Thursday, 1 January 2026

 

দুমপাগ লইঙৰ চকুৰ পতাৰ কাৰপুমপুলি, নাচি  থকা বংকোৱাল

(ভাতৃপ্ৰতিম  ইভান লইঙৰ হাতত)

 

য়াম্পয়াঃঙাঙ'   য়াঃঙাঙ'

ৰগন'  ' গুপপ' গুবাং  য়েকুপ' 

 আজি আজি কৰি, কালি কালি কৰি দিনবোৰ টুটি আহিছে। যেনেকৈ কুকুৰাই উমনি দি দি শুকাই-খীণাই যায়, তেনেকৈ মানুহৰ জীৱনো নাইকীয়া হৈ যাব। 

 ...

 দুমপাগ লইং মানুহটো ওখই ছয়ফুট চাৰি ইঞ্চি।লাহি আৰু পোন। চকুহাল সৰু। কাঁচিখনৰ আগটোৰ দৰে জোঙা।  সৃষ্টিকৰ্তা পঃল দেৱতা শুক্লপক্ষৰ নিশা সৰগত ওলোৱাৰ প্ৰথমটো দিনৰ দৰে।

দুমপাগ লয়িঙে হাঁহিলে চকুহাল ঠাইতে লুকায়, কান্দিলেও ঠাইতে লুকায়। সেই লুকাই পৰা চকুহালৰ পতাত বৰনৈৰ  তলৰপৰা ওলাই আহি বংকোৱাল চাপৰিটোৱেই উঠক, তাহানিতে নাইকিয়া  হোৱা  গাওঁখনেই  উঠক, বা  সাক্ষাৎ বৰনৈখনেই  টগ-বগ কৰক- আনে জানো গম-গতি পাব! দুমপাগে যি ক'ব আনে তাকেই শুনিব, যি দেখুৱায় তাকেই দেখিব। 

গোষ্ঠীয়ে কয়, দুমপাগ  মানুহটো ষাঠি  বছৰীয়া ডেকা। গোঁৱাৰ।টেঙৰ হবলৈ নাজানে।বুঢ়া হবলৈও  নাজানে।... সেই  দুমপাগৰে যেতিয়া কঁকালটো লৰিল, চাঙে চাঙে বতৰা ৰজনজনাই   নগ'লজানো। 

সিও এক কাহিনী । আগ শাওণ। পাৰৰ পথাৰৰ আহুধান চপাই  উঠিছেহে এথোন। গাভিণী  জাৰ্চিগাইৰ পেটৰ দৰে  বাঢ়িছে নৈ। ইফালে বোলে দক্ষিণে পৰ্বতত নদীবান্ধৰ বান্ধৰ পানী এৰিছে, সিফালে বোলে  উত্তৰে  পৰ্বতত   নদীবান্ধৰ  পানী এৰিছে। বোলে, পৰ্বতত ধাৰাসাৰ বৰষুণ। ভৈয়ামৰ চাপৰিত জখলা কাটি ওখ ভেটিৰে  সাজি লোৱা দুমপাগৰ  দহতৰপীয়া মজবুত চাংঘৰৰ তলে পানী কাটিছে। ৰন্ধা-বঢ়া  কৰিবলৈ মে'ৰামৰ ব্যৱস্থাৰে চাপৰিত দুমপাগৰ  দুটিকৈ   চাংঘৰ। তাহানি স্বাধীন অসম বিচৰামুক্তিবাহিনীলৈ নিবলৈ কুৰুং-কাৰাং কৰাৰ ময়তে ভাটিৰজাঘৰীয়া  ভকতচাপৰিতো আছিল  দুমপাগৰ  আন এটি  চাংঘৰ। বৰ্তমানৰ এই চাপৰিত  পুৰণি বংকোৱাল গাওঁহে আছিল। গাওঁ তেতিয়াও  নৈয়ে  সামৰা  নাছিল।

আশীৰ দশক। দিচপুৰত আঞ্চলিক দলৰ চৰকাৰ। কমাৰগাওঁ কলেজৰপৰা বি এ পাচ কৰি দুমপাগো আজৰি।নতুন চৰকাৰ, নতুন আশা।চাকৰিৰ আশা এৰি ব্যৱসায়িক ভিত্তিত খেতিতে লাগোঁগৈ বুলি দল গোটাই ৰজাঘৰীয়া  ভকতচাপৰিত মাটি খুলি চাংঘৰ সাজিলেগৈ। চাপৰিৰ তৰোৱালৰ ধাৰ যেন মাজৰা-বিৰিণাৰ মূঢ়া কাটি, কাজিৰঙা  হাবিৰপৰা ওলাই অহা বনৰ জীৱ হুৰাই, মাটি খোলাৰ পিছত সেই মাটি খেতিৰ উপযোগী হয়  মানে তিনিটা  বছৰ  বাগৰিল। তেহে চাংঘৰ তুলিব পৰা হ'ল। পাচে, তাতেই এদিন দলে-বলে স্বাধীন অসমৰ দাবী কৰা সংযুক্ত  মুক্তিবাহিনীৰ জিলা পৰ্যায়ৰ চেকেণ্ড চীফ আহি ওলাওক। চীফে গোষ্ঠীৰ  আন ডেকাবোৰক আঁতৰি দিবলৈ কৈ তাৰ সতে দীঘলীয়া   আলচ কৰিলে।আলচ আৰু কি! একপ্ৰকাৰৰ জোৰ-জবৰদস্তি। সি মুক্তিবাহিনীৰ সশস্ত্ৰ সংগ্ৰামলৈ যাব লাগে। সংগঠনত তাক লৈ বহু জল্পনা-কল্পনা। 

চাংঘৰৰ ভিতৰত মে'ৰামৰ কাষতে সি আৰু চেকেণ্ড চীফ।তলত উদ্যত এ কে ফ'ৰ্টি  চেভেন  লৈ মানুহটোক   নিৰাপত্তা দিয়া এদল উগ্ৰপন্থী। কথাৰ কটা-কটি হৈছিল। কিন্তু কথা নিসিজিল। সি সশস্ত্ৰ সংগ্ৰামলৈ নোযোৱাটো খাটাং  হৈ আছিল। স্পষ্টকৈ কৈছিল অনীহাৰ কথা। কলম ভালপোৱা  মানুহে বন্দুক লৈ  আনৰ  তেজেৰে হাত ৰাঙলী কৰিব নোৱাৰে। অন্ততঃ সি নোৱাৰে। বিভিন্ন কাকত-আলোচনীবোৰত ওলোৱা কবিতাবোৰ থূপাই এখন কাব্য সংকলন কৰাৰ  কথাহে ভাবিছে। কথাখিনি কৈ ভাবিছিল, সি হয়তো সিদিনা জীয়াই জীয়াই চাঙৰপৰা নামিব নোৱাৰিব।চেকেণ্ড  চীফৰ  বন্দুকৰ গুলীয়ে বুকু বিদাৰি যাব। পাচেতেনে একো নঘটিল। সি নিৰাপদেই ওলাই আহিল। কিন্তু চাপৰি এৰি  দিবলগীয়া হ'ল। চাপৰিত উগ্ৰপন্থীৰ টিঘিল-ঘিলনি বাঢিল। বহু কষ্টে দুমপাগৰ দলটোৱে খোলা চাপৰিৰ মাটি  একপ্ৰকাৰে কাঢ়ি লৈ সিহঁতে শিৱিৰ পাতিলে। বৰনৈৰ সুঁতি পাৰ হৈ কাজিৰঙা হাবিৰপৰা চাপৰিলৈ ওলাই অহা পহুৰ জাক, বনৰীয়া  গাহৰি, শহাৰ মাংসৰে বন্য ভোজ চলিল। আওপুৰণি থ্ৰি নট থ্ৰি ৰাইফল লৈ যুঁজ দিয়া পুলিচৰ আকউ উগ্ৰপন্থীৰ এ কে ফ'ৰ্টি চেভেনৰ সন্মুখীন হ'বলৈ ভয়। লাঠিয়াল  বনৰক্ষী দূৰতেই বিদূৰ। সাহ বাঢ়ি গ'ল। 

তাৰেই মাজতে হ'ল কি, চৰিবলৈ অহা পহুৰ জাকৰ পিচ খেদি প্ৰকাণ্ড ঢেঁকীয়াপতীয়া এটাই হাবিৰপৰা ওলাই চাপৰিত    মুকলিকৈ ফুৰক!এদিনা ভৰ দুপৰতে উগ্ৰপন্থীৰ সদস্য এটি বাঘৰ মুখতে পৰিল। শুকান বিৰিণাৰ আঁৰ লৈ চোপ পাতি  আছিল ঢেঁকীয়াপতীয়াই। সুযোগ পাই টানি লৈ গ'ল। আক্ৰমণ ইমান অতৰ্কিত আছিল যে, লগৰীয়াই হেনো যম হেন ৰনৰজাক দেখি হাততে থকা মাৰণাস্ত্ৰ চলাবলৈকো পাহৰি গ'ল।কথা  শুনি হতভগীয়ালৈ মনত পেলাই মানুহে আৰু  ক'ত কান্দিব, চাপৰিয়ে চাপৰিয়ে হাঁহিৰ ৰোল নুঠিলজানো! হাতত বিয়াগোম অস্ত্ৰ  হাতত থাকিও বনৰ জীৱ এটাৰ  মুখামুখি হবলৈ নোৱাৰিলে, আকউ দেশ স্বাধীন কৰিবলৈ যায়। কিছুদিনৰ পিছতে সেই চেকেণ্ড চীফ  চৰকাৰৰ  ওচৰত  আত্মসমৰ্পণ কৰাৰ বতৰা ওলাল। লাহেকৈ বিয়াগোম চৰকাৰী ঠিকাদাৰ  হ'লগৈ।সময়ত নিৰ্দলীয় হৈ নিৰ্বাচন খেলি  বিধায়কো হ'ল। সসাগৰা সম্পত্তি গোটাই এদিনা প্ৰেচাৰ ষ্ট্ৰ'ক হৈ সিপুৰী পালেগৈ।

...সৌ সিদিনাৰ কথাহে যেন।

দেশৰ মানে ময়লা কঢ়িয়াই বৰনৈ টেঙা টেঙা গোন্ধাইছে। মতা-মাইকীহালৰ লৰ-চৰ কৰাৰ  উপায় নাই। দুমপাগ  আৰু ঘৈণীয়েক তৰাৱতীয়ে পানী শাম কাটিব বুলি এবাৰ নৈলৈ চাই, এবাৰ  সৰগলৈ চাই  চাপৰিতে  দিন নিয়াইছে। 

চাপৰি এৰাও  জানো সহজ! গোহালিত এপাল গৰু-ছাগলী। এমা-ডিমা পোৱালিৰে দুজনীকৈ গাহৰি। মতা-মাইকী মিলি সিহঁতো এপাল। গোষ্ঠীয়ে কয়, দুমপাাগৰ বিশ্বকৰ্মা হাত। সেই কৰিৎকৰ্মা হাতেৰে  চাঙৰ  সমান ওখকৈ ভেটি সাজি  সিহঁতলৈ  সুকীয়াকৈ গোহালি  কৰা বাবেহে ভৰ বাৰিষাতো জীৱকেইটি শুকান মাটিতে আছে। পাখিলৈকে চিক্ চিকাই থকা তেলাল কুকুৰাও কেইবাহমান আছে। চৰিবলৈ উপায় নথকাত সিহঁতক গোট চাউল খুৱাই খাঙতে সুমুৱাই  থৈছে।   মুকলিত পাখি কোবাবলৈ নাপাই খাঙৰ কুকুৰাজাকে  দেদাউৰিয়াই মৰিছে।

গোষ্ঠীৰ গায়ে গায়ে লাগি থকা কৈৱৰ্তসমাজৰ গাঁৱৰপৰাই হওক বা গোষ্ঠীৰ গাঁৱৰে হওক-বেপাৰলৈ বুলি নিবলৈ  অহা  ল'ৰাবোৰক  মে'ৰামৰ উধানৰ কাষতে ভাত এঁসাজ খুৱাই লৈ বেচি দিওঁ বুলিলেও এনেকৈ চাপৰিতে  আছে  তাৰ  কেইবালাখৰ পশুধন। এই বিয়াগোম চাপৰিত কোনোবাই ভৰি থবলৈ আহিলে দুমপাগৰ চাংঘৰৰ মে'ৰামত উধানৰ তপত জুইত সিজোৱা এমুঠি ধৰিবই লাগিব। নহ'লে যে  পেট শুকাই  মৰিব।  হওতে  বাৰীত  দুজোপামান লাও-জিকা-কোমোৰা বগাই আছে। বগৰীগছত মোক খা, মোক খা-কৈ  বগাই যোৱা নলটেঙা এজোপা আছে।গোহালিৰ ওখ ভেটিৰ কাষে কাষে টেঙামৰাও আছে এডৰা। তৰাৱতীৰ লখিমী হাতেৰে গঢ়া বাৰী। পাচলি   বুলিবলৈ  ইমানেই । খৰালিহে বিধে বিধে পাচলি লহ-পহকৈ বাঢ়িব।

