Tuesday 26 November 2019

সাহিত্যত মূলসুঁতি আৰু প্ৰান্তীয় চেতনাৰ মানুহ


সৃষ্টিশীল মানুহৰ মনৰ স্বাধীনতাক মানি লোৱাটোৱেই আমাৰ কাম্য। সৃষ্টিশীল লোকৰেই থাকে সেই অধিকাৰ বা হাবিয়াস-- যি সমাজৰ স্থবিৰ, -প্ৰগতিশীল  ধ্যান-ধাৰণাৰ প্ৰতি বিদ্ৰোহী হৈ নতুনৰ কথা কয়। ইয়াৰ বাবে সৃষ্টিকৰ্তাক প্ৰয়োজন সাহসৰ, প্ৰশ্ন কৰাৰ সাহস, বিদ্ৰোহ কৰাৰ সাহস। সকলো সৃষ্টিশীল লোকেই কঢ়িয়াই ফুৰে সেই চিৰন্তন  প্ৰশ্ন কলা কলাৰ বাবে, নে কলা জীৱনৰ বাবে?বহুতে কলা কলাৰ বাবেই বুলি বিশ্বাস কৰে। যিসকলে কৰে, তেওঁলোকে মানৱ জীৱনৰ অনন্ত প্ৰৱাহৰ সীমাবদ্ধ ৰূপৰ কথাহে কবলৈ সক্ষম সীমাবদ্ধ জীৱনৰ মণি-মুকুতাৰ সন্ধানতেই তেওঁলোক ব্যস্ত। প্ৰতিবন্ধকতা ওফৰাই  সীমাৰ সিপাৰৰ জীৱনৰ অপৰূপ আৰু অফুৰন্ত সম্ভাৱনীয়তাৰ কথা কবলৈ সৃষ্টিশীল লোক এজন সাহসী হৈ উঠাটোও এক প্ৰত্যাহ্বান, কিয়নো তাৰ বাবে প্ৰচলিত সমাজব্যৱস্থাৰ লগতে শাসনত থকা অতি-ক্ষমাতাবান ৰাজনৈতিক শক্তিক প্ৰশ্ন কৰিবলৈ সাহস থাকিব লাগিব। সাহস নথকাসকলে সীমাবদ্ধ জীৱনতে সৃষ্টিশীলতাৰ ৰহঘৰা বিচাৰে আৰু দিব  খোজে চমক--শব্দৰ মায়াজাল, কাৰিকৰী অভিব্যঞ্জণাৰ চমক। কিছু দূৰলৈকে সফলো হয়। কিন্তু অৱেশষত বুজা যায় সেই চমক  বিদ্ৰোহ নাছিল, তেওঁৰ  প্ৰস্তুতিৰ সীমাবদ্ধতা আছিল আৰু সেইবাবেই প্ৰচলিত ব্যৱস্থাক প্ৰশ্ন কৰিবলৈ সাহস ন’হল।

কোনোৱে সন্ধান কৰে সীমাবদ্ধতাক অতিক্ৰম কৰি জীৱনৰ অপৰূপ সম্ভাৱনাৰ। সীমাবদ্ধ জীৱনৰ দুৱাৰ পাৰ হৈ মহাজীৱনৰ দুৱাৰ স্পৰ্শ কৰিব খোজাজনৰ  শত্ৰু বহুত। কিয়নো তেওঁ হব লগিব আপোচহীন, তেওঁৰ ওপৰত জাপি দিয়া হ’ব আৰোপিত ধাৰণা। তেওঁ প্ৰচলিত ক্ষমতাত আসীনসকলৰ শত্ৰু। সেয়েহে তেওঁৰ বাবে জীৱন  সহজ কথা নহয়।  তেওঁৰ ওপৰতে জাপি দিয়া হ’ব আৰোপিত ধাৰণা।

শাখাতি ৰাভা এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা এগৰাকী উল্লেখনীয় মহিলা কিয়নো জনগোষ্ঠীৰ কোনোজনৰ মৃত্যু হলে তেওঁ কান্দি কান্দি মৃতকৰ আত্মা উভতি অহাৰ গীতটো গাব লাগিব, গতিকে সেই জনগোষ্ঠীত  তেওঁৰ এখন মৰ্যদাপূৰ্ণ আসন আছে। ইফালে জীৱন নিৰ্বাহৰ বাবে তেওঁ গাওঁখনৰপৰা গুৱাহাটীৰ পদপথত শাক-পাচলি বিক্ৰীও কৰে। এইগৰাকী মহিলাক লৈ লিখা সাহিত্য ‘প্ৰান্তীয়’ মানুহৰ সাহিত্য, কিয়নো তেওঁ এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে, অৰ্থাৎ জনগোষ্ঠী মানে প্ৰান্তীয় চেতনা, জনগোষ্ঠীয়ে মূলসুঁতিত বাস নকৰে, প্ৰচলিত বাগধাৰাত জনগোষ্ঠীৰ সেই অধিকাৰ নাই। লেখকেও প্ৰান্তীয় জীৱন গাথা এটা পোহৰলৈ অনা বুলি চাহমেল, সভাৰ টেবুলৰ প্ৰশংসা লৈ থাকিলে তেওঁৰ বাবেই মংগল। কিন্তু যদিহে তেওঁ সাহিত্যত প্ৰশ্ন কৰে এইবুলি যে, শতিকাৰ পিছত শতিকা ধৰি এই ভূমিখণ্ডত বাস কৰা জনগোষ্ঠী এটা সাহিত্যৰ মূলসুঁতিৰ বিৱৰণীলৈ কিয় উঠি অহা নাই-- এই প্ৰশ্ন উত্থাপন কৰা লেখক বিপদত পৰাৰেই সম্ভাৱনা বেছি।  

