Thursday, 4 December 2025

 

অনুভৱ তুলসীৰ কবিতাৰ  কিছু ৰাজনৈতিক  প্ৰসংগ আৰু  অনুসংগ 




অনুভৱ তুলসী  সমকালীন অসমীয়া আৰু ভাৰতীয় সাহিত্যৰ এক উল্লেখযোগ্য কবিসত্তা, এই কথা সকলাৱে একমুখে  মানি লয়।  তেখেতৰ কবিতাৰ বিষয়ে বহু  চৰ্চা  হৈছে।  আৰু  বহু দিশৰ বিষয়ে  চৰ্চা  হবলৈ এতিয়াও বাকী।   অনুভৱ  তুলসীৰ  কবিতা মানেই কীৰ্তনপুথি আৰু  নামঘোষাই গঢ় দিয়া  অসমীয়া ভাষাটোৰ  ঐতিহ্য  আৰু  কালিকাৰে নামি অহা  ব্যতিক্ৰমী, ৰসঘন চিত্ৰকল্পৰ সমাহাৰ আৰু  নিত্য- নতুন  ভাৱনাৰ আধিপত্য। কবিতাত পুৰণি হবলৈ  কবি  ৰাজী নাছিল আৰু প্ৰতিখন কাব্য  কাব্যসংকলনেই   তেওঁৰ ভিতৰত এজন নতুন কবিৰ জন্ম দিব লাগিব, উন্মোচন কৰিব লাগিব  বুলি তেওঁৰ এক জেদ আছিল।  প্ৰত্যাহ্বান আছিল।  কবিৰ কিছুমান কবিতা ইমান বৈচিত্ৰময় যে, কোনটো  দিশৰপৰা কবিতাটি  পঢ়া যাব, সেই কথাই  আমাৰ বিস্মিত কৰি তোলে। 

 


ফটো- অংকুৰ ৰঞ্জন ফুকন 

কোৱা হয় যে, পাঠেই কবিতাৰ পূৰ্ণতা দিয়ে।  হয়, পাঠ কবিতাক বহুপৰিমাণে পূৰ্ণতা দিয়ে।  কিন্তু কবিতাৰ  প্ৰকৃত  অৰ্থ দিয়ে  চিত্ৰকল্পৰ ভাঙণি  আৰু  সময়ৰ  প্ৰেক্ষাত  বাৰে  বাৰে  প্ৰাসংগিক হৈ  উঠা  তাৰ  ব্যাখ্যাই। সঠিক ব্যাখ্যাৰ বাবে  কবি আৰু     কবিতাই কেতিয়াবা  বহু সময় ধৰি অপেক্ষা  কৰিবলগীয়া  হয়, কেতিয়াবা শতিকা ধৰি  অপেক্ষা কৰিবলগীয়া হয়।  আনহে নালাগে  শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ  কাব্যপুুথিৰ বহুবোৰ চিত্ৰকল্পই সঠিক  আৰু সময়োপযোগী  ব্যাখ্যা লাভ কৰিবলৈ বহু শতিকা অপেক্ষা কৰিবলগীয়া হৈছে।


আমি কবি নহওঁ।  সেয়েহে  কবিতাৰ চিত্ৰকল্পক নিজৰ  সাধ্যানুসাৰে  সজাই লবহে বিচাৰোঁ। সেই অৰ্থত,  নিজৰ সীমাবদ্ধতাৰ স্বীকাৰ কৰি লৈছোঁ। অসমীয়া কাব্যজগতৰ এগৰাকী প্ৰবাদপ্ৰতিম কবি, যি নিজৰ  তিনিকুৰি সাতবৰীয়া  জীৱনকালত ত্ৰিশখনৰো অধিক মূল্যবান  গ্ৰন্থ প্ৰকাশ কৰি থৈ  গৈছে আৰু অসমীয়া  কবিতাত কিছুমান নজহা-নপমা, সকলো সময়ৰ বাবে প্ৰাসংগিক চিত্ৰকল্প ৰচনা কৰি থৈ গৈছে, সেইজন  কবি, আমাৰ  ভাষা   আৰু সহিত্যৰ গৌৰৱ  অনভৱ  তুলসীৰ  কবিতাৰ বিষয়ে কবলৈ গ'লে আচলতে হাত-ভৰিৰ কঁপণি  উঠে। তথাপি সাহস কৰি কিছু কথা কবলৈ প্ৰয়াস কৰিছোঁ। ভুল হ'লে ক্ষমা কৰিব।


