প্ৰিয় ছাৰ মেঘনাদ পায়েঙৰ সতে মোৰ এটি অসম্ভৱ সংযোগ
ফটো -চন্দন দলে
জীৱনৰ দুটা বছৰ আৰু কেইটামান মাহ মই কমলাবাৰীৰ মাজুলী আউনীআটি হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ। অষ্টম শ্ৰেণীৰ শেষৰ কেইটামান মাহ, নৱম আৰু দশম শ্ৰেণী। সেই বৰ্ষকেইটা সাধাৰণতে শিক্ষান্ত পৰীক্ষাৰো প্ৰস্তুতিৰ বছৰ, কিয়নো আমাৰ সময়ত শিক্ষান্ত পৰীক্ষাত অষ্টম শ্ৰেণীৰপৰাই প্ৰশ্ন আহিছিল। জীৱন গঢ়াৰ বাবে সেই বৰ্ষকেইটা অমূল্য আছিল। গতিকে বিদ্যালয়ৰ বিভিন্ন কাম-কাজত অংশ গ্ৰহণ কৰা তেনেকৈ হোৱা নাছিল। বাৰ্ষিক প্ৰতিযোগিতাতো কেৱল কবিতা আবৃত্তি আৰু তৰ্ক প্ৰতিযোগিতাত ভাগ লোৱাৰ কথাহে মনত পৰে। তথাপি এই বিদ্যালয়খন আছিল আমাৰ সকলোৰে প্ৰাণৰ আপোন। বিভিন্ন সময়ত মেল-মিটিং আদি শুনিবলৈ আৰু বিশেষকৈ হাইস্কুলৰ প্ৰাংগনত হোৱা বিহু সন্মিলনখন চাবলৈ আমি সৰুৰেপৰাই গৈছিলোঁ। আমাৰ মনত এই শিক্ষানুষ্ঠানৰ প্ৰতি এক মৰ্যদাপূৰ্ণ আসন আছিল।
এটা কথা ভাবিলেই ভাল লাগে যে, খুব কম সময়ৰ বাবে পঢ়িবলৈ পালেও সেইখিনি সময়তে শ্ৰদ্ধাৰ শিক্ষকসকলৰ মৰম-চেনেহ পাবলৈ সক্ষম হৈছিলোঁ। এইখন শিক্ষানুষ্ঠানৰ গৌৰৱময় জন্মশতবৰ্ষ অনুষ্ঠানৰ স্মৰণিকাত কিছু কথা লিখিবলৈ দিয়াৰ বাবে আয়োজন সমিতিক অন্তৰভৰা কৃতজ্ঞতা জনাইছোঁ। কিয়নো কিছু কথা কবলৈ সঁচাকৈয়ে মন যায়। মন যায় কিছু অভিজ্ঞতা ভগাই লবলৈ। এটা অভিজ্ঞতাৰ বিষয়ে কব বিচাৰিছোঁ।
সেই সময়ত মেঘনাদ পায়েং ছাৰক আমি হেড ছাৰ হিচাপে পাইছিলোঁ। ছাৰৰ ঘৰ আছিল কানীয়াজান গাৱঁত। কানীয়াজান গাওঁ সেই সময়ৰ মাজুলীৰ চহকী মিছিং গাওঁবোৰৰ এখন, যিখন গাৱঁৰ প্ৰায়বোৰ ঘৰেই আছিল পকীখুঁটাৰ চাংঘৰ। আমাৰ বাবে এক পাহৰিব নোৱাৰা ব্যক্তিত্ব আছিল মেঘনাদ পায়েং ছাৰ। তেখেতে বিদ্যালয়ত আমাক ইংৰাজী পঢুৱাইছিল। মাজুলীৰ আজিৰ প্ৰজন্মৰ বাবে কানীয়াজান অস্তিত্ব এক সোৱঁৰণিহে।
১৯৮৭ চনত বিদ্যালয় এৰি অহাৰ প্ৰায় ১৮ বছৰ পিছত ছাৰৰ সতে বৰ অদ্ভূতধৰণে এক সংযোগ হৈছিল—যি মোক জীৱন সম্পৰ্কে নতুনকৈ ভাবিবলৈ বাধ্য কৰিছিল। এতিয়াও যিকোনো সমস্যাত পৰিলে মই ছাৰৰ সেই বিশেষ ঘটনাটো মনত মনত এক আচৰিত শক্তি লাভ কৰোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত উচ্চশিক্ষা লাভৰ বাবে গুৱাহাটীৰ কটন কলেজত নাম ভৰ্তি কৰিলোঁ। তেতিয়াৰেপৰা মাজুলীৰ ঘৰখনলৈ বন্ধৰ সময়তহে অহা-যোৱা থাকিল। মানুহবোৰৰ খবৰ-বাতৰি আত্মীয়-স্বজনৰ মুখেৰেহে লবলগীয়া হৈছিল।