প্ৰদ্যুম্ন কুমাৰ
গগৈৰ গল্প
গল্পৰ পূৰ্বৰ সকলো কথন, চিৰাচৰিত প্ৰথা, সংজ্ঞা ভাঙি দিবলৈ বিচৰা
তৰুণ গল্পকাৰজন প্ৰদ্যুম্ন কুমাৰ গগৈ।
তেওঁ অপ্ৰকৃতিস্থ সময়ৰ আৰু মানুহৰ অপ্ৰকৃতিস্থ অৱস্থাৰ কথক। গল্পত তেওঁ অপ্ৰকৃতিস্থ সময়ৰ যিবোৰ চিত্ৰকল্প দিছে, যি ভাষাৰে গল্প কৈছে—সেই সময়ৰ আমি বাসিন্দা, সি মানুহৰ সমকালীন সভ্যতাৰ অংশ। গতিকে একধৰণে তেওঁ গল্পকেই কৈছে (বুলি ধৰি লব লাগিব)। তেওঁৰ
গল্পত কোনো ঘটনাই স্বাভাৱিক ছন্দৰে ঘটা নাই। তেওঁ পাঠকক ভাবিবলৈ বাধ্য কৰায়—real কি? unreal
কি?
গল্প কি?
কথন কি?
বহু সময়ত গল্প পঢ়িবলৈ লৈ এৰি দিবলগীয়া অৱস্থা হয়। একধৰণৰ Computerৰ recycle bin-ত অজস্ৰ বেমেজালিৰ মাজত সোমাই থকা fileবোৰৰ দৰে গল্পকথন। যিবোৰ আমাৰ প্ৰয়োজনত নালাগে বুলি আমি তালৈ পঠিয়াই দিলোঁ। কিন্তু কিছু দিনৰ বিৰতিত recycle bin-ৰ অজস্ৰ বেমেজালিৰ fileবোৰত অলপ হাত চাফাই কৰিলে দেখা যাব— ‘আৰে, এইটো দেখোন চমৎকাৰ file।’ ‘এই ফটোখন পেলাব নোৱাৰি দেই!’ ‘ধেত্তেৰি, এই document টো delete কৰিবলৈ ওলাইছিলোঁ কিয়?’ -- তাৰপিছত সেইবোৰে কথা কবলৈ ধৰে। চেতন আৰু অৰ্ধচেতন অৱস্থাৰ আচৰিত কিছুমান আজগুবি বিৱৰণী। সেইবোৰেই চিত্ৰকল্প।গল্পকাৰে ক’লে--সেইবাবেই গল্প হল, হয়তো delete হৈ ন’গল।
তেনেহ’লে গল্পকাৰো সমকালীন মানুহৰ কিছুমান সুস্থ আৰু বিকৃত সপোনৰ অধ্যয়নকাৰী নেকি-an oneirologist? সপোনৰ ব্যাখ্যাকাৰক নেকি?
তেওঁ কয় বেমেজালিবোৰ কথা। বেমেজালিবোৰেই গল্পৰ আংগিক।চিত্ৰকল্প। আৰু গতিও। বিজ্ঞানীসকলে কয়, আমাৰ মগজুৰ recycle bin-ত থকা অজস্ৰ অদৰকাৰী file বোলে টোপনিত দেখা সপোনৰ মাজেৰে মগজুৱে নিস্কাষণ কৰি দিয়ে।সেইবোৰ আন একো নহয়-আচলতে দিঠকৰেই প্ৰতিফলন। প্ৰদ্যুম্ন কুমাৰ গগৈৰ গল্পবোৰে নিদ্ৰাৰত অৱস্থাত সপোনৰ মাজেৰে নিস্কাষণ হবলৈ ৰৈ থকা মগজুৰ ফাইলবোৰক ধৰি ৰাখে। কথনত দিঠকৰ প্ৰতিফলন ঘটায়। দিঠকৰ কথা নকয়।
বহুসময়ত সেই ধুঁৱলী-কুঁৱলী কথনৰ মাজেৰ গৈ থাকিলে ভাৱ হয়—আচলতে গল্পকাৰে এইবোৰ নিজৰ মনৰ জগতৰ প্ৰকৃতিস্থ অৱস্থাত লিখিছেনে? ধোঁৱাময় নিচাগ্ৰস্ততাত লিখিছে নেকি?
কিন্তু নহয়। তেওঁ এটা চিজিল মনেৰেই এই অ-চিজিল চিত্ৰকল্পৰে অ-চিজিল সময়ৰ গল্পবোৰ লিখিছে। তেওঁ সেইখন জগতৰ আশ্বৰ্যময় খনিকৰ।
তেওঁলৈ শুভেচ্ছা
ৰত্না ভৰালী তালুকদাৰ
ধুনীয়া বাইদেউ
ReplyDeleteঅশেষ ধন্যবাদ
ReplyDelete