Tuesday 16 July 2019

শীত- তাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ ব্যৱহাৰ বিকল্প এখন পৰিবেশ অনুকল ঘৰ






জলবায়ুৰ  পৰিবৰ্তন  আৰু  গোলকীয় উষ্ণতাবৃদ্ধি  বৰ্তমান  সময়ৰ  এক  জটিল  আৰু   অগ্ৰাধিকাৰ  প্ৰাপ্ত  আলোচনাৰ  বিষয়বোৰৰ  ভিতৰত অন্যতম।  আমাৰ  পৃথিৱীখন  ভবিষ্যতৰ  প্ৰজন্মৰ  বাবে  সুস্থ,   নিৰাপদ  আৰু   বহনশীল  কৰি   ৰখাৰ  স্বাৰ্থতেই   আজি  জলবায়ু  পৰিবৰ্তন গোলকীয় উষ্ণতা বৃদ্ধিৰ  দৰে  বিষয়ৰ ওপৰত  গুৰুত্ব  দিবলগীয়া  হৈছে।    এই  কথা  আজি  সকলোৱেই  স্বীকাৰ  কৰিবলৈ  বাধ্য  যে,    পৃথিৱীৰ  উষ্ণতা   বাঢ়িছে,   বাঢ়িছে   পৃথিৱীৰ  অসুখ।   বনাঞ্চলবোৰ  ধ্বংস   কৰা  হৈছে,   হাবিবোৰ  ভাঙি  মানুহৰ  বসবাসৰ   বাবে  উপযোগী   কৰা  হৈছে  আৰু  পৃথিৱীত  মৰুভূমিৰ  পৰিসৰ   বাঢ়ি  আহিছে।  সেইদৰেই  সলনি হৈছে    গ্ৰীষ্ম,   শীত,  অথবা  বৰষুণৰ  পূৰ্বৰ   চৰিত্ৰ,  বৰফৰ গঠন --  জলবায়ুৰ পৰিবৰ্তনৰ বাবে  গৰমৰ  দিনবোৰত   যদি  দীঘলীয়া   গ্ৰীষ্মপ্ৰৱাহে   দহিছে,  সেইদৰে  শীতৰ  দিনত  বাঢ়িছে    শীতৰ  প্ৰচণ্ড  প্ৰকোপ। বৰষুণৰ  টোপালবোৰৰ চৰিত্ৰও সলনি হৈছে। ব'ৰষুণৰ  টোপালবোৰ গধূৰ  হৈছে  বাবে   আগতকৈ  জোৰকৈ  বৰষুণ  হয়,         ফলত  বৰষুণৰ ফলত বৈ যোৱা  পানীৰ গতিৰ  দ্ৰুততাও  বৃদ্ধি  হৈছে,  ভূমিস্খলনৰ  দৰে  ঘটনা  বাঢ়িছে। 

অসহনীয়  হৈ উঠিছে  গ্ৰীষ্মপ্ৰৱাহ।   গৰমৰ দিনত  জনজীৱন  বিপৰ্যস্ত কৰি  তুলিছে  বিশেষকৈ চহৰ   অঞ্চলবোৰ ।  প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহৰপৰা   ৰক্ষা পাবলৈ   ব্যৱহাৰ  কৰা শীত - তাপ নিয়ন্ত্ৰিত  যন্ত্ৰবোৰে  সৃষ্টি  কৰিছে  নতুন  নতুন পৰিবেশজনিত   সমস্যাৰো । অভাৱনীয় গতিত বৃদ্ধি  পাইছে  বিদ্যুতৰ  চাহিদা।   নতুন  দিল্লীৰ চায়েন্স  এণ্ড  এনভাইৰণমেণ্ট     নামৰ  সংস্থাটোৱে  ৰাজধানী চহৰ  নতুন দিল্লীৰ  যোৱা আঠবছৰৰ  গ্ৰীষ্মৰ  সময়ৰ   বতৰৰ  বিশ্লেষণৰ  ভিত্তিত প্ৰকাশ কৰিছে  যে,  চহৰখনৰ  তাপমাত্ৰা ২৫১পৰা ৩২ ডিগ্ৰী চেলিচয়াছ  হৈ  থকাৰ  সময়চোৱাত   বিদ্যুতৰ  চাহিদা  স্বাভাৱিক    অৱস্থাতে     থাকে । কিন্তু   ইয়াতকৈ বেছি  'লেই  বিদ্যুতৰ  চাহিদা  অভাৱনীয়াভাৱে বৃদ্ধি পায়।   গ্ৰীষ্মৰ প্ৰকোপৰ  পৰা  ৰক্ষা  পোৱাৰ উপায় হিচাপে   শীত- তাপ  নিয়ন্ত্ৰিত  যন্ত্ৰ  ব্যৱহাৰ  কৰাৰ  বাবেই  বিদ্যুতৰ যোগান এনেদৰে অভাৱনীয়ভাৱে  বাঢ়ি  যায়। 

