Saturday, 16 September 2017

ননকে - খাগ্ৰাবাৰী


ননকে - খাগ্ৰাবাৰী 
প্ৰকাশ - গৰীয়সী, ২০১৪ পূজা সংখ্যা







 আমাৰ চেতনত  সাৰে আছিল সেই  ননকে - খাগ্ৰাবাৰী ।  

ননকে- খাগ্ৰাবাৰীলৈ  যোৱাটো আছিল সপোনৰ  দৰে । কলোৱেই  ননকে- খাগ্ৰাবাৰীলৈ  যাবলৈ খুজিছিল।  তালৈ যোৱাৰ  অনুমতি  পত্ৰ   লাভ কৰা   নিৰ্দিষ্ট কোঠাটিত ৰৈ থাকিছিল।  বহু  লোকৰ   সমাগমে  ননকে- খাগ্ৰাবাৰীৰ  সকলোকে  বিবুধিত  পেলাব -  এই আশংকা  কৰি  তালৈ যাবলৈ একপ্ৰকাৰ  বাৰণেই  কৰা হৈছিল।  আৰু  বেচ  কিছুদিন অপেক্ষা কৰাৰ  পিছতহে  অনুমতি  পোৱা গৈছিল।  জানোচা  ননকে- খাগ্ৰাবাৰীলৈ যোৱাৰ  বাটেই  ভুল কৰি পেলালোঁএই   বুলি যিসকলক  সুধিছিলো -  তেঁওলোকে  একমুখে কবলৈ  ধৰিছিল -  ভুল  নাই কৰা, সৌফালেনদীখনিৰ  পাৰেৰেজাৰণিখনৰ সোঁদিশেমথাউৰিটোৱেদি  নামি গৈপুৰি  ছাই  হৈ যোৱা খাগৰিডৰাৰ  কাষেৰে,  এৰাসুঁতিৰ ধু ধু বালিত । সেয়াই   ননকে - খাগ্ৰাবাৰী ।.......গৈ  থাক  মাইভয় নাখাবি।    

অনেক  সত্যই  ননকে- খাগ্ৰাবাৰীত  হাতত  হাত  ধৰি ঘুৰি ফুৰিছিল । সত্যৰ সেই  ৰূপ  আছিল অতিকে বিক্ষিপ্ত,    অতিকে  খণ্ডিত  আৰু কদাকাৰ। কেতিয়াবা  ভাৱ হৈছিল,   ননকে- খাগ্ৰাবাৰীত  সত্য নিজেই  দিকভ্ৰান্ত । আৰু সত্য  নিজেই যেতিয়া  দিকভ্ৰান্ততেতিয়া  ননকে-খাগ্ৰাবাৰীলৈ  অহাসকলো  জানো বিভ্ৰান্ত  হৈ  নপৰিব!  বাস্তৱতে সেইটোৱেই  ঘটিছিল।   ননকে - খাগ্ৰাবাৰীত এটি  সত্যৰ ওপৰত আন  এটি  সত্যৰ  অধিস্থাপনা  হৈছিল  আৰু বৰ্তমানৰ সত্যৰূপে  পূৰ্বৰ সত্যাৱস্থা ঢাকি ধৰিছিল। যিদৰে সৌ প্ৰকাণ্ড  এক্সকেভেটৰবোৰেৰে  কঢ়িয়াই  নদীৰ পাৰত  বালিৰ নতুন  তৰপ দিয়া  হৈছিল আৰু বৰ্তমানৰ  তৰপটোৱে  নদীৰ  বালিৰ পূৰ্বাৱস্থা পুতি পেলাইছিল।পূৰ্বৰ সত্যই  প্ৰাণপ্ৰণে চেষ্টা কৰিও তাৰ আচল ৰূপ প্ৰকট  কৰিব পৰা নাছিল।  আনকি এক্সচস্কেভেটৰেৰে কঢ়িয়াই  নদীৰ পাৰত   বালিৰ যি  নতুন তৰপ দিয়া হৈছিল, সেয়াও ঢাকি  তাৰ ওপৰত তৰি  দিয়া  হৈছিল শাৰী শাৰী  তম্বু ।  যিসকলে এই  তম্বুবোৰ দান কৰিছিল  আৰু সেইবোৰ  তৰি  দিবলৈ যোগান  ধৰিছিল ইউনিফৰ্ম পিন্ধা  যি স্বেচ্ছাসেৱক -- ননকে-  খাগ্ৰাবাৰীত   এতিয়া আপাতত  তেঁওলোকে কোৱা  বা  কবলগীয়া কথাবোৰ, তেঁওলোকে দান কৰা  তম্বুবোৰেই  যেন সকলো  সত্যৰ অৱশেষ হৈ  প্ৰকট  হৈ পৰিছিল। 

আমাৰ চকুৰ  সমুখত  ৰমক-জমককৈ  সাজিছিল ননকে- খাগ্ৰাবাৰীয়ে। দূৰৈৰ পৰা  ক্ষুদ্ৰ  ক্ষুদ্ৰ  টিলাৰ দৰে  লাগিছিল নকে - খাগ্ৰাবাৰীৰ  নীলবৰণীয়া  তম্বুবোৰ।  ননকে -খাগ্ৰাবাৰীত  গৰম  ভাতৰ ধোঁৱা ওলাইছিল তম্বুৰ তলৰপৰা ।নতুনকৈ  বহুওৱা দমকলৰ নলীবোৰ তেতিয়াও  নিমজ হোৱা নাছিল।  তম্বুৰ  চুকত আছিল শাৰী  শাৰী প্লাষ্টিকৰ তিৰপাল  তৰি  দি নতুনকৈ সজা পায়খানাবোৰ। পায়খানাৰ লেতেৰা গোন্ধ ওলাব পৰাকৈ সেইবোৰ পুৰণা হোৱাই  নাছিল। ননকে -খাগ্ৰাবাৰীত পাহাৰ হৈ আছিলদান- উচৰ্গাৰে অহা ৰেচন  সামগ্ৰী, কাপোৰ- কানি । বিদেশী ফল-মুল পৰ্যন্ত  আহিছিল।  ননকে-খাগ্ৰাবাৰীত পখৰা-পাখৰি  কাপোৰ  পিন্ধা  জোৱানবোৰে  হাতত  কাৰ্বাইন লৈ বুটজোতাৰে গিৰিপ গাৰাপ  শব্দ  কৰি,   শাৰী পাতি  টহল দিছিল। ননকে- খাগ্ৰাবাৰীত জোৱানৰ কাৰ্বাইনৰ  উদ্যত  নলীয়ে  দিছিল  মুখৰ  নিৰাপত্তাৰ  ভাষা । ননকে-খাগ্ৰাবাৰীত  ডাক্তৰসকলে  ঘড়ীৰ  কাটাৰ সৈতে খোজ  কাঢ়ি   শিৱিৰ পৰিছালনা কৰিছিল, অংগনবাদী কৰ্মীসকলে  তেঁওলোকক  গৰ্ভৱতী আৰু প্ৰসূতি মাতৃসকলৰ তথ্য  দাখিল কৰিছিল । ননক -খাগ্ৰাবাৰীত  আসন্নপ্ৰসৱা  প্ৰসুতি নাৰীক এম্বুলেন্সেৰে হস্পিতাললৈ নিয়াৰ  ব্যৱস্থ কৰি দিয়া  হৈছিল  বিপুলায়োজনেৰে। ননকে- খাগ্ৰাবাৰীৰ  সমুখতেই  সজাই  থোৱা হৈছিল এখনি ম'বাইল মেডিকেল ভান -   'ত আনকি অস্ত্ৰোপচাৰ পৰ্যন্ত  কৰিব পৰা গৈছিল।  কাপোৰ- কানি পুৰি ছাই  হৈ  গৈছিল  বাবে  এতিয়া তেঁওলোকৰ  শৰীৰত যি  বস্ত্ৰ দেখা পোৱা গৈছিল, সেই  সকলোবোৰেই  নতুন আছিল। ননকে- খাগ্ৰাবাৰীত  ইফাল- সিফাল কৰি থকাসকলৰ  খোজত  মাৰ  নকঢ়া  নতুন  কাপোৰৰ খম-খমনি পৰ্যন্ত  শুনিবলৈ পোৱা গৈছিল। জলাশয়ৰ  নতুন  পানীৰ চঞ্চল  পানীমকৰাৰ দৰে  শিশুবোৰে   চট-ফটা ফুৰিছিল।  ষ্টিলৰ নতুন, পৰিস্কাৰ  কাঁহীত  গৰম  ভাত খাবলৈ দিয়া হৈছিল  ননকে-খাগ্ৰাবাৰীত। যিসকলে  ননকে-খাগ্ৰাবাৰী আহি পাইছিলহি, তেঁওলোকে  ৱাহ  ৱাহ  দি কৈছিল -- কি  সুন্দৰ, কেনে  পৰিপাটি, এয়া দেখোন আমাৰ  ভাৱনাৰ  সিপাৰৰ  বিস্ময়কৰ  ননকে- খাগ্ৰাবাৰী !স্ ননকে -খাগ্ৰাবাৰীত  নাই  কি!! দৃষ্টিয়ে  যিমান দূৰলৈ  কৰিব পাৰে'লৈকে  প্ৰসাৰি থাকে বোধৰ জগততালৈকে  বিয়পি আছিল  এখনি  ননকে -খাগ্ৰাবাৰী।  তেঁওলোকে ন'টবুক, ষ্টীল  অথবা  মুভি কেমেৰাবোৰলেপটপ  অথবা  আইপেডবোৰ সাজু কৰি লৈছিল।

