ডেউকা কোবাই যায়—অভিজিত
বৰাৰ গল্প
তৰুণ প্ৰজন্মৰ যিসকল গল্পকাৰৰ গলপৰ পঠনে আমাক একেসময়তে বোধ, অনুভূতি আৰু শোকৰ একধৰণৰ পূৰ্ণতাৰ মাজলৈ লৈ যায়-সেইসকলৰ ভিতৰত অভিজিত বৰা অন্যতম। তেওঁ সম্পৰীক্ষাবাদী আৰু গল্পৰ মাজেৰে সাহিত্যলৈ আনিবলৈ বিচাৰিছে মহৎ শোক। এই শোক মাথোন জীৱন, মৃত্যু অথবা কালৰ পৰিবৰ্তনৰ নহয়। এই শোক মানুহৰ নিষ্ঠুৰ হস্তক্ষেপৰো। এই শোক কেতিয়াবা প্ৰকৃতিৰপৰা মানুহ বিচ্ছিন্ন হৈ পৰাৰ, কেতিয়াবা মূ্ল্যবোধৰ অৱক্ষয়ৰ আৰু কেতিয়াবা সামূহিক হতাশাৰ।
এইবাবেই যে, তেওঁৰ গল্পত ধৰি ৰাখিছে হেৰাই যোৱাৰ গাথা। এই হেৰাই যোৱাবোৰ কেৱল তৰাং সোঁৱৰণি নহয়। সেইবোৰ প্ৰমূল্য। অথবা মূল্যবোধ। যি আমাৰ সামূহিক। আমি একেলগেই সেইবোৰ হেৰুৱাইছোঁ।এইবোৰ সেই অতূলনীয় সম্পদ-যি এবাৰ হেৰাই গ’লে উভতি নাহে। কেতিয়াবা আধুনিকতাৰ নামত অথবা কেতিয়াবা মদমত্ত, দিকশূন্য উত্তৰ-আধুনিকতাৰ নামত আমি এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ হেৰাই যোৱাৰ উত্তৰাধিকাৰকেই লৈ গৈছোঁ-একাকীত্ব, হতাশা আৰু স্বাৰ্থপৰ উচ্চাকাংক্ষাৰ বাটেৰে। অভিভাৱকত্বৰ দাবীৰে আমি নজনাকৈয়ে সন্তানলৈ(উত্তৰপুৰুষলৈ!)ঠেলি দিছোঁ—য’ত হেৰাই গৈছে তেওঁলোকৰ জীৱন।এৰা। তেওঁৰ কেইটামান গল্প পঢ়িলে ভাৱ হয় যে আজিৰ প্ৰজন্মই, আৰু আজিৰ প্ৰেক্ষাত পুৰণি হৈ পৰা প্ৰজন্মই হয়তোবা উত্তৰ প্ৰজন্মৰ সতি-সন্ততিবোৰৰ বাবে তেওঁলোকৰ জীৱন কাঢ়ি অনাৰ নিষ্ঠুৰ প্ৰচেষ্টাবোৰৰ বাহিৰে আন একোৰে উত্তৰাধিকাৰ থৈ যাব নোৱাৰিব নেকি!
ইয়াৰ মৰ্মন্তুদ বিৱৰণী আছে অভিজিত বৰাৰ গল্পত। কিন্তু কেৱল এয়াই নহয়। তেওঁ বিভিন্ন দৃষ্টিৰে অপাৰ জীৱনক চাবলৈ বিচাৰিছে, সীমাবদ্ধ জীৱনক নহয়।
গল্পবোৰ কেৱল গল্প নহয়। দুখৰ গধুৰ বোজাবোৰ নিজে বব নোৱাৰিলে তাক সামুহিক শোকৰ গাথাৰ এনেধৰণৰ অভিনৱ কথকতালৈ পৰিণত কৰিব নোৱাৰি। এই বাটৰ সম্ভাৱনা যিমান, আশংকাও সিমান। তেওঁলৈ শুভেচ্ছা।
----
https://www.nezine.com/info/SS92QzBBRmt3TEV6dlVlalhsd0VTQT09/se%C3%B1or-%E2%80%93-a-short-story-by-abhijit-bora.html
No comments:
Post a Comment