Friday, 2 January 2026

 

 

 

 

 

 

ভিন্ন দেশ ভিন্ন কবিতা-বিশ্বৰ ভিন ভিন প্ৰান্তৰ এমুঠি ভিন্ন মেজাজৰ কবিতাৰ সফল অনুবাদ




 

 

প্ৰাৰ্থনাৰ শাৰীবোৰৰ পিছতেই বোধহয় আমাৰ প্ৰাণৰ আকূলতাক টানি নিয়ে কবিতাৰ শাৰীবোৰে।  এই পৃথিৱীৰ ভিন ভিন দেশৰ ভিন ভিন কবিয়ে ভিন ভিন সময়ৰ প্ৰেক্ষাত তেওঁলোকৰ আইৰ মুখৰ মাতটোৰে কিমান যে কবিতা লিখিলে!  কেতিয়াবা সেই কবিতাবোৰে  দেশ আৰু নিজৰ আইৰ মুখৰ মাতটোৰ পৰিধি  ভাঙি যায,  যেতিয়া সেই কবিতাবোৰ বিশ্বজনীনতাৰে আবেদনেৰে সিক্ত হৈ উঠে।  পৰিধি  ভাঙি  যায় অনুবাদৰ মাজেৰে। অৱশ্যে সকলো কবিতাৰ অনুবাদ সম্ভৱো নহয়। তথাপি  সফল অনুবাদকৰ হাতত কেতিয়াবা বিদেশী কবিৰ পাগত  উঠা  কবিতাৰ  নিৰ্যাসে  আমাৰ চেতনাক দোলা দি যায়। ‘ভিন্ন দেশ ভিন্ন কথকতাৰণজিৎ  দাসৰদ্বাৰা অনুদিত এমুঠি কবিতাৰ সংকলন, 'ত সন্নিবিষ্ট হৈছে  ভিয়েটনাম, হাংগেৰী, লিথুৱানিয়া, জাৰ্মানী, ৰাছিয়া, তুৰস্ক, স্পেইন, চিলি, কিউবা, পোলেণ্ড, চীন, পাকিস্তান, পেলেষ্টাইন আৰু ভাৰতবৰ্ষত বিভিন্ন প্ৰান্তৰ কবিসকলৰ কবিতা। কবিতাসমূহ  মূল ভাষাৰপৰা ইংৰাজীলৈ অনুবাদ হোৱাৰ পিছত ইংৰাজীৰপৰা অসমীয়ালৈ  অনুবাদ কৰা  বুলি কবিয়ে আমাক জানিবলৈ  দিছে।  

 ‘ভিন্নদেশ ভিন্ন কথকতা'ৰ  কবিতাসমূহ কেৱল ভিন্ন দেশৰেই নহয়, ভিন্ন মেজাজৰো। কিন্তু  সামগ্ৰীকভাৱে  কবিয়ে অনুবাদৰ বাবে সেইবোৰ কবিতা সাৱধানে নিৰ্বাচন কৰিছে যিবোৰ মানৱতাবাদৰ কথা কৈছে। কিছুমান কবিতা যুদ্ধবিধস্ত ভূমিৰকিছুমানৰ প্ৰেক্ষা  হয়তোবা সাম্প্ৰদায়িকতাবাদ, ধৰ্মান্ধতাগৃহযুদ্ধ। অথবা কবিৰ নিজা অভিজ্ঞতা।  ইয়াত বেদনাও আছে, আৰু সেই বেদনা সামূহিক।  ইয়াৰ অভিজ্ঞতাবোৰ  কবিৰ নিজা অভিজ্ঞতা নহয়, সেইবোৰ তেওঁ বাস কৰা সমাজখনৰ প্ৰতিজন মানুহৰেই অভিজ্ঞতা। কবিতাবোৰ লিখাৰ পটভূমিও  ক্ৰূৰ আৰু নিষ্ঠুৰ। এই দিশেৰে চাব লাগিলে সৃষ্টিশীল মানুহ এজনৰ তেওঁ বাস কৰা দেশ আৰু সমাজৰ প্ৰতি কিধৰণৰ দায়বদ্ধতা থকা উচিত, সেই  কথাও যেন কবিতাসমূহে সোঁৱৰাই দিছে। অনুবাদকে সেয়েহে যিদৰে বচা বচা কবিতাবোৰ অনুবাদৰ বাবে হাতত তুলি লৈছে, সেয়া নিঃসন্দেহে প্ৰসংসাৰ যোগ্য।