ননকে-খাগ্ৰাবাৰীত  মায়াৰ  প্ৰপঞ্চই  ধৰিছিল তৃতীয় নয়ন  ছানি  প্ৰপঞ্চ ভেদি,   তৃতীয়  নয়ন মেলি কাণখন  উণাই দিলে  উখল- মাখল তম্বুৰ  তলৰ  হিয়া দহি  নিয়া   তলসুঁতীয়া সুৰ এটি  ভাহি আহিছিল ।  তাতেই   কিল্ বিল্ ৰিছিল  সিহঁতে -- যিসকল আছিল  তম্বুৰ  তলত। এনে   লাগিছিল যেন  অনেক  বিক্ষিপ্ত, খণ্ডিত  আৰু নিকৰুণ  ঘটনাৰাজিৰপৰা  পলাই  আহি  প্ৰকৃত  সত্যই  এইসকলৰ  মলিয়ন গাতেই ভেঁজা দিছিলহি। ননকে-খাগ্ৰাবাৰীৰ তম্বুৰ তলত সিহঁতে  বাস কৰিছিল গাঁতৰ নিগনিৰ  দৰে। মুখৰ  কঠিন কপাটত  আছিল  বাদুলী-সঁচাৰ। কান্দিবলৈ যিমান ভয় কৰিছিল,   কথা কবলৈ ভয় কৰিছিল তাতোকৈয়ো  বেচি ।  মাছৰ টোপোলাত অহা  বৰফৰ  দৰে  চেঁচা পৰিছিল।  চকুৰ নিমখ  বালিয়ে  শুহি  লৈছিল -- যিদৰে শুহি  লৈছিল  ননকে-খাগ্ৰাবাৰীৰ  তেজ। ডিঙিৰ নলীৰে সৰকি  গৈছে নেকি  তপত ভাতৰ ধোঁৱামাৰণ  অস্ত্ৰৰ  কেইজাঁইমান গুলী -- এই কথাবোৰ  সিহঁতক  সুধিবলৈ সাহস  কৰা নাছিল  কোনেও ননকে -খাগ্ৰাবাৰীত।

এৰা।  ননকে-খাগ্ৰাবাৰীত  ৰঙা  হৈ পৰিছিল নদী । যেন  তেজৰপৰা তেজলৈকে বিয়পি আছিল নদী--  তেজৰ পৰা তেজলৈকে আছিল তাৰ  সুঁতিঅথবা  সেই   নদীয়ে এৰি  থৈ  অহা  কোনো  এটি   এৰাসুঁতি। চেতন আৰু  অৱচেতনৰ মাজেৰে বৈ আছিল তেজৰ সে স্ৰোতস্বিনী নদী, যাৰ নাম  ননকে-খাগ্ৰাবাৰী। তেজৰ বাটেৰেই  আহিছিল সিগ্ৰাসি  লৈছিল মগজুবোধৰ আকুতি।আহি আহি যিসকলে ননকে- খাগ্ৰাবাৰী পাইছিলহি, তেঁওলোকৰ সকলোৱেই যি কথা কৈছিল, বা  যি কথা কবলগীয়া  হৈছিলসেই  সকলোবোৰেই   আছিল তেজৰ বিষয়ে, অথবা তেজক   নিৰ্ভৰ  কৰি।  বোঁৱতী  নদীৰ ধাৰাল সোঁতৰ দৰেই  কথা-বাৰ্তালৈ   নামি আহিছিল স্ৰোতৱতী তেজৰ ধাৰ। ননকে- খাগ্ৰাবাৰীৰ  মানুহবোৰ  খঙতে তেজৰ   দৰেই ৰঙা পৰিছিল  আৰু নিমিষতে  দুখত  ক'লা পৰি  গৈছিল মৰি অহা তেজৰ দৰে । এই কথা হয়তো  ননকে- খাগ্ৰাবাৰীলৈ   আহিব নোৱাৰাসকলেবা   আহিবলৈ নিবিচৰাসকলে  বিশ্বাসেই   নকৰিব  যে, তেজৰ  লুণীয়া সোঁত বৈ আনকি বাটৰ দুবৰি পৰ্যন্ত  মৰি গৈছিল। বহুদিন ধৰি এজাক  বৰষুণ   আহি  জীপাল  কৰাহি  নাছিল  ননকে-  খাগ্ৰাবাৰীক । বহুদিন ধৰি  ননকে -খাগ্ৰাবাৰীৰ বিৰিখে এটি  থেৰেজুপকা  ধাৰণ কৰা নাছিল। পাটমাদৈ  চৰাইটিয়ে   কন্দা  নাছিল।  ফুলা  নাছিল  বসন্তৰ  কেতেকী। আৰু এই  বিষম    দৈন্যদশাৰ মাজতেই   ননকে - খাগ্ৰাবাৰী  জীয়াই  আছিল । এখনি   বিমূৰ্ত  সৰস্বতীৰ  দৰে সাৱলীল  অন্তঃস্ৰোতেৰে  জীয়াই   আছিল  ননকে- খাগ্ৰাবাৰী।তেঁওলোকৰ চেতনত   ননকে- খাগ্ৰাবাৰী জীয়াই আছিল। আৰু তাতে যেন  লবলৈ  ধৰিছিল  জীৱনদায়িনী সাৰ আৰু  পানী। 

এয়াই আছিল  ননকে-  খাগ্ৰাবাৰী। সকলোৱেই আহি আহি এবাৰ চুই   পাবলৈ মৰিয়া হৈ  উঠা ননকে- খাগ্ৰাবাৰী।  তেঁওলোকে  কৈছিল --  ননকে-খাগ্ৰাবাৰীয়েই  মানৱতাৰ নিষ্ঠুৰতম  বধ্যভূমি। গৰ্ভৱতী নাৰীৰ পেটৰপৰা পূৰ্ণ  বিকশিত যি শিশুক দুফাল কৰি দলিয়াই দিয়া হ', টানি উলিয়াই  অনা হ'ল ফুলৰ দৰে কোমল  কলিজা,    সেয়াইতো  ননকে-খাগ্ৰাবাৰী। নেতাতোকৈয়ো  নিষ্ঠুৰ  আন কিবা  হ'ব পাৰে! ননকে-খাগ্ৰাবাৰীয়েই সন্ত্ৰাস আৰু  যাতনাৰ  নিষ্ঠুৰতম নাম। ভাৱ হৈছিল -- তেঁওলোকে  মিছা  কোৱা নাছিল।  আনসকলে  ফুচফুচাই  কৈছিল --এয়া  গোকাট   মিছা।  সত্যৰ অপলাপ।  ননকে -খাগ্ৰাবাৰী পুৰি  ছাই হৈ গ'লেও ইয়াত এনে  ঘটনা ঘটাৰ নজিৰ নাছিল। জিৰ  নাছিল । এঁওলোকে  কিহবাৰ লোভতেই  এই   বিজতৰীয়া সাধুটিৰ   আমদানি  কৰিছিল। ভাৱ হৈছিল --এইসকলেও মিছা কোৱা নাছিল।  ননকে-  খাগ্ৰাবাৰীত সকলোৱেই  সমান বিশ্বাসেৰে  সকলো কথাই  কৈছিল।  

