Friday, 27 September 2024

 

দুটি গোষ্ঠীসত্তাৰ অভিজ্ঞতাৰ প্ৰকাশেৰে সমৃদ্ধ মনোৰঞ্জন বড়িৰ  গল্প



 কাব্য যদি বোধ আৰু উপলব্ধিৰ সাৰ, তেনেহ'লে চুটিগল্পৰ সাৰ কি? চুটিগল্পৰ সাৰ হৈছে শিল্পসন্মতভাৱে  জীৱনৰ সমগ্ৰতাৰপৰা এচমকা জীৱন তুলি ধৰাৰ  সাৰ্থকতা। এই কথাটো কবলৈ সহজ। কিন্তু একে সময়তে  সেই কামটো কৰি তোলা  বৰ সহজ কথা নহয়। নিটোল শিল্পৰূপ চুটিগল্পৰ প্ৰধান চৰ্ত।কিন্তু গভীৰ জীৱনবোধৰ অভাৱ আৰু  চৰ্বিত-চৰ্বণে  চুটিগল্পকেই নহয়, যিকোনো সাহিত্যক ৰসহীন কাহিনী কৰি তোলাৰ আশংকা থাকে। 

 সীমিত পৰিসৰ আৰু অৱয়ৱত পাঠকক ধৰি ৰাখিব পৰাকৈ বুদ্ধিদ্বীপ্ত প্ৰকাশভংগীৰে লেখকৰ দৰ্শনৰ প্ৰকাশ-এনেবোৰ  বৈশিষ্টৰ বাবে চুটিগল্পৰ শিল্পৰূপ  অতিকৈ প্ৰত্যাহ্বানমূলক । গল্পকাৰৰ জীৱনবোধে  চুটিগল্পক বিশিষ্টতা প্ৰদান কৰে। কিন্তু  নিৰ্মাণ (craft)  অবিহনে  জীৱনবোধৰ প্ৰকাশো  জঠৰ হৈ পৰে। বিগত শতিকাৰ নব্বৈৰ  তথ্য-প্ৰযুক্তিৰ  বিকাশ  ঘটিছিল। কিন্তু  একবিংশ  শতিকাত  তথ্য-প্ৰযুক্তিয়ে সাহিত্যৰ ক্ষেত্ৰখনলৈও লৈ আহিল নানান সুবিধা। ঘৰতে বহিয়েই বিশ্ব সাহিত্যৰ সুধা আৰু অভিজ্ঞতা  আহৰণ  কৰিবলৈ ইণ্টাৰনেট  ব্যৱস্থাই  সুযোগৰ সৃষ্টি কৰি দিলে।এই সুবিধা গ্ৰহণ কৰি  জীৱনৰ প্ৰতি  ব্যক্তিসত্তাৰ  অথবা গোষ্ঠীজীৱনৰ নতুন নতুন দৃষ্টিভংগীৰ যি উন্মেষ ঘটিবলৈ ধৰিছে,    তাৰ বাবেই  সমকালীন  গল্পকলাত  নিৰ্মাণেও (craft) অতি   গুৰুত্বপূৰ্ণ  ভূমিকা পালন কৰিবলৈ ধৰিছে।  জীৱনৰ অভিজ্ঞতা সুকীয়া হৈ  পৰিছে  আৰু  এটা সৰলৰৈখিক (linear) গল্পই  উজ্জীৱিত পাঠকক এতিয়া আৰু আগৰদৰে ভবাই  তুলিব নোৱাৰাৰ পৰিবেশৰ সৃষ্টি হ'বলৈ ধৰিছে। কিয়নো  গাৱঁতেই হওক বা চহৰতেই  হওক  মানুহৰ জীৱনো আগৰ দৰে  সৰলৰৈখিক হৈ থকা নাই।নতুন নতুন অভিজ্ঞতাৰ ফলত  মানুহৰ জীৱন হৈ পৰিছে জটিল আৰু কঠিন।

