কথাবোৰ কবই লাগিব- পল্লৱ হাজৰিকাৰ এখন প্ৰতিশ্ৰুতিৰ
কাব্য সংকলন
-ৰত্না ভৰালী তালুকদাৰ
কাব্য সংকলন এখনৰ নাম যেতিয়া ‘ক থাবোৰ কবই
লাগিব' হয়, তেতিয়া কবিৰ কাব্যসৃষ্টিৰ
লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে এটি ধাৰণা আগতীয়াকৈয়ে
মনলৈ আহি যায়। কবিতা এক কঠিন কলা, তাতেই সেই কবিতাবোৰ যদি মানুহক ভালপোৱাৰ প্ৰেৰণাৰপৰা আহৰিত হয়, তেতিয়া কবিতাই শব্দ আৰু ভাৱনাৰ এক স্বাভাৱিক শকতি নিজেই বহন কৰি আনে। মানুহক
ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে উঠি অহা কবি পল্লৱ
হাজৰিকাৰ প্ৰত্যয়দ্বীপ্ত চিত্ৰকল্পৰে ভৰা এলানি
কবিতাৰ সংকলন হৈছে ‘কথাবোৰ কবই লাগিব।' একে আষাৰে কব লাগ¿লে ‘ক থাবোৰ কবই লাগিব'ৰ কবিতাবোৰ নিৰ্মেদ,
ব্যতিক্ৰমী চিত্ৰকল্পবোৰ কবিৰ নিজা অভিজ্ঞতা আৰু উপলব্ধিৰপৰা আহৰিত। কবিয়ে
নিজস্ব এক ভাষা গঢ়ি লবলৈ কৰা প্ৰয়াস তাত স্পষ্ট।
যিবোৰ মানুহৰ কথা কবই লাগিব বুলি তেওঁ অনুভৱ কৰিছে, সেইবোৰ আচলতে প্ৰতিনিধিত্বমূলক। বহু কবিয়ে কবিতা লিখে, কিন্তু তেনেই তাকৰীয়া কেইজনমানেহে অনুভৱ কৰে দায়িত্ববোধ-মানুহক ভালপোৱাৰ দায়িত্ব। মানুহক ভালপোৱাতো বোজা নহয়। কিন্তু সি এক গধূৰ দায়িত্ব। সৃষ্টিশীল মানুহৰ সৃষ্টিৰ তাড়ণা এক নিৰৱধি চেতনা যদিও মহাৰ্ঘ সময়ত মানুহক ভালপোৱাটো এক দায়িত্বও হৈ উঠে। কোন সেই মানুহ, যাৰ কথা কবই লাগিব বুলি তেওঁ অনুভৱ কৰিছে। সেইবোৰ মানুহ- যিসকলৰ কণ্ঠ একেবাৰেই অনুচ্চাৰিত, অথবা যিসকল সকলোতে অনুপস্থিত-সাহিত্যত, সমাজত, ৰাজনীতিত-সকলোতে। অথচ যাক জখলা হিচাপে সাৰথি কৰিয়েই উঠি যায় বিশিষ্টজন। কোনোবা সাহিত্যিক হয। কোনোবা হয় সমাজসেৱক। অথবা ৰাজনীতিক।
‘কথাবোৰ কবই লাগিব' কাব্যসংকলনৰ প্ৰথম কবিতাটো
‘টেঙানি'। ইয়াৰ আৰম্ভণিৰ স্তৱকটি উচ্ছেদৰ
নিৰ্মম সোৱঁৰণিৰ। উচ্ছেদ শব্দৰ উল্লেখ নকৰাকৈয়ে কবিয়ে লিখিছে-
‘কোনে জানে
কাৰ ঘৰৰ হাতী
কাৰ বাৰীত মেলিলে
চনক কৈ ভাগি কঁকাল
চনক কৈ ভাগি গ'ল কাৰ তিনিশজোপা লাগনি তামোল
...
এনেহেন বতৰত
খুৱাওনে তোমাক মাগুৰ
মাছৰ আঞ্জা
সিখন গাৱঁৰ এবাটি আপং
।
দ্বিতীয় কবিতাটি ‘পথাৰ'। এসময়ত পথাৰক লৈ কবিয়ে কিমানযে কবিতা লিখিছিল। আজিকালি তৰুণ কবিৰ কবিতাত পথাৰৰ
উল্লেখ কমেইহে থাকে।
‘মেঘ আৰু মাটিৰ অন্যতম
পৃষ্ঠপোষক
হে' পথাৰ
তুমি ক'ত আছা শুই আছা নেকি শিমলুৰ দীঘল বিষাদ ছাঁত
...
