‘জাল কটা জুই’--নয়নজ্যোতি
শৰ্মাৰ গল্প
তৰুণ গল্পকাৰ নয়নজ্যোতি
শৰ্মাৰ গল্পবোৰ পাঠ কৰিলে তিনিটা কথাই পোনতে মনলৈ আহে--প্ৰস্তুতি, জীৱনবীক্ষণ আৰু সমাজবীক্ষণ।ইয়াৰ
উপৰিও আৰু এটা দিশ দেখা পোৱা যায়-তেওঁ এজন উজ্জীৱিত পাঠকো।অসমীয়া সাহিত্য আৰু বিশ্ব
সাহিত্যৰ বহুবোৰ গল্প হয়তোবা তেওঁ পঢ়িছে আৰু তাৰপৰাই নিজৰ গল্পৰ বাবে এটা বাট কাটি
লৈছে। এই বাটত তেওঁৰ সন্তৰ্পণে আৰু সাৱধানে খোজ দিছে। তেওঁৰ জীৱনবীক্ষণ আৰু গল্পৰ প্ৰস্তুতি
তেওঁৰ সাহিত্যপঠনৰ অংশ বুলি কব পাৰি।আৰু সমাজবীক্ষণ তেওঁৰ নিজা।
তৰুণ গল্পকাৰ হলেও যথেষ্ট আগৰপৰাই তেওঁ গল্প লিখি আহিছে।যিটো গল্প কব বুলি ভাৱে, সেইটো কেনেকৈ কব, কিদৰে কব—সেয়া যেন বহুদিনৰপৰা মনৰ মাজত ধৰি ৰাখে। নিৰলে আৰু গভীৰভাৱে চাই থাকে। যাৰ ফলত গল্পৰ ৰূপ হয় নিটোল। গল্পৰ গতি স্বাভাৱিক। গল্পত কেতিয়াবা তেওঁ নিজৰ জীৱনৰ গভীৰলৈ চায় আৰু কেতিয়াবা সমাজজীৱনলৈ গভীৰ দৃষ্টি নিক্ষেপ কৰে। আকৌ, গল্পত কেতিয়াবা তেওঁ একেসময়তে অন্তৰ্মুখী আৰু বহুৰ্মুখী–যি আমাৰ দৰে পাঠকক মুগ্ধ কৰে।হয়তোবা এইখিনিতে তেওঁ আটাইতকৈ শক্তিশালীও। কিন্তু এয়া মোৰ নিজস্ব অনুভৱহে। সেইবাবেই তেওঁৰ প্ৰথমখন গল্প সংকলন ‘জাল কটা জুই’ৰ কেইটামান গল্প crafted story বুলি নিসন্দেহে কব পাৰি। কাহিনীয়ে মনক প্ৰত্যয় নজন্মোৱালৈকে তেওঁ গল্প কোৱা নাই।
বহু লেখক আৰু পাঠকৰ মনত এটা ভাৱ বা বিশ্বাস থাকে যে--সমাজ পৰিবৰ্তনৰ দ্বান্দ্বিক বিশ্লেষণৰ তত্ববোৰ নপঢ়াকৈ সমাজৰ নিম্নত বাস কৰা আৰ্তজনৰ কাহিনী দ্বন্দ্বমূলকভাৱে সৃষ্টিশীল সাহিত্যলৈ আনিব নোৱাৰি।ইয়াৰ বিপৰীতে বহুতেই আকৌ সাহিত্যত দ্বন্দ্বমূলক বস্তুবাদৰ বিশ্লেষণ, এক্টিভিজমৰ দৰে কথাবোৰ ঘৃণণীয় শব্দ বুলিয়েই ভাৱে। এই দুয়োটা বাগধাৰাই যে একধৰণৰ myth--তাকে চাবলৈ বিচৰাসকলে নয়নজ্যোতি শৰ্মাৰ গল্পবোৰ পঢ়ি চাব পাৰে। আচলতে সৃষ্টিশীল সাহিত্যই যিকোনো বাগধাৰাৰ আৱৰ্তত সোমাই পৰাৰ সংকীৰ্ণতাক অতিক্ৰম কৰি জীৱন পাৰ হৈ মহাজীৱনৰ কাষলৈহে যাব বিচাৰে। সাহিত্য