‘ক্ষুধাৰ শিল্পী’ বা ‘হংগাৰ আৰ্টিষ্ট’ নাৰ গল্পটো ফ্ৰানজ্ কাফকাৰ এক অমৰ সৃষ্টি । মাথোন চল্লিছ বছৰ জীয়াই থকা কাফকাই গল্পটি লিখিছিল ১৯২২ চনত, মৃত্যুৰ দুবছৰ পূৰ্বে। শুনিবলৈ আচৰিত যেন লাগিলেও এয়া সঁচা যে, এই পৃথিৱীত কেইবাটাও শতিকা ধৰি ‘ক্ষূধাৰ শিল্পী’য়ে প্ৰদৰ্শন কৰিছিল ক্ষুধাৰ কলা। ‘ক্ষুধাৰ শিল্পী’ বা ‘হংগাৰ আৰ্টিষ্ট’ক চাবলৈ মানুহ দল বান্ধি উধাতু খাই দোৰি আহিছিল, জুম বান্ধিছিল, হেতা-ওপৰা লাগিছিল। সোতৰ, ওঠৰ, উনবিংশ আনকি কুৰি শতিকাতো ইউৰোপত দেখিবলৈ পোৱা গৈছিল ‘হাংগাৰ আৰ্টিষ্ট’ৰ ক্ষুধাৰ কলাৰ প্ৰদৰ্শন। কি এই ক্ষুধাৰ কলা? এই কলাৰ সাধকসকলে দীঘলীয়া সময়ৰ বাবে একো নোখোৱাকৈ গঁৰালত সোমাই থাকে। দৰ্শকে অনাহাৰে-উপবাসে শীৰ্ণকায় হৈ পৰা ‘ক্ষুধাৰ শিল্পী’ চাবলৈ উত্ৰাৱল হয়, ঠিক চাৰ্কাছৰ জন্তু চোৱাৰ দৰেই পায় বন্য উল্লাস।
মহান সাহিত্যিক ফ্ৰানজ্ কাফকাই ‘হাংগাৰ আৰ্টিষ্ট’ নামৰ গল্পটি লিখি এই পৃথিৱীৰপৰা ‘ক্ষূধাৰ শিল্পী’সকল বিলুপ্ত হৈ যোৱা বুলিয়েই যেন ঘোষণা কৰিছিল। আধুনিক গল্প সাহিত্যৰ সংজ্ঞাকেই ওলট-পালট কৰি পেলোৱা কাফকাৰ ‘মেটামৰফচিছ’ গল্পটোৰ দৰেই এই বিখ্যাত গল্পটোৰো অনেক ব্যাখ্যা আছে। ব্যাখ্যাবোৰে সাহিত্যৰ সীমা পাৰ হৈ জীৱনৰ নতুন নতুন প্ৰশ্ন আমাৰ সন্মুখত উন্মোচিত কৰিছে।দৰাচলতে কি কথা কবলৈ বিচাৰিছে গল্পটোৱে? অনাহাৰে থকাৰ (বা থাকিবলগীয়া হোৱাৰ) প্ৰক্ৰিয়া এটা কেনেকৈ শিল্প ৰূপ হয়? মানৱ মনৰ এয়া কি বিচিত্ৰ ৰূপ? মনৰ গহনত থকা বিকৃত আনন্দ চৰিতাৰ্থ কৰাৰ বাসনা নেকি এয়া? এই ক্ষুধা মাথোন পেটৰ ক্ষুধাইনে? জীৱনৰ আধ্যত্মিকতাহীনতাৰ প্ৰতীক নেকি সি? নে ভাঙি যোৱা মানৱিক সম্পৰ্কবোৰৰ গাথা?দৰিদ্ৰতাৰ প্ৰতি সমাজৰ দৃষ্টিকোণৰ প্ৰতিফলন?নে সভ্যতাৰ যাত্ৰাপথৰ এটি পৰিহাস? কাফকাৰ আন গল্পবোৰৰ দৰেই ইয়াতো আছে পৰিহাস, পৰিহাসৰ স্তৰ আৰু সিবোৰে আমাক দিয়া বিস্ময়। কাফকাৰ গল্পত ‘ক্ষূধাতুৰ শিল্পী’ৰ মৃত্যু হৈছে। সভ্যতাৰ এটা সময় আহিছে, যেতিয়া এজনে হয়তো আন এজনৰ অস্থি-চৰ্মসাৰ শৰীৰৰ প্ৰদৰ্শন চাবলৈ আগ্ৰহ হেৰুৱাই পেলাইছে।
আৰু দুটা বছৰৰ পিছত কাফকাৰ ‘হাংগাৰ আৰ্টিষ্ট'-এ এশবছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিব।