                                                                  ফটো- অংকুৰ ৰঞ্জন ফুকন 

যেতিয়াই  অনুভৱ তুলসীৰ কবিতাৰ প্ৰসংগ ওলায়, তেতিয়া এটা ধ্বনি শুনা যায়, যে  অসমীয়া কাব্যসাহিত্যত  কবি নীলমনি ফুকনৰ সুযোগ্য  উত্তৰাধিকাৰ তেঁৱেই। নকলেও হ', ই এক সন্মান। বিৰল  স্বীকৃতি।  এই  স্বীকৃতিক  লৈ অনুভৱ তুলসী নিজেও গৰ্বিত  আছিল। কিন্তু  আমাৰ  ভাৱ হয়, তেখেত কবি  নীলমণি  ফুকনৰ  যথাযোগ্য উত্তৰাধিকাৰ  হয় ঠিকেই,  কিন্তু  এই  অভিধাই যেন  কবিৰ জীলৱনকালত  অনুভৱ তুলসী  নামৰ  কবিসত্তাটিৰ বহুতো স্বাধীন  দিশ  ঢাকি   থৈ দিলে। স্বাধীন কবিসত্তাটিক  উন্মোচিত হবলৈ নিদিলে। তেখেতৰ  কবিতাৰ  বহুবোৰ চিত্ৰকল্পৰ  অৰ্থ বা ভাঙনি হৈছে ঠিক,  কিন্তু বহুবোৰ  চিত্ৰকল্পৰ  প্ৰকৃত  অৰ্থ বা  ভাঙনি উন্মোচিত  হবলৈ এতিয়াও বাকী।  এইখিনিতে এটা  কথা  কবলৈ মন যায়--কবিৰ বিষয়ে দিয়া অভিধাৰ বেলিকা পাঠকে যথেষ্টপৰিমাণে  সচেষ্ট হোৱাৰ প্ৰয়োজন। কিয়নো প্ৰবাদপ্ৰতিম কবি নীলমনি ফুকনক ‘ঋষিকল্প চেতনাৰ কবি' বুলিবলৈ যাওতেও কবিসত্তা বহুসমযত সংকুচিত হৈ পৰা যেনহে অনুভৱ হয়।

এই কথা  আমি স্বীকাৰ কৰি লব লাগিব  যে, অনুভৱ তুলসী অসমীয়া ভাষাৰে লিখা এজন  আন্তৰ্জাতিক  পৰ্যায়ৰ কবি । আন্তৰ্জাতিক মানে এইটো নহয় যে,  কবিয়ে  দেশ -বিদেশলৈ গৈছে আৰু  বিভিন্ন দেশৰ- কালৰ- সমাজজীৱনৰ  প্ৰসংগ, অনুসংগ নিজৰ  কবিতালৈ  আনিছে । তেখেতে  বহুকষ্টে  কবিতাত  অসমীয়া ভাষাটোৰ ভিতৰতে এক  নতুন,  অননুুকৰণীয়  কাব্যভাষা  নিৰ্মাণ  কৰি উলিয়াইছে, '  বিশ্বপ্ৰেক্ষা, বিশ্ব-সাহিত্য, বিশ্ব-সংগীত আৰু ভাৰতীয় কাব্য- দৰ্শনৰ লয় আৰু  অনুৰণণ যিদৰে আছে, সেইদৰেই  আছে  অসমীয়া ভাষাৰ ঐতিহ্য, কালিকাৰ নজহা-নপমা  কিছু ছন্দ, যাক তেওঁ নতুনকৈ নিৰ্মাণ কৰিছে। ফটাকানিৰ সলনি কটা-কানি, ‘কামনা-বাসনাৰ ভাণ্ড'ৰ দৰে চিত্ৰকল্পবোৰ তােৰই প্ৰমাণ।  ‘কটা-কানি’ বুলি লিখোঁতে পাঠকে বুজে যে, যেতিয়া কটা-কানি বুলি কৈছে  সেয়া আচলতে ফটাকানি। যেতিয়া ‘কামনা- বাসনাৰ ভাণ্ড' বুলি কয়, তেতিয়া পাঠকে ভাৰতীয় কাব্যদৰ্শনৰ সতে কবিৰ সংযোগৰো উমান পায় । 

