#প্ৰসংগ_জুবিন_গাৰ্গ_মাৰ্ক্সবাদ_শংকৰদেৱ
PIC-social media
জুবিন গাৰ্গ কমিউনিষ্ট আছিল নেকি? জুবিন আকৌ কেনেকৈ কমিউনিষ্ট হ'ল?
এইটো বিতৰ্ক চলি আছিলেই , তাৰ ওপৰতে ওলালহি শংকৰদেৱ বাঁওপন্থী হয়নে নহয়, সেইটো বিতৰ্ক।
দুয়োটা পক্ষৰ বাদ-বিবাদবোৰ চাই আছোঁ। ই আমাক আহ্লাদিতও কৰিছে। সমাজৰ প্ৰগতিৰ আধাৰ এই বিতৰ্কবোৰেই। মতামতৰ এই দ্বন্দ্ব আৰু সংঘাতৰ মাজেৰেই প্ৰগতিশীল ধাৰাটোৰ জয় হ'ব, আনটো লাহে লাহে নাইকিয়া হৈ যাব। বিশেষকৈ তৰুণ প্ৰজন্মৰ যুক্তি -তৰ্কবোৰে আকৰ্ষণ কৰিছে।
যি সময়ত শংকৰদেৱৰ জন্ম হৈছিল, সেই সময়ত মাৰ্ক্সবাদী তত্ত্ব বাদেই , পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি ক'বলৈ গেলিলিওৰেই জন্ম হোৱা নাই। সোঁতৰ বিপৰীতে কথা ক'বলৈ সাহস
কৰা বাবে গেলিলিওৱে জীৱনত কি শাস্তি ভোগ কৰিবলগা হ'ল আমি সকলোৱে জানো।
শংকৰদেৱে একশৰণ ভাগৱতী ধৰ্মৰ প্ৰৱৰ্তক আছিল। কিন্তু যুগৰ প্ৰেক্ষাত শংকৰদেৱ এজন বিদ্ৰোহীও আছিল। সেই সময়তে তেখেতে কৈছিল -
"ব্ৰাহ্মণত চণ্ডালত নিবিচাৰি কূল।
দাতাত চোৰত যেন দৃষ্টি সমতূল।l"
আৰু কৈছিল,
"কুক্কৰ, শৃগাল, গদৰ্ভৰো আত্মাৰাম।
জানিয়া সবাকো পৰি কৰিয়া প্ৰণাম।।"
সেই যুগতে নগাৰ নৰোত্তম, গাৰোৰ গোবিন্দ, মুছলমান চান্দসাই আছিল একশৰণ নামধৰ্মৰ প্ৰধান প্ৰচাৰক। সকলো জনগোষ্ঠীৰ সাজপাৰ,গীত -নৃত্যৰ সমলেৰে তেখেতে অসমীয়া সাহিত্য -সাংস্কৃতি- বৰভেটি গঢ়িছিল। যাক ভাঙিবলৈ চেষ্টা কৰি আজিও ৰজাঘৰীয়া সফল হোৱা নাই। সেইবাবেই শংকৰদেৱ বিপ্লৱী চেতনাৰ অধিকাৰী।
কিন্তু সেইজন শংকৰদেৱক আৱিস্কাৰ কৰিবলৈ আমি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালালৈকে অপেক্ষা কৰিব লগা নহ'লজানো! কিয়নো ধৰ্মৰ সদাগৰসকলে মানুহ শংকৰদেৱক মৃত্যুৰ পিছতে ঈশ্বৰ বনাই দিলে। শূদ্ৰই কীৰ্তন পুথি চুব নোৱাৰাৰ ব্যৱস্থা কৰিলে। উজনিৰ সত্ৰত গোস্বামীৰ বাদে আনসকলে আজিও সত্ৰাধিকাৰ হ'ব নোৱাৰে। জাতি-ভেদ নমনা শংকৰদেৱৰ আদৰ্শক বিকৃত কৰিয়েই এইবোৰ চলা নাইনে? এনে ষড়যন্ত্ৰৰপৰা উদ্ধাৰ পাবলৈ শংকৰদেৱ কেইবাটাও শতিকালৈ ল'বলগীয়া হ'ল।
শংকৰদেৱৰ আদৰ্শৰ পুনৰ আৱিষ্কাৰৰ এই কথাবোৰ আগ্ৰহীসকলে পঢ়া উচিত। শংকৰদেৱৰ দৰ্শনৰ আটাইতকৈ বিস্তৃত আৰু বিজ্ঞানসন্মত বিচাৰ কৰিছে ড০ হীৰেন গোহাঁয়ে। তেখেতৰ "কীৰ্তন পুথিৰ ৰস বিচাৰ" আৰু "শংকৰদেৱ সন্দৰ্শন" অৱশ্যে পঠনীয়। এটা কথা, সামাজিক মাধ্যমত যুক্তি-তৰ্ক কৰিবলৈ হ'লেও এইবোৰ পঢ়ি লব লাগিব। শূন্যতে গদা ঘূৰাই লাভ নাই।