দিন যায় মানে চাপৰিত চাউল-লোণ-তেলৰ যোগাৰকণ কমি আহিছে।চ'লাৰৰ প্লেটখন আঁৰি থোৱা দঁৰিডালো  কোমল মাটিত হাওলি হাওলি অৱশেষত পানীত ডুবি নষ্ট হ'ল।গধূলাতে একঠা খাই মে'ৰামৰ কাষতে বাগৰি থকাৰ বাদে  উপায় নাই। মতা-মাইকীহালৰ দিন নাযায়, ৰাতি নুপুৱায়। দুৰ্জয় বান ভেদি নাও লৈ পাৰলৈ যাবলৈ ভয়।

তেনেতে লাগিল নহয় লেঠা। পানীতে উটি-ভাহি মাকৰ পৰা এৰা খোৱা গঁড়পোৱালি এটি ভেটিতে উঠিলহি।  হওতে  কাজিৰঙা হাবিখন চাপৰিৰ ভটিয়নিত। তেনেহ'লে এই দেওলগা জীৱটো বানত উজাই আহিল, নে ক'ৰবাৰপৰা ভটিয়াই আহিল! যি নহওক, এতিয়া বনবিভাগক খবৰ দিয়াৰো উপায় নাই। দীঘলকৈ উকি মাৰিলেও  দূৰ-দূৰণিলৈ  নৰমনিচ এটা দেখিবলৈ নাই। মাক হেৰুওৱা পোৱালিটোলৈ চাই দুমপাগে ক'লে-‘অ' হাবিৰ দেওলগা জীৱ। এনেহেন  বিপদত  তোকনো কি সতে খেদি দিওঁ। আহ, আমাৰ গোহালিতে  থাক। পাচে-পৰে কি হয় দেখা যাব।'

ভাগৰি-জুগৰি আইধা পৰা পোৱালিটিৰ মুখখন সি খীৰতি গাই এজনীৰ ওহাৰতে লগাই দিলেগৈ। হওতে দুমপাগে   ছয়-সাত লিটাৰ দেশী গাইৰ গাখীৰ দৈনিক বিক্ৰী কৰে । দেশী গাইৰ গাখীৰৰ চাহিদা বেছি। দামো  সৰহ।  ভাগিন সমন্ধীয়া  ল'ৰা এটাই চাপৰিৰ গাখীৰ উঠাই নিয়েহি। চেন্নাইত  চিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ ওলাই  গৈ  বাহিৰতে পাঁচবছৰমান থাকিলে।কিছু টকা-পইচা গোটাই পাৰতে মাটি এটুকুৰা কিনি  ঘৰখন সাজি সৰুকৈ বিয়াও পাতিলে।  এতিয়া পাৰতে গেলা-মালৰ দোকান এখন দি তাতেই ঘৈণীয়েকক বহুৱাই সি চাপৰিৰ গাখীৰ গোটাই  বোকাখাতৰ মিঠাইৰ দোকানত বেচিবলৈ  নিয়েহি।খৰালি মটৰ চাইকেলেৰে আৰু বাৰিষা চাপৰি তল গ'লে নাৱেৰে। পাচে এই   তমোময়  বানত নৈৰ পথালি সোঁত কাটি নাও চাপৰিলৈ চাপিব পৰা নাই।তিনিজনীকৈ গাইৰ গাখীৰ  পেলনিহে  গৈছে। বানত উটি-ভাহি অহা নিথৰুৱা গঁড় পোৱালিটিলৈ আকাল পৰিবনে!   

বান নামে মানে গঁড় পোৱালিটিয়ে দুমপাগৰ চাপৰিৰ গোহালিৰ গাইকেইজনীৰ ওহাৰৰ অমৃতটোপাকে সাৰথি কৰি   দুটা  সপ্তাহ কটাই দিলে। ধেমালি-ধুমুলা কৰি দুমপাগ-তৰাৱতীৰ পা-পোৱালিৰ সংসাৰখনৰ সতে মিলি  পৰিল।

পানী নমাৰ পিছতহে  ইফাল-সিফাল কৰা মানুহৰ মুখে বতৰা পঠিয়াই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কতৃপক্ষৰ সতে যোগাযোগ কৰা হ'ল। তেওঁলোকে মেচিন লগোৱা নাৱেৰে আহি গঁড় পোৱালিটিৰ চকুত কাপোৰ বান্ধি, উদ্ধাৰ কৰি নিবলৈ ওলাল। সিফালে চাপৰিৰ নতুন লগৰীয়া পাই আপোন-পাহৰা হৈ  উঠা ৰঙিয়াল গঁড়পোৱালি নাচোৰবান্দা।  অচিনাকি মানুহ দেখা পাই ইফালে ঢাপলি মেলে, সিফালে ঢাপলি মেলে। খেদাখেদিৰ মাজতে এপাকত সি দুমপাগৰ  কঁকালতে দিলে নহয় বিয়াগোম এটা খুন্দা। কথাতে কয় বোলে, হাতীৰ পেটত নাই বুলিও সাতকলহ পানী।  গঁডপোৱালিৰো আকউ  নাই বুলিও ডেৰ-দুমোন  ওজন। অৱশেষত যেনিবা হানি-বিঘিনী নোহোৱাকৈ পোৱালিটি  উদ্ধাৰ কৰি, নাৱত উঠাই  লৈ যোৱা হ'ল।কতৃপক্ষই দুমপাগক বাহ বাহ দিলে। অৱশ্যে  তাৰ কঁকালটো লৰিল।

মে'ৰামত লোণ-তেল-চাউল শেষ। মথাউৰিৰ ঘৰখনৰে বা কি  অৱস্থা! এম এ পাচ সৰুটো পুতেকে মথাউৰিৰ  ঘৰখনতে থাকি বিএএলএড কৰি আছে। দুটামান টিউচনো কৰে। কঁকালৰ  বিষটো লৈয়ে দুমপাগে আগ শাওণৰ   বানৰ কোবাল, পথালি সোঁত ফালি তৰাৱতীক লৈ পাৰলৈ আহিবলগীয়া হ'ল। বান নামিছে। তথাপি  ভৰা নৈসাপৰ নেগুৰ চিঙা সোঁত। ওলাবলৈ কেৱল সাহ  নহয়, মৰসাহ কৰিব লাগিব।দুমপাগৰ  বাৰজনমান মানুহ উঠিব পৰা মজবুত নাওখন যথেষ্ট ডাঙৰ। ব'ঠা মাৰি, 'ঠা মাৰি বাউসী বিষাই যায়। প্ৰথমে  উজাই গৈ  হিচাপ এটা  অনুমাণ কৰি তাৰপৰাহে ভটিয়নী সোঁতত নাও এৰিব লাগে।

'ঠা আছিল তৰাৱতীৰ হাতত।সি লগিডাল ধৰি আছিল।উজাই থাকোঁতে পানীৰ তলত থকা কিবা এটাতে হবপায়   নাৱৰ তলিখনে খুন্দা মাৰিলে। থাউনি হেৰুৱাই তৰাৱতীয়ে তাতেই জুপুংকৈ নাৱৰপৰা  সৰি পৰিল। ঈচৰ!  মানুহজনী যায়হে যায়! দুমপাগে থাওকতে হাতৰ লগিডালকে তললৈ নমাই দিলে। নাৱৰ সিটো মূৰে সৰি পৰা মানুহজনী উটি আহি তাতেই খামুচি ধৰিলে।কপালত যেনিবা একঠা খোৱাৰ দিন আছিল। নাৱে-মানুহে সোঁতৰ ভটিয়নীত  গৈ  গৈ  চাপৰি এটাৰ বিৰিণাৰ চোপত লাগি ধৰিলেগৈ। তাতেই কেনেবাকৈ খামুচি ধৰি মানুহজনী নাৱলৈ উঠিল। সেইখন টনা-আঁজোৰাতে দুমপাগৰ লৰি থকা কঁকাল একেবাৰে টাহ মাৰি নধৰিলেজানো! মানুহটো লৰ-চৰ কৰিব নোৱাৰা হৈ পৰিল।মৰণত শৰণ দি নাও বাই বাই মানুহজীনয়ে কোনোমতে পাৰ পোৱালেহি। খবৰ পাই দেৰগাঁৱত টেট  পাচ কৰি মাষ্টৰৰ চাকৰি কৰা জোঁৱায়েক ঢপলিয়াই আহি ওলাল।

-দেউতা, জীয়েকৰ ঘৰলৈ আহক।দুদিনমান থাকি চিকিৎসা কৰি যাৱকহি।মোৰেই চিনাকি বন্ধু এজন ভাল চিকিৎসক। চাপৰিৰ সম্পত্তি দুদিনমান সৰু পুতেকেই চাব।'

পুতেক-জীয়েকক গৰু-গাহৰি-কুকুৰা-খেতিৰ পিছত লাগিবলৈ দিবলৈ দুমপাগ বৰকৈ ৰাজী নহয়। পঢ়ি-শুনি হাকিম হবগৈ নোৱাৰিলেও সিহঁত মাষ্টৰকে হওক। তথাপি হাড় ভঙা কাম কৰি জীৱনটো নষ্ট কৰিব নালাগে। অৱশ্যে খেতি আৰম্ভ কৰোঁতে, আৰু চপাবৰ সময়ত সিহঁতে পথাৰত লাগেগৈ। এতিয়া পুতেকেও জোঁৱায়েকৰ সমানে সমানে জেদ ধৰিলে। বেমাৰৰ চিকিৎসা কৰাই আহকগৈ।

অগ্যতা দুমপাগ লইঙে জীৱনত প্ৰথমবাৰলৈ চিকিৎসকৰ কাষ চাপিবলগীয়াত পৰিল।জোঁৱায়েকৰ গাড়ীতে বহি গৰৈমাৰী বিলখন পাৰ হৈ, গেলাবিল নৈৰ দলঙত উঠি মহুৰা জাতীয় বিদ্যালয়ৰ সন্মুখৰ বাটেৰে কমাৰগাওঁ  তিনিআলিৰপৰা দেৰগাওঁ বুলি ৰাওণা দিলে।তাতেই পৰীক্ষা-নিৰীক্ষা কৰি চিকিৎসকে ক'লে,

-‘তাৱৈদেউ, ঘটনা বেগতিক হোৱা নাই। কিন্তু চিকিৎসা লব লাগিব। সদ্যহতে জোঁৱায়েকৰ  ঘৰতে  দহদিনমান   আৰাম  কৰক।  বে'ডৰেষ্ট লওক। তাৰপিছত ফিজিঅ'থেৰাপিৰ ক'ৰ্চ এটা কৰিব লাগিব। ঠিক হৈ যাব।'

তেওঁৰ কথা শুনি দুমপাগৰ নিজলৈকে পুতৌ হ'ল। মানুহটোৱে হাঁহিলেই নে কান্দিলেই জানো, জোঙাকৈ চকুহাল তাতেই  লুকাই  পৰিল। জীয়েক-জোঁৱায়েকৰ কোমল তুলিৰ পৰিস্কাৰ বিছনাত পৰি পৰি মানুহটোৰ বেজাৰ লাগি গ'ল। চাপৰিৰ  গৰুজাকৰ হেম্বেলনি, ছাগলীৰ বেবনি, গাহৰিৰ নোকনোকনি, খাঙত বন্দী কুকুৰাজাকৰ দেদাউৰি আৰু তৰাৱতীৰ মাত- কথাবোৰে  লিহিৰি বিৰিণাৰ বতাহ ভেদি কাণদুখনত আৰাও দিবলৈ ধৰিলেহি। টন্ টনীয়া ৰ'দত নৈৰ সুঁতি শুকাই যোৱাৰ  গন্ধ, পিছল পলসৰ গন্ধ, গোহালিৰ গৰু-গাহৰি-ছাগলীৰ মূতৰ গন্ধ বতাহত ভাহি আহিল।

জীৱনত প্ৰথমবাৰলৈ এনেকৈ আৰামত থাকিবলগীয়া হৈছে। চেগ বুজি এৰি অহা পৃথিৱীৰ কথাবোৰে তাক আৱৰি  ধৰিলেহি। 

