Friday, 30 August 2024

 

‘মই পৰ্যটক’

 ৰবীন্দ্ৰ বৰাৰ শেহতীয়া কাব্য সংকলনেৰে কবিলৈ  এঁকাজলি শ্ৰদ্ধাঞ্জলি




 

অনেক সৃষ্টিশীল লোক আছে, যিসকলে নিজৰ সৃষ্টিশীল জীৱনৰ যাত্ৰাকাল সম্পূৰ্ণ নকৰে। আদবাটতে যাত্ৰা সামৰি থয়। কেতিাবা মনে বিচাৰিলেও হয়তোবা তেওঁলোকৰ সৃষ্টিৰ উৎস আৰু নিজৰাটি কৰবাত শুকাই মৰহি যায়। ফলত তেওঁলোক সৃষ্টিশীলতাৰ  জগতখনৰপৰা আঁতৰি আহিবলৈ বাধ্য হৈ পৰে। বহুতৰ ক্ষেত্ৰত আকৌ এনে হয় যে, কৰ্ষণৰ অভাৱত বা পৰিবৰ্তিত প্ৰেক্ষাত নিজকে খাপ খুৱাই চলিব নোৱাৰাৰ বাবেও অনেকৰ সৃষ্টিকৰ্মই হেৰুৱাই পেলায় চোক। লিখনি হৈ পৰে চৰ্বিত-চৰ্বণ। পঠনৰ আমেজ পোৱা নাযায়।

 বিশেষকৈ অসমীয়া সাহিত্যৰ জগতখনত জীৱনৰ শেষৰ সময়লৈকে এক নিৰ্দিষ্ট মান ৰক্ষা কৰি নিৰৱচ্ছিন্নভাৱে সাহিত্যচৰ্চা কৰি যোৱা সৃষ্টিশীল সাহিত্যিক বিৰল বুলিবই পাৰি। এইক্ষেত্ৰত কবি ৰবীন্দ্ৰ বৰাই নিৰলসভাৱে কৰি যোৱা কাব্যচৰ্চা একধৰণৰ ব্যতিক্ৰমী প্ৰয়াস। তেওঁ আছিল আজীৱন এক দুৰন্ত তৰুণ। ৰ’দে-বৰষুণে পোন হৈ থিয় দি থকা অসমীয়া সাহিত্যৰ এজন ওখ খাপৰ কবি-এক দীৰ্ঘদেহী ব্যক্তিসত্তা। ষাঠিৰ দশকৰপৰা সৌ সিদিনা ১১ আগষ্ট, ২০২৪ চনত ৮৪ বছৰ বয়সত অকস্মাতে মৃত্যুবৰণ কৰাৰ সময়লৈকে কেইবাটাও দশক ধৰি তেখেতৰ কলমেৰে  অসমীয়া সাহিত্যৰ অলেখ মানসম্পণ্ণ কবিতাৰ সৃষ্টি হৈছিল আৰু তেখেতে নিয়মিতভাৱে কাব্যপুথি প্ৰকাশ কৰি আহিছিল।

 

নতুন আৰু পুৰণি কবিসকলৰ মাজত  বিৰল সমমৰ্মিতাৰে তেখেত আছিল এগৰাকী প্ৰজন্মৰ সমন্বয়কো। যেতিয়াই লগ পাইছিলোঁ, তেতিয়াই আমি কবিতাৰ কথা পাতিছিলোঁ। সৃষ্টিশীল মানুহৰ প্ৰতি অন্তৰত থকা গভীৰ শ্ৰদ্ধাৰ বাবেই কথা-বতৰাৰ সময়ত তেখেতে কেতিয়াও সংকীৰ্ণতাক প্ৰশ্ৰয় দিয়া নাছিল। দেশ-বিদেশৰ কবিসকলৰ বিষয়ে, তেওঁলোকৰ কবিতাৰ বিষয়ে তেখেতৰ অধ্যয়ন আছিল প্ৰচুৰ। তেখেতৰ কিতাপৰ সংগ্ৰহত এই কবিসকলৰ কিতাপবোৰ সযতনে ৰাখিছিল, পঢ়িছিল আৰু অনুবাদো কৰিছিল।তেখেতে আমাৰ প্ৰকাশিত গল্পৰ কথাও কৈছিল।  কেতিয়াবা খেদ হৈছিল যে তেখেতৰ কবিতাৰ বিষয়ে যিমান খবৰ ৰাখোঁ, আমাৰ গল্পৰ বিষয়ে তেখেতে তাতকৈ বেছি খবৰ ৰাখে।

