোৱাৰে। দাহ কাৰ্য কৰি সময়  বুজি পুৱতি  নিশাহে  চুপি চুপি কেতিয়াবা চোৰৰ  দৰে ঘৰলৈ আহে সি--চোতালৰপৰাই  পৰিয়ালটোক মাত দিয়ে-- মাটিত  পইচাখিনি থৈ,  সন্তানকেইটিৰ  সতে  দুআষাৰ  কথা পাতি  উভতি যায়। 

 আজিও আহিছে সি। বগা ৰেইনকোটটো  পিন্ধি  বাইক  চলাই  গৈ থকা মানুহটো  অশৰীৰী  হৈ  উঠিছে।  স্পন্দনে দেখিলে  বৰষুণ  পাই  ডালে-পাতে জীৱন্ত  হৈ  ওপৰলৈ  উঠি  যোৱা  আমচাং   হাবিৰ  গছবোৰত  চিনাকি  চকু কিছুমান  ওলমি আছে। তাৰ  লগে  লগে  চকুবোৰো আহি  আছে।  এঢোক পানী পি,  টাৱেলখনেৰে  মুখখন  মচি লৈ  সি  এই  চকুবোৰৰ  ফটো  তুলিব নেকি!  কিন্তু  চকুবোৰ  অপাৰ্থিৱ,  মৃত।  মৰি যোৱা মানুহৰ  চকু। এটা সময়ত  সি  এই  মানুহবোৰৰ  ফটো  তুলিছিল। কথাটো মনলৈ অহাৰ  লগে লগে  সি  নিজৰ  গাতেই  চিকুটি দিলে। এয়া যে গাড়ী চলাই থাকোঁতেই  তাক টোপনিয়ে  হেঁচি ধৰিছে আৰু  ষ্টিয়েৰিঙত  হাত  ৰাখিয়েই   কলমটিয়াই  কলমটিয়াই সি সপোন দেখিবলৈ ধৰিছে। গাৰ নোম ডাল ডাল হৈ উঠিল। সন্মুখেৰে  বাইক  চলাই  গৈ  থকা সৌ  প্ৰাণীটোৱে  সঁচাকৈয়ে তাক   লক্ষ্যস্থানলৈ  লৈ  যাবনে! কেনেবাকৈ সি  ঘাগু হৈ উঠিব  নেকি!

নাই--সন্মুখৰ মানুহটোক সি ভাৰসা কৰিবই লাগিব। কিন্তু আমচাঙৰ এই অৰণ্য ডালে-পাতে  মাথো ওপৰলৈকে  উঠি  যোৱা নাই। বাৰিষাৰ বৰষুণ পাই হাবিৰ লতা-পাতৰ আগবোৰ হাইৱে'ৰ বুকুলৈও  নামি আহিছে। লতা-পাতবোৰে  কেতিয়াবা তাৰ  চলন্ত  গাড়ীখনৰ  চকাকেইটাত মেৰ  খাই ধৰিছেহি।  কেতিয়াবা  হে'ড লাইটৰ পোহৰত  বতাহৰ কোব খাই নাচি উঠা আগবোৰ ফণা মেলি অহা  সাপ  হৈ  পৰিছে। এই ফণা যেন  দুটি  দশকৰো আগৰ  লুইতৰ   বুকুৰপৰা ওলাই  অহা  জলাহত  পোত  খাই  থকা  মৃতকৰ  উৱলি  যোৱা  ভৰি! স্পন্দনৰ মনত পৰিল-- সিদিনাও  সেই   ভৰিখন  সাপৰ ফণাৰ  দৰে   লাগিছিল । পিতনিত  কলাফুলৰপৰা  তলচোৱাৰৰ  সতে  দাং খাই  ওলাই  আছিল  সেই ভৰি।  খবৰ আছিল  তাৰ ।  নৈৰ  পাৰৰ  জলাহৰপৰা নিশা নিশা ভাহি  অহা ডেকা  'ৰাবোৰৰ  মৰণকাতৰ  চিঞৰে  গাওঁখনৰ  মানুহবোৰক বোবা কৰি  ৰাখিছিল।  বাইকত  উঠি সি  পুৱাতেই  গাওঁখনলৈ ঢাপলি মেলিছিল।  কিন্তু  প্ৰাণৰ ভয়ত  সিদিনা  কোনেও তাক এটা ‘ক্লু' দিবলৈ  ৰাজী হোৱা নাছিল।  মনত পৰিল তাৰ-- আজিৰ  এই  বৰষুণজাকৰ দৰেই   সিদিনাও দিন দুপৰতে এজাক বৰষুণ  আহিছিল। আশ্ৰয় বিচাৰি  বাবে সি এঘৰৰ চোতাললৈ  গৈছিল। মানুহঘৰৰ  তালৈ  বেথা  উপজিল ।  একাপ  চাহ খাবলৈ দিলে। গৰম চাহৰ সতে  সামান্য  কথা-বতৰাৰ  বিনিময় হ'ল।

