ভয়ৰ চিঞৰ, প্ৰাচীন
মৌচাকৰ পলসত গজি উঠা সাধু
- ৰত্না ভৰালী
তালুকদাৰ
“– the sun was
setting – suddenly the sky turned blood red– I paused, feeling exhausted, and
leaned on the fence– there was blood and tongues of fire above the blue-black
fjord and the city...” Edvard Munch
::::
তৰবৰী!তৰবৰী! মথাউৰিৰ জোনাকী অ' মনে তৰবৰী!
মাত-কথাবোৰে ঘূৰ্ণিৰ দৰে খেদি
আহিছে।
উত্তৰে হাতীমূৰা পৰ্বতৰ টিঙত
চকা পাটত বহিছে।জ্বলি উঠা
আগ্নয়েগিৰিৰ মুখ যেন পৰ্বতৰ টিং।গিৰিমুখত তেজ আৰু জুইৰ শিখাৰ সহস্ৰ জিভা।আকাশলৈ
বিয়পি গৈছে।নিয়ন্তা শিল্পীয়ে যেন উল্লাসিত দুবাহুৰে চটিয়াই দিছে তেজ আৰু জুইৰ লেলিহান জিভাৰ গণি শেষ কৰিব নোৱাৰা
ষ্ট্ৰোক!
ব্লাড ৰে'ড!
নৈৰ বুকুতো বাগৰিছে সেই ৰং।বাৰিষাৰ
নৈ। তৰবৰীৰ তেজ নোহোৱা দেহাটোৰ শুকাই যোৱা গৰ্ভৰ দৰে নৈ গোন্ধাইছে ।তাইৰ চাৰিমাহৰ
গৰ্ভাৱস্থাৰ অনুপম সৰোবৰটিত আহ-পাহ মেলিব খোজা অকণমানি জীৱ এটিৰ গোন্ধ এটায়ো নীলিক খেদি আহিছে।
উত্তৰৰ অৰুণাচলৰ পৰ্বতৰ বৰষুণৰ পানী
কঢ়িয়াই নৈ ওফন্দি উঠিছে।ইয়াত বৰষুণ নাই।এইবেলি ভৰ খেতিৰ বতৰতো ইয়াত খৰাং।
নীলিৰ ডিঙিটো কিহবাই সোপা মাৰি ধৰিছে। চাটি-ফুটি লাগিছে। এই তেজ, খৰাং আৰু জুইৰ লেলিহান শিখাৰ
মৃতবৎ চেতনাই তেওঁক শুহি নিব নেকি!অসহ্য।এই যেন নীলিয়ে দৌৰ মাৰি প্ৰাণাধিক
হাবিখনলৈ গুচি যাবগৈ! কজলা ভাস্কৰ্যৰ দৰে
হাবিৰ সেই প্ৰাচীন বিৰিখত ওলমি থকা পৌৰাণিক মৌচাকখন সাৱটি ধৰিবগৈ!
তৰবৰী!তৰবৰী!
দখলা পাহাৰৰ ভাঁজটোত মথাউৰিটো
শেষ হ'বগৈ। পাহাৰৰ
নাতিদূৰৈত এখন দলং।তলত এসুঁতি ক্ষীণকায় পানী। ক'লা পানীৰ নৈ।
পৃষ্ঠত নৈৰ কাষৰ ইষৎ সেউজীয়া। চিকিৎসালয়ৰ কৰ্তব্যৰ পিছত নীলিয়ে ডিউটিৰপৰা উভতি
অহাৰ বাটত এইডোখৰতে নিশা হয়।হাইৱে'ৰ মূল বাটৰ
যান-জঁট এৰাই সমান্তৰালভাৱে যোৱা এই মথাউৰিৰে নীলিয়ে চৰ্ট-কাট কৰে।বহুবছৰ ধৰি তেওঁ
মহানগৰৰ ত্ৰিশ কিলোমিটাৰ দূৰৈৰ এই ৰেফাৰেল চিকিৎসালয়খনত কাম কৰি আহিছে। কাল-ক'ৰণা অহাৰ লগে
লগে অৱশ্যে সকলো চিকিৎসকেই মেডিকেল কলেজত ডিউটি কৰিবলৈ ঢাপলি মেলিবলগীয়া হৈছিল।ছয়মাহমান তাতেই ডিউটি পৰিছিল। অতিমাৰীৰ
প্ৰথমটো ঢৌত ক'ভিড পজিটিভ হোৱা নীলিয়ে গাটো এতিয়াও ভালকৈ টঙাব পৰা নাই।হাওফাওখনৰ সংক্ৰমণ আৰু ক'ভিডৰ উপসৰ্গ ডায়েৰীয়াই তেওঁক কাহিল কৰি পেলাইছিল। আই চি ইডৰ পৰা ওলোৱাৰ পিছত কেইদিনমানৰ জিৰণি লৈ
তেওঁ পুনৰ এই ৰেফাৰেল চিকিৎসালয়লৈকে উভতি
আহিছে।
ওভতাৰ বাটত এই দলংখনৰ মূৰতে
ষ্টীয়েৰিঙৰপৰা হাত উঠাই, গাড়ীৰ দুৱাৰ
খুলি নীলি এপলক ৰৈ যায়। লাহেকৈ এটা
ফেণ্টাছিলৈ সোমাই যায় তেওঁ।কল্পনা কৰে
তাহানি হেৰাই যোৱা এডৰা কচুৱনিৰ।সোঁৱৰণিৰ কচুৱনিত উৰুৱাই দিয়ে টিপ টাপ জোনাকী পৰুৱা। জাঁপ মাৰি এজনী সৰু
ছোৱালীৰ দৰে কৈ উঠে--“উৰি থকা জোনাকী পৰুৱাবোৰ আকাশৰ সৰি পৰা অঘৰী তৰা।''...আজি হয়তো তৰবৰীও এটি জোনাকী হৈ ইয়াত নাচি থাকিবহি।
নীলি মোচৰ খাই গ'ল।
এইখিনিত নদীৰ পানীয়ে নীলাচানেকীয়া
বেঙুণীয়াৰ ৰং লৈছে। নদীৰ সৌডোখৰত আকাশৰ ব্লাড ৰে'ড
ষ্ট্ৰোকবোৰৰ প্ৰতিবিম্ব। উটি গৈছে
জান-নেজান দুটি পানচৈ।দিগন্তত হেৰাই যাবলৈ।দলঙৰ মূৰত সৌ দুটি
ছায়ামূৰ্তি ।উদাসীন। আপোনপেটীয়া। সৃষ্টিকৰ্তাই হয়তোবা মানুহৰ শ্লেষৰ কথা
কবলৈকে সিহঁতক উন্নাসিক কৰি সৰজিলে।পৃথিৱীৰ কোনো এটি খৰাং, কোলাহল আৰু আৰ্তনাদে সিহঁতক এতিয়া চুবগৈ নোৱাৰিব।
ধীৰে ধীৰে হলৌ চোলা মেৰিওৱা
প্ৰেতটোৰ সৰল অৱয়ৱ দলঙৰ ৰেলিঙত ভাহি উঠিব। তাৰ বিস্ফাৰিত কোটৰত ভয়ৰ চকুহাল হেৰাই যাব।দীঘল হৈ অহা হাতৰ তলুৱাৰে