কাফকাৰ ‘হাংগাৰ আৰ্টিষ্ট’ত থকা জীৱন আৰু জিজ্ঞাসাৰ ব্যাখ্যাবোৰৰ দৰেই, তেওঁ গল্পটো লি্খাৰ প্ৰায় এটা শতিকাজোৰা কালত বিশ্বৰ মানুহে ক্ষুধা সম্পৰ্কেও নতুন নতুন ব্যাখ্যাৰ উদ্ভাৱন কৰিছে। ক্ষুধাৰ ধাৰণাই নিয়ন্ত্ৰণ কৰিছে ৰাজনীতি, অৰ্থনীতি আৰু সমাজনীতি। শেহতীয়াকৈ Global Hunger Index,2020, অৰ্থাৎ ২০২০চনৰ ‘বিশ্ব ক্ষুধা সুচক’ত দেখুওৱা হৈছে যে, দেশৰ জনসাধাৰণৰ ক্ষুধা নিবাৰণ কৰাৰ কৃতকাৰ্যতাৰ দিশত ভাৰতৰ স্থান এতিয়া পাকিস্তান আৰু নেপালৰ দৰে দেশতকৈও তলত। নিঃসন্দেহে ‘বিশ্ব ক্ষুধা সুচক,২০২০’-এ আমাৰ দেশক লজ্জানত কৰিছে। কিন্তু বছৰটোৰ আৰম্ভণিতেই অক্সফে’ম(OXFAM)নামৰ আন্তৰ্জাতিক সংস্থাটিৰ প্ৰতিবেদনত কোৱা হৈছে, যোৱা বৰ্ষবোৰত দেশৰ দুখীয়াসকল কিদৰে আৰু বেছি দুখীয়া আৰু ধনীসকল ধনী হৈ গৈ আছে। এই বৰ্ষৰ জানুৱাৰী মাহৰ অক্সফে’মৰ (OXFAM)প্ৰতিবেদনত কোৱা হৈছিল যে, দেশৰ ১০ শতাংশ মানুহে মুঠ সম্পদৰ ৭৪.৩ শতাংশ নিজৰ ভঁৰালত কুক্ষিগত কৰিছে আৰু ৯০ শতাংশ মানুহৰ হাতত আছে বাকী ২৫.৭ শতাংশ সম্পদ। অক্সফে’মৰ (OXFAM)উক্ত প্ৰতিবেদনত পুনৰ কোৱা হৈছে যে, দেশৰ মাত্ৰ এক শতাংশ মানুহে ৪০ শতাংশ সম্পদ নিজৰ হাতলৈ লৈ গৈছে। আৰু একেবাৰে তলত থকা ৫০ শতাংশ মানুহৰ হাতত মুঠ সম্পদৰ মাত্ৰ ২.৮ শতাংশ ৰৈ গৈছে।
সংস্থাটোৱে এই প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতেই বিশ্বজুৰি কৰ’ণাভাইৰাছে অতিমাৰীৰ ৰূপ ল’লে। লক্ ডাউনৰ লগে লগেই আমাৰ দেশত ডেৰ কোটি শ্ৰমিকে পোনে পোনে কাম হেৰুৱায়। কাম হেৰুৱাই প্ৰব্ৰজিত শ্ৰমিকসকলে নিজৰ ঘৰখনলৈ বুলি খোজকাঢ়ি দেশৰ ইমুৰৰপৰা সিমুৰলৈ যি অভাৱনীয় যাত্ৰা কৰিলে সেই যাত্ৰাকালত আমি যেন কাফকাৰ ‘ক্ষূধাৰ শিল্পী’জনেই কোটি কোটি প্ৰব্ৰজিত শ্ৰমিকৰ ৰূপত আমাৰ চকুৰ সন্মুখত নতুনকৈ দেখা পালোঁ! তেওঁলোকৰ হাজাৰ মাইলৰ বাট খোজকঢ়াৰ কালৰ ভৰিৰ ফটা গোৰোহাবোৰ, প্ৰসূতি মাতৃয়ে ঘৰমুৱা যাত্ৰাত ৰাজপথৰ ওপৰতে সন্তান প্ৰসৱ কৰাৰ দৃশ্যবোৰ চাবলৈ আমি জানো হেতা-ওপৰা লগোৱা নাছিলোঁ? এই কোটি কোটি দৰিদ্ৰ নাৰায়ন যেন কাফকাৰ হাংগাৰ আৰ্টিষ্টজনৰ একো একোটি সংস্কৰণ হৈ উঠিছিল। তেওঁলোকৰ সেই দশা চাবলৈ দেশবাসী বাতৰি কাকতবোৰত, টেলিভিছনৰ পৰ্দাত, সামাজিক মাধ্যমত উবুৰি খাই পৰিছিল। ইয়াৰ আগতেও ‘ক্ষূধাৰ শিল্পী’ৰ প্ৰতি আমাৰ আগ্ৰাহাতিশয্য আমি দেখুৱাইছিলোঁ, যেতিয়া ঋণৰ বোজাত আত্মহত্যা কৰা আৰু জুৰুলা হৈ পৰা কৃষকে ৰাজপথৰ ওপৰেৰে হাজাৰ মাইলৰ বাট খোজকাঢ়ি প্ৰতিবাদ কৰিছিল।