 

কবিতাবোৰৰ আৰম্ভণি হৈছে ভিয়েটনামৰ কবি ডাং ডি হাৰ কবিতা ‘জীৱন আৰু প্ৰেম' শীৰ্ষক ছয়টি  স্তৱকেৰে। মানৱতাৰ বধ্যভূমিৰপৰা উঠি অহা এইলানি কবিতাৰ ছয় নম্বৰ স্তৱকত কবিয়ে লিখিছে- 

“মাথো পোন্ধৰ বছৰ কালেই

মই জীয়াই আছিলোঁ

মোৰ প্ৰেম ভলপোৱা

মোৰ পৰিয়াল

মোৰ বন্ধুসকলৰ মাজত

(হায়! কি চুটি মোৰ জীৱনকাল)

কিন্তু মই সম্পূৰ্ণকৈ বুজি পাইছিলোঁ

স্বাধীনতা, মুক্তি আৰু মানৱতাৰ অৰ্থ

কিমান মহান”

 

ভিয়েটনামৰ কবিৰ সেই অভিজ্ঞতাৰ অনুৰণণ শুনা যায় হাংগেৰীৰ কবি সান্দৰ পেটুফিৰ কবিতাৰ পংক্তিবোৰৰ মাজতো, 'ত কবিয়ে কৈছে-

 

“মই সপোন দেখোঁ তেজে ধেঁাৱা দিনৰ

যেতিয়া ধ্বংস হ'ব গোটেই পৃথিৱী

তেতিয়া এই পুৰণি ভগ্নস্তুপৰপৰা

এখন নতুন পৃথিৱী আমি গঢ়িম”

 

কিছুমান কবিতাৰ অনুবাদত অনুবাদকৰ  পাৰদৰ্শিতা  ইমা সাৱলীল যে, সেইবোৰ  অসমীয়া ভাষাৰ  কবিতা যেনেই লাগে।লিথুৱানিয়াৰ কবি এলফেনেচাচ মালডোনিচৰ তেজৰ মাতৰ উৎস' শীৰ্ষক কবিতাৰ কেইটিমান শাৰী এনেধৰণৰ-

‘আজি ডকা-চাকনৈয়াত পৃথিৱী বুৰিছে

সেয়ে নেকি চৰাইবোৰৰ ডেউকা ভাগিছে'

 

ৰঞ্জিত দাসে প্ৰগতিশীল তিন্তাধাৰাক প্ৰতিনিধিত্ব কৰে। সেয়েহে কোনো সন্দেহ নাই যে, অনুদিত সংকলনটিত বিখ্যাত জাৰ্মান কবি-নাট্যকাৰ বোৰ্টোল্ট Îব্ৰখটৰ ‘গৰ্কীৰ বাবে এপিটাফ'  শীৰ্ষক সেই অনুপম   কবিতাটিৰ অনুবাদো সংকলনটিত থাকিব। এই কবিতাটিৰ অনুবাদো সাৱলীল।

‘ইয়াতেই শুই আছে

সেইজন

যিজনে অত্যাচাৰীৰ বিৰুদ্ধে যুঁজ কৰিছে

সিহঁতৰ কথা লিখিছে

বাটে-পথে লৈছিল বিদ্যালয়ৰ পাঠ

তল শ্ৰেণীত জন্মিছিল বাবেই

মচি দিব বিচাৰিছিল

উচ্চ-নীচৰ বিভেদ

জনগণৰ শিক্ষক তেওঁ

জনগণৰপৰাই শিকিছিল।'

