২০০৫ চনত গুৱাহাটীত বোধহয় অমিয় কুমাৰ দাস সামাজিক পৰিবৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠানৰ এখন আলোচনাচক্ৰত ভাগ লৈছিলোঁ। তেতিয়া উগ্ৰপন্থীৰ সমস্যাৰে জৰ্জৰিত অসম। নামনি অসমৰ কোকৰাঝাৰৰপৰা গোষ্ঠী-সংঘাত কাৰ্বি-পাহাৰ, বৰাই পাহাৰলৈকে বিয়পি পৰিছে । কাৰ্বি আংলঙৰ উগ্ৰপন্থীৰ যুদ্ধ এখন পৃখক ৰাজ্য ‘কাৰ্বি হেমপ্ৰেক’ৰ বাবে, উত্তৰ-কাছাৰ পাৰ্বত্য জিলাৰ উগ্ৰপন্থীৰ(বৰ্তমানৰ ডিমা হাচাও) যুদ্ধ এখন পৃথক ৰাজ্য ‘ডিমাৰাজি’ৰ বাবে। কাৰ্বি আংলঙৰপৰা কাৰ্বি নিংছ’ চিংথুৰ আছঙৰ এটা সঁজাতি দল আহিছিল। তেঁওলোকে কাৰ্বিপাহাৰত সেনাই ধৰ্ষণ কৰা মহিলাসকলৰ তালিকা এখন লৈ উপস্থিত হৈছিলহি। বাৰ বছৰীয়া ছোৱালীৰপৰা ৫৫ বছৰীয়া আইতালৈকে এখন দীঘলীয়া তালিকা। তাৰ ভিতৰত ২০০৩ চনৰ ঘটনা এটাত ধৰ্ষণ কৰা বাৰবছৰীয়া শিশুকন্যা এটিৰ নামো আছিল।গাৱঁৰ মানুহ ঝুমৰ পথাৰলৈ যাওতে সৰু সৰু ল’ৰা-ছোৱালীবোৰ বুঢ়া মানুহৰোবৰৰ হাতত দি ঘৰতে থৈ যায়। তেতিয়াই উগ্ৰপন্থী বিচাৰি যোৱা সেনাৰ দলে কামটো কৰিলে বোলে। কথাবোৰ সঁচাকৈয়ে বিশ্বাস কৰিবলৈ ভয় লাগিছিল। বিশ্বাস আৰু অবিশ্বাসৰ দোমোজাতে আছিলোঁ।
ইতিমধ্যে কাৰ্বি আংলং জিলাত কাৰ্বি-ডিমাচাৰ সংঘাত, ডিমা হাচাওৰ মাৰ-ডিমাচাৰ সংঘাত। উগ্ৰপন্থীৰ অত্যাচাৰত গাওঁবোৰ জ্বলিছে, মানুহ আহি আশ্ৰয় শিৱিৰত বাস কৰিছেহি। সেই সময়তে পেন’চ-চাউথ এছিয়াই সাংবাদিকৰ বাবে প্ৰদান ফেল’শ্বিপ এটি লৈ অধ্যয়ন কৰিছিলোঁ-- বিষয় আছিল অসমৰ অস্ত্ৰ-সংঘাত আৰু শিশুৰ মনস্তত্বঃৰ ওপৰত ইয়াৰ প্ৰভাৱ। অধ্যয়ন কৰা এলেকা ধেমাজি, কোকৰাঝাৰ, কাৰ্বি আংলং, বৰ্তমানৰ ডিমা হাচাও জিলা। সৰু গাড়ী এখনত বিধস্ত বাটেৰে কাৰ্বিপাহাৰলৈ গ’লোঁ। গোটেই বাট নিজান, ক’তো গাড়ী এখনৰ সতে ভেটা-ভেটি হোৱা নাই। মাজতে মাহেন্দ্ৰিজৱাত, মাঞ্জা খেৰণিত দেখিলোঁ পুৰি ছাই হৈ যোৱা আৰু আধা-পোৰা ঘৰবোৰ—মানুহবোৰ ডিমাচা। ডিফু চহৰ গৈ শুনিলোঁ বাটতে আমাৰ পিছে পিছে আহি থকা বাচ এখনৰপৰা মানুহবোৰ নমাই উগ্ৰপন্থীয়ে গাডী়ত জুই লগাই দিছে। কাৰ্বি আংলং এগ্ৰিকালচাৰ কলনিৰ আশ্ৰয় শিৱিৰ কাৰ্বি মানুহেৰে ভৰ্তি। গুৱাহাটীৰ চেমিনাৰ ভাগ লবলৈ অহা বাইদেউসকলক বিচাৰি বাৰ বছৰীয়া ধৰ্ষিতা ছোৱালীজনীৰ কথা সুধিলোঁ। তেওঁলোকে ক’লে —ছোৱালীজনীক গাৱঁলৈ নিবলৈ ভয় কৰি চহৰতে এজন পাদুৰীৰ ঘৰত বন কৰা ছোৱালী হিচাপে ৰাখি থৈছে। মাক-দেউতাকক লগ পালোঁ আশ্ৰয় শিৱিৰত। গাঁওখন উগ্ৰপন্থীয়ে জ্বলাই দিছে।
