Thursday 8 August 2024

 

ভিনেশ ফ’গটৰ বাবে দুটামান শাৰী


Source-internet

তেওঁলোকে এতিয়াও বুজি পোৱা নাই
এশ গ্ৰাম ওজন কিয় ইমান গধূৰ
কেনেকৈ ইমান গধূৰ
এশ চৌব্বিছ কোটি মানুহে
বব নোৱাৰা ভাৰ
কেনেকৈ? কেনেকৈ?
এশ গ্ৰাম ওজন ব্যৱস্থাৰ প্ৰতি
উ্ত্তৰবিহীন প্ৰশ্ন-কেনেকৈ?
অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম-কেনেকৈ?
বুজিয়েই পোৱা নাই, কিহে
তোমাক পলকতে পৰিণত কৰিছে
সাধুকথালৈ
মেঘৰ দৰে সাধুকথা বৰষুণৰ দৰে
বতাহৰ সুগন্ধিৰ দৰে
টল-মল ৰ’দৰ দৰে
সেউজীয়া উশাহৰ
সাধুকথাৰ জন্মকথা নজনা মানুহবোৰে
বুজি পোৱা নাই, কিদৰে
এশ গ্ৰাম ওজন বিয়পি যায়
মানুহক কৰি তোলে সাধুকথা
জীৱনক কিংবদন্তি
তেওঁলোকে কিয় বুজি পোৱা নাই?
তেওঁলোকে কেতিয়াও প্ৰেমত নাছিল
সেইবাবেই তেওঁলোক প্ৰতিবাদতো নাছিল
নাছিল সমদলত
তেওঁলোক নাথাকিল
আকুল জীৱনত, জীৱনৰ ব্যাকুলতাত
প্ৰেমত নাথাকিলে প্ৰতিবাদতো
থাকিব নোৱাৰিব
এটি আক্ষেপৰ সতে
হেৰাই যাব ছায়াৰ সতে
আপোনাৰ অস্তিত্বৰ কায়া
ছন্দ হেৰুওৱা মানুহবোৰে যিদৰে
বিচাৰি আছগৈ ত্ৰুটি
এশ গ্ৰাম ওজন থকাৰ
বা নথকাৰ
আৰু আমি তোমাক উদযাপন কৰিছোঁ
ভিনেশ ফ’গট
তুমি যে এটি সাধুকথা
জীৱনৰ কিংবদন্তি


08-08-2024

(2)

ভিনেশ ফ'গট


অভিনন্দন, শত অভিনন্দন
দ্ৰৌপদীৰ দৰেই
যি নাৰীৰ সন্মান একবিংশ শতিকাৰ দেশৰ উন্মাদ ৰাজপথত ভূলুণ্ঠিত হ'ল
যি নাৰীৰ সন্মান ৰাখিব নোৱাৰিলে
ক্ষমতাৰ মচনদৰ মদমত্ত অসুৰে
সেই নাৰী
উজলি উঠিছে আজি
পেৰিচৰ ৰাজপথত
অলিম্পিকৰ মহান ভূগোলত
ফিনিক্স পখীৰ দৰে
আহা
গাওঁ সেই ফিনিক্স পখীৰ গান
প্ৰপ্যৰ হকে, অধিকাৰৰ হকে, সন্মানৰ হকে
উজ্জীৱিত কৰি
আমাৰ ৰাজপথৰ সংগ্ৰাম

06-08-2024

No comments:

Post a Comment