উপাসনা শইকীয়াৰ গল্পবোৰ
উপাসনা শইকীয়াৰ গল্পবোৰৰ নিৰ্মাণৰ প্ৰক্ৰিয়াটোলৈ সোমাই গ’লে এনে লাগে যেন ফুটফুটীয়া ডেউকাৰে এজনী চৰায়ে অকলশৰে আকাশলৈ পাখি মেলি দিছে আৰু সন্মুখৰ আশ্বৰ্যচকিত ব্ৰহ্মাণ্ডখনলৈ পুলকভৰা, গভীৰ অন্তৰ্দৃষ্টিৰ চাৱনিৰে চাই ৰৈছে। অজানাৰ সংশয়, ব্ৰহ্মাণ্ডত বাস কৰা জীৱবোৰে নিজে সৃষ্টি কৰি লোৱা শেষ নোহোৱা সমস্যাবোৰৰ জটিল জালখন দেখি বিভ্ৰান্ত হৈছে। কিন্তু বিতত নহৈ সেইবোৰ জানি-বুজি লবলৈ হেঁপাহেৰে নিজাকৈ এটা অনুমান কৰি চাইছে, পৰীক্ষা কৰি চাইছে।
ব্ৰহ্মাণ্ডৰ আকাশখনত তাইযে অকলশৰীয়া, সেই ভাৱটোৱে তাইক আমনি কৰা নাই। তাই উৰিবলৈও ভয় কৰা নাই, আৰু মাটিলৈ নামি আহিবলৈও বিচৰা নাই। চোৱাৰ আনন্দত থৌকি-বাথৌ, বিলাই দিয়াৰ আনন্দত মচগুল। সেয়েহে আকাশৰপৰাই অজস্ৰ ফেণ্টাছী আৰু শেষ নোহোৱা চিত্ৰকল্পৰ মাজেৰে দৃশ্যমান সমাজবাস্তৱতাৰ কাহিনী সাজি সাজি বিলাই গৈছে।
একধৰণৰ পুৰণা হৈ পৰা ৰোমান্টিক ফেণ্টাছীৰ পুনৰনিৰ্মাণ উপাসনা শইকীয়াৰ গল্পভাষাৰ চমৎকাৰ অলংকাৰ। আচলতে সাহিত্যত ইমানবোৰ কথা কোৱা হৈ গৈছে যে বহু সময়ত মনলৈ ভাৱ আহে—নতুনকৈ কবলৈনো কি আছে? দুখনকৈ মহাকাব্যৰ জগততেই দেখোন সকলো সাৰকথা কোৱা হৈ গৈছে। আমাৰনো বাকী আছে কি! তেনেহ’লে আমি কাহিনী এটা কব খোজাসকলে কি কৰিব লাগিব? পুৰণি সত্যকেই নতুন নতুন আদৱ-কায়দাৰে ন-কৈ সজাই কৈ থাকিব নালাগিব জানো! আজিৰ প্ৰজন্মৰ সাহিত্যিকে এই কামকেই বাৰে বাৰে কৰে। মানুহৰ মগজুত ঝংকাৰ তুলিবপৰাকৈ সনাতন প্ৰমূল্যবোৰকেই কাহিনীৰ মাজেৰে সোঁৱৰাই থাকে। সজাই-পৰাই কবলৈ নতুন নতুন আহিলা লয়। ইয়াৰ বাহিৰে আমাৰ আন উপায় নাই।
যদি সিয়েই সঁচা, তেনেহ’লে কব লাগিব যে উপাসনা শইকীয়াই ৰোমান্টিক ফেণ্টাছীৰ পুনৰনিৰ্মাণ আৰু নতুন নতুন চিত্ৰকল্পবোৰেৰে সাজি লোৱা জগতখন সঁচাকৈয়ে ইৰ্ষণীয়।তেওঁ দূৰৈৰপৰা চায়। দূৰৈৰপৰাই কয়। কিন্তু যি কয়, সেয়া সি সমাজবাস্তৱতাত অন্তৰ্লীণ হৈ থাকে। কিয়নো, চাৱনিটোযে পুলকভৰা! অন্তৰ্দৃষ্টি যে গভীৰ! চকুযুৰি মাছৰোকাৰ। অব্যৰ্থ আৰু সচেতন। সেয়ে তেওঁ কাহিনীটো পৰি যাবলৈও নিদিয়ে, শিথিল হবলৈয়ো নিদিয়ে। অৱেশষত তেওঁ মানৱতাৰ সন্ধান