Friday, 1 November 2019

সাহিত্যৰ পাঠকক ‘দীক্ষিত পাঠক’লৈ পৰিণত কৰাৰ প্ৰত্যাহ্বান লেখকেই লব লাগিব


প্ৰকাশ- নিয়মীয়া বাৰ্তা,  নবেম্বৰ ২, ২০১৯



এতিয়া গ্ৰন্থৰ বতৰ। ১ নবেম্বৰৰৰপৰা গুৱাহাটীত উত্তৰ-পূব গ্ৰন্থমেলাখন অনুষ্ঠিত হোৱাৰ পিছতে ৰাজ্যখনৰ কেইবাখনো জিলাত গ্ৰন্থমেলা আৰু গ্ৰন্থ উৎসৱবোৰ অনুষ্ঠিত হ’ব। অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাৰ লগতে সাহিত্য উৎসৱো অনুষ্ঠিত হ’ব। লেখক পাঠক একেলগে সমবেত হোৱাৰ অপূৰ্ব সুযোগ এই গ্ৰন্থমেলাবোৰেই। কব পাৰি যে সমগ্ৰ ৰাজ্য এতিয়া গ্ৰন্থৰ আৰু আখৰৰ সুবাসেৰে সুবাসিত হৈ পৰিব।নবেম্বৰ মাহৰপৰা এপ্ৰিলমাহমানলৈকে গ্ৰন্থ সম্পৰ্কীয় এই ভাল লগা কাৰবাৰটো চলি থাকিব।

প্ৰায় ছমাহজোৰা এই কাৰবাৰটো চলি থকাৰ পিছতো আমি সদায় আলোচনা কৰি ভালপোৱা কথাটো হ’ল গ্ৰন্থৰ আদৰ নাই, অথবা পঢ়ুৱৈৰ অভাৱ। গ্ৰন্থমেলা বাঢ়িছে, কিন্তু গ্ৰন্থৰ আদৰ কমিছে, ছিৰিয়াছ সাহিত্যৰ দীক্ষিত পঢ়ুৱৈৰ সংখ্যা কমি আহিছে, সাহিত্যৰ পঢ়ুৱৈ নাই – এনেকুৱা আলোচনাই সুলভ, বিশেষকৈ ছ’ছিয়েল মিডিয়াত। তাৰ মাজতে নতুন নতুন গ্ৰন্থ ওলাই আছে, গ্ৰন্থ প্ৰকাশো হৈছে, নতুন লেখকো ওলাই আছে, শব্দৰ আদৰ কমা নাই – এইটো ইতিবাচক কথা । শব্দ নোহোৱাকৈ আমি জানো জীয়াই থাকিব পাৰিম!

এগৰাকী লেখক হিচাপে মই লেখকৰ প্ৰত্যাহ্বানটোৰ কথাকেই কবলৈ ভাল পাম। লেখকৰ প্ৰত্যাহ্বানটো হৈছে পাঠকৰ মনৰ সলনি হোৱা কাঠামোটোৰ প্ৰতি খেয়াল ৰখা। আমি যিয়েই কব নিবিছাৰোঁ কিয়, প্ৰথমে আমি এটা কাহিনী কবই লাগিব। মানুহে আমাৰ পৰা মূলতঃ বিচাৰে এটা কাহিনী (কবিতাত এই কথা নহবও পাৰে)। আকৌ আজিৰ জটিল পৰিস্থিতিত নতুন পাঠকে লেখকৰপৰা আপাতত সৰল, ঋজু কাহিনী এটা নিবিচাৰিবও পাৰে, এটা সৰলৰৈখিক কাহিনীৰ মাজত তেওঁ নিজকে বিচাৰি নাপায়, কিয়নো জীৱন হৈ পৰিছে জটিল- লেখকে এই জটিলতাক বাস্তৱৰ সৈতে খাপ খুৱাই উপস্থাপন কৰিব পাৰিব লাগিব। তেওঁ সমাজবাস্তৱতাৰ কথা কব পাৰিব লাগিব। এই জটিলতাৰ কথা কবলৈ যাওতে আমি মনত ৰখা দৰকাৰ যে, আমি জীৱনৰ জটিলতাৰ কথাহে কৈছোঁ — সাহিত্যক জটিলকৈ (পাঠকক বিমোৰাত পেলোৱাকৈ) উপস্থাপনা কৰাৰ কথা কোৱা নাই। পাঠকে লেখকৰপৰা সস্তীয়া আৱেগো নিবিছাৰে, পৰীক্ষা-নীৰিক্ষাৰ নামত কিছুমান নুবুজা সাঁথৰো নিবিচাৰে -- তেওঁলোকে লেখকৰ পৰা বিচাৰে জীয়াই থকাৰ সঞ্জীৱনী সুধা, জীৱনৰ প্ৰেৰণা। লেখকে কোঠাৰ ভিতৰৰ আৰাম-বিলাস এৰি মানুহৰ মাজৰপৰা তেওঁলোকৰ বাবে প্ৰেৰণাদায়ী সাহিত্যৰ শাহ বুটলি আনিব লাগিব। সাহিত্য সৃষ্টিৰ আমাৰ নিজা এক সমৃদ্ধ পৰম্পৰা আছে – আমাৰ কীৰ্তন পুথি আৰু নামঘোষা কিমান উচ্চপৰ্যায়ৰ সাহিত্য তাক আমি বুজি পাবলৈ এই চমু আলোচনাত এটা উদাহৰণহে দিব পাৰিম-- কীৰ্তনঘোষাত শংকৰদেৱে সৰগৰ নন্দন-কাননখন আঁকিছিল আমাৰ আগচোতাল-পাছচোতাল শুৱনি কৰা শিৰীষ, তমাল, শেৱালি, চম্পক, আদি ফুল-গছবোৰেৰে। গোটেই কীৰ্তন পুথিখনত আচলতে তাহানিৰ অসমীয়া সমাজজীৱনটো শব্দৰ মাজেৰে বৈ থোৱা আছে, য’ত যশোদাৰ দৰে ৰাণীয়ে সাধাৰণ গাৱঁলীয়া তিৰোতা এজনীৰ দৰে জগতৰ পতি কৃষ্ণক গালি দিছে। সাহিত্যৰ সম্পৰীক্ষাৰ নামত আমি যেতিয়া মাথো উত্তৰ-ঔপনিবেশিক আৰু উত্তৰ-আধুনিক তত্বৰ কথা ক’ম, আৰু পাঁচশ বছৰ আগতেই আমাৰ সাহিত্যত কৰা এই সম্পৰীক্ষাবোৰ অৱহেলা কৰিম, তেতিয়াহে লেখক হিচাপে আমাৰ মনলৈ হতাশা আহিব- অন্যথা নাহে।

