Saturday, 14 September 2019

গুৱাহাটীত অনুষ্ঠিত হোৱা অসম প্ৰাদেশিক বেংক কৰ্মচাৰী সংস্থাৰ মহিলা পৰিষদৰ ৰাজ্যিক অভিৱৰ্তনৰ অতিথি বক্তা হিচাপে কোৱা বক্তব্য --


ভাৰতীয় সংবিধানে পুৰুষ আৰু মহিলাক সমান মৰ্যদা প্ৰদান কৰিছে। ভাৰতৰ সামাজিক প্ৰতিচ্ছবিয়ে নাৰী –পুৰুষৰ সমানধিকাৰৰ কথাটো কিছু সুকীয়াকৈ দাঙি ধৰিলেও শিক্ষাৰ অধিকাৰ, জীয়াই থকা অধিকাৰকে ধৰি সকলোবোৰ মৌলিক অধিকাৰ লাভ কৰাৰ ক্ষেত্ৰত সংবিধান অনুসৰি নাৰী আৰু পুৰুষৰ মাজত কোনো ব্যৱধান ৰাখিব নোৱাৰি। আজি ভাৰতবৰ্ষৰ কৰ্মজীৱি নাৰীসকলে কৰ্মক্ষেত্ৰত যোগদান কৰিবৰ সময়তো পুৰুষৰ সমানে সমানে প্ৰতিদ্বন্দিতা কৰিয়েই আগবাঢ়ি আহিছে, কৰ্মসংস্থান লাভ কৰা ক্ষেত্ৰত এগৰাকী নাৰী হিচাপে তেওঁক বেলেগ সুবিধা বা ‘কোটা’ প্ৰদান কৰা নহয়। তথাপিও কৰ্মক্ষেত্ৰত নাৰীয়ে লাভ কৰা অভিজ্ঞতাবোৰ, সন্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে পাতিবলৈ আমাক এখন সুকীয়া মঞ্চৰ প্ৰয়োজন হয়।
অসম প্ৰাদেশিক বেংক কৰ্মচাৰী সংস্থাৰ ‘মহিলা পৰিষদ’ৰ মহিলা কৰ্মচাৰীসকলে আজি অনুষ্ঠিত কৰা এই ৰাজ্যিক অভিৱৰ্তনখনেই তাৰ প্ৰমাণ। এই অভিৱৰ্তনৰ উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ।
বেংক প্ৰতিষ্ঠানক কাম কৰিবলৈ পোৱাটো দেশৰ শিক্ষিত যুৱপ্ৰজন্মই অতি গৌৰৱৰ কথা বুলি ভাৱে। পুৰুষৰ সমানে সমানে শিক্ষা লাভ কৰি তীব্ৰ প্ৰতিদ্বন্দিতাৰ মাজেৰে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ কৰ্মসংস্থান লাভ কৰাৰ পিছতো প্ৰাদেশিক বেংক প্ৰতিষ্ঠানৰ ‘নাৰী পৰিষদৰ’ মহিলা কৰ্মচাৰীসকলে এখন অভিৱৰ্তনৰ মাজেৰে সংগঠিত ৰূপত সমবেত হোৱাটো এটা গৌৰৱৰ কথা। কিন্তু একেটা সময়তে সি আন এক বাস্তৱতাৰ কথাও আমাক সোঁৱৰাই দিয়ে। কিয়নো আমি জানো যে -- কৰ্মজীৱি নাৰীসকলে যি ক্ষেত্ৰতেই কাম নকৰক কিয়, মহিলা হিচাপে তেওঁলোকৰ কিছুমান উমৈহতীয়া কথা কবলগীয়া থাকে। আকৌ এগৰাকী নাৰী হিচাপেও, লাগিলে তেওঁ কৰ্মৰত হওকেই বা নহওক — তেওঁলোকে লাভ কৰা কিছু