জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘শিল্পীৰ পৃথিৱী' পঢ়াটো প্ৰতিজন অসমীয়াৰ বাবেই এটি কৰ্তব্য-এইবাবেই যে, এই ভাষণটিত জ্যোতিপ্ৰসাদ আগৰৱালাই ভাৰতীয় আৰু অসমীয়া সংস্কৃতিত কৃষ্ণ সংস্কৃতিৰ প্ৰভাৱ আৰু কালিকাৰ বিষয়ে বৰ্ণণা কৰিছে। শ্ৰীমন্ত শংকৰদেৱেও কৃষ্ণ সংস্কৃতিকেই আমাক দি থৈ যোৱা নাই জানো! জ্যোতিপ্ৰসাদ আগৰৱালায়ো অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা শংকৰদেৱে এই কৃষ্ণ সংস্কৃতিক চিত্ৰিত কৰি সাহিত্যৰ মেটভৰা সম্ভাৰেৰে ভাষা-সংস্কৃতিৰ যি ভেটি বান্ধি থৈ গৈছে-এই সকলো দিশ সামৰি কৃষ্ণ সংস্কৃতিৰ যি বিজ্ঞানসন্মত ব্যাখ্যা আগবঢ়াইছে- সেই ব্যাখ্যাৰ মাজেৰেই আজি ৰজাঘৰীয়া পৃষ্ঠপোষকতাত ধৰ্ম-ভাষা-সংস্কৃতি-জাতি-জনগোষ্ঠীৰ পৰিচিতি আৰু বিকাশৰ নামত ভেদ ভেদ কৰি পোলোৱাৰ জঘন্য ৰাজনীতিক ভালদৰে উপলব্ধি কৰিব পাৰোঁ। ব্যাখ্যা কৰিব পাৰোঁ।
অন্ততঃ এইবাবেই
ৰূপান্তৰৰ শিল্পীগৰাকীৰ বাবে ‘সংস্কৃতি' দৰাচলতে কি আছিল, আৰু তেখেতৰ শিল্পদৰ্শন কি আছিল
তাক উপলব্ধি কৰিব লাগিব বুলি অনুভৱ কৰোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া
সংস্কৃতিৰ নতুনকৈ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল।আমাৰ
পৰম্পৰাৰ বিয়ানামৰ সুৰ যেতিয়া আধুনিক
হাৰনিয়ামৰ ৰীডত ‘গছে
গছে পাতি দিলে ফুলৰে শৰাই, কি ৰাম
ৰাম ফুলৰে শৰাই' বুলি নতুনকৈ প্ৰাণ পাই উঠি, তেতিয়াই আধুনিক গীত আৰু লোকপৰম্পৰাই
একেলগে হাতে হাত ধৰি আগুৱাই যোৱাৰ নতুন বাট এটাও ওলাই পৰিল। ইয়াৰ ফলত
লোকসংস্কৃতি মৰহি ন'গল, বৰঞ্চ কব পাৰি
পৰম্পৰাৰ গীত-মাতে নতুন জীৱনৰ এটা সম্প্ৰসাৰণহে লাভ কৰিলে, নতুনকৈ
উজ্জীৱিত হ'ল। লগতে লোকসংস্কৃতিৰেই হাত ধৰি আমাৰ কৃষ্টিলৈ
সোমাই আহিল আধুনিক গীতৰ শৰাই। এয়াই ৰূপান্তৰৰ ধৰ্ম। ইয়াত একোৱেই মৰহি নাযায়,
বৰঞ্চ সকলোৱেই নতুনকৈ প্ৰাণ পাই উঠে। হাৰমনিয়ামৰ ৰীডত যেতিয়া
জ্যোতিপ্ৰসাদ আগৰৱালাই বিয়ানামৰ সুৰ
তুলিলে তেতিয়া চৌদিশে বিতৰ্কৰ ঢৌ উঠিছিল, কিন্তু সেই