আজিৰ দীক্ষিত পাঠক তুলনাত কম হলেও তেওঁলোক বহু বেছি পৰিমাণে বিশ্বসাহিত্যৰ গতি-প্ৰকৃতিৰ সৈতে সহজেই পৰিচিত হোৱাৰ বাবে তেওঁলোকৰ মনলৈ এটা তুলনা স্বাভাৱিকতে আহি যায়। পাঠক হিচাপে মোৰো এইটো হয়- যিহেতু হয়, সেয়েহে লেখক হিচাপে প্ৰত্যাহ্বানটো কিমান বেছি সেই কথা অনুভৱ কৰিব পাৰোঁ।

বহতে কয় যে, পাঠক সৃষ্টি কৰাত লেখক ব্যৰ্থ হৈছে। এই কথাটোও বুজি পোৱাটো এক সমস্যা। এজন লেখকৰ পাঠকক কবলগীয়া কিছু কথা থাকে। আমাৰ ধাৰণাত পাঠক আছে। এই পাঠকক ‘দীক্ষিত পাঠক’লৈ পৰিণত কৰাত আমাৰ এটা ভূমিকা আছে, লেখকৰ দায়িত্ব তাতেই। পাঠক এতিয়া কেৱল ছপা মাধ্যমতে নাই, ডিজিটেল মাধ্যমতো আছে। ফে’চবুকত এটা গোট আছে, নামটো ‘অৰ্দ্ধ-আকাশ--এক অন্তহীন যাত্ৰা’, গোটতো কেৱল নাৰীৰ বাবে। বিভিন্ন বৃত্তিত জড়িত হৈ থকা নাৰীসকলে তাত লেখা-মেলা কৰে। তেওঁলোক আত্মবিশ্বাসী নাৰী। নিজৰ ভিতৰতে লিখা-মেলা কৰে, নিজৰ সদস্যসকলৰ লেখাৰ প্ৰশংসা কৰে। একেসময়তে কেইবাখনো উপন্যাস তাত ধাৰাবাহিকভাৱে চলি আছে। শেহতীয়াকৈ মই এই গোটটোৰ সদস্য হৈছোঁ, সাহিত্যৰ নানা সম্পৰীক্ষাৰ মাজেৰে জীৱনৰ গভীৰ সত্য উপলব্ধি কৰা কৰা সাহিত্য হয়তো তেওঁলোকে সৃষ্টি কৰা নাই, কিন্তু কেইগৰাকীমান লেখকৰ নিজৰ কবলগীয়া কথাবোৰৰৰ প্ৰকাশিকা শক্তিটোৱে মোক মোহিত কৰিছে। ভাবিলে আচৰিত লাগে যে, গোটটো সদস্যৰ সংখ্যা ১,২৬,০০০-তকৈও বেছি।তেওঁলোকে ইজনে সিজনৰ লেখা-মেলাক যিদৰে প্ৰেৰণা দিয়ে, সেইটোও বৰ অনুপ্ৰেৰণামূলক। আমি ‘ডিজিটেল স্পেছ’টোৰ এই নতুন ধাৰাবোৰ নেতিবাচকভাৱে লব নোৱাৰোঁ। কিয়নো এয়া এক বাস্তৱতা। বৰং, তেওঁলোকৰ মাজৰপৰাই জীৱনৰ গভীৰতাক সম্পৰীক্ষাৰ কষটি শিলত পৰীক্ষা কৰিবপৰা এগৰাকী লেখক ওলাই আহক, আমি তাকেই আশা কৰিম ।