সংস্থাটোৱে   ৰাজধানী চহৰখনৰ তাপমাত্ৰা  আৰু  বিদ্যুতৰ  চাহিদাৰ ওপৰত  নিজাববীয়াকৈ  বিশ্লেষণ  কৰি   প্ৰকাশ  কৰিছে  যে, ২০১৯ চনৰ জুন  মাহৰ ৭ তাৰিখৰপৰা ১২ তাৰিখৰ  ভিতৰত  প্ৰচণ্ড   গ্ৰীষ্মপ্ৰৱাহৰ   সময়ত   আন সময়ৰ  তুলনাত ২৫ শতাংশ  অধিক বিদ্যুতৰ   ব্যৱহাৰ কৰা হৈছে।  গ্ৰীষ্মপ্ৰৱাহৰ  সমগ্ৰ   কালচোৱাত   সমগ্ৰ ভাৰতৰ সৈতে    তুলনা কৰিলে এই  পৰিসংখ্যা   আৰু বেছি   হোৱাৰেই সম্ভাৱনা অধিক   বুলি তেওঁলোকে  প্ৰকাশ  কৰিছে। তাপমাত্ৰা বেছি  হোৱাৰ   বাবেই  দিল্লীৰ  দৰে  চহৰত  গ্ৰীষ্মকালীন সময়ৰ আটাইতকৈ  উষ্ণ সময়চোৱাত ৫০ শতাংশলৈকে বিদ্যুতৰ ব্যৱহাৰ  বৃদ্ধি পায়।  দেশৰ  ধনী আৰু দুখীয়া লোকৰ মাজৰ এক  বিপৰীত  ছবিও     দাঙি  ধৰিছে।   শীত- তাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ  বাবে মুঠ জনসংখ্যাৰ  মাথো ১০ শতাংশই   ৬০ শতাংশ   বিদ্যুৎ  ব্যৱহাৰ কৰে।   ইয়াৰ  বিপৰীতে দেশৰ ৯০ শতাংশ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই  পুৱা ১০ বজাৰপৰা বিয়লি ৪ বজালৈকে সঘন বিদ্যুৎ  কৰ্তনৰ দৰে  সমস্যাৰ সন্মুখীন হয়।   ৰাজধানী চহৰ   দিল্লীত  আটাইতকৈ  উন্নত মানৰ এটা শীত -তাপ নিয়ন্ত্ৰিত যন্ত্ৰ  দিনটোৰ বাবে ব্যৱহাৰ   কৰিলে  আজিৰ তাৰিখত ৫০০০ টকাৰ বিদ্যুতৰ বিল পৰিশোধ কৰিব লাগে।  উল্লেখযোগ্য যে,  ৰাজধানী চহৰখনত বিদ্যুতৰ নিৰিখ সমগ্ৰ দেশৰ ভিতৰতে কম। 


সংস্থাটোৰ  তথ্যত প্ৰকাশ যে,  যদি ভাৰতৰ  সকলোবোৰ বাসগৃত শীত-তাপ যন্ত্ৰ  লগোৱা হয়, তেন্তে ২০১৭-১৮ চনত  দেশত উৎপাদন হোৱা বিদ্যুতৰ তুলনাত  ১২০ শতাংশ অধিক বিদ্যুৎ উৎপাদন কৰিব  লাগিব। প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি এনে পৰিস্থিতিত  ভাৰতৰ  শীতলীকৰণ  কাৰ্য আঁচনি বিফল হৈ পৰিব পাৰে। ২০১৬-১৭ চনত  চহৰ অঞ্চলত জ্জ-জ্ঝ শতাংশ  মানুহে শীত-তাপ নিয়ন্ত্ৰিত  যন্ত্ৰ  ব্যৱহাৰ কৰাৰ লগে  লগে   ঘৰুৱাভাৱে  ব্যৱহৃত বিদ্যুতৰ চাহিদা  ২৪.৩২ শতাংশলৈ বৃদ্ধি  পায় বুলি ২০১৮ চনৰ শক্তি তথ্য প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে।  

