Saturday, 7 March 2026

 ৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱসঃৰাষ্ট্ৰসংঘৰ আহ্বান- অধিকাৰ ন্যায় আৰু কৰ্ম অৰ্থাৎ  একচন




আজি ৮ মাৰ্চ। সকলোকে এই দিৱসৰ আভিনন্দন জ্ঞাপন কৰিছোঁ।

৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱসঃ ৰাষ্ট্ৰসংঘৰ আহ্বান

প্ৰতিবছৰে ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক নাৰী দিৱস পালনৰ  বাৰ্তা বা বাণী নিৰ্ধাৰণ কৰি দিয়ে। ৰাষ্ট্ৰসংঘই ২০২৬ বৰ্ষৰ আন্তৰ্জাতিক নাৰী দিৱসৰ বাবে নিৰ্ধাৰণ  কৰা বাণী হৈছে- অধিকাৰ,  ন্যায় আৰু একচন, অৰ্থাৎ কৰ্ম ৰাষ্ট্ৰসংঘই কৈছে-  মাৰ্চ ২০২৬ তাৰিখে, সম অধিকাৰৰ দাবীত বিশ্বজুৰি নাৰীসকলে ৰাজপথত  সমদল উলিয়াওক - আৰু নাৰীৰ অধিকাৰবোৰ বলৱৎ কৰা, সাব্যস্ত কৰা আৰু উপভোগ কৰাৰ বাবে সমান ন্যায় প্ৰদানৰ ব্যৱস্থা কৰক

বৰ্তমানলৈকে, অৰ্থাৎ ২০২৬ চন পৰ্যন্ত সমগ্ৰ বিশ্বৰ  নাৰীসকলে পুৰুষৰ তুলনাত ৬৪ শতাংশহে আইনী অধিকাৰ লাভ কৰিছে।  আন্তৰ্জাতিক নাৰী দিৱস ২০২৬, আমি  এনে এটা সময়ত পালন কৰিবলৈ ওলাইছোঁ, যি সময়ত লিংগ আধাৰিত   ন্যায় ব্যৱস্থাটোৱেই  প্ৰচণ্ড প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

এই সময়ত সমগ্ৰ বিশ্বজুৰি  সংঘাত, দমন আৰু ৰাজনৈতিক উত্তেজনাই আইনৰ শাসনক দুৰ্বল কৰি তুলিছে জীৱনৰ মৌলিক ক্ষেত্ৰসমূহত, যেনে কাম, ধন, সুৰক্ষা, পৰিয়াল, সম্পত্তি, গতিশীলতা, ব্যৱসায় আৰু অৱসৰএই সকলোবোৰ দিশতে প্ৰচলিত আইনে প্ৰণালীবদ্ধভাৱে মহিলাসকলক বিভিন্নধৰণৰ প্ৰত্যাহ্বানৰ পৰিবেশলৈ ঠেলি দিছে বুলি ৰাষ্ট্ৰসংঘই  বৰ্ণণা কৰিছে। 

ক্ষতিকাৰক সামাজিক নিয়মৰ পৰা বৈষম্যমূলক আইনলৈকে-নাৰীসকলে সমান ন্যায়ৰ বাবে সংঘবদ্ধভাৱে বাধাৰ সন্মখীন হৈ  আহিছে। যদি  বৰ্তমানৰ এই গতি অব্যাহত থাকে, অৰ্থাৎ যদিহে আমি নাৰীৰ অধিকাৰ আৰু ন্যায়ৰ বাবে একচন., অৰ্থাৎ  কৰ্মত অগ্ৰসৰ  নহও, তেনেহলে নাৰী আৰু পুৰুষৰ মাজত থকা  আইনী সুৰক্ষাৰ ব্যৱধানবোৰ বন্ধ কৰিবলৈ ২৮৬ বছৰ লাগিব নাৰীৰ হকে থকা সুৰক্ষিত  ন্যায় ব্যৱস্থা অবিহনে, অধিকাৰ এক  প্ৰতিশ্ৰুতি  হৈ পৰে যাক কেতিয়াও বাস্তৱতে লাভ কৰা নাযায়।

আন্তৰ্জাতিক নাৰী দিৱস ২০২৬ বাণী অৰ্থাৎ  অধিকাৰ, ন্যায়, আৰু কৰ্ম বা  একচনে বিশ্বৰ সকলো নাৰীৰ ন্যায়ৰ বাবে নাৰীসমাজৰ সামূহিক সংকল্পক বৃদ্ধি কৰাৰ এটি বিশেষ মুহূৰ্ত চিহ্নিত কৰিছে।  ৰাষ্ট্ৰসংঘই কৈছে—যৌনতা যিমানেই গভীৰলৈ শিপাই নাথাকক  কিয়, বা  ৰাজনীতিক যিমানেই নিৰুৎসাহ নকৰক  কিয়-  আমি নাৰী হিচাপে পিছুৱাই যাবলৈ বা আমাৰ জনাদেশ ত্যাগ কৰিবলৈ সাজু নহও।  

