Saturday 23 September 2017

অসমীয়া জাতিসত্তাক ধ্বংস কৰাৰ প্ৰচেষ্টা প্ৰতহিত কৰিবই লাগিব




ভাৰতবৰ্ষ এখন  সাৰ্বভৌম ৰাষ্ট্ৰ  কিন্তু  ভাৰতভূমিৰ  বিভিন্ন  ৰাজ্যত আজি   বাৰে  বাৰে  উচ্চাৰিত   হয়  আঞ্চলকিতাবাদৰ   প্ৰসংগ  আনকি ৰাজ্যবোৰৰ ভিতৰতে বিভিন্ন  পৰিচিতিক  নিৰ্ভৰ  কৰি  গঢ়  লৈ  উঠে  আন এক  আঞ্চলিকতাবাদ   ভাৰতবৰ্ষ দৰাচলতে  ৰু-বৰ  হাজাৰ -বিজাৰ  জাতি - জনগোষ্ঠীৰ  এক  প্ৰাচীন আৰু  আশ্বৰ্যময় বসতিভূমিয়েই  নহয় --  এই জাতি- জনগোষ্ঠীসমূহ আকাৰত যিমানেই সৰু-বৰ নহওক কিয় --  তেঁওলোকৰ  নিজা নিজা ভাষা-সংস্কৃতিৰ  প্ৰকাশিকা  শকতি  ইমানেই  বেছি  আৰু সেইবোৰে  সেই নিৰ্দিষ্ট  জাতি-জনগোষ্ঠীসমূহক  ইমানেই আত্মবিশ্বাসী  কৰি ৰাখে যে, দেশখনৰ  সৰ্বভাৰতীয় সত্তা বুলি 'লেও  আমাৰ  চকুত  সাধাৰণতে   ‘সৰ্বভাৰতীয়কিবা  এটা সত্তা  ভাহি  নুঠে    বৰং  আমি  এই জাতি-জনগোষ্ঠীবোৰৰ  বাৰে- ৰহণীয়া ভাষিক  আৰু  সাংস্কৃতিক  সমলৰ   সন্মিলিত  দলিচা  এখনহে  আমাৰ  চকুত  উদ্ভাসিত  হয়
 
 এই  বহু  ৰঙী  দলিচাখনক  সৰ্বভাৰতীয় সত্তা বুলি  ধৰিলে,   তাৰ একো   একোটা  বৰ্ণচ্ছটাকেই   আঞ্চলিক   সত্তা বুলি   কব লাগিব সেই  দলিচাখনৰ সামগ্ৰীক  ৰূপটোতকৈও  কেতিয়াবা  এই   স্থানীয়  ৰংবোৰৰ  উজ্জলতাহে  আমাৰ  চকুত  চাট মাৰি  ধৰাকৈ উজলি উঠে আমি  ৰাজনৈতিকভাৱে   যি মতাদৰ্শতেই  বিশ্বাস  নাৰাখোঁ  কিয়,   ভাৰতীয়  গণতন্ত্ৰৰ  আৱৰ্তত   আঞ্চলিক  পৰিচিতিৰ  সত্তাবোৰ  কোনোমতেই উলাই  কৰিব নোৱাৰোঁ  এক কথাত কবলৈ 'লে  ভাৰতীয়  ৰাষ্ট্ৰসত্তাৰ  আৱৰ্তত থকা  আঞ্চলিকতাবাদী পৰচিতিক উলাই  কৰা আজি কোনো  শক্তিৰ  পক্ষে সম্ভৱ নহয়   বৰং  বহুক্ষেত্ৰত  কথা কঁওতে বা কোনো বিষয় এটা লৈ   লিখা- মেলা কৰিবৰ সময়ত  এই   পৰিচিতিবোৰৰ পৰা উদ্ভৱ হোৱা  আৱেগৰ শ্ৰদ্ধা   কৰিহে  এতিয়া   কথা কবলগীয়া হয়
 