উমৈহতীয়া অভিজ্ঞতাৰ বিষয়ে বহুকথা কবলগীয়া থাকে। আৰু সেইবাবেই আমাক একোখন উমৈহতীয়া মঞ্চৰ প্ৰয়োজন হয়-- যি মঞ্চৰপৰা সংগঠিত ৰূপত আমি আমাৰ কবলগীয়া বক্তব্যবোৰ দাঙি ধৰিব পাৰোঁ, আমাৰ দাবীসমূহ উত্থাপন কৰিব পাৰোঁ, আৰু এই দাবীবোৰক ভিত্তি কৰি বৃহত্তৰ নাৰীসমাজৰ একত্ৰিত কৰিব পাৰোঁ -- যাতে এই প্ৰশ্নবোৰ আৰু এই দাবীবোৰ দেশৰ সিদ্ধান্ত-নিৰ্ণয়কাৰী আৰু নীতি-নিৰ্ধাৰকসকলৰ দৃষ্টিগোচৰ হয়।
কৰ্মজীৱি নাৰীৰ অধিকাৰ, কৰ্মক্ষেত্ৰত তেওঁলোকে লাভ কৰা অভিজ্ঞতা আৰু নাৰী আৰু পুৰুষৰ সমানাধিকাৰৰ প্ৰশ্নবোৰক লৈ কৰ্মজীৱি নাৰীসকল সংগঠিত হোৱাটো এইবাবেই জৰুৰী হৈ পৰিছে যে, ভাৰতবৰ্ষত উচ্চশিক্ষাৰ স্নাতক, স্নাকতোত্তৰ আৰু এম ফিল পৰ্যায়লৈকে ১৮-২৩ বছৰ বয়সসীমাৰ উচ্চশিক্ষাৰ ক্ষেত্ৰখনত ২০১৩-১৪ চনৰপৰা নাৰীয়ে পুৰুষৰ চেৰ পেলাই গৈছে। কিন্তু কৰ্মক্ষেত্ৰত নাৰীৰ সংখ্যা উল্লেখনীয়ভাৱে কমি আহিছে। এই কথা প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্যৰ দেশজোৰা জৰীপৰ তথ্যৰ আধাৰত। ২০০৫-০৬ চনৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্যৰ জৰীপত ‘বিগত ১২ মাহ ধৰি কৰ্মৰত হৈ থকা নাৰীৰ সংখ্যা’ শিতানত ৪৩ শতাংশ নাৰীয়ে নিজকে কৰ্মৰত নাৰী বুলি পৰিচিতি দাঙি ধৰিছিল, যি পৰিসংখ্যা ১০ বছৰৰ পিছত অৰ্থাৎ ২০১৫-১৬ চনৰ শেহতীয়া জৰীপত ৩১ শতাংশলৈ নামি আহিছে। উল্লেখযোগ্য যে, ‘নেচনেল চেম্পল চাৰ্ভে অৰ্গেনাইজেচন’ৰ জৰীপতো ২০১১-১২ চনৰপৰাই ২০০৪-০৫ চনৰ তুলনাত ক্ৰমাগতভাৱে কৰ্মক্ষেত্ৰত নাৰীৰ সংখ্যা কমি অহাটো পৰিলক্ষিত হৈছে। এই তথ্য প্ৰকাশ পাইছে সংবাদ প্ৰতিষ্ঠান ‘দ্য লাইভ মিণ্ট’ৰ ২০১৮ চনৰ ৮ মাৰ্চৰ এক সংবাদত।

কৰ্মক্ষেত্ৰত নাৰীৰ সংখ্যা এনেদৰে কমি আহাটো এইবাবেই উদ্বেগজনক যে, ২০১৫ চনত A McKinsey Global study – শীর্ষক অধ্যয়নত এই কথা প্ৰকাশ পাইছিল যে, কৰ্মক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ ব্যৱধান হ্ৰাস কৰিয়েই ভাৰতবৰ্ষই জিডিপি অৰ্থাৎ মুঠ ঘৰুৱা উৎপাদনৰ পশতকৰা হাৰ ১৬-৬০লৈ বৃদ্ধি কৰিব পাৰে। কিন্তু যোৱা কেইমাহত বিগত সময়ত আমাৰ দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ ছবিখন কি হৈছেগৈ সেয়া বেংক প্ৰতিষ্ঠানত কৰ্মৰত নাৰী হিচাপে আপোনালোকক নকলেও হ’ব। ১৯৯০ চনত সমগ্ৰ পৃথিৱীত কৰ্মৰত নাৰীৰ শতকৰা হাৰ আছিল ৫১.৪, যিটো ২০১৮ চনত কমি হৈ ৪৮.৫ হৈছেগৈ। ভাৰতৰ ক্ষেত্ৰত দেখা হৈছে যে কৰ্মৰত নাৰীৰ শতকৰা হাৰ ১৯৯০ চনৰ ৩১.১ ৰপৰা ২০১৭ চনত ২৭.২ লৈ নামি আহিছে। ‘চেণ্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইকনমি’ৰ তথ্য মতে ২০১৭ চনত ভাৰতত কৰ্মৰত নাৰীৰ নিযুক্তি ২.৪ নিযুত হ্ৰাস পাই আৰু ইয়াৰ বিপৰীতে কৰ্মৰত পুৰুষৰ নিযুক্তি ০.৯ নি়যুত বৃদ্ধি পায়।
পৰিসংখ্যাৰ তালিকা কবলৈ গ’লে এনেদৰেই দীঘলীয়া হৈ গৈ থাকিব। কিন্তু আজিৰ পৰিস্থিতিত বিভিন্ন ক্ষেত্ৰত কৰ্মৰত মহিলাসকল এটা শক্তি হিচাপে সংগঠিত হোৱাটো এইবাবেই প্ৰয়োজন যে, পৃথিৱীজুৰি কৰ্মৰত মহিলাসকলৰ সমস্যাবোৰ একেই, আৰু ভাৰতৰ্ষৰ দৰে দেশত য’ত এতিয়াও বৰ্ণবাদ, ডাইনী সন্দেহত নাৰী নিগ্ৰহ, যৌতুকৰ বাবে বোৱাৰী হত্যা আৰু কঠোৰ আইন প্ৰণয়ৰ হোৱাৰ পিছতো কন্যাভ্ৰূণ হত্যাৰ দৰে সামন্ততান্ত্ৰিক প্ৰথা চলি আছে, তেনে এখন দেশত কৰ্মজীৱি নাৰীসকলে – লাগিলে তেওঁ যি ক্ষেত্ৰতেই কাম নকৰক, কৰ্মক্ষেত্ৰত লাভ কৰা অভিজ্ঞতাবোৰ একেই। বিশ্বজুৰি কৰ্মজীৱি নাৰীসকলে কৰ্মক্ষেত্ৰ আৰু ব্যক্তিগত, তথা ঘৰুৱা জীৱনৰ মাজত ভাৰসাম্য বিচাৰি হাবাথুৰি খায়। পথিৱীৰ প্ৰতিগৰাকী নাৰীৰেই নিজকে বিকশিত কৰাৰ হাবিয়াস থাকে, নিজৰ পৃথিৱীখন সুন্দৰকৈ সজাই লোৱাৰ এক সপোন তেওঁলোকে পুহি ৰাখে -- কিন্তু কৰ্মক্ষেত্ৰৰ কামৰ লগতে পাকঘৰৰ কামৰ বোজা, সন্তানৰ লালন-পালন, বিয়া-বাৰু, আত্মীয়-স্বজনৰ সৈতে সম্পৰ্ক ৰক্ষাকে ধৰি অসংখ্য দায় –দায়িত্বৰ মাজত বিলাই দিবলৈ গৈ তেওঁ নিজে হাবাথুৰি খায়। সন্তানৰ স্কুলৰ সমস্যাৰ বাবেই নিজৰ পদোন্নতিৰ সৈতে জডি়ত বদলিকৰণৰ বিষয়ত তেওঁ বুজা-পৰা কৰিবলৈ বাধ্য হয়। গোটেই পৃথিৱীজুৰি