আমাৰ review আৰু rating বোৰ!
কৰ্প’ৰেট বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ
শব্দযুগলেই বোধহয় review আৰু rating।জনাই-নজনাই আপুনি
দিনটোত হাজাৰবাৰ review আৰু rating দিবলৈ বাধ্য। অনলাইনত চোলা
এটা কিনিলে-আহি গ’ল review কাৰ্ড। দিয়ক
আপোনাৰ খুচি মতে পাঁচৰ ভিতৰত কিমান নম্বৰৰ rating দিব। ৰেষ্টুৰেণ্টত
খানা খালে, অ’লা-উবেৰ-ৰেপিড’ত উঠিলে, জ’মাট’ ডেলিভাৰী কৰিলে,
এয়াৰৱেজৰ টিকেট কিনি ফুৰি আহিলে, ট্ৰেভেল এজেণ্টৰ গাড়ী ল’লে—সৰ্বশেষত review আৰু rating মে’ইন। যেন আপোনাৰ review আৰু rating-ৰ ওপৰতে
বহুজাতিক কোম্পাণীৰ কোটি কোটি ডলাৰৰ ব্যৱসায় তিষ্ঠি আছে!আপোনাৰ
সন্তুষ্টিয়েই কোম্পাণীৰ সন্তুষ্টি!
সন্দেহ নাই যে, কৰ্প’ৰেট বিশ্বৰ হাত
ধৰি কলা-সাহিত্য-সংস্কৃতি—সকলোতেই এতিয়া review আৰু rating অৱধাৰিত। ধৰি লওক, আপোনাৰ review আৰু
rating-তে ঘূৰি আছে ভূমণ্ডল। তেওঁলোকে আপোনাক ইমানেই
empowered কৰি তুলিছে।
পিচে এটা কথা। বহু সময়ত review পঢ়ি পঢ়ি বা rating চাই চাই এনে লাগে যেন এইবোৰ অৱশেষত হৈ পৰিছেগৈ হালোৱাতলীৰপৰা উঠি অহা এষাৰ আপ্তবাক্য-‘আগৰ গৰু যেনি যায়, পিচৰ গৰুও তেনি যায়’।
এই যে আমি বৌদ্ধিক চখৰ বাবেই হওক
বা জাগতিক চখৰ বাবেই হওক, যিকোনো সামগ্ৰী ক্ৰয় কৰি review দি দিছোঁ,
সাহিত্য-সংস্কৃতি বিষয়ক review এটা লিখি পেলাইছোঁ—আমাৰ কিমানে এই কামটো নিজৰ organic
চিন্তাৰে কিছু দায়বদ্ধভাৱে কৰিছোঁ?
কিছুদিনৰ আগতে ‘লাপতা লেডিজ’ নামৰ চিনেমাখন চাই উঠি এই কথা মনলৈ আহিছিল।
চিনেমাখন চোৱাৰ আগতেই বহুত review পঢ়ি শেষ কৰি দিলোঁ—নাৰীবাদী চেতনা, ঘূংগট বনাম বোৰ্খাৰ নেৰেটিভ,
বাল্য-বিবাহ--হাবি-জাবি অনেক review। নকলেও
হ’ব, ‘লাপতা লেডিজ’ নিসন্দেহে এখন দুৰ্দান্ত চিনেমা, যাৰ review আমাৰ দৰে ক্ষুদ্ৰ নৰমনিচ নহয়, স্বয়ং শচীন টেণ্ডুলকাৰৰ
দৰে লোকেও কৰি পেলাইছে। কোনো সৃষ্টিয়ে যদি মানুহৰ মনত অনেক প্ৰশ্নৰ উক-মুকণিৰ জন্ম
দিব পাৰে, তাতেইতো সৃষ্টিৰ সাৰ্থকতা। এই দিশৰপৰা ‘লাপতা লেডিজ’ সাৰ্থক চিনেমা।
যেতিয়া ‘লাপতা লেডিজ’ চালোঁ—তেতিয়া দেখিলোঁ ইতিমধ্যে
পঢ়ি সাং কৰি পেলোৱা অসংখ্য review-ত যিটো
দিশ কবলৈ ৰৈ গ’ল-সেইটো হৈছে বিশ্বায়নৰ যুগৰ হাজাৰ সংকট, প্ৰত্যাহ্বানৰ
মুখতো ভাৰতবৰ্ষ নামৰ এই বিচিত্ৰ ভূখণ্ডৰ গাঁওবোৰৰ মানুহে এতিয়াও ধৰি ৰখা একধৰণৰ বিৰল
গ্ৰাম্য সৰলতা। ই এক সাধাৰণ পৰিঘটনা মাথোন নহয়। মানুহৰ ওপৰত মানুহে সহজাতভাৱে
পুহি ৰখা বিশ্বাস আৰু উদাৰতা—যি চিনেমাখনক একধৰণৰ মহাকাব্যিক
আবেদন দিছে, আৰু যাৰ অবিহনে কাহিনীটোৱে পিতৃতান্ত্ৰিকতাৰ সৌধটোক