ফ্ৰানজ কাফকাৰ জীৱনৰ এই অন্তিমটো গল্পত ‘ক্ষুধাৰ শিল্পী’ বা ‘হাংগাৰ আৰ্টিষ্ট’জন চল্লিছদিন এটা গঁৰালত সোমাই থাকে অনাহাৰে। চল্লিছটা দিন—কিয়নো মালিক, যাক কাফকাই ইম্প্ৰেচিঅ’ বুলি কৈছে, তেওঁ ভাৱে যে, চল্লিছদিনতকৈ বেছি সময় অনাহাৰে থাকিলে জনতাই শিল্পীৰ প্ৰতি থকা স্বাভাৱিক উৎসুকতা হেৰুৱাই পেলাব পাৰে। শিল্পীয়ে অনাহাৰে থকাৰ কালত কেনেবাকৈ চুৰ কৰি হলেও কিবা খাইছে নেকি তাকে চাবলৈ জনতা গঁৰালৰ কাষত উবুৰি খাই পৰে। সেকা মঙহ, মদৰ বটল লৈ অনাহাৰী, অস্থি-চৰ্মসাৰ দেহাৰ গৰাকীক চাবলৈ আকূল হৈ উঠা চৌখিন প্ৰজাই ‘ক্ষূধাৰ শিল্পী’ক পহৰা দিয়ে। এজন মানুহে একো নোখোৱাকৈ গঁৰালৰ ভিতৰত এনেদৰে থাকিব পাৰেনে? কেনেকৈ থাকে? হাজাৰ প্ৰশ্ন মনত লৈ জনতা উবুৰি খাই পৰে। ‘ক্ষূধাৰ শিল্পী’ৰ বিষয়ে জনৰৱ বিয়পি পৰে। কোনোবাই কয়, তেওঁ এজন প্ৰচাৰমুখী ফোপজহী ৰঙাই। আন কোনোবাই কয়, হয়তো আনে নেদেখাকৈ তেওঁ মনে মনে কিবা খাই লৈছে। কিন্তু এই সন্দেহবোৰে ‘ক্ষুধাৰ শিল্পী’ বিৰক্ত কৰে। নিজৰ প্ৰদৰ্শন তেওঁ অত্যন্ত সততাৰে কৰিব বিচাৰে।
চল্লিছটা দিনৰ অন্ত পৰাৰ পিছত মালিক (ইম্প্ৰেচাৰিঅ’) সোমাই আহে। ‘ক্ষুধাৰ শিল্পী’ সোমাই থকা গঁৰালটো ফুলেৰে সজোৱা হয়। আঁৰ কাপোৰ উঠি যায় । পেশীবহুল হাতেৰে তেওঁ জাৰ্ণ-শীৰ্ণ ‘ক্ষুধাৰ শিল্পী’ক তুলি ধৰি দুজনী সুন্দৰীক গতাই দিয়ে মানুহৰ সন্মুখত প্ৰদৰ্শন কৰিবৰ বাবে। সুন্দৰীয়ে গঁৰালৰ ভিতৰৰপৰা তেওঁক উলিয়াই আনে—যেন আভিজাত্যৰে ভৰা বিলাসী সামগ্ৰীহে মুকলি কৰা হৈছে! ইতিমধ্যে ‘ক্ষুধাৰ শিল্পী’ৰ মূৰটো তললৈ হালি পৰি বুকুত ওলমি ৰৈছেগৈ, কঁপা কঁপা হাত-ভৰি মানুহটো কোনোমতেই থিৰেৰে থাকিব পৰা নাই-আৰু সন্মুখত আছে সেই অগণণ মানুহ, চমঝদাৰ দৰ্শক, যি ৰৈ থাকে শিল্পীৰ প্ৰদৰ্শন চাবলৈ, হোতা-ওপৰা কৰি টিকেট কাটে, বাজী ধৰে। তেওঁক গঁৰালৰপৰা উলিয়াই অনাৰ কামত নিয়োজিত সুন্দৰী যুৱতীয়ে