 

নাৰী আৰু পুৰুষৰ সমান ন্যায় মানে কি?   সৰলভাৱে 'বলৈ 'লে,  নাৰী আৰু পুৰুষৰ সমান ন্যায় হৈছে  সেই ব্যৱস্থা য’ত নাৰী হিচাপেও আপোনাৰ অধিকাৰবোৰ সুৰক্ষিত, আৰু আইন কেৱল কিতাপৰ পাততেই আবদ্ধ হৈ থকা নাই - সেইবোৰ স্বৰূপাৰ্থত বলবৎ কৰা হৈছে , যাতে সকলো লোকে সমান অধিকাৰ আৰু ন্যায় অনুভৱ কৰিব পাৰে

 

নাৰী আৰু পুৰুষৰ সমান ন্যায়ৰ  অৰ্থ হৈছে  কন্যাশিশুৰ বাবে শিক্ষাৰ আইনগত  প্ৰৱেশাধিকাৰ আৰু বাল্য বিবাহৰ সমাপ্তি সমাজত কাম কৰা, সামাজিক কামত অংশগ্ৰহণ কৰা আৰু নেতৃত্ব দিয়াৰ ক্ষেত্ৰত নাৰীৰ স্বাধীনতা সকলো ধৰণৰ লিংগভিত্তি হিংসাৰ অৱসান ঘটোৱা আৰু নাৰীৰ  সুৰক্ষা আৰু প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰা

 

নাৰী আৰু পুৰুষৰ সমান ন্যায়ৰ  অৰ্থ হৈছে পৰিয়াল, শ্ৰম, আৰু স্বাস্থ্যসেৱাৰ বাবে  যথা়যথ আইন,  যি নাৰীৰ  বিৰুদ্ধে বৈষম্য নকৰে নাৰী আৰু পুৰুষৰ সমান ন্যায়  হৈছে  এক  ন্যায়প্ৰণালী যি সকলোধৰণৰ পক্ষপাতিত্বৰ পৰা মুক্ত, আৰু জীৱিতসকলৰ ওপৰত কেন্দ্ৰীভূত, আৰু অপব্যৱহাৰ আৰু দায়মুক্তিৰ ক্ষেত্ৰত শূন্য সহনশীল।  নাৰী আৰু পুৰুষৰ সমান ন্যায়  হৈছে সুলভ আৰু সহজলভ্য আইনী সাহায্য।  

 

 আন্তৰ্জাতিক নাৰী দিৱসৰ ঐতিহাসিক পটভূমিঃ

ৰাষ্ট্ৰসংঘই ১৯৭৫ চনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লয় আৰু সেই বৰ্ষৰপৰাই মাৰ্চ দিনটোক ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক নাৰী দিৱৰূপে স্বীকৃতি দিয়ে। তেতিয়াৰেপৰাই নাৰীৰ অধিকাৰ আৰু নাৰী আৰু পুৰুষৰ সমতা প্ৰতিষ্ঠাৰ দিৱস হিচাপে মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱসৰূপে সমগ্ৰ বিশ্বতেই পালন কৰা হৈ আহিছে।

দৰাচলতে, আন্তৰ্জাতিক নাৰী দিৱসৰ এটি সুদীৰ্ঘ বিপ্লৱী, ঐতিহাসিক প্ৰেক্ষাপট আছে।

আন্তৰ্জাতিক নাৰী দিৱস পৃথিৱীৰ দেশে দেশে থকা কৰ্মজীৱি নাৰীসমাজৰ হেঁপাহৰ দিৱস। বিংশ শতিকাৰ উদ্যোগিক বিপ্লৱৰ গৰ্ভত ইয়াৰ অংকুৰণ প্ৰোথিত হোৱাৰ বাবেই এই কথা গভীৰভাৱে উপলব্ধি কৰাৰ প্ৰয়োজন যে, আজিৰ আন্তৰ্জাতিক নাৰী দিৱসৰ ঐতিহাসিক পটভুমিত আছে নাৰীসমাজৰ পুৰুষৰ সমানে সমানে আগুৱাই যোৱাৰ  অধিকাৰৰ আকাংখ্যা আৰু হেঁপাহ।