 

বহুতেই সহজভাৱে কৈ দিয়ে,  অনুভৱ তুলসী আত্মমগ্নতাৰ কবি, অসমীয়া কাব্য সাহিত্যৰ অতীৱ সুন্দৰ চিত্ৰকল্পৰ সৃষ্টিকৰ্তা।  কিন্তু সঁচাকৈয়ে আত্মমগ্ন তেওঁ আছিলনে? যেতিয়া অসমৰ ৰাজপথত কা-আইন বিৰোধী আন্দোলন হৈছিল, আইৰ মুখৰ ভাষা বিপন্ন হোৱাৰ  উপক্ৰম হৈছিল, তেতিয়া তেখেতে লেখক-শিল্পীসমাজৰ  প্ৰতিবাদী সভা আৰু  সমদলত মুক্তভাৱে অংশ গ্ৰহণ কৰিছিল। আন বহুতৰ দৰে সমদলৰ আগত থাকিবলৈ উথপ-থপ লগোৱা নাছিল।  আমিহে  তেখেতক কৈছিলোঁ, আপুনি জ্যেষ্ঠ হিচাপে সমদলৰ আগফালে থাকিব লাগিব, তেতিয়া  তেখেতে মানি লৈছিল।  চৰকাৰৰ চকুত পৰি  লুকাই-চুৰকৈ থকা নাছিল বা  চৰকাৰে বেয়া পাব বুলি পিচহোঁহোকা দিয়া নাছিল।  সেই সময়ৰ সমদলৰ আগত থাকিব বিচৰা বহুতেই  আপোচকামী  নীতি গ্ৰহণ কৰিলে, বহুতে প্ৰতিবাদী সভাবোৰত উপস্থিত থকাৰপৰা  কৌশলেৰে আঁতৰি থাকিল।  তেখেত কিন্তু  আপোচবিহীন হৈয়ে  ৰৈ গ'ল।

                                                                   ফটো- অংকুৰ ৰঞ্জন ফুকন 

সঁচাকৈয়ে জানো তেওঁ  আত্মমগন আছিল।  চাও আহক, সমকালীন ৰাজনৈতিক প্ৰেক্ষাই অনুভৱ তুলসীৰ কবিসত্তাক কিদৰে উদ্বেলিত কৰিছিল, আৰু  কবিতাত তাৰ প্ৰতিফলন কিদৰে ঘটিছিল। ‘মৰণোত্তৰ'  বুলি তেখেতৰ এটা কবিতা আছে।  ভুমি আইনৰ দাবীত, উচ্ছেদৰ প্ৰতিবাদত, গুৱাহাটীৰ পাহাৰত বাস  কৰা নাগৰিকসকলক মাটিৰ  পট্টা দিয়াৰ দাবীত সমযে  সময়ে আন্দোলনৰ জোঁৱাৰ উঠে।  তেনে এক  আন্দোলনতেই  প্ৰণৱ  বড়ো নামৰ দিন-হাজৰা কৰি  খাটি খোৱা এজন  লোকে  গাত অগ্নিসংযোগ কৰি নিজক  শেষ কৰি দিছিল। এই কাৰ্য তেওঁ নিজৰ  ইচ্ছাৰেই কৰিছিল,  নে সেয়া   আন কাৰোবাৰ প্ৰৰোচনা  আছিল? সি আজিও প্ৰশ্ন হৈয়ে  ৰ'ল। সেই আন্দোলনতেই  ৰুহুল আলি নামৰ এটি  নবছৰীয়া শিশু  গুলীবিদ্ধ হ'ল। বঞ্চিতজনৰ অধিকাৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰ সদায়  নিৰ্দয়।  কি দোষ সেই কণমানি শিশুটিৰ, যি ভুমিৰ অধিকাৰৰ হকে , উচ্ছেদৰ বিৰুদ্ধে  মাত  মাতিবলৈ ৰাজপথৰ সংগ্ৰামলৈ  নামি  আহিছিল?  ভূমিৰ অধিকাৰ মানে কি, সেয়া কি  কণমানি শিশুটিয়ে  বুজি পাইছিলনে? কাৰ প্ৰৰোচনাত সেই কণমানি শিশুটি ৰাজপথ পালেহি? এই ৰুহুল আলীক লৈয়ে অনুভৱ তুলসীয়ে  লিখিছিল এক অন্তৰ্দাহী কবিতা ‘মৰণোত্তৰ'। কবিতাটি তলত দিয়া হৈছে।