 -- “সৌটো মথাউৰি। সেইফালেদিয়ে  দোভাগ  নিশা সেনাৰ  গাড়ী যায়।  কিছু সময়ৰ  পিছত  জলাহৰফালে  বন্দুকৰ  গুলী ফুটাৰ  আৱাজ  ভাহি  আহে।  ডেকাল'ৰাৰ  মৰণকাতৰ  চিঞৰ  ভাহি  আহে,  আৰু  মাৰ যায়।  তাৰপিছত আমি  গাড়ীবোৰ উভতি অহাৰ শব্দ শুনিবলৈ পাওঁ। ”

গঞাই  বোলে ভয়তে  সেইফালে  চাবলৈকে এৰি  দিছিল।  নব্বৈৰ  দশকৰ  অশান্ত  সময়।  চাৰিওফালে উগ্ৰপন্থীৰ দপদপনি।  সেনাৰ অভিযান।  উগ্ৰপন্থীৰ  পৰিয়ালৰ আত্মীয় এজন হঠাত নিখোঁজ হৈ  যায়।  খববৰকাকতত  বিয়পি পৰে  এটা  শব্দ-- গুপ্ত  হত্যা!কিন্তু এটা  ‘ক্লু'  বিচাৰি  সিহঁতে হাবাথুৰি খাইছিল। অৱশেষত খবৰ আহিছিল। তাক  চাহ যচা মানুহহালৰ  সতে হোৱা সামান্য কথাৰ আঁত ধৰিয়েই সি  ফুটগধূলিৰ  ফালে  নৈৰ পাৰৰ  জলাহটো  বিচাৰি পাইছিলগৈ। আজিৰ দৰেই  সিদিনাও  ভয়ত  তাৰ গাৰ  নোম  শিয়ৰি  উঠিছিল। কিন্তু  প্ৰচণ্ড  এক  কৌতূহলে  তাৰ ভৰি দুখন  জলাহটোৰ কাষলৈ  টানি  নিছিল। সত্যই তাত  খোপনি  পুতি যেন  তালৈকে  বাট চাই  আছিল! ভূতে পোৱা মানুহৰ দৰে  আগুৱাই   গৈছিল সি। সাংবাদিকতাৰ  জীৱনৰ সেয়া আৰম্ভণিৰ কাল।   কলিজা খেপিয়াই  হাতত  লব  লগা  হৈছিল।  জলাহটো  চলাথ  কৰি  সি শুকাবলৈ  ধৰা মেটেকানিয়ে  ঢাক খুৱাই  ৰখা  শৰীৰ  এটাৰপৰা  ওলাই  থকা  ভৰি এখন দেখিলে।  কলাফুলৰপৰা  তলৰচোৱাৰ সতে  দাং খাই  থকা--যেন  ফণা মেলি অহা সাপ।  লাহে  লাহে  গোটেই  শৰীৰটোৱেই  চকুত পৰিল। 