সি কাণ দুখন হেঁচি ধৰিব।উবুৰিয়াই থোৱা উদং টেকেলিৰ দৰে লাওখোলাটোত প্ৰাগৈতিহাসিক
পখীৰ কণীৰ দৰে ভাঁজ লৈ মেল খাই যোৱা ওঁঠযুৰি দীঘল এটি সুৰংগৰ দৰে হৈ উঠিব।সুৰংগমুখত ওলমি থাকিব শতিকাৰ পৰা শতিকালৈ
পাৰ হৈ যোৱা সেই আৰ্তনাদ। কৰুণ।ধ্ৰুপদী। আৰু সনাতন । বোধৰ বিস্তাৰত যি বাংময় হৈ
উঠে।
‘দ্য স্ক্ৰীম'!ভয়ৰ চিঞৰ।মুংখৰ চিঞৰ।
বাংময়। অসহায় মানুহৰ।
শতিকাৰ ভয়। এটা শতিকাৰপৰা আন এটিলৈ
ভয়ৰ আৰ্তনাদ বিয়পি যায়। মানুহৰ সংকটকালৰ সাংকেতিক, বিমূৰ্ত ভাৱনাৰ অভিনৱ প্ৰকাশ হৈ উঠে।ধীৰে ধীৰে বুজি
উঠিছে নীলিয়ে।ক'ৰণাভাইৰাছে অনা মানুহৰ এই সংকটকালত মুংখৰ অসহায়
চিঞৰ মানৱজাতিৰ সন্মুখত আকৌ এবাৰ ত্ৰাস আৰু বিভীষিকাৰ অভিনৱ প্ৰকাশ হৈ উঠিছে। এয়া নীলিৰ পিছে পিছে খেদি অহা মথাউৰিৰ
এজাক তিৰোতা, কোৱাৰেনটিনকালত নিস্কৰ্মা হৈ পৰা সিহঁতৰ
ভাতাৰবোৰ আৰু এদল আধাপেটীয়া শিশুৰ হাঁহি-কান্দোন-খিকিন্দালিৰ
সমদল এটি মুংখৰ প্ৰেতটোৰ মুখত ওলমি ৰোৱা সুৰংগটোৰে গুচি গৈছে। গুচি গৈছে নৈয়ে হেঁচুকি হেঁচুকি
দিয়া বেদনা। সোঁৱৰণিৰ গাওঁ।খৰি লুৰা হাবি।মাটিশালৰ খুঁটা পোতা চোতাল।গাৱঁৰপৰা মথাউৰিলৈ উফৰি পৰা সৰ্পি বুঢ়ী।
ঘনে ঘনে পেট চলে।শৌচ-প্ৰস্ৰাৱ কৰিবলৈ ঠাই এটুকুৰা বিচাৰি নাপাই গু-মূতৰ দুৰ্গন্ধত অতিষ্ঠ হৈ চকুৰ পানী
সৰাই বুঢ়ীয়ে নীলিক কোৱা কথাবোৰো এই সুৰংগৰ মুখেৰে গুচি গৈছে।
--“আকো নাই মোৰ। লেট্টিং নাই।একেই আহোঁ। মথাউৰিত।অ'হে মানুহ, স'হে মানুহ।মতা মানুহগিলা যাৱাক গেলি ৰখি থাক! মতা মানুহ আইছি যদি তই
এংকে থিয়া দি থাক।মথাউৰিত।ৰ'দে হ'ক বা বৰষুণে হ'ক।আপুনি
সিপিনে যাবা ন'ৰা, গবাৰ গন্ধায়।”
ভৰি দুখন পাক মাৰি আচৰিত ভংগীমাৰে
মানুহজনীয়ে নীলিক থিয় হৈ দেখুৱায়।
নৈ ওফন্দিছে আৰু মানুহজাকে শৌচ-প্ৰস্ৰাৱ কৰা
ঠাইডোখৰ পানীত তল গৈছে। সিহঁতে আৰু জোপোহাবোৰৰ আঁৰত কৰ্ম কৰিবলৈ গোপনীয়তা ৰাখিব
পৰা নাই। অ'ত-ত'ত বহিব লগা
হৈছে।পানী বাঢ়ি আহে মানে সঘনে পেটচলা বেমাৰত ভুগিবলৈ ধৰিছে। নীলিৰ তাতেই আহি ভিৰ
কৰে সিহঁতে। কাল-ক'ৰণাৰ প্ৰথমটো
ঢৌত বাহিৰত থাকি কাম কৰা ল'ৰাবোৰ কৰ্মহীন হৈ প্ৰথমে এটা দুটাকৈ ৰেলেৰে ঘৰ ওলাইছিলহি।ৰে'ল-বাচৰ চলাচল বন্ধ হৈ পৰাত দেশখনৰ
দীঘে-বাণিয়ে খোজকাঢি দলে-দলে ঘৰ ওলালহি।বাহিৰলৈ গৈ কিছু টকা উপাৰ্জন কৰি
আনি ইয়াৰেই ক'ৰবাত এডোখৰ মাটি কিনি ঘৰ সজাৰ
‘মাথা মাৰি' সিহঁত
ওলাই গৈছিল। আৰ্জিছিল
ভাল। আজি সিহঁত
কৰ্মহীন। উদভ্ৰান্ত ।চকুত আক্ৰোশ।
পেটত ভোক।
সন্মুখত কাল-ক'ৰণাৰ খৰাং।এটা এটা মানুহ মুংখৰ একোটা চিঞৰ।
--“বত্তমান ছয়ত
পচ্ছো ঘৰ ভাঙা। চাৰিখোৰ মথাউৰি শেষ। এইবাৰ গেলি পাঁচখোৰ যাব।” বেমাৰ দেখুৱাবলৈ আহি সোৱঁৰণিৰ গাঁৱৰ সুৱাগ তোলে বুঢ়ীয়ে । “আমাৰ কেন্দূৰতল ভাঙি সাতখেন গাওঁ
হৈছি--হাথীপাৰা, বাঁহজেনি, মাকেলি, জল-জলি...।ইবাৰ
মথাউৰি নিয়াত ধৰি আমাক নিয়াই ভাল।ক'ক যাম? মথাউৰিত ঘৰ
পাণ জাপা
দিছি। ইমান কষ্টত পৰভূই দুনিয়াত থৈয়া গেছি।খাই থাক সুদা ভাত!”
বুঢ়ীৰ পৰিয়ালে থিতাপি লোৱা স্পাৰটোত
খহনীয়া লাগিছে। ‘মদেহী' পুতেক।নৈত উটি
অহা খৰি ধৰিবলৈ গৈ নাতিল'ৰাটো হেৰাই
যোৱাৰ পিছত পুতেকৰ মদৰ কোব চৰিল। এতিয়া
বোৱাৰী আৰু নাতিনীৰ আৰ্জনেৰে চলে সংসাৰ।
কঁপা কঁপা হাতেৰে বুঢ়ীয়েও টাকুৰীত সূতা কাটে।এপোৱা এৰী সূতা কাটি দুশ টকা
আৰ্জি বোৱাৰীৰ হাতত দিয়ে।এই স্পাৰ খহি পৰিলে সৰ্পি বুঢ়ী ক'লৈ যাব? এই কাল-কৰ'ণাত?
খহে।স্পাৰ খহে। জীৱন সোৱঁৰণি হৈ যায়।
নীলিৰ হাতৰ দৰৱ-জাতি পাই বুঢ়ী জীয়াই আছে।
সোৱঁৰণি হৈ গৈছে নাতিনী। তৰবৰী।
তৰবৰী! তৰবৰী!