আদিম যুগৰ গুহাবাসৰ কালত  চিকাৰজীৱি অৱস্থাত থকাৰ সময়ত নাৰী-পুৰুষে একেলগে চিকাৰ কৰিবলৈ ওলাই গৈছিল, সমানে সমানে কাম কৰিছিল। যৌনতা আছিল মুক্ত। পিতৃ পৰিচয় নথকাৰ  সময়ত মাতৃৰ পৰিচয়ৰ মাজেৰেই সন্তানৰ চিন আছিল। মাতৃ আছিল নেতৃত্বত। কিন্তু সেইখন সমাজত  যিদিনাই নাৰীৰ কামৰ পৰিসৰ পাকঘৰ আৰু সন্তানৰ চোৱা-চিতাৰ মাজত আৱদ্ধ হৈ পৰিল, আৰু পুৰুষে চিকাৰ কৰি খাদ্য গোটোৱাৰ সিদ্ধান্ত ল’লে, তেতিয়াৰেপৰাই পৰ্যায়ক্ৰমে নাৰীৰ স্থান সামাজিক ৰকাম-কাজত অৱনমিত হবলৈ ধৰিলে। আৰু ইতিহাসৰ বিভিন্ন পৰ্যায়ত মানৱ সমাজৰ উন্নতিৰ লগে লগে নাৰীগৰাকী বাহিৰৰ সমাজখনৰ  চকুত অদৃশ্য হৈ পৰিল।  এনেকৈয়ে যুগ যুগ ধৰি পিতৃতান্ত্ৰিকতাৰ সৌধৰ নিৰ্মাণ হ’ল। সৌধৰ ওপৰত উপৰিসৌধে গঢ় ল’লে। যৌতুক, সতীদাহপ্ৰথাৰ দৰে কু-প্ৰথাবোৰে পিতৃতান্ত্ৰিকতাক শক্তি দি গ’ল। বিশ্বৰ বিভিন্ন দেশত তাৰ স্বৰূপ বেলেগ বেলগ হলেও সামগ্ৰীভাৱে সকলো ঠাইতে নাৰীৰ স্থান তললৈ নামি আহিল।সমাজবিজ্ঞানী এংগেলচে ইয়াক  Historial defeat of female sex বুলি কৈছে। অৱশ্যে সেইস্থানৰপৰাও আজি নাৰীসকল বহুদূৰ আগুৱাই আহিছে।

গুহাবাসী অৱস্থাৰ সেই ঐতিহাসিক পৰাজয়ৰ বহু হাজাৰ বছৰৰ পিচত প্ৰথম বিশ্বৰ দেশবোৰৰত আৰম্ভ হোৱা উনবিংশ শতিকাৰ উদ্যোগিক বিপ্লৱেহে পোনপ্ৰথমবাৰ বাবে প্ৰথম বিশ্বৰ নাৰীক পাকঘৰ আৰু ঘৰৰ চাৰিবেৰৰপৰা সংগঠিত কৰ্মক্ষেত্ৰলৈ উলিয়াই আনে। যন্ত্ৰযুগৰ আৱিস্কাৰে পাতনি মেলা  শিল্পবিপ্লৱত প্ৰয়োজন হোৱা এইসকল কৰ্মজীৱি নাৰীৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত মৰ্যদাপূৰ্ণ আসন আৰু অধিকাৰ লাভৰ লগতে নিজকে বিকশিত কৰাৰ হেঁপাহেই আজিৰ আন্তৰ্জাতিক নাৰী দিৱসৰ চালিকা শক্তি।কবলৈ গ’লে  কম মজুৰিত নাৰীক শ্ৰমিক হিচাপে খটুওৱাৰ কৌশলেই নাৰীক ঘৰৰ চাৰিবেৰৰপৰা কৰ্মক্ষেত্ৰলৈ লৈ আনিছিল।

আমি মনত ৰাখিব লাগিব যে, সেই শিল্পবিপ্লৱৰ সময়ৰেপৰাই শ্ৰমজীৱি নাৰীয়ে দাবী কৰি অহা আমাৰ বহু প্ৰত্যাশিত এই অধিকাৰ আমি আজিও অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। বিশেষকৈ আৰ্থ-সামাজিকভাৱে পিচপৰা নাৰীসকলে। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উলহ-মালহেৰে পালন কৰাৰ সময়ত এই কথা আমি মনত ৰাখিব লাগিব যে, যিসকল নাৰীয়ে উনবিংশ অথবা বিংশ শতিকাতেই সমগ্ৰ বিশ্বৰ শ্ৰমজীৱি নাৰীক একত্ৰিত কৰাৰ বাবে বিশ্বৰ সমাজবাদী শিৱিৰৰ তৎপৰতাত এই দিৱসৰ বীজ ৰোপণ কৰিলে সেইসকল নাৰীৰ আনকি ভোট দানৰ অধিকাৰো নাছিল। ঘৰুৱা কাম-বন কৰি উদ্যোগিক খণ্ডলৈ গৈ ষোল্ল ঘণ্টা পৰ্যন্ত কম মজুৰিত নিৰৱচ্ছিন্নভাৱে কাম কৰিব লাগিছিল, তেওঁলোকৰ অধিকাংশই আছিল প্ৰব্ৰজিত শ্ৰমিক। তেওঁলোকৰ বাবে কৰ্মক্ষেত্ৰত নাছিল কোনো টয়লেটৰ ব্যৱস্থা।