 

মৰণোত্তৰ'

লষ্টগেটৰ ধৰ্মঘটত

গুলী খোৱা ৰুহুলৰ

নবছৰীয়া বুকুত দুটা ফুটা

ডাঙৰটোৰে

আকাশলৈ চাই পঠিয়াও

তাত

তৰ্জাৰ জুপুৰিবোৰ

হাতী  লগাই ভাঙি আছে

কোনোবাই

 

ইটো ফুটাত

লগোৱা হৈছে এক দূৰবীণ

যাৰে চালেই জলজল পটপটকৈ দেখি

ভূ-ভাৰস্তৰ ৰাজনীতি

চকু আঁতৰালেই সঁচা দৃশ্য মৰি

উঠে গজি

বিস্ময়

 

চাওক, কিমান ফটফটীয়াকৈ সময়ৰ উপহাসক তেওঁ কবিতালৈ লৈ আহিছে।  ইয়াত কবিৰ  স্থিতি আৰু বক্তব্য স্পষ্ট। তেওঁ কাৰ পক্ষ লব, স্পষ্টকৈ কৈ দিছে। 

 

আন এটা কবিতা ‘স্বাধীনতা'লৈ মন  কৰা যাওক। গণতন্ত্ৰ দিবস আৰু স্বাধীনতা দিৱসত আমি পতাকা উত্তোলন কৰোঁ।  ইংৰাজী ভাষাত আম¿ পতাকা আনফ্লাৰ (unflur)  আৰু হইষ্ট (hoist) কৰা বুলি ক'লেও অসমীয়াত উত্তোলন কৰা বুলিয়ে কওঁ।  ‘স্বাধীনতা' কবিতাত কবিয়ে মূল্যহীন স্বাধীনতাক কিদৰে উপহাস কৰি প্ৰহসনৰ চিত্ৰকল্প ৰচনা কৰিছে, তাকে চাওঁ আহক-

 

স্বাধীনতা'

 

বতাহে ফুচুৰি কথা  কৈছে

উৰি থকা পতাকাখনে হাঁহিছে

ঢেক ঢেক ঢেক ঢেক...

 

পতাকাখনে বতাহক কৈছে

তোমাৰ কথাই ভাবি আছিলোঁ বন্ধু

তুমি দীৰ্ঘজীৱি হ'বা

এইবাৰ বতাহে হাঁহিছে

পতাকাখনত 

শুনা গৈছে প্ৰতিধ্বনি

ঢেক ঢেক ঢেক ঢেক

পৰাণখোলা হাঁহি অনুকাৰ

মুকলিত ভাহিছে

পতাকাক বতাহে সুধিছে

যিসকলে বেলুন আৰু পাৰচৰাই উৰুৱাইছিল 

সেসিকলেই স্বাধীনতাৰ নামত

তোমাকো উৰুৱাইছে

উৰুৱাইছে নে এৰাল দিছে

পিছৰ দহ মিনিট

বতাহ

আৰু পতাকা দুয়ো

স্তব্ধ


এই কবিতাটিৰ পঠনে আমাৰ মগজুত নিশ্চয় ক্ৰিয়া নকৰাকৈ নাথাকে যে, স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসত আমি পতাকা উৰুৱাও, নে এৰাল দিওঁ।