‘মাজুলী’ বৰ্তমানৰ এটা এতি জনপ্ৰিয় বাগধাৰা। আমি যেতিয়া মাজুলীনামৰ বাগধাৰাটোত ৰোমান্সিত হৈ পৰোঁ, তেতিয়া আমাৰ মনলৈ পোনতে আহিব ইয়াৰ সত্ৰ, মুখা সংস্কৃতি, ৰাস, ভাওনা, পালনাম। আৰোপিত ধাৰণা অনুসৰি এইবোৰ মূলসুঁতিৰ বিৱৰণী। তথাকথিত মূলসুঁতিৰ চেতনাৰ আঁৰত থকা তথাকথিত প্ৰান্তীয়চেতনাবোৰৰ নৰাচিগা বিহু, দেউৰীগাৱঁৰ  চাং আৰু সোণোৱাল কছাৰী গাওঁকেইখন, নদীৰ পাৰে পাৰে থকা কৈৱৰ্তসকলৰ কথনমথন জনপ্ৰিয় বাগধাৰাত প্ৰায় অনুপস্থিত। কেতিয়াবা ঢিপ-ঢিপনি এটাহে শুনিবলৈ পোৱা যায়। সকলো নগৰত থকাৰ দৰেই গুৱাহাটী মহানগৰীতো এখন তথাকথিত প্ৰান্তীয়চেতনাৰ জগত আছে, তাৰ উখল-মাখলবোৰ আছে, আপুনি ৰেল ষ্টেচনৰ কাবাৰীৱালা এটাৰ কাষলৈ গ’লে নৰ্দমাৰ কাষৰ চাহ দোকানখনৰপৰাই আপোনাক একাপ চাহ যাচিব পৰাকৈ বহল একোখন অন্তৰ থকা মানুহ আছে, কিন্তু সৃষ্টিশীলতাৰ বিচাৰত তেওঁলোকৰ বিৱৰণী প্ৰান্তীয়’। চাহ জনগোষ্ঠী, চৰৰ মানুহৰ বিৱৰণী প্ৰান্তীয় বেছি তাত্বিক ভাষতা sub-altern — তেওঁলোকক সাহিত্যৰ মজিয়ালৈ আনিব খোজা লেখকে মানুহৰ কথা কোৱা নাই – বৰং ‘প্ৰান্তীয়’ মানুহৰ কথা কৈছে, sub-alternসকলৰ কথা কৈছে।

তথাপিও লেখকে আশা কৰে সাহিত্যত আৰোপিত ‘মূলসুঁতি’ বা ‘প্ৰান্তীয়’ চেতনাৰ বিৱৰণীৰ বিপৰীতে  সকলোবোৰ বিৱৰণী কেৱল মানুহৰ বিৱৰণী হওক। কিন্তু বিৱৰণী তৈয়াৰ কৰা হয় ক্ষমতাৰ স্বাৰ্থত, মজবুত ভেটি বান্ধি খাৰা কৰাই দিয়া হয় আৰু মানুহৰ মুখে মুখে মুখ বাগৰাই দিয়া হয়। সভাই-সমিতিয়ে চৰ্বিত-চৰ্বণ চলি থাকে। ভেন গঘৰ বিৱৰণীত ঠাই পায় খেয়ালী শিল্পীৰ অদ্ভূত জীৱনশৈলী, সূৰ্যমুখী ফুল আৰু তৰা ফুটা ৰাতিকেঁচা মজিয়াৰ কোঠাবোৰত আলু সিজাই খাই জীয়াই থকা শিপীনিবোৰ, আপচু তাঁতশালবোৰ সেই বিৱৰণীত অনুপস্থিতআপোনাক সেই বিৱৰণী জানিবলৈ দিয়া হোৱা নাই, কোৱা হৈছে যে weavers series শিল্পীৰ অপূৰ্ব সৃষ্টি নহয়, শিল্পীৰ মাষ্টাৰ ষ্ট্ৰক তাত নাই। 

তথাপিও গৈ থাকিব লাগিব। কিয়নো যিসকলক তেওঁলোকে ‘প্ৰান্ত’বাসী বুলি কৈছে, সেইসকলৰ কথা কব পৰাটোও এতিয়া এটা বিদ্ৰোহ।  এই ‘প্ৰান্তবাসী’ৰ কথাবোৰ কোনোবাই কব লাগিব, কোনোবাই তেওঁলোকক  সঁচাকৈয়ে প্ৰতিনিধিত্ব কৰিব লাগিব সাহিত্যত, চিনেমাত, ৰাজনীতিত, কলাত -- কিয়নো তেওঁলোকে নিজৰ কথা কবলৈ অক্ষম। কায়িক শ্ৰমৰ বোজাৰে ভাৰাক্ৰান্ত, দুবেলা দুমুঠি জোগাৰৰ অজুহাতত জীৱনৰ হাতৰ মুঠিৰপৰা সৰকি যায়। কোনোবাই তাকেই সংগ্ৰাম বুলি কয়। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে, তথাকথিত ‘প্ৰান্তীয়’ জীৱন দেখা পোৱা লোকৰ সংখ্যা আপাতত কমি আহিছে, চুই চাবলৈ সাহস কৰিব পৰা মানুহৰ সংখ্যা তাতোকৈও কমিছে, অথচ প্ৰান্তবাসীৰ সংখ্যা কমি অহা নাই। তেওঁলোক ক্ৰমশঃ এটকীয়া চাউলৰ হিতাধিকাৰীলৈ পৰিণত হৈছে, কাৰোবাৰ ভোটৰ ৰাজনীতিৰ অংশ হৈছে।  তেওঁলোকৰ পাকঘৰবোৰ উদং হৈ আহিছে, গাৱঁৰ গোহালি-গৰু-পথাৰৰ জঞ্জালৰপৰা জনগোষ্ঠীৰ নাৰীবোৰ পদপথৰ পাচলি বেপাৰী হৈছে । তেওঁলোক আপোনাৰ চকুৰ সন্মুখত আছে, মায়াজাল তৰি অদৃশ্য হৈ থকা নাই, আপুনি তেওঁলোকক দেখি আছে। তেওঁলোকৰ এই বিৱৰ্তনত আপোনাক কব পৰাকৈ তেওঁলোকৰ বহুত কথা আছে। কাৰোবাৰ বাবে তেওঁলোক ‘প্ৰান্তীয়’ চেতনা, কিন্তু আপোনাৰ বাবে তেওঁলোক ‘মানুহ’। এই সভ্যতাৰ জবৰদস্ত অংশীদাৰ। আৰু এই কথাবোৰ কবই লাগিব।