১৮৫৭ চনৰ মাৰ্চত আমেৰিকাৰ নিউয়ৰ্কৰ বস্ত্ৰউদ্যোগত কাম কৰা নাৰী শ্ৰমিকসকলে তেওঁলোকৰ কামৰ সময় ১০ ঘণ্টালৈ হ্ৰাস কৰাৰ লগতে নিম্ন মজুৰিৰ প্ৰতিবাদ কৰি ৰাজপথত এটা ডাঙৰ সমদল উলিয়ায়। ইতিহাসৰ বুকুত ৰাজপথত সংগঠিত নাৰীৰ এয়াই প্ৰথম প্ৰতিবাদী কাৰ্যসূচী। নকলেও ' যে এই শান্তিকামী নাৰীসমাজৰ ওপৰত আৰক্ষী বৰ্বৰভাৱে জঁপিয়াই পৰিছিল। কিন্তু আৰক্ষীৰ বৰ্বৰ আক্ৰমণক নেওচি এই প্ৰতিবাদৰ পিছতে নাৰীসকলে প্ৰথমটো নাৰী শ্ৰমিক সংস্থা গঢ়ি তুলিবলৈ সক্ষম হয়। এই ঘটনাই শ্ৰমজীৱি নাৰীৰ অধিকাৰৰ বিষয়টোক লৈ এক আলোড়ণৰ সৃষ্টি কৰে।

ইয়াৰ পৰৱৰ্তী সময়ৰ সুদীৰ্ঘ কালৰ নাৰী আন্দোলনৰ আন এক উল্লেখনীয় ঘটনা হৈছে ১৯০৭ চনত ষ্টুটগাৰ্টৰ প্ৰথমখন বিশ্ব নাৰী সন্মিলন, ' ৫২ গৰাকী নাৰী প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে। ১৯০৮ চনৰ মাৰ্চ মাহত আমেৰিকাৰ বস্ত্ৰ উদ্যোগত কাম কৰা ১৫,০০০ নাৰী শ্ৰমিকে কামৰ সময় হ্ৰাস কৰা, মজুৰি বৃদ্ধি, শিশু শ্ৰমিকৰ নিয়োগ বন্ধ কৰা আৰু ভোটৰ অধিকাৰ বিচাৰি আন এক প্ৰতিবাদী সমদল উলিয়ায়, সমাজবাদী দলে নাৰীসকলক সংগঠিত কৰাত আগ-ভাগ লয়। ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকাৰ নাৰী সমাজবাদীসক লে নাৰীৰ ৰাজনৈতিক অধিকাৰ দাবী কৰি সমগ্ৰ দেশ জুৰি প্ৰতিবাদী কাৰ্যসুচী আৰু সভা অনুষ্ঠিত কৰে গ্ৰহণ কৰে এয়াই প্ৰথমৰাষ্ট্ৰীয় নাৰী দিৱস।' ১৯১০ চনত কোপেনহেগেনত হোৱা দ্বিতীয় বিশ্ব নাৰী সন্মিলনত বিভিন্ন দেশৰ সমাজবাদী দল, ট্ৰেড ইউনিয়ন, কৰ্মজীৱি নাৰীৰ ইউনিয়ন আদিক প্ৰতিনিধিত্ব কৰি ১৭ খন দেশৰ ১০০ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে। এই সন্মিলনতে জাৰ্মানীৰ অগ্ৰণী সমাজবাদী নেত্ৰী ক্লাৰা জেটকিনে সমগ্ৰ বিশ্বৰ কৰ্মজীৱি নাৰীৰ বাবে একআন্তৰ্জাতিক কৰ্মজীৱি নাৰী দিৱস' এটা পালন কৰাৰ বাবে মত দাঙি ধৰে। সন্মিলনে সিদ্ধান্ত লয় যে, প্ৰতি বছৰে প্ৰতিখন দেশত একেটা নিৰ্দিষ্ট দিনতেনাৰী দিৱস' পালন কৰিব। কোপেনহেগেন সন্মিলনত নাীৰ প্ৰতিনিধিসকলে আলোচনা কৰা কেতবোৰ বিষয় আছিল যুদ্ধ আৰু শান্তি, ফেচীবাদ বিৰোধৰ বাবে নাৰীৰ দায়িত্ব, ঘণ্টাৰ কামৰ দাবী, আৰু নাৰীৰ নিশাৰ সময়ৰ শ্ৰমৰ ওপৰত বিতৰ্ক।

