Sunday 25 August 2019

ড০ অমৰজ্যোতি চৌধুৰী চাৰৰ কিতাপ পঢাৰ আন্দোলন আৰু কিছু অনুভৱ




এই বছৰৰ আগষ্ট মাহৰ এটা ভাল লগা দিশ হৈছে ড০ অমৰজ্যোতি চৌধুৰী চাৰে কিতাপ পঢ়াৰ আন্দোলনৰ পৰিবেশ এটা গঢ় দিয়াৰ বাবে লোৱা প্ৰচেষ্টা। তেখেতৰ প্ৰচেষ্টাই কিতাপ ভালপোৱাসকলৰ মনত এটা আশা জগাই তুলিছে। প্ৰতি শনিবাৰে গুৱাহাটীৰ জিলা পুথিঁভৰালৰ বাকৰিত গ্ৰন্থ বিষয়ক আড্ডাই কিতাপ সম্পৰ্কীয় এটা পৰিবেশ গঢ়ি তুলিছে।
এই অনুষ্ঠানৰ প্ৰতি আগ্ৰহী হৈ গুৱাহাটীৰ বাহিৰতো এনে প্ৰচেষ্টাৰ আৰ্হিত কিতাপ পঢ়াৰ আনন্দ সম্পৰ্কীয় আড্ডা অনুষ্ঠিত হোৱাৰ খবৰ আহিছে। গ্ৰন্থ ভালপোৱাসকলৰ বাবে ইয়াতকৈ ভাল কথা আৰু কি হ’ব পাৰে। চতুৰ্থটো শনিবাৰে পুথিভঁৰালৰ বাকৰিলৈ গৈছিলোঁ । কিছু কথা কবলৈ মন গলেও সময়ৰ অভাৱৰ বাবে গোটেই সময়খিনি তাত থকাটো সম্ভৱ ন’হল। মনৰ কথাখিনি ফোনযোগে ধীৰাজ গোস্বামী ডাঙৰীয়াক কৈছিলোঁ । তেখেতে লিখিতভাৱে জনাবলৈ ক’লে। সেয়েহে ফে’চবুকৰ বন্ধুসকলৰ সৈতেও কথখিনি ভগাই ল’লোঁ।
১। আন্দোলনটো মাথো গ্ৰন্থ সম্পৰ্কীয় আড্ডাতেই সীমাবদ্ধ কৰি নাৰাখি ‘অলপ আড্ডা, অলপ অধ্যয়ন’ – এই ধাৰণালৈ নিব পাৰি।
২। লক্ষ্য অগ্ৰাধিকাৰ সম্পৰ্কীয় কথা এটাও থাকিব। গ্ৰন্থ পঢ়িবলৈ আগ্ৰহী কৰি তুলিবলৈ হ’লে আমি প্ৰথমে কাক লক্ষ্য হিচাপে নিৰ্বাচিত কৰিম? আমাৰ দৃষ্টিত নিশ্চয়েই শিশুসকলেই অগ্ৰাধিকাৰ পাব, কিয়নো কুমলীয়া বাঁহ ভাঁজ লগাবলৈ সহজ। তেওঁলোকেই আমাৰ ভবিষ্যত। একেলগে কিতাপ পঢ়াটো এটা আনন্দদায়ক কাম আৰু এই আনন্দলাভৰ প্ৰতি শিশুকলৰ ধাউতি বঢ়াবলৈ উদ্যোক্তাসকলে জিলা পুঁথিভৰালৰ বাকৰিত আড্ডাৰ লগে লগে অন্ততঃ একোটা ঘণ্টা সেই অঞ্চলটোৰ শিশুসকলৰ সৈতে একেলগে পুথিভঁৰালৰ পঢ়াকোঠাত (reading room) কিতাপ পঢ়াৰ কৰাৰ কথা চিন্তা কৰিব পাৰে।
৩। শিশুসকলৰ আকৰ্ষণ বঢ়াবলৈ আৰু একেসময়তে অনুপ্ৰাণিত কৰিবলৈ উদ্যোক্তাসকলে এই দিনটোত অঞ্চলটোৰ একোজন গণ্য-মান্য আৰু অধ্যয়নশীল ব্যক্তিক আমন্ত্ৰণ কৰি আনি তেখেতৰ সৈতে একেলগে পঢ়াৰ আনন্দ ভগাই দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। নিৰ্দিষ্ট বিদ্যালয়সমূহৰ সৈতে যোগাযোগ কৰি শিশুসকলক একগোট কৰি একোজন বিশিষ্ট ব্যক্তিৰ সৈতে একেলগে কিছুসময় কিতাপ পঢ়াৰ মাজেৰে সময় কটোৱাৰ আনন্দ প্ৰদান কৰাৰ ব্যৱস্থা কৰিব পাৰিলে তেনে গুণী লোকৰ সান্নিধ্যই শিশুৰ মানসিক জগতখন স্বভাৱিকতেই সমৃদ্ধ কৰিব, তেওঁলোকৰ কিতাপ পঢ়াৰ আনন্দ দুগুণে বাঢ়িব আৰু প্ৰজন্মৰ ব্যৱধানো কমিব বুলি আাশা কৰিব পাৰি।