ননকে- খাগ্ৰাবাৰীত এতিয়ালৈকে  যিসকল  জীয়াই  আছিল, সিহঁত  পুৰণি হবলৈ ধৰা তেজৰ দৰে কেচেমা-কেচেমকৈ গোন্ধাইছিল।  যিবোৰ ইতিমধ্যেই  মৰি  গৈছিল আৰু  বহুদিনৰ পিছত  নদীৰ  বুকুৰ  গ্ৰাহ- মগৰৰ দৰেই  সিহঁতৰ পুৰণি যোৱা শৱদেহবোৰ ভীম্বাকাৰ হৈ ভাহি উছিঠিল, সেইবোৰ অৱ্যশ্যে তেজৰ দৰে গোন্ধোৱা নাছিল । তেজ মৰি  মৰি সেইবোৰ ক'লা হৈ পৰিছিল। পুৰণি হবলৈ ধৰা তেজেৰে কেচেমাকেচেমকৈ  গোন্ধোৱাজীয়াই থকা  মানুহবোৰে  সিহঁতক  আত্মীয় বুলি  চিনাক্ত  কৰিবলৈ  ঢাপলি মেলিছিল  - এইটো  অমুকৰ শৱ,   এইটো  তমুকীৰ  আৰু সৌ- কেইটা  ল'ৰা-ছোৱালীৰ।আস  আস।শিশুকেইটিও সাৰি যোৱা নাছিল। বন্দুকধাৰীৰ  বন্দুকৰ আগৰে দৌৰি দৌৰি ভয়তে  নদীতেই  জঁপিয়াই দিছিল বেচেৰাহঁতে। সাতুঁৰিবলৈ জানিলেও ভয়তেই নদীৰ পানীত হাত -ভৰি মাৰিবলৈ পাহৰি গৈছিল চাগে।  হয় হয়। এনেকুৱাই  হৈছিল  চাগে.....ননকে-  খাগ্ৰাবাৰীলৈ আহি পোৱাসকলে তেনেদৰেই গুণা- গঁথা কৰি, অনুমান কৰিছিল। ৰাতিৰ কথা।ননকে- খাগ্ৰাবাৰীত  কোন মানুহ  কেনেদৰে  মৰিলজানিবলৈনো  কাৰ  আহৰি আছিল দেহি!   ননকে- খাগ্ৰাবাৰীত সেই নিশা জোন মৰিছিল ।  ঘোৰ  অমাৱস্যাৰ  অন্ধকূপ মহাশূন্যত  লুকাই  আছিল জোন।  মৰি অহা জোনৰ নিশা প্ৰাণৰ ভয়তেই সিহঁতে কাশৰ ফুটুকী তৰা, জোনাকী পৰুৱা আৰু  বন্দুকধাৰীৰ অস্ত্ৰৰ  নলীৰপৰা ওলোৱা সজীৱ গুলীৰ পোহৰক  সাৰথি কৰিয়েই  দৌৰ মাৰিছিল। দৌৰি দৌৰি  নদীখন পাইপানীতেই  জঁপিয়াই  দিছিল চাগে ।হয় হয় তেনেকৈয়ে  মৰিছিল  চাগে।  এনেদৰেই  গুণা- গঁথা কৰি, অনুমান কৰিছিল  তেঁওলোকে। 

ননকে- খাগ্ৰাবাৰীত কেইবাদিনো ধৰি  পানীৰ তলত  ডুবি থকাৰ বাবেই এতিয়া গ্ৰাহ-মগৰৰ  দৰেই  ফুলি উঠিছিল  শৱবোৰ। চুই   দিলেই  যেন  এৰাই আহিব   শৰীৰৰ চনকা  মাংসৰ একো  টুকুৰা  পিণ্ড! পাৰত তুলি পিছত ৰৌদ্ৰোজ্জল  প্ৰখৰতাত  শৱবোৰ গেলা মাছৰদৰে গোন্ধাইছিল।  মুখকেইখন  কাপোৰেৰে সোপা   মাৰি ধৰি সিহঁতেই নিৰাপত্তাৰক্ষীৰ গাড়ীৰ ভিতৰলৈ দলিয়াই দিছিল শৱবোৰ -মৃতক  বুলি  ছীল-মোহৰ লগাবৰ বাবে।ৰাইফলৰ নলীৰে ওলোৱা সজীৱ  গুলীবোৰৰ আগেৰে দৌৰি  অহাৰ  পিছতেই  খালি হৈ  পৰা গাঁওখন জুইৰ পোহৰেৰে ভমককৈ  উজলিনিমিষতেই  ছাই  হৈ  গৈছিল।ছাই গৈ  গৈছিল গোহালিত গৰুগঁৰালৰ  ছাগলী। বান্ধনত থকা  গৰু- ছাগলীৰ গোন্ধ  মনুহৰ  পোৰাৰ গোন্ধৰ  সৈতে  একাকাৰ  হৈ,   ননকে-  খাগ্ৰাবাৰীৰ  বতাহতে ই   বহুদিনলৈ   ওপঙি  আছিল । 
ননকে- খাগ্ৰাবাৰীত মৰি যোৱাসকলক মৃতক  বুলি  ছীল-মোহৰ লগোৱাটো   জীয়াই  থকাবোৰৰ   বাবে  কিমানৰুৰী আছিলতেঁওলোকে সেই  কথা আলোচনা কৰিছিল। চাওক, তেঁওলোকে কৈছিল, ননকে-  খাগ্ৰাবাৰীৰ কেইটামান পৰিয়ালৰ  তিনিজনকৈ সদস্য মৰা গৈছে। দুখৰ কথা নিশ্চয় ।  কিন্তু  মৰণোত্তৰ পৰীক্ষা কৰি ছীল-মোহৰ লগাৰ পিছত  ৰাজ্য আৰু  কেন্দ্ৰীয়  চৰকাৰে  সুকীয়াকৈ  প্ৰতিজনৰ  নামতেই অন্ততঃ চাৰে  তিনিলাখকৈ  টকা দিয়াৰ কথা কৈছে। গৃহদাহৰ ক্ষতিপূৰণৰ টকা, আৰু  এতিয়া দান-উচৰ্গাৰে আহি   সামগ্ৰীবোৰৰ  কথাটো  বাৰু বাদেই  দিলোঁ। গোষ্ঠীদাহত  পৰিয়ালে পতি  অন্ততঃ এজনকৈতো গৈছেই! অংকতো ভাবি চাওকচোন।  ননকে-  খাগ্ৰাবাৰী মালামাল হৈ যাব।  এদিন  মালামাল  হৈ  যাব  এই ননকে-খাগ্ৰাবাৰীৰ মানুহ। হিক্ হিক কৈ হাঁহিছিল তেঁওলোকে।   চকুবোৰ জল-মল কৰি উঠিছিল।  আনকি ন্দুকৰ গুলী খাই  হস্পিতালত পৰি থকা কেইটামানক   আল্লাই  মাৰি নিবলৈ তেঁওলোকৰ পৰিয়ালে কৰা প্ৰাৰ্থনা পৰ্যন্ত  নিজৰ কাণেৰেই শুনি আহিছোঁ --  চোৰৰ ৰেই  ইফালে সিফালে চাই, অতি  সতৰ্কতাৰে কৈছিল  তেঁওলোকে। এনে  লাগিছিল যেন  তেঁওলোকে  কথা কোৱা  নাছিলএমুঠি বিষাক্ত  উশাহ  এৰি  দিছিল  ননকে-খাগ্ৰাবাৰীৰ গোমা বতাহত গুমগুমাই থকা  উত্তেজনাৰ  থৰ থৰ  চিদ্ৰবোৰলৈ! মনে মনে  থাকক, অনুগ্ৰহ  কৰি  মনে মনে থাকক।কাণত সোপা দি আন এজনে আৰ্ত-চিৎকাৰ কৰি উঠিছিল।  এইবোৰ  কথাই   ননকে- খাগ্ৰাবাৰীৰ  কি  উপকাৰ সাধিব?   মই জীৱনত  অনেক  ননকে- খাগ্ৰাবাৰী পাৰ  হৈ আহিছোঁ, আৰু ক'তোৱেই এখন ননকে- খাগ্ৰাবাৰী মালামাল হৈ যোৱা নাই। আনকি  ক'ৰবাত  আই-বোপাইসকলে  জীয়ৰীক নিশাটোৰ  বাবে বেচিহে  খাবলৈ   ধান-চাউল উলিয়াব লগা হৈছিল। আৰু   কত   কি  কদাকাৰ  ঘটনা তেঁও  পূৰ্বৰ  বক্তাৰ  মুখতেই ভেকাহি মাৰি উঠিছিল।  