একধৰণৰ বৌদ্ধিক কাৰ্য, আৰু এটি যথাৰ্থ সৃষ্টিশীল সত্তাই্ নিজস্ব লেখনিৰে সমাজক বৌদ্ধিক নেতৃত্ব প্ৰদান কৰিব বিচাৰে। তেওঁ মাথোন যশ বা খ্যাতিয়েই নিবিচাৰে। সৃষ্টিকৰ্তাই নিজকে কিদৰে মেলি ধৰি জীৱনৰ কথা কব, সেয়া তেওঁৰ নিজস্ব স্বাধীনতা। যিটো দিশে পাঠক মুদ্ধ কৰিব, সেয়া হৈছে অতল এন্ধাৰৰ কিমান গভীৰৰপৰা জেউতি বুটলি তেওঁ পাঠকৰ মনাকাশ পোহৰাবলৈ চেষ্টা ৰিছে। সেইবাবেই সাহিত্যত সময় সাপেক্ষে বিনম্ৰতা আৰু সাহস--উভয়ৰে প্ৰয়োজন হয়।নকলেও হ’ব যে, ইয়াত স্ৰষ্টা অকলশৰীয়া পথিক। বিশ্বৰ মহান সাহিত্যিকসকলৰ লিখনিত আমি তাকেই দেখা পাওঁ। জীৱনৰ আগভাগৰপৰাই নয়নজ্যোতি শৰ্মায়ো এই কামৰ বাবে নিজকে সাজু কৰিছে। লগতে বিশ্বপ্ৰেক্ষায়ো তেওঁক উদ্বেলিত কৰিছে। আপুনি এটা কাহিনী কৈছে, কিন্তু আপুনি কেৱল এটা কাহিনী কোৱা নাই—সমাজৰ কল্যাণৰ বৃহত্তম প্ৰেক্ষাত নিজস্ব দৰ্শন আৰু কথনেৰে কাহিনীটোক প্ৰতিনিধি ৰূপে প্ৰক্ষেপ কৰিব বিচাৰিছে। এইটো এটা কথা। আনটো হৈছে যে—আপুনি আপোনাৰ গাওঁখনৰ কাহিনী এটা কৈছে, কিন্তু মানৱীয়তাৰ অপূৰ্ব সংশ্লেষণ আৰু বিশ্বজনীন আবেদনেৰে সি বিশ্বৰ সকলো দেশৰ গাওঁবোৰৰ এটা উমৈহতীয়া কাহিনী হৈ পৰিছে।ঠিক এনেকুৱা জেগাবোৰতে সাহিত্যৰ মহত্ব ফুটি উঠে। ইয়াতেই আমি লেখকৰ দৰ্শন আৰু প্ৰস্তুতিৰ জোৰ দেখা পাওঁ। সুখৰ কথা যে, মাথোন ব্যক্তিজীৱনৰ হা-হুতাশবোৰেৰে কাহিনীৰ জঁকা তৈয়াৰ কৰা বিপৰীতে তেওঁ সামাজিক জীৱনৰ বহল প্ৰেক্ষাবোৰলৈও তীক্ষ্ণতাৰে চকু দিছে।
আৰু এটা কথা। গল্প কবলৈ নয়নজ্যোতি শৰ্মাই গঢ়ি লোৱা শব্দৰ ভঁৰালটোও ইৰ্ষণীয়। ‘জাল কটা জুই’ তেওঁৰ প্ৰথম গল্প সংকলন। এতিয়াই গল্পবোৰৰ বিষয়ে আলোচনা বা সমালোচনা কৰা সঠিক কথা নহয়। পঠনৰ ভাল লগাখিনি কৈও এটা কথা কব লাগিব যে, এতিয়াও গল্পকাৰ যেন পূৰ্ণ প্ৰস্তুতিৰে ফুল এপাহ মেল খাবলৈ ধৰা কলিহে। সাহিত্যৰ প্ৰতি আস্থা আৰু ধৰাবাহিকতাৰেই তেওঁ নিজকে আগুৱাই নিব ।
ৰত্না ভৰালী তালুকদাৰ
আপুনি সুন্দৰকৈ লিখিছে, বাইদেউ
ReplyDeleteঅশেষ ধন্য়বাদ
Delete