সৰ্বভাৰতীয় সত্তাৰ আৱৰ্তৰ এই আঞ্চলকিতাবাদী সত্তাটো  ভাৰতীয়  ইতিহাসত  সদায়েই  প্ৰাসংগিক হৈ   আছিল  আৰু বৰ্তমানেও আছে   দুখৰ  কথা  যে, এই আঞ্চলিকতাবাদী   আৱেগেই  এতিয়া  শাসকপক্ষৰ  কুটিল  ৰাজনীতিৰো  ঢাল  হৈ  পৰিছে  হিন্দুত্বৰ  আদৰ্শেৰে  ক্ষমতালৈ অহা  এই শক্তিসমূহে আঞ্চলিকতাবাদী  আৱেগৰ ভিত্তিত ৰাজনৈতিক  ক্ষমতা দখল কৰি পিছমুহূৰ্ততে সেই আৱেগক  মষিমূৰ  কৰি  ৰাষ্ট্ৰীয়তাবাদৰ   ঢৌ জাপি  দিয়াৰ নামত   হিন্দুত্ববাদ  প্ৰতিষ্ঠা কৰিব   খোজাৰ   উদাহৰণ  এতিয়া  অজস্ৰ  বিশেষকৈ  অসমত  কংগ্ৰেছৰ  পোন্ধৰ  বছৰীয়া শাসনকালৰ অবাধ  দূৰ্নীতিৰ  অচিলা  লৈ আঞ্চলকিতাবাদী  শক্তিৰ  সমৰ্থন গোটাই  বিজেপি  দলে  ক্ষমতালৈ  অহাৰ পিছৰেপৰা  হিন্দুত্ববাদৰ  প্ৰচলনৰ  নামত   অসমীয়া  জাতি- ধ্বংসী  প্ৰক্ৰিয়াৰ  সুচনা কৰিছে  আনহাতে  অসমীয়া জাতিসত্তাক ধ্বংস কৰাৰ  প্ৰাথমিক চৰ্ত হিচাপেই  হিন্দুত্ববাদী শক্তিসমূহে  অসমীয়া  জনমানসৰ চেতনাত ব্যাপ্তি থকা  উজ্জল  ব্যক্তিত্ববোৰক  অন্ধকাৰলৈ ঠেলি দিয়াৰ  ষড়যন্ত্ৰ ৰছনা ৰিছে   

এই প্ৰচেষ্টাৰ  অংশ হিচাপেই    অসমীয়া ভাষা- সাহিত্য - সংস্কতিৰ ভেটি  তৈয়াৰ কৰি  থৈ যোৱা    শংকৰদেৱক উৎখাত  কৰাৰ   নিৰলস প্ৰচেষ্টা  চলিছে   দূৰ্ভাগ্যজনকভাৱে,   এই    সাম্প্ৰদায়িক শক্তিসমূহে  “কুকুৰ- শৃগাল -গদৰ্ভৰো আত্মাৰামবুলি  ইতৰ  প্ৰাণীকো সম-মৰ্যদা  প্ৰদান কৰা  শংকৰদেৱৰ   আদৰ্শক বিকৃত কৰিব  পাৰিলেই  অসমীয়া  আঞ্চলিকতাবাদৰ  আধাৰটি  বিকৃত  কৰিব  পৰা  যাব  বুলি  পতিয়ন  গৈছে  কিন্তু  আচৰিত কথা যে, অসমীয়া জনমানসত স্থান লবৰ সময়ত  এই শক্তিবোৰে  পোনতে   শংকৰদেৱৰ নামকেই  ব্যৱহাৰ কৰিছে  উদাহৰণস্বৰূপে,   নব্বৈ  দশকৰপৰা  “শংকৰদেৱ শিশু নিকেতননামেৰে তেঁওলোকে যিবোৰ অসমীয়া মাধ্যমৰ বিদ্যালয়  গঢ়ি  তুলি অসমীয়া  মধ্যবিত্তৰ  হৃদয়ত সোমোৱাৰ  পৰিকল্পনা কৰিছিল -- সেই  বিদ্যালয়বোৰ  যে  গাৰোৰ গোবিন্দমুচলমানৰ  চান্দসাঁইনগাৰ নৰোত্তমৰ দৰে  বিভিন্নজনক আকোঁৱালি লোৱা   শংকৰদেৱৰ   উদাৰবাদী  আদৰ্শৰ   বিপৰীতে  মাথোন  হিন্দুত্ববাদৰ  কাৰখানাহে -- সেই  কথা  ইতিমধ্যেই  প্ৰতিপন্ন হৈ  গৈছে দুখৰ   কথা  যেএই   কথাবোৰ পোহৰলৈ অহাৰ  পিছতো  হিন্দুত্ববাদী  শক্তিবোৰে   অসমীয়া আঞ্চলকিতাবাদী চেতনাৰে আলোকিত এচাম  মধ্যবিত্তক এতিয়াও নিৰন্তৰে   আকৰ্ষণ কৰিব পাৰিছে।   অসমীয়া  জাতিৰ   বাবে  কঢ়িয়াই আনিছে   ভয়ানক দিনৰ অশনি সংকেত  এনে  সময়ত  অসমীয়াৰ জাতীয় চেতনাত  শতিকাৰ পিছত শতিকা জুৰি  পোহৰ  বিলাই অহা  এই  কাণ্ডাৰীসকলৰ জীৱন দৰ্শন  আৰু  তেঁওলোকৰ সৃষ্টিকৰ্ম  গভীৰভাৱে  অধ্যয়ন কৰি সেই আলোকেৰে জাতিৰ  উন্নয়নৰ  দিশ নিৰ্ণয় কৰাটো অতিশয়  জৰুৰী হৈ পৰিছে। 

