Wednesday 11 September 2019

ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ নেতৃত্বত অনুসূচীত জাতি, জনজাতি, দলিত, আদিবাসী, অন্যান্য পিচপৰা শ্ৰেণী উপেক্ষিত





ভাৰতবৰ্ষৰ  ৰাষ্ট্ৰীয় ইংৰাজী ছপা মাধ্যম, বৈদ্যুতিন মাধ্যম, হিন্দী ছপা মাধ্যম আৰু বৈদ্যুতিন মাধ্যম আৰু ডিজিটেল মাধ্যমৰ নেতৃত্বকাৰী স্থানবোৰত  সাধাৰণ জাতিৰ লোককলেই প্ৰাধান্য বিস্তাৰ কৰিছে। Oxfam India  আৰু Newslaundry নামৰ বেৱচাইটৰ জৰিয়তে ২০১৮ৰ অক্টোবৰ মাহৰপৰা ২০১৯ চনৰ মাৰ্চ মাহলৈ এলানি  সংবাদ মাধ্যমত কৰা ‘Who tells our stories matters – Representation of marginlised caste groups in Indian newsroomsশীৰ্ষক অধ্যয়নত এই কথা প্ৰকাশ পাইছে। অধ্যয়নত প্ৰকাশ পাইছে যে, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অনুসূচীত জাতি, জনজাতি, দলিত, আদিবাসী, অন্যান্য পিচপৰা শ্ৰেণীকে ধৰি সাামাজিক স্তৰবোৰৰ নিম্নবৰ্গত বা কৰা লোককল উপেক্ষিত হৈ আছে 

অৱশ্যে এই সংবাদ মাধ্যমবোৰত অনুসূচীত জাতি, জনজাতি, দলিত, আদিবাসী, অন্যান্য পিচপৰা শ্ৰেণীৰ বিষয়বোৰ গুৰুত্ব হকাৰে প্ৰকাশ কৰাৰ বিষয়টোত উক্ত মীক্ষাই কোনো কথা কোৱা নাই।

মীক্ষাত প্ৰকাশ পাইছে যে, বৈদ্যুতিন সংবাদ মাধ্যম ১২১ টা নিউজৰুমৰ নেতৃত্বকাৰী স্থান,  যেনে – মূখ্য ম্পাদক, ব্যৱস্খাপক সম্পাদক,  এডিটৰ, কাৰ্যবাহী ম্পাদক, ব্যুৰো’ চীফ, ইনপুট-আউটপুট এডিটৰৰ দৰে স্থানৰ ১০৬– টাতেই সাধাৰণ জাতিৰ সাংবাদিক আছে, আৰু এইবোৰৰ কোনো এটাতেই অনুসূচীত জাতি অথবা অনুসূচীত জনজাতিৰ লোক নাই।

মূল ফ্লেগশ্বিপ বিতৰ্কৰ অনুষ্ঠানবোৰৰ এংকৰকলৰ চাৰিজনৰ তিনিজনেই সাধাৰণ জাতিৰ । এনে স্থানত দলিত, আদিবাসী অথবা অন্যান্য পিচপৰা শ্ৰেণীৰ লোককল নাই। এনে ফ্লেগশ্বিপ বিতৰ্কৰ অনুষ্ঠানবোৰত যিকলে ভাগ লয়, তেওঁলোকৰ ৭০ শতাংশই সাধাৰণ জাতিৰ  লোক। ইংৰাজী মাধ্যমৰ কাকতত প্ৰকাশিত প্ৰবন্ধবোৰৰ ৫ শতাংশ প্ৰবন্ধহে দলিত অথবা আদিবাসীকলে লিখে। হিন্দীভাষাত প্ৰকাশিত কাকতত এই হাৰ ১০ শতাংশ ।

নিউজ বে’ৱচাইটমূহৰ ৭২ শতাংশ ‘বাইলাইন’, অৰ্থাৎ নিজৰ নামত প্ৰকাশিত প্ৰবন্ধৰ ৭২ সাধাৰণ জাতিৰ সাংবাদিকে  লিখে। ১২ খন আলোচনীৰ ‘কভাৰপে’জ’ নিবন্ধ  হিচাপে প্ৰকাশিত ৯৭২ টা নিবন্ধৰ মাত্ৰ ১০টাহে জাতি-ভেদ প্ৰথাৰ সৈতে জড়িত বিষয়বোৰৰ ওপৰত লিখা ।

২০১১–ৰ লোকপিয়লৰ তথ্য মতে অনুসূচীত জাতিৰ লোকৰ ংখ্যা  ১৬.৬ শতাংশ আৰু অনুসূচীত জনজাতিৰ  ৮.৬শতাংশ ১৯৫০ চনৰ পিয়লৰ তথ্য মতে অন্যান্য পিচপৰা শ্ৰেণীৰ লোকৰ সংখ্যা ৫৬ শতাংশ । ১৯৮০ চনৰ মণ্ডল কমিচনৰ প্ৰতিবেদন মতে তেওঁলোকৰ সংখ্যা ৫২ শতাংশ। আনহাতে ২০০৬ চনৰ নেচনেল চেম্পল চাৰ্ভে অৰ্গেনাইজেচনৰ তথ্যই অন্যান্য পিচপৰা শ্ৰেণীৰ লোকৰ সংখ্যা  ৪১ শতাংশ বুলি দৰি কৰিছে।   