এইসকলৰ কোনজনৰ বাৰ্তা বেচি শক্তিশালী  আছিল,   ননকে- খাগ্ৰাবাৰীৰ গোমা  বতাহ  চাই  একোকেই ধৰিব পৰা নগৈছিল। পিছৰজনে ভেকাহি  মাৰি  উঠোতে অকালতেই  বিধবা হোৱা মেহেৰুণ নেছাৰ  ছবিখন তেঁওৰ চকুতেই ভাহি  উঠিছিল। আলোপতি  চৰৰ  ঘৰ-ভেটি নদীয়ে  ভহাই  নিয়াৰ  পিছত মেহেৰুণ নেছা ননকে- খাগ্ৰাবাৰীৰ ছামাদ আলীৰ তিনি নম্বৰ বেগম হৈ  তাৰ ঘৰলৈ আহোঁতে খুড়ায়েকৰ  বয়সীয়া ছামাদ আলীৰ সতি- সন্ততি দেখা পাইছিলহি। স্বামীৰ ঘৰত  পূৰ্বৰ দুজনী বেগমৰ সতি- সন্ততিৰে ভৰা সংসাৰত  চকুৰ কূটা, দাঁতৰ শূল  হৈ জীয়াই আছিল মেহেৰুণ নেছা । সেই মেহেৰুণ নেছাৰ  গৰ্ভতেই   তিনিটিকৈ সন্তানৰ  জন্ম দি  এদিন ছামাদ আলীৰ  ইন্তেকাল  হৈছিল। ছামাদ  আলীৰ তেৰ বিঘা  মাটি   ভাগ ভাগ  হৈ  গৈছিল  পূৰ্বৰ দুজনী বেগমৰ আঠোটাকৈ  সন্তানৰ  নামত। আৰু  এৰাপলৰীয়া  হিচাপেই   তাই  তিনিটি  এমা-ডিমা  সন্তানেৰে  ইঘৰ-সিঘৰ কৰি ভাত উলিয়াইছিল।  ননকে- খাগ্ৰাবাৰীৰ গোষ্ঠীদাহত  তাইৰ  দুয়োটি নাবালক  পুত্ৰই  বন্দুকৰ গুলীৰ  আগেৰেই দৌৰি দৌৰি পানীত জঁপিয়াই দিছিলহি। তৃতীয়টিক  বুকুতে সাৱটি তায়ো জঁপিয়াই দিছিল  আৰু এখন হাতেৰেই নদীত সাঁতুৰি থাকোতে কোলাৰ কেঁচুৱা হাতৰপৰা নদীৰ পানীতেই সৰি পৰিছিল।  ইয়াৰ পিছত   আৰু  জ্ঞান নাছিল মেহেৰুণ নেছাৰ ।  নদীৰ  বালিত  সম্পূৰ্ণ আভৰণহীন  হৈ  মুৰ্ছা গৈ পৰি থকা মেহেৰুণ নেছাক পিচদিনা  ৰাইজে বিচাৰি  উলিয়াইছিলহি । কোনোবা এজনে নিজৰ লুঙীখনেৰেই   ঢাকি দিছিল মেহেৰুণ নেছাৰ  আভৰণহীন  শৰীৰ  আৰু  দাঙি আনি তম্বুৰ তল পোৱাইছিলহি।  যোৱা  কেইদিনত  এটি  এটিকৈ তাইৰ কেউটি  সন্তানৰ নিথৰ দেহা নদীৰ বুকুত ভাহি  উঠিছিল গ্ৰাহ - মগৰৰ দৰেই।  মৰণোত্তৰ পৰীক্ষাৰ  পিছত মৃতকৰ তালিকাত সিহঁতৰ নাম সোমাইছিল।ননকে- খাগ্ৰাবাৰীৰ বতাহত   তিনিটিকৈ  সন্তান হেৰুওৱাৰ  পিছত মেহেৰুণ নেছাই চৰকাৰৰ  ঘৰৰপৰা  পাবলগীয়া ক্ষতিপুৰণৰ অংকটোৱেই ভাহি আছিল।  ছামাদ আলীৰ পূৰ্বৰ  বেগমৰ  সন্তানসকল  আহি ওলাইছিলহি আৰু  আতৌ-পুতৌকৈ  বেৰি- কুৰি আছিল তাইক।   মেহেৰুণ নেছাৰ  হৈ  সিহঁতেই চিনাক্ত কৰিছিল মৃতকক, কবলগীয়া কথা কৈছিল ।নীলবৰণীয়া তম্বুৰ তলিত বিধবা   মেহেৰুণ নেছাই কান্দোনৰ ভাষাকেই  হেৰুৱাই পেলাইছিল  আৰু  ঘনে  ঘনে  মাথো  মুৰ্ছা গৈছিল। 