এই কথা সঁচা যে,  ত্ৰয়োদশ শতিকাত অসমলৈ  অহা বিচক্ষণ  ৰাজনীতিবিদ  চুকাফাই  যিদৰে   ৰাজনৈতিক ক্ষেত্ৰত ৰাজ্যখনত সাত ৰাজ মাৰি এক ৰাজ স্থাপন কৰিবৰ বাবে উদ্যোগ লৈছিল, সেইদৰে ১৪৪৯ চনত জন্ম  গ্ৰহণ  কৰা  শংকৰদেৱে  উদ্যোগ লৈছিল  সামাজিক আৰু বৌদ্ধিক ক্ষেত্ৰত  অসমীয়া জাতিক  ন-কৈ গঢ়াৰ  সংকল্প। শংকৰদেৱৰ আদৰ্শ গ্ৰহণ  কৰা  বহুতেই, আৰু  আনকি প্ৰগতিশীলসকলৰো একাংশই  আজি   শংকৰদেৱৰ পৰিছয়  মাথো  এজন ধৰ্মগুৰুৰ পৰিসৰতে আৱদ্ধ কৰি ৰাখিব খোজে। কিন্তু শংকৰদেৱে অসমীয়া সমাজক দিয়া  নাই কি?  আসমীয়া  ভাষা - সংস্কৃতি – সাহিত্যৰ ক্ষেত্ৰত এক নৱজাগৰণৰ  সৃষ্টি  কৰি সেই  কালতেই   অসমীয়া জাতিৰ  নৱনিৰ্মাণৰ সৌধ নিৰ্মাণ কৰি  থৈ গৈছে এইজন পুৰুষে। আজিৰ  কঠিন ৰাজনীতিৰ  সময়ত   শংকৰদেৱৰ  সাহিত্য  অধ্যয়নৰ  গুৰত্ব  এইবাবেই  প্ৰাসংগিক  আৰু অপৰিসীম যে,  তেখেত  নিজে   আদৰ্শগতভাৱে সৰ্বভাৰতীয় সত্তা হোৱাৰ  পিছতো  আঞ্চলকিতাবাদী সত্তাৰেহে সমুজ্জল। আজিৰ এচাম আঞ্চলিকতাবাদী অসমীয়া  মধ্যবিত্তই  ৰাষ্ট্ৰীয়তাবাদৰ দোহাই  দি ধৰ্ম সংপৃক্ত ৰাজনীতিৰ আওতাৰে হিন্দুত্ববাদৰ  শৰণাপন্ন হোৱাৰ সময়ত এই কথা যিমানেই সোনকালে উপলব্ধি কৰে অসমীয়া জাতিৰ  বাবে  সিমানেই  মংগল। কিয়নো  শংকৰদেৱে তেখেতৰ জীৱনকালত  সেই সময়ৰ আপাতত  দুৰ্গম   পথেৰে  দুবাৰকৈ ভাৰত ভ্ৰমণ কৰি আহি ‘ধন্য ধন্য ভাৰত বৰিষে বুলি  লিখিলেও  তেখেতৰ  সামগ্ৰীক  সত্তা  আঞ্চলিকহে  আছিল।  তেখেতৰ  ৰছনাৰ  পাতে  পাতে  এই   আঞ্চলিকতাবাদী চেতনাস্ৰোতৰ নিৰৱধি প্ৰবাহে  আমাৰ দৰে পাঠকক বিস্ময়-বিমুগ্দ্ধ কৰে। কেৱল  সাহিত্য  ৰ্কমৰ  মাজতেই  এই  আঞ্চলিকতাবাদী চৰিত্ৰক  প্ৰতিপন্ন কৰাত আৱদ্ধ  নাৰাখি তেখেতে  যি  সাংস্কৃতিক সমল দি থৈ গৈছে তাতো ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীক সম-মৰ্যদাৰে প্ৰতিষ্ঠা  কৰি  থৈ  গৈছে।   সাহিত্যৰ ক্ষেত্ৰতো তেখেতে এক  আধুনিক  অসমীয়া ভাষাৰ সৃষ্টি  কৰি থৈ গৈছে। তেখেত  নিজে  সংস্কৃতৰ  এজন  বিদগ্ধ পণ্ডিত আছিল । ভাৰত ভ্ৰমণৰ সময়ত দেশৰ আগশাৰীৰ সংস্কৃত পণ্ডিতসকলৰ সৈতে তেখেতৰ সাক্ষাতো হৈছিল। অথচ উভতি আহি তেখেতে সাহিত্য সৃষ্টি কৰিলে  অসমীয়া  মানুহে ব্যৱহাৰ কৰা আইৰ মুখৰ ভাষাৰে । উদাহৰণস্বৰূপে,  কীৰ্তনঘোষাৰ  প্ৰথমটি  কুট চোৱা যাওক, য'ত  তেখেতে লিখিছে -- প্ৰথমে  প্ৰণামো ব্ৰহ্মৰূপী  সনাতন, সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ন।।-- তেখেতে মধ্যযুগতে  লিখি   থৈ যোৱা  এই কথাকেইষাৰি আজিও ইমান  আধুনিক যে, তাৰ মৰ্ম  বুজিবলৈ  অকণো  সময়  পাত   কৰিব  নালাগে। কিন্তু কীৰ্তনঘোষাৰ  বহু শতিকাৰ  পিছত  প্ৰাকশিত  ‘আৰুণোদই' আলোচনীত  প্ৰাকশিত  অসমীয়া ভাষাৰ গদ্যৰূপ আজি আমাৰ মাজত চলতি  কৰিব পাৰিম জানো? অসমীয়া ভাষাৰ  প্ৰকাশিকা   শক্তিৰ  এই  কালিকাৰ  প্ৰতি  শংকৰদেৱ কেনেকৈ  বা   কিদৰে  ইমান আত্মবিশ্বাসী  হৈ  পৰিল? এই  ভাষা তেখেতে  কিদৰে  আয়ত্ত  কৰিব   পাৰিলে যে,  আনকি   পঢ়িব নজনা  অনাখৰীজনেও শুনি শুনিয়েই  কীৰ্তন- ঘোষাৰ  পদ  সলসলীয়াকৈ কব পৰা হ'ল! হয়তো  প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰাৰ কালতেই তেখেতৰ  সংযোগ ঘটিছিল  ভাৰতৰ  অঞ্চলে- অঞ্চলে, প্ৰান্তে - প্ৰান্তে   বাস  কৰা  ভিন ভিন  জনপদৰ সৈতে। এই  জনপদসমূহৰ  মুখৰ  ভিন  ভিন  মাত - কথা, তেঁওলোকে বহন কৰা  সংস্কৃতিৰ  সৌৰভ, প্ৰাণৰ স্পন্দনে   তেখেতক অভিভূত   কৰি ৰাখিছিল আৰু  অগাধ  প্ৰতিভাধৰ  এই বিস্ময়-পুৰুষজনে  তেতিয়াই   হয়তো   পতিয়ন গৈছিল যে,   মহান  ভাৰতৰ্ষৰ আত্মা প্ৰকৃততে  এই আঞ্চলিক সত্তাবোৰৰ  পোহৰত উজলি  উঠা এছটা  বৰ্ণচ্ছটাহে। 

