ফিছা- এখন প্ৰতিশ্ৰুতিৰ গল্প সংকলন
অসমত গ্ৰন্থমেলাৰ বছৰবোৰৰ এক মাদকতা থাকে। কোনোবাটো বৰ্ষত যদি নতুন গল্প সংকলনে প্ৰাধান্য পায়, কোনোবাটো বৰ্ষত কবিতাৰ সংকলনে প্ৰাধান্য পাব। ২০২৫ বৰ্ষৰ গ্ৰন্থমেলাৰ গল্পৰ নাছিল। কেইবাখনো কাব্য নতুন সংকলনহে ওলাল। তাৰমাজতে দুজনমানে সুধিলে—‘আপুনি পল্লবী মহন্তৰ ‘ফিছা’ গল্প সংকলনৰ গল্পবোৰ পঢ়িছেনে?’ যিকেইজনে কৈছিল, তাৰ মাজত দুজন আছিল মোৰ বাবে বিশেষ পঢ়ুৱৈ। এজন বিজয় শংকৰ বৰ্মন আৰু আনজন অংকুমনি দাস। অসমৰ বহু কবিয়ে গল্প নপঢ়ে, কিন্তু বিজয় শংকৰ বৰ্মনে গল্প মনোযোগেৰে পঢ়ে। শেহতীয়াকৈ তেওঁ সমালোচনাত্মকভাৱে পঢ়িবলৈ লৈছে।তেওঁৰ এই দৃষ্টিয়ে আমাক সমৃদ্ধ কৰে। আৰু অংকুমনি হৈছে মোৰ সকলো গল্প-উপন্যা্সৰ প্ৰথমগৰাকী পঢ়ুৱৈ। তেওঁৰ গৱেষণাৰ বিষয় অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ গল্প। গল্প বা উপন্যাস প্ৰকাশ হোৱাৰ আগতে অংকুমনিয়ে এবাৰ পঢ়ি দিলে মোৰ ভাল লাগে, এইবাবেই যে এটা ৰাজনৈতিক প্ৰেক্ষাৰপৰাও তেওঁ সাহিত্যৰ ৰস বিচাৰ কৰিব পাৰে, যিটো বহুতো সমালোচকৰ সমালোচনাত দেখিবলৈ পোৱা নাযায়।
দুয়োগৰাকীয়ে কৈছিল
যে, ‘ফিছা’ সংকলনৰ গল্পবোৰত পল্লবীয়ে এটা কালিকা লগা ভাষা নিৰ্মাণ কৰিছে।
কিতাপখন উপহাৰ হিচাপেই মোৰ হাতলৈ আহি গ’ল। মাজে মাজে এনেকৈ
কিতাপ পাই থাকোঁ অৱশ্যে। উজনি অসমৰ গ্ৰাম্যভাষাৰে গল্পকথাৰ এটা কালিকা লগা
গল্পভাষা পল্লবীৰ অৱশ্যেই আছে। কিন্তু বিষয়বস্তুৰ প্ৰতি তেওঁৰ দৃষ্টি, নৈৰ্ব্যক্তিকতা
আৰু পৰ্যবেক্ষণ দেখি অলপ তবধ মানিলোঁ। পল্লৱীৰ গল্পবোৰ কিছুমান গাঁৱলীয়া নাৰীৰ গল্প।
মনস্বিনী মহন্তৰ প্ৰথমখন গল্প সংকলনে যিদৰে পাঠকক ভবাই তুলিছিল, সেইদৰেই পল্লৱী
মহন্তৰ গল্পবোৰেও আমাক ভবাই তোলে। কোনো সন্দেহ নাই যে, মূলত তেওঁৰ সতে সাক্ষাৎ
হোৱা, বা তেওঁক বিশেষভাৱে প্ৰভাৱিত কিছুমান নাৰী আৰু পুৰুষৰ জীৱনক প্ৰাধান্য কৰিয়ে তেওঁ গল্পবোৰ লিখিছে। মনস্বিনী
মহন্তই তেওঁৰ গল্পৰ নাৰীবোৰক নিজস্বধৰণে ব্যাখ্যা কৰি গল্প সজায়। কিছু নতুন প্ৰশ্নৰ
উত্থাপন কৰে। পল্লৱী মহন্তৰ গল্পবোৰে স্পষ্টকৈ কৈছে, পিতৃতান্ত্ৰিক সমাজব্যৱস্থাত নাৰী
কিদৰে নাৰীৰ শত্ৰু হৈ উঠে। যেতিয়া আমি নাৰীবাদৰ বিভিন্ন প্ৰসংগ উত্থাপন কৰোঁ,
তেতিয়া একাংশ নাৰী-পুৰুষে কৈ উঠে-‘নাৰীয়ে নাৰীৰ শত্ৰু।’ এনেদৰে কোৱাসকলে নাৰী মনঃস্তত্বৰ জটিল ৰূপবোৰ দেখিবলৈ পল্লৱী
মহন্তৰ ‘ফিছা’ গল্পসংকলনৰ গল্পবোৰত অলেখ উদাহৰণ বিচাৰি পাব। এই মনঃস্তত্বৰ
ব্যাখ্যা পল্লৱীৰ গল্পত পাবলৈ নাই। গ্ৰাম্য সমাজত এচাম নাৰীয়ে পুৰুষতান্ত্ৰিক