কোপেনহেগেনৰ সন্মিলনৰ পিছত ১৯১০ চনত অষ্ট্ৰিয়া, ডেনমাৰ্ক, জাৰ্মানী আৰু চুইজাৰলেণ্ডত এক নিযুত নাৰী-পুৰুষ সমবেত হৈ ১৯ মাৰ্চৰ তাৰিখটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰে ১৯১৩-১৪ চনত বিশ্বযুদ্ধৰ প্ৰতিবাদ হিচাপে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। ৰাছিয়াত ফেব্ৰুৱাৰী মাহৰ শেষৰটো দেওবাৰে আৰু ইউৰোপৰ সকলোবোৰ ঠাইত মাৰ্চত এই দিৱস পালন কৰা হয়। ১৯১৭ চনৰ যুদ্ধৰ প্ৰেক্ষাপটতেই ৰাছিয়াৰ নাৰীসকলে ফেব্ৰুৱাৰী মাহৰ শেষৰটো দেওবাৰে (যিটো জৰ্জিয়ান কেলেণ্ডাৰ মতে মাৰ্চ)‘ব্ৰেড এণ্ড পিচ' (ৰুটি আৰু শান্তি) শীৰ্ষক প্ৰতিবাদী কাৰ্যসুচী কৰে আৰু ৰাছিয়াৰ ভাৰপ্ৰাপ্ত চৰকাৰে নাৰীক ভোটাধিকাৰৰ অধিকাৰ প্ৰদান কৰে।

এয়াই হৈছে আজিৰ আন্তৰ্জাতিক নাৰী দিৱসৰ ঐতিহাসিক পটভূমি।

 

ৰূঢ় বাস্তৱতাঃ

এই পটভূমিৰ পৰিধি ভাঙি আজি আমি বহুদূৰ আগুৱাই আহিলোঁ, কিন্তু এই সুদীৰ্ঘ যাত্ৰাটিত দেখা পালোঁ যে, আন্তৰ্জাতিক নাৰী দিৱসৰ মূল যিস্পিৰিট' বা দৰ্শন, তাৰ মূলগত দিশবোৰৰ সৈতে আজিও নাৰীয়ে যুদ্ধ কৰিবলগীয়া হৈছে। উনবিংশ শতিকাৰ নাৰী শ্ৰমিকৰ কঠিন সংগ্ৰামৰ ফলত আজি নাৰীয়ে ভোটাধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে ঠিকেই। কিন্তু ৰাজনৈতিক ক্ষেত্ৰত নাৰীৰ স্থান '? নাৰী এতিয়া মূলত ৰাজনৈতিক দলৰ ভোটবেংক। নাৰীয়ে এতিয়াও কেৱল প্ৰতিনিধি নিৰ্বাচন কৰি পঠিওৱাৰ অধিকাৰহে লাভ কৰিছে।

আজিৰ তাৰিখত বহুতৰ বাবে আন্তৰ্জাতিক নাৰী দিৱস মানেই কাৰোবাৰ বাবে যদি এক উৎসৱমুখৰ পৰিবেশ, আন কাৰোবাৰ আকৌ নাৰীবাদক লৈ কৰা তুচ্ছ-তাচ্ছিল্য।এই কথা  মনত ৰখা প্ৰয়োজন যে,  পুৰুষ নাৰীৰ ব্যক্তিগত সম্পৰ্কৰ বাদ-বিবাদ নাৰীবাদ নহয়।  অলেখ  পুৰুষে  নাৰী-পুৰুষৰ সমান মৰ্যদাৰ সংগ্ৰামখনৰ বাবে নিজকে উৎসৰ্গা কৰিছে। নাৰী আৰু পুৰুষৰবাইনেৰীপৰিচিতিৰ আওতাৰ বাহিৰতনন-বাইনেৰীপৰিচিতিৰ বাবে এটি অংশৰ যি আকুলতা আৰু হেঁপাহসেয়াও আজিৰ গুৰুত্বপূৰ্ণ চৰ্চিত বিষয়। আজিৰ নাৰীবাদী সংগ্ৰামে নন-বাইনেৰী পৰিচিতিৰ কঠিন সংগ্ৰামখন আওকাণ কৰিলে নিজেই অপাংক্তেয় হৈ পৰাৰ সম্ভাৱনাই অধিক।