 নব্বৈৰ  দশকৰ  মানৱ অধিকাৰ কৰ্মীসকলৰ  বাবে, বিবেকবান  মানুহৰ  বাবে  উগ্ৰপন্থা দমন কৰিবলৈ মোতায়েন কৰা  সেনা আৰু  চৰকাৰী সন্ত্ৰাসৰ  জঘন্য ব্লুপ্ৰিণ্ট  প্ৰতিষ্ঠা  কৰিবলৈ সেই ফটোখনেই  যথেষ্ট আছিল।  ফটোখনে কেৱল সত্য উন্মোচন কৰাই  নহয়--উগ্ৰপন্থী দমনৰ  কূট-কৌশলবোৰৰ  এটি নতুন  বিৱৰণীৰো সৃষ্টি  কৰিছিল।  কৌশল আছিল  নিশাৰ এন্ধাৰত উগ্ৰপন্থীৰ  পৰিয়ালৰ এটি সদস্য  উঠাই  আনি  নিখোঁজ কৰি দিয়া-- আৰু   এনেকৈ  মানসিক হাৰাশাস্তি  দি প্ৰতিপক্ষক  দুৰ্বল কৰি তোলা।  আৰক্ষী, সেনা আৰু  মূলসুঁতিলৈ উভতি অহা  এচামেই  লগ হৈ  এই ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছিল । তাৰ  সেই বিশেষ ফটোখনিৰ  পিছে  পিছে  আন বহুত  সাংবাদিকে ই  জলাহত  উবুৰি খাই  পৰিছিলগৈ। উদ্ধাৰ হৈছিল  এটি,  দুটি --অজস্ৰ  গুলীবিদ্ধ  দেহ ।  এতিয়া  নব্বৈৰ  দশকৰ সেই  গুপ্তহত্যাৰ  বিৱৰণীৰ  প্ৰসংগ  ওলালেই  তাৰ  ফটোখনৰ  কথা  ওলায়, আৰু  লগতে তাৰ  নামটোও  ওলায়। 

 সৌখন কপিলী নদীৰ দলং। দলঙৰ সিটো  পাৰে  টিনৰ  চালিৰ  শতচ্ছিন্ন পঁজা  এটিৰ তলত  বুঢ়ী এগৰাকীয়ে  এই   নিশাও  কেৰাছিন তেলৰ   লেম্প এটা জলাই  কেটলিত চাহ  তপতাই  ৰৈ থাকিব।  হাতনি-পাচনি কৰি  দিয়া  বুঢ়ীৰ  পাটগাভৰু   নাতিনীজনীও  থাকিব  চাগে। এই  বাটেৰে পাৰ  হৈ যোৱা বালিৰ  ট্ৰাক, মাছৰ  গাড়ীকে ধৰি  লক ডাউনৰ সময়ত  জৰুৰীকালীন  কামত  পাৰ  হৈ  যোৱা গাড়ীৰ  চালকসকলে বুঢ়ীৰ তাতেই   চাহ  একাপ খায়। কপিলী পাৰৰ  নিশাৰ এন্ধাৰত  বুঢ়ী আৰু  নাতিনী ৰহস্যময়  হৈ  উঠে।  স্পন্দন আৰু  বাবুলাল চণ্ডালে  তাতেই  ক্ষন্তেক  ৰৈ  একাপ একাপ চাহ খালে।

 ক্লিক ক্লিক ক্লিক।

 সিহঁত ৰজামায়ং  পালেহি। চেগুণৰ  বাৰীখন পাৰ হ'ল।  এটা শিৱমন্দিৰ।  এইখিনিতে এন্ধাৰ  ফাটিল । পূবে ৰঙা ডাঁৰ  পৰিল।  বেলি ওলাবৰ নৌ এথোন। স্পন্দনে এইখিনিতে  তাক ক্ষন্তেক ৰবলৈ ক'লে। এটি  নতুন দিনক  স্বাগতম  জনাবলৈ  এন্ধাৰ ফাটি  পৰাৰ  বিশেষ  সময়কণক ত  মন্দিৰটোৰ  বেকগ্ৰাউণ্ডত বাইকখনৰ  সতে  সি  বাবুলাল চণ্ডালৰ  এখন ফটো তুলিলে।  এখন  ফটো সি এনেকৈয়ে পৰিকল্পনা কৰিছিল।  ইয়াৰপৰা  বাবুলালৰ  ঘৰলৈ  মাথোন   পাঁচ মিনিটৰ বাট।