এই কবিতাটিৰ অনুবাদ সাম্প্ৰতিক সময়ত এইবাবেই  প্ৰাসংগিক যে, সাম্প্ৰদায়িক আৰু ধৰ্মান্ধতাৰে ভৰি উঠা জটিল ৰাজনৈতিক ক্ষণত   প্ৰগতিশীল চিন্তাধাৰৰ  অংশীদাৰ হৈ  আমাৰ বহুতেই আজি জনসাধাৰণৰ  শিক্ষক  হবলৈ ওলাইছোঁ ঠিকেই, কিন্তু  প্ৰগতিশীল চিন্তাৰ এটি  মূল দিশ যে  জনসাধাৰণৰপৰাও  অহৰহ শিকি থকা সেই  কথা বহুতেই পাহৰি পেলাইছোঁ।  আমাৰ এষাৰ কথা আছে - ৰাইজেই ৰজা। সমাজৰ বৌদ্ধিক নেতৃত্ব  দিবলৈ ওলাওতেও আমি  ৰাইজৰপৰাই  অহৰহ শিকি থাকিব লাগিব। ,   অনুবাদকে উপযুক্ত সময়ত সেই  কথা সকীয়াই দি নিজৰ কৰ্তব্যও সঠিকভাৱেই  পালন কৰিছে।

 

ৰাছিয়াৰ কবি চেৰ্গেই নাৰোভচাতোভৰ কবিতা ‘সেই দিনবোৰ'ত আছে যুদ্ধবিধস্ত ৰাছিয়াৰ সোঁৰৱণি। 

‘দাউ দাউ কৰে গাওঁ, শ্মশানঘৰ

দাঁতত দাঁত চেঁপি এৰি যাওঁ ইখনৰ পিছত সিখন'

 

তুৰস্কৰ কবি নাজিম হিকমতৰ কবিতাৰ বিশ্বজনীন সুৰো  অনায়াসে নিজৰ ভাষালৈ  ‘কবিতাৰ পতাকা' শীৰ্ষক কবিতাটিত  অনুবাদ কৰিছে এনেদৰে-

 

“যদিও মোৰ দেশৰ মানুহ 

শতকৰা আশীজনেই নিৰক্ষৰ

কবিতা আওৰাওতে আওৰাওতে

এদিন গান হৈ যায়

ঠিক তোমালোকৰ দেশৰ দৰেই

আমাৰ দেশতো

কবিতা এদিন পতাকা হৈ দুলিব।”

 

স্পেইনৰ বিষণ্ণতাৰ কবি ফেডেৰিকো গাৰ্থিয়া লৰকাৰ কবিতাৰ বিষণ্ণ সুৰো ইয়াত আছে

“বেলকনিখন মই বন্ধ কৰি দিলোঁ

কাৰণ মই কান্দোন শুনিবলৈ নিবিচাৰোঁ”

 

কিন্তু কবিয়ে নিবিচাৰিলেই জানো কান্দোনৰ সুৰ বন্ধ হ'ব/ ‘ভিন্ন দেশ, ভিন্ন কথকতা'ত আৰু আছে প্ৰেম আৰু বিদ্ৰোহৰ কবি  পাবলো নেৰুদাৰ বিখা্যাত কবিতা ‘আৰু একো নাই', 'ত কবিয়ে  লিখিছে,

 

“মই সত্যৰ স'তে বাজি মাৰিছিলোঁ

পৃথিৱীক আকৌ পোহৰ আনি দিম

মই হবলৈ বিচাৰিছিলোঁ শইচ।

সংগ্ৰামৰ পথত মই নাই...

এনে কথা কেতিয়াও হোৱা নাই”

 

কিউবান কবি নিকোলাচ গিয়েনৰ ‘মোক কোৱা' শীৰ্ষক কবিতাত দেশ এৰি গুচি যোৱা প্ৰব্ৰজিত মানুহবোৰক  উদ্দেশি কবিয়ে আকূলভাৱে কোৱা কেইটিমান শাৰী যেন উন্নত ভাগ্যৰ সন্ধাত দেশ এৰি গুচি যোৱা আমাৰ প্ৰজন্মৰো গাথা-

‘তোমালোকে যিসকলে দেশ এৰি গুচি গৈছা

মোক কোৱা

'ত পাবা ইমান সেউজীয়া আৰু নীলা

আকাশৰ তলত শাৰী শাৰী তালৰ গছ

...