সেয়েহে শংকৰদেৱে যেতিয়া   কীৰ্তন-ঘোষাৰ  ‘হৰমোহন' স্বৰ্গৰ নন্দন -কাননখন আঁকিলে বা বৰ্ণণা কৰিলে, ইন্দ্ৰ আদি দেৱতাই  বাস কৰা  সেই নন্দন- কাননখনৰ  তৰু -তৃণ- লতিকাৰ  তেঁও বিৱৰণ দিলে অসমৰেই  হাবিয়ে -বননিয়ে পোৱা তৰু-তৃণ-লতিকাৰ বৰ্ণণাৰে --
পাছে ত্ৰিনয়ন           দিব্য উপবন
দেখিলন্ত বিদ্যমান
ফল ফুল ধৰি            জকমক ক ৰি
আছে যত বৃক্ষমান।।
শিৰিষ সেউতী        তমাল মালতী
লবংগ বাগি গুলাল
কৰবীৰ বক         কাঞ্চন চম্পক
ফুল ভ ৰে ভাঙ্গে ডাল।।
শেৱালি নেৱালি          পলাশ পাৰলি
পাৰজিাত যূতি জাঁই,
বকুল বন্দুলি          আছে ফুলি ফুলি
তাৰো সীমা সংখ্যা নাই।।
সেইদৰে গজেন্দ্ৰ উপাখ্যানত পোৱা যায় আসমৰ হাবিৰ বন- বিৰিখৰ নিৰন্তৰ  বৰ্ণণা  ---
শাল তাল তমাল মন্দাৰ পাৰিজাত
চম্পক আশোক আনো  পুষ্প অসংখ্যাত।।
আম জাম লেবু জৰা জামীৰ খাজুৰি
বলে নাৰকিল তাল তাম্বুল পাকৰি।।
অগৰু চন্দন  সৰল সোণাৰু
আৰো যত তৰু তৃণ সৱে  কল্পতৰু।।