বিতৰ্কৰ প্ৰতি তেওঁ কাণসাৰ দিয়া নাছিল, কিয়নো তেখেতে বিশ্বাস কৰিছিল
ৰূপান্তৰত, সম্পৰীক্ষাত। পুৰণি জীয়াই থাকিব লাগিব, কিন্তু নতুনৰো আগমণ ঘটিব লাগিব। জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেই বাটেৰেই আহি
আহি যেতিয়া ৩৮,০০০ৰো অধিক গীত গোৱা জুবিন গাৰ্গেও
লোকপৰম্পৰাৰৰ গীতসমূহ বিকৃত নকৰাকৈ মূল সুৰতে গাই থৈ গ'ল, তেতিয়া আমি সগৌৰৱেৰে কবলৈ পৰা হ'লোঁ যে, জুবিন গাৰ্গৰ কণ্ঠৰ মাজেৰে এই গীতসমূহে আকৌ
এবাৰ নতুন জীৱন পালে, এটি সম্প্ৰসাৰণ লাভ কৰিলে। জুবিন গাৰ্গৰ
কণ্ঠৰ এই লোকপৰম্পৰাৰ গীতসমূহে আমাক অসমৰ লোকসংগীতৰ মজবুত ভেটিটোৰ কথাও সোঁৱৰাই
দিয়ে। টোকাৰি গীত, লোকগীত, দিহা
নামৰপৰা নিচুকণি গীতলৈকে সকলো গীতেই তেওঁ গাই থৈ গৈছে। আচলতে সকলো মহান শিল্পীয়ে
তেওঁলোকৰ অতুলনীয় কণ্ঠৰ মাদকতাৰে লোকপৰম্পৰাৰৰ গীতসমূহক একোটি নতুন জীৱন
দিয়ে। জ্যোতিপ্ৰসাদৰ হাত ধৰি ওলাই অহা
অসমীয়া সংগীত আৰু বিশ্ব সংগীতৰ
অনন্য সংযোগৰ সৃষ্টি
কৰা ভূপেন হাজৰিকায়ো তাকেই কৰিছে।এই
সকলোবোৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ
সম্পৰীক্ষাৰ প্ৰেৰণা বুলিয়ে হব লাগিব।
তেনেহ'লে কি এই জ্যোতিপ্ৰসাদৰ শিল্পদৰ্শন, যাক আমি ‘জ্যোতিদৰ্শন' বুলিও কব পাৰোঁ-যি দৰ্শনে আজিৰ ৰজাঘৰে বিয়াপাই দিব বিচৰা ধৰ্মান্ধতা আৰু সাম্প্ৰদায়িকতাবাদত অতীষ্ঠ হৈ উঠা সমাজক এক সুস্থিৰ দিশৰ সন্ধান দিব পাৰে। যি দৰ্শনৰ সময়োপযোগী ব্যাখ্যা আজি অতিকৈ প্ৰাসংগিক।
তেখেতে কৈছে, ‘মানুহ হৈছে সপোন দিঠকলৈ পৰিণত কৰাৰ শিল্পী। সেইহে মই মানুহ-শিল্পী।আপোনালোক মানুহ- মানুহ আপোনালোকো প্ৰত্যেকজনেই শিল্পী, পৃথিৱীখন শিল্পীৰ ঘৰ, শিল্পীৰ কাৰখানা- আৰু শিল্পী সাংস্কৃতিক সম্পদৰ প্ৰদৰ্শক।” এই ব্যাখ্যাৰ মাজেৰে প্ৰতিজন মানুহৰ বুকুতেই তেওঁ শিল্পৰূপ আছে বুলি দোহাৰি গৈছে। ভাবিলে আচৰিত লাগে, অসমৰ সমাজব্যৱস্থাৰ ভাঙোণ আনিবলৈ বৰ্তমানৰ সাম্প্ৰদায়িক শক্তিয়ে অসমৰ সংস্কৃতিৰ যি দুটি মূল আধাৰ-কৃষ্ণ সংস্কৃতি আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন-এই দুয়োটিকে বিকৃত কৰিছে। এই দুয়োটি বাগধাৰাৰ, অৰ্থাৎ কৃষ্ণ-সংস্কৃতি আৰু শংকৰদেৱৰ দৰ্শনৰ বিষয়ে জ্যোতিপ্ৰসাদ আগৰৱালাই ‘শিল্পীৰ পৃথিৱী'ত ৰূপান্তৰৰ তত্বৰে ইমান সুন্দৰ ব্যাখ্যা দি থৈ গৈছে যে, সেই পোহৰে হতাশাৰ সূচীভেদ্য অন্ধকাৰৰ মাজত আমাৰ মন একুৰা জোৰৰ দৰেই আলোকিত কৰি তোলে।
ইয়াত কংসক ৰাষ্ট্ৰৰ প্ৰতীক বুলি ধৰিলে দেখিবলৈ পাওঁ যে, আজিৰ পৰিবেশতো ৰাষ্ট্ৰৰূপী কংসই সাম্প্ৰদায়িকতাবাদ আৰু ধৰ্মীয় উন্মাদনাৰূপী দুস্কৃতিৰ দানৱেৰে জ্যোতিপ্ৰসাদৰ হিয়াৰ আমঠুস্বৰূপ জনতাৰ মাজৰপৰা ঐক্যৰূপী সনাতনী সংস্কৃতিক নিধন কৰিবলৈ উঠি পৰি লাগিছে। কৃষ্ণক মাৰিবলৈ তাহানি কংসই পুতনা ৰাক্ষসী মেলি দিয়াৰ দৰেই আধুনিককালত হাতৰ মুঠিত ৰখা অধিকাংশ সংবাদমাধ্যম আৰু আন অনুচৰবোৰ মেলি দি জনসাধাৰণৰ কল্যাণকামী কণ্ঠৰুদ্ধ কৰি নানা তৰহৰ উপৰুৱা আৰু বজৰুৱা কথাৰে জনসাধাৰণক প্ৰলোভিত কৰি ৰাখিবলৈ নিৰন্তৰে চেষ্টা চলাইছে। আৰু সেইবাবেই জ্যোতিপ্ৰসাদৰ শিল্পদৰ্শন চৰ্চা কৰাটো আমাৰ বাবে হৈ উঠিছে এক সময়োপযোগী কাম।
‘শিল্পীৰ পৃথিৱী'ত জ্যোতিপ্ৰসাদে কৈছে-“শ্ৰীমন্ত শংকৰেও এই ‘কৃষ্ণ'কেই আমাক সংস্কৃতিৰ প্ৰতীককৈ দি গৈছে আৰু তেওঁ নিজৰ জীৱনতো কৃষ্ণৰ শিল্পীৰূপ মানৱ জীৱনক প্ৰকাশ কৰিবলৈ তেওঁ প্ৰতিবাৰে মনীষাৰে চেষ্টা কৰি গ'ল। প্ৰায়বোৰ ধৰ্মপ্ৰচাৰকেই সন্যাসীৰ দৰে ধৰ্ম প্ৰচাৰ কৰি ফুৰে। কিন্তু শ্ৰীমন্ত শংকৰে কৃষ্ণৰ অৰ্থটো ভালকৈ বুজিছিল- সেইহে কৃষ্ণৰ আদৰ্শত সেই যুগৰ উপযোগী জীৱন গঢ়িছিল। ”এই কৃষ্ণৰ আদৰেৰে অনুপ্ৰাণিত হৈয়েই শংকৰদেৱে যে, ‘ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কূল, দাতাত চোৰত যেন দৃষ্টি সমতুল”-বুলি মহাত্মা গান্ধীতকৈও বহু শতিকাৰ আগতেই এই পবিত্ৰ অসমভূমিত এক সামাজিক বিপ্লৱৰ সুচনা কৰিছিল, তাক তেওঁ উক্ত বক্তৃতাত স্পষ্টভাৱে উল্লেখ কৰিছে।
