গায়ত্ৰী দেৱী বৰঠাকুৰৰ ‘ফেথ’মিটাৰ’ৰ কবিতাবোৰ
‘ফেথ’মিটাৰ’ এক বিশেষ যন্ত্ৰ, যাৰ ব্যৱহাৰ সাগৰত জাহাজ
চলোৱাৰ সময়ত কৰা হয়। সাগৰতলীৰ গভীৰতা জুখিবলৈ এক শব্দ তৰংগ সাগৰ পৃষ্ঠলৈকে তললৈ
পঠিওৱা হয়, আৰু সি খূন্দা খাই উভতি অহাৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰি সাগৰৰ গভীৰতা জোখা
হয়। সামুদ্ৰিক ডলফিন বা শিহুৱেও যোগাযোগৰ এনেদৰেই তৰংগায়িত সংকেত পঠিয়ায়, যি তৰংগই অলেখ অজানা শিহৰণৰ ঢৌ আমালৈ কঢ়িয়াই
আনে।
‘ফেথ’মিটাৰ’ যেতিয়া এখন কবিতাপুথিৰ নাম হয়, তেতিয়া এক উৎসুকতা জাগে-কবিয়ে কি কবলৈ বিচাৰিছে? তেওঁ পাঠকক নিজৰ গভীৰতাক জুখি চাবলৈ আহ্বান জনাইছে নেকি! ‘ফেথ’মিটাৰ’ কবিতাবোৰে কবিৰ ভিতৰৰ এক অনন্য জগত সন্মুখলৈ লৈ আনিছে—যত তেওঁ এককভাৱে কিন্তু বিচ্ছিন্ন নোহোৱাকৈ বিচৰণ কৰে। চৌদিশৰ এখন কোলাহলপূৰ্ণ জগতলৈ নীৰৱে লক্ষ্য কৰি কবিতাৰ মেটাফ’ৰ ৰচনা কৰে।
কবি গায়ত্ৰী দেৱী বৰঠাকুৰে বেছি কবিতা ৰচনা কৰা নাই, কিন্তু তেওঁৰ ব্যতিক্ৰমী কণ্ঠটোক আৰু সমসাময়িক কবিসকলৰ কবিতাৰপৰা অনায়াসে বাচি উলিয়াব পাৰি। কবিতাবোৰৰ সৰহভাগেই নিটোল। আৱেগৰ উচ্ছাস নাই। তেওঁ এক সমালোচনাত্মক, ব্যংগাত্মক আৰু মাজে মাজে ভ্ৰূকুটিৰে সমাজৰ বিবিন্ন বিষয়লৈ চকু দিছে। দেশ-বিদেশৰ কবিসকলৰ কবিতা পঢ়িছে, ইতিহাসৰ দাৰ্শনিক, নাৰীবাদী, এক্টভিষ্ট অথবা আন্দোলনকাৰীসকলৰ কথাবোৰ নিজস্ব পদ্ধতিৰে চিনিবলৈ বিচাৰিছে।
‘ফেথ’মিটাৰ’ কাব্যসংকলনৰ প্ৰথমটি কবিতা ‘লৰ্কা’। ইয়াত লৰ্কা বিষয়ক ছয়টি স্তৱক আছে। কবিতাটিৰ আৰম্ভণিৰ স্তৱকটি বৰ সুন্দৰ, লগতে সি সমকালীন সময়ৰ যি প্ৰেক্ষা, তাৰো এক অতূলনীয় ৰূপক।
হত্যা নকৰে বুলি
তেওঁৰ দৃঢ় বিশ্বাস আছিল
পৰ্বতৰ দৰে
অলৰ
পিচে সেই পৰ্বতকো
চোঁচোৰাই
অনা হৈছিল
বধ্যভূমিলৈ’
‘গছ যিহেতু ভগবান
সেয়ে মৰিব নোৱাৰে
কথাটো আগাষ্টিন অৱ হিপ্পোয়্ওে কৈছে
গছ অমৃতৰ ইচ্ছাৰ
প্ৰথম সন্তান’
কবিতা সদায় আন্তৰ্জাতিক।এয়াই কবি আৰু কবিতাৰ বিশ্বপ্ৰেক্ষা। সেয়ে কবিসকলে সমকালীন কবিসকলৰ প্ৰতিও অনুভৱ কৰে সমমৰ্মিতা। চীনৰ নিৰ্বাসিত কবি গালনিছা ইমিনৰ বাবে তেওঁ লিখিছে এটি কবিতা-
বসন্ত, বিদ্ৰোহ
নে সূৰ্যমূখী
...