 দেখা যায় কবিতৰ চেতনালৈ সোমাই অহা এই  ৰাজনৈতিক প্ৰত্যাবৃত্তিয়ে ধীৰে  ধীৰে পৰিপক্ক আৰকু কাবি্যক  ৰূপ লৈছে।  ঐতিহ্যসচেতনতাৰ  অংশ  হিচাপেও  কবিতালৈ তেওঁ  ৰাজনৈতিক  প্ৰসংগ আনিছে। কেনেকৈ?  তামোলবাৰী বাগিছা'  কবিতাটিলৈ চোৱা যাওক । ইয়াত কবিয়ে কৈছে-- 

 

 

অস্থিৰ খোজেৰে মই

এবাৰ আগফালে এবাৰ পাচ ফালে গৈছোঁ

কুৰুকি কুৰুকি কেঁচাপাতৰ বুকু

বিচাৰিছোঁ তোমাক

......

তোমাৰ ব্ৰঞ্জৰ মুখৰ মকৰাজাল

আমাৰ মুখলৈ বিয়পে

আমাৰ মুখবোৰ ৰঙা-চিঙা হৈ জ্বলে

ধাতু দুৰ্বল এই ভৰদুপৰীয়া

'ত ক'ত আৰাও ক'ত শ্ল'গান

আকাশত বাজে কি বাদ্য?

 

ঐতিহ্যসচেতনতাৰ এনে বিৰল চিত্ৰকল্প অসমীয়া কবিতাত কমেই আছে। ভাষা- সাহিত্য-সংস্কতিৰ অন্যতম প্ৰাণ প্ৰতিষ্ঠাতা জ্যোতিপ্ৰসাদৰ ব্ৰঞ্জৰ  প্ৰতিমূৰ্তিৰ মকৰাজালে যেতিয়া আমাৰ মুখবোৰো ছানি ধৰেহি, তেতিয়া কবিয়ে সেই  নিৰ্মম উপলব্ধিক কবিতা এনেদৰেই  ধৰি ৰাখিছে। ‘তোমাৰ ব্ৰঞ্জৰ মুখৰ মকৰাজাল। আমাৰ মুখলৈ বিয়পে। আমাৰ মুখবোৰ ৰঙা-চিঙা হৈ জ্বলে” মাথোন  এইখিনিলৈকে লিখিলে  কবিতাটো ঐতিহ্যসচেতনতাৰ এটি  নিদৰ্শন হৈ থাকিলেহেেঁতেন ।  কিন্তু কবিয়ে, ‘ধাতু দুৰ্বল এই ভৰদুপৰীয়া- ক'ত ক'ত আৰাও ক'ত শ্ল'গান' বুলি কোৱাৰ লগে লগে সি এক নিৰ্মম ৰাজনৈতিক শ্লেষলৈ পৰিণত হৈছে।  আচলতে আমি বাস কৰা এই  সমকালীন  সময়েই  এনেকুৱা। নিৰ্মম।  ভাষা-সাহিত্য- ঐতিহ্যৰ সকলোৰে নামতে এতিয়া কেৱল ৰাজনীতি।  নিজকে  প্ৰগতিশীল চিন্তাৰ   অংশীদাৰ  বুলি কোৱা একাংশ যিদৰে কেৰিয়াৰসৰ্বস্ব  আৰু অভিমানী, সেইদৰে  সেইদৰে আইৰ মুখৰ  ভাষাটি  ৰক্ষাৰ বাবে,  আপোন মানুহৰ  ভুমিৰ  অধিকাৰৰ  বাবে কৰা  ৰাজপথৰ  আন্দোলন,  সংগ্ৰাম  কৰাসকলৰ একাংশও কেৰিয়াৰসৰ্বস্ব  আৰু চতুৰ। মানুহৰ জীৱন-জীৱিকা-সংস্থাপন-জীয়াই থকাৰ অধিকাৰ, এই সকলোবোৰেই যেন শ্ল'গান।  ক্ষমতাত থকাসকলৰ কথাটো কবই নালাগে/  ভাষা-সংস্কৃতিৰ অন্যতম  প্ৰাণ প্ৰতিষ্ঠীতা  জ্যোতিপ্ৰসাদ আগৰৱালাৰ  ব্ৰঞ্জৰ মূৰ্তিৰ অনাদৰ-অৱহেলাৰ মকজাজাললৈ  কোনে লক্ষ্য কৰে/  এনে এক প্ৰেক্ষাতেই  অতি পৰিপক্কভাৱে এই ৰাজনৈতিক  নিৰ্মম  ব্যংগ তেওঁৰ কবিতাৰ পংক্তিলৈ সোমাই আহিছে।   ধুতু-দুৰ্বল ভৰ  দুপৰীয়াবোৰে জানো সুস্থ চিত্ৰকল্প আমাৰ মাজত জন্ম দিব পাৰে? ঐতিহ্য আৰু  ৰাজনীতিৰে সংপৃক্ত হৈ অহা ৰসঘন এনে কাব্যময়, নিৰ্মম উপলব্ধিৰে অসমীয়া ভাষাক সমৃদ্ধি  দিয়াৰ বাবেই তেওঁ এজন বিশ্বমানৰ কবি বুলি  আমাৰ ভাৱ হয়। ইয়াৰ লগতে, কবিতাত ৰাজনৈতিক পৰিহাস  ৰচনা  কৰাৰ বেলিকা ‘মৰণোত্তৰ' বা ‘স্বাধীনতা'  কবিতাৰপৰা এক উত্তৰণো পৰিলক্ষিত হয়। 