 কিন্তু আজিৰ সময়ৰ চুটিগল্পৰ গল্পকাৰৰ সন্মুখত  মাথোন এইবোৰ  প্ৰত্যাহ্বানেই  যথেষ্ট নহয়। বিশেষকৈ  মনোৰঞ্জন বড়িৰ দৰে এজন গল্পকাৰে যেতিয়া কথা কবলৈ বিচাৰে অদেখাৰ জগতৰ এনে এখন পৃষ্ঠৰপৰা-- যিখন পৃষ্ঠত গল্পকাৰে মুখৰ ভিতৰতে দুখন জিভাৰে কথা কৈ থাকে, অভিজ্ঞতাৰ প্ৰকাশ কৰি থাকে।  তেওঁৰ  উপজিয়েই  কোৱা আইৰ মুখৰ ভাষাৰ  কথিত  ৰূপৰ জিভাখনে যি সভ্যতা-সংস্কৃতি-জীৱনৰ অভিজ্ঞতা বহন কৰি আনিছে--তাক তেওঁ প্ৰকাশ কৰিবলৈ মাধ্যম হিচাপে লৈছে আন এখন জিভা--এই  আশাত যে, সেই আনখন  জিভাৰ  প্ৰকাশিকা শকতি  আৰু  লগতে  মানুহৰ কাষলৈ বক্তব্য  লৈ যোৱাৰ শকতি  কথিত ভাষাৰে কোৱা জিভাখনতকৈ  তুলনামূলকভাৱে বেছি। এয়াই লেখকৰ দ্বি-সত্তাৰ এটি ৰূপ। অসমৰ বহু লেখক এনে অভিজ্ঞতাৰে সমৃদ্ধ।  

এই  পৰিচিতিয়ে যিদৰে কেতিয়াবা সাহিত্য  সৃষ্টিলৈ বিপুল  সম্ভাৱনা  কঢ়িয়াই আনেকেতিয়াবা সি  আকৌ  প্ৰত্যাহ্বানমূলক হৈ  উঠিব পাৰে। গভীৰ জীৱনবোধৰ অভাৱত উভয় জীৱন স্পৰ্শ কৰাৰপৰা  নিজকে বঞ্চিত কৰে। গল্পকাৰ হিচাপে  মনোৰঞ্জন  বড়িক এটা আপাতত বৃহৎ গোষ্ঠীৰ আৱৰ্তত থকা আন  এটি  বৰ্ণাঢ্য  গোষ্ঠীৰ  পৰিচিতিয়ে  সমৃদ্ধ  কৰিছে। গতিকে তেওঁৰ গল্পত  দুটি  সত্তাৰ অভিজ্ঞতা আছে।  আছে  দুটাকৈ ভাষিক  আৰু  সাংস্কৃতিক পৰিচিতিৰ  সমৃদ্ধি। তেওঁ  মিচিং  জনগোষ্ঠীৰপৰা  অসমীয়া সাহিত্যলৈ অহা  গল্পকাৰ।  মিচিং জনগোষ্ঠী  বুলি ক'লে পোনতেই আমাৰ মনলৈ আহে এবুকু পানীত পৰি আহুধান দাই থকা দাৱনীৰ মুখেৰে  নিগৰি অহা জাত  জাত নিতম'লাচাণেকীয়া সূতাৰ  পৃষ্ঠত কাজী শিপীনিৰ  সৰিয়হফুলীয়া  সপোন,   চাপৰিৰ  বিৰিণা-তৰাণিৰ  মাজে  মাজে  চাংঘৰৰ  মাদকতাত  জুহালৰ আপঙৰ  সোৱাদ। যেন এক সপোনৰ জীৱন। কিন্তু আমি কিমানে উপলব্ধি কৰোঁ যে, সেই জীৱনৰ পৃষ্ঠত থাকে  অন্য এক  নিষ্ঠুৰ  জীৱন--য'ত  বান-গৰাখহনীয়াই  বাৰে  বাৰে  ভাঙি নিয়ে  সপোন। গোষ্ঠীয়ে বাৰে বাৰে হেৰুৱায় ঘৰ। হেৰুৱায় গাওঁ। মিচিং মানেই নৈপৰীয়া এটি  জনগোষ্ঠী। পৰম্পৰাৰ নৈ এখন নহ'লে তেওঁলোকৰ  সংস্কৃতি  জীয়াই নাথাকে। কিন্তু নৈ সদায় নিষ্ঠুৰ। নৈয়ে ভাঙে ঘৰ-বাৰী।ভাঙে মানুহৰ সপোন। এই অভিজ্ঞতাৰ ভিত্তিত মনোৰঞ্জন বড়িৰ গল্পবোৰে ভাৱ-অনুভুতিৰ  ৰোমাঞ্চকৰ  দেওনাৰ  গভীৰত  জীৱনৰ অনন্ত হাহাকাৰবোৰ তুলি  ধৰিবলৈ চেষ্টা কৰিছে।  সেইবাবেই  তেওঁৰ  গল্পৰ  এই  যাত্ৰালৈ আমাৰ দৰে পাঠকৰ  উৎসুকতা  থকা  স্বাভাৱিক।

