প্ৰসংগ গৌৰৱ
গগৈঃ
গৌৰৱ গগৈক যেতিয়া
যোৰহাট সমষ্টিৰপৰা লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ কোৱা হ’ল,
তেতিয়া কেৱল যোৰাহাট সমষ্টিৰ ৰাইজৰেই নহয়,
সমগ্ৰ অসমবাসীৰ আশীৰ্বাদৰ বৰষুণ যেন তেওঁৰ শিৰলৈ নামি আহিল।যোৰহাট সমষ্টিৰ প্ৰাৰ্থীত্ব
পাই তেওঁ কৈছিল যে, তেওঁৰ নিজকে অভিমন্যুৰ দৰেই লাগিছে। অৱশ্যে মহাভাৰতৰ অভিমন্যূৰ
বিপৰীতে তেওঁ দূৰ্গ ভেদি ওলাই আহিব পাৰিব। লোকসভা সমষ্টিটোত নিৰ্বাচনী যুঁজৰ
প্ৰস্তুতিৰ বাবে খুৱ কম সময় পোৱা গৌৰৱ গগৈয়ে কিন্তু যিধৰণৰ মৌলিক (organic) চিন্তা
আৰু উদ্ভাৱনী (Innovative)ৰণকৌশল ৰছনা কৰিলে, সি সকলোকে স্তম্ভিত কৰি তুলিলে।দল অথবা ৰাদজনীতিৰ উৰ্ধত সকলোৱেই গৌৰৱ গগৈলৈ এবাৰ হলেও চাবলৈ বাধ্য হ’ল। প্ৰাৰ্থীত্ব
লাভ কৰি আপোন মাটিত ভৰি দিয়েই গৌৰৱ গগৈয়ে যেতিয়া এপাক বিহু নাচি ৰংডংকা বজাই ল’লে,
তেতিয়া আপাতত এনে লাগিল যেন তেওঁ সকলোধৰণৰ মানসিক চাপৰপৰা মুক্ত। অথচ তেওঁৰ
বিৰুদ্ধে সমগ্ৰ প্ৰশাসন আৰু দলীয় শক্তিক যোৰহাটক এনেদৰে ব্যৱহাৰ কৰা হৈছিল যে, যুৱনেতাজন
আচলতে সৰ্বাধিক চাপত আছিল বুলি বুজি পাবলৈ কাৰো অসুবিধা হোৱা নাছিল।
যি নহওক, তেওঁ
দূৰ্গ ভেদি ওলাই আহিল।কেৱল মাজুলীৰ বাহিৰে আন কেউটা সমষ্টিত তেওঁ প্ৰথমস্থানত (lead) ৰ’ল।মাজুলীতহে বোধহয় এক সন্মানজনক ভোট লাভ কৰিও ছহেজাৰৰো অধিক ভোটত পিচ পৰিল। গতিকে নিৰ্বাচনী বৈতৰণী সুকলমে পাৰ হোৱাৰ
পিচদিনাই যে তেওঁ মাজুলীলৈ গৈ গৰাখহনীয়াত সততে আক্ৰান্ত হৈ থকা জনগোষ্ঠীয় ভাই-ভনীসকলৰ
সৈতে এপাক বিহু নাচি আহিলগৈ তাতো একধৰণৰ মৌলিক
(organic) চিন্তা আৰু উদ্ভাৱনী (Innovative) ৰণকৌশলেই ফুটি উঠিছে বুলি অনুমান
কৰিবলৈ কঠিন নহয়।
আজিকালি মাজুলীৰ বিষয়ে কিবা লিখিবলৈকে অসুবিধা—আইনী মেৰ-পেচত সোমাই অযথা হাৰাশাস্তি হোৱাৰ ভয়। কিন্তু হিন্দুত্ববাদৰ কেকোঁৰা
চেঁপাত মাজুলীৰ অভ্যন্তৰত মাথোন শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ বিকৃত
হোৱাই নহয়, বৰঞ্চ সমাজৰ মূলসুঁতিৰ সমাজখনৰ অন্যতম অংশীদাৰ নিম্নবৰ্ণ আৰু জনগোষ্ঠীয়
লোকসকলৰ লগতে পিচ পৰি থকা আনসকলৰ মনতো যে একধৰণৰ দহন
আৰম্ভ হৈছে তাক উপলব্ধি কৰিবলৈ কঠিন নহয়।এই দহন নথকা হ’লে দীঘলীয়া
কাল ধৰি সাংগঠনিক অথা দলীয় ভিত্তিৰ দিশেৰে
থৰক-বৰক হৈ থকাৰ পিছতো মাজুলীৰ দৰে সমষ্টিত তেওঁ এনে সন্মানজনক ভোট লাভ কৰিবলৈ সক্ষম
ন’হলহেঁতেন। তেওঁৰ উপস্থিতিয়ে্ মানুহৰ মনত আশাৰ সঞ্চাৰ কৰিব নোৱাৰিলেহেঁতেন। সেইবাবেই গৌৰৱ গগৈয়ে নিৰ্বাচনী ফলাফলৰ পিচদিনাই
গৈ মাজুলীৰ বৰ্ষাসিক্ত আলিবাটত ৰংচঙীয়া সাজপাৰ পিন্ধা বিহুৱা-বিহুৱতীসকলৰ সতে
মাৰি অহা বিহুখন দেখি ৰং পালোঁ। কবলৈ গ’লে আমিও ব্যক্তিগতভাৱে বান-গৰাখহনীয়াত ককবকাই
থকা সেইসকল মাজুলীবাসীৰ জীয়াই থকা সংগ্ৰাম, তেওঁলোকৰ চকুপানী, দুখ আৰু হাহাকাৰবোৰতহে
বাস (belong) কৰোঁ, আমাৰ প্ৰতিটো শব্দৰ শক্তি তেওঁলোকৰ মান-মৰ্যদা
প্ৰতিষ্ঠাৰ সংগ্ৰামৰ বাবেই উৎসৰ্গা কৰোঁ। হকে-বিহকে সকলো সুবিধা ভোগ কৰি গজদন্ত
মিনাৰত বহি থকাসকলৰ লগত নহয়।
ৰাজনীতিৰ সীমাবদ্ধতা বুজি পাওঁ। কিন্তু শ্ৰেণীবিভক্ত সমাজৰ
পিচপৰাসকলৰ লগতে জনগোষ্ঠীয় আৰু নিম্নবৰ্গৰ লোকসকলৰ জীৱনৰ মৰ্যদা আৰু সমাজত তেওঁলোকৰ প্ৰয়োজনীয় স্থান
(space) সুৰক্ষিত কৰাৰ বেলিকা ৰাজনীতিৰ প্ৰয়োজনীয়তাও সমানেই উপলব্ধি কৰোঁ।ভাৰতৰ ৰাজনীতিয়ে আজি চৰ্বিত-চৰ্বণৰ বিপৰীতে দাবী
কৰে মৌলিক(organic)চিন্তা আৰু
উদ্ভাৱনী (Innovative) ৰণকৌশল। পৰিৱৰ্তিত
সময়ৰ এই আহ্বান আজিৰ ৰাজনীতিকে বুজি পাবনে?
০৬-০৬-২০২৪
No comments:
Post a Comment