এই পৃথিৱী মুংখৰ কেনভাচ।মানুহজাকৰ
শৌচ-প্ৰস্ৰাৱ শুকান মাটিত লাগি ধৰাৰ দৰে এঠা হৈ লাগি ধৰিছে মুংখৰ কেনভাচৰ ব্লাড
ৰে'ড ষ্ট্ৰোক।খৰাঙৰ ৰং। দগমগীয়া। এই ভৰ বাৰিষা পৃথিৱীক খৰাঙে দহি নিছে।
শুকাই ৰঙা পৰিছে পথাৰত খেতিয়কে নতুনকৈ
ৰোৱা ধান। এই পৃষ্ঠ তাহানি মুংখে তুলিকাৰে
বোলাই থৈ যোৱা এচমকা তেজ হৈ উঠিছে।ক'ৰবাত এচমকা পকা সুমথিৰা হৈ উঠিছে।
ব্লাড ৰে'ড।এণ্ড অ'ৰেঞ্জ।
এই ধু ধু খৰাঙৰ মাজেৰে নীলি গৈ আছে।
বগাই গৈছে তেওঁ। চুঁচৰি পাৰ হৈ গৈছে। কাঁইটীয়া জোপোহা সৰকি গৈছে। এগৰাকী নাম কৰা স্ত্ৰীৰোগ বিশেষজ্ঞ
নীলি।অস্থিৰ।সৃষ্টিশীল সত্তা।ওঁঠত ওলমাই লয় প্ৰশান্তিৰ হাঁহি । নিগনিৰ দৰে মগজুত
দৌৰি থাকে মুংখৰ চিঞৰ।পৃষ্ঠৰ ব্লাড ৰে'ড।জুইৰ লেলিহান
জিভা। কৰ্তব্যস্থলীলৈ যাবলৈ মহানগৰীৰ
বাহিনী নৈখনৰ পাৰৰ মছজিদটো
চুই অহা গ'লিটোৰে ওলাই
নীলিয়ে যেতিয়া নৈৰ দলংখনেৰে বাটৰ মূৰত দেখা দিয়েহি, তেতিয়া মানুহবোৰে কৈ উঠে,
--“সৌৱা,তেওঁ আহিছে ।ডাক্তৰ বাইদেউ।কবিতা লিখে। ছবি আঁকে।মুখৰ হঁহিটো দেখিছানে?আমাৰ
মহানগৰীৰ তেওঁ এপাহি সূৰ্যমুখী ফুল।'
তেওঁলোকে নীলিৰ চৌহদৰ সেই পৌৰাণিক
হাবিখনৰ কথা, হাবিৰ এজোপা প্ৰাচীন বিৰিখত ওলমি থকা কজলা
ভাস্কৰ্যৰ দৰে মৌচাকখনৰ কথাও কয়।
নজহা-নপমা সেই মৌচাক। অজস্ৰ মৌ-গুটিয়ে সেই মৌচাকৰ লেখি শেষ কৰিব নোৱাৰা
কোঠালীবোৰ ফুলৰ ৰেণুৰে ভৰাই তোলে।গুণ গুণ গীত গাই সিহঁতে যেন মৌজোলৰ এখনি সাগৰহে
নীলিৰ বাবে সাঁচি থয়! সেই
মৌচাক নীলিৰ প্ৰেম। প্ৰেৰণাৰ আকৰ।
দুটি জীৱ
পুৱাই কামলৈ ওলাই আহি দুফালে যায়গৈ। সন্ধিয়া নীলিতকৈ আগেয়েই সোমায়হি ঘৰ । নীলি আহি পালে চাহপাত
আৰু কফি মিহলোৱা একাপ ধোঁৱা ওলাই থকা সুগন্ধি ফিউজন পানীয় হাতত
তুলি দিয়ে।
কেতিয়াবা নীলি নিজেও এজনী মৌ-গুটি
হৈ উঠে। কঢ়িয়াই আনে ফুলৰ ৰেণু--জীৱনৰ মেটাফ'ৰ। তেতিয়া
মানুহবোৰে কয়,--“তেওঁৰ কবিতাৰ মেটাফ'ৰবোৰ, তুলিকাৰ
ষ্ট্ৰোকবোৰ মৌজোলৰ সাগৰখনত ডুব মাৰি আহিছে।”
সঁহাৰি দিবলৈ গৈ সূৰ্যমুখী ফুলপাহে
তেওঁলোকক সম্ভাষণ জনায় আৰু ত্ৰিশ কিলোমিটাৰ দূৰৈৰ কৰ্তব্যৰত চিকিৎসালয়খনলৈ যাবলৈ গাড়ীৰ ষ্টীয়েৰিঙত হাত
থয়।
চিকিৎসালয়ত বেমাৰ দেখুৱাবলৈ আহি মানুহবোৰে নীলিক দি যায় জীৱনৰ
জঁট লগা মেটাফ'ৰ ।বিৱৰ্ণ
কাহিনীৰ ষ্ট্ৰোকেৰে মগজু
ক্ষত-বিক্ষত কৰি যায়।হেৰাই যোৱা গাঁৱৰ সোৱঁৰণিয়ে নীৰৱতালৈ ঠেলিব নোৱাৰা
মানুহ। অহৰহ চলে দেহা।
মুখ-হাত-ভৰি। বাৰিষা যেতিয়া নৈ টলমল কৰে, তিৰোতা আৰু ল'ৰা-ছোৱালীজাকে বাঁহৰ দীঘল ডঁৰিত
হাঁকোটা লগাই খৰি ধৰিবলৈ হুটহুটাই পাৰলৈ নামি যায়।পানী নামি থাকিলে
ঠিকাদাৰে মথাউৰি মেৰামতি কৰিবলৈ কাষৰপৰাই একচকেভেটৰেৰে বালি খান্দি দ’ কৈ গাঁত
কৰে।নৈ টলমল হ'লে তাতে পৰে পকনীয়া।সোঁতত উটি অহা গা-গছ, বাঁহৰপৰা তিনি-
চাৰি ইঞ্চি জোখৰ ছলিখৰি পৰ্যন্ত পকনীয়াত ঘোৰ খায়। তাতেই মৰণত শৰণ দি সিহঁতে পেলাই দিয়ে ডঁৰি।খোপনি পিছলিলেই অথাউনি
পকনীয়াত পৰাণ শেষ।পাঁচ বছৰ আগতে পকনীয়াত সোমাই এনেকৈয়ে নোহোৱা হৈছিল সৰ্পি
বুঢ়ীৰ নাতি--তৰবৰীৰ একমাত্ৰ ভাইটো।
চতুৰ্থলৈ উঠিছিলহে মাথো।
ৰোৱা-তোলাৰ দিনত খেতি কৰা মাটিগিৰি
চলাথ কৰি দহ-বাৰ কিলোমিটাৰ খোজ
চলায়। হাইৱে'ৰ বজাৰত এৰী লেটা বেহাবলৈ দক্ষিণৰ
পৰ্বতৰপৰা নামে গাৰো আৰু ৰাভা
তিৰোতাৰ জাক।লেটা কিনিবলৈ যাওতে হাতত
কচুলতি-কুমলীয়া ঢেঁকীয়া-কলমৌ আগৰ
টোপোলা বান্ধি মথাউৰিৰপৰা ওলাই নিজেও বজাৰত বহি দিয়ে।এপোৱাত আঢ়ৈশ টকাকৈ আধাসেৰ
লেটা কিনাৰ খৰছ কচুলতি-কুমলীয়া ঢেঁকীয়া-কলমৌআগ বেচি উলিয়াই লয়। বেহা সামৰি মহেশৰ দোকানৰ জিলাপী আৰু গাখীৰৰ চাহত
শোহা মাৰে।চৰকাৰে খহনীয়াত পৰা কাৰোবাক
মাটি দিছে নেকি বুলি বজাৰৰ কোৱাৰ
মুখে, চিলাৰ মুখে অহা খবৰত ‘মাথা মাৰে'। কামৰ শেষ
