Thursday, 26 March 2026

 

 

 

মাটিমাত- দেৱৰাজ মিলিৰ প্ৰতিশ্ৰুতিৰ কাব্য সংকলন



ৰত্না ভৰালী তালুকদাৰ


এখন কাব্যসংকলনৰ নাম যেতিয়া ‘মাটিমাত' হয়, তেতিয়া আমাৰ  দৰে অনুসন্ধিৎসু  লোকৰ মনত এটা প্ৰশ্ন জাগে-কবিয়ে এই শব্দৰ উঁহ ক'ত বিচাৰি পালে?  প্ৰশ্ন জাগে- কবিয়ে মাতিব খোজা মাতটোৱে মাটি স্পৰ্শ কৰি আহিছে, নে মাটিৰ গভীৰৰপৰা ওলাইছে। ঊঁইচিৰিঙাৰ মাতৰ দৰে!   

সংলটিত  কবিয়ে আমালৈ লৈ  আনিছে  মাটিৰ এটা মাত, যি মাতে আপাতত  সৰল  আৰু তীক্ষ্ণ চিত্ৰকল্পৰ  মাজেৰে  আমাৰ  মগজু ভেদি গৈছে। কবিতােবাৰ পঢ়ি ভাৱ হৈছে  ভবিষ্যতে অসমীয়া কাব্যজগতৰ  এটি  অমাতৰ মাত হৈ উঠাৰ  বহু সম্ভাৱনা ‘মাটিমাত'ত লুকাই আছে।

কবিতাসমূহৰ   পঠনে কয়,   কবিয়ে   গোষ্ঠী চেতনা আৰু লোকজ চেতনাৰৰপৰা  দৃষ্টি  প্ৰসাৰিত কৰিছে   সমকালীন, জটিল বাস্তৱলৈ । ‘মাটিমাত'ৰ কবিতা কাব্যসংকলনত আচলতে কেইবাটিও মাত আছে। তাৰে এটা মাত কবিৰ নিজা গোষ্ঠী পৰিচিতিৰ। এই মাতটোৱেই  সংকলনটিৰ আটাইতকৈ শক্তিশালী মাত, ইয়েই ভেটি। অসমীয়া ভাষাত  কাব্য চৰ্চা কৰা এজন  কবিৰ নাম যেতিয়া দেৱৰাজ মিলি হয়, তেতিয়া আমি বুজিব লাগিব যে সেই কবিয়ে একেটি সময়তে দুটি  পৰিচিতি  বহন কৰি আনিছে।  এই পৰিচিতিয়ে  সাহিত্যলৈ অযুত সম্ভাৱনা কঢ়িয়াই অনাৰ দুৱাৰ মুকলি কৰি ৰাখে-বিশেষতঃ  যেতিয়া সি গোষ্ঠীৰ প্ৰতি থকা দায়িত্ববোধ আৰু  নিষ্ঠাৰে  সিক্ত  হৈ  আহে। সেইবাবেই  অসমীয়া ভাষাৰে সাহিত্যৰ সাধনা  কৰা  জনগোষ্ঠীয় মূলৰপৰা অহা কবি-সাহিতি্যকলৈ আমাৰ বিশেষ হেঁপাহ এটি থাকে। তেওঁলোকে বোকেচাত আৰু এটা পৰিচিতি  কঢ়িয়াই  ফুৰে।  অসমীয়া  জনজীৱনৰ আৱৰ্ততে শতিকাৰ পিছত শতিকা ধৰি বাস কৰি থকা অনেক জাতি-গোষ্ঠীৰ সাংস্কৃতিক,  অৰ্থনৈতিক,  ৰাজনৈতিক  আৰু সামাজিক জীৱনৰ দেখা-অদেখা  কাৰকবোৰে  গঠন কৰা তেওঁলোকৰ জীৱন আপাতত সৰল, কিন্তু সহজ নহয়। এই সৰলতাৰ কথা কবলৈ গৈ  গোষ্ঠীজীৱনৰপৰা  আহি  কাব্য চৰ্চা কৰা বহুতো কবি-সাহিতি্যকে আন এখন সমাজৰ  বাবে অজানা  গোষ্ঠীৰ পৰিচিতিৰ চিত্ৰকল্পবোৰ ৰোমাণ্টিক ভাবালুতা হিচাপে গ্ৰহণ কৰে। কিন্তু এখন জনগোষ্ঠীয় সমাজ  মানে কেৱল ৰোমান্স নহয়।  অনেক দ্বন্দ্ব  থাকে তাত, থাকে  অনেক সংঘাত।  থাকে বেদনা।  থাকে আঘাত।  তাৰ  মাজেৰেহে  গোষ্ঠীজীৱন  আগবাঢ়ি  যায়। যিসকলে  এই  দ্বন্দ্ব  আৰু সংঘাতবোৰৰ কথা  সহিত্যতত কবলৈ বিচাৰে,  তেওঁলোকৰ বাবে  সেই যাত্ৰা হৈ উঠে  কঠোৰ আৰু কঠিন জীৱনৰ  চৰ্য্যা। এক দায়িত্ব।  সাহিত্যৰ দীঘলীয়া বাট।

