Wednesday, 13 December 2023

 

জিন্তু গীতাৰ্থৰ গল্পবোৰ

 

যিমান দূৰ মনত পৰে-একাকীত্ব, বিষণ্ণতা আৰু অকলশৰীয়াৰ অনুভুতিপৰাই জিন্তু গীতাৰ্থৰ গল্পৰ আৰম্ভণি ঘটিছিল।আৰম্ভণিকালত একাকীত্ব, বিষণ্ণতা আৰু অকলশৰীয়াৰ পৃথিৱীত অনুভৱৰ দুৱাৰ খুলি তেওঁ হয়তোবা গল্পকথাৰ মাজেৰে জীৱনৰ গভীৰলৈ যাবলৈ বিচাৰিছিল।এই একাকীত্ব আৰু বিষণ্ণ শব্দবোৰ আছিল প্ৰায়েই non-binary বা queer পৰিচিতিৰ সংবেদী আবেদন আৰু insider perspective-ৰ গভীৰতাৰে গধুৰ।  

এই আবেদনে গল্পবোৰক এক সুকীয়া আৱেশেৰ সিক্ত কৰি তুলিছিল। যদিওবা আগজীৱনৰ সীমিত অভিজ্ঞতাৰে অন্তৰৰ গভীৰৰ ভাৱক প্ৰকাশ্য শব্দৰাজিৰ মাজেৰে কঢ়িয়াই নিওতে গল্পৰ আবেদনৰ কিছু হেৰফেৰ ঘটিছিল। এয়া স্বাভাৱিক। আচলতে queer পৰিচিতিৰ বাগধাৰাত গঢ় লোৱা চিত্ৰকল্পবোৰ আমাৰ বাবে এতিয়াও ইমান অচিনাকি যে সেই বাগধাৰাৰৰ গল্প কবলৈ যোৱাটোৱেই এক প্ৰত্যাহ্বান।পাঠকৰ বাবেও queer ব্যক্তিৰ দুখজৰ্জৰ অভিজ্ঞতাৰ চিত্ৰকল্পবোৰৰ মৰ্মবেদনা বুজি উঠা সহজ কথা নহয়। অতিকৈ সংবেদী মানুহেও সেই বিচিত্ৰ শৰীৰবোৰ, শৰীৰৰ ভিতৰৰ মনৰ জটিল ভাৱনা, তত্ত্বকথাৰ সাৰ,  যৌনতাৰ আৰু তলা-নলা, দুখৰ বোধ, উচুপনিৰ কথকতা সহজে বুজিব নোৱাৰিব। হয়তোবা গল্পৰ তুলনাত কবিতাৰ অন্তঃসলিলা নিজৰাৰে কিছু কথা কবলৈ সহজ। মৌচুমী কন্দলিৰ ‘তৃতীয়ত্বৰ গল্প’ নামৰ গল্পটি এইক্ষেত্ৰত বিশেষভাৱে চৰ্চিত হলেও সি outsider perspective হোৱাৰ বাবে non-binary বা queer পৰিচিতিৰ অকলশৰীয়া যাত্ৰাৰ সহিব নোৱাৰা দুখৰ বোজাৰপৰা আহৰিত চেতনাস্ৰোতৰ তুলনাত পৰিচিতিৰ গ্ৰহণযোগ্যতাৰ দৰে প্ৰশ্নবোৰহে গল্পত অধিক সমুজ্জ্বল। এইক্ষেত্ৰত insider perspective-ৰপৰা সাহিত্যলৈ যি বাগধাৰা জিন্তু গীতাৰ্থৰ দৰে নতুন প্ৰজন্মৰ কেইজনমানে আমাৰ সন্মুখলৈ তুলি আনিবলৈ চেষ্টা কৰি আছে— সময়ত সি হয়তো অসমীয়া সাহিত্যক অন্য এক সমৃদ্ধি দান কৰিব।     