নোহোৱা বোজাৰ মাজতো সপ্তাহত এপোৱা এৰী সূতা কাটে।টোপনিতো ঘূৰায়
টাকুৰী।ওলমি থকা সূতাৰ মাজেৰে নিজকে পাৰ কৰি নিয়ে ।গাওঁ থাকোতে ঘৰে ঘৰে এৰী পলু পুহিছিল।নিজানৰ বৰষুণৰ
দৰে সৰিছিল উঠি অহা পলুৱে পাত খোৱাৰ জৰ জৰ শব্দ ।মথাউৰিৰ হেঁচা-টেপাত মাটিশাল
পুতিবলৈ জেগা নাই বুলিহে!নহ'লে কাপোৰ বৈ
হাজাৰ টকা আৰ্জি ভাতাৰক দেখুৱাই দিলেহেঁতেন।
কাহিনী শুনি জনী মৌ-গুটি হয়
নীলি।মৌজোলৰ সাগৰখনিলৈ পাখিত বান্ধি লয়
মেৰ
খোৱা সাপে মোট চেলাবলৈ ধৰ-ফৰ কৰাৰ
দৰে তিৰোতাজাকৰ মাথাত সপোনে ধৰ-ফৰাই
থাকে।এটুকুৰা মাটি ।খহনীয়াত নপৰা এখনি ঘৰ। পুৰণা মোট মথাউৰিত পেলাই হনহনাই
নতুন ঠাইলৈ যাবগৈ। চোতালত মাটিশালৰ খুঁটা পুতিব।নিশা ‘মদেহী' ভাতাৰৰ থিয় কিল-গোৰত একোজনীৰ সপোন ভাগি যায়।ভাতাৰে যিমানে নঘটক, উপাৰ্জনৰ এফাল গোলাৰ মদত চিটকাইহে গধূলা সোমায়হি।তিৰীৰ
গাত হাত দি সন্মান খেদায়।
ভাগি যোৱা জীৱনৰ কূটৰ, দেই-পুৰি নিয়া খৰাঙলৈ কেৰেপ নকৰাকৈ ধৰি ৰখা কাহিনী। সিহঁতে নীলিৰ ৰোগী
চোৱা টেবুলত এৰি যায়।মূৰৰপৰা ভৰিলৈকে
গাঁঠিয়ে গাঁঠিয়ে বিষ তিৰোতাজাকৰ।পেটত পেটচলা বেমাৰ। নাড়ী ৰিম-ঝিম কৰে।শৰীৰ কঁপে।বিনামূলীয়া দৰৱে কাম দিয়ালৈকে
দেহা চলাই নিয়ে।মথাউৰিত পিয়া পি দি ফুৰা মাটিৰ
দালালৰ সতে একঠা, আধাকঠা মাটি কিনাৰ আলচত ‘মাথা মাৰে'। যেন নিজৰ
জোনাকীজনীকে তুলি দি দালালক জোঁৱাইবৰণ
কৰিব! আঙুলিয়ে বব নোৱাৰা পাখি লগা সাথঁৰত সপোনৰ ঠুনুকা দেউল সাজি সাজি
মথাউৰিত দেহা পেলায়। বেপেৰোৱা মানুহজাকে নিজৰ দেহাটোৰ বাবে জীৱনৰ এধানি আশীৰ্বাদহে
যেন কাকূতি কৰে!
মৰিও নমৰে। মৰাৰ পিছতো চকুৰ পতাত
দুলি থাকে সপোনৰ ঘৰ । সেই চকুৰে মেটাফ'ৰ সজা ধেমালি
নহয় । সৰল দৰিদ্ৰতাৰ মাধুৰি বুটলি
সৃষ্টিময় জীৱন এটি আকোঁৱালি নোলোৱা হ'লে নীলিয়ে জানো এনেকৈ
চুঁচৰি- বাগৰি শেষ নোহোৱা খৰাঙৰ
মাজেৰে গৈ থাকিব
পাৰিলেহেঁতেন!এদিন এই খৰাং শেষ হ'ব। হয়তো নীলিয়ে এছাটি বতাহ, এজাক বৰষুণ, এখনি ৰামধেনু
খেপিয়াই ধৰিব।
নীলি দলংখন পাৰ হ'ল।এই কাল-সন্ধিয়া বাটৰ কাষত এদল তিৰোতা ৰৈ আছে।পিন্ধনত চালোৱাৰ-কামিজ।
মুখত মাস্ক।চকুত ভয়।জানোচা কাল-কৰ'ণাত পৰে!
কেইজনীমান বিধবা। বয়সীয়া আবিয়ৈ তিৰোতাও আছে। আৰু আছে এমখা ‘মদেহী' ভাতাৰৰ তিৰী।
নিশাৰ কামত প্ৰতিটো খেপত দৈনিক দুশ পঞ্চাশ টকা আয় হয়।অসহায় ভূতৰ
দল। মুংখৰ ভূত।অথনি তৰবৰীৰ চিতাখনৰ
কাষতো উচুপিছিলগৈ।চিতাৰ জুই গৈ গৈ আকাশৰ ব্লাড ৰে'ড হৈছিল। ছোৱালী হেৰাই যোৱাৰ আক্ৰোশত কোটৰৰ চকু জ্বলি
উঠিছিল।
সন্মুখৰ নৈখনহে
যেন পি থ'ব!
তিৰোতাজাকে দিনৰ পোহৰত চাদৰ-মেখেলা
পিন্ধে। বিধবাবোৰৰ সাজ বগা। নিশাৰ খেপৰ কামলৈ যোৱাৰ সময়ত ৰঙীণ চালোৱাৰ-কামিজ পিন্ধি ওলাইছে। ঠিকাদাৰৰ
তলত কাম কৰা তিৰোতাৰ দল।এনেকৈ পিন্ধি-উৰি ৰঙীয়াল
হৈ কনষ্ট্ৰাকচন চাইটত আঠ ঘণ্টা
ডিউটি কৰি চাইটৰ ঠিকাদাৰৰ মন যোগায়।টাকুৰীত এৰী সূতা কাটি লাহি হৈ পৰা দুৰ্বল
আঙুলি। মাহে খুব বেছি দহ-পোন্ধৰ দিন কাম পায়।লাহে লাহে নিশাৰ খেপত কাম কৰা তিৰোতাৰ জুমটো ডাঙৰ হৈ আহিছে।ঠিকাদাৰে সুবিধা লৈছে।অলপ
পিছত এখন ট্ৰাকে সিহঁতক চাইটলৈ তুলি
নিবহি। সৌ নদীয়াল গাওঁখনৰ মূৰত ৰৈ থকা আন
এদল তিৰোতাও একেলগে যাব। পৃষ্ঠত চিটিকি থকা খৰাঙৰ এই ব্লাড ৰে'ড ষ্ট্ৰোকবোৰৰ মাজেৰেই
তিৰোতাজাকক লৈ নিশাৰ বতাহ ফালি কোঁ-কোঁৱাই ওলাই যাব ঠিকাদাৰৰ ট্ৰাক।
সিহঁতে চালোৱাৰ-কামিজ পিন্ধি কামলৈ
যাব লাগিব বুলি ঠিকাদাৰে কওঁতে ভাতাৰবোৰে থেৰোঁগেৰো কৰিছিল। কিন্তু ঠিকাদাৰ নাচোৰবান্দা।চাদৰ-মেখেলা পিন্ধি নিশা
ট্ৰাকত উঠি গৈ চাইটৰ শিল-বালি-লোহা-লক্কৰৰ কাম কেনেকৈ কৰিব?শেষত ঠিকাদাৰৰ কথাত সিহঁতে সন্মতি দিলে।আঢ়ৈশ টকা কি ধেমালি কথা!