প্ৰতিবেদনখনৰ লেখক  তথা  বহনশীল বসতি দল'   প্ৰগ্ৰেম মেনেজাৰ  অবিকল সোমবংশীয়ে কয় যে,  ব্যুৰো অৱ এনাৰ্জি এফিচিয়েন্সিয়ে  দিয়া তথ্য অনুসৰি ২০৩০ চনৰ ভিতৰত  দেশৰ  বাসগৃহসমূহত   অকল  শীত-তাপ নিয়ন্ত্ৰিত  যন্ত্ৰ লগোৱাৰ ফলত হোৱা  বিদ্যুতৰ বোজা  ২০০  গিগাৱাট হবগৈ ।  ইয়াৰ  বিপৰীতে ২০১৫ চনত  শীততাপ নিয়ন্ত্ৰিত যন্ত্ৰকে ধৰি সকলোবোৰ বিদ্যুৎ  সংযোগৰ বোজা  আছিল  মাত্ৰ ২১৬ গিগাৱাট ।  অৰ্থাৎ ২০৩০  চনৰ ভিতৰত মাথোন শীত - তাপ নিয়ন্ত্ৰিত  যন্ত্ৰ ব্যৱহাৰৰ বাবেই  প্ৰয়োজন হোৱা বিদ্যুতৰ চাহিদা বৰ্তামনৰ সমগ্ৰ বিদ্যুৎ চাহিদাৰ  সমান হবগৈ”-- বুলি তেখেতে উল্লেখ কৰে।

এইবছৰৰ জুনমাহত ৰাজধানী নতুন দিল্লীত সৰ্বোচ্চ  গৰম  আছিল ৪৮ ডিগ্ৰী।   সৰ্বাধিক গৰমৰ সময়চোৱাত   গৰমৰ মাত্ৰা আছিল  ৪৫ ডিগ্ৰীৰপৰা ৪৮ ডিগ্ৰীৰ ভিতৰত। সৰ্বনিম্ন তাপমাত্ৰা আছিল ২৯ ডিগ্ৰীৰপৰা ৩৪ ডিগ্ৰীৰ ভিতৰত।৭ জুনৰপৰা  ১২ জুনৰ সময়চোৱাত দিল্লীৰ ষ্টেট লোড ডিচপাটচ চেণ্টাৰৰপৰা প্ৰেৰণ কৰা তথ্যৰ বিশ্লেষণ কৰি দেখা গৈছে যে,  দিনৰ  ভাগতকৈও ৰাতিৰ ভাগত বিদ্যুতৰ  চাহিদা আছিল বেছি।

ৰাজধানী চহৰখনত চলিত বৰ্ষত  গ্ৰীষ্মপ্ৰৱাহৰ শীøত থকা সপ্তাহটোত পূৰ্বৰ সপ্তাহটোৰ তুলনাত ২৫ শতাংশ বিদ্যুতৰ                          বৰ্ধিত  চাহিদা আছিল। যোৱা বøতো  একেই অভিজ্ঞতাই আছিল।  চি এচ ই- ৰ প্ৰতিবেদনত প্ৰকাশ হোৱা মতে  গ্ৰীষ্মৰ  প্ৰকোপে ২৫ - ৰপৰা  ৩০ শতাংশ বিদ্যুতৰ  চাহিদাৰ  ওপৰত প্ৰভাৱ  পেলাব   পাৰে। আনহাতে ,  চলিত বৰ্ষত পূৰ্বৰ বৰ্ষৰ  সতে  গৰমৰ পৰিমাণ সমান  থকাৰ সময়খিনিতো বিদ্যুতৰ  চাহিদা ২৫ শাতংশ  বেছি হোৱা দেখা গৈছে। ২০১৮  আৰু  ২০১৯ চনৰ প্ৰতি ডিগ্ৰী  গৰমৰ  মাত্ৰা বঢ়াৰ লগে লগে এক শতাংশ বিদ্যুতৰ চাহিদাও বৃদ্ধি পাইছে। 