দেৱৰাজ মিলি  দ্বিতীয়খন জগতৰ  কবি। কাব্যজগতত তেওঁৰ খোজ বহু পৰিমাণে দৃঢ়। অন্বেষণ নিজা। কবিতাত  তেওঁৰ  চিত্ৰকল্পৰ ভাষাও নিজস্বতাৰে সমৃদ্ধ। 

ভগা ডলাত বগা চাউল

মাই সৰু সৰু শিলগুটি বাচে । কলিজাত কটা দাগ। শিলতো শিল্প ।

জনাই জানে।'

(সেই দীঘল দিনবোৰত)

এই নিৰ্মেদ চিত্ৰকল্পটিয়ে আকালৰ  দিনৰ অলেখ ছবি আমাৰ সন্মুখলৈ লৈ আনে। সকলোৱে জনা কথা যে,  এই     ভগা ডলা সুখৰ দিনৰ  চিত্ৰকল্প  নহয়। কিন্তু সকলোৰে বাবে  উহ্য হৈ ৰোৱা  ক থাটো হৈছে  যে,  গাৱঁৰ  কৃষক  ৰাইজৰ  বাবে  বগা চাউলো সুখৰ দিনৰ চিত্ৰকল্প নহয়। যি গোষ্ঠীত কবিৰ বাস, তাত  মিহি   চাউলৰ বগা ভাত সুখৰ দিনত নচলে। টান,  উখোৱা চাউলহে চলে। বগা ভাত দুঃসময়তহে খাবলগীয়াত পৰে। যেতিয়া আকাল হয়, তেতিয়াহে চৰকাৰে দিয়া শিলগুটি মিহলোৱা চাউল খাবলগীয়া হয়। কিবতাৰ শিৰোনামো  ব্যঞ্জনাময়।  কথাতে  কয় বোলে, দুখৰ দিন নাযায়-নুপুৱায়। দুখৰ দিনবোৰ  সঁচাকৈয়ে যেন  দীঘল।  সেয়েহে   কবিয়ে যথাৰ্থতে  কবিতাৰ শিৰোনাম ৰাখিছে , ‘সেই দীঘল দিনবোৰত'

মাটিমাত' কবিৰ অন্তৰ্দÔষ্টি  আৰু  নজনাক জনাৰ,  অদেখাক দেখাৰ   আকুতি আৰু হেঁপাহৰ   কবিতা।  বহুবোৰ   কবিতা পুৰ হৈ উঠা নাই  যদিও, ইয়াত আছে  প্ৰতিস্ৰুতি,   অজানাক জনাৰ হেঁপাহ।   গাওঁ এখন  থকা   মানুহে   জানে গাওঁ  এৰি নগৰীয়া জীৱন যাপন কৰাৰ সমান দুখ কি! তথাপি জীৱনৰ সন্ধানত, জীৱিকাৰ সন্ধানত মানুহে  গাওঁ  এৰে। এৰিবলগীয়া হয়। কি ন্তু নগৰলৈ আহি  মানুহে পায় কি? তেওঁ মাথোন অহৰহ  হেৰুৱাই যায়।  ক্ৰমাগতভাৱে  হেৰুৱাই  গৈ থকাৰ   মাজতে  থপিয়াই   থপিয়াই   গঢ়ি গঢ়ি   লয়  এচমকা জীৱন।  চুবুৰীয়াৰ মুখৰ এষাৰ মাত ইয়াত নাই । কোনো কাৰো ঘৰলৈ নাযায়। নগৰৰ যি চৌহদত কবিৰ বাস, 'ত কবিয়ে ভাৰাঘৰত বাস কৰে, তাত একেটা চৌহদতে আছে দহটা পৰিয়াল। কিন্তু ছুবুৰীয়া বুলিবলৈ কাউৰী এহালৰ বাদে আন কোনো নাই। ‘চুবুৰীয়া' শীৰ্ষক কবিতাত  কবিয়ে লিখিছে সেই মৰ্মন্তুদ, উন্নাসিক বিচ্ছিন্নতাৰ কথা-