 বানান কৰি পঢ়া লুইতৰ  পানী' কবিৰ অনুপম অনুপম ৰাজনৈতিক চিত্ৰকল্প । বোধহয় এই চিত্ৰকল্পটি একবিংশ  শতিকাৰ বৰ্তমানলৈকে আটাইতকৈ সাৰ্থক চিত্ৰকল্পকেইটাৰ  অন্যতম। ‘লুইতৰ পানী'- এই   শব্দকেইটা অতিক সৰল।  ইয়াত  বানান কৰি পঢ়িবলগীয়া কি আছে? কিন্তু  কবিয়ে কৈছে-- বানান কৰি পঢ়া। অৰ্থাৎ বাৰে বাৰে পঢ়া।  উপলব্ধি কৰা। উপলব্ধি কৰা। লুইতক। জাতিৰ  ঐতিহ্যক।  কবিয়ে এই চিত্ৰকল্প ৰচনা কৰিছে এক জটিল ৰাজনৈতিক  সন্ধিক্ষণত। 




এই চিত্ৰকল্প উঠি আহিছে সেই সময়ত,   যিসময়ত ধৰ্মীয় সাম্প্ৰদায়িকতাবাদ আৰু  বৰ্ণবাদৰ ৰাজনীতিয়ে মানুহৰ ভাগ ভাগ কৰি পেলাইছে, আইৰ মুখৰ ভাষা বাৰে বাৰে বিপন্ন হোৱাৰ উপক্ৰম হৈছে, কুটিল  ৰাজনীতিৰ বাবেই  জনজাতিকৰণৰ  নামতেই  হওক বা আন চক্ৰান্তৰেই হওক  জাতি-জনগোষ্ঠীৰ মনত অবিশ্বাসৰ বীজ ৰোপণ কৰি দিয়া হৈছে, তেনে এক সময়ত। বহু যুগৰ আগতেই শংকৰেদেৱে লিখিছিল-- ‘ব্ৰাহ্মণত, চণ্ডালত নিবিচাৰি কূল, দাতাত চোৰত যেন দৃষ্টি সমতূল।’  শংকৰেদেৱৰ মৃত্যুৰপিছত শূদ্ৰই  যাতে  শাস্ত্ৰ পাঠ কৰিব নোৱােৰ তাৰ ব্যৱস্থা কৰি কীৰ্তনপুথি ধোঁৱাচাঙত তুলি থোৱাৰ দিহা দিয়া হ’ল। কিন্তু সমকালীন সাম্প্ৰদায়িক, বৰ্ণবাদী ৰাজনীতিৰ প্ৰেক্ষাত শংকৰদেৱৰ এই বাণী আকৌ প্ৰাসংগিক হৈ উঠা নাই  জানো! বানান কৰি পঢ়া লুইতৰ  পানী'  চিত্ৰকল্পটিও সকলো সময়তে  প্ৰাসংগিকতা দাবী  কৰা এক বিস্ময়কৰ  চিত্ৰকল্প। 