Wednesday 13 November 2019

তৃতীয় লিংগঃ উচ্চতম ন্যায়ালয়ৰ ৰায় -- কিছু চিন্তণীয়া দিশ



সমাজত জন্মগ্ৰহণ কৰা  প্ৰতিজন ব্যক্তিৰ বাবে আটাইতকৈ  প্ৰয়োজনীয় মৌলিক  পৰিচিতি  হৈছে  লিংগ পৰিচিতি। কেতিয়াবা এই কথাটো  এটা  সংবেদনশীল বিষয়ো হৈ উঠিব পাৰে। আমাৰ সমাজে ব্যক্তিসত্তাক দুটা পৰচিতিৰেই  সাধাৰণতে স্বীকৃতি দিবলৈ ভাল পায়-- পুৰুষ আৰু নাৰী। কিন্তু পুৰুষ আৰু নাৰীৰ পৰিচিতিৰ আৱৰ্তৰ  বাহিৰত  আৰু এটা সম্প্ৰদায় থাকিব পাৰে-- যিসকলৰ লিংগ পৰিচিতি জন্মগত নহয় আৰু  যিসকলক  মহামান্য উচ্চতম ন্যায়ালয়ে ২০১৪ চনতেইতৃতীয় লিংগ' বুলি এটা বহল অভিধাত অন্তৰ্ভুক্ত কৰিছে, মান্যতা প্ৰদান কৰিছে। অথচ  তেওঁলোকক অধিকাৰ, আৰু  সমতাৰ যুঁজ এখনৰ কথা কবলৈ  যাওতে  এতিয়াও  বিৰূপ পৰিবেশৰ মুখামুখি হ'বলগীয়া হয়।

তৃতীয় লিংগৰ ব্যক্তিসকলে সন্মুখীন হৈ অহা বিপৰ্যয়, দুখ আৰু যন্ত্ৰণাৰ কথা আমাৰ সমাজে খুব  কমেইহে উপলব্ধি কৰে,   তেওঁলোকৰ কথা হৃদয়েৰে অনুভৱ কৰিবলৈ আমি কমেইহে  যত্নপৰ হওঁ, তেওঁলোকৰ মন আৰু শৰীৰে  যে জৈৱিক যৌনতাক অমান্য কৰে আৰু  এই কথাটো আমি সন্মানসহকাৰে বুজিবলৈ চেষ্টা  নকৰোঁ। ৰেলষ্টেচন, বাচ-ষ্টেণ্ড, মল, বিদ্যালয়, আৰু তেওঁলোকে  কাম কৰা ঠাইবোৰত তেওঁলোকক  শাৰীৰীক আৰু মানসিক দিশত  নানা ধৰণে নিৰ্যাতন কৰা হয়, কামত নিযুক্তিৰপৰা বঞ্চিত কৰা হয়, একাষৰীয়াকৈ  ৰখা  হয়। তৃতীয় লিংগৰ পৰিচিতিৰ  বৃহৎ আৱৰ্তটোত থকা সমলিংগ, উভয় লিংগ, হিজৰা আদি বিভিন্ন পৰিচিতিৰ আপাতত ক্ষুদ্ৰ এই সম্প্ৰদায়টোৱে যিধৰণৰ বৈষম্যৰ সন্মুখীন হৈ আহিছে, তাৰ প্ৰতি আমি  প্ৰায়েই  উদাসীন হৈ থাকোঁ।

মানুহ এজন  তৃতীয় লিংগৰ  ব্যক্তি হোৱাটো  অপৰাধ নহয়। এটি  শিশু হয়তো জন্মগতভাৱে পুৰুষ  আছিল, কিন্তু  বিকাশৰ প্ৰক্ৰিয়াত সৰুৰেপৰাই  আচাৰ-ব্যৱহাৰ, মাত- কথা, চাল-চলন হৈ  পৰিল  মহিলাৰ দৰে। এতিয়া শিশুটিক বিদ্যালয়লৈ যোৱাৰ সময়ৰেপৰাই মানসিক নিৰ্যাতনৰ ফালে ঠেলি দিয়া হয়। পুৰুষ আৰু নাৰী-- এই দুটা লিংগভিত্তিক পৰিচিতিৰ আৱৰ্ততে সততে থকা  আমাৰ সমাজখনত এনে এটি  শিশুৰ  সৈতে পাঠগ্ৰহণ কৰাটো  আমাৰ সমাজত বহুতৰে বাবে এটা ভাবিব নোৱাৰা কথা হৈ পৰে।  আনকি বহুত সময়ত শিক্ষক-শিক্ষয়িত্ৰীসকলেও তেনে সন্তানৰ পিতৃ- মাতৃক অভিযোগ কৰে তেনে ব্যৱহাৰে আন ল'ৰা-ছোৱালীৰ ব্যৱহাৰ ওপৰত প্ৰভাৱ পেলাব বুলি।  তেনে এটি  শিশুৰ সৈতে নিজৰ সন্তানক বন্ধুত্ব কৰিবলৈ নিদিয়ে ব্যক্তিত্বৰ বিকাশত বাধা আহিব পাৰে বুলি। ছুবুৰীয়া, পৰিয়াল  অথবা  আন আপোন মানুহৰপৰাও  এনে  এটি  শিশুৱে  অহৰহ পায় তিৰ্যক চাৱনি, যিটো কথা মানসিক নিৰ্যাতনৰ নামান্তৰ মাথোন। এইদৰে বিদ্যালয়ৰ পৰ্যায়তে তেওঁ এক ভয়ংকৰ  মানসিক বিপৰ্যয়ৰ মাজেৰে পাৰ হয়।  ডঙৰ হৈ অহাৰ লগে লগে ক্ৰমশঃ সি  গভীৰ ৰূপ লয়গৈ এনে ক্ষেত্ৰত  এইটো অতি সাধাৰণ কথা যে, বিশেষকৈ দুৰ্বল অংশৰ অভভিাৱকসকলৰ সন্তানে আধাতে পঢ়া  সামৰিবলগীয়া হয়।