তিৰোতাবোৰে কিন্তু তৰবৰীহঁতৰ
দৰে মথাউৰিৰ কুমলীয়া জোনাকীবোৰ ঠিকাদাৰৰ মুখলৈ এৰি নিদিলে।জীয়েকহঁতৰ
চালোৱাৰ-কামিজ পিন্ধি নিজেই কাম কৰিবলৈ
যাবলৈ সাজু হ'ল।
ক'ৰণা অতিমাৰী
অহাৰ আগলৈকে এই জোনাকীবোৰে হাইৱে'ৰ কাষত
পেকেজিঙৰ ইণ্ডাষ্ট্ৰিত কাম কৰিছিল। আলিমূৰৰপৰা কোম্পাণীৰ গাড়ীয়ে সিহঁতক লৈ
গৈছিলহি। কাল-ক'ৰণাই সিহঁতৰ ৰোজগাৰৰ মুদা মাৰিলে।এতিয়া
মথাউৰিৰপৰা চাইকেল লৈ নিজে নিজে ওলাইযাব পৰা কেইটামানেহে তাত কাম কৰে।
কাল-ক'ৰণা।কোৱাৰেনটিনকাল।
কাৰাগাৰ পৃথিৱী। কয়দী মানুহ।নিজৰ ঘৰত মানুহ বন্দী।ৰোজগাৰ নাই। কিন্তু মথাউৰিৰ তিৰোতাৰ বাবে আচম্বিতে ওলাইছে
কাৰাগাৰৰ বাহিৰলৈ ওলাই যোৱাৰ সুযোগ। ৰোজগাৰ। কনষ্ট্ৰাকচন চাইটৰ কাম। ঠিকাদাৰৰ সস্তীয়া শ্ৰমিক সিহঁত।
দিচপুৰ, গণেশগুৰিৰ ফ্লাইঅ'ভাৰ। ক'ৰণাত আক্ৰান্ত ৰোগীৰ বাবে
মেডিকেলৰ নতুন নতুন ৱাৰ্ড নিৰ্মাণ।
নতুন নতুন চিকিৎসালয় নিৰ্মাণ। কোৱাৰেনটিন
চেণ্টাৰ নিৰ্মাণ ।অজস্ৰ কনষ্ট্ৰাকচন
চাইট। এনে চাইটত সস্তা দৰত নিশাৰ
খেপত কাম কৰিবলৈ মথাউৰিৰপৰা তিৰোতা নিবলৈ
ওলালহি ঠিকাদাৰ। তিৰোতাবোৰে দিনত বেলিৰ পোহৰত সকলোৱে দেখাকৈ কনষ্ট্ৰাকচন চাইটৰ
বনুৱাৰ কাম কৰিবলৈ লাজ পায়।
জাকত আজি তৰবৰীৰ মাক নাছিল।
তৰবৰী! তৰবৰী!দুচকুত ৰুই থম।
নিমাতী কইনাৰ দৰে আহিছিল।কেঁকুৰি
এটাৰ দৰে মোচৰ খাইছিল ।‘মদেহী' বাপেক। তেতিয়া
তাই পেকেজিঙৰ ইণ্ডাষ্ট্ৰিত কামত সোমাইছিল।
মাহেকীয়া হৈ পেট বিষোৱাত সিদিনা কামলৈ যোৱা নাছিল।কলেজৰ নতুন চেমিষ্টাৰত এডমিশ্যন
লবলৈ লুকুৱাই থোৱা টকাকেইটা লুট কৰি নিবলৈ হাতত সাৰে ভৰিত সাৰে সোমাইছিলহি
বাপেক।বাধা দিওতে ‘মদেহী'য়ে জীয়েকৰ পেটতে থিয় কিল
শোধালে। ‘বেটী।পঢ়ি-শুনি ৰাণী হবা নালগে আমাৰ!' বেয়া
জেগাত কিল পৰিল।চেঙালুটি পাৰি মুঁচ-কচ
যোৱাৰ দৰে হ'ল।উশাহটো ঘূৰাই পাবলৈ সময় লাগিল।দাংকোলাকৈ
দুটামানে আনি নীলিৰ কাষ পোৱালেহি। ৰোগী
চোৱা বিছনাত শুৱাই দিলে। নীলিয়ে তাইৰ দেহাত হাত থ'লে। ডাক্তৰৰ
আশ্বাসৰ হাত।
আকৌ এবাৰ মৌ-গুটি হ'ল নীলি ।পাখিত তুলি ল'লে ফুলৰ
ৰেণু।জীৱনৰ মেটাফ'ৰ।তৰবৰী
কুমলীয়া গোমধানৰ জালি। শেঁতা
বেবীকৰ্ণ।
ৰোগী চোৱা বিছনাত আলিকেঁকুৰি এটাৰ
দৰে মোচৰ খাইছিল মথাউৰিৰ বেবীকৰ্ণ। লাজত।
অপমাণত।বেদনাত। দগ্ধ হৈছিল তাই। পিছদিনা
বজাৰ বেহাবলৈ কচুলতি, কুমলীয়া
ঢেঁকীয়া, কলমৌআগ বিচাৰি যোৱা মাক উধাতু খাই
ওলাইছিলহি। বিৰবিৰকৈ কবলৈ লাগিছিল--“কলেজত পঢ়া ম'ৰ স'ণা আপী। মদেহী সন্মান খেদ'লাক।”ছোৱালীৰ জীৱটো বাজ হৈ
যাব বুলি মানুহজনী থৰথৰকৈ কঁপিছিল।সৰ্পি বুঢ়ীও ওলাইছিলহি। বেৱাৰীয়েকক সাৱটা মাৰি
কৈছিল --“ভাগ্য লাগব' এ মাই দুনিয়াতে
আইহলি।পৰভূই সুখ নেদ'লাক।”
চিকিৎসাৰ বিধান দি তৰবৰীৰ চেমিষ্টাৰৰ
মাছুলৰ দায়িত্বও ল'লে
নীলিয়ে।এটা এটাকৈ তেওঁ দিছিল তিনিটা চেমিষ্টাৰৰ মাছুল। সপ্তাহত ছয়দিন পেকেজিং
ইণ্ডাষ্ট্ৰিত কাম কৰি এদিন কলেজৰ
ক্লাছ কৰে তৰবৰীয়ে। নীলিক আহি
ৰিজাল্ট কয়।মৰিব খোজা চকুৰ তৰা
দুটি তিৰবিৰ কৰে।বিনামূলীয়া ভিটামিন আৰু আয়ৰণ টেবলেট খাই গাখীৰত
হালধি মিলোৱাৰ দৰে হৈ উঠে শৰীৰৰ ৰং।নীলিক আচৰিত কৰি সৰকি যায় চেমিষ্টাৰৰ জপনা।
ভয় খায় তৰবৰীয়ে। মথাউৰিৰ স্পাৰত ওলমি
থকা টিনৰ বেৰাৰ জুপুৰি।খৰালি চৰ পৰি অপৰূপ হোৱা
নৈৰ সূধা পাণ কৰিবলৈ, নৈৰ বুকুৰে চকা পাটত বহাৰ ৰূপ চাবলৈ কাষেদি নামি যায় উতনুৱা ডেকাৰ
দল।হাতত মদৰ বটল। ভয় খায় তাই।খহি পৰিব খোজা স্পাৰটোৱেদি নামি যায়
নৈৰ পৃষ্ঠত চিনেমা, চিৰিয়েলৰ
শ্বুটিং কৰিবলৈ যোৱা দল। বনভোজ খাবলৈ
যোৱা দল।
--‘মানুহগিলা ইফালেদি যায় না!বেৰৰ ফুঁটাইদি চকু
সুৰকিয়াই নগ্ন কৰি যায়।”
ভয় খায় তাই। পিয়া পি দি থকা মাটিৰ
দালালৰ হাতত ‘মদেহী' বাপেকে তুলি
দিব। দালালক জোঁৱাইবৰণ কৰি ল'ব।সকাহ পাবলৈ মদ খাবলৈ বাপেকৰ
হাতত তুলি দিয়ে দৰমহাৰ টকা।
তৰবৰী! তৰবৰী!পিয়াহ দুটি আকাশত ওলমি ৰ'ল নেকি!