হয়তো তেনে অস্থি-চৰ্মসাৰ ব্যক্তি এটি আশা কৰা নাছিল— সেয়ে তেওঁৰ চকু চকুলোৰে উপচি পৰে। কিন্তু এতিয়ালৈকে প্ৰায় চেতনা হেৰুৱাই পেলোৱা ‘ক্ষুধাৰ শিল্পী’ক সন্মুখত দৰ্শকৰ সন্মুকত পাতি থোৱা টেবুল-চকীত বহুৱাই ইম্প্ৰেচাৰিঅ’-ই সামান্য খোৱাবস্তু গুজি দিয়ে। অৰ্কেষ্ট্ৰা বাজি উঠে। অৰ্কেষ্ট্ৰাৰ মাতত আন সকলো কখা তল পৰি যায়। এনেকৈয়ে এটা চল্লিছদিনীয়া ক্যেৰিকেচাৰৰ অন্ত পৰে।
কাফকাই আমাক কৈছে যে, লাহে লাহে মানুহে ‘ক্ষুধাৰ শিল্পী’য়ে দাঙি ধৰা শিল্পকলাৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলাইছে। এতিয়া আৰু মানুহে ‘ক্ষুধাৰ শিল্পী’ৰ প্ৰদৰ্শন চাবলৈ টিকেট কাটি হল ভৰ্তি প্ৰেক্ষাগৃহলৈ সোমাই নাহে, কংকালসদৃশ অস্থি-চৰ্মসাৰ সেই দেহাবোৰৰ প্ৰতি জনতাৰ এতিয়া আৰু সেই উৎসুকতা নাই। উপায়বিহীন হৈ ‘হাংগাৰ আৰ্টিষ্ট’ এখন চাৰ্কাচত সোমায়হি। মালিকে তেওঁক জন্তুবোৰৰ কাষতে এটা গঁৰাল দিয়ে। কিন্তু তেওঁ সোমাই থকা গঁৰালটোতকৈ বাঘ-সিংহ থকা গঁৰালটোৰ প্ৰতিহে মানুহৰ আগ্ৰহ বেছি। অৱেশেষত এটা পৰিয়াল আহে, পৰিয়ালটিৰ কণ কণ শিশুকেইটিয়ে ‘ক্ষুধাৰ শিল্পী’ৰ দৃষ্টি আকৰ্ষণ কৰে। তেতিয়া দেউতাকে সিহঁতক সোঁৱৰণিৰ জলঙাৰে পুৰণি দিনৰ কথাবোৰ মনত পেলাই দিয়ে। কিন্তু নতুন যুগৰ এই প্ৰজন্মই কোনোবা মানুহ লঘোণে থকাৰ কথাটো বুজি নাপায়, সিহঁতৰ চকুত এতিয়া সমৃদ্ধিৰ দিনৰ ছবি। এনেকৈয়ে ‘ক্ষুধাৰ শিল্পী’ক সকলোৱেই উপেক্ষা কৰি চাৰ্কাচৰ আন মজা লবলৈ গুচি যায়।
তাৰপিছত এদিন চাৰ্কাচৰ পৰিদৰ্শক সেই গঁৰালৰ কাষলৈ আহে, তাত ‘ক্ষুধাৰ শিল্পী’ক অতি মুৰ্মুৰ্ষু অৱস্থাত খেৰৰ ওপৰত পৰি থকা দেখা যায়। তেওঁ ‘ক্ষুধাৰ শিল্পী’ক সোধে সিনো কিয় আন একো কাম নকৰিলে। ‘ক্ষুধাৰ শিল্পী’য়ে কোনোমতে মূৰটো সামান্য ওপৰলৈ তোলে, দেখাত এনে লাগে যেন তেওঁৰ ওঁঠ দুটিয়ে এটি চুমাহে আশা কৰিছে। অৱশেষত তেওঁ কয়—এনে ভাৱে কয় যেন এটা শব্দও তেওঁৰ কাণৰপৰা সাৰি নাযায়—‘কিয়নো, মই বিচৰাধৰণে খাবলৈ কোনো খাদ্যই পোৱা নাছিলোঁ। যদিহে পালোঁহেঁতেন, বিশ্বাস কৰক, মই নিজকে এইদৰে প্ৰদৰ্শন কৰিবলগীয়া জীৱলৈ পৰিণত নকৰিলোঁহেঁতেন, আপোনাৰদৰে আৰু আন সকলোৰে দৰেই মন ভৰি উঠালৈকে খালোঁহেঁতেন।”