 প্ৰকৃতিৰ নিভাঁজ কোলাত বাস কৰা সহজ -সৰল অসমীয়া মানুহৰ চেতনাত তেঁও  ধৰ্মৰ  বাগাড়ম্বৰ কাৰ্যক্ৰমণিকা  পৰিহাৰ কৰি  প্ৰতিষ্ঠা থৈ  গৈছেএক দেউ এক সেউ, এক বিনে নাহি  কেউ  নীতিৰে  একশৰণ ভাগৱতী ধৰ্মযাৰ  আধাৰত  আছে কৃষ্ণ -চেতনা  শংকৰদেৱে  আমাক  দি  থৈ যোৱা এই কৃষ্ণ চেতনা  আচৰতিধৰণে অতিশয় সৰল, আমাৰ  নিচেই  আপোন  শিশু কৃষ্ণ হে যাক  মাতৃ  যশোদায়ো গালি পাৰে এনেদৰে -  “ভাণ্ড ভাঙ্গি আৰে  যাইবো কোথাখাইবো আজি কৃষ্ণ তোৰ মাথা  [ শিশু লীলা, চতুৰ্থ খণ্ড] এই  যশোদা অচিনাকি   বৃন্দাবনৰ  নন্দ জায়া নহয়, তেঁও যেন  আমাৰ গাঁওখনৰেই  এজনী সৰল তিৰোতা  এনে অলখে উপাদানেৰে শংকৰদেৱৰ সাহিত্য সম্ভাৰ  সমৃদ্ধ সৰ্বভাৰতীয় চেতনাৰ  এই  আঞ্চলকিতাবাদী  ৰূপসজ্জাৰ মাজেৰেই   উন্নত সাংস্কৃতিক চেতনাৰ প্ৰৱাহৰ  যি ডাল ডোলেৰে  শংকৰদেৱে  অসমীয়া জনজীৱনক বান্ধি থৈ গৈছে  -- তাৰ  বলতেই সংকটকালত  এই  জাতিয়ে  বাৰে বাৰে সঞ্জীৱনী  সুধা  আহৰণ  কৰি  সাৰ পাই  উঠিছে  