মহামান্য উচ্চতম ন্যায়ালয়ে তৃতীয় লিংগৰ সম্প্ৰদায়টোৰ  অধিকাৰৰ মান্যতা প্ৰদান কৰি দিয়া ১১৩ জোৰা ৰায়দানটোত শচীন নামৰ এজন তৃতীয় লিংগৰ ব্যক্তিৰ অভিজ্ঞতা এনেদৰে বৰ্ণণা কৰা হৈছে-- ‘‘মোৰ নাম শচীন আৰু মোৰ বয়স ২৩ বছৰ। সৰুৰেপৰাই মইবিভুতি' আৰুকুমকুমে'ৰে নিজকে সজাই-পৰাই ৰাখিবলৈ ভাল পাইছিলোঁ আৰু মোৰ পিতৃ-মাতৃয়ে সদায় মোক এজনী ছোৱালীৰ দৰেই দেখিছিল। মই পুৰুষ, কিন্তু মোৰ মাত্ৰ নাৰীৰ অনুভুতিহে আছে। মই মাক ৰন্ধা, ধোৱা- পখলা, ঘৰ  চফা  কৰাৰ দৰে  কামবোৰত মাক সহায় কৰি দিছিলোঁ। বছৰৰ পিছত বছৰ ধৰি মই ঘৰতে   ঘৰুৱা দায়িত্ববোৰ  পালন  কৰি আহিছোঁ। ছুবুৰীয়াসকলে মোক জোকায়। তেওঁলোকে মোক সোধেঃতই  কিয় বাহিৰলৈ গৈ মতা মানুহৰ দৰে কাম নকৰ?' বাতই কিয় ছোৱালীৰ দৰে ঘৰতে সোমাই আছ?' কিন্তু মোৰ ছোৱালীৰ  দৰে থাকিয়েই ভাল লাগে। বহিৰলৈ গৈ কাম কৰিবলৈ মোৰ লাজ লাগে। আপোন মানুহবোৰে মোক লৈ তামাচা আৰু গালি-গালাজ কৰে। প্ৰতিদিনে মই পানী আনিবলৈ ঘৰৰ বাহিৰলৈ যাও। আৰু পানী লৈ উভতি আহোঁতে  সদায়ে ঠাট্টা-মস্কৰা শুনিবলৈ পাওঁ বৰ  লজ্জা অনুভৱ কৰোঁ এনেকৈ জীয়াই থাকিব পাৰি জানো? মোৰ আনকি আত্মহত্যা কৰিবলৈকো মন গৈছিল। কিন্তু মোৰ পিতৃ-মাতৃয়ে কেতিয়াও প্ৰতিবাদ কৰা নাছিল। তেওঁলোক অসহায় আছিল। 

আনকি  উচ্চতম ন্যায়ালয়ৰ দীঘলীয়া ৰায়দানৰ পিছতো আজিও তেওঁলোকৰ প্ৰতি সমাজৰ অৱহেলাসূচক দৃষ্টিভংগীৰ পৰিবৰ্তন হোৱা নাই। জীৱন আৰু  জীৱিকাৰ সমস্যাৰে তেওঁলোক ভাৰাক্ৰান্ত। তেওঁলোকে ৰেলৰ ষ্টেচন বা বাচত উঠি  সহায়ৰ  বাবে হাত পাতিলে আমি  বিৰক্ত হওঁ। কিন্তু জীৱিকাৰ বাবে  আন উৎসৰ  সন্ধান কৰোঁতে আমি তেওঁলোকৰ প্ৰতি কিমানেই বা সহমৰ্মিতা দেখুৱাব পাৰোঁ। তৃতীয় লিংগৰ ব্যক্তি এজনে জীৱিকাৰ বাবে যদি গেলামালৰ  বা তামোল পাণৰ দোকানো এখন দিয়ে, তেতিয়াও  কেইজন গ্ৰাহকে সই দোকানলৈ গৈ সামগ্ৰী ক্ৰয়  কৰিব, তাত সন্দেহ আছে। ব্যক্তিত্বৰ বিসংগতিৰ অজুহাতত শিক্ষিতসকলক  বিভিন্ন ক্ষেত্ৰত  প্ৰাপ্য চাকৰিৰ পৰা বঞ্চিত কৰা হয়। অসুখ- বিসুখ হলেও চিকিৎসালয়ত ভৰ্তি হবলগীয়া হ'লে তেনে লোকক  কতৃপক্ষই  পুৰুষৰ বাবে নিৰ্ধাৰিত কোঠা দিব, নে মহিলাৰ বাবে নিৰ্ধাৰিত কোঠা দিব  -- যিহেতু তেওঁলোকৰ বাবে নিৰ্ধাৰিক কোঠাৰ ব্যৱস্থাই ৰখা হোৱা নাই। জীৱিকাৰ বাবে  নিজৰ ঘৰৰপৰা চহৰ  এলেকালৈ আহিয়েই তেওঁলোকে  সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ  সমস্যাটো  হৈছে  এটা ভাৰাঘৰ পোৱা,  কিয়নো বেছিভাগ মালিকেই তেওঁলোকক ভাৰাঘৰত থাকিবলৈ দিব নোখোজে। এই জৰুৰী বিষয়বোৰ আমাৰ চকুৰ সন্মুখলৈ  সাধাৰণতে উঠি নাহে।