---

সোঁৱৰণি দেউলিয়া হোৱা নাছিল।শৈশৱৰ  সেই আচৰিত নিশাটোৰ কথা দুমপাগ লইঙে পাহৰিব নোৱাৰে। জীৱনত প্ৰথমবাৰলৈ সি ইমান নিশালৈকে সাৰে আছিল। তেতিয়া দুমপাগৰ বয়স মাথোন পাঁচ। গছিধানে গেঁৰ মেলাৰ সময়।  সেইনিশা যেন গাৱঁলৈ আবতৰীয়াকৈ পঃৰাগ উচৱটোহে নামি আহিছিল।গুমৰাগৰ নাচোনৰ চেৱত  বংকোৱাল  গাওঁখনিৰ  সমূহীয়া মুৰংঘৰৰ বাকৰি  তল-ওপৰ হবলৈ ধৰিছিল।ছুবুৰীয়া কেইবাখনো গাঁৱৰ মানুহ উজাৰ খাই পৰিছিলহি। চৰকাৰী চাকৰি কৰা মিপাগো আছিল।হাতীত উঠি আহিছিল গোষ্ঠীৰ বৰচাহাব। গুমৰাগৰ চেও, পঃৰ-আপঙৰ সোৱাদ, লাই-গাহৰিৰ সিজোৱা জোল, নলটেঙা-নাৰমাছৰ সিজোৱা জোল আৰু মাটিমাহৰ দাইলেৰে আহুচাউলৰ  ভাতনামচিঙৰ  সোৱাদত ৰাগী লগাই নিশাটো বতাহে কোবোৱা কলপাতৰ দৰে  থৰক-বৰক হবলৈ ধৰিছিল।সৰগৰ পিতা পঃল দেৱতাই ঘূৰণীয়া হৈ ইমানকৈ জোনাক  ঢালিছিল যে ভাৰালৈ অনা হেচাক লাইটৰ পোহৰো মোলান পৰিছিল।  আলহীলৈ বুলি কাঁহৰ কাহী-বাটি, পিতলৰ লোটা আৰু আনসকললৈ কলপাতত খোৱাৰ ব্যৱস্থা  হৈছিল।  আলহীৰ খোৱা-বোৱাৰ  তদাৰকীৰ ভাৰ পৰিছিল গাৱঁৰ চিকুণ বোৱাৰী দুম্ পাগৰ আয়েকৰ ওপৰত।

সেই পৰ্ব শেষ হোৱাত আয়েকে দেখিলে দিনটো আলহীৰ মাজে মাজে ইফালে-সিফালে  ঢপলিয়াই  বেচেৰা দুমপাগ্ ভাগৰত লবেজান হৈ পৰিছে।নুমলীয়া হিচাপত দুমপাগ আয়েকৰ বৰ মৰমৰ। ল'ৰাৰ গঢ়-পিতো ভাল। আয়েকে ক'লে,

 -'ল দুমপাগ, চাঙলৈ যাওঁগৈ। আলহীয়ে খোৱা-বোৱা কৰিলে। বাকীখিনি জঞ্জাল আন মাইকীবোৰে চম্ভালিব।

 এইবুলি দুয়ো চাঙলৈ খোজ লবলৈ ধৰিলে। টোপনিয়ে জোকোৱা ল'ৰাটোৰ খোজকেইটা পোন  হওক  বুলিয়ে  আয়েকে  ওপৰৰ সৰগলৈ  আঙুলিয়াই  ক'লে,

-দুমপাগ, ওপৰলৈ চাচোন-সৌটো কাৰপুমপুলি।

আয়েকৰ কথা শুনি সি ওপৰলৈ চাই, তাতেই তধা লাগিল। ফুট-গধূলাতে দুটামান খাই মে'ৰামৰ কাষতে টোপনিত  লাল-কাল দিয়াৰ অভ্যাস তাৰ। সভাৰ উলাহ বুলিহে আজি  ইমান দেৰিলৈকে  আছে। তাৰ পাঁচবছৰীয়া জীৱনটোত সি নিশাৰ আকাশখন ক'তেনো দেখিছে! আজি আয়েকৰ হাতত ধৰি  পৰলৈ মূৰ তুলি চাওতে বিস্ময়ত তাৰ মুখখন খোল খাই গ'ল। অকণি অকণি চকু দুটা ঠাইতে লুকাই পৰোঁ যেন হ'ল। সি দেখিলে, শূন্যতে যেনিবা গছিধানৰ থোকবোৰে নিয়ৰ সানি জলমলাই  থোপাথুপিকৈ ওলমি আছে।পঃল দেৱতাই তাতেই  বুকুত তুলসীপুলিটো আৰু  হৰিণাটো লৈ কপাহৰ জোলাৰ দৰে উৰণীয়া ডাৱৰৰ মাজে মাজে উজনি-ভাটিয়নি কৰিবলৈ কৰিছে।

এটা শিহৰণ, বতৰৰ আগতীয়া  জাৰ, নে নবুজা আৱেগতে জানো-তাৰ অকণমানি শৰীৰটো জিকাৰ খাই উঠিল।  ইমান ধুনীয়ানে!

-এইখনেই সৰগ নেকি আই? - সি সুধি পেলালে।

-এয়াই সৰগ। সৌবোৰ সৰগৰ তৰা, দেখিছনে? আৰু সৌটো চা, সৌটো কাৰপুমপুলি। সাতোটা তৰাই থূপ পাতি লৈ কেনেদৰে তিৰবিৰাই আছে দেখিছনে?

-কাৰপুমপুলি? কাৰপুমপুলি কি আই? মই হলে সৰগত পঃল দেৱতা আৰু তৰাবোৰকহে  দেখিছোঁ।

-আহ, তোক কাৰপুমপুলিৰ সাধুটো কওঁ।

তেওঁ  তাক কাৰপুমপুলিৰ সাধুটো কবলৈ ধৰিলে।

কাৰপুম আৰু পুলি আছিল বাই-ভনী।  দেখিবলৈ বৰ ধুনীয়া । এদিনাখন  দুয়ো  বাই-ভনী   হাবিলৈ খৰি-ঢেঁকীয়া বুটলিবলৈ যাওক। পাচে, হাবিৰপৰা ওলাওতে দেখোন  গধূলাই  হ'ল! সিহঁতৰ ভয় লাগিবলৈ ধৰিলে। তেনেতে দেখিলে নহয় ৰাক্ষস এটাই। নৰমনিচৰ গন্ধ পাই সিহঁতক খাবলৈ ৰাক্ষসে খেদা মাৰি আহিল। সিহঁতে নৈৰ পাৰৰ বৰগছ এজোপাৰ আঁৰত লুকাই আবুতানি দেৱতাক তুতি কৰিবলৈ ধৰিলে। আবুতানি দেৱতাই তাতেই  সন্তুষ্ট হ'ল। আৰু আকাশৰপৰা পাঁচজনী পৰী পঠিয়াই দিলে। সেই পৰীৰ লগতে কাৰপুম আৰু পুলি সৰগ পালেগৈ। তাতেই  সিহঁত সাতভনী হ'লেগৈ।  তাকে দেখি ৰাক্ষসো আকাশ পালেগৈ। পৰীকেইজনীয়ে কাৰপুম আৰু পুলিক লুকুৱাই  লুকুৱাই  ৰাখিলে আৰু ৰাক্ষসেও পিচে পিচে খেদিয়েই থাকিল। সেইবাবেই সৰগত  এই  সাতভনীক  আমি একে ঠাইতে  দেখিবলৈ  নাপাওঁ।ঠাই সলাই, ঠাই সলাই  সিহঁতে ৰাক্ষসৰপৰা পলাই ফুৰে।

সাধু শুনি তাৰ  চকুৰ টোপনি হৰিল। আয়েকে কোৱা সাধুটোৱে সেইখিনিতে ধুনীয়া সপোন এটা হৈ  তাৰ  চকুৰ পতাত লাহ দিলে। আৰু, তাতেই ৰৈ গ'ল। কেইবাবছৰ পিছত যেতিয়া বংকোৱাল হাইস্কুলখনত পঢ়িলেগৈ, তেতিয়াহে সাধুকথাৰ কাৰপুমপুলিক জ্যোতিৰ্বিজ্ঞানৰ সপ্তৰ্ষিমণ্ডল বুলি বুজিবলৈ পাৰিলে।সেইদিনাও সি দেখিলে, আয়েকে কোৱা সাধুটো তাৰ চকুৰ  পতাত ৰৈ আছে।

কিমানবাৰযে ৰাক্ষসে চকুৰ পতাৰ কাৰপুমপুলিক হৰি নিবলৈ আহিছে! দিচৈ নৈৰ পাৰৰ গৰু-ম'হ চৰা ৰাইজৰ  গ্ৰেজিংখন যেতিয়া সমবায় খেতি কৰাৰ নামত গোষ্ঠীৰ দহঘৰ ক্ষমতাশালী মানুহে সিহঁতৰ হতুৱাই চিকুণাই কৌশলেৰে  নিজৰ কৰি লৈছিল, তেতিয়াই এই ৰাক্ষসটোৱে প্ৰথমবাৰলৈ তাৰ চকুৰ পতাৰ কাৰপমপুলিক হৰি  নিবলৈ আহিছিল।  টকাৰ জোৰত গোষ্ঠীৰ মানুহৰ মানুহৰ সৰল বিশ্বাসত আঘাত কৰা সেই পৰিয়ালকেইটাক গোষ্ঠীয়ে জুই-পানী নিষেধ কৰিছিল। ৰাইজৰ বিশ্বাসক মষিমূৰ কৰাৰ জগৰত গোষ্ঠীৰ তি অনুসৰি গধূলা জোঁৰ জ্বলাই সিহঁতক নিৰ্বংশ হবলৈ  শপি আহিছিলগৈ।হ'লে কি হ'ব! আইনে দেখোন ৰাইজক নেওচা দি শতৰুৰ ফালেই ৰায় দিলে। মিত-মাত কৰাই দিবলৈ  অহা চৰকাৰীপক্ষই সিপক্ষৰ ভেটি খাই দুমপাগৰ দেউতাকৰ দৰে সাদৰী মানুহটোকো আওকথা কৈ মনত  অলপ আঘাত দিলেনে!সেই ক্ষোভ সি অষ্টমমানতেই লিখা একাংকিকা নাট ‘মনজুই'ত উজাৰি  দিছিল।

বংকোৱাল  হাইস্কুলৰপৰা সুখ্যাতিৰে মেট্ৰিক পাচ কৰি কমাৰগাওঁ মহাবিদ্যালয়ত পঢ়িবলৈ আহোঁতে আন্দোলন কৰা  ছাত্ৰসন্থাৰ নেতাবোৰে ৰেগিং কৰাৰ সময়ত পাতি ধৰোঁতে- ‘ঐ মিৰিপোৱালিটো!মুখ  চম্ভালি কথা কবি' বুলি  হুংকাৰ দিছিল। তেতিয়াও সিহঁতৰ আক্ৰোশী মুখত এই  ৰাক্ষসটোৱেই দেখিছিল। তেজৰ এটা থোলোক তাৰ মুখলৈ উঠি  আহিছিল। জোঙাকৈ চকু দুটা তাতেই  লুকাই পৰিছিল। গোষ্ঠীৰ ছাত্ৰকেইটিক গোটাই লৈ হুংকাৰ দি, ফোৰোহাণি  মাৰিছিল সি। অৱশেষত মহাবিদ্যালয়ৰ অধ্যক্ষই ৰেগিং কৰা নেতাকেইটাক  ফিল্ডত সকলোৰে সন্মুখত আঁঠুকঢ়াই  শাস্তি  দিবলৈ বাধ্য হৈছিল।জয় হৈছিল তাৰ। সেই ছাত্ৰসন্থাৰো আঞ্চলিকৰ সাংগঠনিক নেতা হৈছিলগৈ সি।

সংযক্ত মুক্তিবাহিনীৰ সশস্ত্ৰ সংগ্ৰামলৈ সদস্য কৰি নিয়াৰ উক-মুকনিত, টাকাম মিচিং পৰিন কেবাঙৰ সদস্য হৈ গোষ্ঠীৰ অধিকাৰৰ হকে  দীঘলীয়াকৈ যুঁজোতে, খহনীয়া হৈ বৰনৈয়ে খেদি  আহোঁতে, আৰু এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয়  উদ্যানৰ ব্ৰাঘ্য প্ৰকল্পৰ নামত সাতপুৰুষৰ চাপৰিবোৰ কতৃপক্ষই নিবলৈ আহোঁতে-কিমানবাৰযে সি এই ৰাক্ষসৰ সতে যুঁজ দিছে!কেতিয়াবা লগে-ভাগে, প্ৰায়েই অকলে।কাচিৎ জিকিছে। প্ৰায়েই হাৰিছে।ঘৰ-মাটি হেৰুৱাই সি আজি কেতিয়াবা  মথাউৰিত, কেতিয়াবা  চাপৰিত । সুযোগ পায়ো গোষ্ঠীৰ বিশ্বাসক আঘাত কৰি নেতাৰ দালালি কৰা আন  সতীৰ্থৰ  দৰে  গুৱাহাটীত  বঙলা  সজাগৈ নাই।  তাহানিৰ  কাৰপুমপুলিৰ  সাধুকথা  সি চকুৰ পতাত  জীয়াই ৰাখিছে।