৪। প্ৰতি মাহত শিশুসকলৰ মাজৰ একোজনক ‘এই মাহৰ শ্ৰেষ্ঠ পঢ়ুৱৈ’ নিৰ্বাচিত কৰি কিতাপ একোখন উপহাৰ দিব পাৰি। এনে প্ৰচেষ্টাত আমাৰ দৰে ব্যক্তিয়েও সহায় কৰিবলৈ ভাল পাম।
৫। উদ্যোক্তাসকলে বিভিন্ন ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকলকো আহ্বান জনাব পাৰে যাতে নিজৰ নিজৰ ঠাইৰ পুঁথিভৰালৰ মাজেৰেই হওক, বা ক্লাব আৰু আন সংস্থাৰ মাজেৰেই হওক, প্ৰতি শনিবাৰে এঘণ্টাৰ বাবে সকলোৱে কিতাপ পঢ়াৰ আনন্দ ভগাই লয়। স্থানীয় বিদ্যালয়ৰ মাতৃগোটসমূহৰ সৈতে যোগাযোগ কৰিও শিশুসকলক এনেদৰে একগোট কৰিব পাৰি। নলবাৰীৰ প্ৰেৰণা পুথিভঁৰাল আৰু সমন্বয় পুথিভঁৰালে সেই অঞ্চলত এক দীঘলীয়া সময় ধৰি নীৰৱ অথচ ফলদায়ক গ্ৰন্থ আন্দোলন গঢ়ি তুলিছে। ধুবৰীত ‘ধুবৰী বুক ক্লাৱ’ৰ উদ্যোগত গ্ৰন্থ অধ্যয়নৰ তেনে প্ৰচেষ্টা দেখা যায়। গাৰোপাহাৰত আছে ‘দ্য হানড্ৰেড ষ্ট’ৰী হাউচ’ । সুদূৰ নগালেণ্ডৰ ভাৰত-ম্যানমাৰৰ সীমান্তত আছে ডান চেপ্তাৰৰ ‘ব’ৰ্ডাৰ লাইব্ৰেৰী প্ৰজেক্ট’।এনেদৰে অনেকেই নীৰৱে কাম কৰি আহিছে। এই উদ্ভাৱনী ধাৰণাবোৰ আঁৰত থকা ব্যক্তিসকলৰ বহুমূলীয়া আৰু কষ্টসাধ্য অভিজ্ঞতাবোৰ এই আন্দোলনত যুক্ত কৰাটো অতি দৰকাৰী কথা বুলি ভাবোঁ।
৬। চতুৰ্থ শনিবাৰৰ আড্ডাৰ আমি উপস্থিত থকা সময়খিনিত চ’ছিয়েল মিডিয়া, ডিটিজেল মিডিয়াৰ প্ৰভাৱ সম্পৰ্কে কেইবাজনেও নেতিবাচক মনোভাৱ ব্যক্ত কৰিলে। কিন্তু সকলো কথা ইমান নেতিবাচকো নহয়। বহুত সময়ত দেখা যায় যে, তৰুণ প্ৰজন্মৰ তুলনাত প্ৰবীণসকলৰ একাংশৰহে এনে মিডিয়াৰ প্ৰতি আসক্তি বেছি। প্ৰতি শনিবাৰৰ আড্ডা, অধ্যয়ন আদিৰ কাৰ্যসূচীবোৰ চ’ছিয়েল মিডিয়া বা আন ডিটিজেল মিডিয়াৰ মাজেদিয়েই প্ৰচাৰ কৰিলে তেনে প্ৰচাৰে সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ সম্ভাৱনাহে বেছি।



ফটো -- মনোৰম গগৈ

No comments:

Post a Comment