'ত থৈ যাবা তোমালোকৰ হাড়কেইডাল

মোক কোৱা

হে' দৰিদ্ৰ, হতভাগাৰ দল উত্তৰ দিয়া”

কাব্য সংকলনটিত ঠাই পোৱা পোলেণ্ডৰ কবি তাদয়ুচ ৰৎচভিচৰ এটি কবিতাৰ কেইটিমান শাৰীত প্ৰতিফলিত হৈছে শাসকগোষ্ঠীয়ে মানুহক বুৰ্বক সাজিবলৈ চেষ্টা কৰাৰ পৰিণতি, অথবা দশা -

 

‘‘আৰু সিহঁতে খেলি ফুৰিলে

সিহঁতে পাহৰি গ'

সমসাময়িক কবিতাৰ অৰ্থ

উশাহ-নিশাহৰ সংগ্ৰাম”

 

আৰু আছে চীনৰ  বিদ্ৰোহী বীৰ কিংবদন্তি বীৰ  মাও জে দঙৰ কবিতাৰ সোৱাদ -

“নামনিৰ পাদদেশত আছে

পতাকাসমূহ উৰি

শৃংগৰ শিখৰত

প্ৰতিধ্বনিত হয়

আমাৰ ৰণভেৰী(চিঙচাং পৰ্বত)

সাম্প্ৰতিক যুদ্ধবিধস্ত  পেলেষ্টাইন যেন মানৱতাৰ নিৰ্মম বধ্যভূমি। সেই দেশৰ কবি মাহমুদ ডাৰউইচৰ কবিতাত এই বধিস্ত সময়ৰ স্বাক্ষৰ আছে।  ‘মোৰ খং' শীৰ্ষক কবিতাত  কবিয়ে কৈছে-

 

‘প্ৰিয়তমৰ চুমাতকৈ

 বুলেটৰ চুমাৰ উত্তাপ মই বেছি ভাল পাম”

 

আমাৰ ছুবুৰীয়া পাকিস্তান সকলো দিতে এখন ব্যৰ্থ দেশ বুলিয়ে জনা যায়। কিন্তু পাকিস্তানী কবি কিষাৰ নাহিদৰ ‘মই সেই নাৰী নহও'  কবিতাই কয় অন্য এক পাকিস্তানৰ কথা --

“মই সেই নাৰী

যাক সতীৰ ৰূপত সজাই

কিনা-বেচা কৰিছিলা তুমি

কিন্তু হাজাৰ সোঁতৰ বুকুত

মই অজৰ-অমৰ”

 

ভাৰতবৰ্ষৰ কেইজনমান কবিৰ ভিতৰত আছে চফদৰ হাচমীৰ  ‘ স্বাধীনতা'  শীৰ্ষক বিখ্যাত কবিতাটিৰ অনুবাদ, 'ত কবিয়ে কৈছে

“স্বাধীনতা মানে শিশুহঁতক মুক্ত কৰা

যুঁজৰ আখৰাৰপৰা মুক্ত কৰা”    

 কাব্য সংকলনটিৰ শেষত অনুবাদকে  তেওঁ নিৰ্বাচন কৰা কবিসকলৰ বিষয়ে চমুকৈ একোটি  টোকাও সন্নিবিষ্ট  কৰি অনুবাদকৰ দায়বদ্ধতাৰ পৰিচয় দিছে। এই কবিতাসমূহ পাঠকে আÎঁকোৱালি লওক, পাঠ কৰক  আৰু পঠনৰ আনন্দ লওক। কেইবাটিও কবিতা আবৃত্তিৰ গুণেৰে সমৃদ্ধ। আবৃত্তিৰ মাজেৰেও এইবোৰ  মানুহৰ   কাষলৈ যোৱা উচিত, কিয়নো এইবোৰ কেৱল শব্দ নহয়, জীৱনৰ অতুলনীয় নিৰ্যাস।

 

ৰত্না ভৰালী তালুকদাৰ

No comments:

Post a Comment