অথচ ভাৰতবৰ্ষৰ দৰে দেশত অতীততে আৰু আনকি মধ্যযুগতো এই লোকসকলে  সমাজত যথেষ্ট আদৰ-সন্মান  লাভ কৰিছিল। বৃটিছৰ সময়ৰপৰাহে তেওঁলোকক এটাঅপৰাধী জাতি' হিচাপে গণ্য কৰা হ'ল। উচ্চতম ন্যায়ালয়ৰ ৰায়দানত উল্লেখ কৰা হৈছে যে, বৈদিক বা পুৰাণ সাহিত্যত  তৃতীয় প্ৰকৃতি' বানপুংসক' ত হিচাপে তেওঁলোকে সন্মানৰ আসনেই  লাভ কৰিছে। ‘‘ৰামায়ন মহাকাব্যত ভগবান ৰামে  ৰাজ্য ত্যাগ কৰি ১৪ বছৰৰ বাবে  বনবাস খাটিবলৈ  যাওতে পিচে পিচে   অনুগামীসকলো গৈছিল আৰু  ৰামে এইপুৰুষ' আৰুমহিলা'সকলক উভতি যাবলৈ ক'লে। এই নিৰ্দেশে  হিজৰাসকলক সামৰি নোলোৱা বাবে তেওঁলোকে ৰামৰ লগতে থকাৰ সিদ্ধান্ত ল'লে। তেওঁলোকৰ আনুগত্যৰ প্ৰতি কৃতজ্ঞ হৈ  ৰামে তেওঁলোকক  পৰিয়ালত শিশুৰ আগমন,  বিয়া, যিকোনো  মঞ্চত উদ্বোধনী অনুষ্ঠানৰ দৰে  মাংগলিক অনুষ্ঠানবোৰ  হিজৰাসকলৰ আশীৰ্বাদেৰে সুচনা  কৰিবলৈ অধিকাৰ  দিলে, যাৰপৰাই  হিজৰাসকলৰ গীত -নৃত্যৰ মাজৰে  আশীৰ্বাদূচকবধাই'  পৰ্বৰ  সুচনা হ'ল।উচ্চতম ন্যায়ালয়ে ৰায়দানৰ টোকাত এই কথা লিপিবদ্ধ  কৰিছে।

সেইদৰে তামিলসকলৰ মাজত থকা  কিংবদন্তি অনুসৰি  মহাভাৰতৰ অৰ্জুন আৰু নাগকন্যাৰ পুত্ৰ  আৰাবানক  কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱৰ বিজয় উপলক্ষ্যে কালীৰ আগত বলি দিবলৈ থিৰ কৰা হয় -- এইক্ষেত্ৰত তেওঁৰ এটাই চৰ্ত আছিল যে, এটা ৰাতিৰ বাবে তেওঁ বিবাহিত জীৱন উপভোগ কৰিব। এগৰাকী মৰিবলৈ ওলোৱা পৰুষক এটা ৰাতিৰ বাবে পতিৰূপে বৰণ কৰিবলৈ কোনো আগবাঢ়ি নহাত কৃষ্ণই নিজেই মোহিনী ৰূপ লৈ তিৰোতা সাজিলে আৰু তেওঁৰ মনোবাঞ্ছা পূৰণ কৰিলে। তামিলনাডুৰ হিজৰাসকলে এইজনৰপৰাই তেওঁলোকৰ হোৱা বুলি ভাবি আহিছে। -- তৃতীয় লিংগৰ লোকসকলৰ অধিকাৰক সুৰক্ষাৰ লগতে সামাজিৰ নিৰাপত্তা, আৱেগিক দিশবোৰক প্ৰাধান্য দি প্ৰদান কৰা উচ্চতম ন্যায়ালয়ৰ  ৰায়দানত এই উদাহৰণো অন্তৰ্ভুক্ত কৰা হৈছে।  একেদৰেই জৈন সাহিত্যত ‘‘মনস্তাত্বিক যৌনতা'' ধাৰণাৰে তেওঁলোকৰ বিষয়ে বিশদ বৰ্ণণা থকাৰ বিষয়ে দোহৰা হৈছে। এই উজাহৰণবোৰো উচ্চতম ন্যায়ালয়ৰ ৰায়দানত পৃষ্ঠাত লিপিবদ্ধ কৰা হৈছে।

ভাৰতীয় সমাজখনত ঐতিহাসিকভাৱেই  তৃতীয় লিংগৰ ব্যক্তিসকলে এখন উল্লেখীয় আসন লাভ কৰি আহিছিল যদিও, ওঠৰ শতিকাৰপৰা অৰ্থাৎ ঔপনিবেশিক শাসনৰ কালত ছবিখন দ্ৰুতভাৱে সলনি হৈ পৰে। বৃটিছে হিজৰা বা তৃতীয় লিংগৰ  ব্যক্তিসকলৰ কাম- কাজ পৰ্যবেক্ষণ  কৰিবলৈক্ৰিমিনেল ট্ৰাইৱছ এক্ট ,১৮৭১” - শীৰ্ষ  এখন কুখ্যাত  আইন প্ৰণয়ন কৰে, 'ত হিজৰাসকলক অপৰাধী বুলি চিনাক্ত কৰি জামিনবিহীন গোচৰৰ অধীনলৈ অনা হয়। আইনখনৰ অধীনত অপৰাধী জনগোষ্ঠীবোৰৰ পঞ্জীয়ন, নিৰীক্ষণ  আৰু  নিয়ন্ত্ৰণ কৰা হয় আৰু নপুংসকসকল, যিসকলে মহিলাৰ দৰে কাপোৰ আৰু অলংকাৰ পিন্ধি  ৰাজহুৱা ঠাইবোৰত আছিল, লগতে সেই ঠাইবোৰত গীত-নৃত্য কৰিছিল, তেওঁলোকক কোনো কাগজ-পত্ৰনোহাৱাকৈ দুবছৰ পৰ্যন্ত  কাৰাগাৰলৈ নিক্ষেপ কৰা  বা  জৰিমনা ভৰোৱা অথবা দুয়োটা  শাসিত প্ৰদান কৰাৰ দৰে কঠোৰ পদক্ষেপ হাতত লৈছিল। এই আইনৰ অধীনত সথানীয় প্ৰশাসনে নপুংসকসকলৰ  নাম, ঘৰ, স ম্পত্তি পঞ্জীয়ন কৰি ৰাখিব লাগিছিল, তেওঁলোকক সৰু  সৰু ল'ৰা-ছোৱালী অপহৰণ কৰা, যৌন অংগ চেদন কৰা আদি মনে সজা অপৰাধত ভাৰতীয় দণ্ডবধিৰি ৩৭৭ নং ধাৰাৰ অধীনত  বিচাৰ কৰিছিল। 