অৱশেষত সিহঁত আহি  বাবুলালৰ  চোতাল পালেহি।  ঘৰৰ  মানুহ সাৰে  আছে । পোহৰ হৈ অহাৰ বাবে স্পন্দনে  খৰধৰকৈ   কাম কৰিবলগীয়া  হৈছে।  গাঁৱৰ  মানুহ সাৰ পোৱাৰ  আগতেই  সিহঁত ওলাই যাব লাগিব।   স্পন্দন  ঘৰৰ ভিতৰলৈ  'ল।  খৰধৰকৈ  ফটো ল'লে। বান  নামি  যোৱাৰ পিছত  নতুনকৈ  লিপা  মাটিৰ বেৰৰ  বেকগ্ৰাউণ্ডত  ফটোবোৰ  অধিবাস্তৱিক  হৈ উঠিছে। 

 সি  ওলাই  আহি  পদূলিমূখ  পালেহি। সৌৱা বাবুলালে  বিদায় লোৱাৰ যো জা কৰিছে।  সেমেকা বেৰখনৰ দুৱাৰমুখত আউজি   বাবুলালৰ  পত্নীয়ে কোলাত  তিনিমহীয়াটো  লৈ  থিয় দি আছে।   তাইৰ  আচলত ধৰি  দুয়োকাষে  আন দুটি  সন্তান। নাতি দূৰৈতে বিধবা  মাক থিয় দি আছে।  চোতালপৰাই  কিছূ  দূৰৈত  থিয় দি বাবুলালে  প্ৰয়োজনীয় এষাৰ- দুষাৰ  কথা কৈছে। এয়া পকেটৰপৰা টকাৰ টোপোলাতো উলিয়াই সি সিহঁতৰ সন্মুখত  'লে। আৰু উভতি আহিবলৈ মানুহটো ঘূৰি দিলে।

স্পন্দনৰ কেমেৰা জঁপিয়াই  উঠিল। এয়া কাহিলী  কাহিলী পোহৰত  বাবুলালৰ  পৰিয়ালটোৱে তাৰ কেমেৰাৰ দিশলৈ মুখ কৰি  থিয় দি আছে।  বান  নামি  যোৱা পৃথিৱীৰ  গোটেইবোৰ  কৰুণতাই  বগা চাদৰ এখনৰ  দৰে প্ৰাণীকেইটাক  মেৰিয়াই  ধৰিছে । কেঁচামাটিৰে লিপা বেৰত জল জলকৈ ওলাই  থকা বাঁহৰ কামিবোৰ যেন পঁজাটোৰ সেৰ পতা  কামিহাড়।  আৰু   বাবুলালৰ  চকুহাল! এয়া  তাৰ  চকুৰ মণিত  মানুহজনী  আৰু  'ৰাকেইটা স্থিৰ  হৈ   গৈছে।এয়াই  সেই   চাৱনি,  এয়াই সেই   চকু-- য'ত স্পন্দন  বাৰে  বাৰে হেৰাই   যায় ।  বাবুলাল চণ্ডালৰ  চকুত  এয়া একুৰা  জুই  জলিছে,  নুমাইছে-- জলিছে,  নুমাইছে। এডৰা পলস শুকাই  কৰ্কৰীয়া মাৰিছে। 

 এই  অতিমাৰীকালত  ফুলা কোনো  এটি  গোলাপৰ  কলিয়েই  বাবুলাল চণ্ডালৰ  সেই   অদ্ভ²ত  চাৱনিৰ  বিৱৰণী আঁকিব নোৱাৰিব।  কোনো এটি নিজৰাই সেই  জুই  শাঁত পেলাব নোৱাৰিব।