কৰ্মৰত মহিলাৰ আজি এইটোৱেই এটা প্ৰদান সমস্যা। অথচ এজন পুৰুষৰ ক্ষেত্ৰত এই সমস্যাবোৰ দেখা নাযায়। পদোন্নতিৰ সৈতে বদলিকৰণ তেওঁৰ বাবে এক সন্তুষ্টি। কিন্তু এগৰাকী মহিলাৰ ক্ষেত্ৰত সেয়ে এক হাহাকাৰ আৰু তাৰবাবে কিবা কবলৈ বিচাৰিলেও সেয়া হৈ পৰিব অৰণ্যৰোদন, কিয়নো পৰিয়ালৰ মমতাৰ বাবে, পৰিয়ালটোৰ ভাৰসাম্য বজাই ৰখাৰ বাবে, সন্তানৰ আৱেগৰ বাবে তেওঁ দূৰণিলৈ গৈ নিজৰ পদোন্নতি গ্ৰহণ কৰিব নোৱাৰে, নিজ সপোন তেওঁ জলাঞ্জলি দিবলৈ বাধ্য। এই সকলোবোৰৰ বাবেই অন্তৰত হাবিয়াস পুহি ৰখা বহুতো শিক্ষিত নাৰীয়ে নিজৰ ভালপোৱা কামবোৰ কৰিবলৈ এলাহ কৰে, ভাগৰে তেওংক হেঁচা মাৰি ধৰে। এজন পুৰুষৰ বিপৰীতে কৰ্মৰত নাৰী এগৰাকীৰ বাবে ৰাজহুৱা জীৱন একপ্ৰকাৰ নিষিদ্ধ কামৰ দৰেই। নিজৰ চাকৰি আৰু সন্তানৰ পঢ়া-শুনা চোৱা-চিতাৰ দায়িত্বৰপৰা এটা বয়সত অব্যাহতি পাই যেতিয়া তেওঁৰ নিজলৈ উভিত চোৱাৰ সময় হয় তেতিয়া তেওঁ দেখিবলৈ পায় যে, অন্তৰৰ সুন্দৰ সপোনবোৰ পূৰ কৰাৰ তেওঁৰ হাবিয়াৰ পূৰণৰ সেই পৃথিৱীখনত তেওঁ বুহদূৰ পিচপৰি ৰৈছে — তেওঁলৈ এবাৰ উভতি চাবলৈ কাৰো হাতত সময় নাই। সকলো কৰ্মৰত নাৰীয়েই ঘৰ-সংসাৰৰৰ দায়িত্ব পালন কৰাটো গৌৰৱৰ কথা বুলি বিবেচনা কৰে, এগৰাকী সফল মাতৃ হোৱাৰ আনন্দই তেওঁক আলোড়িত কৰে, কিন্তু ইয়াৰ বাবে তেওঁ নিজৰ শৰীৰত কঢ়িয়াই লৈ ফুৰে নিজৰ সপোনবোৰ বিসৰ্জন দিয়াৰ অলেখ হা-হুমুনিয়াহ – তেঁওৰ সুদৃ্শ্য ঘৰৰ মাটিৰ তলত সোমাই থকা ভেটিটোৰ দৰেই যি অতিকৈ মজবুত, কিন্তু তাক কোনেও দেখা নাপায়।

আজি বেংক প্ৰতিষ্ঠানৰ কৰ্মচাৰী হিচাপে আপোনালোকেও এইধৰণৰ নানা সমস্যাবোৰৰ সন্মুখীন হৈছে , কিন্তু এগৰাকী সাংবাদিক হিচাপে আমি প্ৰায়ে লগ পাওঁ সেইসকল নাৰীক, যিসকলে লাখৰ ঘৰত সংগঠিত উদ্যোগখণ্ডত শতিকাৰ পিছত শতিকা ধৰি কাম কৰি অহাৰ পিছতো অতি কম মজুৰিত অমানৱীয় পৰিবেশত কাম কৰিবলৈ বাধ্য হোৱাই নহয়, নিজৰ গোপনীয়তাৰ মৰ্যদাৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে। আপোনালোকে জানে