সাহিত্যৰ কিছুমান কাম কেতিয়াবা একধৰণৰ দায়িত্বৰ দৰে হৈ পৰে।
লোপামুদ্ৰা ভট্টাচাৰ্য এগৰাকী লেখক আৰু শিক্ষক। মূলতঃ গল্পলেখক লোপামুদ্ৰা
ভট্টাচাৰ্যই ক’ভিদ অতিমাৰীৰ সময়তে এটা self assigned কৰ্তব্য সমাপণ কৰিছিল শিক্ষক
জীৱনৰ অভিজ্ঞতাৰে। যাৰ ফলশ্ৰুতি হৈছে ‘সুহৃদ’
নামৰ কৈশোৰ মনঃস্তত্ব বিষয়ক তেওঁৰ শেহতীয়া উপন্যাসখন।
ক’ভিদ অতিমাৰীৰ সময়ত সমগ্ৰ বিশ্বৰ মানৱজাতি ভয়ংকৰ অভিজ্ঞতাৰ মাজেৰে পাৰ হৈছিল। এটা বীজাণুৰ সন্মুখত অসহায় মানৱজাতি, বিভিন্ন দেশৰ শসকবৰ্গই ৰছনা কৰা ঘৃণাৰ ৰাজনীতি, কোৱাৰেনটিনকালৰ থাউনি হেৰুৱাই প্ৰব্ৰজিত শ্ৰমিকে কৰা অন্তহীন যাত্ৰা, মাহৰ পিছত মাহ ধৰি ঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰা জীৱন—এই সকলোবোৰ অনাহুত অভিজ্ঞতা সৃষ্টিশীল লোকসকলে নিজৰ নিজৰ কামেৰে ধৰি ৰাখিবলৈ নানা প্ৰচেষ্টা হাতত লৈছিল। এই সময়তে লোপমুদ্ৰা ভট্টাচাৰ্যই নিৰলে কৈশোৰ মনঃস্তত্ব আৰু ক’ভিদকালীন অভিজ্ঞতাক লৈ লিখি উলিয়ালে এখন মৰ্মস্পৰ্শী উপন্যাস—যাৰ নাম ‘সুহৃদ’।
কবলৈ গ’লে, নামটোৱেই আচলতে উপন্যাসখনৰ বিষয়ে বহু কথা কৈ
পেলাইছে। সেই অতিমাৰীৰ সময়ত হঠাতেই বিদ্যালয়বোৰ বন্ধ কৰি দিয়া হ’ল। অনলাইন পাঠ্যক্ৰম
নামৰ এবিধ তেনেই অচিনাকি পাঠ্যক্ৰমৰ মাজত বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছ্ত্ৰীসকল
সোমাই পৰিল। এটা স্মাৰ্ট ফোন, নেট পেক্ সকলোৰে বাবে আৱশ্যকীয় হৈ পৰিল। এখন চৰকাৰী বিদ্যালয়ত
কৰ্মৰত শিক্ষয়িত্ৰী হিচাপে এই নতুন ব্যৱস্থাই
কৈশোৰৰ বয়ঃসন্ধিৰ সময়চোৱাত, বিশেষকৈ চৰকাৰী বিদ্যালয়ৰ আৰ্থিকভাৱে পিচপৰা
শিক্ষাৰ্থী আৰু অভিভাৱকক কেনেদৰে জীৱন-জীৱিকাৰ যুদ্ধৰ লগতে অতিৰিক্তভাৱে আন সমস্যাৰ
মাজলৈ ঠেলি দিব পাৰে, সেই কথা লোপামুদ্ৰা ভট্টাচাৰ্যৰ দৰে আন কোনে ভালকৈ বুজিব?