 ---

ফটফটীয়াকৈ মনত পৰে। বংকোৱাল গাওঁখন চঞ্চল হৈ উঠিছিল। মুৰংঘৰৰ বাকৰিত ঘনে ঘনে সভা বহিছিল। ভোজ-ভাত, নাচ-বাগৰ কথা উঠিছিল। বৰচাহাবক দেখুৱাব লাগিব। বোলে, বৰচাহাব গোষ্ঠীৰেই মানুহ। বোকাখাট মহকুমাৰ প্ৰথমজন প্ৰশাসনিক বিষয়া। শিশুৰাম পেগু। এই হিচাপেও বুকুখন  ফিন্দ খাই  উঠাৰ কথা নহয়জানো! নাচোন এপাক  নেদেখুৱালে হ'বনে! গিয়াতি মাতি ভাগে ভাগে দায়িত্ব ভগাই দিয়া  হ'ল। যা-যোগাৰ চলিল। যথাসময়ত শিশুৰাম পেগু ডাঙৰীয়াই লংলুঙীয়া বাট ভাঙি হাতীৰ পিঠিত উঠি কমাৰগাওঁ, মহুৰাৰ গো-বাট পাৰ  হৈ একেকোবে  জকাইচুকীয়া বংকোৱাল গাঁৱৰ বোকা-পানী খচকি গাৱঁৰ মুখতে হাতীৰ পিঠিৰপৰা নমাই গোষ্ঠীৰ বিহু এখনেৰে  বাকৰিলৈ আদৰি হ'ল। গজ-গমনে গাৱঁত ভৰি দিলেহি পেগু ডাঙৰীয়া সমন্বিতে চৰকাৰী বিষয়াসকলে।

বাকৰিত দুমপাগৰ দেউতাকক সভাপতি পাতি বৰ এখন সভা হ'ল। বৰচাহাবে ক'লে-‘ৰাইজ, প্ৰধানমন্ত্ৰীয়ে পঢ়াশালি  পাতি দেশখন শিক্ষাৰে উজলাবলৈ নিৰ্দেশ দিছে। সেয়েহে আপোনালোকে মাটি এডোখৰ দিয়ক। হওতে এই বংকোৱাল  গাৱঁতে এখন হাইস্কুল পাতিব লাগে। তেহে চাৰিওকাষৰ গাওঁবোৰৰ সুচল হ'ব। আমাৰ গোষ্ঠীৰ  ভাই-ভনীসকলো আন জাতি-গোষ্ঠীৰ  সমানে সমানে উজাই  যাব  নালাগে  জানো/ শিক্ষাৰ  হাত  ধৰিহে   গোষ্ঠী  আগুৱাব লাগিব।  এতিয়া ৰাইজৰ মত পালে ভাল হয়!'

সজ।সজ।ভৈয়ামলৈ নামি আহি গোষ্ঠীৰ নিজা  মাত-কথা কবলৈ এৰি অসমীয়াতে মাত-কথা দিয়া বংকোৱালবাসীয়ে  সমস্বৰে কৈ উঠিল।

মোখনিত সভাপতিয়েও দীঘলীয়াকৈ কিছু ক'লে।‘ৰাইজ, অদূৰত সৌৱা স্বৰাজ আন্দোলনৰ ছহিদ কমলা মিৰিৰ  ওপৰটেমেৰা গাওঁ। যি সময়ত পুলিচৰ হাতত পৰিলেই জাত-কূল যাব  বুলি মানুহে পলাই  পত্ৰং দিছিল, ‘স্বৰাজবস্তুটো খায় নে কাণত  পিন্ধে তাৰ ধাৰণা নাছিল, কানীয়াৰে ভৰি থকা এই এলেকাত  কানিৰ  বিৰদ্ধে  যুঁজা  বুলি   গান্ধী-ভলণ্টিয়াৰক চল চাই নাকনি-কাননি কৰিছিল-সেই সময়তে ওপৰটেমেৰাৰ কমলা মিৰি আৰু বলোৰাম চেক্ৰেটেৰীয়ে স্বধীনতাৰ হকে আৰু কানি বৰবিহৰ  বিৰুদ্ধে  যুঁজ দিয়া  নাছিলজানো! সেইখন গাৱঁৰে বেপুঙে  সমগ্ৰ গোলাঘাটৰ  কংগ্ৰেছৰ ভলণ্টিয়াৰ বাহিনীক ‘কমাণ্ড' দিছিল। ওপৰটেমেৰাৰ কুলা, থুপুৰ, অতিৰাম, কচু, কৰ্দিক, ধনাম, বুঢ়া, নদীৰাম, জাৰ্মান-পাঠৰিৰ  মালীধৰ-মেদক গাৱঁৰ বিকাৰাম বুঢ়া আৰু জীয়েক প্ৰমীলা- নৈ-গাৱঁৰ অতীন, অতৰাম, চেনিচন-আমাৰ এই বংকোৱালৰ  বেজীয়া-ধনশ্ৰীৰ শম্ভু মিৰিৰ দৰে স্বাধীনতা যুঁজাৰুৰ কথা কোনে নাজানে? এনেহেন  আগশাৰীৰ মানুহৰ এলেকাত হাইস্কুল কিয়, আমাক  কলেজ এখনো নালাগে জানো!সদ্যহতে এখন হাইস্কুলৰ হাত ধৰিয়েই উঠি যাওঁ, আহক। '

আৱেগত মাত থোকা-থুকি হৈছিল সভাপতিৰ। মূখ্যমন্ত্ৰী হোৱাৰ পিছতে গোপানীথ বৰদলৈয়ে পৰ্বতে-কন্দৰে গৈ  স্বাধীনতা যুঁজাৰুৰ খবৰ-বাতৰি লৈছিলগৈ । সেই আপাহতে এসময়ত একেলগে কাৰাবাস খটা ছহিদ কমলা মিৰিৰ ঘৰলৈও  আহিছিল। গোষ্ঠীৰ আটাইবোৰ গাৱঁৰ ৰাইজে তাতে উজাৰ খাই পৰিছিলগৈ। সাক্ষাৎ মূখ্যমন্ত্ৰীক দেখা পাই কমলা মিৰিৰ পৰিবাৰ আৰু  জীয়ৰিহঁতে-‘জে'লত একেলগে আছিলআজি বাঃবক ক'ত থৈ আহিলবুলি যিখন  ৰাউচি জুৰিলেসেই কান্দোনে উপস্থিত সকলোৰে চকু তিয়াই দিলে। সেইদিনাই ছহিদ কমলা মিৰিৰ অক্লান্ত সহযোগী, বলোৰাম  চেক্ৰেটেৰীকো বৰদলৈয়ে সাক্ষাৎ কৰি গৈছিল। পুলিচৰ হাতত ধৰা পৰি জাত গৈ এঘৰীয়া হোৱাৰ ভয়ত পৰ্বতে- কন্দৰে পলাই, 'ৰেপৰাই সংগ্ৰামৰ নেতৃত্ব দিয়া বলোৰাম চেক্ৰেটেৰি তেতিয়া শকত নৰিয়াত।  দাংকোলাকৈহে  বৰদলৈৰ  সন্মুখলৈ  অনা হৈছিল।

সেই অধ্যায়, স্বাধীনতা যুঁজাৰুৰ পৰিয়ালৰ মৰ্মন্তুদ বেদনা  জাকৈত উঠা মছন্দৰি-খলিহনাৰ দৰে গোষ্ঠীৰ সোঁৱৰণিত  চটফটাই থকা নাছিলজানো!   

উজনি বংকোৱাল, মাজ বংকোৱাল, কলাবাৰী বংকোৱাল, কাঠনিবাৰী বংকোৱাল- চাৰিটাকৈ ছুবুৰীৰে বিয়াগোম  বংকোৱাল গাওঁ। একোটা ছুবুৰীয়েই  একোখন গাঁৱৰ সমান। চুবুৰীয়ে প্ৰতি এশ-ডেৰশ জখলা। মিপাগে চাংঘৰৰ হিচাপত কলেও গোষ্ঠীয়ে জখলাৰে জোখ লবলৈহে সুচল পায়। বোলে,  কাঠনিবাৰী বংকোৱালৰ এশ  জখলা। অৰ্থাৎ, এশটা চাংঘৰ। মুখ বাগৰি অহা প্ৰবাদ মতে  গোষ্ঠীৰ এইটি ফৈদে সৌ  তাহানিতেই  উত্তৰপাৰৰ পৰ্বতৰ আদিগোষ্ঠীৰ  ভাই-ককাইৰ সতে বিবাদ লাগি যেতিয়া ভৈয়ামলৈ নামি আহিছিল, তেতিয়া বুধি কৰি বাটেৰে নাহি কচুৱনিয়েদিহে  খোজ  লৈছিল, আৰু ঘপিয়াই  কচুবোৰ কাটি  থৈ আহিছিল। কচুগছ সোনকালেই শুকাব আৰু  পিছে পিছে খেদি অহা গিয়াতি-ভায়ে  ভাবিব- বিবাদ লগা ভাই-ককাইহঁত বহুদিনৰ আগেয়েই ভৈয়ামলৈ নামিল। তেতিয়া সিহঁতে আক্ৰমণ  কৰিবলৈ খেদি  নাহি  উভতি যাবগৈ। আহি  আহি  সিহঁতে  নৈ এখন পালে। বংকোপ  নামৰ  সেই  নৈৰ পাৰতে  কিছুদিন জিৰণি লোৱাৰ বাবেই হেনো ফৈদৰ  নাম  বংকোৱাল হ'ল।  আৰু এটি  মুখ বাগৰা  প্ৰবাদ আছে। ৰজাৰ তলত থকাৰ সময়ত এনিশা আপং খাই শতৰুৰ বিৰুদ্ধে যুঁজিবলৈ যাবলগীয়া হ'ল। বাটতে এখন নৈ। ৰছী বান্ধি নৈখন পাৰ হওতে আপঙৰ নিচাত শতৰু বুলি ভাবি গিয়াতিকেই কাটি থৈ আহিল।বংশ কটা ফৈদ বাবেই  হেনো বংকোৱাল নাম পালে।  

ৰজাৰ সতে, কাষৰীয়া জাতি-ভাইৰ সতে মিতিৰালি কৰি চলিবলৈকে গোষ্ঠীয়ে নিজৰ ভাগৰ কিছু এৰি দিলে। কিছু  নহয়, সৰহকৈয়ে এৰি দিলে।পোনতেই  এৰি দিলে আইৰ মুখৰ ভাষাটো।গোষ্ঠীৰ নিজা ভাষা এৰি ছুবুৰীয়া জাতিগোষ্ঠীৰ   ভাষা কোৱা বংকোৱালবাসীৰ মুখৰ মাতষাৰ সেয়েহে  হেনা- হুচা,নিজৰ ভাষাৰ গন্ধ থকা  এটি  মিঠা আৱেশ তাত  লাগি থাকে। শুনিবলৈকো শুৱলা।  মিপাগৰ বিহুকেইটা, কিছু  নিয়ম  গোষ্ঠীৰ  ভিতৰুৱা  হ'ল। আকাশৰ পঃল  দেৱতাৰ বুকুৰ  তুলসীপুলি আৰু হৰিণাৰ  সাধুটোও ভিতৰুৱা  হ'ল। 