জোকে খোৱা কলাফুলৰ মমতাত
দে'ই যোৱা পিঠিৰ আকুলতাত
পৃথিৱীৰ প্ৰথমহাল মানুহৰ
তুমি
হালধীয়া চাদৰ এখনেৰে
মেৰিয়াই ধৰিছিলা
আৰু গৰ্ভধাৰণ কৰিছিলা
সময়ক'
সংকলনটিত থকা সাম্প্ৰতিক শীৰ্ষক চাৰিটা কবিতাৰ শেষৰ কবিতাটি ক্ৰমে বজাৰ, বিজ্ঞাপন, ক্ৰেতা আৰু বিক্ৰেতা
শীৰ্ষক চাৰিটা স্তৱকেৰে সজোৱা হৈছে। এই চাৰিটা স্তৱকৰ মাজেৰেই ভোগবাদী অৰ্থনীতিৰ
তত্বও ওলাই আহিছে। বিক্ৰেতাই প্ৰথমে এখন বজাৰৰ সৃষ্টি কৰে
আৰু বিজ্ঞাপনৰ মায়াজালেৰে
ক্ৰেতাক টানি নিয়ে।আপাতত ৰঙীণ, সম্ভাৱনাৰে ভৰি থকা যেন
লগা সেই
বজাৰখন আচলতে মানুহৰ বেহাৰ। কৰ্পৰেট
সংস্কৃতিৰ বিষময় ফল প্ৰব্ৰজনৰ পৰিস্থিতিৰ ষড়যন্ত্ৰ, ৰঙীণ জীৱনৰ আঁৰৰ মানুহৰ
সৰবৰাহ আজি জানো সমাজৰপৰা নাইকীয়া হৈছে? নাই হোৱা। বৰঞ্চ সি অতি নিকপকপীয়া হৈছে। ভিন ভিন ৰূপত মানৱ সৰবৰাহৰ এই বজাৰখন অতি
ৰমৰমীয়া। কবিয়ে কৈছে,
‘বিক্ৰেতা উৎফুল্লিত
মানুহৰ মঙহৰ বজাৰ ভাল
এইখন বজাৰত অৰ্থনীতিৰ
সূত্ৰৰ সাল-সলনি ঘটে
যিমান যোগান সিমান চাহিদা'
এটি প্ৰাণস্পৰ্শী কবিতা ‘আগন্তুক' । ইয়াৰ চিত্ৰকল্পবোৰ নিপুণ। গভীৰ জীৱনৰ। কেইটিমানৰ উদাহৰণ দিয়াৰ লোভ সামৰিব নোৱাৰি।
‘বিশ্বায়নৰ বতাহ খাই
কি আৰু লেটেকু পনিয়ল
মাটি-কাঁদুৰি খুতৰা'
এজন বাটৰুৱাই কয়
...
বিশ্বায়নে বাৰ্ণিচ কৰা
অতবোৰ গৰৈ শিঙি মাগুৰ
অইৰণ আৰু অন্যান্য
বেচেৰা আগন্তুক।'
চিত্ৰকল্পকেইটি একেধাৰে শাণিত আৰু তিৰ্য্যক।
‘সৰাপাত' কবিতাৰ কেইটিমান শাৰী এনেধৰণৰ-
‘মলিন শুভ্ৰতাত
দুলি আছে শইচৰ পাঁচোটা
আঙুলি
বা-পানী-আকাশ সকলোৱে
আঁজলি পাতি আছে ৰ'দ- ধান হ'ব
জোনাক -জিলমিল প্ৰেম হ'ব'
এটি আশ্বৰ্যকৰ কবিতা
‘ৰুদ্ধদ্বাৰ '। কবিতাটিৰ
আৰম্ভণিয়ে চমৎকাৰ।
‘শিতানত এখন পীৰা লৈ
শুই পৰিছে গাওঁবোৰ
পিৰালিত বহি শোক টানিছে
আইসকলে
...