এগৰৰাকী বিদূষী  অধিবক্তাও আহিছিল ননকে-খাগ্ৰাবাৰীলৈ। আদালতৰ মজিয়াৰপৰা ৰাজনীতিৰ পথাৰলৈ  হিবলৈ খুজিছিল তেঁও। ননকে- খাগ্ৰাবাৰী লৈ আহি থাকোতে  ঘূণুক - ঘাণাককৈ শুনিবলৈ পাইছিল  দহবছৰীয়া  ৰুবেয়াৰ খাতুনৰ  কথা। বিদূষী অধিবক্তাই  ভাবি আহিছিল যে, তেঁও দহবছৰীয়া  ৰুবেয়াৰ  পঢ়া - শুনাৰ দায়িত্ব বহন কৰিবলৈ সিদ্ধান্ত  লোৱা বুলি ননকে-খাগ্ৰাবাৰীতেই ঘোষণা কৰি দিব। সংঘৰ্ষপীড়িননকে-খাগ্ৰাবাৰীৰ এজনী কণমানি সাহসী ছোৱালীৰ  দায়িত্ব  গ্ৰহণ  কৰা   বুলি   সংবাদমাধ্যমত  প্ৰচাৰ   লাভ কৰিব  পাৰিলেই দলত  কিছু  মসৃণ   হৈ   পৰিব তেঁওৰ   ৰাজনীতিৰ   পথাৰলৈ   অহাৰ  বাট।  কথাটো   ভাবি অতিশয় উত্তেজিত হৈ পৰিছিল বিদূষী অধিবক্তাগৰাকী  আৰু ননকে-খাগ্ৰাবাৰী আহি পায়েই   চিৎকাৰ কৰিছিল  - কণমানি  ৰুবেয়া খাতুন    ক'·  লৈ ব'লাচোন মোক তেঁওৰ  কাষলৈ । তেঁও ৰুবেয়া  খাতুনৰ   কাষ   পাইছিলগৈ। সেই  সময়ত  এটি মুভি কেমেৰা লৈ ঘেৰি ধৰা এটি ভিৰৰ  সমুখত  ৰুবেয়াই  কৈ আছিল কেনেকৈ সেই  নিশা ভাত খাই উঠোঁতেই তাই পিচফালৰপৰা একেলগে বহুত  শব্দ  ফট-ফট  কৰি আহি থকা শুনিবলৈ পাইছিল । কেনেকৈ তাই   দেখিছিল   দৌৰ  দিয়া গাৱঁৰ মানুহবোৰ। কেনেকৈ তায়ো দৌৰ দিলে আৰু  নদীত  জাঁপ  মাৰি দিলেহি। তাই কৈ গৈছিল কেনেকৈ   নদীৰ  বুকুলৈয়ো বন্দুকৰ গুলী  আহিছিলনদীখন পোহৰ গৈ গৈছিল। কেনেকৈ তাই   মাজে  মাজে  বুৰ  মাৰি  সাতুঁৰি থাকিল   আৰু  পাৰ দেখা পাই   বালিত  শুই দিলে ।কোনোবাই মোক  ইয়ালৈ লৈ আহিল। ইয়াতে  আমাক সৱেই খাবলৈ দিছেপিন্ধিবলৈ কাপোৰ দিছে। বিস্কুটো পাইছোঁ খাবলৈ। ইয়াত বৰ ভাল। কিন্তু মোৰ ছোট  ভাই  আৰু  আব্বাজান গুলী খাই মৰি গ'ল। মই  আৰু  মা  বাচি গ'লোঁ । পৰিপাটিকৈ কৈ  গৈছিল কণমানি ৰুবেয়াই।  তাইৰ  চকুত অলপো  পানী নাছিল। তাইৰ পানীৰ দৰে সৰল  মুখখনিলৈ চায়েই   বিদূষী  অধিবক্তাই  অনুশোচনাত ভুগিবলৈ  আৰম্ভ কৰিছিল। ভুল হৈছে'ৰবাত ভুল হৈ গৈছে মোৰ। বন্দুকৰ গুলীৰ  আগেৰে  পাৰ হৈ,   তৰাৰ   ফুটুকী পোহৰক সাৰথি কৰি  নদীৰ  বুকুত  সাতুঁৰি জীৱনৰ পাৰ পোৱা এই কণমানি  ৰুবেয়াৰ হাতত ধৰি  ৰাজনীতিৰ পথাৰলৈ আহিব খোজাৰ সিদ্ধান্তটো  ভুল হৈছে মোৰ -- তেঁও নিজকেই কৈছিল। কণমানি ৰুবেয়াৰ চকুৰেই  তেঁওৰ চেতনালৈ উঠি আহিছিল এখনি  নতুন ননকে- খাগ্ৰাবাৰী। তেঁও সিদ্ধান্ত  সলনি কৰিছিল।  তেঁও নিশ্চয়েই  কণমানি ৰুবেয়াৰ পঢ়া-শুনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। কিন্তু সেই কথা কোনেও গম পোৱা নাছিল কণমানি ৰুবেয়াৰ  আম্মীজানৰ  বাহিৰে। বিদূষী  অধিবক্তাগৰাকীয়ে  ননকে- খাগ্ৰাবাৰীৰ মানৱ অধিকাৰৰ বিষয়টো লৈ  আদালতৰ মজিয়াত এখনি  সফল  ন্যায়িক যুদ্ধত অৱতীৰ্ণ হৈছিল।

যিদিনাই নকে-খাগ্ৰাবাৰীত এই টনাবোৰ ঘটিছিল, সেই দিনাৰেপৰাই নকে-খাগ্ৰাবাৰী আহি  সোমাই   পৰিছিলহি  ঘৰবোৰত। ঘৰৰ আচবাৱ  পৰ্যন্ত, পাকশালৰ কেৰাহী পৰ্যন্ত বিয়পি পৰিছিল তাৰ নিৰ্য্যাস। আহাৰ-  নিদ্ৰা- মৈথুনৰ নিচিদ্ৰ বৈভৱলৈ সোমাই  আহিছিল এখনি  ননকে-  খাগ্ৰাবাৰী। খবৰ  কাগজবোৰ  ননকে-খাগ্ৰাবাৰী  হৈ  পৰিছিল;   আলোচনীবোৰ  ননকে-খাগ্ৰাবাৰী  হৈ পৰিছিল।  টেলিভিশ্যনৰ পৰ্দাবোৰ হৈ পৰিছিল   ননকে-খাগ্ৰাবাৰী । কম্পিউটাৰৰ  স্ত্ৰীণব্যক্তি-বিশেষৰ  ব্লগ, ফেচবুক, টুইটাৰ  আৰু  ৱে'বচাইটবোৰ  হৈ পৰিছিল  ননকে-খাগ্ৰাবাৰী । আনকি  ননকে-খাগ্ৰাবাৰীৰ নামতেই  নতুন নতুন  ব্লগ  আৰু বেৱচইট  খোলা হৈছিল। অনুৰাগীসকলে ক্লেশৰ অনুভুতিৰে ভৰাই তুলিছিল চ'চিয়েল নেটৱৰ্কিং চাইটৰ পৃষ্ঠা।  ননকে- খাগ্ৰাবাৰী ইমানেই আগ্ৰাসী হৈছিলইমানেই শক্তিশালী হৈছিল যে জ্যেষ্ঠজনে কনিষ্ঠৰ  মানসিক অৱস্থাৰ  কথা চিন্তা কৰি টেলিভিশ্যনৰ চেনেলবোৰ সলাই    দিছিল।  কম্পিউটাৰত  সিহঁতৰ বাবে  মনোৰঞ্জনৰ  অনলাইন ক্ৰীড়া  আপল'ড কৰি দিছিল । কিন্তু এইবোৰে মনৰপৰা মচি  দিব পৰা  নাছিল  ননকে- খাগ্ৰাবাৰীক।  চকু  মুদিলেই  চকুৰ আগত  ভাহি উঠিছিল   ননকে-খাগ্ৰাবাৰী। নদী  হৈ বোৱা  তেজথেতেলা খাই পৰা  মঙহ  আৰু  নদীৰ  বুকুত  শাৰী  শাৰীকৈ শুৱাই থোৱা শৱদেহবোৰৰ খবৰ দি ভাগৰি পৰা কিছু সাংবাদদাতাৰ চেতনাত ননকে-খাগ্ৰাবাৰীয়ে এনেদৰে খোপনি পুতি লৈছিল যে, খাবলৈ-বলৈ এৰি তেঁওলোকে  ননকে-খাগ্ৰাবাৰীৰ কথাকেই  কৈ কৈ অৱশেষত  বাটতেই  মূৰ্ছা গৈ বাগৰি পৰিছিল আৰু  জ্ঞান পায়েই হিষ্টিৰিয়া বেমাৰীৰ দৰে  হাও-মাওকৈ ৰাস্তাতেই কান্দিবলৈ ধৰিছিল এই বুলি - মই পাগল হৈ  যাম,   পাগল   হৈ  যাম   ননকে- খাগ্ৰাবাৰীৰ ৰূপ দেখি।ৰেহাই দে মোক, আল্লাৰ দোহাই, গবানৰ শপত। ননকে-   খাগ্ৰাবাৰীৰ সকলোবোৰ  ঘটনাৰ  চাক্ষুস সাক্ষী বুলি তেঁওলোকক আৰক্ষীয়ে তলৱ  কৰি লৈ গৈছিল । ননকে -খাগ্ৰাবাৰীৰ মি নোপোৱা খবৰো তহঁতে কেনেকৈ পাৱ' - এইবুলি নিৰ্বিচাৰ  জেৰাৰে  মানসিক  অত্যাচাৰ দি থকা-সৰকা কৰিছিল।  অৱশেষত তেঁওলোকক  মানসিক চিকিৎসাৰ  বাবে পঠাবলগীয়া হৈছিল আৰু  তাতো হাত - ভৰি এছাৰি তেঁওলোকে অস্পষ্টকৈ চিয়ঁৰি ফুৰিছিল-- ননকে- খাগ্ৰাবাৰী! ননকে- খাগ্ৰাবাৰী!! কোনোৱে সেই  চিৎকাৰ হৈ-ধ্বনি বুলি ভুল কৰিছিল, কোনোৱে জিন্দাবাদ  ধ্বনি বুলি ভুল কৰিছিল।  তেঁওলোকৰ বহুকেইজন স্কিৎজ'ফ্ৰেনিক হৈ পৰিছিল। তেঁওলোকৰ মগজুৰ  সাঁচত   বহি  ৰৈছিল এখন ননকে-খাগ্ৰাবাৰী। তেঁওলোকে বিচৰণ কৰিবলৈ   ধৰিছিল   সেই   ননকে- খাগ্ৰাবাৰীত ।
 