কিন্তু কেৱল ক’ভিদৰ সমস্যাই মূল কথা নহয়। কিশোৰ প্ৰজন্মই এই
সময়তে সন্মুখীন হয় শাৰীৰীক পৰিবৰ্তন আৰু মানসিক পৰিবৰ্তনৰ বুজিব নোৱাৰা
সমস্যাবোৰৰ। আহে প্ৰেমৰ অনুভূতিও। বয়সে বান্ধোন নামানে। কিন্তু পৃথিৱী জোঁকাৰি
যোৱা এক ভয়ংকৰ মানৱিক বিপৰ্যয়য়ে আনসকলৰ লগতে কিশোৰ প্ৰজন্মকো ঘৰ চাৰিবেৰত আৱদ্ধ
কৰি পেলাইছে। সংকীৰ্ণ কৰি আনিছে তেওঁলোকৰ পৃথিৱী। এই বান্ধোনৰ ভয়াবহতা আচলতে
উপলব্ধি কৰাও এক কঠিন কাম। সেয়েহে হয়তো উপন্যাসখন উচৰ্গা কৰা হৈছে ২০২০ চনৰ
দশমমানৰ শিৰক্ষাৰ্থীসকলৰ হাতত-তেওঁলোকে জীৱনত প্ৰথমবাৰৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰীক্ষাত
অৱতীৰ্ণ হবলৈ প্ৰস্তুতি চলোৱাৰ সময়তে আহি পৰা এই দুৰ্যোগে এই বিশেষ শিক্ষাৰ্থীসকলক
যথাৰ্থতেই এক উদ্বিগ্নতাৰ মাজলৈ ঠেলি দিছিল। যিসকল আৰ্থিকভাৱে পিচপৰা, তেওঁলোকৰ
বাবে এই উদ্বিগ্নতা আছিল আৰু বেছি। বহু সমত কৈশোৰকালৰ উদ্বিগ্নতাৰপৰা অহা
আচৰণবোৰ পিতৃ-মাতৃয়েও সঠিকভাৱে উপলব্ধি কৰিবলৈ অপাৰগ হৈ পৰে। তেনে সময়ত সময়তে এগৰাকী
শিক্ষকৰ এখন সহানুভুতিশীল হাতে কৈশোৰৰ জটিল জীৱনত কিদৰে যাদুৰ পৰশ দিব পাৰে, তাৰ
হৃদয়স্পৰ্শী বিৱৰণী ‘সুহৃদ’ত আছে। অৱশ্যে এই যাদুৰ পৰশ শূন্যৰপৰা আহৰিত নহয়, ইয়াৰ
বাবে প্ৰয়োজন হয় একোখন মৰমী, স্পৰ্শকাতৰ হৃদয়ৰ। কবলৈ গ’লে অনেক শিক্ষকেই
শিক্ষাৰ্থীক পঢ়ায়—কিন্তু কোনো কোনো
শিক্ষকে শিক্ষাৰ্থীৰ অন্তৰখনো পঢ়ি পেলায়, নিজৰ সন্তানৰ দৰেই অনুভৱ কৰে তেওঁলোকৰ
প্ৰতি দৰদ। তেওঁ হৈ উঠে মমতাময়ী মাতৃ।
গল্পই হওক বা উপন্যাস—সংবেদী হৃদয়,স্পৰ্শকাতৰতা আৰু গভীৰ
মানৱিক অনুভুতিয়েই আচলতে লোপামুদ্ৰা ভট্টাচাৰ্যৰ সাহিত্যৰ কালিকা শক্তি। চৌপাশৰ সমাজখন,
তাত বাস কৰা মানুহবোৰৰ প্ৰতি তীক্ষ্ণ অনুসন্ধিৎসাৰে তেওঁ সাহিত্যৰ ভেটি নিৰ্মাণ
কৰে। বহুসময়ত তেওঁৰ গল্পৰ পঠনে আমাৰ স্নেহ দেৱীৰ গল্পবোৰলৈ মনত পেলায়-য’ত মানুহৰ
মনৰ বিচিত্ৰ অনুভুতিৰ আস্বাদে আমাৰ আচৰিত কৰি থৈ যায়।