যে, অসমৰ চাহ উদ্যোগে ভাৰতৰ চাহ উদ্যোগৰ আধাতকৈও বেছি উৎপাদন কৰে আৰু এই উদ্যোগত জড়িত হৈ থকা ১০ লাখ খণ্ড শ্ৰমিকৰ আধাতকৈও বেছি নাৰী। আজিও চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি মাত্ৰ ১৬৭ টকা, আধাতকৈও বেছি ‘ফাল্টু’ বা অস্থায়ী নাৰী শ্ৰমিকৰ বাবে মাতৃত্বৰ সময়ত পাবলগীয়া কোনা সা-ুবিধা নাই। সকলোতকৈ ডাঙৰ কথাটো হৈছে যে, দৈনিক আঠঘণ্টা মুকলি আকাশৰ তলত ৰ’দে-ব’ৰ’ষুণে কাম কৰি অহা এই নাৰী শ্ৰমিকসকলৰ বাবে কৰ্মক্ষেত্ৰত টয়লেটৰ সুবিধা নাই। এগৰাকী নাৰী সাংবাদিক হিচাপে আমি যেতিয়া তেনে এৰাকী নাৰী শ্ৰমিকৰ সন্মুখীন হও, যি নিজৰ অভিজ্ঞতা বৰ্ণণা কৰি কয় যে, আনকি ঋতুশ্ৰাৱৰ দৰে অতি স্পৰ্শকাতৰ সময়তো তেওঁলোকে বাগিছাৰ বাবুবোৰৰ সন্মুখতে বাগিছাৰ নলাত প্ৰস্ৰাৱ কৰিবলৈ বাধ্য হয়, তেতিয়া এগৰাকী সাংবাদিক হিচাপে নহয়, এগৰাকী নাৰী হিচাপেও আমি শিয়ৰি উঠোঁ । এনে অমানুষিক পৰিবেশত কাম কৰিবলৈ তেওঁ পুৱাই ভাত-পানী ৰন্ধাৰপৰা আৰম্ভ কৰি সকলো কাম কৰে, বস্তিৰ বাহিৰত থকাসকলে বাগানলৈ পাঁচ –ছয় কিলোমিটাৰ খোজকাঢ়ে, উভতি আহি ঘৰুৱা কামৰ লগতে মদাহী গিৰীয়েকৰ মাৰ-পিটো হজম কৰে। এই মুহূৰ্ততো এই নাৰীসকল মানৱ সৰৱৰাহকাৰীৰ হাত পৰি ৮০,০০০, এক লাখ টকাত বিক্ৰী হৈছে। যিক্ষেত্ৰত চাহ উ্দ্যোগৰ দৰে সংগঠিত খণ্ডত কাম কৰা নাৰীৰ এই অৱস্থা, তেনে ক্ষেত্ৰত অসংগঠিত ক্ষেত্ৰত কাম কৰা যেনে – আপোনালোকৰ ঘৰত কাম কৰা বাইগৰাকী, নিৰ্মাণখণ্ডত কাম কৰা চিমেণ্ট-বালি কঢ়িওৱা নাৰীগৰাকী, বাটৰ কাষত তামোল-পাণৰ দোকান দি বা ফুটপাথত বহি পাচলি বিক্ৰী কৰি ঘৰ চলোৱা মহিলাগৰাকীৰ গোপনীয়তা আৰু মৰ্যদাৰ প্ৰশ্নবোৰ কি হবগৈ তাক বুজিবলৈ আমাৰ অকণো দিগদাৰ নহয়। তেওঁলোকৰ নিজা অধিকাৰ বা মানুহ হিচাপে জীয়াই থকাৰ মৰ্যদা বিষয়ে কোৱাৰ সুবিধা বা অৱসৰ নাই বাবে আমিয়েই তেওঁলোক প্ৰতিনিধি হৈ তেওঁলোকৰ সংগ্ৰাম আগুৱাই নিব লাগিব আৰু তাৰবাবেই এক ঐক্যবদ্ধ নাৰী সংগ্ৰামৰ প্ৰয়োজন।