 প্ৰবাদপ্ৰতিম  শিশুৰাম  পেগু কৰ্ম-তৎপৰ মানুহ। দেশে  স্বাধীনতা পাই ধীৰে-ধীৰে  আগুৱাইছে। চাৰিওফালে উচাহৰ ঢল। সুযোগ বুজি নৈ-মুখত বাস কৰিবলৈ ভালপোৱা গোষ্ঠীক আগুৱাই নিবলৈ তেওঁ অলেখ আঁচনি কৰিছে।  ধনশিৰিপৰা  উজাই  বৰনৈ, গেলাবিল আৰু দিচৈৰ পাৰ শুৱাই লানি লানিকৈ এইবোৰ গোষ্ঠীৰ গাওঁ- ৰুহিতা, বৰবালী, বকুলী, অফলা, লহৰা, কেমেৰী, বৰটিকা, ৰি ৰি, মাজ দলপা, গুটুংনৈ গাওঁ (নাম টেমেৰা)।  বংকোৱালৰ   আগত  বৰবালিভলুকাগুৰিকেমেৰী। একোখন গাওঁ, পিচফালে গাৱঁৰ বিশাল খেতিপথাৰ, তাৰপিছত  আৰু  একোখন  গাওঁ। গাওঁ মানে যৌথ পৰিয়াল একোটাৰ ত্ৰিশ-ছল্লিছজন সদস্যই বাস কৰা, এশ বিছ হাত পৰ্যন্ত দীঘলকৈ   বিয়াগোম  চাংঘৰৰ লানি। প্ৰতিটো চংঘৰৰ ভিতৰত তিনি-চাৰিখন মে'ৰাম।শণ খেৰেৰে চালেৰে গপচ।ঘৰে প্ৰতি তিনি-চাৰিটাকৈ  শইচৰ  ভঁৰাল।

খেতি কৰিবলৈ সাঁৰিয়া মাতিব লাগিব, দহতৰপীয়া  চাংঘৰ সাজিবলৈও সাঁৰিয়া মাতিব লাগিব।  হালবোৱা-ৰোৱা-তোলা কৰিবলৈ হলে, চাংঘৰ সাজিবলৈ হলে গিৰিহঁতে পঃৰ-আপঙৰ কলহ ভাঙি গোষ্ঠীক এঁসাজ খুৱাই দিলেই  হ'ল।  ডেকাবোৰে উজাৰ খাই আহি কাম কৰি দিয়েহি । এয়াই  সাঁৰিয়া মতা। মাৰি-মৰক বুলিবলৈ প্ৰায় নাই। চাং তলেৰে বৈ  যায় নৈৰ  জুৰণীয়া  বতাহ। বেমাৰ-আজাৰ উৰুৱাই লৈ  যায়। ইখনি  গাৱঁৰ কাবানৰ সুৰ বতাহত উটি  সিখনি গাওঁ পায়। চাঙৰ তলত আগফালে তাঁতশাল, পাচফালে গৰু-গাহৰিৰ ঠাই।পথাৰত বিধে বিধে আহু-শালি-বাও ধানৰ খেতি। ইপাৰ-সিপাৰ জুৰি খৰালিৰ  মাটিমাহ- সৰিয়হ-আলু-কচুৰ খেতি। নৈ-খাল-বিলত  জাকৈ মাৰিলেই   জাক পাতি উঠি আহে মাছ। কিমান খাবা। নামচিঙৰ আঞ্জালৈ  কিমান শুকুৱাবা। খেতিৰেও ধনী, পইচাৰেও ধনী ।  মিপাগৰ গাওঁবোৰেও সমীহ কৰি চলে। 

কেমেৰী নৈ-মুখৰ গাওঁ। বংকোৱালৰপৰা বৰনৈলৈ খোজেৰে পাঁচঘণ্টাৰ বাট। বৰনৈৰ এটি দুটি সুঁতি এইফালেও বৈ  গৈছে। কেমেৰীৰ সিপাৰে নৈৰ মূল  সুঁতি পাৰ হৈয়ে লুইতমুখ।মথাউৰিটোত উঠিলেই উত্তৰপাৰে সেয়া গহপুৰ।  লুইতমুখৰে সৰু সুঁতি এটাৰ দাঁতিত লহৰাচাপৰি। চাপৰিৰ সিপাৰে দক্ষিণ-পশ্চিম মাজুলীৰ শেষৰ দুখনকৈ গাওঁ- কাচিকটামৰাইডুবি। তাৰ আগলৈ মাজুলীৰ এছেৰাকটা, মহৰিচুক-এনেকৈ গোষ্ঠীৰ  গাওঁবোৰ ।নৈ, নৈৰ সাৰুৱা  অৱবাহিকা, জুৰণীয়া বতাহত নিৰহ-নিপানী গোষ্ঠীৰ বৰণীয়া কৃষ্টি। খৰালি খোজেৰেই  ইফাল-সিফাল  ঘূৰে।  বাৰিষাহে নাও।

সেই বংকোৱালকে কেন্দ্ৰ কৰি যেতিয়া হাইস্কুল পতাৰ কথা ওলাল, তাকো  গোষ্ঠীৰ  নাম  উজলাই  থকা  প্ৰশাসনিক  বিষয়াই লুংলুঙীয়া বাটেৰে হাতীৰ পিঠিত উঠি আহি স্বয়ং ঘোষণা দিলেহি, গোষ্ঠী তাতেই উজাৰ খাই  নপৰিলজানো! সেই নিশা চৰকাৰী মিপাগসকলক লৈ বৰচাহাবে গাঁৱতে খপিলে। ৰাইজে জোনাক নিশা মুৰংঘৰৰ বাকৰিত ভোজ-ভাত খাই, পঃৰ-আপঙৰ নিজৰা বোৱাই, গুমৰাগৰ নাচোনৰ ঠেওৰে কাঠ-বাঁহ-খেৰৰ  দহতৰপীয়া  চাংঘৰ তল-ওপৰ কৰি   পাহৰিব নোৱাৰাকৈ বৰচাহাবক মন যোগাই দিলে।

তাৰ পিছৰচোৱা কাল আছিল চকুৰ পতাৰ কাৰপুমপুলি সপোনটোৰ দৰে। পকাখুঁটাৰে কেন্সি-বাটামৰ  হাইস্কুল  উঠিল, পশুপালন কেন্দ্ৰ উঠিল, স্বাস্থ্য-উপকেন্দ্ৰ  উঠিল, বলখেলাৰ ফিল্ড উঠিলনাট্যমন্দিৰ উঠিল। উপ-ডাকঘৰ এটাও  হ'ল। বংকোৱাল যুৱ সংঘ, অপৰাজিতা শিল্পী গোষ্ঠী গঠন হ'ল। নাট্য মন্দিৰতে দুমপাগ  লইঙৰ একাংকিকা  নাট ‘মন জুই'ৰ  আখৰা হ'ল। প্ৰদৰ্শনী হ'ল। বাৰ্ষিক সমাৰোহবোৰত অলেখ পুৰস্কাৰ বুটলিলে।  গোষ্ঠীয়ে  বুজিলে,    দুমপাগৰ মগজু আন বহুতৰ দৰে কণ গেলা নহয়, সি সোণ ফলোৱা কঠিয়াৰ সঁচ। এনেকৈয়ে  আইৰ  মুখৰ  ভাষাটো   এৰি অসমীয়া ভাষাক  বল  দিবলৈ  ভোগালী সময়ৰ সোণোৱালী  বুকুৰে  উঠি  আহিল গোষ্ঠীৰ  এজাক  নামজ্বলা কবি- সাহিত্যিক-সাংবাদিক। ফুটবল, ভলীবলৰ প্ৰসিদ্ধ খেলুৱৈ। দূৰ-দূৰণিৰ গাৱঁৰপৰা খৰালি শুদা  ভৰিৰে  মাজৰা-বিৰিণাৰে ভৰা চাপৰি আৰু  সুঁতিবোৰ পাৰ হৈ, বাৰিষা  নাৱেৰে উজাই- ভটিয়াই  ল'ৰাবোৰে  বংকোৱাল   হাইস্কুলত  ৰং মনে শিক্ষা ল'লেহি।  

ভাটিৰ ৰজাঘৰীয়া  ভকতচাপৰিৰ  ঘটনাটোৰ পিছতে  ভৰা যৌৱনত  দুমপাগে  নতুনকৈ গঠন হোৱা  টাকাম মিচিং পৰিন কেবাঙৰ সাংগঠনিক নেতৃত্ব দিওতে, মিচিং আগম কেবাং, দৃৰবৃ  কেবাং, বাঃন' কেবাঙৰ  সভাবোৰত  ইঠাই-সিঠাই  টহলি ফুৰোঁতে গোষ্ঠীৰ এই গাওঁবোৰ খোজেৰেই মহতিয়াই  অহা  নাই  জানো!   প্ৰতিখন  গাৱঁৰ  মানচিত্ৰ, পথাৰ, লুং-লুঙীয়া বাট, চাপৰিবোৰ-কাবান, অইনিঃতম আৰু  বোকোচাত কেঁচুৱা বান্ধি কামত  ভৰত বেঁকা হৈ  যোৱা মাকবোৰে নিচুকাবলৈ গোৱা কাঃনিঃনামৰ সুৰবোৰ মগজুৰ দ'লৈকে পোত খাই যোৱা  নাই  জানো!

 গোষ্ঠীৰ  স্বাধিকাৰৰ হকে এঘড়ী যুঁজিবলৈ  দুৰ্মদ হৈ উঠিছিল সি।

নিজৰ হাতেৰে গঢ়িছিল। চকুৰ সন্মুখত দেখিছিল নৈপৰীয়া ভোগালী মাটিত গঢ় লৈ উঠা সভ্যতাৰ ধাৰ।শৈশৱৰ  চকুৰ পতাত লাহ দিয়া বৰণীয়া সাধুৰ সমৃদ্ধি।উতলা সপোন।পুৰণিৰ ভেটিত নতুনে গঢ় লৈ উঠাৰ শিহৰণ। 

লাহেকৈ সোমাই আহিছিল তৰাৱতী। তায়ো যেন এখনি ৰঙিয়াল নৈ। নিজানে আহে। ভৰা নৈৰ দৰে বাঢ়ে। নিজতেই  বিভোৰ। মনত পৰে তাৰ। শৰীৰ জিকাৰ খাই উঠে। জোনাক নিশা মিৰিজিমৰ উমৰ তলত চাংঘৰৰ বাঁহৰ  চচালি কেৰকেৰাই  উঠিছিল। তপত নিশাহ, যৌৱনৰ খিকিন্দালিৰ মতলীয়া ৰাগী চাঙতলেৰে সৰকি নিশাৰ বুকুত হেৰাই   গৈছিল। এটি এটিকৈ তিনিটি সন্তানেৰে তাৰ বুকু ভৰাই দিছে তৰাৱতীয়ে।উমনিত  বহা  কুকুৰাৰ   দৰে  পৰিয়ালটোক  বুকুৰ উম দিছে। ল'ৰা-ছোৱালীক খুটি  খাবলৈ শিকাইছে। কাকো নষ্ট হবলৈ দিয়া  নাই। তাক সামাজিক কামলৈ  আগুৱাই দিবলগীয়া হওতে ঘৰুৱা কামৰ বোজাত মানুহজনী উমনিত বহা কুকুৰাৰ দৰেই জঁয় পৰি যোৱা নাই  জানো! 

আজন্মৰ বংকোৱালখনি  নৈয়ে  সামৰি  লোৱাৰ  পছত  কোনোমতে মথাউৰিত  পৰিয়ালটোক  থিতাপি  লগাই   লগৰ কিছুমানৰ  সতে সি  বিজুলী ৰিজাৰ্ভত মাটি  ভাঙিছিলগৈ।  ছুবুৰীয়া-সমনীয়া  নৈ-ভগনীয়া গোষ্ঠী  একঠা  মাটি বিচাৰি দিহিঙে-দিপাঙে গুচি গ'ল। কোনোজন পালেগৈ  জাগুণ। কোনোজন মেৰাপানীৰ  গমাৰিগুৰি। কোনোজন সৰু-পথাৰবৰ-পথাৰ, পাণবাৰী। বিজুলী ৰিজাৰ্ভত মাটি ভঙাৰ জগৰত সিহঁতে জে'লো খালে।  জে'ল  খোৱাৰ পিছত নুমলীগড়ত ৰাজআলিৰ ওপৰতে ডাঙৰকৈ অৱস্থান ধৰ্মঘট হ'ল।  চৰকাৰে  দয়া কৰি পৰিয়ালকেইটাক এবিঘাকৈ  মাটি দিলে। পাচে  খেতি কৰিবলৈ  মাটি  নথকাত মানুহবোৰ  বিমোৰত পৰিল। মাটি  নাথাকিলে  কৃষিজীৱি ৰাইজে কি কৰি খাবভাগে  ভাগে মথাউৰিলৈকে  উভতিল। দুমপাগো উভতি আহিল। সেই  নাজল-নাথল  অৱস্থাতো ‘বান-গৰাখহনীয়া প্ৰতিৰোধ আৰু  সুৰক্ষা সমিতি' পাতি সি খহনীয়া ৰোধ কৰিবলৈ কমখন যুঁজ দিছেনে! নৈয়ে  মূল  মথাউৰিটো সামৰি লোৱাত গোষ্ঠীয়ে পিচুৱাই আহি কৃষিবান্ধটোকে সাৰথি কৰি থিতাপি লবলগীয়া হ'ল। সেই  কৃষিবান্ধটো টনকিয়াল কৰি মূল মথাউৰিলৈ উন্নত কৰিবলৈ সি কমখন ৰণ পাতিছেনে!  

