মল্লিকা হাজৰিকাই গল্প কবলৈ কাষৰ আৰ্থ-সামাজিক প্ৰেক্ষাৰপৰাই সমল আহৰণ কৰে। তেওঁৰ কথনশৈলী সৰল আৰু উপস্থাপনা নাটকীয়। পাঠকৰ সৈতে তেওঁ পোনে পোনে সম্পৰ্ক স্থাপন কৰিব বিচাৰে। তেওঁ মূলতঃ এটা কাহিনীৰ বিষয়ে কয়—যি কাহিনী হয়তোবা আমাৰ তেনেই পৰিচিত কিন্তু কথনৰ অভাৱত সি কোৱা হৈ উঠা নাই। পাঠকৰ চকুত পৰা নাই।
এগৰাকী নাৰী লেখকে যেতিয়া ‘নাৰী’ অথবা ‘লিংগ’ৰ মূল পৰিচিতিৰ আৱৰ্তটো ভাঙি আৰ্থ-সামাজিক প্ৰেক্ষাৰপৰা কথা কবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁ সৃষ্টিশীল লোকৰ দায়বদ্ধতাৰ দিশে এখোজ আগবাঢ়ি অহা বুলি কব লাগিব। অৱশ্যে নাৰী জীৱনৰ কথা যে তেওঁ নক’ব—সেয়া হবই নোৱাৰে।বৰঞ্চ সেই নাৰীজীৱনৰ বা লিংগ পৰিচিতিৰ কথাবোৰ নাৰী সাহসেৰে সাহিত্যলৈ আনাৰ ক্ষেত্ৰত তেওঁলোকে নিৰ্ণায়ক ভূমিকা লবই লাগিব। কিন্তু লেখকৰ দৃষ্টি যেতিয়া আৰ্থ-সামাজিক-ৰাজনৈতিক প্ৰেক্ষালৈ ধাবিত হয়, তেতিয়া সৃষ্টিকৰ্তাই এক সম্প্ৰসাৰণ লাভ কৰে—সাহিত্যত এক নতুন মাত্ৰা প্ৰদানৰ সম্ভাৱনাৰে সমুজ্জল হয়। এনে দৃষ্টিয়ে ‘নাৰী’ অথবা ‘লিংগ’ৰ মূল পৰিচিতি, যাক আমি gender বুলি কওঁ—সেই পৰিচিতিৰো বিস্তাৰ ঘটায়।
আৰ্থ-সামাজিক প্ৰেক্ষাৰপৰা পৰা গল্প কোৱাৰ সুবিধা এয়ে যে, এনে প্ৰেক্ষাবোৰে গল্পকাৰক বিভিন্নধৰণে পৰীক্ষা-নীৰিক্ষা কৰাৰ সুবিধা আনি দিয়ে। কবলৈ গ’লে এই প্ৰেক্ষাবোৰৰপৰা ইমান গল্প কোৱা হৈ গৈছে যে, এটা linear গল্পৰে উজ্জীৱিত পাঠকক ধৰি ৰখাটো আজিকালি প্ৰায় অসম্ভৱ কথাই হৈ পৰিছে। এই দিশটোৱেই বিশ্বৰ গল্পকাৰসকলৰ সন্মুখলৈ আনি দিছে প্ৰত্যাহ্বান।এনে প্ৰেক্ষাৰপৰা গল্পত কথা কবলৈ অহা চৰিত্ৰবোৰে জীৱনত পাৰ কৰি যায় নানান দ্বন্দ্ব-সংঘাত—যাৰ উৎস সামাজিক চলনবোৰৰ উঠা-নমাত প্ৰোথিত হৈ থাকে।
গল্পকাৰে যেতিয়া কাৰোবাক protagonist হিচাপে নিৰ্বাচিত কৰে, তেতিয়া পাঠকে protagonist- ৰ কাহিনীকথনৰ সমান্তৰালভাৱে মূল গল্পৰ আশে-পাশে সামাজিক চলনবোৰৰ উঠা-নমাবোৰো চাবলৈ বিচাৰে। সমাজ পৰিবৰ্তনৰ জটিল দিশবোৰ চাবলৈ বিচাৰে। মল্লিকা হাজৰিকাৰ দৰে কৰ্মাজীৱি নাৰীৰ সমস্যাটো হৈছে সামাজিক চলনবোৰৰ উঠা-নমাবোৰ চাবলৈ পোৱা আহৰিকণ। জীৱনে তেওঁলোকৰ হাতৰ মুঠিৰপৰা সময় কাঢ়ি লৈ যায়। কিন্তু সকলো প্ৰত্যাহ্বান পাৰ কৰিব পৰাটোৱেই সৃষ্টিশীল লোকৰ কাম।
এইক্ষেত্ৰত ছুবুৰীয়া বঙালী সাহিত্যৰ প্ৰায় সমসাময়িক প্ৰেক্ষাৰ দুগৰাকী মহীয়সী নাৰী সাহিত্যিকৰ নাম উল্লেখ কৰিব পাৰি। তেওঁলোক হৈছে মহাশ্বেতা দেৱী আৰু আশাপূৰ্ণা দেৱী। প্ৰথমগৰাকীৰ সাহিত্যই গভীৰ সামাজিক প্ৰেক্ষাক স্পৰ্শ কৰে। তেওঁ আৰ্তজনৰ কণ্ঠক শক্তি দিয়াতেই সমগ্ৰ জীৱন উচৰ্গা কৰিছে।
আনগৰাকীয়ে মূলতঃ গৃহিণীসকলৰ কথাকেই লিখিলে বুলিব পাৰি। কিন্তু এই গৃহিণীসকলৰ আনে নেদেখা শত-সহস্ৰ দিশৰ ওপৰত আশাপূৰ্ণা দেৱীয়ে ইমানেই পোহৰ পেলালে যে, সেই সাহিত্যই অনন্য মাত্ৰা লাভ কৰি জাতিস্কাৰ হৈ উঠিল। পাকঘৰত ভাৰ-পানী ৰান্ধি আনৰ পৰচৰ্চা আৰু ‘ঘৰেলু পলিচিকচ্’ত সময় অতিবাহিত কৰা নাৰীবোৰৰ মনৰ অনেক গোপন ৰহস্য, জটিল মনস্তত্বঃৰ ওপৰত গল্প লিখিও যে ‘জ্ঞানপীঠ’ৰ দৰে বঁটা লাভ কৰিব পাৰি, সেই কথা আশাপূৰ্ণা দেৱীয়েই জানো প্ৰমাণ কৰি থৈ যোৱা নাই!
গল্পকাৰলৈ শুভেচ্ছা ।
ৰত্না ভৰালী তালুকদাৰ
এইলানি আলোচনাৰ আমি ভৱিষ্যতে এখন গ্ৰন্থ আকাৰে পঢ়িবলৈ ৰৈ থাকিম বাইদেউ
ReplyDeleteচাওচোন
Delete