এয়াই আছিল  ননকে- খাগ্ৰাবাৰী।  নিজানৰৰ পৰা নিজানলৈ বিয়পি আছিল ননকে-  খাগ্ৰাবাৰী। নিজানৰ পৰা নিজানলৈ  বিয়পি আছিল তাৰ অপচ্ছায়া। সকলোৱে  কৈছিল - শেষ হৈ  যাওক  এই  অসহনীয়  ননকে-খাগ্ৰাবাৰী।বুন্দামাৰ হওক। নিপাত যাওক এই  কূটৰ, অনুৰ্বৰা ননকে-খাগ্ৰাবাৰী।কেৱল সংবাদ প্ৰতিষ্ঠানৰ মালিককেইজনেই ভগবানক  ভুৰি ভুৰি  প্ৰাৰ্থনা কৰিছিল-  আস  জীয়াই থাওকবহুদিন ধৰি জীয়াই থাওক  ননকে-খাগ্ৰাবাৰী।  জীয়াই থাওক অগণি, ধ্বংস   আৰু   মৃতসকলৰ  কবৰত  গঢ়ি   উঠা  এই  ননকে- খাগ্ৰাবাৰী।

চাৰণ কবি আৰু কথক সমাজো  আহি ওলাইছিল। ননকে-খাগ্ৰাবাৰীক বৰ্ণনা কৰিবলৈ  পূতঃসলিলা বৰ্ণমালাৰ এটি  দুটি গাঁথা  বিচাৰি  তেঁওলোক হায়ৰাণ হৈ  ননকে-খাগ্ৰাবাৰীলৈ আহিছিলকিন্তু ইমান উদাৰ  আছিল যে ননকে-খাগ্ৰাবাৰীতমসাৰ  তিমিৰৰ  পাকলগা  ধুৱলী- কুঁৱলীৰ মাজেৰেই একোটি  সৰল  প্ৰাৰ্থনাৰ দ্যুতি হৈ  সিবিলাকৰ হাতত  পৰিছিলহি  কবিতাৰ  একোটি  পাতনিগল্পৰ একোটি  আধাৰ আৰু  উপন্যাসৰ  একোখনি পৃষ্ঠভূমি।  তেঁওলোকে নতুনকৈ দেখিছিল ননকে-খাগ্ৰাবাৰীক।অন্তৰ ভৰি আহিছিল।  গৱেষক- ছাত্ৰসকলে নতুন  গৱেষণাৰ  বাবে  মাটি খুছৰিছিলহি  ননকে- খাগ্ৰাবাৰীৰ।ননকে-খাগ্ৰাবাৰী সন্ত্ৰাস, দমন নে  অৱদমন -- তেঁওলোকে বিভোৰ হৈ  সুধিছিল ননকে- খাগ্ৰাবাৰীকেই ।
 
ননকে- খাগ্ৰাবাৰীলৈ  বাচভৰ্তি  মানুহ  সমদল কৰি  আহিছিল।  ইমান মানুহৰ সমাগম দেখি নোপোৱা ননকে-খাগ্ৰাবাৰীৰ  বাট-পথ, ৰু - তৃণ, নৈ আৰু জলাশয়বোৰে ভয়তেই  থৰথৰকৈ কঁপিছিল। সভাথলীলৈ   নিগনিৰ গাঁতৰপৰা  উলিয়াই  অনা হৈছিল সিহঁতক, যাৰ মলিয়ন গাত  সত্যই ভেঁজা দি  আছিল । নীলবৰণীয়া  তম্বুৰ তলিৰপৰা তেঁওলোকে টানি আনিছিল সেইসকলকযিসকলৰ  ডিঙিৰে  গৰম ভাতৰ ধোঁৱা  সৰকি পাৰ  হ'ব খোজা নাছিল, কিয়নো পোৰা  যোৱা আপোনজনৰ গোন্ধটি   আহি  তেঁওলোকৰ  ডিঙিতে ই  সোপা   মাৰি   ধৰিছিলহি।  ফ্লেগ আৰু ফেষ্টুণেৰে সজ্জিত  বাচত  সমদল কৰি, দান - উছৰ্গাৰ মেটমৰা সম্ভাৰ লৈ তেঁওলোকে   মাইক  ফুঁকি ননকে - খাগ্ৰাবাৰীত যি তৰ্জন-গৰ্জন কৰিছিলনিজৰ অধিকাৰ বিচাৰি  আগন্তুক  যি জিহাদৰ  ঘোষণা কৰিছিলআৰু  প্ৰয়োজন হ'লে  হাতত  অস্ত্ৰ  তুলি লৈ  বিপ্লৱ  কৰাৰ যি হুংকাৰ দিছিল -- নিগনিৰ গাঁতত থকাসকলে তাতেই থৰকাছুটি হেৰুৱাইছিল। এঁওলোকে  আকৌ এখন  ননকে- খাগ্ৰাবাৰীৰ জন্মবেদনা চাবলৈ খুজিছে নেকি  -- নিগনি গাঁতত থকাসকলে ভাবিছিল।সত্যই তেঁওলোকৰ গাতেই ভেঁজা লৈ থকাৰ বাবেই তেঁওলোকে জানিছিলযে  ননকে- খাগ্ৰাবাৰী  আচলতেই  এনে এক  সাৰহীন  অস্ত্ৰ-বিপ্লৱৰ  অন্তহীন নিঠুৰ  পৰিণতিহে  আছিল।ইমান  দুৰ্বল হৈ থকাসকলক এনেকৈ  উত্তেজিত কৰাৰ কিনো  দৰকাৰ -- কোনোৱে  বিৰবিৰকৈ  কবলৈ খুজিছিল। আপুনি মনে মনে থাককদেশৰ  সংখ্যালঘূ হৈ   জন্ম লোৱাৰ   বেদনা   কিমান  মৰ্মন্তুদ সেই  কথা  আপুনি  নুবুজিব -  আন এজনে   ধমক দি উঠিছিল। এখন  নতুন  ননকে- খাগ্ৰাবাৰীৰ  সৈতে এখনি পুৰণি ননকে-খাগ্ৰাবাৰীৰ দ্বন্দ  হৈছিল,  মানসিক সংঘাত হৈছিল। পুৰণি  ননকে-খাগ্ৰাবাৰীৰ চেতনাত জীৱনেই  সাৰকথা  আছিল -- দেশ, সংখ্যালঘূৰ ধাৰণা অথবা জিহাদ সি বুজি  পোৱা  নাছিল। সঁচাকৈয়েননকে-  খাগ্ৰাবাৰীত  এনেকৈয়ে নেক সত্যই একেলগেই হাতত হাত ধৰি  ঘুৰি ফুৰিছিল আৰু তাৰ  মাজেৰেই  স্থিত  হৈ,   ঠিয় দিবলৈ চেষ্টা কৰিছিল ননকে-  খাগ্ৰাবাৰীয়ে।