মন কৰিবলগীয়া কথাটো হৈছে জ্যোতিপ্ৰসাদে এই “শিল্পীৰ পৃথিৱী” শীৰ্ষক উক্ত বক্তৃতাটি প্ৰদান কৰিছিল দেশে স্বাধীনতা লাভ কৰাৰ পিছে পিছে। সেই সময়ত নতুন ভাৰত গঢ়াৰ, নতুন অসম গঢ়াৰ সপোনত দেশৰ কাণ্ডাৰীসকল উদ্বাউল। এই সময়তে জ্যোতিপ্ৰসাদে ক'লে--“আজি আমি কৃষ্ণৰ নামো লৈছোঁ, গুণো গাইছোঁ--তাৰ কিন্তু অৰ্থ হেৰুৱাইছোঁ। আজিও আমি কৃষ্ণকেই লব লাগিব। কিন্তু কৃষ্ণত বৃন্দাবনৰ বংশীবাদকৰ মূৰ্তিৰেও নোৱাৰোঁ-আমকি কৃষ্ণ নামটোৰেও নোৱৰোঁ।এই দুয়োটা হিন্দুধৰ্মৰ বাহি্যক ৰূপৰ সৈতে সোমাই আছে। আজি আমি যিখন ভাৰত গঢ়িম-যিখন অসম গঢ়িম-সেই ভাৰতত, অসমত হিন্দু, মুছলমান, জৈন, খৃষ্টিয়ান, ইহুদী, শিখ আদি নানা ধৰ্মৰ মানুহ। এওঁলোকৰো নিজা নিজা সংস্কৃতিৰ প্ৰতীক আছে কৃষ্ণৰ দৰে।এতিয়া আমি কৃষ্ণৰ অৰ্থটোহে উলিয়াই আনিব লাগিব আজিৰ যুগলৈ তাৰ ভিতৰৰ সত্যটো-যি সাৰ্বজনীন সেই সত্যটো পৃথিৱীৰ আন ধৰ্মৰ বা সংস্কৃতিৰ প্ৰতীকৰ পিছত থকা সত্যৰ সতে এক হবলৈ বাধ্য। আমাৰ প্ৰতীকৰ ৰূপ মিলাব নোৱাৰো। তাৰ অৰ্থৰ মিল অৱশ্যেই আছেই, তাকেই আমি কৰিব লাগিব। সাংস্কৃতিক সমন্বয়ৰ এইটোৱেই অৰ্থ। সাংস্কৃতিক ঐক্যৰ এইটোৱেই ব্যৰ্থ নোহোৱা উপায়। এই অৰ্থ উলিয়াই সকলোৰে লগত যেতিয়া সি মিলিব, তেতিয়া তাক সকলোৱে লব পৰা নাম দিব লাগিব। আজি সেইটোৱেই হৈছে-আজি কৃষ্ণৰ আন সকলো ধৰ্মৰ অৰ্থৰ সৈতে মিলা অৰ্থৰ এই যুগৰ অৰ্থৰ নামাকৰণ হৈছে ‘সংস্কৃতি'। আজি আমাৰ সকলো ভাৰসাৰ থল হৈছে এই সংস্কৃতিয়েই। শ্ৰীমন্ত শংকৰৰ সংস্কৃতিৰ ৰূপান্তৰৰ নীতি খটুৱালেই আমি ‘কৃষ্ণ' নামৰ ঠাইত ‘সংস্কৃতি' নামটো পাওঁ। আৰু সংস্কৃতি কাক বোলে, তাক আজি হিন্দু, মুছলমান, খ্ৰীষ্টান, ইহুদী সকলোৱেই জানে-সকলোৱেই বিচাৰে-যাক ন'ললে মানুহ দুস্কৃতিৰ আক্ৰমণত ধ্বংস পাব।” অৰ্থাৎ যি ‘কৃষ্ণ'ক জ্যোতিপ্ৰসাদ আগৰৱালাই ‘সংস্কৃতি' অভিধাৰে আখ্যায়িত কৰিলে, তাৰ আধাৰ ‘সাংস্কৃতিক সমন্বয়' বা প্ৰকাৰান্তৰে ‘উদাৰতা' বুলিও কৈ থৈ গৈছে। থোৰতে কবলৈ গ'লে ঐতিহ্যৰ চেতনাৰে অহা এই সমন্বয় বা উদাৰতাই ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদৰ ‘শিল্প দৰ্শন' বা ‘জ্যোতি দৰ্শন'।