পৃষ্ঠৰ ৰে'ড ব্লাড ষ্ট্ৰোকবোৰৰ মাজেৰে নীলি আহি আছে।ষ্টীয়েৰিঙত জোৰকৈ মুঠি মাৰি
ধৰিছে।কাল-ক'ৰণা।
কোৱাৰেনটিনকাল। কাৰাগাৰ পৃথিৱী। উদং বাট-পথ।সৌ সিদিনাহে তেওঁ ক'ভিড পজিটিভ হৈ উঠিছে। শৰীৰৰ
দূৰ্বলতা এতিয়াও মাৰ যোৱা নাই।
ড্ৰাইভিং কৰি ভালপায় তেওঁ । তথাপি এনেকৈ ত্ৰিশ কিলোমিটাৰ দূৰলৈকে নিজে
ড্ৰাইভিং কৰি অহাটো সমীচিন হোৱা নাই। ধীৰে ধীৰে ড্ৰাইভিং কৰিছে। জোন ওলাইছে
।জুইৰ শিখাৰ দৰে খৰাঙৰ ছাটি-ফুটি ব্লাড ৰে'ড পৃষ্ঠত জোনাক মৰহি গৈছে। হঠাতে বৰ অসহায় যেন অনুভৱ হ'ল তেওঁৰ। প্ৰাণাধিক হাবিখনৰ বাবে,কজলা ভাস্কৰ্যৰ
দৰে হাবিৰ সেই প্ৰাচীন বিৰিখত ওলমি থকা পৌৰাণিক মৌচাকখনিৰ বাবে বিয়াকুল হৈ উঠিল
।এই যেন ঘৰ পাবহি! প্ৰিয়জনে হাতত তুলি দিব কফি আৰু চাহপাত মিহলোৱা সুগন্ধি চাহ।
প্ৰিয় ফিউজন পানীয়।
মথাউৰিৰ তিৰোতাজাকক তুলি অনা ঠিকাদাৰৰ ট্ৰাকে নীলিৰ গাড়ী অ'ভাৰটেক কৰি গুচি গৈছে। উদং বাট পাই
গুলিৰ দৰে গৈছে ঠিকাদাৰৰ ট্ৰাক।
জাকটোত আজি তৰবৰীৰ মাক নাই।এই কোৱাৰেনটিন কালৰ অসতৰ্ক মুহূৰ্তৰ সুযোগ লৈ আজি জীয়েক
হেৰাই গৈছে। পাঁচবছৰৰ আগতে সোঁতাল নৈত উটি অহা খৰি ধৰিবলৈ গৈ হেৰাই গৈছে পুতেক।
কি হ'ব? মানুহজনীৰ!
সৰ্পি বুঢ়ীৰ!
তেওঁ ঘৰ পালেহি। প্ৰিয় মৌচাকখনিৰ
কাষত আথে-বেথে বহি দিলেগৈ।বিৰবিৰকৈ কৈ উঠিল...“ ..“I sensed a scream passing through nature; it seemed to me that I
heard the scream.....মই
যেন অনুভৱ কৰিলোঁ ভয়ৰ সেই
চিঞৰ । তৰবৰীৰ মৰণকাতৰ আৰ্তনাদ।বাংময়। নিসৰ্গ চৌছিৰ কৰি বিয়পি গৈছিল।”
ইতিমধ্যেই আহিছিল নীলিৰ প্ৰিয়
পানীয়--কফি আৰু চাহপাত মিহলোৱা সুগন্ধি ফিউজন পানীয়।কিন্তু চকুৰ পানীবোৰ
আজি অবাধ্য হৈ উঠিছে।কোনো সান্তনাই নীলিক ধৰি ৰাখিব পৰা নাই। তেওঁ দুয়ো
হাতৰ মুঠি খুলি দিলে। তৰবৰী হেৰাই যোৱাৰ
সাঁথৰবোৰ মুঠিৰপৰা ওলাই পৰিল।
তাত মেটাফ'ৰ নাছিল। আছিল এটা দীঘলীয়া কাহিনীহে।দীঘল এটা সাপৰ মুখেৰে সোমাই অহৰহ
গৈ থকাৰ।ডাক্তৰৰ চকুৰে নীলিয়ে তৰবৰীৰৰ
গৰ্ভত থকা চাৰিমাহৰ জীৱটিও দেখিছিল।তেজ নোহোৱা শৰীৰৰ গৰ্ভত কোনোমতে ওলমি থকা জীৱ। আহ-পাহ মুকলি কৰিবলৈ বিচাৰিছিল।
অপুষ্টিৰ গৰ্ভ। বিকশিত হ'ব নোৱাৰা ছিয়া
হাত-ভৰি। মেডিকেল কলেজত দিবলগীয়া জৰুৰী ক'ভডিকালীন ডিউটি আৰু নিজেও ক'ভিড পজিটিভ
হোৱাৰ অজুহাতত নৈৰ পাৰৰ মথাউৰিৰ মানুহবোৰৰপৰা নীলি আঁতৰি আছিল।
অতিমাৰীৰ প্ৰট'কল।চিকিৎসালয়ৰপৰা পলিথিনিৰ পেকেটত ছীল- মোহৰহৈ
ওলাই যোৱা নিথৰ দেহাৰ শাৰী। অদেখা ভাইৰাছৰ সন্মুখত বিপন্ন মানৱজাতি হেৰাই
যোৱাৰ আশংকা। সৃষ্টিময় জীৱনলৈ এটি মেটাফ'ৰ বুটলি লবলৈ অৱকাশ নথকা সময়।নিজৰ জীৱন বিপন্ন কৰি মানুহক সহায়
কৰিবলৈ ওলাই অহা এদল চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ সতে খোজ মিলাই তপত বালিৰ
ওপৰেৰেহে যেন গৈ আছিল! প্ৰিয় ক'লিগসকলৰ অনেকেই
এই কঠিন যাত্ৰা সমাপ্ত কৰিব পৰা নাছিল। পূৰ্বৰ কৰ্মক্ষেত্ৰলৈ উভতি গৈ যেতিয়া তৰবৰীক দেখিলে, তেতিয়া তাইৰ গৰ্ভৰ
অকণমানি জীৱটিহে পোনতে চকুত পৰিল।
পেকেজিঙৰ ইণ্ডাষ্ট্ৰিৰ কামৰপৰা খেদা
খোৱাত ‘মদেহী' বাপেকে তাইক
দালালৰ হাতত তুলি
দিলেগৈ। এয়ে আছিল মথাউৰিৰ বেবীকৰ্ণ, আটাইতকৈ ধুনীয়া
জোনাকীজনীয়ে নিগাজী ঘৰ পোৱাৰ গাথা।
মাটিৰ খকে পোৱা দালাল তাইৰ ভাতাৰ।ভুৱা কাগজ-পত্ৰ বনাই এটুকুৰা মাটিকেই তিনি-চাৰিজনক বেচে।টকাৰ খেলা। থাউনি হেৰুওৱা মানুহে পানীৰ দৰত দালালৰ হাতত তুলি দিয়ে বোপাককাৰ মাটি।পিয়া পি
দি থকা দালাল অতিমাৰীৰ সুযোগ লৈ হৈ উঠে
ভোকাতুৰ ভতুৱা কুকুৰৰ দল।
নিজৰ মাজতেই দবৰা-দবৰি।খকে টানি
নিছিল। তৰবৰীৰ ভাতাৰক।
এনিশা কোনোবাই দুৱাৰত
টুকুৰিয়ালেহি।দুৱাৰ খুলি দিওতেই টানি লৈ গ'ল।গাড়ীত বহুৱাই নৈৰ পাৰ পোৱালেগৈ। পুৱালৈ নৈৰ পাৰত তৰবৰীৰ ভাতাৰৰ ৰঙা-ৰাঙলী হৈ