কৰা আঘাত হয়তো আধৰুৱা যেন লাগিলেহেঁতেন। কলা-কুশলীসকলে এই গ্ৰাম্য সৰলতাক
ইমান সাৱলীলভাৱে ফুটাই তোলাটো নিচেই সহজ কথা নহয়। চিনেমাখনৰ review দিয়া
লোকসকলৰ অসংখ্য তত্ত্ব আৰু উচ্ছাসৰ হেঁচাত এই গ্ৰাম্য সৰলতাখিনি তল পৰি ৰোৱাটো বা review কৰাসকলৰ চকুত
এইটো দিশ অনন্য হৈ ধৰা নিদিয়াটো অলপ খেদ কৰিবলগীয়া
কথা নহয়নে বাৰু! সৃষ্টিত তত্ত্ব অথবা প্ৰতিনিধিত্ব বিচাৰোঁতে
বিচাৰোঁতে আমি যেন কৰবাত নিজেও জীৱনৰ সৰলতা হেৰুৱাই পেলাইছোঁ।
চিনেমাখনৰ দ্বিতীয় দিশটো critical, সমালোচনামূলক।
দিশটো হৈছে কাহিনীটো আগুৱাই নিয়াৰ ট্ৰিটমেণ্ট। বিশেষকৈ যিসকলে ইতিমধ্যে ‘লাপতা লেডিজ’
চোৱাৰ আগতেই ৱেৱচিৰিজ ‘পঞ্চায়ত’ চাই অঁটালে, তেওঁলোকৰ মনলৈ—‘লাপতা লেডিজ’ চাই থাকোঁতে আহি থাকিব পাৰে
এটা কথা—‘লাপতা লেডিজ’ৰ ট্ৰিটমেণ্ট আৰু ‘পঞ্চায়ত’ৰ সামগ্ৰীক
ট্ৰিটমেণ্ট ক’ৰবাত, কেনেবাকৈ সমান্তৰাল হৈ গৈছে! হয়তোবা ট্ৰিটমেণ্টৰ বেলিকা চিনেমাখনে
ক’ৰবাত চিনেমেটিক ভাষা হেৰুৱাইছে আৰু ৱেব চিৰিজৰ ভাষা গ্ৰহণ কৰি পেলাইছে। এই পোকটোৱে
মূৰত নাকামোৰা হ’লে ‘লাপতা লেডিজ’ গ্ৰাম্য সৰলতাৰ ক্ষেত্ৰত ভোজপুৰী ভাষাত নিৰ্মিত তাহানিৰ
শচীন পালগাওকাৰ আৰু সাধনা সিং অভিনীত ধ্ৰুপদী cult চিনেমা ‘নদীয়া কে পাৰ’ অথবা পুৰুষতন্ত্ৰক
প্ৰশ্ন কৰি থান-বান কৰি পেলোৱা চালমা আঘা, ৰাজবাব্বৰ আৰু দীপক পৰাশৰ অভিনীত ‘নিকাহ’ৰ
দৰেই এটা organic concept যেন লাগিলেহেঁতেন।
ঘৰুৱা (অসমৰ) চিনেমা চালেও কেতিয়াবা এই ভাৱ আহে। যে, এখন চিনেমাৰ ট্ৰিটমেণ্ট আৰু
কলা-কুশলীৰ অভিনয় চিৰিয়েল, থিয়েটাৰ, ভিচিডি বা বেৱ চিৰিজৰ পৰা পৃথক।
সি এক প্ৰাথমিক কথাও। কেতিয়াবা জোৰদাৰ, মজাৰ গল্প এটা
পঢ়ি গৈ থাকিলেও হঠাতে মনত খটককৈ ধাক্কা এটা লাগি যায়-গল্পটোত
কেনেবাকৈ আমি চোৱা বা নোচোৱা কেইবাখনো চিনেমাৰ কাহিনী কেইটামান চেগা-চোৰোকাকৈ হয়তো
একেলগ হৈ গৈছে। হয়তো অন্য ভাষাত পঢ়া কেইটামান গল্পৰ চৰিত্ৰই তাত
দবৰা-দবৰি কৰি আছে ।
কব বিচৰা কথাটো আছিল যে, সৃষ্টিশীল কাম এটা কৰিবলৈ যিদৰে এটা organic চিন্তাৰ প্ৰয়োজন, সেইদৰে review দিয়াৰ বেলিকাও একোটা organic মননৰ প্ৰয়োজন হয়। কেতিয়াবা আমি review আৰু rating দিবলৈ ইমানেই ব্যগ্ৰ হৈ উঠোঁ যে, কাহিনীৰ সন্দৰ্ভত নিজাকৈ অকণমান মনন কৰি লবলৈ পাহৰি যাওঁ! ফলত অনেক প্ৰাসংগিক প্ৰশ্ন তল পৰি ৰয়, একপক্ষীয় হয়। কেতিয়াবা পিচে কিয় যে আমি আন কিছুমান প্ৰাসংগিক সৃষ্টিশীল কৰ্মৰ review আৰু rating দিবলৈও উদাসীন হৈ পৰোঁ, সেয়াও কিন্তু আন এক বিচাৰ্য বিষয়।
-ৰত্না ভৰালী তালুকদাৰ
No comments:
Post a Comment