কৰে। গল্পভাষাত সমাজবাস্তৱতাৰ চিত্ৰ আঁকিবলৈ যাওতে কোনো চিৰাচৰিত ব্যাকৰণ নমনাকৈ ৰোমা্ণ্টিক ফেণ্টাছীৰ পুনৰনিৰ্মাণ আৰু বিয়াঘৰৰ জাকি মাৰি অহা জাত জাত বিয়ানামৰ দৰে বৰ্ণাঢ্য চিত্ৰকল্পৰ মাজেৰেও যে সুখপাঠ্যভাৱে কিছু কথা কৈ থাকিব পাৰি, পাঠকৰ বোধৰ জগত আলোড়িত কৰি টোকাৰি এখন বজাই থাকিব পাৰি-সেই কথা বুজি পাবলৈ উপাসনা শইকীয়াৰ গল্পৰ পঠনেই যথেষ্ট।
এইক্ষেত্ৰত তেওঁ নিজা স্বাধীনতা লৈছে। তেওঁহে পাঠকক স্বাধীনভাৱে ক’ব। পাঠকে বিচৰা মতে নাযায়। তেওঁ যে উৰণীয়া পখী।
তেওঁ গভীৰ চেতনাস্ৰোতৰ গল্পকাৰ। ‘ইজম’ৰ সীমাবদ্ধতা মানিবলৈ ৰাজী নহয় বুলিও গল্পত কৈছে। কিন্তু এটা কথা। ‘ইজম’ৰ সীমাবদ্ধতা ভাঙিবলৈকো আমি ‘ইজম’বোৰ পঢ়িব লাগিব, জানিব লাগিব। ন’হলে জীৱনৰ দৃষ্টি উপৰুৱা হৈ ৰব। গল্পত স্ব-বিৰোধিতা আহিব। বহুতেই নপঢ়াকৈয়ে ‘ইজম’ ভঙাৰ প্ৰয়াস কৰে, বিফল হয় আৰু হতাশাই আৱৰি ধৰে। অৱশেষত প্ৰেক্ষাপটৰপৰা হেৰাই যায়।
হেমন্তত গছৰ পাত পকি হালধীয়া হৈ সৰি পৰে বাবে কবিয়ে হেমন্তক বিষাদৰ ঋতু বুলি কৈছে। সাংবাদিকতাতো ‘হালধীয়া সাংবাদিকতা’ বুলি বদনামী কথা এষাৰ আছে। কিন্তু হালধীয়া মাথোন বিষাদৰ বা বদনামৰ নহয়--হালধীয়া উজ্জ্বলতাৰো ৰং। যাক বহু দূৰৈৰপৰাই দেখা যায়। সেইবাবেই হয়তো পৃথিৱীৰ সকলোবোৰ স্কুল বাচৰ ৰং হালধীয়া। হালধীয়া বাহনখনে শিশুসকলে নিৰাপদে লৈ যায়, তেওঁলোকৰ শিকাৰ আলয়টোলৈ। তেওঁলোক যায় ৰং মনে, শিকিবলৈ। উপাসনা শইকীয়ায়ো এইখিনি হালধীয়াৰ কথা কৈছে। ফেণ্টাছী আৰু চিত্ৰকল্পৰ হাত ধৰি তেওঁ অঁকা জগতখনৰ হালধীয়াখিনি ৰঙিয়াল। পাঠকক নিৰাপত্তা আৰু উম দিব পৰাকৈ বিশ্বাসী।
উপাসনা শইকীয়াই বৃত্তবোৰ ভঙাৰ কথা কৈছে, নন্-বাইনেৰী পৰিচিতি সত্তাৰ কথা কৈছে। গল্পকথাত নিজকে প্ৰসাৰিত কৰাৰ ক্ষমতা ৰাখিছে। কিন্তু উন্নাসিকতাৰে নহয়। সাহিত্যৰ ইৰ্ষণীয়, বিনম্ৰ কথনেৰেহে। বহু কথা তেওঁৰ কবলৈ বাকী আছে। সেই কথাবোৰ শুনিবলৈ আমাৰ আগ্ৰহ আছে। মাথো এটা কথা--ৰোমা্ণ্টিক ফেণ্টাছীৰ পুনৰনিৰ্মাণ আৰু আচৰিত চিত্ৰকল্পবোৰেৰে যিখন জগতৰ তেওঁ ক’ব--আমি যাতে সেইবোৰ বিশ্বাস কৰি যাব পাৰোঁ।
No comments:
Post a Comment