হয়তো এয়াই হৈছে সেই মোক্ষম অনুভুতি, যাক গল্পকাৰে শব্দৰ মাজেৰে প্ৰকাশ কৰিলে—যি আজিও প্ৰাসংগিক। কাফকাৰ গল্পত ইয়াৰ পিছতেই ‘ক্ষুধাৰ শিল্পী’য়ে চকু মুদে। অনাহাৰে থকাৰ বাবে নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ বাবে কোনো হাবিয়াস আৰু নাই। গঁৰালৰ খেৰবোৰৰ সতে ‘ক্ষুধাৰ শিল্পী’ক কবৰ দিয়া হয়। অৱশেষত গঁৰালটোত সুমুৱাই দিয়া হয় এটা ঘোং--ক’লা বাঘ। সি দৰ্শকক অতিকৈ আমোদ দিলে, মালিকক সন্তুষ্ট কৰিলে, ‘ক্ষুধাৰ শিল্পী’ৰ দৰে সি অভুক্ত হৈ থকা নাছিল। সানন্দে খাদ্য গ্ৰহণ কৰিছিল। তাৰ স্বাধীনতা উপভোগ কৰিছিল।
কাফকাৰ গল্পত ‘ক্ষুধাৰ শিল্পী’ৰ মৃত্যু হৈছে। কিন্তু কেৱল গল্পতহে তেওঁৰ মৃত্যু হৈছে । বাস্তৱত তেওঁ যে আজিও জীয়াই থাকিল। বিশ্ব ক্ষুধা সুচক, ২০২০-ৰ মাজেৰে আমি দেখিলোঁ কাফকাই গল্প ৰূপ
দিয়াৰ প্ৰায় এশবছৰীয়া যাত্ৰাকালতো এই ‘ক্ষুধাৰ শিল্পী’জন ভাৰতবৰ্ষৰ দৰে দেশত চৰকাৰী আঁচনিৰ কোটি কোটি হিতাধিকাৰীৰ এজন হৈ কিদৰে জীয়াই আছে। ক্ষুধাৰ সুচকত আমাক দেশক তেওঁ লজ্জাজনক পাৰদৰ্শিতালৈ
ঠেলি দিছে। কিন্তু কেৱল ‘ক্ষুধাৰ শিল্পী’জনেই নহয়--জীয়াই আছে সেই জনতাও, যি চাব বিচাৰে ‘ক্ষুধাৰ শিল্পী’ৰ পাৰদৰ্শিতাৰ প্ৰদৰ্শন—কেতিয়াবা কোটি কোটি প্ৰব্ৰজিত শ্ৰমিকৰ ভৰিৰ ফটা
তলুৱাত, কেতিয়াবা আত্মহত্যা কৰা কৃষকৰ পৰিয়ালবোৰত, আৰু কেতিয়াবা বিনামূলীয়া চাউল
আৰু কিলোত সত্তৰটকীয়া পাচলিৰ বুজিব নোৱাৰা অংকবোৰ উপভোগ কৰি। আৰু জীয়াই আছে সেই
ইম্প্ৰেচাৰিঅ’। যি সুযোগ বুজি চমঝদাৰ দৰ্শকক প্ৰদৰ্শন কৰে ক্ষুধাৰ শিল্পৰূপৰ পৰিহাস।
সোণৰ সূতাৰে বোৱা বস্ত্ৰত নিজৰ নাম খোদাই কৰা চ্যুট পিন্ধি দেশৰ
নেতাই যেতিয়া বিদেশৰ ৰাষ্ট্ৰপতিক আদৰণি জনায়, তেতিয়া আমি জানো
তেওঁৰ মুখত এজন ইম্প্ৰেচাৰিঅ’কেই দেখা নাপাওঁ! আৰু বিশ্ব ক্ষুধাৰ সুচক, অক্সফে’মৰ (OXFAM) দৰে সংস্থাৰ
প্ৰতিবেদনবোৰে আমাক অহৰহ কৈ আছে ‘ক্ষুধাৰ শিল্পী’সকলৰ সংখ্যা কিদৰে বাঢ়ি আহিছে--ইমানকৈ
বাঢ়িছে যে, তেওঁলোকক চাবলৈ অতীতৰ দৰে এতিয়া আৰু প্ৰদৰ্শনীৰ প্ৰয়োজন নহয়। তেওঁলোক এতিয়া
সৰ্বত্ৰে দৃশ্যমান–পৰিসংখ্যাত আৰু ৰাজপথতো।
২৪-১০-২০২০
No comments:
Post a Comment