প্ৰযুক্তিয়ে এতিয়া পঠনৰ বহু অভ্যাস সলনি কৰি পেলাইছে। আনকি শিশুসকলৰো। আজিৰ শিশু আমাৰ দিনৰ শিশুসকলৰ তুলনাত বহু বেছি বহুভাষিক - যি মাধ্যমতেই নপঢ়ক লাগিলে, ইউ টিউৱ চেনেলৰ ৰং-বিৰঙী হিন্দী বা ইংৰাজীৰ সাধুকথাবোৰ ভালকৈয়ে বুজি পায়। আমাৰ শৈশৱকালত আমি ৰামায়ন, মহাভাৰতৰপৰা আৰম্ভ কৰি আৰব্য উপন্যাসলৈকে সকলো কিতাপৰ পাততে পঢ়িছিলোঁ। আজিৰ শিশুৱে বহুবোৰ কথা প্ৰযুক্তি ব্যৱহাৰ কৰিহে শিকে – দৃ্শ্য-শ্ৰব্যৰ মাধ্যমত, আমাৰ তুলনাত এখন ৰঙীণ পৃথিৱীৰ মাজেৰে। প্ৰযুক্তিৰ এই দিনত আমি আমাৰ বুঢ়ীআইৰ সাধুৰ তেজীমলাৰ সাধু, এবেগেতীয়াৰ সাধুবোৰো প্ৰযুক্তিৰ মাজেৰে নতুনকৈ উপস্থাপনা কৰিবৰ সময় সমাগত বুলিয়েই ভাবোঁ। সম্পৰীক্ষামূলকভাৱে যোৱা বছৰ পৰিবেশ সংৰক্ষণৰ ওপৰত গুৰুত্ব দি শিশু-উপন্যাস এখন লিখিছিলোঁ আৰু তাৰ অডিঅ’ ৰূপ এটা দিছিলোঁ, বহুপৰিমাণে সফল হৈছিলোঁ। নিজৰ ব্লগৰ মাজেৰে বিভিন্ন আলোচনীক প্ৰকাশিত গল্পবোৰ ডিজিটেল মাধ্যমত থকা পাঠকৰ মাজলৈ নিবলৈ চেষ্টা কৰিও উপকৃত হৈছোঁ।

অসমৰ লেখকসমাজখনৰ আকাৰ বিশাল।গ্ৰন্থৰ বতৰত প্ৰতিবছৰেই কেইবাখনো উল্লেখনীয় গ্ৰন্থ বজাৰলৈ আহে। লেখক-কবি-সাহিত্যিকসকলে নিজৰ সৃষ্টিশীল সম্প্ৰদায়টোৰ গ্ৰন্থ নিজে কিনিলেও এখন ধুনীয়া বজাৰ নিজৰ ভিতৰতে ওলাব। সকলো সৃষ্টিশীল লোকক আমি ব্যক্তিগতভাৱে লগ পোৱাটো সম্ভৱ নহয়। কিন্তু নিজৰ ব্যক্তিগত সংগ্ৰহটোত থকা সৃষ্টিশীল লোকসকলৰ কৰ্ম-ৰাজিৰ পঠনে তেওঁলোকৰ লগতে থকাৰ এক আনন্দময় অনুভুতি দিয়ে।প্ৰকাশকসকলেও নিজৰ নিজৰ প্ৰকাশিত কিতাপৰ তালিকা অন্ততঃ সামাজিক মাধ্যমত প্ৰচাৰ কৰিব পাৰে। ধীৰাজ কুমাৰ লহকৰ, শান্তুনু কৌশিক বৰুৱাৰ দৰে কম সংখ্যক প্ৰকাশকে এই কামটো সৃষ্টিশীলভাৱে কৰি আহিছে। গ্ৰন্থৰ বতৰত আয়োজকসকলে আমাৰ ভাষা–সাহিত্য-কলা ওপৰলৈ তুলি নিয়াৰ বাবে আজীৱন সাধনা কৰা ননী বৰপূজাৰী, নীলমনি ফুকন, হীৰেন গোঁহাই, নীলপৱন বৰুৱাৰ দৰে বিশিষ্ট সকলক মঞ্চৰ বক্তা আৰু তলৰ শ্ৰোতাৰ ব্যৱধান আঁতৰাই তৰুণ প্ৰজন্মৰ সৈতে অন্তৰংগভাৱে কথা-বতৰা হোৱাৰ পৰিবেশ ৰচনা কৰিব পাৰে, যিসকলে আমাৰ মাজৰপৰা প্ৰস্থান কৰিলে তেওঁলোকৰো কাম-কাজৰ মূল্যায়ন কৰাৰ পৰিবেশ এটাৰ সুচনা কৰিব পাৰে। নতুন আৰু পুৰণিৰ সমন্বয়ৰেই সাহিত্যৰ বোঁৱতী সুতি প্ৰাণৱন্ত হয়, দীক্ষিত পাঠকৰ সৃষ্টি হয়।।
(
অশেষ ধন্যবাদ মণিকংকনা দাসলৈ)

No comments:

Post a Comment