জুবিন গাৰ্গো বিপ্লৱী চেতনাৰ অধিকাৰী। অসমৰ লোকসংগীতৰ প্ৰতিটো ধাৰাকে তেওঁ নৱজীৱন দি এগৰাকী গণশিল্পীৰ দায়িত্ব পালন কৰি গৈছে। বৰগীত, বনগীত, নিচুকনি গীত- কি গোৱা নাই তেওঁ। যুগদ্ৰষ্টা শিল্পীয়ে দায়িত্ব বুজিয়েই লোক সংগীতৰ ধাৰাক এনেকৈ নতুন জীৱন দিয়ে। অথচ জুবিন গাৰ্গক গণশিল্পী বুলি ক'লে বহুতৰ খঙেই উঠে।
জুবিন গাৰ্গে বিষ্ণু প্ৰসাদ ৰাভাক কলাগুৰু বুলি মান্যতা দিছে। বহুতে বিষ্ণু প্ৰসাদ ৰাভাক কলাগুৰু বুলি ক'বলৈ নিবিচাৰে। কলাগুৰু তেওঁ হয়েই, কিন্তু মাথোন কলাগুৰু নহয়। বিষ্ণূ ৰাভাৰ সামগ্ৰীকপৰিচিতিৰ আভা ইমান সংকীৰ্ণ নহয়। সাম্যৰ ববে, সমতাৰ বাবে, এখন শ্ৰেণীহীন সমাজ গঢ়াৰ বাবে এখন হাতত বন্দুক আৰু আনখন হাতত কলম তুলি লোৱা বিৰল বিপ্লৱী তেওঁ। সেইবাবেই তেওঁ সৈনিকশিল্পী আৰু একে সময়তে কলাগুৰুও ।
কা আন্দোলনৰ পৰৱৰ্তী সময়ত জুবিন গাৰ্গৰ ৰাজনৈতিক চেতনাস্ৰোতৰ তুমুল উত্তৰণ ঘটিছিল। ৰীতা চৌধুৰী বাইদেউক দিয়া সাক্ষাৎকাৰটোত বহু কথা তেওঁ স্পষ্টকৈ কৈছে।
একোজন সৃষ্টিশীল মানুহ যুগৰ মেজাজেৰে গঢ় লয়। অনেক প্ৰবীণে নবীনৰ এই মেজাজ মানি ল'ব নিবিচাৰে। দিলীপ শৰ্মা জন্মশতবৰ্ষ সামৰণি অনুষ্ঠানৰ দিনা দেখিলোঁ গণমাধ্যমত থকা তৰুণ শিল্পী এজন জ্যেষ্ঠসকলৰ মাজত চুচুক -চামাককৈ ইফাল-সিফাল কৰি আছে। হয়তো কোনেও বিশেষ দায়িত্বও দিয়া নাই। '"কিনো মুজুং-মাজাং লৰা এইটো' বুলি চাগে মনে মনে অলপ judgemental হৈছিলোঁ। কিন্তু দুদিন পিছতে মাৰ্শ্বেল বৰুৱাই ছবি অঁকাৰ সময়ত তৰ্জন-গৰ্জন কৰি শ্ল'গান দিয়া দেখিলোঁ। বুজিলোঁ -যুগৰ মেজাজ য'ত প্ৰতিফলিত হ'ব, প্ৰজন্মও তাতেই থাকিব।
অনেক তৰুণে আক্ষেপ কৰে- 'বুঢ়াকেইটাই আমালৈ বাট এৰি নিদিয়ে। চব occupy কৰি ৰাখিছে।' - নতুনলৈ
বাট এৰি দিবলৈ জানিব লাগে। দায়িত্বৰ ভাৰ এৰি দিব লাগে। এয়াও এটা কলা।
বহুত তৰুণ সৃষ্টিশীল সত্ত্বাই ৰাজপথৰ সংগ্ৰামক উপলুঙা কৰা দেখিবলৈ পাওঁ। আৰে, মানুহৰ কল্যাণৰ হকে বুকুত একুৰা জুই জ্বলাই ল'ব পৰা নাই যদি, সমাজৰ অন্যায় -অবিচাৰৰ বিৰুদ্ধে বুকুত এটি বিদ্ৰোহী সত্ত্বা লালন কৰা নাই যদি তুমিনো কিহৰ সৃষ্টিকৰ্তা? তাতকৈ দেখোন ৰজাঘৰীয়াৰ তৈলমৰ্দনৰ সংগীতত খুটি তাল বজোৱাই ভাল।

No comments:
Post a Comment