সমগ্ৰ ভাৰতজুৰি প্ৰতি দশকত  মাৰ্চৰপৰা  মে' মাহৰ সময়চোৱাত তাপমাত্ৰা ০.৫৬ ডিগ্ৰী   চেলচিয়াছ  আৰু জুনৰপৰা  চেপ্তেম্বৰ মাহৰ সময়চোৱাত  ০.৩২  ডিগ্ৰী চেলছিয়াছকৈ বৃদ্ধি পাইছে।  লগতে বৃদ্ধি পাইছে এনে সময়ত হ'ব পৰা অসুখ। গ্ৰীষ্মৰ সময়ত  h প্ৰদেশ, উৰিষ্যা, তামিলনাডুৰ দৰে উপসাগৰীয় এলেকাৰ ৰাজ্যসমূহত আৰু মৌচুমী বায়ুৰ আগমণৰ সময়ত  সমগ্ৰ গংগা উপত্যকা এলেকাৰ লগতে  ৰাজস্থানত  এই  কথা বেছিকৈ  পৰিস্ফুট হৈছে।  শীতলীকৰণৰ  চাহিদাকো ই প্ৰভাৱিত কৰিছে বুলি চি এচ ইৰ  প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে। 

সেইদৰে চহৰ অঞ্চলমূহৰ  তাপমাত্ৰায়ো  এক ধৰণৰ বিভিষীকাৰ সৃষ্টি কৰিছে। সম্প্ৰতি দিল্লীত গ্ৰাম্য  এলেকাবোৰতকৈ নগৰাঞ্চলত  গ্ৰীষ্ম প্ৰৱাহৰ দৈৰ্ঘ্য  ২.৩  দিন অধিক।   বাসগৃহবোৰৰপৰা   শীত - তাপ নিয়ন্ত্ৰিত যন্ত্ৰবোৰে এৰি দিয়া গৰমে বাট-পথৰ জনজীৱন বিধস্ত কৰে, ভাৰতৰ অনানুষ্ঠানিক খণ্ডত কাম কৰি জীৱন নিৰ্বাহ কৰা বেছিভাগেই বাট- পথৰ কাষত অথবা পদপথবোৰক উপাৰ্জনৰ নানা সুযাগৰ সন্ধান  কৰে।  শীত -তাপ নিয়ন্ত্ৰিত যন্ত্ৰ ব্যৱহা নকৰা বাসগৃহবোৰৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰে। 

শীত-তাপ নিয়ন্ত্ৰিত  যন্ত্ৰবোৰে  বায়ুমণ্ডললৈ অধিক তাপ বিকীৰণ কৰি পৰিবেশ  অধিক দূষিত  কৰে।  সি এটা পৰিবেশজনিত সমস্যা।  আনহাতে,   বিদ্যুতৰ  উৎপাদন  বৃদ্ধি  কৰাটোৱেই  পৰিস্থিতি মোকবিলা  কৰাৰ  একমাত্ৰ  সমাধানো  'ব নোৱাৰে।  এনে অৱস্থাত  কৃত্ৰিমভাৱে   তৈয়াৰ কৰি লোৱা শীতলীকৰণ  ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ  কৰাতকৈও  প্ৰয়োজনীয়  আন   বিকল্প উপায় উলিওৱাৰ  সময় আহি  পৰিছে  বুলি সংস্থাটোৱে মত  প্ৰকাশ  কৰিছে। সংস্থাটোৰ  মধ্যগ্ৰীষ্মকালীন দুঃস্বপ্ন' শীৰ্ষক  প্ৰতিবেদনত  এনে  অৱস্থাৰপৰা  ৰক্ষা পৰিবলৈ আন  ব্যৱস্থাৰ লগতে  গ্ৰীষ্মৰ  প্ৰকোপৰপৰা হাত সাৰিব পৰা পৰিবেশ   অনুকুল  আবাসগৃহ  সজাৰ ওপৰত গুৰুত্ব  আৰোপ  কৰা  হৈছে।  নগৰ এলেকাবোৰত  প্ৰচণ্ড গ্ৰীষ্মৰপৰা  ৰক্ষা পাবলৈ বাস্তৱিক   উপায় উলিওৱাৰ  বাবে  কাৰ্য- আঁচনি গ্ৰহণ  কৰাৰ  দৰকাৰ বুলিও  সংস্থাটোৰ প্ৰতিবেদনত প্ৰকাশ।  বিশেষকৈ নগৰ এলেকাৰ   বাসগৃহবোৰৰ  আৰ্হি   আৰু নকসা  গ্ৰীষ্ম  প্ৰতিৰোধ কৰিব পৰাৰ ক্ষমতাৰে  নতুনকৈ  পৰিকল্পনা   কৰাৰ   সময়   সমাগত বুলিও  চি এচ ই -য়ে  প্ৰকাশ কৰিছে ।  নতুন   আৰু  নিম্ন  ব্যয়সাপেক্ষ  প্ৰযুক্তিৰ ব্যৱহাৰ  বতাহ অহা - যোৱা কৰিব পৰাৰ ব্যৱস্থাত কিছু উদ্ভাৱনী কৌশলৰ সংযোজন কৰি   বাসগৃহবোৰৰ  নতুন  ৰূপ দিব পৰা যায়,  যাতে  সেইবোৰ  থাকিবলৈ  অৰামদায়ক  হয়। ইতিমধ্যে  ভাৰতৰ কিছুমান ঠাইত  পুৰণিকালৰ দৰে পৰিবেশৰপৰা সহজতে   উপলব্ধ হেৱাৰ সামগ্ৰীৰে  আবাসগৃহ  সজাৰ  পুৰণি পদ্ধতিবোৰ নতুনত্বৰ সংযোজনেৰে  নতুনকৈ  ব্যৱহাৰ কৰাৰ কথা চিন্তা - চৰ্চা  কৰা  দেখা গৈছে। 