সকলোৱেই  দেখিছিল ননকে- খাগ্ৰাবাৰীক । অথচ কোনোৱেই দেখা নাছিল তাৰ  পূৰ্ণৰূপ ।  কোনোবাই   ননকে-খাগ্ৰাবাৰীক হত্যাকাৰীৰ ৰূপতেই চাবলৈ খুজিছিল।  কোনোবাই  মানৱতাৰ পবিত্ৰ তীৰ্থ  বুলি তালৈ  পৰিভ্ৰমণ  কৰিবলৈ আহিছিল। কোনোবাই  ননকে- খাগ্ৰাবাৰীলৈ  আহি  পোৱাৰ  পিছত  উপলব্ধি কৰিছিল  ননকে- খাগ্ৰাবাৰী  দেখোন  এক  দুৰ্ভেদ্য পোতাশাল --  কিয়নো  বন্দুকৰ নলীৰ ধোঁৱা,    মানুহ  আৰু  পশুবোৰৰ  পোৰা যোৱা  গোন্ধে  ভেটি ধৰিছিল তেঁওলোকৰ   উশাহৰ    বাট। কোনোৱে  আকউ   মুকুতিৰ সৰগ  বুলি   তাতেই দেখিবলৈ ধৰিছিল  স্বাধীনতাৰ   সপোন। শান্তিৰ  ৰক্ষকসকলে  ননকে- খাগ্ৰাবাৰীক সজাই- পৰাই তোলাৰ কৃতিত্বৰেই পদোন্নতিৰ সপোন দেখিছিল।যিদৰেই চাব খুজিছিল তেঁওলোকেননকে- খাগ্ৰাবাৰীক  সেই  ৰূপতেই দেখিছিল। ননকে- খাগ্ৰাবাৰীয়ে সেই ৰূপতেই তেঁওলোক ধৰা দিছিল। কুঁহেলিকাৰ পৰা বাস্তৱলৈ এখনি  বিমূৰ্ত  ননকে- খাগ্ৰাবাৰী অমিতাভ পোহৰেৰে জ্যোতিস্মান হৈ  মূৰ্তিমান  হৈছিল  আৰু  বাস্তৱৰপৰা কুঁহেলিকালৈ এখনি মূৰ্তিমান ননকে- খাগ্ৰাবাৰী  বিমূৰ্ত হৈ  ধুৱলী- কুঁৱলী  আচ্ছাদনলৈ  সোমাই  গৈছিল।     

এই সকলোবোৰৰ  মাজতেই  ননকে-খাগ্ৰাবাৰীৰ  খণ্ডিত -বিখণ্ডিত অৱয়ৱ আৰু তাৰ অপসৃয়মান  ছায়াৰ ছোঁ-ঘৰটিয়ে  যেন বিতত  কৰি  ৰাখিছিল  সকলোকে। বহু কথাই  কৈছিল তেঁওলোকে। কৈছিল যে, তেজৰ ৰং  ৰঙা আৰু সেয়াই তেজৰ পৰিচয়।কিন্তু ননকে -খাগ্ৰাবাৰীত তেজে  ভয়ানক চিনাকি  ধাৰণ কৰিছিল- তেজ  হৈ পৰিছিল খুনী।  কোনোৱে  অৱশ্যে এইবুলিও  কৈছিল যেএই তেজ  মুছলমানৰ তেজ। সি জানো  নতুন  কথা- তেঁওলোকেই পুনৰ কৈছিল। বেচি দিন হোৱা নাই --এই  নদীখনৰেই সৌটো পাৰত  এদিন দেখা গৈছিল আনসকলৰ তেজ -- বড়ো আৰু আদিবাসীৰ । ঠিক  এই  নদীখনিৰ দৰেই বৈ গৈ বৰলুইতত  বিলীন হোৱা আন এখনি নদীয়ে এদিন নিছিল  গাৰো  আৰু  ৰাভা মানুহৰ তেজ ।অনেক গিৰিখাদশিলুৱা কন্দৰ অতিক্ৰমি অহা এখনি  পাহাৰী  নদীয়ে  বৈ আনছিল কাৰ্বি,   কুকিমাৰ আৰু ডিমাচাসকলৰ তেজ।  মৰাদেহৰ  সৈতে  উটি  আহিছিল তেঁওলোকৰ  জনগোষ্ঠীয় আদি পিতা- আদি মাতা আৰু  আদিম টোটেমৰ খমলা বন্ধা তেজ।সেই তেজেৰেই ৰঙা হৈ পৰিছিল  নদী -- তেঁওলোকে কৈছিল। 
 
যিসকলে তেজৰ এই  কথাবোৰ জানিছিল,   কেৱল  তেঁওলোকেইহে  ননকে-খাগ্ৰাবাৰীলৈ  আহিবলৈ সাহস কৰিব পাৰিছিল। নিচাগ্ৰস্তৰ দৰে  আহিছিল তেঁওলোক ননকে-খাগ্ৰাবাৰীলৈ। ননকে-খাগ্ৰাবাৰীয়ে তেঁওলোকক ইয়াৰ মাটিলৈ টানি  আনিছিল। মাথো  সকলোৱেই ভয় কৰিছিল সেইসকলক -- যিসকল তেজৰ চিনাকি দিয়াৰ দায়িত্বত  আছিল। কাঁচৰ  বটলৰ  সুস্বাদু  চৰ্বতৰ দৰেই  তেঁওলোকে  জিহ্বাত  দি  চাকি চাইছিল  তেজঅনুভৱ  কৰিছিল  তাৰ স্বাদ -- কিয়নো তেজ ভেদে হেনো কেৱল স্বাদটোহে  বেলেগ;   ৰং- গন্ধ আৰু  স্পৰ্শ -- সকলো  একেই আছিল যিসকল আহি আহি ননকে-খাগ্ৰাবাৰী পাইছিলহি তেঁওলোকে এই   কথাবোৰ কৈ  কৈ খঙে- দুখে ভাত- পানী পাহৰি পেলাইছিল। তেঁওলোকে ভাবি লৈছিল যে, এই কলোবোৰ তেজৰেই ইতিহাসত হয়তো এই ননকে-খাগ্ৰাবাৰীও এক  হৈ গৈছেবিলীন হৈ  পৰিছে।ননকে-খাগ্ৰাবাৰীৰ আৰু বেলেগ  অস্তিত্ব নাই। কোনে জানে -- হয়তোবা  অতীতৰ  সেই সিন্ধু, ঝিলামচিনাৱশতদ্ৰুইৰাৱতীনীল  নদী আৰু আমাৰ বৰলুইতৰ  আগিয়াঠুৰীটো বিলীন হৈ আছিল এখন  ননকে-খাগ্ৰাবাৰীতেঁওলোকৰ কোনোবাই  কব খুজিছিল। তেওলোকে  জানিছিল যেএইবোৰ কেৱল তেঁওলোকৰ অন্তৰৰ  সান্তনাৰ বাণী আছিল। কিন্তু  তেঁওলোকে  সঁচাকৈয়ে  জানিছিল  জানোযে এনেবোৰ ভাৱনাৰ মাজেৰে হয়তো  ননকে- খাগ্ৰাবাৰী নিজেই    মহতী  হৈ  উঠিছিল!

ননকে- খাগ্ৰাবাৰীত  প্ৰতিটো মাত প্ৰতিধ্বনি হৈ পৰিছিল। প্ৰতিটো মাত ভাহি আছিল ননকে-খাগ্ৰাবাৰীৰ আকাশত। ননকে-খাগ্ৰাবাৰীৰ   বতাহত।ভাহি আছিল পানীৰ কলমৌ পাতত।  নিজান দুপৰীয়া  ৰিঁ  ৰিঁ  কৈ   কন্দা  জিলী কীটৰ  অসহনীয়  সুৰ  এটি   হৈ সোমাই  গৈছিল  গৰ্ভলৈ। পোহৰ  আৰু  এন্ধাৰৰ সহস্ৰ কুন্দ্ৰাক্ষখলপা-খলপি  সাম্ৰাজ্যত সাজিছিল টোকোৰা পখীৰ  বাহ ।    