কেৱল  সাহিত্যৰ  উপজীৱ্যতেই  নহয়, শংকৰদেৱে প্ৰৱৰ্তন কৰা সত্ৰীয়া নৃত্যত বড়োসকলৰ বাগৰুম্বা, মিচিংসকল  বিহুৰ লগতে বিহু নাচৰ চেৰেকীপাকৰ সমন্বয় আদিৰ বিষয়ে গৱষেকসকলে বিস্তৃতভাৱে  গৱেষণা কৰিছে আজি এই কথা বিস্ময়েৰে লক্ষ্য কৰি আমি শংকৰদৱেৰ প্ৰতি শ্ৰদ্ধানত হৈ পৰোঁ যেযিসময়ত  ভাৰতৰ্ষত ভাৰত নাট্যমকোচি পুড়ীকে ধৰি  সকলোবোৰ ধ্ৰুপদী নৃত্য বিলুপ্ত হৈ  যোৱাৰ  পিছত  মন্দিৰৰ মূৰ্তিৰ ভংগী আদি ওপৰত  গৱেষণা কৰি  নতুনকৈ মুদ্ৰাবোৰ  ৰছনা কৰিবলগীয়া হৈছিল -- সেই একেসময়তে কিন্তু অসমৰ সত্ৰৰ সাৰিসীমাৰ  ভিতৰত সত্ৰীয়া  নৃত্য  এক জীৱন্ত  ধাৰা  হিচাপে লেঠাৰি - নিচিগাকৈ  নিৰৱচ্ছিন্নভাৱে  পৰিবেশিত হৈ  আহিছিলসত্ৰসমূহৰ তীব্ৰ  আৰ্থিক সংকট স্বত্বেও  অলেখ বান, গৰাখহনীয়া, আৰ্থিক দুৰাৱস্থাৰ মাজতো   শংকৰদেৱে  আমাক   দি থৈ যোৱা অসমীয়া সংস্কৃতিৰ  বৰঘৰৰ এই মেটমৰা  সম্ভাৰ  অসমীয়া জাতিয়ে হৰণ- ভগণ  হবলৈ নিদিয়াকৈ  সযতনে ৰাখিছে
অথচ, আজি সত্ৰৰ বৰঘৰৰ মজিয়াতে শংকৰদেৱৰ চেতনা উৎখাত কৰাৰ ষড়যন্ত্ৰ ৰছনা কৰি কৃষ্ণ-চেতনাৰ  বিপৰীতেৰাম' চেতনাক ব্যাপ্ত কৰা হৈছে  অথচ  এই  ‘ৰামকিন্তু আমাৰপৰম্পৰাৰ প্ৰজাবৎসল ৰাম নহয়। এই  ‘ৰাম' হিন্দুত্ববাদী এজেণ্ডাৰ  সংকীৰ্ণ  চেতনাৰ পৰা উদ্ভূত   শংকৰদেৱৰ  শিশু- কৃষ্ণ  চেতনাৰ  বিপৰীতে  হিন্দুত্ববাদী শক্তিয়ে আমদানি কৰা   এইৰাম'    আমাৰ  বাবে পৰিচিত নহয় -- আচহুৱা  এই হিন্দুত্ববাদীৰাম' চেতনাত  কিমান  দূৰ সুৰক্ষিত  হৈ ' আমাৰ জনজাতীয়সকলঅন্ত্যজ  বৰ্ণহিন্দুসকলদলিতসকল,   ধৰ্মীয় সংখ্যালঘূসকল?   হিন্দুত্ববাদী  শক্তিসমূহে  ভাৱে  যে   শংকৰদেৱৰ চেতনাক অসমীয়াৰ মনৰপৰা উৎখাত কৰাত  সফল  'লেই   জাতিটোক তেঁওলোকে  থান- বান কৰি পেলাবলৈ  বিশেষ কষ্ট  কৰা প্ৰয়োজন নাথাকিব সেয়েহে   তেঁওলোকে   ‘সত্ৰনগৰী' হিচাপে  খ্যাত  বৈষ্ণৱ  সংস্কৃতিৰ নাভিকেন্দ্ৰ, বিভিন্ন জাতি-জনগোষ্ঠীৰ  বসতিভূমি   মাজুলীৰ  চিৰ-পৰচিত  পৰিচিতি  সলাই তেঁওলোকে তাৰ ৰূপ দিব  খুজিছে  ‘আধ্যাত্মিক নগৰীবুলি  ৰজাঘৰৰ  আশীৰ্বাদপুষ্ট হৈ   শংকৰদেৱৰ চেতনাক উৎখাত কৰিবলৈ  বৈষ্ণৱ সংস্কৃতিৰ  নাভিকেন্দ্ৰ   মাজুলীৰপৰাই  আৰম্ভ কৰা হৈছে  প্ৰয়াস 
কিন্তু  মানুহকমানুহ' হিচাপে স্কীকৃতি দিয়াৰ বিপৰীতে ধৰ্মৰ ভিত্তিতহিন্দুবামুছলমান'ৰ পৰিচিতিৰে  চিনাকি দিব খোজা, দেশৰ  সংখ্যালঘূলকলৰ উপলব্ধি আৰু চেতনাক বাৰে বাৰে আঘাত কৰি মনোকষ্ট দিয়া   ঘৃণাৰ ৰাজনীতিৰ  এই ধাৰক  আৰু  বাহকসকলে এই  কথা  নাজানে যে, অসমীয়া জাতিৰ  আৱৰ্তত থকা  সৰু - বৰ  বিভিন্ন  জাতি-জনগোষ্ঠী-সম্প্ৰদায়সমূহৰ  মাজত প্ৰৱহমান গণতান্ত্ৰিক ভাৱধাৰাৰ লগতে বিভিন্ন সংঘাতৰ মাজতো তেঁওলোকে  একেলগে জীয়াই থাকিবলৈ শিকাৰ যি  মহামন্ত্ৰ -- যাৰ শিপা  প্ৰোথিত  জনজীৱনৰ প্ৰাণৰ স্পন্দনত -- সেই   শিপামূলৰ পৰা আমাক বিচ্ছিন্ন কৰি পেলোৱাটোও ইমান সহজ কথা নহয়  