তেওঁলোকে মোক ছোৱালীজনীৰ সৈতে কথা-পতাই দিব বুলি কথা
দিলে। ইতিমধ্যে আইডেন্টিফিকেচন পেৰেড হৈ গৈছে। অভিযুক্ত জোৱানক ছোৱালীজনীয়ে চিনাক্তও কৰিছে।
পিচদিনা দুপৰীয়া
আমি পাদুৰীজনৰ ঘৰ পালোঁগৈ। ছোৱালীজনী ওলাই আহিল। জীৱনত প্ৰথমবাৰৰ বাবে এজনী কিশোৰীৰ সন্মুখীন হ’লোঁ – যাক মাক-দেউতাক ঝুমৰ তলীলৈ যোৱাৰ অজুহাতত উগ্ৰপন্থীৰ
বিৰুদ্ধে তালাচী অভিযান চলাবলৈ যোৱা সেনাই বাৰ বছৰ বয়সত ধৰ্ষণ কৰিছে, যাক প্ৰয়োজনীয় চিকিৎসা দিয়াৰ পিছত সামাজিক বৈষম্যৰ ভয়তে সাতামপুৰুষীয়া গাৱঁলৈ নিবলৈ
ভয় কৰি মাক-দেউাতাকে লোকৰ ঘৰত বনকৰা ছোৱালী হিচাপে থৈছে, যাৰ গাওঁখন ছুবুৰীয়াৰ দৰে
শতিকাজুৰি বাস কৰি অহা আন এক জনগোষ্ঠীৰ
উগ্ৰপন্থীয়ে জ্বলাই দিছে আৰু মাক-দেউতাকে
ঘৰ-বাৰী হেৰুৱাই আশ্ৰয় শিৱিৰত বাস কৰিছে। এবাৰ চোৱাহে হ’ল, কাৰো মুখৰপৰা এটা শব্দও নোলাল।
কিন্তু ছবিখন বুকুত মচ নোখোৱাকৈ লাগি ধৰিল। ফেল’শ্বিপৰ নিবন্ধ লিখা, প্ৰতিবেদন দাখিল কৰাৰ আনুষ্ঠানিকতা শেষ হ’ল। ছবিখনহে বুকুৰপৰা এৰ খাই ন’গল। জনশতাব্দী ৰেলখনত উঠি যোৰহাটলৈ যাওতে যেতিয়াই ডিফু ষ্টেচনটো পাওঁ, বুকুতে ধক-কৈ এটা শব্দ শুনিবলৈ পাওঁ। নিংছ’ আছঙৰ মহিলাসকলে এখন সাফল্যৰ যুদ্ধ দিবলৈ যো জা কৰিছিল। সেই সময়ত ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ আবাসিক সম্পাদক হিচাপে অৱসৰ লৈ ‘উইমেনচ ফিচাৰ্চ চাৰ্ভিচ’ নামৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ ভাৰতৰ সম্পাদকৰ পদত যোগদান কৰা পামেলা ফিলিপচৰ সম্পাদনাত প্ৰতিষ্ঠানটোৰ বাবে ৰিপৰ্টিং কৰিছিলোঁ। বিশ্বৰ ৪০খন দেশত নেটৱৰ্ক থকা এই সংবাদ প্ৰতিষ্ঠানটোৰ সকলোবোৰ সাংবাদিক মহিলা, তেওঁলোকো যিকোনো খবৰৰ মহিলা বিষয়ক ৰিপৰ্টিং কৰিছিল। প্ৰতিবছৰেই একোটা থীম বাচি লৈ আমি ভাৰতৰ বিভিন্ন ৰাজ্যৰপৰা ৰিপৰ্টিং কৰিছিলোঁ – যেনে ‘অস্ত্ৰ সংঘাত আৰু নাৰী’, ‘গোলকীয় উষ্ণতা আৰু কৃষিখণ্ডৰ নাৰী’—এনেকুৱা। প্ৰতিটো থীমৰ বাবে ৰিপৰ্টিং কৰিবলৈ কাৰ্বি আংলংখন বাচি লৈছিলোঁৱেই, যাতে ছোৱালীজনীৰ খবৰ পাই থাকোঁ। অস্ত্ৰ সংঘাত আৰু নাৰী- এইটো থীমত ৰিপৰ্টিং কৰিবলৈ প্ৰয়োজনীয় ব্যয় ইণ্টাৰনেচনেল কমিটি অৱ ৰেডক্ৰছে বহন কৰিছিল। অৱশেষত তেওঁলোকে নতুন দিল্লীত এখন আন্তঃৰাষ্ট্ৰীয় চেমিনাৰ পাতিছিল, আৰু উত্তৰ-পূব গোষ্ঠী-সংঘৰ্ষত আক্ৰান্ত এলেকাত শান্তি প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম কৰা এগৰাকী নাৰীক লৈ যাবলৈ কৈছিল।