 কাম শেষ। 

 দুয়ো আহি  নাতি দূৰৈত  থকা শিৱ মন্দিৰটি  পালেহি।  ইয়াত  বাবুলাল নিৰাপদ।  সাংবাদিক এজনক লৈ মন্দিৰলৈ আহিব বুলি সি  পূজাৰীক খবৰ দি থৈছিল।  এচিলিম ভাং  আৰু  এবটল  হুইস্কিৰে সিহঁতে এটা সৰু  আৰম্ভণি পৰ্ব কৰিলে।  “ৰজামায়ং  যাদুৰ ঠাই।  ইয়ালৈ ক'ভিদ  আহিব  নোৱাৰে।  চৰকাৰে ঢেৰ টকা দিব বুলি  মানুহে  অনাহকতে বাবুলালক  হিংসা কৰিছে। নিউ×  চেনেলত সি বহুত টকা পাব বুলি খবৰ  ওলাইছিল”-- পূজাৰীয়ে তাক  বুজালে।  মন্দিৰত শুকান ৰুটি  আৰু  গৰম গৰম  বুটৰ দাইলৰ ব্যৱস্থা কৰা হৈছিল।  বুটৰ দাইল ফোৰণ দিয়াৰ  গোন্ধ এটি মলমলাই উঠিছে। 

 আহাৰ সমাপ্ত কৰি বাবুলাল  মন্দিৰৰ পকা  মজিয়াত কাটি হ'ল। সি গভীৰ টোপনিত ঢলি পৰিল।

 স্পন্দনে পূজাৰীৰপৰা  বিদায় ল'লে । আমচাং পাহাৰৰ বৃদ্ধ হাতীজনী মৰাৰ খবৰটো চৌদিশে বিয়পি পৰিছে।  পূজাৰীয়েও খবৰ পাইছে।  স্পন্দনে পাহাৰলৈ বাট ল'লে।

 গাড়ীখন তলত থৈ  সি পাহাৰত উঠিল।  মৃত হাতীজনী বিচাৰি  উলিয়াবলৈ  তাৰ বিশেষ কষ্ট নহল। বন বিভাগৰ বিষয়াসকল যেন তালৈকে ৰৈ আছিল। পাহাৰত  বাস কৰা এজাক  জনজাতীয়  মানুহ হাতত ফুল-পাত, চাউলৰ  গুৰি লৈ  তাতে   ৰৈ াছেহি।   প্ৰ'টকল মানি তেওঁলোকে  সামাজিক দূৰত্ব ৰক্ষা কৰি,  মুখত মাস্ক  পিন্ধি  তেল- শলিতা জলাই , চাউলৰ গুৰি অৰু   ফুল- পাত চটিয়াই  মৃত  হাতীজনীক  বিধিমতে পূজা- অৰ্চনা কৰিলে।   হাতীজনীৰ চকুৰ  একোণত চকুপানীৰ  টোপাল  এটা  শুকাই  টান হৈ পৰিছে।  স্পন্দনে  ক্ল'  আপ  শ্বট  এটা ল'লে।   ক্ৰেন  এখনেৰে মৃত  হস্তীৰ  শৰীৰ   উঠাই  গাঁত এটাত   সমাধিস্থ  কৰা  'ল। নাই  নাই  বুলিও গোটেই   প্ৰক্ৰিয়াটোত দুঘণ্টামান লাগিল।

 বনবিষয়া দীপাংকৰে তাক নিজৰ অফিচলৈ লৈ গ'ল।  আগনিশাৰ টোপনি খতিয়ে  বিধস্ত কৰা স্পন্দনৰ  অৱস্থাটো তেওঁ  বুজিলে । একাপ  চাহ  যাচি তেওঁ  অফিচৰ চোফাখনতে তাক অলপ জিৰণি  লবলৈ ক'লে।  স্পন্দনে  বন্ধুক  ধন্যবাদ   দিলে।  আন্তৰ্জাতিক পাঠকসমাজত  স্পন্দনৰ  বন্যপ্ৰাণীবিষয়ক  ফটোবোৰৰ  বিশেষ সমাদৰ  আছে।   অতিমাৰীয়ে   হাত-ভৰি  বান্ধি পেলোৱা   বাবে বহুদিন ধৰি  সি   হাবিলৈ  যাব  পৰা  নাই।  আজি  প্ৰকৃতিৰ  নিবিড়তাত  সহজ- সৰল জনজাতীয়  মানুহখিনিৰ  মাজত  কটোৱা  সময়কণে  তাক নতুনকৈ  সজীৱ  কৰিলে। 