উচ্চতম ন্যায়ালয়ে কৈছে, “নিজকে  প্ৰদান  কৰা লিংগ  পৰিচিতি  পুৰুষ  বা মহিলা বা ততীয় লিংগ হ'ব পাৰে। হিজৰাসকলক তৃতীয় লিংগৰ মানুহ বুলি পৰিচিতি প্ৰদান কৰা হৈছে, আৰু পুৰুষ বা  মহিলা হিচাপে নহয়। লিংগ পৰিচিতি সন্দৰ্ভত, ইতিমধ্যে ওপৰত দিয়াৰ দৰেই কোনো ব্যক্তিৰ  পুৰুষ, মহিলা বা তৃতীয় লিংগ সন্দৰ্ভত নজিৰ ভিতৰুৱা  অভিমতৰ  প্ৰসংগৰ কথা  কোৱা হৈছে, উদাহৰণসবৰূে প হিজৰাসকলে তেওঁলোকৰ নাৰীৰ যৌনাংগ নাই বাবে, আৰু সন্তান উৎপাদন কৰিব পৰাৰ সক্ষমতা নাই বাবে  নিজকে মহিলা বুলি পৰিচয় নিদিযে। তেওঁলোকৰ নিৰ্দিষ্ট  অভিব্যক্তিয়ে তেওঁলোকক পুৰুষ আৰু মহিলা উভয়ৰেপৰা পৃথক কৰিছে আৰু তেওঁলোকে নিজকে পুৰুষ বা মহিলা বুলি নহয়, কিন্তুতৃতীয় লিংগ' বুলি কয়। হিজৰাসকল সেয়েহে এটা  নিৰ্দিষ্ট  সামাজিক-অৰ্থনৈতিক গোট আৰু সেয়েহে পুৰুষ আৰু মহিলাৰ উপৰিওতৃতীয় লিংগ' হিচাপে স্বীকৃত হ'ব।আদালতে তেওঁলোকক সামাজিকভাৱে আৰু অৰ্থনৈতিকভাৱে পিচপৰা গোট বুলি গণ্য কৰিবলৈ নিৰ্দশো দিয়ে।

তৃতীয় লিংগৰ আধাৰত থকা কেইবাটাও ত মান্যতা প্ৰদান কৰি  উচ্চতম ন্যায়ালয়ে ২০১৪ চনতেই  এক সুবৃহৎ ৰায় প্ৰদান কৰিলেও সামাজিকভাৱে এই সম্প্ৰদায়টো  এতিয়াও অৱহেলিত আছে  আৰু মানুহৰ মানসিকতাৰ বিশেষ পৰিবৰ্তন হোৱা নাই। দেখা গৈছে যে, এই আপাতত ক্ষুদ্ৰ সম্প্ৰদায়টো সমাজৰ দৃষ্টিত এতিয়াও এঘৰীয়াৰ দৰেই হৈ  আছে  আৰু  বৃহত্তৰ পৰিবেশত এতিয়াও  তেওঁলোকৰ সামাজিক  অন্তৰ্ভুক্তিকৰণৰ বাবে সাজু হৈ নুঠা  আমাৰ  সমাজখনত তেওঁলোকে বিভিন্ন  সমস্যাৰ  সন্মুখীন  হৈছে।  সমাজৰ মানুহৰ  মানসিকতাৰ পৰিবৰ্তন নোহোৱাৰ মূল কাৰণসমূহৰ ভিতৰত অন্যতম  'ল উচ্চতম ন্যায়ালয়ে তেওঁলকেক তৃতীয় লিংগৰ ব্যক্তি বুলি দিয়া  মান্যতা সন্দৰ্ভত  অজ্ঞতা। এই সন্দৰ্ভত আৰু অধিক আলোচনাৰ থল আছে যাতে সমাজত তেওঁলোকৰ অন্তৰ্ভুক্তিকৰণৰ  পথ সুগম হয়।

-ৰত্না ভৰালী তালুকদাৰ
১৪-১১-২০১৯

Friday 8 November 2019

এটি গল্পৰ অন্তৰালঃ কিলিং চংক্ৰেৎ


২০০৫ চনত গুৱাহাটীত বোধহয় অমিয় কুমাৰ দা সামাজিক পৰিবৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠানৰ  এখন আলোচনাচক্ৰত ভাগ লৈছিলোঁ। তেতিয়া উগ্ৰপন্থীৰ স্যাৰে জৰ্জৰিত অম। নামনি অমৰ কোকৰাঝাৰৰপৰা গোষ্ঠী-সংঘাত কাৰ্বি-পাহাৰ, বৰাই পাহাৰলৈকে বিয়পি পৰিছে । কাৰ্বি আংলঙৰ উগ্ৰপন্থীৰ যুদ্ধ এখন পৃখক ৰাজ্য ‘কাৰ্বি হেমপ্ৰেক’ৰ বাবে, উত্তৰ-কাছাৰ পাৰ্বত্য জিলাৰ উগ্ৰপন্থীৰ(বৰ্তমানৰ ডিমা হাচাও) যুদ্ধ এখন পৃথক ৰাজ্য ‘ডিমাৰাজি’ৰ বাবে। কাৰ্বি আংলঙৰপৰা কাৰ্বি নিংছ’  চিংথুৰ আছঙৰ এটা সঁজাতি দল আহিছিল। তেঁওলোকে কাৰ্বিপাহাৰত  সেনাই ধৰ্ষণ কৰা মহিলাকলৰ তালিকা এখন লৈ উপস্থিত হৈছিলহি। বাৰ বছৰীয়া ছোৱালীৰপৰা ৫৫ বছৰীয়া আইতালৈকে এখন দীঘলীয়া তালিকা।  তাৰ ভিতৰত ২০০৩ চনৰ ঘটনা এটাত ধৰ্ষণ কৰা বাৰবছৰীয়া শিশুকন্যা এটিৰ নামো আছিল।গাৱঁৰ মানুহ ঝুমৰ পথাৰলৈ যাওতে ৰু ৰু ল’ৰা-ছোৱালীবোৰ বুঢ়া মানুহৰোবৰৰ হাতত দি  ঘৰতে থৈ যায়। তেতিয়াই উগ্ৰপন্থী বিচাৰি যোৱা সেনাৰ দলে কামটো কৰিলে বোলে। কথাবোৰ সঁচাকৈয়ে বিশ্বা কৰিবলৈ ভয় লাগিছিল। বিশ্বা আৰু অবিশ্বাৰ দোমোজাতে আছিলোঁ।