জীৱনৰ অত হাহাকাৰতো হাতৰ কলম এৰা নাছিল। কাকতত ‘বংকোৱালঃ বৰনৈৰ বুকুত  বহুতো স্মৃতি হেৰালবুলি  ধাৰাবাহিক শিতান লিখিছিল। দেশ-বিদেশৰ সাংবাদিক, গৱেষকৰ দলৰ হাত  ধৰি ক্ষেত্ৰ-অধ্যয়ন কৰোৱাই   দিছিল। মথাউৰিত পাতিছিল কবি-সন্মিলন। কিবা এটা হয় যদি হওক। স্মাৰকপত্ৰবোৰে দ'ম  বান্ধিছিল। অৰঙে-দৰঙে   ঘূৰি ফুৰোঁতে বোকাখাতৰ  বিটলীয়া সাংবাদিকৰ দল এটাই  খোজাত কাগজ-পত্ৰৰ  ফাইলটো  তৰাৱতীয়ে সৰল  বিশ্বাসেৰে  সিহঁতৰ হাততে তুলি দিলে। সেই ফাইল সি আৰু ঘূৰাই  নাপালে। ন'হলে বংকোৱাল হেৰাই যোৱাৰ ইতিহাস লৈ এখন  কিতাপৰ পৰিকল্পনাই আছিল তাৰ।   সেই  দুখতে কলম  সামৰি  থৈ  দি'লে।

সেই দুখে তৰাৱতীক দহে। তথাপি তাই হাৰ মনা নাই। ‘মেম'ৰিতো দেউলিয়া হোৱা নাই যেতিয়া কথাবোৰ লিখি  উলিয়াব লাগে আকউ,হেলা কৰিবলৈ  নাপায়' বুলি  শুনায়ে থাকে।ভৰা  বৰনৈৰ বুকুত তাই মানুহটোৰ সতে নাৱৰ  ব'ঠা ধৰে।চাপৰিৰ চাংঘৰ, মথউৰিৰ চংঘৰৰ মাজত দিনৰ দিনটো উজনি-ভাটি  কৰে। মথাউৰিত থাকিয়ে  তিনিবাৰকৈ ঠাই সলাবলগীয়া হোৱা  বংকোৱাল হাইস্কুলত  আৰু পিছত  কমাৰগাওঁ  কলেজত তিনিওটি সন্তানক  তাই সন্মানেৰে পাচ কৰাই আনিছে। ডাঙৰটিয়ে আইন পাচ কৰি বাহিৰতে সংস্থাপিত হ'ল। জীয়ৰীক শিক্ষকলৈ উলিয়াই  দিলে। তায়ো চাকৰিৰ চেষ্টাতে আছে। নুমলীয়াটোৰ গতি লাগিলেই  লেঠা শেষ। কাৰো কাষত হাত পতা নাই।   ধাৰ- ঋণ কৰা  নাই। ঘৰ-মাটি হেৰুৱাই  মথউৰিত উঠাৰ পিছত পোনতে  আধিয়াৰ হিচাপে খেতি  কৰি, ধীৰে ধীৰে পইচা গোটাই ৰুপিত মাটিও কিনি পেলাইছে। তৰাৱতীৰ লাৱণী হাতে দুখ-বেদনা-হাহাকাৰ টানি লৈ গৈছে।

 সৌ-সিদিনা আগ শাওণৰ বানত বৰনৈৰ বুকুত হেৰাই যাবলৈ ওলায়ো নল-খাগৰিৰ মাজৰপৰা কঁকালত টাহ মাৰি ধৰা দুমপাগক তায়েই উদ্ধাৰ কৰি অনা নাই জানো!

জোঁৱায়েকৰ ঘৰৰ বিছনাত পৰি  খাঙৰ  ভিতৰৰ পাখি কোবাবলৈ নোপোৱা কুকুৰাজাকৰ  দৰে দেদাউৰিয়াই  উঠে দুমপাগ।

---

সন্তৰ্পণে আহিছিল নৈ। যেতিয়া কেমেৰী গাঁৱৰ পদূলিবোৰৰ তামোল-নাৰিকল-কলপুলি  বৰনৈয়ে  লৈ গৈছিল কোনেও তালৈ মন দিয়া নাছিল। ভঙা-গঢ়া নৈৰ চিৰন্তন খেল। তাৰ মাজতেই গঢ়ি উঠা গোষ্ঠীৰ কৃষ্টি । ভয় কৰিবলগীয়া কি আছে!অলপ পিচুৱাই নৈৰপৰা নিলগাই  বহিলেই হ'ব।ক্ৰমঃ ক্ৰমঃ কেমেৰী, কেমেৰীৰ শইচৰ পথাৰ সামৰি  যেতিয়া  নৈ বৰবালিভলুকাগুৰি  পালেহি, তেতিয়াহে   খহনীয়াৰ  গতি কোবাল  হবলৈ  ধৰিলে। 

আশীৰ  দশকৰ  শেষত  আহিল  কাহানিও নেদেখা  বান।  গাওঁ হেৰুৱাই  সমূহ  ৰাইজ  মথাউৰি পালেগৈ।  খেতিৰ মাটি  এচিকটাও  নাথকিল। ধনে-ধানে গপচ পৰিয়ালবোৰ  আধিয়াৰ  হবলৈ, দিন-হাজিৰা  কৰিবলৈ বাধ্য  হ'ল। হেন সময়তে এবাৰ  মাজুলীৰ জেংৰাইমুখত টাকাম মিচিং পৰিন কেবাঙৰ বাৰ্ষিক সমাৰোহ অনুষ্ঠিত হওক।কি জানো ভাৱনাত ত'ৰেপৰাই বৰনৈৰ বুকুৰে উভতিবলৈ মন  গ'ল তাৰ। জেংৰাইমুখৰপৰা  ইগাঁও -সিগাঁও  কৰি   খোজেৰে খাবলুঘাট পালেহি। গধূলাবেলা নাৱৰ যোগাৰ কৰি বৰনৈত পাৰি দিলে।

আকাশত পঃল দেৱতাৰ  নাচোন। তলত বৰালি মাছৰ বুকুৰ দৰে নৈ। নাচনী সোঁত। ভটিয়নী যাত্ৰা। ওপৰৰ  তৰাবোৰ যেন নিয়ৰসনা গছিধানৰ  থোক। ৰাক্ষসৰ ভয়ত পলাই ফুৰা কাৰপুমপুলিক সিদিনা সি নেদেখিলে। ওৰে  নিশা  জোনাকত নাও বাই পুৱা বংকোৱাল পায়হি মানে সি অনুমান কৰিলে বৰনৈৰ গতি এইচোৱাত পূবা-পশ্চিমা হবলৈ  ৰি উত্তৰা-দক্ষিণা  হৈছে। 

বুকুত  কঁপণি   উঠিল। বুজিলেখহনীয়া  প্ৰবল  হ'ব।  উপায়

কেমেৰীৰপৰা বংকোৱাল পাবলৈ  নৈয়ে  বাৰটা বছৰ  'লে। কিন্তু মথাউৰিটো নিয়াৰ  পিছত দুটা বছৰতে  বংকোৱাল, মাজ-দলপা গাওঁ প্ৰবল গতিৰে জাহ গ'ল।  উটি গ'ল গাওঁ। শিশুৰাম পেগুৰ প্ৰচেষ্টাত হোৱা বংকোৱাল  হাইস্কুলৰ পকীঘৰ, নাট্য মন্দিৰ, উপ-ডাকঘৰ।

তাহানি ৰজাদিনীয়া ভকতচাপৰিৰ দখল কাঢ়ি লোৱা চেকেণ্ড চীফ আত্মসমৰ্পণ কৰি বিয়াগোম  ঠিকাদাৰ।  প্ৰশাসন যেন  তাৰেই  হাতৰ মুঠিত । গোলাঘাট জিলাখন গঠন হোৱাৰ সময়তে ‘বান আৰু খহনীয়া প্ৰতিৰোধ আৰু সুৰক্ষা সমিতি'য়ে  প্ৰথমজনা উপায়ুক্ত ত্ৰিপাঠি ডাঙৰীয়াক মাতি আনি দুমপাগ সহিতে ৰাইজে খহনীয়াৰ এলেকাবোৰ  দেখুৱাইছিলহি। গাওঁবোৰৰ  জৰীপ হৈছিল। তেতিয়াও ভলুকাগুৰিৰ এচোৱা নৈ'ত জাহ যাবলৈ বাকী। বৰটিকাবংকোৱাল নৈৰ স্পৰ্শৰ বাহিৰতে আছিল। দিচপুৰ পৰ্যন্ত গৈ স্মাৰকপত্ৰ দিছিলগৈ। পাচে, সকলো হ'লগৈ ফুটুকাৰ ফেন। 

সকলো মানুহ হৃদয়হীন নাছিল। বোকাখাতৰ ৰাজহ-চক্ৰ বিষয়াগৰাকীয়ে তাৰে সৈতে নাৱে নাৱে গৈ, চাপৰিয়ে চাপৰিয়ে খোজকাঢ়ি  মানুহৰ খবৰ-বাতৰি লৈ ফুৰিছিলগৈ। গোষ্ঠীৰ দুখে মানুহজনৰ অন্তৰ দহিছিল। নব্বৈৰ  দশকৰ  আগচোৱা।   চৰকাৰে উগ্ৰপন্থীৰ বাবে আত্মসমৰ্পণৰ খেলা উলিয়ালে।লাখ লাখ টকাৰ টোপ। নিশাটোতে উগ্ৰপন্থী সাজি নিশাটোতে  আত্মসমৰ্পণ কৰা এদলো ওলাল। আত্মসমৰ্পণকাৰী আৰু চৰকাৰ একাকাৰ হৈ পৰিল।খহনীয়া ভেটিবলৈ অহা টকা  সোমালেগৈ আত্মসমৰ্পণকাৰী উগ্ৰপন্থীৰ জেপত।

 -‘কি কৰিব লইং ডাঙৰীয়া, হওতে আমি হলোঁ ৰাইজৰ সেৱক। তথাপি মন থাকিলেও  কাম কৰাৰ উপায় নাই'-- তেওঁ দুমপাগক কৈছিল।

-‘তেনেহ'লে আমি এই আত্মসমৰ্পণকাৰী দানৱটোৰ সন্মুখত মূৰ তল কৰি জীয়াই থাকিব  লাগিব নেকি?'-উষ্মাৰে সুধিছিল সি।

-‘লইং ডাঙৰীয়া, প্ৰয়োজন হ'লে মূৰ তল কৰিও জীয়াই থাকিব লাগিব। দেখিছে নহয়, প্ৰশাসন সিহঁতৰ  কবলত।  বাধা দিলেই নিশা আহি গুলীয়াই  থৈ  যাব। আপোনাৰ  চিন-মোকাম নোহোৱা কৰি দিব।' 

-‘দেশত আইন-কানুন নোহোৱা হৈছে।'

-‘চৰকাৰী চাকৰি কৰোঁ। সিফালে ৰাজকোষত টকা নাই। পাঁচ-ছমাহৰ মূৰত  দৰমহা পাওঁ। তাৰো এফাল উগ্ৰপন্থীলৈ কৰ হিচাপত দিব লাগে। ইজৰ উন্নয়নৰ বাবে অহা টকা সোমায়গৈ  আত্মসমৰ্পণকাৰী ঠিকাদাৰৰ  জেপত।  বুজিছেতো, এয়াই দেশৰ অৱস্থা।'

লাগি-ভাগি বান-ভগনীয়া গোষ্ঠীয়ে থাউনি লবলৈ বৰতল  চাৰিআলিত পকীকৈ  ‘হাইলেণ্ড প্লেটফৰ্ম' এখনকে সজা হ'ল যেনিবা,তাতো মানুহলৈ ঠাইৰ নাটনিহে হ'ল।