 ক্লান্তিয়ে  হেঁচি ধৰিছে । সি চোফাখনতে বাগৰ দিলে।

 -----

 ঘৰ আহি পায় মানে  নিশা দুপৰ  'ল।  গাড়ীৰ  শব্দ  শুনি মানু আহি   বাৰান্দাত থিয়  দিছেহি। বাৰান্দৰ  লাইটৰ গোটেইবোৰ পোহৰলৈ তাইৰ দীঘল শৰীৰটো বিয়পি পৰিছে। নিশা তাই  প্ৰায়ে  এটি  হেঙুলীয়া ৰঙৰ গাউন পিন্ধে, আজিও  পিন্ধিছে। হেঙুলীয়া মানুৰ  প্ৰিয়  ৰং।  গাড়ীখন  গেৰেজত  সুমুৱাই  সি  নিজকে চেনিটাইজড   কৰিলে। কেমেৰাটোৰ  লগতে লেন্সকেইখনো চেনিটাইজড   কৰি  পেলালে।  বাথৰুমত  গৰম  পানীৰে  গা  ধূলে।   চেনিটাইজাৰৰ ডাঠ চামনিবোৰ ঘহি থাকোঁতে অসময়ত ভাগি  যোৱা  চৰাইৰ কণী এটাৰ  ঘিণ  লগা  বীজল বোৰে তাক মেৰিয়াই ধৰা যেন লাগিল। বহু পৰ সি গৰম পানীত জোবোৰাত নিজকে ডুবাই ৰাখিলে। বাথৰুমৰপৰা ওলাই দেখিলে মানুৱে তালৈ  ভাতসাঁজ  সজাই  আনি দুৱাৰমুখ পাইছেহি।  সি ততাতৈয়াকৈ ভাত খিনি খালে।  মানুৱে জানে,  শোৱাৰ  আগেয়ে  সি কেমেৰা আৰু  লেপটপটো  খুলি ফটোবোৰ  আকৌ  এবাৰ  চাব । কাইলৈ  মেইল  কৰিবলগীয়া  ফটো-নিবন্ধটিৰ  ৰূপৰেখা এটা এতিয়াই  মনতে তৈয়াৰ  কৰি  পেলাব।   তাই  তাক  পহৰা  দিবলৈকে  যেন  দুৱাৰমুখতে ৰৈ   থাকিল।  

 এটা সময়ত স্পন্দনৰ  কাম শেষ  'ল।  লেপটপৰপৰা  মূৰ তুলি  দেখিলে দুৱাৰমুখত মানু-- তাইৰ চকুত কৌতুক। মানৱসমাজ  কোঙা কৰি  পেলোৱা এই  মাৰাত্মক  ভাইৰাছৰ  বিৰুদ্ধে গোটেই  পৃথিৱীজুৰি  গৱেষণা  আৰম্ভ   হৈছে। হয়তো অচিৰেই  ইয়াৰ প্ৰতিষেধক ভেকচিন ওলাব। হয়তো অ’তিমাৰীকালৰ  লেতেৰা  ৰাজনীতিবোৰৰ দৰেই  ভেকচিনৰ বজাৰখন  লৈয়ো টনা-আজোঁৰাৰ আন এক ৰাজনীতি  'ব।কিন্তু নিজৰ প্ৰাণকো তুচ্চছ  কৰি  কোৱাৰেনটিন    লাইনৰ  ইপাৰ-সিপাৰৰ  দেখা-অদেখা অসংখ্য বিন্দুৰপৰা  তাৰ কেমেৰাই  তুলি  অনা  ফটোবোৰত ৰৈ  যাব   কঠিন সময়ৰঅনেক সত্য ।