বহুতো নাৰীয়ে এতিয়াও কয়, নাৰীত্বৰ উদযাপনৰ বাবে বেলেগ এটা দিৱস পতাৰ যুক্তিযুক্ততা '? কব পাৰি যে, সমতাৰ বাবে আৰু সমান অধিকাৰৰ বাবে পুৰুষ, নাৰী আৰু নন-বাইনেৰী সত্তাৰ সংগ্ৰামে আজিও তাৰ ইপ্সিত ফল লাভ কৰিবলৈ সক্ষম হোৱা নাই, বৰং  সমকালীন সাম্প্ৰদায়িক কাম-কাজৰ মাজেৰে দেশৰ পৰিস্থিতিত সি অতি জটিল পৰিবেশৰ মাজলৈহে গৈছে।

এনে জটিল পৰিবেশতো এই সংগ্ৰাম প্ৰতি সংবেদনাৰ বিপৰীতে অনেকেই কব খোজে, নাৰীৰ বাবে এটি বিশেষ দিবসৰ প্ৰয়োজনীয়তা কিমান? বিধানসভা বা লোকসভাৰ দৰে নিৰ্বাচনত ৩৩ শতাংশ সংৰক্ষণৰ বাবে আমি যি সংগ্ৰাম কৰি আহিছোঁ, তাৰ যুক্তিযুক্ততা কত? পিতৃতান্ত্ৰিক মানসিকতাক বহন কৰাফিমেল পেট্ৰিয়াৰ্কসকলো এনে সংগ্ৰামখন পিচুৱাই নিয়াৰ বেলিকা উদ্যমী হৈ উঠে। কিন্তু এনে প্ৰশ্নবোৰৰ পৰিপ্ৰেক্ষিততেই আন্তৰ্জাতিক নাৰী দিৱসৰ ঐতিহাসিক পটভূমিৰ ওপৰত আলোকপাত কৰাৰ প্ৰয়োজনীয়তা আহি পৰে।আমি মনত ৰখাৰ দৰকাৰ যে, এই দিৱসৰ মূল বাৰ্তাটোৱেই নাৰীৰ অধিকাৰৰ সৈতে জড়িত, এই অধিকাৰ হৈছে ঘৰৰ চাৰিবেৰৰ লগতে কৰ্মক্ষেত্ৰত নাৰীৰ অধিকাৰ আৰু সমমৰ্যদাৰ সংগ্ৰাম, যি আজিও প্ৰাসংগিক। আমি একে সময়তে পিতৃতান্ত্ৰিকতা নামৰ এটা দৈত্যৰ  বিৰুদ্ধেও সমতাৰ এখন যুদ্ধ দি আছোঁ।

সন্মুখত ৰাজ্যবিধানসভাৰ নিৰ্বাচন। দলসমূহে ঘোষণা কৰা প্ৰাৰ্থা তালিকাত নাৰীৰ সংখ্যা কিমান? সোঁপন্থী, বাওপন্থী, জাতীয়তাবাদী, সকলোতে একেই অৱস্থা। নাৰীৰ কিবা বিষয়ে তেওঁলোকৰ মেনিফেষ্ট’, এজেণ্ডাত স্থান পাইছেনে?  পোৱা নাই।  অথচ হিতাধিকাৰী সৃষ্টি কৰিবৰ বেলিকা নাৰীকেই তেওঁলোকে প্ৰথম পছন্দ হিচাপে নিৰ্বাচিত কৰে।  অৰ্থাৎ বেছিভাগ ৰাজনৈতিকদলৰ বাবেই এতিয়াও নাৰী হৈছে কেৱল মাত্ৰ ভোটবেংকমাত্ৰ।  বাস্তৱতে তেওঁলোকে নাৰীৰ সমস্যাক লৈ কিমান স্পৰ্শকাতৰ? অসমৰ চাহ উদ্যোগত প্ৰায় ১০ লক্ষ নাৰী শ্ৰমিকে কাম কৰে। মুকলি আকাশৰ তলত 'দে-'ৰষুণে তেওঁলোতে দিনৰ ঘণ্টাকৈ কাম কৰে। কিন্তু এই ঘণ্টাৰ কামৰ সময়ত তেওঁলোকৰ বাবে বাগিচাৰ কতৃপক্ষই কোনোধৰণৰ টয়লেট বা খোৱাপানীৰ ব্যৱস্থা কৰা নাই। ঋতুস্ৰাৱৰ সময়ত এনে এগৰাকীৰ নাৰীয়ে ভয়ংকৰ মনোকষ্টৰ মাজেৰে গতি কৰে।  সংগঠিত চাহ উদ্যোগত যেতিয়া নাৰী শ্ৰমিকে এনে বৰ্বৰ অৱস্থাত শতিকাৰ পিছত  শতিকা  জুৰি কাম কৰি আহিছে, তেতিয়া অসংগঠিত নিৰ্মাণ খণ্ডত কাম কৰা নাৰী শ্ৰমিকৰ অৱস্থা কেনে ' সেয়া সহজেই বুজিব পাৰি। ঘৰ চাদ ধালাই, ইটাৰ ভাটা, মহানগৰীৰ পাৰ্ট টাইম ৱাৰ্কাৰ হিচাপে ঘৰে ঘৰে বান ধোৱাৰ দৰে কাম কৰা  মহিলা শ্ৰমিকসকলৰ বাবে কামৰ কোনো নিৰ্দিষ্ট সময় নাই অসমৰ চহৰে- নগৰে স্থাপিত হোৱা শ্বপিং মলসমূহত এতিয়া বহুতো ছোৱালীয়ে কাম কৰে। তেওঁলোকৰ দৰমহা, যৌন বিষয়ক নিৰাপত্তা আদি দিশবোৰক সামৰি লৈ নিৰ্দিষ্ট গৱেষণা বা তথ্য এতিয়াও পোহৰলৈ অহা নাই। গিগ ৱাৰ্কাৰসকলৰ মাজত নাৰী দেকিবলৈ পোৱা নাযায়, বোধহয় নিৰাপত্তাজনিত সমস্যাৰ  বাবেই।