বিজুলী ৰিজাৰ্ভৰ ঘটনাটোৰ পিছত মথাউৰিলৈ উভতি আহি আধিয়াৰ  খাটি আনৰ  মাটিত খেতি কৰি ভাত উলিওৱা অৱস্থাতো সি যুঁজখন এৰি  দিয়া নাছিল। দমৰা-গাহৰি বেচি তৰাৱতীয়ে ল'ৰা-ছোৱালীৰ স্কুলৰ  মাচুলো দিছিল, ৰুপিত মাটি  কিনিবলৈও দুটকা সাঁচিছিল। দুৰ্দিনত গোষ্ঠীৰ  ল'ৰা-ছোৱালী মথাউৰিৰ বাহিৰ ওলাল।পঢ়া-শুনা  আধাতে এৰি কাম বিচাৰি অৰঙে-দৰঙে  গ'ল।  বহিঃৰাজ্যত চিকিউৰিটি গাৰ্ড, কোম্পাণীৰ চাকৰি  কৰিলেগৈ। ছোৱালীবোৰলৈও   তাৰেই  বিউটিপাৰ্লাৰ, হোটেল, মানুহৰ ঘৰত ৰান্ধনি কাম কৰাৰ সুযোগ ওলাল। গোষ্ঠীৰ  চাৰি-পাঁচদিনীয়া  পঃৰাগ উছৱ বাদেই, এদিনীয়াকৈ পতা আলি-আয়ে-লিগাঙত গুমৰাগৰ চেও দিবলৈকো ডেকা-ডেকেৰী নোহোৱা হ'ল। দিনে পোন্ধৰ-ষোলঘণ্টাকৈ হাড়ভঙা পৰিশ্ৰম কৰি, টকা-পইচা সাঁচি  কিছুৱে  উভতি মাটি কিনি  ঘৰ সাজিলেহি।  কিছু  ত'তেই ৰ'ল। গোষ্ঠীৰ জীয়ৰি মিপাগলৈ গ', মিপাগৰ  জীয়ৰি  গোষ্ঠীত সোমাল। পৰম্পৰাত ঘূণে  ধৰিলে।  দূৰ দেশত  হোৱা অচিনা বেমাৰ, দূৰ্ঘটনাতো বহু হতভগীয়া  ঢুকাল। গোষ্ঠীয়ে  সকলোকে আপোন  বুলি  সামৰি  ল'লে।

বছৰচেৰেকৰ পিছত যেতিয়া  নৈয়ে  সামৰি লোৱা গাওঁবোৰত  চাপৰি ওলাল, গোষ্ঠীৰ  মুখত হাঁহি বিৰিঙিল।  শুকান বালিত  মজৰা-বিৰিণা গজি  মাটি  সুস্থিৰ  হোৱালৈকে  বাট  চালে। তাৰপিছত এদিন  দুমপাগৰ নেতৃত্বত হাতে হাতে দা লৈ মতা-মাইকী লগ হৈ  মাটি খুলিবলৈ  ওলাই গ'ল। সহজ  কথা নাছিল। বাঁহনিৰ সমান ওখকৈ  মাজৰাবনৰ জোপা। তেনে জোপাৰ ভিতৰতে হাতীৰ বিয়াগোম জাক  এটা সোমাই আছিল। দূৰৈৰপৰাই  গণি চাই দেখিলে দঁতাল-মখনা-মাখুন্দী-পোৱালি  সহিতে  দুকুৰি পাঁচোটা।হুৰাই দিলেও যোৱাৰ  নাম নলয়। শেষত গোষ্ঠীয়ে  হিন্দুৰ প্ৰথা মতে গণেশ  বাবাৰ পূজা কৰি, নাম-কীৰ্তন গাই সুঁতিৰ পাৰত মাহ-প্ৰসাদৰ পাত দিলেগৈ। তেহে বোলে  তেৰাসৱ ওলাই  যাৱক। পাচে চেগা-চোৰোকাকৈ চাপৰিলৈ  কাজিৰঙা হাবিৰ গঁড়, পহুৰ জাক, বনৰীয়া গাহৰি, হাতীৰ জাক একোটা  ওলাই  নহা নহয়।

 সেয়েহে গোষ্ঠীয়ে বুধি কৰিলে, বোলে মাটি খুলি চাপৰিত  সৰহকৈ  মানুহ  আহি  থাকিবলৈ লোৱা যাওক। তেতিয়া বনৰ জীৱ বৰকৈ নাহিব। চৰকাৰৰ  ঘৰত  মাটিৰ  খাজনা  দি  মথাউৰিৰপৰা  এটি  দুটিকৈ চাপৰিত সেৰেঙাকৈ  চাংঘৰ সাজিবলৈ ধৰিলে। মূল চাংঘৰ মথাউৰিতে থাকিল অৱশ্যে।  বাৰিষা তল যোৱা  চাপৰিত  নদন- বদন  মাটিমাহৰ  খেতি। কোনোবাই  এচাহ বায়, কোনোবাই  নোবোৱাকৈয়ে  গুটি  সিঁচে।  দহবিঘাৰ খেতি কৰিলে  নাই  বুলিলেও নগদ ডেৰ- দুইলাখৰ উপাৰ্জন।  সৰিয়হৰ খেতি  কৰেগৈ  মানে চাপৰিৰ  মাটি  শুকাই  বালিৰ দৰে হয়গৈ।পূৰ্বৰ গাঁৱত কৰাৰ  দৰে  মটৰমাহৰ খেতিও কৰিব নোৱাৰা  হ'ল। তাকৰীয়াকৈ  নেমুটেঙাশাক- পাচলিৰ  বাৰী একোখন  লগাই  গোষ্ঠীয়ে  চাপৰিৰ মাটি   পশুধনৰ  চৰণীয়া  পথাৰ হিচাপেহে  ঘাইকৈ   ব্যৱহাৰ কৰিছে।  মাটিমাহ  আৰু  পশুধনেই  মূল সম্পদ। 

হাবিৰ জীৱ তথাপি আহে। গঁড়ো আহে সঘনেমানুহবোৰ অলপ ‘চাইদহৈ  দিলেই  অজলাকে গুচি যায় । পাল ফালি ওলাই অহা অকলশৰীয়া গজৰাজ  অতি ভয়ংকৰ। এনিশা হ'ল কি, চাপৰিৰ  ঘৰত  দুমপাগ আছিল  অকলে। চাৰে তিনিমান বজাতে সাৰ পাই চাহ  খাবলৈ  বুলি সি মে'ৰামত পানী তপতাবলৈ জুই দিয়ক।   তেনেতে বাৰীৰ  চুকত  কলথোকাৰ কাষতে  কিহবাই  লৰ- চৰ কৰি থকা দেখিলে নহয়।  চাপৰিৰ কাৰোবাৰ  খুঁটিৰ   ম'হ  বুলি   টৰ্চটোকে জ্বলাই  হুংকাৰ দি  হুৰাই গ'ল। পোহৰ  দেখি  এন্ধাৰৰ  কণা-মূণাত থকা জীৱও ভয় খাই   উলটি গ'ল। টৰ্চৰ পোহৰতহে  দুমপাগে  দেখিলে, খুঁটিৰ ম'হ  নহয়-প্ৰকাণ্ড দঁতাল  এটিহে।

 ইটিয়ে-সিটিক দেখি ‘নাৰ্ভাচ' 'ল বুলিহে, 'হলে সিদিনা আইধা পৰিবলৈও নাছিলজানো!

 বিপদ জানো সিমানেই। বোলে- দৰিদ্ৰ  লংকালৈ  যায়, সাগৰ  শুকায়,   মাণিক  লুকায়। ধাত- কপলীয়াৰ  দুখৰ ওৰ  পৰিবনে! এটা  সমাধান নৌহওতেই আন এটিয়ে হেঁচা মাৰি ধৰিবহি।  সৌ তাহানিৰ ৰজাঘৰীয়া  ভকতচাপৰিৰপৰা  দুমপাগক  উৎখাত কৰা নেতাই প্ৰেচাৰ ষ্ট্ৰ'ক হৈ  সিফলীয়া  হ'ল ঠিকেই, কিন্তু বিপদে   লগ এৰা দিলে জানো! মাটি খোলাৰ  সুৰুঙাৰে আপদ সোমাইহে আহিল। চাপৰিৰ মাটিয়ে সোণ ফলাবলৈ  লয়  মানে  বিদেশত  ধৰা  পৰি চৰকাৰৰ সতে শান্তি চুক্তি কৰি আলোচনাত বহা  সেইটো দলৰে  উগ্ৰপন্থী নেতাৰ  সেই  মাটিতে  চকু  পৰিল ।   পালি- পহৰীয়া সমন্বিতে বিলাসী গাড়ীৰ  সমদল কৰি নেতা আহি  ওলাওক।  বোলে- ৰাইজআমাকো মাটি  এভাগ  দিয়ক। আমাৰ সংগঠন কৰি  উভতি  অহা  ল'ৰাবোৰেও  স্বাৱলম্বী  হবলৈ  লাগে।  আপোনালোকে সহায় কৰক।  ইয়াতে  মাহ খেতি কৰোঁ বুলি  ভাবিছোঁ। আপোনালোকক  প্ৰতি  বছৰে  বিঘাই প্ৰতি পাচঁশকৈ  দিম।

মাটিখকুৱাৰ দল। দেশ স্বাধীন কৰিব বুলি লক্ষ্যৰপৰা ফালৰি কাটি আওবাটে গৈ, ভাটি বয়সত  শান্তি-আলোচনালৈ  উভতি আহিছে। এতিয়া গোষ্ঠীয়ে  বহু কষ্টে  খোলা চাপৰিৰ মাটি খাবলৈ লাগে। চৰকাৰ-প্ৰশাসনৰ সতে হাত-বাট  কৰা মানুহ। পইচাৰ আকাল লাগিছেনে? তথাপি মাটি নিদিও বুলিবলৈও গোষ্ঠীৰ ভয় হ'ল।অমান্তি হ'লে মানুহে  বিচাৰি নোপোৱা ঠাইত দেহাটো হৰলুকি কৰি  নিদিবগৈ জানো!উপায়ন্তৰ হৈ মৰখকুৱাৰ দলক দুশ বিঘাকৈ সোণ হেন মাটি   এৰি দিবলগীয়া হ'ল।গোষ্ঠীৰ চকুৰ সন্মুখতে সিহঁতে বনৰ জীৱৰপৰা সুৰক্ষা দিয়াৰ নামত সৌৰ-ফেন্সিং লগাই মাটি  নিজৰফলীয়া কৰি মাহ খেতি কৰিছে। গোষ্ঠীয়ে মাটিমাহৰ খেতি কৰে  মুকলিকৈ। বনৰ জীৱয়ো নষ্ট কৰেআকউ  কোনোবাই হেঁপাহতে খাও বুলিলেও  দুজোপা-এজোপা  উভালি লব পাৰে। পাচে.  মাটিখকুৱাৰ দলৰ  মাহৰ খেতিত হাত লগোৱা বাদেইসৌৰ-ফেন্সিঙত  হাত দিবলৈকে ভয়  নহয়জানো! মানুহ  বাদেই, কাৰেণ্ট লাগি  বনৰ জীৱও  সাত হাত দূৰৈত উফৰি পৰিব।

গোষ্ঠীয়ে বিঘাই  প্ৰতি পাঁচশ  টকাকৈ  পালেনে? আও, নুসুধিবা। বোলে, সিহঁতলৈ  বজাৰ  মন্দা। এৰা।  বজাৰ আকউ সিহঁতলৈহে  মন্দা, গোষ্ঠীয়ে দেখোন বজাৰৰ  উচিত দামেই পায়/

ইয়াৰ মাজতে উজনিৰ মৰঙিয়ালৰ  ফালে বনৰজাই  গোষ্ঠীৰ এটিক টানি নিলে। তাতেই গোষ্ঠী  উজাৰ খাই  বনৰজাক গোপনে  বধি   ন'থলেজানো! পাচে, সেয়াই  কাল হ'ল। গোটেইখন ৰজনজনাই  গ'ল। সাংবাদিক আহিল।   বনবিভাগ আহিল। পুলিচ আহিল। হালে  হালে সাঙুৰিলে। জে'লত  দিলেগৈ। সেই সুযোগতে  চৰকাৰৰো  চকু  গজিল।  বাঘৰ সুৰক্ষাৰ বাবে ব্ৰাঘ্য-প্ৰকল্প উলিয়ালে। কাজিৰঙা হাবিৰ মাটি বহলাবলৈ কতৃপক্ষ সাজু হ'ল। এতিয়া  আই  ধৰতকৈ, বাই ধৰ চাৰ  নহ'লজানো! 