চি এন এন –নিউড ১৮, ইণ্ডিয়া টুডে, মিৰৰ নাও, এন ডি টি ভি ২৪, ৰাজ্যভা টেলিভিছন, ৰিপাব্লিক টি ভি, আৰু টাইমছ নাওকে ধৰি একাংশ ইংৰাজী মাধ্যমৰ ৰাষ্ট্ৰীয়  বৈদ্যুতিন সংবাদ মাধ্যমৰ সংবাদ পৰিবেনৰ ধাৰাৰ  অধ্যয়নে দেখুৱাইছে যে, এই সংবাদ মাধ্যমমূহত নেতৃত্বকাৰী অৱস্থানত থকা ৮৯ শতাংশ লোকেই সাধাৰণ জাতিৰ  আৰু এজনো অনুসূচীত জাতি, অনুসূচীত জনজাতি, বা অন্যান্য পিচপৰা শ্ৰেণীৰ লোক নেতৃত্ব বহনকাৰী পদবোৰত  নাই।

২০১৮ চনৰ  অক্টোবৰ মাহৰপৰা ২০১৯ চনৰ মাৰ্চ মাহৰ ভিতৰত অনুষ্ঠিত কৰা তেওঁলোকৰ ফ্লেগশ্বিপ বিতৰ্কৰ ১৯৬৫ টা অনুষ্ঠানত ১,৮৮৩ জন পেনেলিষ্টে অংশ লয়। তেওঁলোকৰ ৪৭ জন এংকৰৰ ৩৩ জন উচ্চবৰ্ণৰ। ‘আধাতকৈও বেছি বিতৰ্কত উচ্চবৰ্ণৰ লোকে ভাগ লয়, যিটোৱে ভাৰতীয় ইংৰাজী বৈদ্যুতিন সংবাদ মাধ্যমত জাতি-ভেদ প্ৰথাৰ প্ৰাধান্যৰ কথাকেই সূচাইছে’ – বুলি অধ্যয়নত কোৱা হৈছে। ‘ৰাজ্যভা টেলিভিছনৰ অনুষ্ঠানবোৰত ৮০ শতাংশতকৈও অধিক অংশগ্ৰহণকাৰী উচ্চবৰ্ণৰ’—বুলিও প্ৰকাশ

আটাইকেইটা সংবাদ মাধ্যমৰ অনুষ্ঠানৰ  মূল  অংশগ্ৰহণকাৰীকলৰ ৬০-৭০ শতাংশ উচচবৰ্ণৰ। ইণ্ডিয়া টুডে আৰু টাইমচ নাওৰ ১০ শতাংশ অংশগ্ৰহণকাৰীহে অনুূচীত জাতি, অনুসূচীত জনজাতি, বা অন্যান্য পিচপৰা শ্ৰেণীৰ লোক। এই আটাইকেইটা ংবাদ মাধ্যমৰ বিতৰ্কৰ অনুষ্ঠানত ভাগ লোৱা ৩০ শতাংশ লোক হয়  ধৰ্মীয় সংখ্যালঘূ ম্প্ৰদায়ৰ, অথবা তেওঁলোকৰ জাতিৰ বিষয়ে জানিব পৰা ন’গল। বাকীকলৰ ভিতৰত ৭৯ শতাংশ উচ্চবৰ্ণৰ আৰু ১৩ শতাংশ অন্যান্য পিচপৰা শ্ৰেণীৰ লোক।  

‘এই অনুষ্ঠানবোৰত ভাগ লোৱা প্ৰতি পাঁচজনৰ দুজনেই কোনো এটা ৰাজনৈতিক দলৰ স্য, যিটোৱে ভাৰতৰ ৰাজনৈতিক শক্তি আৰু ংবাদ মাধ্যমৰ মাজত থকা গভীৰ পেশাদাৰী দক্ষতাকেই প্ৰতিফলিত কৰে। এওঁলোকৰ ৬৫ শতাংশই সাধাৰণ জাতিৰ অথবা ধৰ্মীয় ংখ্যালঘূ ম্প্ৰদায়ৰ। ব্যৱায়ী বা থিংকটেংক হিচাপে পৰিগণিত  অংশগ্ৰহণকাৰীৰ বেছিভাগেই সাধাৰণ জাতিৰ, বিতৰ্কত ভাগ লবলৈ অহা ধৰ্মীয় সংখ্যালঘূ ম্প্ৰদায়ৰ লোককলে প্ৰায়ে ধৰ্মীয় গোট বা অনুষ্ঠানক প্ৰতিনিধিত্ব কৰি আহে। এনে বিতৰ্কত  ধৰ্মীয় সংখ্যালঘূ ম্প্ৰদায়ৰ লোককলৰ বিষয়বোৰ এনেদৰেই নিজৰ ধৰ্মীয় পৰিচিতিৰ আৱৰ্ততেই ীমাবদ্ধ হৈ থাকে।   