ইয়াত ‘লুইত' সমন্বয়ৰ প্ৰতীক। সকলো জাতি- জনগোষ্ঠীৰ  হা-হুমুনিয়াহ অন্তৰৰ উচাহ লুইতেই সামৰি নলয়জানো! সেইদৰে ‘লুইতৰ পানী' হৈছে  লুইতৰ পাৰৰ  ছন্দিত  জনজীৱনৰ বোঁৱতী প্ৰৱাহ। সাম্প্ৰদায়কিতাবাদ, বৰ্ণবাদ আৰু  গোষ্ঠীয়ে গোষ্ঠীয়ে   বিভদেৰ বীজ সিঁচি দিয়াৰ সময়ত অসমীয়া জাতিৰ কালিকা উপলব্ধি কৰিব  লাগিলে আমি উপলব্ধি  কৰিব পাৰিব লাগিব বৈ যোৱা জলধিৰে লুইতৰ কালিকাক। ইয়াৰ অন্তঃস্ৰোতক।  যিদৰে ব্ৰহ্মপুত্ৰ অন্তঃস্ৰোতেৰেহে  বেছিকৈ  শক্তিশালী, সেইদৰে অসমীয়া জাতিটোও অন্তঃস্ৰোতেৰেহে  শক্তিশালী । পৰ্বতে- কন্দৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ত গঢ় লোৱা অসমীয়া জাতিটো ৰাজনৈতিকভাৱে অতিশয় সক্ৰিয় এটা জাতি। তেওঁলোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ আজিলৈকে সমাধান হোৱা নাই , উন্নতি অথবা বিকাশৰ সপোন পূৰ হোৱা নাই। উন্নয়নৰ  নামত, প্ৰকল্পৰ নামত  যদি কোনোবাই মাটিৰপৰা উৎখাত  হবলগীয়া হৈছে তেনেহলে পোনতেই  জনগোষ্ঠীয় সমাজ আৰু বৰ্ণবাদী প্ৰতাৰ নিম্ন থকাসকলেই হৈছে।

 কিন্তু  আচৰিত কথা এয়ে যে,   হাজাৰ   চক্ৰান্তৰ সন্মুখতো অসমীয়া জাতিটো ভাঙি যোৱা নাই। তাৰ কাৰণ এই  বোৱতী লুইত।যি তাৰ দুয়োপাৰে  আমাক  বান্ধি ৰাখিছে।  সেইবাবেই   জাতি ভাঙি যোৱা নাই।  এয়াই   অসমীয়া  জাতীয়তাবাদ।  ৰাজনৈতিক জাতীয়তাবাদ। নজহা-নপমা চিত্ৰকল্পৰে  অসমীয়া কাব্যক  ঐশ্বৰ্য-বিভুতিক  শক্তি দিয়া কবিয়ে  কেৱল শব্দ ভালপোৱা নাছিল। তেওঁ ভাল পাইছিল  মানুহ।  তেওঁৰ আজন্মৰ  বসতি   লুইতৰ দুয়োপাৰৰ মানুহ।   সেইবাবেইহে   এনে বিস্ময়কৰ  চিত্ৰকল্প  নিৰ্মাণ কৰি আমাক দি যাব পাৰিলে।  কেৱল শব্দ ভালপোৱা, চিত্ৰকল্প সাজি ভালপোৱা মানুহ   হোৱা 'লে  এনে সকীয়নী  আমাক দিব নোৱাৰিলেহেঁতেন। 