 

দেৰগাৱঁৰ গেলাবিল নদীখন অসমীয়া সাহিত্যৰ পঢ়ুৱৈৰ বাবে আচিনাকি নহয়।  কবি নীলমনি ফুকনে যিদৰে শৈশৱৰ গেলাবিল নদীখনৰ সৌন্দৰ্যক কাব্য জগতৰ প্ৰেৰণা কৰি লৈছে, সেইদৰে গেলাবিল নদীৰ পাৰত জন্ম হোৱা গল্পকাৰ  মনোৰঞ্জন বড়িয়ে গল্পসাহিত্যলৈ তুলি আনিবলৈ চেষ্টা কৰিছে  গেলাবিল নৈ  আৰু  কাষতে থকা  ব্ৰহ্মপুত্ৰৰ পাৰ আৰু  চাপৰিবোৰত  বান-গৰাখহনীয়াই ক্ৰমে নিঃশেষ কৰি অনা জনগোষ্ঠীয়  জীৱনৰ কৰুণ  ৰূপ-'ত বাৰে বাৰে হেৰাই যায় জীৱন। নৈ, নিজৰা,  চাপৰি, 'হ, যাতায়তৰ নাওবোৰে তেওঁৰ গল্পৰ পটভূমি মায়াময় কৰি তুলিছে। কিন্তু যি গল্পত যি ছবি তেওঁ আঁকিছে, তাত জীৱন সদায়  নিষ্ঠুৰ।  তাত  জীৱনৰ সুন্দৰতা নাই। নৈৰ আঘাতত দেহা ক'লা পৰে, মন ঘূণীয়া হয়। নৈপৰীয়া মানুহে  তাতেই সুন্দৰ কৰি তুলিবলৈ চেষ্টা কৰে ঠুনুকা জীৱন,  জীৱনৰ  ভংগুৰ মাদকতা। এনে পৰিবেশতেই  এক  আচৰিত  কালিকা থকা কৃষ্টি-সংস্কৃতি গঢ় লৈ উঠে-- মৰিও নমৰা মানুহৰ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত গঢ় লৈ উঠা সংস্কৃতি।এই জীৱনৰ কাহিনী কোৱা সহজ কথা নহয়। ক্ৰমাগতভাৱে হেৰুৱাই অহাৰ জীৱনগাথাৰ বলুকাত  জীৱন গঢ়াৰ লক্ষ্য লৈ জীৱন জীয়াৰ অভিজ্ঞতা নথকাজনে এনে কাহিনীকথন সাহিত্যলৈ তুলি আনিব নোৱাৰে। মনোৰঞ্জন বড়ি ইৰ্ষণীয়ভাৱে  এই  জীৱনৰ এজন আভ্যন্তৰীণ কথক--an insider-- গোষ্ঠীৰ পৰম্পৰাৰ।সেই সভ্যতা  আৰু কালিকা তেওঁ বহন  কৰি আনিছে।  অন্য জীৱনৰ  গল্প কবলৈ  তেওঁ নতুনকৈ শিকি লব নালাগে।

 মনোৰঞ্জন বড়িৰ গল্পবোৰ সেইবাবেই  বিশেষ। তেওঁ এটা  নিটোল কাহিনী  কবলৈ প্ৰয়াস কৰে। মাটিৰ দৰে সৰলপ্ৰাণ কিছুমান মানুহ--নৈৰ ভাঙোণৰ সন্মুখত যিসকলে স্কুল পাতে, পুথিভঁৰাল সাজে, চপাই আনে গাওঁ আৰু গোষ্ঠীৰ ল'ৰা-ছোৱালীবিলাকৰ উত্তৰণৰ সপোন দেখে--তেওঁ কয় সেইবোৰ মানুহৰ কথা। গল্পই   প্ৰধানত আকৰ্ষণ কৰা দিশটো হৈছে গল্পকাৰে ব্যৱহাৰ  কৰা  নিটোল গল্পভাষাটো।  এটা বিশেষ  অঞ্চলৰ মানুহে কোৱা ভাষাৰ স্থানিক ৰূপটোক তেওঁ আটোম-টোকাৰিকৈ গল্পসাহিত্যলৈ তুলি আনিছে। বিৱৰণীত সি সোণত সুৱগা চৰাইছে। লগতে পেশাগতভাৱে  এগৰাকী সাংবাদিক হোৱাৰ বাবে  তেওঁৰ কথনশৈলী  যিকোনো ভাৱবিলাসিতা আৰু ওলোম-জোলোমবোৰৰপৰা মুক্ত। গল্পৰ যিধৰণৰ  ভাষা  আয়ত্ত কৰিবলৈ আনে বহু  কষ্ট কৰিব লগা হয়, সেয়া তেওঁক গল্পভাষাত নিৰৱধি আছে, এইখিনি  চাগৈ তেওঁৰো সৌভাগ্য।