একেসময়তে তেওঁ গল্পত আছে গ্ৰাম্য জীৱনৰ অনুসংগত গঢ়ি উঠা চিত্ৰকল্পবোৰ।তৃতীয় বিশ্বৰ মানুহবোৰৰ এটা সৌভাগ্য যে তেওঁলোকৰ বহুতেই এতিয়াও গাৱঁত বাস কৰাৰ অভিজ্ঞতা পায়। এখন গাওঁ কেৱল ইয়াৰ পদূলিবোৰ, ঋতুৱে ঋতুৱে ৰং সলোৱা পথাৰ, উৰি যোৱা বগলীৰ জাক, বৈ যোৱা নদী বা মানুহৰ অমিয়ামাধুৰী  মাত-কথাবোৰ নহয়। মানুহে গাওঁ পাতে। যুগ যুগ ধৰি মানুহে গাওঁ পাতি আহিছে। সেইবাবেই গাওঁ মানে এক সভ্যতা। সাম্প্ৰতিক সময়ত গাওঁবোৰক আমাৰ ব্যকুলতাৰ  আবেদন বুলিও কব পাৰি। মানুহে যেতিয়া ওপজা গাওঁখন এৰি থৈ আহে, তেতিয়া এক সভ্যতাও পৃষ্ঠত এৰি থৈ আহে, নে অনাবিল সোঁৱৰণিৰ ৰূপকেৰে তাক মনৰ জগতত কঢ়িয়াই আনে! যিখিনি লৈ আহে, সেইখিনি মূল জীৱনটোৰ নিৰ্যাসহে। জীৱনটোতো তাত থাকিয়েই আহিল! গাওঁ এৰাৰ প্ৰাথমিক উচ্ছাস বা নতুন জীৱনৰ পদধ্বনিত হয়তো  বুজাই নাযায় যে, ওলাই অহাজনৰ বাবে গাৱঁলৈ সহজ প্ৰত্যাৱৰ্তন আৰু সম্ভৱ নহয়। কেতিয়াবা প্ৰত্যাৱৰ্তন সম্ভৱ হলেও সেই সত্তা প্ৰথমে ওলাই অহাৰ সময়ৰ সৰল সত্তাৰ সতে একে হৈ নাথাকেগৈ। প্ৰত্যাৱৰ্তন সম্ভৱ নোহোৱাৰ উপলব্ধি আহে লাহে লাহে। মানুহে হেৰুৱায় ওপজা ঘৰ। ওপজা গাওঁ।হেৰুৱাই নিজৰ উপস্থিতি। গাৱঁত নিজৰ গ্ৰহণযোগ্যতা। এইবোৰ উকাই উকাই অহা বেদনালৈ পৰিণত হয়। এয়াই ক্ৰমশঃ মানুহে হেৰুৱাই যোৱাৰ বেদনা-যি আগলৈ বাচি থাকিবগৈ সোঁৱৰণিত। এই উপলব্ধিৰপৰাই মানুহে আন এক পৰিচিতিলৈ নিজাকৈ এক যাত্ৰা আৰম্ভ কৰে। সফল কাহিনী কওতাই তাক সাহিত্যত ধৰি ৰাখিবলৈ সক্ষম হ’লে সেই সাহিত্য কেৱল ওপজা গাওঁখনৰ কাহিনী হোৱাৰ বিপৰীতে হেৰুওৱাৰ উত্তৰাধিকাৰ বা সোঁৱৰণিৰ যথাৰ্থ প্ৰতিনিধি হৈ পৰে।    

এনে অনেক অভিজ্ঞতাৰ ধাৰ পাৰ হৈ তেওঁ এতিয়া সেই গল্প কবলৈ আৰম্ভ কৰিছে, যিবোৰ গল্পৰ গাত অনেক উপকথাই ভেজা দি নতুন সম্ভাৱনাৰ সুচনা কৰে। গল্পৰ পঠনৰ লগে লগে উপকথাবোৰে সুযোগ বুজি পাঠকৰ আগত ভুমুকি মাৰে।ঠিক এইখিনিৰপৰাই গল্পকাৰজনৰ নিজৰো যেন এক সম্প্ৰসাৰণ ঘটে। সুযোগ বা উজ্জ্বল জীৱনৰ সন্ধানত গাৱঁৰপৰা ওলাই অহাজনৰ সতে সৰ্বস্ব হেৰুৱাই জীৱন-জীৱিকাৰ হাহাকাৰত ওলাই অহাজনৰ এটা পাৰ্থক্য থাকে। এইখিনিতে দ্ব্ন্দ্ব আৰু সংঘাতৰ অপৰূপ কথকতাত বহুবৰ্ণী গল্পৰ সৃষ্টি হ’ব পাৰে।নিম্নবৰ্গীয় মূলৰ আন্তঃপ্ৰব্ৰজন, বিশ্বাসহীনতা, উদ্বিগ্নতা, নিষিদ্ধ বাসনাৰ উপকথা অথবা অপকথাবোৰে যেতিয়া কাহিনীকথনৰ আশে-পাশে ভিৰ কৰি থাকেহি, তেতিয়া সি মূল গল্পটোৰ আবেদনকেই বৃদ্ধি কৰি যায়। 

জিন্তু গীতাৰ্থই জীৱনৰ আৰম্ভণিৰ সময়ৰপৰাই গল্প লিখিবলৈ আৰম্ভ কৰিছে। সেইবাবেই জীৱনক পৰীক্ষা-নীৰিক্ষা কৰাৰ লগতে জীৱন বিষয়ক অভিজ্ঞতাবোৰক গল্পত পৰীক্ষা-নীৰিক্ষা কৰিবলৈও সময় লাভ কৰিছে। কিছুমান গল্পকাৰে জীৱনত একেটা গল্পকেই পাঠকক বাৰে বাৰে কৈ থাকে আৰু কিছুমানে পাঠকক বহু কাহিনীকথনৰ সোৱাদ দিয়ে। দুয়োটা ধাৰাৰ গল্পকাৰেই নিজস্ব উদ্ভাৱনী শকতিৰে পাঠকক আশ্বৰ্যচকিত কৰি তোলাৰ ক্ষমতা ৰাখে।

 জিন্তুলৈ শুভেচ্ছা।  

 -ৰত্না ভৰালী তালুকদাৰ

2 comments:

  1. ধুনীয়া, বাইদেউ, মই ইয়াতে পঢ়িছোঁ

    ReplyDelete