অৰূপ ৰাজ কলিতাৰ গল্প
তৰুণ গল্পকাৰসকলৰ গল্পবোৰৰ প্ৰতি অলপ বেছিকৈয়ে দৰদ আৰু আৱেগ থাকে। যেতিয়া একোজন তৰুণ
গল্পকাৰে কথাশিল্পৰ মাজেৰে মানুহৰ ব্যক্তিগত সুখ-দুখ, দেনা-পাওনাৰ
ইননি-বিননি পাৰ হৈ সমাজজীৱনৰ জটিলতাক গল্পৰ ভাষাৰে চাবলৈ
বিচাৰে, তেতিয়াই গল্পকাৰৰ গল্পৰ বাবে বাট চোৱাৰ পৰ্ব এটা আৰম্ভ হয়। কিয়নো, গল্পকাৰে
নিজকে চেৰাই যোৱাৰ ক্ষমতা সামাজিক জীৱনৰ পৃষ্ঠত লিখা গল্পবোৰৰপৰাই বেছিকৈ আহৰণ কৰে বুলি ভাৱ হয়।এইখিনিতে আন এটা মন কৰিবলগীয়া
কথা হৈছে যে, তৃতীয় বিশ্বৰ দেশ হিচাপে আমাৰ সন্মুখত
সামাজিক-ৰাজনৈতিক-প্ৰেক্ষাৰপৰা সাহিত্যলৈ উঠি আহিবৰ বাবে ইমানবোৰ বিষয় আছে যে,
সাহিত্যিকসকলে প্লট(plot)বিচাৰি হাহাকাৰ কৰিবলগীয়া পৰিবেশ
আমাৰ ইয়াত সাধাৰণতে নহয়। লগতে সেই বিষয়বোৰ, বিষয়ৰ সতে জড়িত হৈ থকা মানুহবোৰৰ জীৱন আৰু অনুভৱবোৰ
মৰ্যদাসহকাৰে সাহিত্যৰ মজিয়ালৈ তুলি অনাটো তেওঁলোকৰ এক কৰ্তব্যও হোৱা উচিত।
তৰুণ গল্পকাৰ অৰূপ ৰাজ কলিতাৰ গল্পবোৰ কেইবাবছৰো ধৰি পঢ়ি আহিছোঁ।
একোটা গভীৰ সামজিক-ৰাজনৈতিক বিষয়ৰ পৃষ্ঠত গল্পৰ
পটভূমি তৈয়াৰ কৰি লয়
বাবেই তেওঁৰ গল্পলৈ সুকীয়াকৈ অন্তৰৰ টান এটা
থাকে। তেওঁ এজন সামাজিক-ৰাজনৈতিক বিষয়ৰ গল্পৰ কথক।
অতি সচেতনভাৱে তেওঁ বিষয়বস্তু নিৰ্বাচন কৰে, তাতোকৈও সচেতনভাৱে তৈয়াৰ কৰি লয়
একোটি বিশেষ আংগিক। প্ৰতিটো গল্পৰ বাবে একোটা পৃথক আংগিক তৈয়াৰ কৰি
লব বিচাৰে। কথনৰ ভাষাও অনন্য।
এক কথাত কব পাৰি যে, অসমৰ নিষ্ঠাসহকাৰে গল্প লিখি থকা তৰুণ গল্পকাৰকেইজনৰ
এজন তেওঁ। অৰূপ ৰাজ কলিতাৰ গল্পৰ দুটা ভাল লগা কথা হৈছে যে, তেওঁৰ গল্পত পুনৰাবৃত্তি নাই আৰু তাৰুণ্যৰ আৱেগ
পৰিহাৰ কৰি তেওঁ সংহতভাৱে গল্পৰ content তৈয়াৰ কৰে।
বোধহয় এই বৈশিষ্টসমূহৰ বাবেই অৰূপ ৰাজ কলিতাৰ গল্পৰ পঠনলৈ আমাৰ এক অপেক্ষাও থাকে। তেঁওৰ গল্পবোৰে অসমৰ আন এজন নিষ্ঠাবান আৰু সাৰ্থক কথাশিল্পী জেহিৰুল হুছেইনৰ গল্পৰ শৈলীলৈ মনত পেলাই দিয়ে। শেহতীয়াকৈ ‘সাদিন’ কাকতত প্ৰকাশিত তেওঁৰ ‘জয়মাল, জয়মাল’ গল্পটো পঢ়ি ভাৱ হ’ল যে, এই গল্পটোৰ মাজেৰে তেওঁ নিজৰ সীমাবদ্ধতাক অতিক্ৰম কৰিব পৰা ঢাপ এটা পাৰ হৈ আহিল। পহুমৰা নদীৰ বানৰ পৃষ্ঠত এফালে ঘৰ হেৰুউৱা মানুহৰ দুখ-দুৰ্দশা আৰু আৰু আনফালে মানুহৰ লোভ আৰু লালসাৰ এক মনত দাগ কাঢ়ি যোৱা ছবিৰে তেওঁ গল্পটো