এয়াই আছিল ননকে-খাগ্ৰাবাৰী । নন-
কেডেষ্ট্ৰেল খাগ্ৰাবাৰী । জৰীপ নোহোৱা  খাগ্ৰাবাৰী গাঁও।  গোষ্ঠীদাহত উচন যোৱা বাঁহবাৰীৰ ননকে- খাগ্ৰাবাৰী আশ্ৰয় শিৱিৰ।  সকলোৱেই  ইয়ালৈ আহিবলৈ ব্যগ্ৰ হৈ   পৰিছিল।গাড়ীত  আহি তেঁওলোক  নদীৰ  কাষতেই  নামি দিব লাগিছিল।  তাৰপৰা খোজকাঢ়িছিল, সৰু  নাৱেৰে    পাৰ হৈছিল এটি দুটি সুঁতি, আকউ খোজ কাঢ়িছিল জাৰণি ভাঙি, গজি উঠা খাগৰি এডৰাৰ কাষেৰে আহি পাইছিলহি ননকে - খাগ্ৰাবাৰী।  তেঁওলোক আহিছিল  দল  বান্ধি  অথবা  অকলশৰে।  ৰ'দৰ  পোহৰত  ননকে - খাগ্ৰাবাৰীৰ ৰ'দত শুকাই ব'ৰষুণত ভিজি শাঁও পৰা শাৰী শাৰী  নীলাবৰণীয়া  তম্বুবোৰ  এতিয়াও  দূৰৰপৰা   ক্ষুদ্ৰ  ক্ষুদ্ৰ টিলাৰ দৰেই  লাগিছিল।  পৰুৱাৰ  লানিৰ দৰে  লাগিছিল তাত  চলা-ফিৰা কৰি থকাসকলক ।  এতিয়া আৰু তেঁওলোকৰ খোজত  মাৰ নিদিয়া নতুন  কাপোৰৰ খম-খমনি শুনিবলৈ পোৱা নগৈছিল। গৰম  ভাতৰ ধোঁৱাই তেঁওলোকক  আমনি  কৰা  নাছিল, কিয়নো  ননকে-খাগ্ৰাবাৰীত এতিয়া পন্তা-কৰ্কৰাৰ বাবেও দবৰা- দবৰি  লাগিছিল। একঘেয়ামিৰে  আমনি   লাগিছিল  ননকে -খাগ্ৰাবাৰীৰ শিৱিৰৰ  ডাক্তৰসকলৰ । তেঁওলোক হৰলৈ গুচি গৈছিলগৈ। ১০৮ এম্বুলেন্সত  উঠি  হস্পিতালত কেঁচুৱা জনম দিবলৈ পোৱা  দিনকেইটা  সুগন্ধি চুৰমা, আঁত সানি থোৱা এটি এমা-ডিমা সাধুকথাৰ দৰেই সলপি আছিল ননকে-খাগ্ৰাবাৰীৰ তিৰোতাবোৰে ।উখল-মাখলবোৰ  তল পৰি  অহাৰ  লগে লগেই  নিৰাপত্তাৰ দিশটো পুনৰীক্ষণ কৰি  পখৰা- পখৰি কাপোৰ পিন্ধি হাতত উদ্যত কাৰ্বাইন লৈ নিৰাপত্তাৰ ভাষা দিয়াসকলক ননকে-খাগ্ৰাবাৰীৰপৰা  লৈ যোৱা  হৈছিল।     

ননকে-খাগ্ৰাবাৰীত  পুৰণা  হৈ  পৰা পায়খানাৰ  দুৰ্গন্ধ  ভাহি আহিছিল।  বাৰিষাৰ তেজহাগনিয়ে  অপায় মৰক হৈ গ্ৰাসি আনিছিল   ননকে-খাগ্ৰাবাৰীক। বন্দুকৰ গুলীত মৰাৰ দৰেই  তেজহাগনিত  মৰিছিল, মেলেৰিয়াত মৰিছিল । ননকে-খাগ্ৰাবাৰীত  বেমাৰী  কঢ়িয়াই  নিবলৈ এখনি ঠেলাগাড়ীও  মহাৰ্ঘ  হৈ পৰিছিল। তেঁওলোকে   কোৱাৰ দৰে কোনো পবিত্ৰ জিহাদে স্পৰ্শ কৰা নাছিল ননকে-খাগ্ৰাবাৰীক। যিসকলে  এদিন  ননকে-খাগ্ৰাবাৰীৰ গোষ্ঠীদাহত উচন যোৱা মানুহবোৰ মালামাল হৈ যাব বুলি কৈছিল, তেঁওলোকে ননকে-খাগ্ৰাবাৰীৰপৰা ওলাইআহিয়েই  বিভিন্ন  প্ৰকল্প  তৈয়াৰ  কৰি  দুহাতৰ মুঠিৰে  সৰকাই   আনিছিল  আন্তৰ্জাতিক পুঁজি   আৰু দেশে- বিদেশে আলোচনাচক্ৰবোৰত ননকে- খাগ্ৰাবাৰীৰ কথা কৈ চকুপানীৰ এখনি নদী ভহাই দিছিল। সেই  নদীৰেই  উটি আহিছিল পাত-হালধীয়া সোণৰ জাহাজ। এদিন তেঁওলোক নিজেই  মালামাল  হৈ  গৈছিল। আৰু  ননকে -খাগ্ৰাবাৰীত সকলো হৈ পৰিছিল আগৰ দৰেই।

মৰা জোনৰ নিশাই আৱৰি ধৰিছিলহি  ননকে-খাগ্ৰাবাৰীক।আমাৰ ইতিহাসৰ  দীঘলীয়া যাত্ৰাৰ এক  অনন্য কৰুণ অনুভুতি হৈ এনেদৰেই জীয়াই আছিল ননকে-খাগ্ৰাবাৰী । ভূগোলৰ এখিলা বিৱৰ্ণ পাতৰ পৰা বুৰঞ্জীৰ সাৰগ্ৰাহী চেতনাস্ৰোতলৈ  উঠি  আহিছিল  ননকে-খাগ্ৰাবাৰী। 

সেইকাৰণেই  কৈছোঁ যে ননকে-খাগ্ৰাবাৰীলৈ অহাটো আছিল এক সপোনৰ দৰে। সকলোৱেই ননকে-খাগ্ৰাবাৰীলৈ আহিবলৈ বিচাৰিছিল।যিসকলে পদব্ৰজে, নদী ভাঙি, ৰাসুঁতিৰ ধু ধু বালিত  আহি ননকে-খাগ্ৰাবাৰী  বিচাৰি পাইছিলহিতেঁওলোক  সকলোৱেই  ননকে- খাগ্ৰাবাৰীৰ   অনন্ত  মৰুভূৰ  কাৰুণ্যত নিজৰ  তুচ্ছতাকেই   অনুভৱ কৰিছিল।  সকলোৱেই  আশা  কৰিছিলএয়াই  হওক  এখনি  শেষ  ননকে-খাগ্ৰাবাৰী জন্ম নহওক আন এখনি ননকে-খাগ্ৰাবাৰীৰ।  যদিও   বহুদিন ধৰি এজাক  বৰষুণ  আহি  জীপাল  কৰাহি নাছিল ননকে- খাগ্ৰাবাৰীকবিৰিখে ধাৰণ  কৰা  নাছিল  এটি থেৰেজুপকা অথবা  পাটমাদৈ  চৰাইটিয়ে কন্দা  নাছিল -- তথাপিও তেঁওলোকে  সেই  আশা কৰিছিল।  সামৰ্থ যিমানেই ক্ষুদ্ৰ   নহওক কিয়, আশাৰো কিছু মূল্য  থাকে -- তেঁওলোকে ভাবিছিল। আশাতেই পানী  থাকে, গজে মেঘ আৰু সৰি  পৰে  পলসৰ ব'ৰষুণ হৈ -- তেঁওলোকে কৈছিল।

সকলোৰে  সমুখতেই  এখনি  ননকে-খাগ্ৰাবাৰীয়ে বিশাল হৈ কালাতীত দিগন্তলৈ আগবাঢ়ি  গৈ  আছিল....গৈ  আছিল। ননকে-খাগ্ৰাবাৰীৰ  সেই বিশালায়তনত তেঁওলোক যেন  সঁচাকৈয়ে কৃশ হৈখৰ্বকায়ী হৈ  পৰিছিল ।  



ৰত্না ভৰালী তালুকদাৰ 
 আগষ্ট,  ২০১৪



No comments:

Post a Comment