 চকু দুটি  মুদি  সি প্ৰাৰ্থনা  কৰিলে--এই সত্যবোৰে সমকালীনৰ সীমা পাৰ হৈ  যাওক। ক্ষুদ্ৰজীৱনৰ দুৱাৰ  পাৰ হৈ  মহাজীৱনৰ  কথা  কওক।  

 প্ৰাৰ্থনাৰ শেষত সি চকু দুটা  মেলি  দিলে। দুৱাৰমুখত মানু এতিয়াও ৰৈ আছে । তাইৰ  চকুৰ  মণিত কৌতুকটো ওলমি আছে।

-- “তুমি ফটো এখন তুলিবা, আৰু  আমি  হাঁহি  দিম। এনেকৈয়ে  আমাৰ দুখ- ভাগৰবোৰ  লুকাই  পৰিব।”

 তাই প্ৰায়ে কয়। 

এয়াই  মানু--এগৰাকী ইণ্টেৰিঅ'ৰ ডেক'ৰেটৰ।  তাৰ দিন-ৰাতিৰ  চেদ-ভেদ নোহোৱা বৃত্তিটোক লৈ অলপো  ওজৰ নাই  তাইৰ। এই  সংকটৰ   সময়তো তাক  কামৰ  বাবে  আজৰাই  দি  পৰিয়ালৰ  সকলো দায়িত্ব  নিজে চম্ভালি  লৈছে । তাইৰ  কষ্ট  কৰিব  পৰাৰ শক্তি দেখিলে  তাৰ   চকুৰ পতা দেঁা খাই  পৰিব  খোজে।  কত  কথা নোকোৱাকৈ  পাৰ  হৈ   যায়   সাংবাদিকৰ   দিন-- নতুন  এটা এছাইনমেন্টৰ উত্তেজনাত  হেৰাই   যায় পৰাণৰ  আকুলতা।    মাথো  হেৰাই   নাযায়  মানুৰ  চকুৰ কৌতুক-- তাই  তাতেই  ৰৈ  থাকে-- সি এখন  ফটো তুলিলে  সন্তানকেইটিক  সাৱটি  হাঁহি  এটা  মাৰি  দিয়ে।

 এতিয়াও   সি  দেখিলে,   চকুৰ কৌতুকটোৰ সতে তাই   ধীৰে ধীৰে এটা  হেঙুলীয়া  বালিচাপৰিলৈ পৰিণত  হৈছে--এজাক  নীড়মুখী  পখী  কল  কল কাকলিৰ কঁপণিৰে  তাইৰ চৌপাশে উৰি ফুৰিছে ।চাপৰিটোৰ গা চুই বৈ যোৱা জলধিৰ  প্ৰাচীন,  কুলু  কুলু ৰাগিণীৰ গুণ গুণবোৰে তাক উতলা  কৰি তুলিলে। গভীৰ প্ৰশান্তিৰ বাহিৰে   ইয়াত  আৰু একো  নাই।

 সেই  মহাজাগতিক হেঙুলীয়ালৈ স্পন্দনে তাৰ ভাগৰুৱা  চকুহাল  পাৰি  দিলে। 

-----



সাংবাদিক  বন্ধু  অনুপম  নাথৰ  হাতত।   

কৃতজ্ঞতা--সঞ্জয় ৰায়, মনীষা কলিতা, ৰঞ্জিতা ৰাভা

ইয়ৰ্কশ্বায়াৰৰ  বিশিষ্ট  কবি  প্ৰফেশ্যৰ চাইমন আৰ্মিটেজে মহাকবি  কালিদাসৰ মেঘদূত কাব্যৰ প্ৰেৰণাৰে  লিখা  ‘লক ডাউন' শীৰ্ষক প্ৰেমৰ কবিতাৰ এটি অংশ।

 -- ৰত্না ভৰালী তালুকদাৰ

প্ৰকাশ --গৰীসয়ী, ২০২১

No comments:

Post a Comment