Wednesday, 10 January 2024

 

 

সুপ্ৰকাশ ভূঞাৰ গল্প





সুপ্ৰকাশ ভূঞাৰ গল্পবোৰত কাহিনী এটাৰ হাতত ধৰি গল্পকাৰে নিজৰ এক অন্তৰ্লীণ জগতলৈ গুচি যায়। বৰ সহজে তেওঁ পাঠকলৈ কাহিনী এটা এৰি দিবলৈ ৰাজী নহয়। কাহিনীটোক নিজৰ মতে গল্পৰ ৰূপ দিব। গল্পৰ মজাটো নিজে লৈ ল’ব। পৰৱৰ্তী সময়তহে পাঠকলৈ এৰি দিব। সৰু ল’ৰা এটাই চকলেট এটা মুখত লৈ সলপি সলপি খোৱাৰ দৰে  কাহিনীটো লৈ তেওঁ নিজৰ মাজত মজি থাকে। এটা journey কৰে—নিৰিবিলিত। পঢ়ে, চাৰিওপিনৰপৰা চায়--তাৰ পিছতহে লিখে। অৱশেষত গল্পৰ ৰূপত সি পাঠকৰ কাষ পায়হি। যেতিয়া কাষ  পায়হি, তেতিয়া পাঠকে লেখকৰ সেই journey  আভাস পায়।

 সেইবাবেই  সু্প্ৰকাশ ভূঞাৰ গল্পবোৰ নিটোল। তেওঁৰ অধ্যয়ন আছে।  Compactness সু্প্ৰকাশ ভূঞাৰ গল্পৰ অন্যতম বৈশিষ্ট।

কিয়ে এক মায়াসনা বিষাদৰ বয়ন তেওঁৰ কথাশিল্প! ভাষাৰ কাৰুকাৰ্যটোৱেই বোধহয় আটাইতকৈ ইৰ্ষণীয়।এটা উজনীয়া, দিখৌমুখৰ মানুহে কোৱা ভাষাৰে লিখে তেওঁ। ইয়াৰ পিছতে চৰিত্ৰৰ নিৰ্বাচন। অদৃশ্যতাৰপৰা গল্প তুলিব জানে তেওঁ।আপাতত  invisible কিছুমান চৰিত্ৰ বুটলি আনে।  গল্পবোৰ পঢ়ি উঠিলেহে ভাৱ হয়—এৰা এই চৰিত্ৰবোৰচোন আমাৰ মাজতেই আছে।গল্পৰ মাজেৰে সমাজৰ অদৃশ্যমান জীৱ কিছুমানৰ অস্তিত্ব পাঠকৰ বোধত জাগ্ৰত কৰাই দিয়াৰ দায়িত্ব লয় তেওঁ। সেইবোৰৰ প্ৰতি পাঠকৰ মন অনুকম্পাৰে ভৰি পৰে। পাঠৰ মাজৰ পঠনৰ মজা আছে তেওঁৰ গল্পত। 

সুপ্ৰকাশ ভূঞা একাকীত্বৰ গল্পকাৰ হৈয়ো সামাজিক ।  তেওঁ সামাজিক বিষয়ৰ গভীৰ মনন, পৰ্যবেক্ষণ আৰু অনুসন্ধিৎসাৰ গল্পকাৰ হোৱাৰ প্ৰবল সম্ভাৱনা বহন কৰিছে। তেওঁ কেইটামান গল্প আছে, য’ত আছে ঐতিহ্য চেতনাৰ মাজতে সমাজৰ ৰূপান্তৰৰ প্ৰশ্ন। 

এৰা।  সাহিত্যই যদি বিবেকক প্ৰশ্নই য’দি কৰিব নোৱাৰে, তেনেহ’লে সৃষ্টিশীলতাৰ অৰ্থই বা কি?

তেওঁলৈ শুভেচ্ছা ।

ৰত্না ভৰালী তালুকদাৰ 


No comments:

Post a Comment