আজি আপোনালোকে বেংক প্ৰতিষ্ঠানৰ নাৰী কৰ্মচাৰীসকল নিজৰ নিজৰ অধিকাৰৰ দাবীত একত্ৰিক হোৱাটো গৌৰৱৰ কথা, কিন্তু ইয়াক আমি আৰু অধিক ব্যাপকতৰ কৰি তুলিব লাগিব। এগৰাকী সাংবাদিক হিচাপে আমিও তেনে অভিজ্ঞতাৰপৰা পৃথক নহয়। আজিৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত দেখা যায় অলেখ যুৱ মহিলা সাংবাদিকৰ পয়োভৰ। দিন-ৰাতিৰ কামৰ চেদ-ভেদ নোহোৱা, আৰু কামৰ কোনো সুৰক্ষা নথকা এই বৃত্তিটোত নানা কষ্টৰ মাজতো নাৰী সাংবাদিকসকলে নিজকে প্ৰতিষ্ঠা কৰিছে, পুৰুষ সমানে সমানে দুৰ্গম এলেকালৈ গৈ কৰ্তব্য সম্পাদন কৰিছে। কিন্তু আজি অসমৰেই সংবাদ মাধ্যমত জগতখনলৈ চালে দেখা যায় যে, সিদ্ধান্ত নিৰ্ণয়কাৰী পদবোৰ যেনে মূখ্য সম্পাদক, সম্পাদক, কাৰ্যবাহী সম্পাদক, সহযোগী সম্পাদ, ব্যুৰ’ চীফৰ দৰে পদত কেইগৰাকী মহিলা আছে। বহুক্ষেত্ৰত নাৰীক দিয়া উচ্চপদবী আলংকৰৰিকহে। সিদ্ধান্ত লবলৈ তেওঁক দিয়া নহয়। আজি আমি দেখিছোঁ টিভি চেনেলৰ টক শ্ব’ত অসমৰ ৰাজনৈতিক পৰিস্থিতিৰ গভীৰ ৰাজনৈতিক বিশ্লেষণ দাঙি ধৰিব পৰা মহিলা লেখকক ফেশ্বন অথবা জীৱন শৈলী বিষয়ক আলোচনীৰ সম্পাদকৰ পদহে দিয়া হৈছে। তেওঁৰ সক্ষমতা দাঙি ধৰিবপৰাকৈ উপযুক্ত আসন দিয়া হোৱা নাই। আমাৰ প্ৰজন্মৰ বহুতো মহিলা সাংবাদিক আজি মানুহৰ চকুৰ আগৰপৰা হেৰাই গৈছে — কৰ্মক্ষেত্ৰৰ শ্বাসৰূদ্ধকৰ পৰিস্থিতিৰ বাবে, উপযুক্ত সময়ত পদোন্নতি লাভ নকৰাৰ বাবে, তেওঁৰ তুলনাত অনভিজ্ঞ পুৰুষ সাংবাদিক এজনক ওপৰলৈ তুলি নিয়াৰ হতাশাত । বহুতো মহিলা সাংবাদিকে চাকৰি এৰি দিছে, অন্যান্য কৰ্মক্ষেত্ৰত নিজকে ব্যস্ত ৰাখিছে। অথচ তেওঁলোকো আছিল প্ৰচুৰ সম্ভাৱনাময়। তেওঁলোক ক’লৈ গ’ল আজি আৰু বিচাৰি পোৱা নাযায়।

সেয়েহে বান্ধৱীসকল, কৰ্মজীৱি নাৰীৰ সমস্যা আৰু সংগ্ৰাম বহুত ক্ষেত্ৰত একেই। আৰু সেইবাবেই আমাৰ প্ৰয়োজন এক বৃহৎ সমবেত শক্তিৰ, যাতে আমি আমাৰ দাবীবোৰ সন্মিলিতভাৱে দাঙি ধৰিব পাৰোঁ। সংগঠিত শক্তিৰ লগত থাকিলেহে আমাৰ কণ্ঠস্বৰ তেওঁলোকে শুনিব। আজি নাৰীৰ অধিকাৰৰ দাবীত বহুতো নাৰীয়ে