উচ্চশিক্ষা আৰু নাৰীঃ

নাৰীৰ শিক্ষাই নাৰীবাদী সংগ্ৰামখন এখোজ আগুৱাই নিয়াৰ বেলিকা গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব পাৰে। আমাৰ দেশত ২৭. শতাংশ শিক্ষাৰ্থীয়েহে  উচ্চশিক্ষাৰ ক্ষেত্ৰত প্ৰৱেশ লাভ কৰিবলৈ সুযোগ পায়। ২০২১-২২ বৰ্ষৰ সৰ্বভাৰতীয় উচ্চশিক্ষাৰ জৰীপে দেখুৱাইছে যে, ২৯. পুৰুষৰ বিপৰীতে ২৪. শতাংশ নাৰীয়েহে উ্চ্চশিক্ষা লাভ কৰাৰ সুযোগ পাইছে। গ্ৰামাঞ্চলত ২৫. শতাংশ পুৰুষৰ বিপৰীতে ২০. গৰাকী নাৰীয়ে উচ্চশিক্ষা লাভ কৰাৰ সুযোগ পায়।

শিক্ষকৰ বেলিকাও নিম্ন আৰু মাধ্যমিক পৰ্যায়ত নাৰী শিক্ষকৰ পয়োভৰ দেখা পালেও উচ্চশিক্ষাৰ বেলিকা ৬৮. পুৰুষ শিক্ষকৰ  বিপৰীতে নাৰী শিক্ষকৰ শতকৰা হাৰ মাত্ৰ ৩১.২। অলেখ আৰ্থ-সামাজিক, ঐতিহাসিক প্ৰত্যাহ্বান পাৰ হৈ হৈ নাৰীয়ে এই পৰ্যায় পাইছেহি। নতুন শিক্ষানীতিৰ আধাৰত চৰকাৰে এতিয়া পদূলিয়ে পদূলিয়ে বিশ্বিবদ্যালয় খুলিবলৈ উদ্যোগ লৈছে বুলি কলেও ভুল কোৱা নহব।দক্ষতা আৰু যোগ্যতা থকা স্বত্বেও কিন্তু এই বিশ্ববিদ্যালয়সমূহত উপাচাৰ্য পদত নাৰীক কেতিয়াও নিযুক্তি দিয়া নহয়।

সৰ্বভাৰতীয় উচ্চশিক্ষাৰ জৰীপৰ তথ্য প্ৰতি বছৰে প্ৰকাশ পাই টদিও, ২০২১-২২ বৰ্ষৰ সৰ্বভাৰতীয় উচ্চশিক্ষাৰ জৰীপৰ পৰৱৰ্তী সময়ৰ তথ্য পাবলৈ নাই।  