ইতিমধ্যে কাৰ্বি আংলং জিলাত কাৰ্বি-ডিমাচাৰ সংঘাত, ডিমা হাচাওৰ মাৰ-ডিমাচাৰ সংঘাত। উগ্ৰপন্থীৰ অত্যাচাৰত গাওঁবোৰ জ্বলিছে, মানুহ আহি আশ্ৰয় শিৱিৰত বা কৰিছেহি। সেময়তে পেন’চ-চাউথ এছিয়াই সাংবাদিকৰ বাবে প্ৰদান  ফেল’শ্বিপ এটি লৈ অধ্যয়ন কৰিছিলোঁ-- বিষয় আছিল অমৰ অস্ত্ৰ-সংঘাত আৰু শিশুৰ মনস্তত্বঃৰ ওপৰত ইয়াৰ প্ৰভাৱ। অধ্যয়ন কৰা এলেকা ধেমাজি, কোকৰাঝাৰ, কাৰ্বি আংলং, বৰ্তমানৰ ডিমা হাচাও জিলা। ৰু গাড়ী এখনত  বিধস্ত বাটেৰে কাৰ্বিপাহাৰলৈ গ’লোঁ। গোটেই বাট নিজান, ক’তো গাড়ী এখনৰ তে ভেটা-ভেটি হোৱা নাই। মাজতে মাহেন্দ্ৰিজৱাত, মাঞ্জা খেৰণিত দেখিলোঁ  পুৰি ছাই হৈ যোৱা আৰু আধা-পোৰা ঘৰবোৰ—মানুহবোৰ ডিমাচা। ডিফু চহৰ গৈ শুনিলোঁ বাটতে আমাৰ পিছে পিছে আহি থকা বাচ এখনৰপৰা মানুহবোৰ নমাই উগ্ৰপন্থীয়ে গাডী়ত জুই লগাই দিছে। কাৰ্বি আংলং এগ্ৰিকালচাৰ কলনিৰ আশ্ৰয় শিৱিৰ কাৰ্বি মানুহেৰে ভৰ্তি। গুৱাহাটীৰ চেমিনাৰ ভাগ লবলৈ অহা বাইদেউকলক বিচাৰি বাৰ বছৰীয়া ধৰ্ষিতা ছোৱালীজনীৰ কথা সুধিলোঁ। তেওঁলোকে ক’লে —ছোৱালীজনীক গাৱঁলৈ নিবলৈ ভয় কৰি চহৰতে এজন পাদুৰীৰ ঘৰত বন কৰা ছোৱালী হিচাপে ৰাখি থৈছে। মাক-দেউতাকক লগ পালোঁ আশ্ৰয় শিৱিৰত। গাঁওখন উগ্ৰপন্থীয়ে জ্বলাই দিছে।

তেওঁলোকে মোক ছোৱালীজনীৰ সৈতে কথা-পতাই দিব বুলি কথা দিলে। ইতিমধ্যে আইডেন্টিফিকেচন পেৰেড হৈ গৈছে। অভিযুক্ত  জোৱানক ছোৱালীজনীয়ে চিনাক্তও কৰিছে।

পিচদিনা দুপৰীয়া আমি পাদুৰীজনৰ ঘৰ পালোঁগৈ। ছোৱালীজনী ওলাই আহিল। জীৱনত প্ৰথমবাৰৰ বাবে এজনী কিশোৰীৰ ন্মুখীন হ’লোঁ – যাক মাক-দেউতাক ঝুমৰ তলীলৈ যোৱাৰ অজুহাতত উগ্ৰপন্থীৰ বিৰুদ্ধে তালাচী অভিযান চলাবলৈ যোৱা সেনাই বাৰ বছৰ বয়ত ধৰ্ষণ কৰিছে, যাক প্ৰয়োজনীয় চিকিৎসা দিয়াৰ পিছত সামাজিক বৈষম্যৰ ভয়তে সাতামপুৰুষীয়া গাৱঁলৈ নিবলৈ ভয় কৰি মাক-দেউাতাকে লোকৰ ঘৰত বনকৰা ছোৱালী হিচাপে থৈছে, যাৰ গাওঁখন ছুবুৰীয়াৰ দৰে শতিকাজুৰি বা কৰি অহা আন এক জনগোষ্ঠীৰ উগ্ৰপন্থীয়ে জ্বলাই দিছে আৰু  মাক-দেউতাকে ঘৰ-বাৰী হেৰুৱাই আশ্ৰয় শিৱিৰত বা কৰিছে। এবাৰ চোৱাহে হ’ল, কাৰো  মুখৰপৰা এটা শব্দও নোলাল।  