   

তিৰাশী বছৰ পাৰ হৈ যোৱাৰ পিছত তেখেত প্ৰকাশ কৰিবলৈ যো জা কৰিছিল ‘মই পৰ্যটক’ শীৰ্ষক তেখেতৰ শেহতীয়া কাব্য সংকলন। এই কাব্য সংকলনখনি তেখেতে প্ৰকাশ কৰিবলৈ মনস্থ কৰিছিল ২৩ আগষ্টত। সহধৰ্মিণী অঞ্জুলা ভূঞা বৰাৰ ‘কথা আৰু গীতৰ লহৰ’ শীর্ষক প্ৰবন্ধ সংকলনখনৰ সতে একেলগে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰাৰ আয়োজন কৰিছিল। পিচে কাব্য সংকলনখনিয়ে প্ৰকাশৰ মুখ দেখাৰ আগতেই ১১ আগষ্ট তাৰিখে তেখেত আমাৰ মাজৰপৰা আঁতৰি যায়। চৈধ্যখন কাব্য সংকলন, চাৰিখন গল্প সংকলন, এখন উপন্যাস আৰু এখন প্ৰবন্ধ সংকলনেৰেৰ অসমীয়া সাহিত্যক সমৃদ্ধ কৰা ৰবীন্দ্ৰ বৰাদেৱৰ এইলানি শেহতীয়া কবিতা।

 

মানুহৰ প্ৰতি গভীৰ ভালপোৱা, প্ৰকৃতিৰ সতে একাত্মতা, হেৰাই যোৱা গাওঁ আৰু পথাৰবোৰৰ বাবে অন্তৰত লৈ ফুৰা দৰদ আৰু অন্তৰ্দাহী হাহাকাৰৰ নিয়ৰকণাৰে্ তেখেতৰ কবিতাৰ শৰীৰ সিক্ত হৈ থাকে। কবিয়ে মানুহ ভালপায় আৰু কবিতাত মানুহ আৰু নিসৰ্গৰ প্ৰতি ভালপোৱা এক হৈ পৰে।তেখেতৰ কবিতাৰ ধাৰা নিৰৱধি নামি অহা ফল্গুৰ দৰে, নিকপকপীয়া শব্দৰে গথা। কবিতাৰ ক্ষেত্ৰত তেখেতে যিদৰে বৰ বেছি সম্পৰীক্ষা কৰা নাই, সেইদৰে কবিতাৰ মানো নামি যাবলৈ দিয়া নাই।ভৰি দুখনেৰে মানুহৰ মাজে মাজে বিচৰণ কৰি কবিতা লিখে বাবেই ‘মেটাফৰ’বোৰ  পাঠকৰ বাবে অতিকৈ আপোন।  

 

‘মই পৰ্যটক’ সংকলনখনিৰ সনন্নিবিষ্ট হৈ থকা কবিতাসমূহ যোৱা চাৰিটামান বছৰত লিখা বুলি কবিয়ে পাতনিত উল্লেখ কৰিছে। সংকলনখনিৰ শীৰ্ষক কবিতাটি উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ, কিয়নো ইয়াত আছে পৃথিৱীক গভীৰভাৱে ভালপোৱাৰ বাসনা, যিখন পৃথিৱী সোনকালেই এৰি থৈ যাবগৈ লাগিব বুলি তেখেতে হয়তোবা উপলব্ধি কৰিছিল। কিন্তু এই উপলদ্ধি সস্তীয়া আৱেগৰ ইননি-বিননি নহয়। জীৱনক কিমান ভাল পালে আশীৰ উৰ্ধতো শব্দৰ মাজেৰে এনে সঞ্জীৱনী সূধা কবিয়ে গাথিব পাৰে! পোৱা-নোপোৱাৰ বেদনা, মহানগৰীৰ জীৱনৰ ক্ৰুৰ-নিষ্ঠুৰ লালসা, বাৰ্ধক্যৰ যন্ত্ৰণা আৰু যন্ত্ৰৰ দৰে ইয়াৰ জীৱনক তেওঁ অনায়াসে উপেক্ষা কৰি গৈছে আৰু এক সৰল আকুলতাৰে জীৱনৰ কাষত নিজকে সমৰ্পণ কৰিছে। এয়াই যেন জীৱনৰ দুৱাৰ পাৰ হৈ মহাজীৱনলৈ নিজকে পাৰি দিয়াৰ সেই অনন্তপিয়াসী বাট!

