তিতাবাহেকৰ ফুল- প্ৰতিশ্ৰুতিৰ এখন কাব্য সংকলন
কিছুমান কবিতাই
আমাক জীৱনৰ সৰলতাৰ কাষলৈ চপাই আনে। সেই কবিতাবোৰৰ পঠনে যেন কয়—জীৱনটো আচলতে এনেকুৱাই হোৱা উচিত। সহজ, সৰল আৰু সুন্দৰ। কিন্তু বাস্তৱতে তেনে হয়নে? আমাৰ জীৱন ইমান সৰল নহয়।
অসমৰ লোকপৰম্পৰা, গ্ৰাম্য সৰলতা আৰু প্ৰকৃতি বিষয়ক চিত্ৰকল্পৰ হাত ধৰি কবিতাৰ জগতলৈ অহা কবিতাৰে সমৃদ্ধ এখন কাব্য সংকলন হৈছে তৰুণ কবি অনুভুতি গায়নৰ ‘তিতা বাহেকৰ ফুল’। জীৱনৰ প্ৰথমখন কাব্য সংকলনত তেখেতৰ চিত্ৰকল্পবোৰ আপাতত সৰল, কিন্তু সচেতনভাৱেই যে হুলস্থুলৰপৰা ফালৰি কাটি এটি দৃঢ় খোজেৰে যে তেওঁ আগবাঢ়িব বিচাৰিছে, তাৰ উমান ‘তিতিবাহেকৰ ফুল’ৰ কবিতাসমূহত পোৱা যায়। সংকলনটিত ‘তিতিবাহেকৰ ফুল’ নামৰ কোনো কবিতা নাই। তিতিবাহেকৰ ফুল খাবলৈ তিতা, কিন্তু শৰীৰৰ বাবে উপযোগী। স্বাস্থ্যসন্মত। এই অৰ্থতেই সংকলনটিৰ নাম।
কাব্যসংকলনটিৰ কেইবাটিও কবিতাত আছে লোকপৰম্পৰাৰ সমলক উপাদান হিচাপে লৈ কবিৰ গভীৰ জীৱন জিজ্ঞাসাৰ ইংগিত।
‘লঠঙা গছৰ শিপা কিমান ৰসাল
পানীৰ তলৰ মাছৰ
পিয়াহ কিমান
...
...
লংকাত ৰাৱণৰ পিয়াহ
জটায়ু নিধন
কেৱল পিয়াহ
কেৱল পিয়াহ
লঠঙা গছৰ পিয়াহ গুচাবলৈ
হুদুমদেওৰ পূজা”
(তৃষ্ণাতুৰ)
কাব্য সংকলনটি আৰম্ভ হৈছে ‘বাৰমাহী গীত’ শীৰ্ষক দুটি কবিতাৰে। বাৰমাহী গীতবোৰ অসমৰ লোকপৰম্পৰাৰ অমূল্য সম্পদ। ৰাভাসকলৰ মাজতো বাৰমাহী গীতৰ প্ৰচলন আছে। ‘তিতাবাহেকৰ ফুল’ত থকা দুয়োটা গীতেই প্ৰেমৰ, দ্বিতীয় কবিতাটিৰ শেষৰ স্তৱকটি-
‘সোণাৰুফুলীয়া সপোনটো ভাঙিল
নীলাচল পাহাৰত
কুকুৰাজনীয়ে
পুৱাৰ জাননী দিলে
লংকাপুৰ ক’ত?
লংকাপুৰ?’