এইবাবেই জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পদৰ্শনৰ মৰ্ম উপলব্ধি কৰিবলৈ হ'লে আমি মাথোন এইগৰাকী শিল্পীৰ ৰছনাৱলী বিজ্ঞানসন্মতভাৱে চৰ্চা কৰিলেই ন'হব, অসমীয়া সমাজ-ভাষা-সংস্কৃতিৰ ভেটি বান্ধোতাসকল যেনে-শংকৰদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে মনীষিসকলৰ সাহিত্য কৰ্মৰাজিও সমানেই অধ্যয়ন কৰিব লাগিব। কিয়নো আজি কুটিল ৰাজনীতিকৰ, সাম্প্ৰদায়িক শক্তিৰ হাজাৰ ষড়যন্ত্ৰৰ মুখতো অসমীয়া জাতি যদি টুকুৰা-টুকুৰ নোহোৱাকৈ থাকিব পাৰিছে-তাৰ গুৰিটো হৈছে এইসকল মনীষাই উদাৰতা আৰু সমন্বয়ৰ মাজেৰে গঢ়ি থৈ যোৱা সমাজখনহে। আৰু তেওঁলোকৰ কলমেৰে নিগৰি অহা কালিকালগা শব্দবোৰহে--যি আমাৰ চেতনাৰে প্ৰবাহিত হৈ আছে, হয়তোবা আমি নজনাকৈয়ে। জাতিৰ সংকটকালত তেওঁলোকে শব্দৰ মাজেৰে দি থৈ যোৱা নিদানবোৰৰ দৃষ্টান্তৰেই আমি ভাঙোণমুখী সমাজ বাৰে বাৰে জোৰা লগাব পাৰোঁ। হাজাৰ সংকটৰ মাজতো আজি অসমীয়া জাতি সেই বাবেই সৌভাগ্যবান।
পৰিহাসৰ কথা এয়ে যে, যিজনা জ্যোতিপ্ৰসাদে প্ৰতিজন মানুহৰ বুকুতেই ‘শিল্পী' লুকাই থাকে বুলি কৈ গৈছে, দেশৰ সেই জনসাধাৰণৰ অধিকাংশই কিন্তু নিজৰ প্ৰাণত লুকাই থকা এই শিল্পীসত্তাৰ ৰূপ দেখা নাপায়। কিয়নো এতিয়াও দুবেলা-দুসাঁজ যোগাৰ কৰাৰ চিন্তাতেই জনসাধাৰণে নিজক সংকুচিত কৰি ৰাখিবলগীয়া হয়। ইয়াৰে লগতে থাকে অজস্ৰ ষড়যন্ত্ৰ । প্ৰচাৰ মাধ্যমৰ জৰিয়তে নানানটা ফন্দি, হাজাৰ হাজাৰ হিতাধিকাৰী আঁচনি, কোটি কোটি টকাৰ ঋণ লৈ দেশৰ কৰ্মসংস্থাপনহীন জনতাক বিনামূলীয়া আঁচনিৰে চলাই-ভুলাই ৰাখি তেওঁলোকৰ মূৰতে সেই ঋণ জাপি দিয়াৰ কৌশল, একাংশ মোহগ্ৰস্ত শিল্পী- সাহিতি্যকক নিচাগ্ৰস্ত কৰি ৰাখিবলৈ অনেক প্ৰলোভনৰ জাল। এনে পৰিবেশত শিল্পীদিসৱৰ নামত তেখেতৰ শিল্পদৰ্শনৰ স্বৰূপ উপলব্ধি কৰাৰ বিপৰীতে উপৰুৱা গীত-মাত-বক্তৃতাৰে মায়াজাল ৰচি সাধাৰণ মানুহৰ বুকুত জ্যোতিপ্ৰসাদে দেখা পোৱা শিল্প ৰূপ মোহাৰি পেলাবলৈ বিচৰাটোৱেই সহজ কথা। বহুক্ষেত্ৰত তেওঁলোক এই ক্ষেত্ৰত সফলো হৈছে। “ৰূপান্তৰৰ শিল্পী'গৰাকীক ৰোমাণ্টিক অভিধাৰে ‘ৰূপকোঁৱৰ'তেই সীমামব্ধ কৰি ৰাখিব বিচৰাটোও সুবিধাবাদীৰ এটা কৌশলহে।