আমাৰ বাহিৰেও চৌহদটোত দহটা পৰিয়াল

চুবুৰীয়া বুলিবলৈ কাউৰী এহাল'

এনে ব্যক্তিগত উপলব্ধি  সামূহিক  উপলব্ধিলৈ পৰিণত  হোৱাৰ চিত্ৰকল্প আছে  ‘শৰত কামনা'ত।    গ্ৰীষ্ম আৰু  বৰষা ঋতুৰ উদ্দামতাৰ পিছতে আহে  বিতোপন, সমাহিত  শৰতকাল। কিন্তু  কবিৰ  ‘শৰত কামনা' কবিতাটিৰ চিত্ৰকল্পবোৰে কৈছে জীৱনৰ কঠিনতাৰ কিছু অন্য কথা-

 

ৰাতিৰ আকাশত তৰাৰ মৰিশালি

চোতালত মৃত শেৱালিৰ মায়াময়  ৰূপালী জোনাক

শীৰ্ণ নৈৰ দুপাৰি শুভ্ৰতাৰ চকুলো দুধাৰি

আঁহা নাচোঁ ওভতগোৰে

মাৰা হাত-তালি

মাৰোঁ হাত-তালি'

 

কাব্যত এনে উপলব্ধি  দেখা  পোৱাৰ পিছত  কব পাৰি যে,  ৰমন্যাসিক  ভাৱালুতাক  এৰি থৈ বাস্তৱৰ পৃথিৱীৰ কথা কবলৈ থকা এই হেঁপাহেই আচলতে কবিক বহুদূৰ আগুৱাই নিব। অৱশ্যে এটা কথা।  একবিংশ শতিকাৰ কবিয়ে ৰুঢ় বাস্তৱৰ কথা কবলৈ যাওতে সমকালীন ৰাজনীতিৰ মেৰ-পেচবোৰো ভালদৰে বুজিবলগীয়া হয়। পদ্ধতিগতভাৱে বাস্তৱৰ ৰাজনীতিৰ মেৰ-পেচ বুজিবলৈ অপাৰগ হ'লে কবিতা পাগত নুঠে ।  আহি  আহি   কৰবাত যেন ৰৈ যায়। তদুপৰি সাৰ্থক কবিয়ে কবিতা লিখিবলৈ বিচাৰে উজ্জীৱিত পাঠকৰ বাবে। সাহিত্যত নতুন কথা কবলৈ বিচৰাটোও এক প্ৰত্যাহ্বান। কেতিয়াবা ভাৱ হয়, সকলো কথাইতা কোৱা হৈ গৈছে! নতুন কথানো কি আছে?  এটা কথা  স্বীকাৰ  কৰিব  লাগিব যে, তথ্য-প্ৰযুক্তিৰ অভাৱনীয় উন্নতিৰ এই যুগত পাঠকো বহূদূৰ আগুৱাই গৈছে। সেয়েহে সমকালীন সমাজ আৰু ৰাজনীতিৰ চলমান দিশবোৰলৈ তীক্ষ্ণ নজৰ ৰখাটো আমাৰ সকলোৰে কৰ্তব্য।

