Thursday 11 January 2024


পাপৰি বৰ্মনৰ গল্প





পাঠকক সন্মোহিত কৰিব পৰা প্ৰকাশিকা শক্তিৰে ভিন্ন ভিন্ন সমাজৰপৰা বচা বচা কাহিনী তুলি নতুন কথনেৰে গল্প কবলৈ আগবাঢ়ি অহা গল্পকাৰগৰাকী হৈছে পাপৰি বৰ্মন। তীক্ষ্ণ সমাজচেতনা, জীৱনবীক্ষা, অধ্যয়ন--লগতে এটি দৰদী, অনুভৱী মন-এই দিশকেইটিয়ে তেওঁ গল্পযাত্ৰাৰ বাটপোহৰ হৈ ধৰা দিছে। আনে দেখা নোপোৱা পোহৰো তেওঁ গল্পলৈ বুটলি আনিছে। 

গল্পকাৰ আত্মবিশ্বাসী,  সাহসী আৰু সম্পৰীক্ষাবাদী।

পাপৰি বৰ্মনৰ গল্পত আছে বিষয়বস্তুৰ বিচিত্ৰতা। এটা গল্পৰপৰা আন এটালৈ যাওতে তেওঁ plot অথবা কথনৰ পুনৰাবৃত্তি কৰা নাই। সেইদৰে চিত্ৰকল্পৰো (metaphor) পুনৰাবৃত্তি কৰা নাই।চিত্ৰকল্পবোৰ পৃষ্ঠৰপৰা তুলিবই সেইবোৰ গল্পৰ সৈতে সংপৃক্ত হৈ যায়, উপৰুৱা হৈ নাথাকে।তেওঁৰ গল্পৰ কিছুমান চিত্ৰকল্প ইমান অপৰূপ যে-তাতেই অলপ সময় ৰৈ দিবলৈ মন যায়।

ইয়াৰ কাৰণ হৈছে-মানুহ তেওঁৰ প্ৰিয় বিষয়। তেওঁ মানুহৰ কথাকাৰ। বোধহয় সেইবাবেই মানুহ বিষয়ক কথনত অপৰূপ চিত্ৰকল্প সজাৰ দক্ষতাই তেওঁৰ গল্পবোৰ বিশেষ কৰি তুলিছে।মানুহ যেতিয়া গল্পকাৰ প্ৰিয় বিষয় হয়, তেতিয়া গল্প কবলৈ plot-ৰ অভাৱ নহয়।

প্ৰতিটো গল্পকে তেওঁ নতুনৰ চকুৰে চাইছে। প্ৰতিটো গল্পৰ বাবেই এটা পৃথক যাত্ৰা কৰিছে। এই যাত্ৰা কেৱল ফিল্ডতেই নহয়। মননতো। যি কথাই আমাৰ দৰে পাঠকক আশ্বস্ত কৰি যায়। তাতোকৈও আচৰিত লাগে যে বিষয়বস্তুৰ বিচিত্ৰতাৰ বাবে তেওঁ সীমিত সুবিধাকেই গ্ৰহণ কৰি চৌপাশৰ পৃথিৱীখনৰ পৰা সমল বুটলি আনিছে। সীমিত সুবিধাৰ এই চকমপ্ৰদ  ব্যৱহাৰে কয় গল্পকাৰৰ গলপ কোৱাৰ হাবিয়াস আৰু বুদ্ধিমত্তাৰ কথা।

হয়তো সেইবাবেই তেওঁৰ গল্পত ভাষাৰ কথিত ৰূপ, গীত-মাতৰ দৰে উপাদানৰ পয়োভৰ বেছি। এইখিনিতে এটা কথা কব পাৰি যে, গীত-মাত আদিৰ ব্যৱহাৰ মূল গল্পৰ অলংকাৰ হিচাপেহে ব্যৱহাৰ কৰা হয়, সেয়ে তাৰ ব্যৱহাৰৰ ক্ষেত্ৰতো গল্পকাৰ হিচাপী হোৱাটো প্ৰয়োজনীয় কথা। 

পাপৰি বৰ্মনৰ গল্পবোৰক কেতিয়াবা গল্পতকৈ কাহিনী বুলি কবলৈহে বেছি  ভাল লাগে, কিয়নো গল্পৰ বৈশিষ্টবোৰৰপৰা কথনে কেতিয়াবা কাহিনীৰ ফালে ঢাল খাই পৰে। সমাজ জীৱনৰ গভীৰলৈ চোৱাৰ অন্তদৃষ্টিৰ অনুপাতে কাহিনীকথনৰ সন্তুলনৰ প্ৰতিও গল্পই সমান মনোযোগ দাবী কৰে। পাপৰি বৰ্মনৰ দৰে কথাশিল্পীয়ে গল্প কবলৈ লোৱা প্ৰস্তুতিৰ বাটটো বৰণীয়া-মাথোন গল্প  একোটাৰ compactness  দিশটো অনুধাৱন কৰি আগবাঢ়িলেই পাঠক আশ্বস্ত হ’ব।

অৱশ্যে লেখকৰ বাবে প্ৰথমখন সংকলন সদায় বিশেষ, তাতেই যদি সেই সংকলনে গল্পকাৰৰ উ্ত্তৰণৰ বাট প্ৰশস্ত কৰি তোলাৰ  আশা ৰাখে, তাতকৈ আশাৰ কথা কি থাকিব পাৰে!  

তেওঁলৈ শুভকামনা।   

ৰত্না ভৰালী তালুকদাৰ 


No comments:

Post a Comment