শিতানত এখন পীৰা
শুই পৰা এজাক মানুহ
বৰষুণ নপৰি বন্ধ্যা হোৱা
এমুঠি শইচ
যেন
এক নষ্ট সাম্প্ৰতিক।”
‘আমি' কবিতাটিৰ কেইটিমান চিত্ৰকল্পৰ উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰি । এই চিত্ৰকল্পকেইটিৰ কাবি্যক সৌন্দৰ্য যিদৰে অনন্য, সেইদৰে প্ৰকাশিকা শকতিও আচৰিত । ব্যাখ্যা তাত নি¦xয়োজন।
“শৰতৰ ৰাতি অতি বিতোপন
বাবেই
কৃষ্ণই কৰিলে নেকি কেলি
আমাৰতো মধুসোলেং মাটিকান্দুৰি
খুতৰা
জাহ গ'ল পানীৰ তলত
অতল অন্ধাৰত ধনগুলৈ বিচাৰিছিল নেকি কৃষ্ণই
ৰাধাৰ ওপঙা স্তনত
খান্দিছিলে নেকি স্তনবৃন্তৰ
তলৰ সোণ-পৰুৱা
আমাৰতো আহুধানৰ পথাৰো
তল গ'ল
জাক জাক উদঙীয়াৰ খোজত'
ৰ'দহীনতাৰ স্তৱকৰ কেইটিমান শাৰী-
টোলোঠা-পকা পকাদি পকিছিল
শৈশৱ
যৌৱন যেন ৰ'দহীন
দিনহীন দিনমণি'
সেইদৰে ‘আত্মপাঠ' কবিতাত আছে দুৰ্দিনৰ প্ৰেমৰ বতৰা। জটিল সময়ৰ
আচহুৱা ৰূপকেৰে সজোৱা কবিৰ প্ৰেম।
‘তোমাৰ এপাক নচুৱাব পৰাকৈ
মই সমৃদ্ধ নহওঁ
গুঁই চালৰ টোকাৰি
আস কি এক জৰৌ-ৰোৱা সপোন
যঁতৰৰ মহুৰাৰ দৰেই
নাচ ঘূৰপাক নাচ
...
মই বৰ নিঃকিন নিৰন্ন
ঢেঁকীৰ নেজত উঠা নাই
মোৰ ঘৈণীৰ ভৰি'
এনে দুঃসময়ৰ বিৱৰণী ‘সৰুধন' কবিতাটো আছে -
‘সাহসে নুকুলায়
অ সৰুধন
পঞ্চায়তে
পঞ্চায়তে
ওলাইছে ধন
ডিঙিৰ ওপৰত পানী
ভৰিৰ পতাত বালি
ভূমিহীন ভূ-ভাৰস্ত
...
সৰুধন
কাক বলি দি ৰাখিবি তোৰ
মোৰ বুকুৰ দলং '
‘কথাবোৰ কবই লাগিব'ৰ কবিতাবোৰৰ পঠনে কয় যে কাব্যৰ বাটেৰে
আহি আহি কবিয়ে দেখা পাইছে অন্য এখন
জগতৰ সন্ধান। য'ত হেৰুৱাবলৈ একো নাথাকে, কিন্তু পাবলৈ থাকে এখন পৃথিৱী। এইখন পৃথিৱীৰ বেদনাবোৰ কাৰোবাৰ ব্যক্তিগত হা-হুমুনিয়াহ
নহয়, দূৰ-সুদূৰৰ শক্তিশালী চক্ৰান্তত চেদেলি-ভেদেলি
হৈ যোৱা এমুঠি মানুহৰ। যিসকল থাকে কেৱল হেৰুওৱাৰ
ইতহিাস। কবিয়ে সেই ইতিহাস ধৰি ৰাখিব বিচাৰে শক্তিশালী চিত্ৰকল্পৰ মাজেৰে। সেয়েহে তেওঁ
প্ৰত্যয়েৰে কব পাৰে,
‘থাকে মথাউৰিতো কিছু
মানুহ
কলৰ ভূৰত উঠি বিচাৰি
ফুৰে
আইতাৰ সাধুকথা আৰু গেঁৰ
ধৰা ধানৰ ঠোক
বকুলবড়া...বকুলবড়া...বকুলবড়া
উস্ মাল্টিনেশ্যনেলৰ কেটৱাক।'
অৱশ্যে সকলোবোৰ কবিতা এনে অপূৰ্ব চিত্ৰকল্পৰে সমৃদ্ধ হোৱা নাই, মসৃণ হোৱা নাই, বোধ আৰু চেতনাৰ গাঢ়তাৰে মথিত
হৈ অহা নাই। তথাপি কব লাগিব এই কবিতাবোৰ সামূহিক চেতনাৰ দ্যোতনাৰে
ব্যতিক্ৰমী । কবি নিজে সমসাময়িক বহু
কবিতকৈ আগবঢ়া । প্ৰগতিশীল চেতনাৰ বহু কবিয়ে
কবিতাৰ নামত শ্ল'গান লিখে, অথবা বাগাড়ম্বৰ লিখে- কিন্তু পল্লৱ হাজৰিকাই কবিতা লিখিছে আৰু content-ত লিখিছে। এইবোৰ আত্মবিশ্বাস আৰু প্ৰতিশ্ৰুতিৰো কবিতা। সেইবাবেই ভবিষ্যতৰ বাবে প্ৰস্তুতিও
হ'ব লাগিব আৰু বেছি। কবিলৈ শুভকামনা ।

No comments:
Post a Comment