সমাজৰ প্ৰতিভূৰ দৰে কিয় আচৰণ কৰে? এই অৱদমনৰ আঁৰৰ কাৰণবোৰৰ বিষয়ে পল্লৱীয়ে কোৱা নাই। কবলৈ গ’লে কিছুমান বিশেষ
অভিজ্ঞতাৰে সাঙোৰ খাই থকা থকা নিৰ্দিষ্ট চৰিত্ৰ
হিচাপেহে সেইবোৰ তেজে-মঙহে গল্পলৈ আহিছে। একধৰণৰ নিপুণ গল্পভাষাৰে সেই কাহিনী
পাঠকে লাভ কৰিছে। এই কাহিনীবোৰ নিটোল।
কিন্তু কেৱল একেটা নিটোল গল্প দিয়েই তেওঁ ক্ষান্ত হৈ থকা
নাই। পল্লৱী মহন্তৰ বহুকেইটা গল্পত ‘মঙহ’ক
বিভিন্নধৰণে ৰূপক হিচাপে ব্যৱহাৰ কৰা হৈছে। গৰ্ভৱতী কেৰ্কেটুৱাৰ মঙহ, বেমাৰত পুতি থোৱা গাহৰি উলিয়াই আনি ৰন্ধা মঙহ, পাতবেঙৰ মঙহ- মঙহৰ
এনে ৰূপকীয় আৰু সন্টালনি ব্যৱহাৰে গল্পকলাত একধৰণে মনঃস্তাত্বিক অধ্যয়নৰ প্ৰাসংগিকতাও
দাবী কৰিছে। যি গল্পৰ নামেৰে গল্পসংকলনৰ নাম ‘ফিছা’, সেয়াও মাছৰ মঙহৰেই প্ৰতীক। পুৰুষতান্ত্ৰিক
সমাজব্যৱস্থাত অসমৰ গ্ৰাম্য নাৰীয়ে মাছ-মঙহ ৰান্ধিবলৈ পায়, কিন্তু মন পছন্দৰ
টুকুৰাটো কেতিয়াবা তেওঁৰ ভাগত পৰেনে? কিন্তু পাঠকে কেৱল এই প্ৰশ্নটোৰেই সন্মুখীন হোৱা
হ’লে বিশেষ কথা নাছিল- তেওঁৰ গল্পত মঙহ খোৱাৰ, অথবা খাবলৈ লোভ কৰাৰ লালসাক কেন্দ্ৰ কৰিয়েই গল্পৰ
বিভিন্ন চৰিত্ৰ আৰু পাৰ্স্ব চৰিত্ৰবোৰ অনবৰতে সক্ৰিয় হৈ উঠিছে।
এই সক্ৰিয়তাক ৰসগ্ৰাহী পাঠকৰ বাবে পল্লৱীয়ে অত্যন্ত সংযম আৰু নিপুণতাৰে গল্পত
প্ৰতিষ্ঠাও কৰিছে। গাৱঁৰ কিছুমান বিশেষ নাৰীৰ মাংস খোৱাৰ লালসা আৰু জীৱনৰ কাৰুণ্যই
আমাক মামণি ৰয়চম গোস্বামীৰ উপন্যাসৰ গিৰিবালাৰ দৰে চৰিত্ৰলৈ মনত পেলাই দিয়ে।
সাহিত্যত নাৰীৰ চৰিত্ৰ আৰু অভিজ্ঞতাৰ চিত্ৰণ এক জটিল কলা। এইক্ষেত্ৰত পল্লৱী মহন্তৰ সংগোপন আৰু দৃঢ় খোজ আমাৰ বাবে এক আশাৰ বতৰা। এজন লেখকৰ বাবে প্ৰথমখন কিতাপ সদায় বিশেষ। এজন গল্পকাৰৰ হিচাপে প্ৰথমখন গল্পসংকলনৰ মাজেৰেই পাঠকৰ হৃদয়ত সোমাই যাব পৰাটো তেওঁৰ বাবে অনন্য সফলতা বুলিয়ে কব লাগিব। কিন্তু এই সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ হ’লে তেওঁ আৰু অধিক কষ্ট কৰিব লাগিব। ‘ফিছা’ গল্প সংকলনৰ গল্পবোৰৰ চৰিত্ৰসমূহক অতি সযতনে তেওঁ দীঘলীয়া সময় ধৰি লালন-পালন কৰিছে। কিন্তু বৰ্ণাঢ্য অভিজ্ঞতাক গল্পৰ পাতলৈ তুলি আনিবলৈ হ’লে অনাগত সময়ত তেওঁ অধিক কষ্ট কৰিব লাগিব। বিশেষকৈ গভীৰ সামাজিক প্ৰেক্ষাৰ কাহিনী কবলৈ হ’লে তেওঁৰ অভিজ্ঞতাৰ ভঁৰালটোও সমৃদ্ধ কৰি যাব লাগিব। প্ৰথমখন গল্প সংকলনৰ মাজেৰে তেওঁ পাঠকৰ মনত গভীৰ প্ৰত্যাশাৰ সৃষ্টি কৰিলে। এতিয়া পৰৱৰ্তী যাত্ৰা তেওঁৰ নিজা, প্ৰত্যাহ্বানো নিজা।
আমি বাট চাম। পল্লৱী মহন্তলৈ অফুৰন্ত শুভকামনা।
-ৰত্না ভৰালী তালুকদাৰ

No comments:
Post a Comment