 

মই পৰ্যটক

বাটৰ সাঁথৰ ভাঙি

মই ভ্ৰমি ফুৰোঁ

বিস্তীৰ্ণ পথাৰ

জাকৰুৱা বৰষুণ

অৰণ্যৰ সেউজীয়া ঘ্ৰাণ

নৈৰ পলসুৱা প্ৰাণ

অব্যক্ত চেনেহত পমি যাওঁ

 

ঋতুৱে ঋতুৱে বিবিধ চৰাই

উৰণীয়া সপোন

বুকুত টলমল

প্ৰসাৰিত দৃষ্টিৰ ৰাগি

 

আকাশলৈ চাওঁ

জীৱনৰ প্ৰতিবিম্ব

বিশালতাত

প্ৰতিটো অশান্ত মুহূৰ্ত

 

পৃথিৱীক ভাল পাবলৈ

শিকালে

 

নিমাত স্বৰ

উন্মুক্ত প্ৰেম

অশ্ৰুত ভাষাত উচ্চাৰিত

 

মই পৰ্যটক

চিৰকাল পৃথিৱীৰ

 

ৰবীন্দ্ৰ বৰা সকলো সময়তে মানুহৰ মাজত আছিল। মহানগৰীৰ আন বহুতো বৃদ্ধৰ দৰে তেওঁ অকলশৰীয়া জীৱন নকটালে, এৰি অহা জীৱনৰ প্ৰতি স্মৃতিকাতৰতা থাকিলেও স্মৃতি-বিভ্ৰমত ভূগিবলগীয়া ন’হল। একাকীত্বৰ বিষাদ তেওঁ নাপালে, কিয়নো চউপাশে থাকিল মানুহ। মানুহ বিচাৰি মহানগৰীৰ এপাৰ্টমেণ্টটোৰপৰা তেখেত নিজেই বাটলৈ ওলাই আহে—কাষৰ দোকানী, আন মানুহৰ সতে সৰলভাৱে আলাপ কৰে। বাৰ্ধক্যজনিত কাৰণত শ্ৰৱণশক্তি কমি অহাৰ বাবে মেল-মিটিং, সাহিত্যৰ অনুষ্ঠানত যোগদান কমি আহিলেও এনেকৈয়ে মানুহৰ সতে থকাৰ অচিলা উলিয়াই লয়। ‘মই ওলাই আহোঁ’ শীৰ্ষক কবিতাটিত তেখেতে কৈছে,

 

“বন্ধ কোঠাৰ ভিতৰত

মই থাকিব নোৱাৰোঁ

দুৱাৰ খুলি

মই ওলাই আহোঁ

ভ্ৰমি ফুৰোঁ

নিসংগতাৰ হাত ধৰি

...