ইয়াৰ লগে লগে একেসময়তে  আমি  এই কথাও  মনত ৰাখিব লাগিব যে, ক্ষমতাৰ বলেৰে বলীয়ান এই লেকাম ছিগাহিন্দুত্ববাদী' ঘোঁৰাটো আজি ইমানেই উন্মাদ  যে,   সি বাটৰ কোনো বাধাকেই গণ্য কৰিব নোখোজে। প্ৰতক্ষ্য কৰিব নোখোজে   খাটি খোৱা জনসাধাৰণৰ কঠোৰ  শ্ৰমসাধ্য  জীৱনৰ  বোধেৰে উজ্জীৱিত  অন্তৰৰ শুভবোধৰ  দ্যুতি তেঁওলোক সংকীৰ্ণ, তেঁওলোক ফেচীবাদীতেঁওলোক একনায়কত্বাদী সেয়েহে আজি দেশত  কোণে কোণে  নিৰন্তৰে লিখক- সাংবাদিকৰ হত্যা,  বিবেকবানসকলৰ বিৰুদ্ধে নিৰন্তৰ অপপ্ৰচাৰভ্ৰূকুটি   'ছিয়েল মিডিয়াত তেঁওলোকৰ প্ৰতি অহৰহ ভাবুকি  

এনে ক্ষণত আমাৰো দায়িত্ব  অতি গধূৰ কঠিন সময়ে  আনি দিয়া  এই দায়িত্ব গ্ৰহণ কৰিবলৈ  আমি নিজকে প্ৰস্তুত  কৰিবই লাগিব  আজি  আমি  শংকৰদেৱৰ লগতে জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, লক্ষ্মীনাথ বেজবৰুৱা, অমলেন্দু গুহৰ দৰে  আমাৰ জাতীয় জীৱনৰ কাণ্ডাৰীসকলৰ জীৱন, তেঁওলোকৰ আদৰ্শৰ ওপৰত বিস্তৃত  অধ্যয়ন  কৰি জাতীয় জীৱনৰ চেতনাত থকা  জাতীয়বাদী আৰু আঞ্চলিকতাবাদী  আৱেগৰ স্বৰূপ উপলব্ধি কৰাৰ লগতে সময়োপযোগী পদক্ষেপ  গ্ৰহণ  কৰিব  পৰাটোৱেই সময়ৰ আহ্বান


(গণশক্তি, পূজা সংখ্যা, ২০১৭) 


ৰত্না ভৰালী তালুকদাৰ