ৰাজনৈতিক বিতৰ্কত ভাগ লবলৈ নিমন্ত্ৰণ দিয়া অংশগ্ৰহণকাৰীকলৰ ৭০ শতাংশ াধাৰণ জাতিৰ। তেওঁলোক ওলোৱা মুঠ অনুষ্ঠানমূহৰ পৰিসংখ্যা চালে দেখা যায় যে  এনে অংশগ্ৰহণকাৰীৰ অনুপাত ৮০ শতাংলৈ বৃদ্ধি পাইছে।

যি বিষয়েই নহওক, অনুসূচীত জনজাতিৰ লোককলৰ প্ৰতিনিধিত্ব আটাইতকৈ দুৰ্বল। আন ক্ষুদ্ৰ ক্ষুদ্ৰ গোটবোৰৰ বাবে এনে বিতৰ্কত ভাগ লোৱাৰ দুৱাৰ  প্ৰায় বন্ধৰ দৰে।

ইংৰাজী ছপা মাধ্যমৰ দ্য ইকনমিক টাইমচ, হিন্দুস্তান টাইমচ, দ্য হিন্দু, দ্য ইণ্ডিয়ান এক্প্ৰেছ, দ্য টেলিগ্ৰাফ, দ্য টাইমচ অৱ ইণ্ডিয়াৰ দৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ৯২  শতাংশ নেতৃত্ব বহনকাৰী অৱস্থানত সাধাৰণ জাতিৰ  লোক আছে। এইবোৰ অনুসূচীত জাতি, অনুসূচীত জনজাতি, বা অন্যান্য পিচপৰা শ্ৰেণীৰ কোনো প্ৰতিনিধিত্ব নাই।

উক্ত ময়চোৱাৰ ভিতৰত তেওঁলোকে ছখন বাতৰিকাকতৰ ১৬,০০০ নিবন্ধ অধ্যয়ন কৰে। দ্য হিন্দু কাকতখনৰ  বাহিৰে আনকেইখনত ৬০ শতাংশ নিবন্ধ সাধাৰণ জাতিৰ  লোকে লিখা। উচ্চপৰ্যায়ৰ লেখককলৰ ৮০ শতাংই সাধাৰণ জাতিৰ । দ্য ইকনমিক টাইমচ কাকতত এই হাৰ ৯৬ শতাং। ব্যসায় পৃষ্ঠাৰ নিজৰ নামত প্ৰকাশিত হোৱা বাতৰৰিৰ ৭২ শতাংশ লোক সাধাৰণ জাতিৰ, প্ৰথম পৃষ্ঠাত এই হাৰ ৬২ শতাংশ

ডিজিটেল মাধ্যমতো ছবিখন মোটামুটিভাৱে একেই । নিউজ মিন্ট, দ্য প্ৰিণ্ট, দ্য কুইণ্ট, দ্য ৱায়াৰ নামৰ ইংৰাজী ভাষাৰ আৰু নিউডলণ্ড্ৰী আৰু  ত্যাগ্ৰহ নামৰ হিন্দী ৱেবচাইটকেইটাক সাঙুৰি চলোৱা অধ্যয়নকালত দেখা গৈছে যে, নেতৃত্ববহনকাৰী স্থনত সাধাৰণ জাতিৰ সাংবাদিককলেই প্ৰধান্য পাইছে। দ্য কেন, নিউজলণ্ড্ৰী (ইংৰাজী),নিউজলণ্ড্ৰী(হিন্দী),ত্যাগ্ৰহৰ দৰে ৱেবচাইটৰ কলোবোৰ নেতৃত্ববহনকাৰী স্থানত উচ্চবৰ্ণৰ লোকেই আছে। ছপা বা বৈদ্যুতিন মাধ্যমৰ দৰেই ডিজিটেল মাধ্যমতো অনুসূচীত জনজাতি একেবাৰেই উপেক্ষিত।  তথাপিও ডিজিটেল মাধ্যমত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ তুলনামূলকভাৱে কম আৰু ফ্ৰিলেন্ লেখক, ছাত্ৰ তথা  বিভিন্ন ক্ষেত্ৰত কাম কৰা কৰ্মীকলে লিখাৰ সুযোগ পায় বাবে ডিজিটেল মাধ্যমত  এই  লোককলে কিছু প্ৰাধান্য পাইছে।

হিন্দী ভাষাৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ এনে দিশবোৰৰ ওপৰতো অধ্ধ্বযয়নৰ প্ৰতিবেদনত বিশদভাৱে আলোচনা  কৰা হৈছে। 


No comments:

Post a Comment