এক কথাত   কবলৈ গ'লে   ‘বানান কৰি পঢ়া লুইতৰ পানী'--এই চিত্ৰকল্পটিয়ে ৰাজনৈতিক জাতীয়তাবাদৰ পৰিধি ভাঙি যায়।   আমাৰ সাংস্কৃতিক  জাতীয়তাবাদ  আৰু পাৰিপাশ্বিক জাতীয়তাবাদলৈও  এই চিত্ৰকল্পক প্ৰসাৰিত কৰিব পাৰি। অসমত আজি পৰিবেশ এনেকুৱা যে,  ভাষিক জাতীয়তাবাদ বুলি ক'লে জাতি-জনগোষ্ঠীৰ মনবোৰ কোঁচ  খাই যায়।  বৃহত্তৰ  অসমীয়া ভাষিক জাতীয়তাবাদৰ আৱৰ্তত তেওঁলোকৰ  ননিজা নিজা গোষ্ঠীৰ  ভাষাৰ বিকাশ কিদৰে কৰিব? সেই প্ৰশ্ন  সন্মুখলৈ উঠি আহে। কিন্তু  আমাৰ  সাংস্কৃতিক জাতীয়তাবাদত আছে সকলোকে সামৰি লোৱাৰ  এক বিমল অনুভুতি। 

 

সেইদৰে পাৰিপাৰ্শিবক  জাতীয়তাবাদেও একটা পৰিস্থিতিতন্ত্ৰৰ  আৱেশত  বাস  কৰা মানুহ হিচাপে  আমাৰ  সকলোকে সামৰি লয়। আৰু তেনে এক পৰিস্থিতিতন্ত্ৰত ‘লুইত' মিলনৰ এক আচৰিত চিত্ৰকল্প । পৰিবেশ বচোৱা আন্দোলনবোৰ, আলোচনাচক্ৰবোৰ,  প্ৰতিবাদৰ দেৱালবোৰ আমি আমাৰ মহান কবিসকলে দি যোৱা এনে চিত্ৰকল্পৰে সজাই তুলিব নোৱাৰোনে?  ভিন  ভিন প্ৰেক্ষালৈ  প্ৰসাৰিত কৰি এই চিত্ৰকল্পবোৰক নতুন জীৱন দিব পাৰিলেহে   অসমীয়া কবিতা আৰু  কবিক  আমি  প্ৰসাৰিত কৰিব পাৰিম বুলি অনুভৱ হয়।পাবলো নেৰুদা, মাৰ্কেজ, পা'জৰ দৰে কবিৰ কবিতাও  ভিন ভিন ক্ষেত্ৰত প্ৰাসংগিক কৰি তোলাৰ মাজেৰেই  প্ৰাসংগিক হৈ  আাছে। প্ৰসাৰিত হৈছে। আৰু পাহৰণিত হেৰাই যোৱা নাই।   সময়ৰ  ভিন  ভিন প্ৰেক্ষাত প্ৰাসংগিক  কৰি তুলি  নতুনকৈ  আৱিস্কাৰ  কৰাৰ  মাজেৰে কবি আৰু কবিতা জীয়াই ৰাখিব নোৱাৰিলে  শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ এমুঠি বিদ্বৎ সমাজৰ আলোচনাৰ মাজত আজি আৰু  কবিতা জীয়াই নাথাকে। কবিতা মৰহি  যাব। কবিও মৰহি যাব।  তেওঁলোকক উলিয়াই  আনিব  লাগে। নতুনকৈ আৱিস্কাৰ কৰিব লাগে। এয়াই যুগৰ আহ্বান।


ৰত্না ভৰালী তালুকদাৰ 

No comments:

Post a Comment