ছাৰৰ খবৰো কেৱল আৰ-তাৰ মুখেৰেহে পাই থাকিলোঁ। পতিয়াগাৱঁত নদীৰ গতি ৰোধ কৰি শিহুৱে ভুটুঙাই থকা মৰমৰ টুনী নদীখনৰ মৃত্যুৰ খবৰো পাইছলোঁ। দূৰৈৰ ব্ৰহ্মপুত্ৰ কাষলৈ চাপ অহাৰ খবৰ পাইছিলোঁ । কিদৰে নৈ আহি আহি বেঙেনাআটি পালেহি চকুৰ সন্মুখতে দেখিছিলোঁ। একাংশ ৰাজনীতিক, ঠিকাদাৰ, চৰকাৰী অসৎ বিষয়াৰ ষড়যন্ত্ৰত বান-খহনীয়া ৰোধ কৰিবলৈ দিয়া টকাবোৰ কাৰ জেপত সোমাইছিল মানুহৰ মুখে মুখে সেই কাহিনীবোৰ বিয়পি আছিল। এই ঘটনাবোৰ যেন মাজুলীৰ আদি-অন্তহীন একোখন নাটক। তেতিয়াও। আৰু এতিয়াও। এই সকলোবোৰৰ মাজত অসহায় মানুহ।
ইতিমধ্যেই পোহাৰদিয়াৰ একাংশ, হুকোনামুখ, ওপৰ সোণোৱাল, কানীয়াজান, বতিয়ামাৰী আদি গাওঁবোৰ এখনৰ পিছত এখনকৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াত পৰিছিল। মাজুলীৰ নৃ-গোষ্ঠীসমূহৰ অন্যতম বৰ্ণাঢ্য গোষ্ঠী মিছিংসকলে যুগ যুগ ধৰি বাস কৰি অহা এই গাওঁবোৰ আছিল নদীৰ মুখত। ধান, মাহ, সৰিয়হ, নহৰুৰ দৰে শস্যৰে উভৈনদী।তেওঁলোক নৈপৰীয়া জনগোষ্ঠী। গুৱাহাটীত স্থায়ীভাৱে থাকিবলৈ লোৱাৰ পিছত এই গাওঁবোৰ ইখনৰ পিছত সিখনকৈ খহনীয়াত পৰাৰ খবৰবোৰ পাই চিনাকি মানুহবোৰৰ মুখবোৰ চেৰেং-চেৰেংকৈ মন পৰিছিল। একো কৰিব নোৱাৰাৰ বেদনাৰ দৰে দুৰ্বিসহ হয়তো একোৱেই নাই।
২০০৫ চনত ‘দ্য হিন্দু’ কাকত আৰু ‘ফ্ৰণ্টলাইন’ আলোচনীৰ বাবে মাজুলীৰ বান-গৰাখহনীয়াৰ ৰিপ’ৰ্টিং কৰিবলৈ মোৰ স্বামী সুশান্ত তালুকদাৰ মাজুলীলৈ গৈছিল। সাধাৰণতে মাজুলীলৈ গ’লে আমি একেলগেই যাও যদিও সেইবাৰ তেওঁ অকলেই গৈছিল। হঠাতে তেওঁ মথাউৰিৰ ওপৰত বাস কৰিবলৈ লোৱা অৱস্থাত শ্ৰদ্ধাৰ মেঘনাদ পায়েং ছাৰক লগ পালেগৈ। মথাউৰিত বিভিন্নজনক সাক্ষাৎ কৰোঁতে ছাৰে নিজেই আগবাঢ়ি আহি পৰিচয় সোধাত কথাই কথাই মোৰ বিষয়েও ওলাল। সুশান্তই ছাৰৰ সৈতে বহু পৰ কথা পাতিলে। চাৰৰ ওপজা গাওঁ তেতিয়ালৈকে নদীৰ গৰ্ভত। গাওঁ হৈ পৰিছে সোঁৱৰণি। আৰু মথাউৰিৰ ওপৰত একধৰণৰ মৰীচিকা হৈ পৰিছে ছাৰৰ জীৱন। মথাউৰিৰ ওপৰত ঘৰ সজা ছাৰে বোলে সুশান্তক কৈছিল, “ৰত্না মোৰ বৰ মৰমৰ ছাত্ৰী আছিল, কিন্তু তোমাক আজি মই চাহ একাপো খুৱাব নোৱাৰিম। আজি ঘৰত চাহ একাপৰো যোগাৰ নাই।”