কবিয়ে প্ৰতিনিধিত্ব কৰা মিচিং গোষ্ঠীৰ জীৱনপ্ৰৱাহত নৈ এখনৰ গুৰুত্ব আৰু মহিমা কিমান তাক গোষ্ঠীৰ মানুহৰ বাদে আন কোনে বুজিব! সেয়েহে কবিয়ে যেতিয়া মৰি অহা নৈ এখনৰ কথা কবিতাত কবলৈ বিচাৰিব, তেতিয়া আশা কৰা যায়- আমাৰ জীৱনৰ অজানা বহু কথাই যেন কবিয়ে এইবাৰ উন্মোচিত কৰিবলৈ গৈছে। নৈ হেৰাই গ'লে হেৰাই যায় পৰম্পৰাৰ অনেক সাধু, লোকজীৱনৰ কলিজাৰ এফাল, বোৱতী এক সভ্যতা-আৰু বহুত কিবাকিবি। ‘নৈ এখন শুকাই গ'' কবিতাৰ বেদনা সমকালীন  বাস্তৱতাৰ ওপৰত প্ৰতিষ্ঠিত। কবিয়ে ইয়াত কৈছে-

 

নৈখনৰ পোহৰ কাঢ়ি কাঢ়ি নিজৰ শোৱনিকোঠা পোহৰাবলৈ যাওঁতে

যেতিয়া নৈখনৰ জৰায়ু শুকাব তেতিয়া

তোমালোক ক'ত থাকিবা

থাকিবা ক'?'

 এনে অন্তৰ্ভেদী দৃষ্টি যেতিয়া থাকে, তেতিয়া  অৱশ্যেই সমালোচনাত্মকভাৱে কব পাৰি যে,  কবিয়ে ‘নৈ এখন শুকাই গ'' কবিতাত নৈ হেৰুওৱাৰ অলেখ সমকালীন  বেদনা লিপিবদ্ধ কৰিছে িঠেকই। কিন্তু  কবিতাটোত বহুত ওলোম-জোলোমো আছে। মেদ আছে। জনজীৱন আলোড়িত কৰিব পৰা মহাৰ্ঘ  চিত্ৰকল্পবোৰ যেন  অনুপস্থিতিত ৰৈ গৈছে। কিন্তু তাৰপিছতো আছে ইয়াত  আছে  সম্ভাৱনা। হয়তোবা  অনাগত সময়ত  কবিয়ে  প্ৰগাঢ় জীৱনোপলব্ধিৰে  সেইবোৰ উদ্ধাৰ কৰি আনিবগৈ।

আন এটা কবিতা ‘স্বাধীনতাৰ সোৱাদ'ত আছে তীব্ৰ বক্ৰোক্তিৰে ভৰা চিত্ৰকল্প।

আমি স্বাধীন দেশৰ (!) নাগৰিক

গৰু, ছাগলী, কুকুৰ, গাহৰি

আমি একেলগেই থাকোঁ চৰকাৰী মথাউৰিত।”

ই এক ৰাজনৈতিক  কবিতা।  কব পাৰি, এনে তীব্ৰ বক্ৰোক্তি স্বত্বেও  কবিতাটোৰ আন  চিত্ৰকল্পবোৰ  পৈণত হোৱাৰ থল থাকি গৈছে।  সমসাময়িক ৰাজনৈতিক প্ৰসংগক কবিতাত ঠাই দিবলৈ হ'লে ৰাজনৈতিক দিশবোৰৰ প্ৰতি কবিৰ  নজৰো হব লাগিব অতিকৈ তীক্ষ্ণ।

কাব্যসংকলটিৰ ‘অবনৰি' শীৰ্ষক কবিতাটোৰ বহু চিত্ৰকল্পত বাৰে বাৰে  চকু ৰৈ যায়।

তোমাৰ মোহত বন্দী ৰৌগি-ৰৌগাম

পুৰাকথা হৈ এদিন আজোককা আহিছিল

কপাহৰ গুটি বনকুকুৰাৰ পোৱালি দুটি

আৰু

এয়া ঘূণাসুঁতি

...

...