পূৰ্বৰ অভিজ্ঞতাৰ বিপৰীতে ‘সুহৃদ’ত তেওঁ কিন্তু এক
প্ৰত্যাহ্বান গ্ৰহণ কৰিছে। এই প্ৰত্যাহ্বান কিশোৰ মনঃস্তত্বক লৈ উপন্যাস সৃষ্টিৰ,
তাকো ক’ভিড অতিমাৰীৰ দৰে ভয়ংকৰ মানৱিক অভিজ্ঞতাৰ সন্মুখত থাউনি হেৰুওৱা এজাক কিশোৰক
লৈ—এয়া সহজ কথা নহয়। সকলোৰে বাবে সুখপাঠ্য যদিও, মূলতঃ যিসকলে এই অভিজ্ঞতা পাৰ কৰি
গৈছে, তেওঁলোকেই হয়তো ‘সুহৃদ’ উপন্যাসৰ শব্দবোৰৰ মাহাত্ম্য আটাইতকৈ ভালকৈ বুজিবলৈ
সক্ষম হ’ব। উপন্যাসখনৰ পঠনে কয়, লোপামুদ্ৰা ভট্টাচাৰ্য এখন চৰকাৰী বিদ্যালয়ৰ
শিক্ষয়িত্ৰী হোৱাৰ বাবেই হয়তো এনে এখন হৃদয়স্পৰ্শী উপন্যাস দায়বদ্ধতাৰে লিখি পাঠকৰ
সন্মুখলৈ আগবঢ়াই দিবলৈ সক্ষম হৈছে।
এই সকলোবোৰৰ মাজতে অৱশ্যে এটা কথা কব লাগিব। লোপামুদ্ৰা
ভট্টাচাৰ্যৰ সাহিত্য পঢ়িলে ভাৱ হয়—পাণ্ডুলিপি অৱস্থাত নিজাকৈ আৰু এবাৰ সম্পাদনা কৰিবলৈ তেওঁ যদি অলপ
সময় উলিয়াব পাৰিলেহেঁতেন! ‘সুহৃদ’ৰ বেলিকাও কিছু পৰিমাণে এই কথা কব পাৰি। কৰ্মজীৱি
নাৰী লেখকৰ এয়া এক সমস্যা যে চাকৰি, ঘৰ-সংসাৰ, সন্তানৰ লালন-পালনৰ লগে আন সামাজিক
কামৰ ব্যস্ততাই সাহিত্যৰ বাবে দিবলগীয়া প্ৰয়োজনীয় সময়খিনিৰ অনেক অংশ কাঢ়ি লৈ যায়।
কিন্তু এই প্ৰত্যাহ্বান গ্ৰহণ কৰি নিজৰ উত্তৰণ তেওঁ ঘটাবই লাগিব, অন্যথা সৃষ্টি স্থবিৰ
হৈ পৰিব। সেইবাবেই এগৰাকী নাৰী লেখকৰ বাবে হয়তো জীৱনৰ দ্বিতীয় ইনিংছটি অতি গুৰুত্বপূৰ্ণ
হৈ পৰে-যি সময়ত তেওঁ সন্তানৰ লালন-পালন, নিজকে প্ৰতিষ্ঠা কৰা যুঁজ-বাগৰবোৰৰপৰা কিছুপৰিমাণে
মুক্ত হৈ পৰে।
এই সকলোবোৰৰ প্ৰেক্ষাত এক নিৰ্দিষ্ট দৃষ্টিৰে ‘সুহৃদ’ক এক বিশেষ সময়ৰ দলিল হৈ ৰব বুলি নিসন্দেহে কব পাৰি। বিশ্বজোৰা এক জটিল সংকটৰ সন্মুখত কিশোৰ মনঃস্তত্ব বিষয়ক এনে এখন উপন্যাস আমাক উপহাৰ দিয়াৰ বাবে তেওঁক ধন্যবাদ দিবই লাগিব। বিশেষকৈ অসমীয়া ভাষাক লিখা এই উপন্যাসখনে সময়ক ধৰি ৰখাৰ ইস্পিত লক্ষ্যত উপনীত হোৱাৰ প্ৰত্যাশা স্বভাৱিকতেই পূৰণ কৰিছে। তেওঁলৈ শুভকামনা। চৰৈৱতী।
১৪-০৬-২০২৪
No comments:
Post a Comment