 

ধূমুহা বৰষুণে মোক

ধৰি ৰাখিব নোৱাৰে।”

মনত ৰাখিবলগীয়া কথাটো হ’ল কবিয়ে এই কবিতা লিখিছে জীৱনৰ ভাটী বয়সত, যোতিয়া অনেকেই নিজকে বন্ধ কোঠাত আৱদ্ধ কৰি পেলায়। এয়াই আছিল কবিৰ জীৱনচৰ্য্যা। ঘৰলৈ অহা প্ৰতিজন অতিথিক নিজেই চাহ-জলপান কৰি খুৱাব। দোকানৰপৰা মিঠাই কিনি আনিব। তেওঁ সংকীৰ্ণতাত বাস নকৰে। কিন্তু মহানগৰীৰ সংকীৰ্ণতাক তেওঁ দেখিছে, নিচেই কাষৰপৰা দেখিছে। দেখিছে বন্ধ কোঠাত তিলতিলকৈ শেষ হৈ অহা একাকীত্বৰ নিঃস্ব জীৱন। ‘ৰক্তবৰ্ণ নগৰখনৰ ময়ো এজন নাগৰিক’ শীৰ্ষক কবিতাত তেওঁ লিখিলে,

 “অনবৰতে নগৰখনৰ প্ৰায়বোৰ অট্টালিকা

কঁপি থাকে অজান আশংকাত

কিছুমান অসুখীয়া মানুহ বাস কৰে

যিসকলে কান্দিব খুজিও কান্দিব পৰা নাই

ক’ৰবালে গুচি যাব খুজিও যাব পৰা নাই

এমুখ কৃত্ৰিম হাঁহিৰে মাত-বোল কৰে

নাচ-গান কথাৰ মাজত ঢাকি থয় আত্ম-প্ৰবঞ্চিত মনটোক

ৰাতি দুপৰলৈকে উজাগৰে থাকে

 সময়ে অসময়ে মই মোক লৈ গৈছোঁ

তাহানিতে এৰি থৈ অহা পদূলিটোৰ কাষত

বতাহজাক মেৰিয়াই কথা পাতিছোঁ”

দীঘলীয়া সময় ধৰি অসমৰ কাব্যজগতক সমৃদ্ধ কৰা ৰবীন্দ্ৰ বৰাৰ কবিতাই উপযুক্ত মৰ্যদা লাভ নকৰিলে বুলি অনেকেই আক্ষেপ কৰে। বঁটা-বাহন, প্ৰতিষ্ঠাৰ পিছত দৌৰিবলৈ অস্বীকাৰ কৰা কবিৰ বাবে এনে আক্ষেপৰ হয়তো  কোনো গুৰুত্ব নাছিল। কিন্তু তেখেতৰ আক্ষেপ আছিল, কিয়নো আজিকালি তেখেতৰ কবিতা প্ৰকাশ কৰিবলৈ বিচাৰি আলোচনীসমূহৰ সম্পাদনাৰ মেজৰপৰা কৰা ফোনবোৰ লাহে লাহে কমি আহিছিল। অথচ তেওঁতো নিম্নমানৰ কবিতা লিখা নাছিল! তেখেতৰ কবিতাবোৰ পাঠ কৰিলে নিজকেই সুধিবলৈ মন যায়—পাঠক হিচাপে আমি আচলতে বাৰু সঁচাকৈয়ে আমাৰ কবিতা অথবা সাহিত্যৰ উদযাপন কৰিব পৰাৰ স্তৰ এটালৈ নিজৰ উত্তৰণ ঘটাব পাৰিছোঁনে! নিৰ্জন দ্বীপত সাহিত্য জীয়াই নাথাকে, মানুহৰ প্ৰাণৰ স্পৰ্শতহে শব্দ জীয়াই থাকে, কবিতা জীয়াই থাকে। আমাৰ শব্দক, আমাৰ কবিতাক আমিয়েই প্ৰতিপালন কৰিব লাগিব, সমাদৰ কৰিব লাগিব। সমাদৰৰ অৱহেলাত শব্দ মৰহি যায়, আমাৰ জীৱনো মৰহি যায়। এই প্ৰশ্নটো আমি সকলোৱেই নিজকে কৰি চোৱা উচিত। অন্ততঃ আজিৰ সময়ত—যেতিয়া তোষামোদ আৰু ৰজাঘৰীয়াৰ প্ৰশস্তি অবিহনে সাহিত্যৰ বাটেৰে খোজ দিয়াৰ সময় প্ৰায় স্তব্ধ হৈ পৰিছে।







-ৰত্না ভৰালী তালুকদাৰ 


No comments:

Post a Comment