আগবঢ়াই নিছে। গল্পৰ বৰ্ণণা জীৱন্ত, মৰ্মস্পৰ্শী আবেদনৰ মাজেৰে গল্পত আছে লোককথাৰ ৰূপকীয় উপস্থাপনা-যি গল্পৰ আবেদন দুগুণে বঢ়াই তুলিছে। গল্পটো এবাৰ পঢ়ি উঠি কিছু সময় ৰৈ আকৌ এবাৰ পঢ়িলোঁ। ইয়াত গল্পকাৰে এক সম্পৰীক্ষা কৰিছে। বাংলা কবিয়ে ‘সবাৰ উপৰে মানুষ সত্য, তাহাৰ উপৰে নাই’ বুলি কলেও বাস্তৱত দেখা যায় অতিশয় দুখ-দুৰ্গতিৰ সময়তো কোনো কোনো মানুহৰ মনে লালসাৰ দেৱালখন পাৰ হ’ব নোৱাৰে। গল্পত পানীত উটি অহা সোণ-ৰূপৰ অলংকাৰ পৰিহিতী সেই নাৰীগৰাকী কোন? যাক জয়মালে সপোনত দেখা পাইছিল? এই নাৰী সেইবোৰ মানুহৰ কল্যাণৰ পৰিপন্থী শক্তিৰ প্ৰতীক-যাৰ বাবে বানৰ দৰে দুৰ্যোগবোৰ, মানৱিক বিপৰ্যয়বোৰ লালসাৰ এক উৎসৱ। বানৰ সতে সহযোগিতা কৰাসকলে জানে-বান আহিলে, মথাউৰি ছিঙিলে ঠিকাদাৰ, এচাম চৰকাৰী বিষয়া, ৰাজনৈতিক নেতাৰ চকু কিয় লকলকাই উঠে। গল্পটিত ৰূপকীয় সম্পৰীক্ষাৰ মাজেৰে তেওঁ গল্পৰ মূল আবেদন ধৰি ৰখাৰ বেলিকা বহু পৰিমাণে সফলতা লাভ কৰিছে। গল্পত মানৱিক দুৰ্যোগে অনা কাৰুণ্যৰ প্ৰতীকি উপস্থাপনা আছে।
তথাপি কব লাগিব যে, অৰূপ ৰাজ কলিতাই আন বহুতো গল্পৰ দৰেই এই
গল্পটিৰ detailing-ৰ ক্ষেত্ৰতো লৰালৰি কৰিলে। গল্পটোৰ বিস্তৃতিৰ অপাৰ সম্ভাৱনীয়তাক যেন ক্ষুদ্ৰ
পৰিসৰত সীমিত কৰি ৰখা হ’ল। গল্পৰ প্লট একোটাই যি পৰিমাণৰ বিস্তৃতি দাবী কৰে,
সেই বিস্তৃতিৰে গল্পটিক ন্যায় প্ৰদান কৰিবলৈ গ’লে প্ৰেক্ষাৰ ভিতৰলৈ
সোমাই গৈ থাকিব লাগিব।বান-গৰাখহনীয়াৰ দৰে জটিল বিষয় এটাক লৈ গল্প
লিখা সহজ নহয়—ইয়াৰ বাবে গল্পক যিমানেই প্ৰয়োজনীয় সময় দিয়া যায়, সিমানেই সি অলেখ
নজহা-নপমা সোৱাদেৰে পাঠকৰ মন ভৰাই তুলিব। এই দিশৰপৰা চাবলৈ গ’লে জয়মাল, জয়মাল এটা
সুখপাঠ্য গল্প হৈ উঠিছে ঠিকেই, কিন্তু আমাৰ দৰে পাঠকক দিব পৰা বহু সোৱাদৰ সম্ভাৱনীয়তাৰপৰা গল্পকাৰে
যেন বঞ্চিত কৰি ৰাখিলে।
অৰূপ ৰাজ কলিতাৰ গল্পৰ বিষয়ে কবলৈ গৈ এই বিষয়টি অৱতাৰণা কৰাৰ কাৰণ এয়ে যে, তেওঁৰ গভীৰত থকা জটিল সামাজিক-ৰাজনৈতিক প্ৰেক্ষাৰ কথক হৈ উঠাৰ সম্ভাৱনাপূৰ্ণ গল্পকাৰজনৰ প্ৰতি তেওঁ যাতে অন্যায় নকৰে। লেখক-সাহিত্যিকৰ বাট জটিল আৰু অকলশৰীয়া। নিজকে প্ৰয়োজনীয় সময়খিনি দিব পাৰিলেই গল্পই পাগত উঠা তীখা হৈ উঠিব।
তেওঁলৈ অফুৰন্ত শুভকামনা।
--ৰত্না ভৰালী তালুকদাৰ
No comments:
Post a Comment