সুশান্তই আহি পাই মোক এই কথা ক’লে।
সেই কথা শুনি তেতিয়া মোৰ বুকুৰ ভিতৰতো আন এক বান আৰু গৰাখহনীয়াৰ সৃষ্টি হ’ল। কিয়নো সেই সময়ত আমি গুৱাহাটীত আমাৰ ঘৰখন সাজি আছিলোঁ। আৰু ওপজা গাওঁখন খহনীয়াত পৰাৰ পিছত ছাৰ উঠি আহিছিল মথাউৰিলৈ। তেখেত আছিল আমাৰ প্ৰিয় ছাৰ মেঘনাদ পায়েং। ছাৰে গোটেই জীৱন পিচপৰা ঠাইৰ ছাত্ৰ-ছাত্ৰীক মানুহ কৰাৰ তাগিদাত এখনি সুচল ঠাইত ঘৰ সাজিব নোৱাৰিলে। হয়। এখন সুচল ঠাইত এখন নিৰাপদ ঘৰ, এটা সুস্থিৰ জীৱনৰ কথা তেখেত নাভাবিলে। হয়তোবা ভাবিবলৈ আহৰি নাপালে। কিয়নো সেই সময়ত (আৰু এতিয়াও) অনেক ছাত্ৰ-ছাত্ৰী দৰিদ্ৰতাৰ কবলত থকাৰ বাবে কেৱল পাঠ্যদানৰ বাহিৰেও তেখেতসকলে আন বহুতোধৰণে শিক্ষাৰ্থীসকলক সহায় কৰিবলগাত পৰিছিল।
অনেক দিন ধৰি ছাৰক মই মনৰ ভিতৰতে ৰাখিছিলোঁ। অৱশেষত বহুদিনৰ নিস্তব্ধতাৰ পিছত লিখিছিলোঁ এটা গল্প-- “ঘৰ ঘৰ খেলিবা? আহা”। ইয়াত ‘স্পেচ’ ধাৰণাটোক লৈ এটা সম্পৰীক্ষা কৰা হৈছিল। নকলেও হ’ব যে, শিক্ষাৰ্থীৰ জীৱন গঢ়াৰ তাগিদাত, তেওঁলোকক এটুকুৰা সুচল ‘স্পেচ’ত ঘৰ সজাৰ ব্যৱস্থা কৰি দিয়াৰ বাটটি পোহৰাই তোলাৰ তাগিদাত, নিজৰ বাবে এটুকুৰা নিৰাপদ ‘স্পেচ’ত ঘৰ সজাৰ কথা ভাবিবলৈ আহৰি নোপোৱা প্ৰিয় ছাৰ মেঘনাদ পায়েং আছিল এই গল্পটিৰ অন্যতম কেন্দ্ৰীয় চৰিত্ৰ। এই গল্পটি বিশিষ্ট সাহিত্যিক হৰেকৃষ্ণ ডেকা ছাৰৰ সম্পাদনাত ‘গৰীসয়ী’ সাহিত্য আলোচনীত প্ৰকাশ হৈছিল। তদুপৰি মোৰ দ্বিতীয়খন গল্প-সংকলনো এই গল্পটিৰ নামেৰেই কৰা হৈছে।
যেতিয়া মই মাজুলী আউনীআটি হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ কথা ভাবোঁ, তেতিয়া মেঘনাদ পায়েং ছাৰৰ দৰে বিৰল মানৱিক গুণৰ অধিকাৰী শিক্ষকসকলৰ কথাই পোনতে মনলৈ আহে।সেই আদৰ্শ আমাৰ জীৱনৰ পোহৰ। জীৱনৰ অনেক এন্ধেৰুৱা বাটতো ভাগৰি নপৰাকৈ ধৰি ৰখা এক অসম্ভৱ জীৱনী শক্তি, এক সঞ্জীৱনী সুধা। আচলতে ছাৰ মাথো এটি উদাহৰণ। এনে অনেক শিক্ষকৰ সান্নিধ্য, তেওঁলোকৰ নীৰৱ সেৱা আৰু আশীৰ্বাদেই আমাৰ জীৱন ভৰাই ৰাখিছে। আজিৰ শতবৰ্ষ উদযাপনৰ সময়ত সকলোকে শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
জয়তু মাজুলী আউনীআটি হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়।
জয়তু জন্মভূমি।
No comments:
Post a Comment