পৰা নিথৰ দেহাটোহে ওলাল।
টলকিব পৰা নাছিল তৰবৰীয়ে। মৃতকৰ
কাজ-কৰ্মৰ পিছত টালি-টোপোলা বান্ধি শহুৰেকৰ ঘৰে মথাউৰিত থৈ গ'লহি।গৰ্ভত আৰু
এটি কণমানি জীৱ। পৰামৰ্শ লবলৈ,ভিটামিন খাবলৈ আশা কৰ্মী পৰ্যন্ত নাই। ক'ৰণাৰ জৰুৰী ডিউটিত
ব্যস্ত।তৰবৰীক জীয়াই ৰাখিবলৈ মাকে তাইৰ পুৰণা চালোৱাৰ-কামিজ পিন্ধি, মুখত মাস্ক লগাই ঠিকাদাৰৰ
গাড়ীত উঠি নিশা মহানগৰীৰ কনষ্ট্ৰাকচন চাইটৰ বনুৱাৰ কাম কৰিবলৈ ওলাল।
--“হাত বেয়া জেগাত
পচ্ছিল ভাতাৰৰ।খতম কৰি দিলাক।”
কাহিনীৰ বৃত্তান্ত দি তৰবৰীয়ে নীলিক
কৈছিল।মুখত বেদনা নাছিল। এটা হাহাকাৰহে আছিল।
চাহ কাপ খাই নীলি কিছু সুস্থিৰ
হ'ল। তেওঁ খিৰীকিখনৰ কাষলৈ গ'ল। খুলি দিলে। খিৰীকিৰ জলঙাৰে
সোমাই আহিছে জোন। মুংখৰ ব্লাড ৰে'ড ষ্ট্ৰোকবোৰৰ সন্মুখত
জোনাক নিস্প্ৰভ হৈ গৈছে। বাহিৰৰ
সেই অদ্ভূত খৰাঙলৈ নীলিয়ে মুখখন পাতি দিলে। দেই-পুৰি নিয়া
খৰাঙৰ মাজ-মজিয়াত তেওঁ বহি ল'লে।বহুদিনৰ
মূৰত তেওঁৰ ছবি এখন আঁকিবলৈ মন গ'ল। কেনভাচখন হাতলৈ তুলি ল'লে। এক
পৰিক্ৰমা আৰম্ভ হ'ল।
মনলৈ উঠি আহিল তৰবৰীৰ মুখ। মাকে
আশংকা কৰাৰ দৰে ‘মদেহী' বাপেকৰ থিয়
কিলত তৰবৰীৰ জীৱ বাজ ন'হল। নিশাৰ খেপৰ হাজিৰা কাম কৰি পুৱা ঘৰ পাই গা তিয়াই মাকে জুপুৰিৰ তলত
বিছনাত বাগৰ দিছিল। ভৰ বাৰিষাৰ গেলেপা
গৰম।জুপৰিৰ ভিতৰত গৰমত আধা সিজা হৈছিল তৰবৰী।বাহিৰলৈ ওলাই আহি স্পাৰৰ এঢলীয়াটোতে বহি জিৰাবলৈ বিচাৰিছিল তাই। হঠাতে
ঘটনা ঘটিল।কেনেবাকৈ ভৰি পিছলি হামখুৰি খাই পৰিল তাই। খৰ-বাগৰ মাৰি পাক খাই খাই সৌ
নৈৰ কাষ পালেগৈ।নৈ ভেটিবলৈ দিয়া লোহাৰ জালিৰ তলৰ শিলৰ কূন্দাবোৰত মূৰটোৱে খুন্দা
মাৰি দিলেগৈ।
উঠি আহিব নোৱাৰিলে।তেজৰ ডোঙত লুতুৰি-পুতুৰি হৈ চিঞৰিব খুজিলে। চিঞৰটো নোলাল। চিকিৎসালয় পৰ্যন্ত
খবৰ বিয়পিল। দৌৰ মাৰি ওলালহি
নীলি। চিকিৎসাকৰ্মীৰ দল। জীৱ বাজ হৈ গৈছিল। দুটি জীৱৰ।
কাল-ক'ৰণাৰ হাজাৰ
হাজাৰ মৃতকৰ খবৰৰ মাজৰ এটি নিঃস্ব খবৰ। নৈৰ
সোঁতত উটি অহা খৰি
ধৰি দ'মাই থোৱাৰপৰাই এডাল-দুডালকৈ
খৰি দি মানুহে চিতা সাজিলে। ছোৱালী হেৰাই যোৱাৰ আক্ৰোশত বিস্ফাৰিত কোটৰৰ তলত চকুবোৰ জ্বলি
উঠিল। যেন সন্মুখৰ নৈখনকেই পি থ'ব!চিতাৰ জুই গৈ গৈ আকাশৰ ৰে'ড ব্লাড হ'ল।
মৰাৰ পিছতো চকুৰ পতাত দুলি আছিল
সপোনৰ ঘৰ। ধেমালি নহয় সেই চকুৰ মেটাফ'ৰ
সজা।পোহৰ আৰু এন্ধাৰৰ
ছঁয়া-ময়াত নীলিয়ে সেই চকুযুৰিকেই আঁকিবলৈ ধৰিলে। কেনভাচত ভাহি উঠিল
এখনি মুখ। বেলিৰ পোহৰ নপৰা এটা
বাট।বাটৰ কোলাহল।এখন ক'লা নদী। এডৰা
কচুৱনি।কচুৱনিত তৰা ফুটিছে। তৰা নহয়। জোনাকী পৰুৱা। আকাশৰ খহি পৰা তৰা ।এটা সময়ত নীলিয়ে অঁকা ছবিৰ
মুখ আৰু মুখ হৈ নাথাকিল। গজি উঠিল লতা। লতাৰ এটি এটি ষ্ট্ৰোক কাইঁটৰ এটি এটি আচোঁৰ ।কেনভাচৰ পৃষ্ঠাত ব্লাড
ৰে'ড । ধীৰে ধীৰে লতাৰ সেউজীয়া
পাতবোৰ মৰহি কজলা হৈছে।বাগিছা
ফুলাই সুগন্ধি বিলোৱা সৌ সিদিনাৰ থোপা-থুপি
গোলাপী ফুল বিৱৰ্ণ হৈ পৰিছে।জুটুলা- জুটুলি পুৰণি শিপাবোৰে মুখখনিৰ দীঘল
চুলিকোছা গ্ৰাস কৰি লৈছে। চৌপাশৰ বিশৃংখল কোলাহলৰ মাজেৰে উৰি অহা নীলা ৰঙৰ কাউৰীৰ দৰে পখীকেইটামান কা কা কৈ
বিকট শব্দ কৰি খুঁটিয়াই খুঁটিয়াই মুখখন ৰাঙলী কৰি পেলাইছে।
যেন দিন-ৰাতিৰ লহমা পাৰ হৈ
গৈছে।আঁকি গৈছে নীলিয়ে। অদ্ভূত এক হেঁপাহেৰে । মুখখনিৰ তলেৰে বুকুত পেলাই লোৱা চাদৰৰ আচলখনলৈ বৈ আহিছে নদী। আকাশৰ
ৰং সানি
নীলা হৈ উঠা প্ৰাচীন এখনি নদী।
বেলিয়েও চুব নোৱাৰাকৈ নদীৰ দুয়োটি
পাৰ ঢাকি গজি উঠা হাবি। হাবিৰ ভিতৰত চকুত নপৰাকৈ
জীৱন সামৰা পতংগ, পখিলা,মকৰা, সৰীসৃপ পৰ্যন্ত নীলিয়ে
আঁকিলে। নৈৰ কাষত এটি পদ্ম-সৰোবৰ।
পদুমৰ পাতবোৰৰ মাজত ফুটো নুফুটোকৈ এটি পদুম-কলি। তৰবৰীৰ
অপুষ্টিৰ গৰ্ভত আহ-পাহ মুকলি কৰিব খোজা
জীৱটি নেকি!