সংগঠিত হবলৈ অনীহা প্ৰকাশ কৰে — ইয়াৰদ্বাৰা তেওঁ নিজকে দুৰ্বল কৰিহে তোলে। তদুপৰি বহুতে পুৰুষসকলক শত্ৰু হিচােপ চিনাক্ত কৰে। কিন্তু নাৰী আৰু পুৰুষৰ সমান অধিকাৰৰ যুদ্ধখনত উদাৰ আৰু প্ৰগতিশীল পুৰুষৰো সমান অৱদান আছে- আমাৰ যুদ্ধ পুৰুষতন্ত্ৰৰ বিৰুদ্ধেহে – পুৰুষৰ বিৰুদ্ধে নহয়। বহুতো নাৰী পুৰুষতান্ত্ৰিক ধ্যান-দাৰমাৰে পৰিচালিত হোৱাৰ বাবেই নাৰীয়ে নাৰীৰ শত্ৰি হৈ উঠে, যৌতুকৰ বাবে বোৱাৰী হত্যাত শাহুৱে ভাগ লোৱাৰ দৰে ঘটনা ঘটে। । এইক্ষেত্ৰত প্ৰকৃত চেতনাৰে নাৰীসমাজক শিক্ষিত কৰি তোলাৰ বাবে আমাৰ বহুতো কৰণীয় আছে।
আজি আমি সংসদ আৰু বিধানসভাৰ মজিয়াত ৩৩ শতাংশ আসন নাৰীৰ বাবে সুৰক্ষিত কৰিবলৈ দাবী জনাই আহিছোঁ – সি সম্ভৱ হৈ উঠা নাই। বহুতো নাৰীয়েই এই সংৰক্ষণৰ বিৰোধিতা কৰে , কিন্তু এটা কথা মনত ৰাখিব লাগিব যে, এনেদৰে আগুৱাই নগলে আমাক তেওঁলোকে আগুৱাবলৈ নিদিয়ে। আজি বেংক কৰ্মচাৰীসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ দাবীত আন্দোলন কৰি আহিছে, আমাক ভোট বিচাৰি অহা ৰাজনৈতিক নেতাই ভোটৰ সময়ত বহুত মন ভাল লগা কথা কয়। কিন্তু সেই সাংসদে সংসদত আপোনালোকৰ দৰমহা বৃদ্ধিৰ বাবে এষাৰ মাত মাতিছেনে? এগৰাকী সাংবাদিক হিচাপে আমি জানো—তেওঁলোকে মাত মতা নাই। গতিকেই আমি মানুহৰ হকে মাত মাতিব পৰা ৰাজনৈতিক নেতাক বিধানসভা বা ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠিয়াব লাগিব।মানুহৰ কল্যাণৰ হকে কৰা ৰাজনীতিৰ পক্ষত আমি ঠিয় দিব লাগিব। তাৰবাবেই আমাক ৰাজনৈতিক সচেতনতাৰ প্ৰয়োজন, আমি সংগঠিত হোৱাৰ প্ৰয়োজন।
সেয়েহে এনে শুভ ক্ষণত আপোনালোকক অভিনন্দন জনাইছোঁ । আহক, নাৰী আৰু পুৰুষৰ সমান অধিকাৰ যুঁজখনত আমি সকলোৱেই একলেগে আগবাঢ়ি যাওঁ আৰু আমাৰ নিজকে বিকশিত কৰাৰ, এগৰাকী মাতৃ-পত্নী-গৃহিণী আৰু কৰ্মজীৱি নাৰীৰ পৰিচিতিৰ লগে লগে আমাৰ অন্তৰৰ হাবিয়াসবোৰ,মনত পুহি ৰখা সপোনবোৰ পূৰ কৰাৰ লক্ষ্যৰে একেলগে আগুৱাই যাওঁ।

১৪-০৯-২০১৯

No comments:

Post a Comment