নিংছ’ আছঙৰ এগৰাকী কৰ্ম-কৰ্তা প্ৰতিমা ইংহিপিক লৈ গৈছিলোঁ। তেখেতে ইণ্ডিয়া ইণ্টাৰনেচনেল চেণ্টাৰৰ সেই আন্তঃৰাষ্ট্ৰীয় চেমিনাৰত অমাৰ লগতেকাৰ্বিভুমিৰ নাৰীয়ে শান্তি-প্ৰতিষ্ঠাৰ বাবে কৰা সংগ্ৰামৰ খতিয়ান উচ্চস্বৰত দাঙি ধৰিছিল। ইণ্টাৰনেচনেল কমিটি অৱ ৰেডক্ৰছৰ কৰ্ম-কৰ্তা আৰু আন প্ৰতিনিধিৰ চকু থৰ হৈ গৈছিল।
কিন্তু ছোৱালীজনীৰ ছবিখন মোৰ বুকুৰপৰা নামি যোৱা নাছিল।
তাইৰ হৈ ন্যায়িক
যুদ্ধ দিয়া বাইদেউকেইগৰাকীক গুৱাহাটীৰপৰা মই কৈ থাকিছিলোঁ যে, ছোৱালীজনী যেনে-তেনে
বিদ্যালয়ৰ মজিয়ালৈ আনক। তাই যেনে-তেনে হলেও বনকৰা অৱস্থাৰপৰা মুক্তি
পাব লাগে, বিদ্যালয়ৰ
মজিয়ালৈ যাব লাগে। তেওঁলোকক এই কথা কৈ থাকিছিলোঁ। অৱশেষত বোধহয় ৰংকিমি, নে ৰংমিলি গাৱঁৰ গাওঁবুঢ়াই এই
মানুহবোৰক বহিবলৈ অলপ অলপ মাটি দিলে। এদিন সংগ্ৰামী
মহিলাকেইগৰাকীয়ে ক’লে, ছোৱালীজনী ঘৰলৈ আহিল। আজি-কালি
স্কুললৈ যায়। এদিন ডিফুলৈ যাওতে নতুন জেগাত ঘৰখন চাই আহিলোঁ, মাক-দেউতাকক লগ পালোঁ,
ছোৱালীজনী স্কুলত।সেই মুহূৰ্ততে ঠিক কৰিলোঁ, এইবাৰ
এটা গল্প লিখিম।
ছোৱালীজনীক দুনাই আৰু এবাৰ চোৱাৰ বা খবৰ লোৱাৰ প্ৰয়োজন কোনোদিনেই অনুভৱ নকৰিলোঁ। য’তেই থাকক, ভালে-কুশলে থাকক—এইবুলি নিজকে ক’লো। তাইৰ ঘৰৰপৰা উভতি অহাৰ বাটত এক অনন্য সুখানুভুতি, মানুহ হোৱাৰ গৌৰৱে মোক আহ্লাদিত কৰিলে। নিজৰ পেশাগত দায়বদ্ধতাৰপৰা এখোজ আগুৱাই এটা ভাগি-ছিগি থান-বান হৈ যোৱা জীৱন এটা গঢ় দিয়াত ইমানখিনি যুদ্ধ কৰিলোঁ।যুঁজি যুঁজি সফলো হ’লোঁ।আজিও অনুভৱ কৰোঁ এই গৌৰৱৰ বাবেহে মই এজন কথাশিল্পী, মৰিশালি আৰু জুইৰ মাজৰপৰা উঠি অহা এই ভাষাই মোৰ গল্প-ভাষা। মই এই ভাষাৰেই লিখি যাম, এই বাটত বিচলিত হবলৈ, পাবলৈ বা হেৰুৱাবলৈ একোৱেই নাই। লিখাটোহে সাৰকথা। ‘সাংবাদিকতা আৰু সৃষ্টিশীলতা’ এই বিষয়ত যেতিয়াই কথা কোৱাৰ সুযোগ পাইছোঁ, সিমানবাৰেই এই গল্পটো নতুন নতুন ৰূপক হৈ মোৰ সন্মুখত উদ্ভাসিত হয়, মোক আলোড়িত কৰে ।
বিঃদ্ৰঃ- কিলিং
চংক্ৰেৎ কাৰ্বি জনশ্ৰুতিৰ এটা বাঘ। কিলং লংৰিৰ জীয়া
জীয়া শিলবোৰত গা ঘঁহিলে মানুহ বাঘ হৈ পৰে। বাঘৰ ৰূপ ধৰি গাৱঁলৈ
আহি হাঁহ-পাৰ-কুকুৰা-গাহৰি ধৰি নি খায়। আকৌ উভতি গৈ শিলত গা ঘঁহি মানুহলৈ
পৰিণত হয়। পিছে পৰম্পৰাৰ সেই ভয়ানক বাঘেও গাৱঁৰ জীয়ৰী-বোৱাৰীলৈ কু-দৃষ্টি নিদিয়ে।
০৮-১১০২০১৯
No comments:
Post a Comment