নাৰী হৃদয়ৰ শাশ্বত
কিছুমান প্ৰশ্নও অনুভুতি গায়নৰ কবিতাত আছে। উৰ্মিলা, দ্ৰৌপদীৰ দৰে চৰিত্ৰসমূহ কেৱল
মহাকাব্যৰ পাতৰ চৰিত্ৰ নহয়, এই দুটি চৰিত্ৰই যুগে যুগে মানুহৰ চিন্তাৰ দগতক অলেখ
প্ৰশ্নৰ মাজলৈ ঠেলি দিয়ে। কিয় তেওঁলোকৰ জীৱন এনে হ’ল? এই প্ৰশ্নবোৰৰ উত্তৰ আজিও
পাবলৈ নাই। অনুভুতি গায়নৰ মনলৈও আহিছে প্ৰশ্ন,
উৰ্মিলাই সাৱটি
লওতে
সুদীৰ্ঘ বাৰটা বছৰ
উৰ্মিলাই কি
সপোন দেখি্ছিল
মাতৃৰ বাক্য
মানিবলৈ যোৱা
ধৰ্মৰাজ
যুধিষ্ঠিৰ
বাহুবলী ভীম
সব্যসাচী
অৰ্জুন
সুদৰ্শন নকুল-সহদেৱ
বুজিছিল নে
দ্ৰৌপদীৰ জৰায়ুৰ শক্তি কিমান’
(নীলাৰ গভীৰতা)
কলং মৰাসুঁতি
হোৱা
পুৰাকথা হ’ল’
‘তিতি বাহেকৰ ফুল’ৰ সকলোবোৰ কবিতাৰ স্তৱকত অৱশ্যে মনন আৰু জীৱনোপলব্ধিৰ এনে অনন্য পৰিপক্কতা দেখা পোৱা নাযায়। কিন্তু কাব্য সংকলনটিত কবিৰ এক উজ্জ্বল, সম্ভাৱনাপূৰ্ণ দীঘলীয়া যাত্ৰৰ প্ৰতিশ্ৰুতি আছে। লোকজীৱনৰ বীক্ষণক জীৱনৰ গভীৰতম অভিজ্ঞতাৰে কবিতাৰ চিত্ৰকল্প হিচাপে সজাই তুলি সমকালীন প্ৰেক্ষাত প্ৰাসংগিক কৰি তুলিবলৈ হলে যিদৰে প্ৰচুৰ অধ্যয়ন লাগিব, সেইদৰে অধ্যয়নে কল্পনাৰ বেহু ফালি বিজ্ঞানসন্মত চৰ্চাৰ মাজেৰে ওলাই আহিব পাৰিবও লাগিব।‘তিতা বাহেকৰ ফুল’ প্ৰতিশ্ৰুতিৰ সংকলন, কিন্তু কবিৰ সন্মুখত থকা বাটটি অত্যন্ত প্ৰত্যাহ্বানৰ, কিয়নো সেই বাট তেওঁ অকলেই বুলিব লাগিব। বহুতেই আৰম্ভণি কৰে, কিন্তু অধ্যয়ন আৰু প্ৰজ্ঞাৰে পুষ্ট হৈ কিমানে আগুৱাই যায়! আমাৰ সাহিত্যিক জীৱনত gender বুলিও কালিকা লগা শব্দ এটা আছে, য’ত এগৰাকী নাৰীক পথচ্যুত কৰাৰ বহু অভিপ্ৰায় থাকে। সেই অভিপ্ৰায়ত কেতিয়াবা নাৰীও নাৰীৰ শতৰু হৈ উঠে। বহু কবিৰ জীৱন কবিতাৰ সভা আৰু কবি সন্মিলনৰ বাকৰিতে শেষ হৈ যায়। তদুপৰি থাকে লেখকক ভাগ বাগ কৰাৰ চক্ৰান্ত। এই সকলোবোৰৰপৰা ফালৰি কাটি সাধনাৰ বাটত খোজ দিয়া সহজ কথা নহয়। ইয়াৰ তিতা-কেঁহা-মিঠাবোৰ কবিৰ নিজা, আমি মাথো ভাল ভাল কবিতাবোৰলৈ, চিত্ৰকল্পবোৰলৈহে বাট চাম। তেওঁলৈ অশেষ শুভকামনা।
ৰত্না ভৰালী তালুকদাৰ

No comments:
Post a Comment