কিন্তু ছবিখন  বুকুত মচ নোখোৱাকৈ লাগি ধৰিল। ফেল’শ্বিপৰ নিবন্ধ লিখা, প্ৰতিবেদন দাখিল কৰাৰ আনুষ্ঠানিকতা শেষ হ’ল।  ছবিখনহে বুকুৰপৰা এৰ খাই ন’গল। জনশতাব্দী ৰেলখনত উঠি যোৰহাটলৈ যাওতে যেতিয়াই ডিফু ষ্টেচনটো পাওঁ, বুকুতে ধক-কৈ এটা শব্দ শুনিবলৈ পাওঁ। নিংছ’ আছঙৰ মহিলাকলে এখন সাফল্যৰ যুদ্ধ দিবলৈ যো জা কৰিছিল। সেময়ত ইণ্ডিয়ান এক্প্ৰেছ কাকতৰ আবাসিম্পাদক হিচাপে অৱৰ লৈ ‘উইমেনচ ফিচাৰ্চ চাৰ্ভিচ’ নামৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ ভাৰতৰ ম্পাদকৰ পদত যোগদান কৰা পামেলা ফিলিপচৰ ম্পাদনাত প্ৰতিষ্ঠানটোৰ বাবে ৰিপৰ্টিং কৰিছিলোঁ।  বিশ্বৰ ৪০খন দেশত  নেটৱৰ্ক থকা এই সংবাদ প্ৰতিষ্ঠানটোৰ  কলোবোৰ সাংবাদিক মহিলা, তেওঁলোকো যিকোনো খবৰৰ মহিলা বিষয়ক ৰিপৰ্টিং কৰিছিল। প্ৰতিবছৰেই একোটা থীম  বাচি লৈ আমি ভাৰতৰ বিভিন্ন ৰাজ্যৰপৰা  ৰিপৰ্টিং কৰিছিলোঁ – যেনে ‘স্ত্ৰ সংঘাত আৰু নাৰী’, ‘গোলকীয় উষ্ণতা আৰু কৃষিখণ্ডৰ নাৰী’—এনেকুৱা। প্ৰতিটো থীমৰ বাবে ৰিপৰ্টিং কৰিবলৈ কাৰ্বি আংলংখন বাচি লৈছিলোঁৱেই, যাতে ছোৱালীজনীৰ খবৰ পাই থাকোঁ। অস্ত্ৰ সংঘাত আৰু নাৰী- এইটো থীমত ৰিপৰ্টিং কৰিবলৈ প্ৰয়োজনীয় ব্যয় ইণ্টাৰনেচনেল কমিটি অৱ ৰেডক্ৰছে বহন কৰিছিল। অৱশেষত তেওঁলোকে নতুন দিল্লীত এখন আন্তঃৰাষ্ট্ৰীয় চেমিনাৰ পাতিছিল, আৰু উত্তৰ-পূব গোষ্ঠী-সংঘৰ্ষত আক্ৰান্ত এলেকাত শান্তি প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম কৰা  এগৰাকী নাৰীক লৈ যাবলৈ কৈছিল।নিংছআছঙৰ এগৰাকী কৰ্ম-কৰ্তা প্ৰতিমা ইংহিপিক লৈ গৈছিলোঁ। তেখেতে ইণ্ডিয়া ইণ্টাৰনেচনেল চেণ্টাৰৰ সেই আন্তঃৰাষ্ট্ৰীয় চেমিনাৰত অমাৰ লগতেকাৰ্বিভুমিৰ  নাৰীয়ে শান্তি-প্ৰতিষ্ঠাৰ বাবে কৰা সংগ্ৰামৰ খতিয়ান উচ্চস্বৰত দাঙি ধৰিছিল। ইণ্টাৰনেচনেল কমিটি অৱ ৰেডক্ৰছৰ  কৰ্ম-কৰ্তা আৰু আন প্ৰতিনিধিৰ চকু থৰ হৈ গৈছিল।

কিন্তু ছোৱালীজনীৰ ছবিখন মোৰ বুকুৰপৰা নামি যোৱা নাছিল।

তাইৰ হৈ ন্যায়িক যুদ্ধ দিয়া বাইদেউকেইগৰাকীক গুৱাহাটীৰপৰা মই কৈ থাকিছিলোঁ যে, ছোৱালীজনী যেনে-তেনে বিদ্যালয়ৰ মজিয়ালৈ আনক। তাই যেনে-তেনে হলেও বনকৰা অৱস্থাৰপৰা মুক্তি  পাব লাগে, বিদ্যালয়ৰ মজিয়ালৈ যাব লাগে। তেওঁলোকক এই কথা কৈ থাকিছিলোঁ। অৱশেষত বোধহয় ৰংকিমি, নে ৰংমিলি গাৱঁৰ গাওঁবুঢ়াই এই মানুহবোৰক বহিবলৈ অলপ অলপ মাটি দিলে। এদিন সংগ্ৰামী মহিলাকেইগৰাকীয়ে ক’লে, ছোৱালীজনী ঘৰলৈ আহিল। আজি-কালি স্কুললৈ যায়। এদিন ডিফুলৈ যাওতে নতুন জেগাত ঘৰখন চাই আহিলোঁ, মাক-দেউতাকক লগ পালোঁ, ছোৱালীজনী স্কুলতসেই মুহূৰ্ততে ঠিক কৰিলোঁ, এইবাৰ এটা গল্প লিখিম।

ছোৱালীজনীক দুনাই আৰু এবাৰ চোৱাৰ বা খবৰ লোৱাৰ প্ৰয়োজন কোনোদিনেই অনুভৱ নকৰিলোঁ। যতেই থাকক, ভালে-কুশলে থাককএইবুলি নিজকে কলো। তাইৰ ঘৰৰপৰা উভতি অহাৰ বাটত এক অনন্য সুখানুভুতি, মানুহ হোৱাৰ গৌৰৱে মোক আহ্লাদিত কৰিলে। নিজৰ পেশাগত দায়বদ্ধতাৰপৰা এখোজ আগুৱাই এটা ভাগি-ছিগি থান-বান হৈ যোৱা জীৱন এটা গঢ় দিয়াত ইমানখিনি যুদ্ধ কৰিলোঁ।যুঁজি যুঁজি ফলো হলোঁ।আজিও অনুভৱ কৰোঁ এই গৌৰৱৰ বাবেহে মই এজন কথাশিল্পী,  মৰিশালি আৰু জুইৰ মাজৰপৰা উঠি অহা এই ভাষাই মোৰ গল্প-ভাষা। মই এই ভাষাৰেই লিখি যাম, এই বাটত বিচলিত হবলৈ, পাবলৈ বা হেৰুৱাবলৈ একোৱেই নাই। লিখাটোহে সাৰকথা। ‘সাংবাদিকতা আৰু সৃষ্টিশীলতা’ এই বিষয়ত যেতিয়াই কথা কোৱাৰ সুযোগ পাইছোঁ, সিমানবাৰেই এই গল্পটো নতুন নতুন ৰূপক হৈ মোৰ ন্মুখত উদ্ভাসিত হয়, মোক আলোড়িত কৰে

বিঃদ্ৰঃ- কিলিং চংক্ৰেৎ কাৰ্বি জনশ্ৰুতিৰ এটা বাঘ। কিলং লংৰিৰ জীয়া জীয়া শিলবোৰত গা ঘঁহিলে মানুহ বাঘ হৈ পৰে। বাঘৰ  ৰূপ ধৰি গাৱঁলৈ আহি হাঁহ-পাৰ-কুকুৰা-গাহৰি ধৰি নি খায়। আকৌ উভতি গৈ শিলত গা ঘঁহি মানুহলৈ পৰিণত হয়। পিছে পৰম্পৰাৰ সেভয়ানক  বাঘেও গাৱঁৰ জীয়ৰী-বোৱাৰীলৈ কু-দৃষ্টি নিদিয়ে।

০৮-১১০২০১৯