যদি বিদ্ৰোহ
ফুলা নাই কিয় জইফুল
হয়। বিদ্ৰোহী কবিৰ কবিতাই কেতিয়াবা জুইফুল ফুলাব নোৱাৰিব
পাৰে, সপোন মৰহি যাব পাৰে-কিয়নো ৰাষ্ট্ৰ যে নিৰ্মম। কবিতাৰে বিচ্ছিন্নতাবাদী
ভাৱধাৰা প্ৰসাৰিত কৰাৰ অভিযোগত কবি ইমিন নিৰ্বাসিত। কিন্তু কবিতাই পাৰ ভাঙি যায়,
যেতিয়া কবিৰ কণ্ঠ হৈ উঠে আৰ্তজনৰ সাহস। সেইবাবেই সুদূৰত অসমীয়া ভাষাৰে লিখা কবিৰ
কলমেৰেও নিগৰি আহিব পাৰে সমমৰ্মিতাৰ শব্দ।
কিছু চিৰন্তন সত্যকো কবিতাৰ মাজেৰে তেওঁ প্ৰতিষ্ঠা কৰিবলৈ
বিচাৰিছে।
‘আপুনি, মই চালেও নাচালেও
তাপ পালে
কেটলিৰ পানী উতলিবই
জিন’ই সেই তাহানিতেই কৈছিল।’
প্ৰসংগক্ৰমে, জিন’ চক্ৰেটিছ পূৰ্বৰ দাৰ্শনিক আৰু গণিতজ্ঞ। এটি
নাৰীবাদী কবিতাৰ উদাহৰণ দিলোঁ-
ভীষণ জিদ্দী হৈ পৰে
নাৰী জানো ইমান (সুকোমল?)
নাৰীবিষয়ক চেতনাক নিজস্বধৰণে চাবলৈ বিচৰা আন এটি স্তৱক
হৈছে-
চগা হৈ জ্বলে এজাক শগুণ
পাণ কৰিব জানিলেহে
জীৱন মদিৰা
নহ’লে
সৱ বকৱাস...’
কবিতাবোৰ তেতিয়াই প্ৰাসংগিক হৈ উঠে, যেতিয়া সময়ৰ বিভিন্ন প্ৰেক্ষাত এইবোৰ প্ৰাসংগিক হৈ উছে। ‘তিনিশৰীয়া’ কবিতাৰ কেইটিমান শাৰীয়ে যেন কৃষকৰ মাটি কাঢ়ি নি উন্নয়নৰ সোপান গঢ়িব খোজা বৰ্তমানৰ মাটিখকুৱাৰ দলটোকেই যেন তীৰ্যকভাৱে কৈছে-
‘সকলোৰে ওচৰত সকলো নাথাকিব পাৰে
আকাশৰো নাই এধানি নিগাজী মাটি
সাগৰৰ বুকুৰ আকাশও লুণীয়া অ’ বনলতা’
আপুনি ৰেকেটৰ সদস্য
হোৱা
বহু যুগেই হ’ল
নভবা উত্তৰৰ প্ৰশ্নটো
হ’ল
তথাপিও ইমান অসহায়
কিয়…বাৰে বাৰে’
ফেথ’মিটাৰৰ কবিতাসমূহ বিষয়-বৈচিত্ৰৰে ইমান ভিন্ন যে, কাব্যসংকলনটিৰ কবিতাসমূহৰ ভিত্তিত কবিৰ কাব্যদৰ্শন প্ৰতিষ্ঠা কৰিবলৈ অসুবিধা।অনেক বিষয়, প্ৰসংগ আৰু তত্বক তেওঁ এমুঠি কবিতালৈ লৈ আহিছে। তেওঁৰ ব্যাপ্তিৰ এক জিলিঙণি এই কবিতাবোৰ এইবাবেই ব্যতিক্ৰমী-কিয়নো, সেইবোৰ অনাগত সময়ৰ উজ্জ্বল ভবিষ্যতৰ প্ৰতিশ্ৰুতি। গতিকে মতামত দিয়াতকৈ কবিক অভিনন্দন আৰু শুভেচ্ছা দিয়াহে যুগুত বুলি বিবেচনা কৰিছোঁ। কবিৰ বাট এনেয়ে জটিল, তাতেই পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাত নাৰী কবিৰ উত্তৰণৰ বাটৰ বোজা আৰু অলপ বেছি। এই সকলো অতিক্ৰম কৰি তেখেত আগুৱাই যাওক। এয়ে কামনা।
ৰত্না ভৰালী তালুকদাৰ


বৰ ভাল পালোঁ বাইদেউ। এইধৰণৰ আলোচনাখিনি আপুনি অব্যাহত ৰাখক বাইদেউ,কাৰণ এনেলানীৰ আলোচনা এই কণমানিয়ে পঢ়াৰ অতি দৰকাৰী বুলি অনুভৱ কৰিছোঁ। ইতি কণমানি,৩০-১২-২০২৫
ReplyDelete