দোক-মোকালি হ'ল।সাধনাৰ অন্ত পৰিল।ঘামি জুৰুলি-জুপুৰি হৈ পৰিল নীলি। আঁকি শেষ
কৰা ছবিখন এবাৰ চালে। তেওঁ আচৰিত হ'ল।এয়া দেখোন তেওঁৰেই প্ৰতিচ্ছবি।নীলিৰ আত্ম-প্ৰতিচ্ছবি।দুচকু মুদ খাই
আছে।নীলা নীলা কাউৰীয়ে খুঁটিয়াই ৰাঙলী কৰি
যোৱা মুখত শোক, নে প্ৰশান্তি!বুদ্ধৰ দৰে দীঘল হৈ পৰিছে কাণ।
পৃষ্ঠত ৰে'ড ব্লাডৰ মাজে মাজে ধূসৰ নীলাভ।
তেওঁ হতাশ হৈ পৰিল। আচলতে তেওঁ
আঁকিবলৈ বিচাৰিছিল এটি কুমলীয়া গোমধানৰ জালি।মথাউৰিৰ শেঁতা বেবীকৰ্ণ।
তৰবৰীৰ কম্পিত মুখ। ছবিখন আঁকি থাকোতেটো তৰবৰীয়ে এটি লহমাৰ বাবেও নীলিৰ লগ
এৰা নাছিল!
তেনেহ'লে!
কেনভাচখন তেওঁ বেৰত আওজাই থ'লে। কাষত এয়া বিছনাত শুই আছে
পৌৰাণিক হাবিৰ গভীৰৰ প্ৰাচীন এজোপা
বিৰিখৰ ডালত ওলমি থকা কজলা ভাস্কৰ্যৰ দৰে তেওঁৰ প্ৰেম।গভীৰ টোপনিত।সন্মুখৰ দুৱাৰখন
খুলি দিলে তেওঁ। বুজাব নোৱাৰা দুখৰ বোধে হেঁচা মাৰি ধৰিলেহি।গে'টখন খুলি তেওঁ ওলাই আহিল। আকাশৰ জুইৰ শিখাবোৰ তেতিয়াও
লেলিহান।অসহ্য।এয়া বাহিনী নৈ।ক'লা পানীৰ নৈ।
মহানগৰীৰৰ সমস্ত আৱৰ্জনা বৈ আনিছে।সৌখন দলং। হলৌ চোলা মেৰিওৱা প্ৰেতটোৰ সৰল
অৱয়ৱটো দলঙৰ ৰেলিঙত ভাহি উঠিছে।তাৰ বিস্ফাৰিত কোটৰত ভয়ৰ চকুহাল হেৰাই গৈছে।দীঘল হৈ অহা হাতৰ তলুৱাৰে সি কাণদুখন
হেঁচি ধৰিছে। উবুৰিয়াই থোৱা উদং টেকেলিৰ দৰে লাওখোলাটোত প্ৰাগৈতিহাসিক পখীৰ কণীৰ দৰে ভাঁজ লৈ মেল খাই
যোৱা ওঁঠযুৰি দীঘল এটি সুৰংগৰ দৰে হৈ উঠিছে। সুৰংগমুখত ওলমি
ৰৈছে শতিকাৰ পৰা
শতিকালৈ পাৰ হৈ
যোৱা সেই আৰ্তনাদ।
‘দ্য স্ক্ৰীম'!ভয়ৰ চিঞৰ।
মুংখৰ চিঞৰ।
যেন এক চুম্বক শক্তিয়েহে নীলিক টানি
নিছে!অৱলীলাক্ৰমে নীলিয়ে সেই সুৰংগমুখলৈ যাবলৈ ধৰিলে। ধীৰে ধীৰে তেওঁ আগুৱাই গ'ল!গৈ থাকিল।
গৈ থাকিল...।
হয়তো তেওঁ সুৰংগমুখেৰে গুচি গ'লগৈহেঁতেন।কিন্তু হঠাতে পিছফালে শুনিলে কোলাহল।এজাক মানুহৰ কলৰৱ।
তেওঁলোকে কৈছে,
--“সৌৱা,তেওঁ আহিছে।আজিও আহিছে।আমাৰ মহানগৰীৰ তেওঁ এপাহি সূৰ্যমুখী ফুল।''
তেওঁলোকে নীলিয়ে প্ৰাত্যহিক
চিকিৎসালয়লৈ যাবৰ সময়ত সম্ভাষণ জনোৱাৰ দৰেই কবলৈ ধৰিছে।নীলিয়ে উভতি চালে। এজাক মানুহ। তেওঁলোকৰ মাজত সৌৱা কজলা
ভাস্কৰ্যৰ দৰে মৌচাকখন--নীলিৰ প্ৰিয়তম।চকুত উদ্বিগ্নতা। তেওঁ যেন নীলিক কবলৈ বিচাৰিছে,
--“জীৱনৰ অনেক
কোলাহল ধৰি ৰখাই সৃষ্টিশীল সত্তাৰ কাম।অনেক
কাম আছে। তুমি এতিয়াই নীৰৱতাৰ সুৰংগমুখলৈ গুচি যাব নোৱাৰিবা।উভতি আহা। উভতি
আহা।”
নীলিয়ে দেখিলে সেই কোলাহলৰ মাজতেই
আকাশখন ধীৰে ধীৰে সলনি হৈছে।এছাটি
বতাহ বলিছে। এচমকা ডাৱৰ।
বতাহত দুলি থকা দোকমোকালিটো এচেৰেঙা ৰ'দ আৰু হঠাতে অহা এজাক চিপচিপীয়া বৰষুণৰ মাজত ভাগ
হৈ পৰিছে। কেতিয়াবা হঠাতেই বতৰৰ এনে পৰিবৰ্তন হয়। থাওকতে বৰষুণ এজাক
আহে।এছাটি বতাহ বলে। আলফুল হাতবোৰে বাউল দিয়ে। নীলিয়ে দেখিলে বাহিনী নৈৰ পাৰত এজাক
পখী। সিহঁতে দোকমোকালিটো সন্মুখত লৈ এবাৰ ৰ'দজাক আৰু এবাৰ
বৰষুণজাকৰ মাজত দেও পাৰি ফুৰিছে।পখীজাকে খৰকৈ কোবোৱা ডেউকাত বৰষুণৰ অকণি অকণি
এছাৰকণিবোৰে উফৰি উফৰি নাচি
আছে।পখীৰ কলৰৱ আৰু
নীলিক মাত লগাবলৈ
অহা মানুহজাকৰ কোলাহল কোনোবাখিনিত এক
হৈ পৰিছে।
নীলিয়ে হাঁহি এটা মাৰিলে। মুংখৰ
প্ৰেতটো বাহিনী নৈৰ দলঙৰ ৰেলিঙত ওলমি আছে নেকি, উভতি চাবলৈ সত
ন'গল।
এমুখ পখীৰ কলৰৱ, এসাগৰ
মানুহৰ কোলাহলত সূৰ্যমুখী
ফুলপাহে নিজকে ভাহি
যাবলৈ দিলে।
(শ্ৰদ্ধাৰ নীলিমা ঠাকুৰীয়া হকৰ হাতত)
টোকা—(নীলিমা ঠাকুৰীয়া হকৰ ছবি ‘আত্ম-প্ৰতিকৃতি' এই গল্পটিৰ মূল প্ৰেৰণা। প্ৰবাদপ্ৰতিম শিল্পী মুংখে
পৃথিৱী কঁপোৱা অতূলনীয় ‘দ্য স্ক্ৰীম' ছবিখন চাৰিটা সুকীয়াকৈ মাধ্যমত আঁকিছিল। গল্পটিত শিল্পীয়ে টেম্পেৰাত
পানী ৰঙেৰে অঁকা ছবখিনৰ প্ৰেৰণাও লোৱা
হৈছে। গল্পৰ ইংৰাজীত দিয়া উদ্ধৃতি
অংশ শিল্পীয়ে ছবিখনি অঁকাৰ সময়ৰ অভিজ্ঞতাৰ বিৱৰণী দি নিজৰ
ডায়েৰীত Nice 22 January 1892 শিৰোনামেৰে লিখা কথাখিনিৰপৰা লোৱা হৈছে।)
No comments:
Post a Comment