স্বভাৱিকতেই অৱশেষত জ্যোতি প্ৰসাদৰ শিল্প-দৰ্শনৰ সেই মৰ্ম-“ৰূপান্তৰৰ মাজেৰে সংস্কৃতিৰ বাণীকেই মানুহৰ মাজলৈ আমি কঢ়িয়াই নিব লাগিব”-সেই কাম কৰাৰ দায়িত্ব আমাৰ দৰে নিঃকিন সাহিত্য আৰু সাংস্কৃতিক কৰ্মীসকলৰ। তেখেতে কৈছে-“জনতাৰ ভিতৰত শিল্পীটো যে নিশ্চয়কৈ আছে, তাৰেই আমি জনতাক জ্ঞান দিব লাগিব।” প্ৰয়োজনত বিপ্লৱী হবও লাগিব। এইক্ষেত্ৰত জ্যোতিপ্ৰসাদ আগৰৱালা নিজেই অগ্ৰগামী। জনতাক উদ্দেশি তেখেতে কৈছে- “তোৰ সেই নিজানত, সেই গহনত, তোৰেই, ময়েই, শিল্পীয়েই, তোৰ আন্ধাৰক নাশিবলৈ তোৰ বুকুতেই বিপ্লৱী হৈ জাগিম।”
প্ৰশ্ন হয় এই ধৰ্মীয় গোড়ামি আৰু সংকীৰ্ণতাৰপৰা জ্যোতিপ্ৰসাদ আগৰৱালা কিদৰে মুক্ত আছিল? কিদৰে নিজকে তেনে এক পৰ্যায়লৈ তেখেতে উত্তৰণ ঘটাব পাৰিছিল?মানুহৰ প্ৰতি গভীৰ ভালপোৱা, মানৱতাবাদেৰে সিক্ত হৈ অহা শিল্পীৰ দৰ্শনৰপৰাই জ্যোতিপ্ৰসাদ আগৰৱালাই সংকীৰ্ণতাৰপৰা মুক্ত হৈ প্ৰতিজন মানুহৰ বুকুত লুকাই থকা শিল্পীৰ ৰূপ উপলব্ধি কৰিব পাৰিছিল। এয়া কোনো তত্ব নহয়-সি এক প্ৰায়োগিক কথা আৰু গভীৰ জীৱনোপলব্ধিৰ বিষয়। সেইজনা শিল্পীৰ প্ৰকৃত দৰ্শন আজি বহুতেই দেখা নাপায়। শিল্পী দিৱসৰ নামত এতিয়া বহু ঠাইত ৰূপান্তৰৰ শিল্পীগৰাকীৰ শিল্প-দৰ্শনৰ বিষয়ে চৰ্চা কৰাৰ বিপৰীতে গীত-মাত-আবৃত্তি প্ৰতিযোগিতা অথবা পৰিবেশনা, সুকোমল শব্দৰ ইননি-বিননিৰ মাজতেই শিল্পীগৰাকীক সংকুচিত কৰি ৰখা হৈছে। এনে সংকুচিত মানসিকতাই আমাক জাতিৰ সংকটকালত আত্মমগন হবলৈহে শিকাব কিন্তু উদাৰবাদী, গণতান্ত্ৰিক অসমীয়াৰ বুকুত সোমাই থকা হাজাৰ বছৰীয়া সমন্বয়ৰ সংস্কৃতিৰ দৰ্শন যিদৰে বিকৃত কৰা হৈছে, গুৰুজনাৰ আদৰ্শক যিদৰে বিকৃত কৰা হৈছে, আৰু তাৰ মাজেৰে সাংস্কৃতিকভাৱে অসমীয়াৰ কঁকাল ভাঙি পেলাবলৈ যি ষড়যন্ত্ৰ ৰছনা কৰা হৈছে-তাক প্ৰতিহত কৰিবলৈ আমি উপায় বিচাৰি উলিয়াব নোৱৰিম।
- ৰত্না ভৰালী তালুকদাৰ


No comments:
Post a Comment