 ---

সভা  শুৱনি,  কৰ্মঠ  পুৰষ  দুমপাগ  লইং। এতিয়া বিছনা লবলগীয়া হোৱাত বতৰাটি  ৰৌজাল-বৌজাল  হৈছে।  ভাৰে-ভেটিয়ে গোষ্ঠীৰ মানুহে খবৰ লবলৈ জোঁৱায়েকৰ ঘৰলৈ ঢপলিয়াই আহিছে।মুখবোৰ শুকান।

ফিজিঅ'থেৰাপিৰ ক'ৰ্চ আৰম্ভ হৈছিলহে  মাথো।সিফালে  লাগিল হুৱা-দুৱা।  খবৰ কৰিবলৈ  অহা  গোষ্ঠীৰ   মুখেৰেই  দুমপাগে  গম পালে, পানী নামি যোৱাৰ পিছতে  চৰকাৰী মানুহে চাপৰিৰ বহু মাটি ফেন্সিং দি বেৰি থৈ গৈছে। 

হঠাতেনো আকৌ কি হ'? সম্ভেদ উলিয়াবলৈ  গৈহে  উৰহী গছৰ ওৰ ওলাল।  খবৰ-বাতৰি লৈ গম পালে  গোষ্ঠীৰ  অজানিতেই  চাপৰিৰ  মাটি  ভিলেজ  গ্ৰেজিং ৰিজাৰ্ভলৈ  উন্নীত কৰা হ'ল। আচলতে, চৰকাৰী  জাননী  গাওঁবুঢ়ালৈ  কেতিয়াবাই  আহিছিল। জাননীত  লিখা  আছিল-‘প্ৰাকৃতিক ঐতিহাসিক সংগ্ৰহালয় নিৰ্মাণৰ বাবে' বোকাখাত  ৰাজহ  চক্ৰৰ কাজিৰঙা মৌজাৰ  বঙালী গাৱঁৰ এশ চল্লিছ  বিঘা ‘ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ'ৰ নামত আৰু  সেই  মৌজাৰে  ডিফলুগাৱঁৰ পঞ্চাশ বিঘা মাটিৰ লগতে মহুৰা মৌজাৰ ৰি ৰি গাৱঁৰ ষাঠি বিঘা আৰু বংকোৱাল গাৱঁৰ  ত্ৰিশ  বিঘা মাটি ‘সংৰক্ষিত গ্ৰেজিং ৰিজাৰ্ভ'ৰ নামত চৰকাৰে  কাজিৰঙা  হাবিত  সুমুৱাই  লব। এতিয়া ৰাইজৰ আপত্তি  থাকিলে নিৰ্দিষ্ট সময়ৰ ভিতৰত  জনাওক।

জাননীত থকা দাগৰ নম্বৰ চাই  গাওঁবুঢ়াই  দেখিলে  সেইবোৰ  গোষ্ঠীয়ে  হাড়  ভঙা পৰিশ্ৰমেৰে  মুকলি  কৰা  চাপৰিৰ  মাটি। য'ত আছিল তাহানিৰ গোষ্ঠীৰ গাওঁ। গাওঁবুঢ়াৰ পেটতে হাত-ভৰি লুকাল। কি সাহত  এনেহেন  জাননী এখন লৈ গোষ্ঠীৰ মুখা-মুখি হ'ব! ভয়তে চৰকাৰী জাননী গোপনে থৈ দিলে। সিমানতে ৰাইজৰ আপত্তিৰ  ৰাজহুৱা শুনানিৰ দিন উকলি গ'ল। বানৰ অচিলাতে ৰাইজে  আওকণীয়া হৈ থকাৰ সুযোগত কতৃপক্ষই  হাতত  সাৰে  ভৰিত  সাৰে  বোকা মাটিতে  ফেন্সিং দি সীমা  বান্ধি  দিলেহি। 

বুজিলে গোষ্ঠীয়ে, এয়া  কৌশল। এদেও দুদেও লোটা নিবৰ চেও। প্ৰথমে গ্ৰেজিং ৰিজাৰ্ভ  হিচাপত মাটি  দখল। ক্ৰমঃ  ক্ৰমঃ কাজিৰঙা হাবিৰ মূল ভূমিত সোমাই পৰিব চাপৰিৰ  সমস্ত মাটি। চল  চাই গোষ্ঠীয়ে  দিনক ৰাতি কৰি  খোলা মাটি এনেদৰেই  দখল কৰি সৌ পূবৰ মোলাই-কাঠনিলৈকে কাজিৰঙা হাবিখনৰ সীমা টানি দিবগৈ বুলি  ওলাই  থকা গুজব তেনে মিছা নহয়!  

অৰ্থনৈতিক  স্বাৱলম্বিতাৰ  নামত  সৌৰ-ফেন্সিং  দিমাটিমাহৰ খেতি কৰিবলৈ অহা  দলটোৰ উদ্দেশ্যনো কিকাজিৰঙা হাবিখন এইফাললৈকে আগুৱাই  আহিলে সিহঁতে এই  মাটিতে সোণ ফলোৱা পৰ্যটন উদ্যোগ গঢ়ি  নুতুলিবনেঅলেখ উত্তৰবিহীন  প্ৰশ্নই খলকনি তুলিলে। খঙে-দুখে  মানুহবোৰৰ  জোঙা  চকুবোৰ ঠাইতে লুকাই পৰিল। 

বিছনাত পৰি পৰিয়ে দুমপাগে  গম-গতি  ল'লে।ভালেটিহে সিবৈচা গোষ্ঠীয়ে চাপৰিৰ মাটিৰ  খাজনা  দিবলৈ যাওতে অফিচৰ  চাহাবে  খাজনা লবলৈকে  মান্তি হোৱা নাছিল। বোলে, মাটি চৰকাৰৰ। আপোনালোকৰ নহয়। খাজনা  দিব নালাগে। নৈয়ে  লৈ গলেও কাহানিবাকৈ  হলেও মাটি ওভতাই দিব-এয়ে গোষ্ঠীৰ সৰল বিশ্বাস। তদুপৰি খাজনা দিয়াৰ কাগজখন নাথকিলে দেখোন চৰকাৰী  প্ৰমাণপত্ৰও  নাপায়।  সেই  হিচাপত  গোষ্ঠীয়ে নৈৰ তলত  হেৰোৱা মাটিৰো খাজনা দিয়ে। চাপৰি ওলাওতেও খাজনা দি আছিল। চৰকাৰেও হেৰোৱা মাটিৰ  খাজনা লৈয়ে  আছিল।

 তেনেহলেনো হঠাতে  খাজনা নোলোৱাৰ এইখন কি খেলা ওলাল

গোষ্ঠী সাজু হ'ল। দিন-বাৰ চাই  যিদিনা চৰকাৰী ফেন্সিং উভালি  থৈয়া নথৈয়া ৰণ এখন পাতিবলৈ গোষ্ঠী  সমবেত  হ'লহি, সেইদিনা দুমপাগ লইং আৰু পৰি থাকিব নোৱাৰিলে।লাঠি এডালত ভেঁজা দি, জোঁৱায়েকৰ গাড়ীত উঠি  হেপো-টেপোকৈ ৰাইজৰ  কাষ  পালেহি। সৌ বৰতলৰ হাইলেণ্ড প্লেটফৰ্মৰ  কাষতে উত্তমহা গাওঁ পঞ্চায়ত আৰু  দিচৈ গাওঁ  পঞ্চায়তৰ অধীনৰ গোষ্ঠীৰ গাওঁকেইখনৰ সমুদায় ৰাইজ সমবেত হৈছে। কোনোৱেই  শুদা হাতে অহা নাই। সহৰহভাগৰ হাততেই মাটি খুলিবলৈ মাজৰা-বিৰিণা কটা দা একোখন।আন সঁজুলিও  আছে। মতাই-মাইকীয়ে  এদল। অলপ পিছতে চৰকাৰী ফেন্সিং উঠাই দিবলৈ সিহঁতে ৰাওণা দিব। চাপৰিৰপৰা পানী  ওলাইছে, কিন্তু বৰনৈ  এতিয়াও  টল- মল।  নাৱেৰেই যাব লাগিব। দলটোত সি তৰাৱতীকো দেখিলে।তায়ো যেন ব'ঠা ধৰিবলৈ  সাজু। তাইক দেখি খঙে-দুখে একাকাৰ হৈ থকাৰ মাজতো তাৰ চকুত ধেমালি  এটাই খেলি গ'ল। বুঢ়ী, তই  ঠিকেই  কৱ, মেম'ৰি মোৰ দেউলিয়া হোৱা নাই। তাতেই জোঁৱাইৰ ঘৰত  বিছনাত পৰি পৰি এইকেইদিনত সোঁৱৰণি নিৰহ-নিপানী হৈ গ'ল।তই কোৱা  মতেই এইবাৰ বংকোৱালৰ বান-খহনীয়াৰ  ইতিহাস  লিখি উলিয়াম। 

 সি গাড়ীৰপৰা নামিল। পানী নামিলেও গেলাবিলৰ  পাৰ এতিয়াও ওপচা। নৈক চুই থকা গৰৈমাৰী বিলত ভেঁট- পদুমৰ ফুলবোৰ জকমকাই এখন ওপঙা ফুলনি পাতিছে। এছাটি  জুৰণীয়া বতাহে সিহঁতক কোবাই গৈছে। মূৰৰ ওপৰত নীলা আকাশ। তলত ৰ'দে জলমলাই থকা ভৰুণ পৃথিৱী। কেউফালে পূৰ্ণতাৰ  ছবি। মাথোন  নৈ-ভগনীয়া গোষ্ঠীয়েহে  কেতিয়াবা খহনীয়াত, কেতিয়াবা  ৰকাৰী মেৰ-পেচত ক্ৰমঃ ক্ৰমঃ হেৰুৱাবলৈ ওলাইছে সাতপুৰুষৰ ভেটি।

দেখিলে সি, গেলাবিলৰ  দলঙৰ মূৰতে বুকুত মেথনি মাৰি সৌজাক  জাকৈয়া কনেং । সিহঁতে  গৰৈমাৰী  বিললৈ  বাট লৈছে। কনেংজাকৰ মুখৰ অইনিঃতমৰ  জাত জাত  সুৰে নৈপৰীয়া বতাহ  উতলা  কৰিছে--

 আচি চিপৃদ জুৰ মা ৰামকঙই জুৰ মা

আক কঙই দেয়ামা আজনৌম জন গুমাং

পানীৰ ফেনত থকা একে জলকণা নহ'লোঁ। আৰু এযুৰি  চাকৈ-চকোৱাও  নহ'লোঁ। একেটি  শৰীৰ হোৱা হ'লহে   তুমি আৰু মই পীৰিতি বান্ধিব  পাৰিলোঁহেঁতেন।

গোষ্ঠীৰ ৰাংঢালি কনেং। তেনেই আজলী। জীৱনৰ জটিলতা বুজিকে নাপায়। দুমপাগৰ বুকুখন মোচৰ খাই গ'ল। নৈ হেৰুৱালে, চাপৰি হেৰুৱালে, পীৰিতি ক'ত বান্ধিবি বাচাহঁত।

ভাবি ভাবি মানুহটো গোঁৱাৰ হৈ উঠিল। চকু দুটা তাতেই লুকাই পৰিল।  তেনেহ'লে?

যুঁজ এখন দিবই  লাগিব। খোজটো পোন কৰিবলৈ দুমপাগ লইঙে লাঠিডালত টানকৈ খামোচ মাৰি  ধৰিলে।  আৰু  সকলোৱে শুনাকৈ গল হেকাৰি এটা মাৰি আগুৱাই গ'ল।  

 ----

কৃতজ্ঞতাঃ বোকাখাতৰ মহুৰা মৌজাৰ   নৈ- গাঁৱৰ যোগেশ   লইং.  দৰিকী লইংনমিতা  বৰি  লইং।  বংকোৱাল গাৱঁৰ  পদ্মকান্ত  লইংবিনুমাই  লইংসৰুধন মৰাং ।  প্ৰকৃতি সংগঠন  ‘আৰণ্যক'ৰ   প্ৰাকৃতিক সম্পদ আৰু  ব্যৱস্থাপনা তথা জীৱিকা বিভাগৰ  পৰামৰ্শদাতা ড০ জয়ন্ত কুমাৰ শৰ্মা আৰু  বিশিষ্ট বন্যপ্ৰাণী বিশেষজ্ঞ তথা সৰীসৃপ গৱেষণা আৰু সংৰক্ষণ বিভাগৰ  মুৰব্বী ড০ ফিৰোজ আহমেদ।

সহায়ক প্ৰবন্ধ,  গ্ৰন্থ - 

১.  মিচিং সংস্কৃতিৰ  আলেখ্য'  গ্ৰন্থৰ  দূৰ্গা ৰেগনৰ  নিবন্ধ  ‘আলি আই  লৃগাং- ইয়াৰ বৈশিষ্ট'   আৰু  টাবুৰাম টাইদৰ  নিবন্ধ ‘অই নিঃতমৰ পটভূমি'

২. টংকেশ্বৰ লইং ৰচনাৱলী    

৩. কাৰপুংপুলিৰ জন্মকাহিনী(মিচিং সাধুকথা), মৌচুমী মৌমন, সাহিত্য ডট অৰ্গ

 ৰত্না ভৰালী তালুকদাৰ

 

 

No comments:

Post a Comment