অচিন অবনৰি

এইবাৰ লৃগাঙত কথা দি থৈছোঁ

গাহৰি পোৱালিকেইটা নোদোকা হ'লেই পলুৱাই আনিম জখলা বগাই

কাৰ্চিন-কৰ্তাঙক সাক্ষী কৰি কেঃদাং ফুলা ৰাতি

মনা-নমনা দূৰৈৰপৰা দঃঞি-পঃলই পঠিয়াব ৰিঃবি -গাচৌং

 

আজোককাৰপৰা মোলৈ

হিয়াই-সিৰাই হৈ থকা এসোঁতা তেজৰ নাম অবনৰি'

 

এটা সুন্দৰ আৰু সাৰ্থক কবিতা ‘মাটিমাত'। ই লৃগাঙৰ কবিতা। লৃগাং গোষ্ঠীৰ  প্ৰতিশ্ৰুতি আৰু সম্ভাৱনাৰ  উছৱ। শইচৰ গুটি সিঁচাৰ উছৱ।  ফাগুনৰ  ধূলিয়ৰি, কূটৰ মাটিতেই থাকে  ভবিষ্যতৰ  সপোন। লৃগাঙে সেই কথাকেই   কয়। গোষ্ঠীৰ সৰল প্ৰেমৰ অলেখ স্ৰোত আৰু অন্তঃস্ৰোতেৰে  এই  কবিতাটি সমৃদ্ধ হৈছে।

‘বতাহত উৰি আহে

মৰমে ধুৱাই নিয়া

মই চেনাই শুকাইছোঁ তোমাৰে বেজাৰত ফাগুন

মিংমাং গাৱঁত মৌঃনামৰ ঘৰ

ইমানৰ পাছতো আকাশ ছানি ফল ফুলে,  মন দোলে

আৰু উথলি উঠে কলিজাৰ শিমলুৰঙী গানবোৰ

....

...

ঐয়া মুৰংঘৰত গুমগুমাই বাজি উঠিছে

গুমৰাগ গুমৰাগ ঐকতান

ঐয়া তোমাৰ হিয়া হিয়া বিদাৰি সিঁচা হৈছে

ভালপোৱাৰ বাপতিসহোন ধান

 

কপৌ চৰাই যোৱা বাট কেনি

-এইফালে

মানুহ যোৱা বাট কেনি

--এইফালে

তোমালোকৰ ঘৰলৈ যোৱা  বাট কেনি

--নকওঁ নকওঁ

আমাৰ উছৱ

ভগাঘৰৰ ৰং-ধেমালি'

 

‘ভগাঘৰৰ ৰং-ধেমালি' এই কথাখিনিয়েই যেন প্ৰৱাহমান গোষ্ঠীজীৱনৰ অলেখ ইতিহাস আমাৰ চেতনালৈ, আমাৰ সামূহিক   সোঁৱৰণিলৈ কঢ়িয়াই আনিছে। নৈপৰীয়া গোষ্ঠীৰ জীৱন সদায় অনশ্চিত। বানে ধুৱায়, খহনীয়াই খহায়।  শোক  আৰু  বেদনাৰ বাহিৰে  তাত কি আছে? কিন্তু  তাৰ মাজতেই চলি থাকে জীৱন, শিমৱু ফলে,  ডেকা-গাভৰুৱে পীৰিতি কৰে।   ছন্দিত হয় জীৱন।  জীৱনে পাহি মেলে।

 

‘আমাৰ দুমদুমৰ কোবত জৰজৰকৈ বৰষুণ সৰে

নাচনিৰ ভৰিৰ ছান্দিক চাবত গৰ্ভৱতী হয় আই বসুমতী।

আমাৰ হাঁহি-চকুপানীৰ যুঁৱলীত

ৰজনজনাই উঠা অইঃনতিমবোৰ

আমাৰ  বুকুত গুমৰাগ গুজি ৰোপণ কৰা গানবোৰ

ধান হৈ গজি  উঠে '

এই আশা, এই সপোন, এই চিত্ৰকল্পবোৰেই  ‘মাটিমাত'ৰ অমাতৰ  মাত। একেটি সময়তে একোটি ঊঁইচিৰিঙাৰো মাত-যি মাটিৰ তলৰপৰাই  তীক্ষ্ণ  মাতটোৰে  আমাৰ চেতনাক বিন্ধি যায়।  তীব্ৰস্বৰে।  এয়াই  কবি থিয় দিয়াৰ ভেটি।  ইয়াৰপৰাই তেওঁ  আগুৱাই  যাবগৈ লাগিব।

No comments:

Post a Comment