বুনিয়াদী শিক্ষাঃ

একে সময়তে সময়ত আমাৰ বুনিয়াদী শিক্ষাৰ ক্ষেত্ৰখনত কি ঘটিছে সেই কথা চোৱাও প্ৰয়োজনীয় হৈ পৰে। United District Information System for Education Plus- তথ্যত প্ৰকাশ পোৱা অনুসৰি প্ৰাথমিক পৰ্যায়ত ছোৱালীৰ ড্ৰপআউট লৰাতকৈ কম( ছোৱালাৰী . শতাংশ আৰু লৰাৰ .) মাধ্যমিক পৰ্যায়তো ছোৱালীৰ ড্ৰপ আউট .২শতাংশ আৰু ৰাৰ কিন্তু উচ্চপৰ্যায় পোৱাৰ লগে লগে নৱম-দশম শ্ৰেণীত আমাৰ ৰাজ্যত ২৯. শতাংশ লৰা আৰু ৩২. শতাংশ ছোৱালীয়ে বিদ্যালয় এৰি য়ায়। এই পৰিমাণ যি সমগ্ৰ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰতে সৰ্বাধিক। হয়তো সেইবাবেই আমাৰ ৰাজ্যত বাল্যবিবাহ (২০-২৮ বয়সমীমাৰ, যিসকলৰ ওঠৰ বছৰ বয়সৰ আগতেই বিয়া হৈছে) ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ ২০১৫- ৩০. শতাংশৰ পৰা ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ ২০২০- বৃদ্ধি পাই ৩১. শতাংশ হলগৈ। ৰাষ্ট্ৰীয় পৰ্যায়ত কিন্তু এইখিনি সময়ত বাল্যবিবাহৰ হাৰ শতকৰা ২৬.-ৰপৰা ২৩.৩লৈ কমি আহিল। চৰকাৰে কিশোৰীসকলে বয়ঃসন্ধি হোৱাৰ সময়ৰপৰাই ড্ৰপআউটৰ হাৰ বাঢ়ি অহাৰ ছবিখন নোহোৱা কৰিবলৈ উপযুক্ত পৰিকাঠামো গঢ় দিয়াৰ বিপৰীতে বাল্যবিবাহক আইন-শৃংখলাৰ দিশেৰে চাই নিজেই হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছে। অসমৰ ছাত্ৰীয়ে বিজ্ঞান আৰু গণিতৰ দৰে বিষয়ত এতিয়াও বহু পিচ পৰি আছে। অসমত পঞ্চমমানৰ ১৪.১৩ শতাংশ ছাত্ৰীয়েহে সৰল হৰণ অংক কৰিব পাৰে। আকৌ অষ্টমমানৰ ২৬. শতাংশ ছাত্ৰীয়েহে হৰণ অংক কৰিব পাৰে। (এনুৱেল ষ্টেটাচ অৱ এডুকেচন ৰিপৰ্ট,২০২২) তেনেক্ষেত্ৰতষ্টেমঅৰ্থাৎ বিজ্ঞান, প্ৰযুক্তি, ইঞ্জিনিয়াৰিং আৰু মেডিকেলত ছাত্ৰীৰ সংখ্যা বঢ়াবলৈ নতুন শিক্ষানীতিয়ে যিবোৰ পদক্ষেপ লৈছে, সেয়া অসাৰ হৈ নপৰিবনে? এনে সময়তে ৰাষ্ট্ৰসংঘৰ মূল বিষয়ৰ আঁৰত থকা মূল প্ৰশ্নবোৰ গভীৰভাৱে চোৱাৰ প্ৰয়োজনীয়তা আহি পৰে।

কোনো সন্দেহ নাই যে, মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱসৰ পটভূমিত এই সমাজ ৰূপান্তৰৰ  দ্বান্দ্বিক বিশ্লেষণৰ মাজেৰ ওলাই অহা এনে জটিল ছবিবোৰ পৰিহাৰ কৰি কেৱল নাৰী হোৱাৰ আনন্দত মতলীয়া হোৱাৰ প্ৰয়োজনীয়তা নাই।কব পাৰি যে, সাম্প্ৰদায়িক চৰকাৰৰ পদক্ষেপে নাৰীক আগুৱাই অহাৰ সুযোগ  দিয়া নাই, বৰঞ্চ  থকাখিনিও কৰ্তন কৰি পিতৃতান্ত্ৰিক কাঠামোক শক্তিশালী কৰাৰ মাজেৰে নাৰীকভোট বেংকনামৰ এবিধ বিশেষ প্ৰজাতিলৈহে পৰিণত কৰিছে।

এই বিভিন্ন দিশবোৰৰ ওপৰত আলোকপাত কৰিবলৈকে ৰাষ্ট্ৰসংঘই অধিকাৰ, ন্যায় আৰু কৰ্মৰ, অৰ্থাৎ একচনৰ বাবে ৰাজপথৰ সংগ্ৰামনলৈ নামি আহিবলৈ নাৰীসকলক যি আহ্বান জনাইছে, সেই আহ্বানে আন্তৰ্জাতিক নাৰী দিৱসৰ মূল স্পিৰিট বা দৰ্শনক অধিক শক্তিশালী কৰিছে । আহক আমি এখন লিংগআধা্ৰিত বৈষম্যহীন সমাজৰ বাবে কাম কৰি যাওঁ।

No comments:

Post a Comment