প্ৰধানমন্ত্ৰী আৱাস যোজানাৰ দৰে আঁচনিৰ অধীনত  যিবোৰ   বাসগৃহৰ নকসা  বৰ্তমানে আছে, সেইবোৰতো  কিছু  নতুনত্ব   প্ৰদান   কৰাৰ  অৱকাশ আছে ,  যাতে সেইবোৰ সঁচাকৈয়ে  বসবাসৰ উপযোগী হৈ  পৰে।  এই আঁচনিৰ  অধীনত  প্ৰদান কৰা  বাসগৃহবোৰৰ ক্ষেত্ৰত আৰামৰ কথাটো  খুব কমেইহে  গুৰুত্ব  দিয়া  হয়।   চি এচ ই- য়ে  অতি শেহতীয়াকৈ  প্ৰকাশ কৰা  এই তথ্য  আৰু   ছবিখন  অসম বা উত্তৰ-পূব ভাৰতৰ  দৰে  ৰাজ্যৰ  বাসিন্দাসকলেও এবাৰ  বিশেষভাৱে চিন্তা  কৰাৰ দৰকাৰ,  কিয়নো প্ৰৱল আৰু দীঘলীয়া   গ্ৰীষ্মপ্ৰৱাহৰ  দৰে সমস্যা নাথাকিলেও  অবাধ  বনধ্বসংৰ ফলত আমাৰ ৰাজ্যতো  গৰমৰ  প্ৰকোপ বাঢ়ি  আহিছে    আৰু  লগতে বাঢ়িছে শীত-তাপ  নিয়ন্ত্ৰিত যন্ত্ৰৰ ব্যৱহাৰ। যিহেতু শীত-তাপ নিয়ন্ত্ৰিত  যন্ত্ৰবোৰে  নিৰ্দিষ্ট পৰিসৰত গৰমৰ প্ৰকোপ কমোৱাৰ সমান্তৰালভাৱে বায়ুমণ্ডল অধিক  দূষিত  কৰি তোলে, সেয়েহে জধে-মধে  এইবোৰ ব্যৱহাৰ কৰাৰ বিপৰীতে সময় থাকোঁতেই  পৰম্পৰাগত আবাসগৃহৰ  নিৰ্মাণশৈলীৰ ওপৰত সম্পৰীক্ষা  মাজেৰে  নতুন চিন্তাৰ  সংযোজন ঘটাই  পৰিবেশ অনুকুল  বাসগৃহবোৰ   সজাই   তোলাৰ   সময়ো আহি পৰিছে ।

--------

-- ৰত্না ভৰালী তালুকদাৰ

No comments:

Post a Comment