 আন এটা কথা হৈছে, গল্পকাৰৰ দায়িত্ব। আৰু প্ৰতিনিধিত্ব(representation)। তৃতীয় বিশ্বৰ বাসিন্দা  হোৱাৰ লগতে অহৰহ ভয়াবহ প্ৰাকৃতিক দুৰ্যোগৰ  অভিজ্ঞতাৰ মাজেৰে গৈ থকা গোষ্ঠীজীৱনৰ প্ৰতিনিধি  হোৱাৰ বাবেই নিজৰ দায়িত্বৰ প্ৰতি  গল্পকাৰ  সজাগ। মনোৰঞ্জন বড়িয়ে সাহিত্যত মাথোন এটা গল্পৰ কথাকেই  কবলৈ বিচৰা নাই--তেওঁ নিজৰ গোষ্ঠীৰআৰু গোষ্ঠীৰ বাহিৰৰ জীৱন-জীৱিকাৰ সংগ্ৰামে নিৰন্তৰে  ব্যতিব্যস্ত কৰি ৰখা মানুহৰ জীৱনৰ কিছুমান  বিশেষ  অভিজ্ঞতাৰ কথা কবলৈ বিচাৰিছে--সাহিত্যত যিসকলৰ কথা কোৱাটো অতিকৈ প্ৰয়োজনীয়।এই লোকসকলে জীৱন জীয়াব  জানেকিন্তু তেওঁলোকৰ দুখ-দুৰ্দশা, অহৰহ  হেৰুওৱাৰ বেদনাক মূলধন হিচাপে লৈ ভয়ংকৰ ষড়যন্ত্ৰৰ  জাল ৰচনা কৰা মানুহবোৰৰ ষড়যন্ত্ৰবোৰৰ কথানিজৰ দুৰ্বিসহ অভিজ্ঞতাৰ কথা কেনোবা এখন মঞ্চত সজাই-পৰাই  কবলৈ  নাজানে।  সেইবাবেই তেওঁলোকৰ অভিজ্ঞতাবোৰ ইতিহাসৰ পাতত মোহৰ মাৰি থবলৈ এগৰাকী প্ৰতিনিধি  লাগে।সেই প্ৰতিনিধিজন যদিহে এগৰাকী গল্পকাৰ হয়, তেনেহ'লেনো  আপচোচ কৰিবলৈ বাকী থাকিল কি! মনোৰঞ্জন বড়িয়ে  সেই গণজীৱনৰ  প্ৰতিনিধি হবলৈ চেষ্টা কৰিছে, যিজনে সাহিত্যৰ প্ৰতিনিধি হিচাপে তেওঁলোকৰ কাহিনীবোৰ সাহিত্যলৈ তুলি আনিব। এজন কথক হৈ উঠিবপ্ৰতিনিধিত্ব কৰিব।এনে দায়িত্বৰ ভাৰ ববলৈ পোৱাটোও কিন্তু ডাঙৰ  কথা। বহু লেখকেই এনে দায়িত্ব অনুভৱ  নকৰাকৈয়ে জীৱন নাট সামৰি থয়।শব্দ আৰু সম্পৰীক্ষাৰ মাজতে  সাহিত্যক সামৰি থয়। কিন্তু  কেৱল প্ৰতিনিধিত্বৰ বেলিকাই নহয় -- ম'হ-যখ, ধনগুলৈ আদিৰ দৰে সাৰ্থক সৃষ্টিৰ মাজেৰে  গল্পকাৰে  নিজৰ সম্পৰীক্ষাত  উত্তীৰ্ণও  হৈছে । 

 

তথাপি কব পাৰি যে,  'হ-যখ'  শীৰ্ষক গল্পসংকলনখনত গোষ্ঠীজীৱনৰ অভিজ্ঞতা আৰু চিত্ৰণে আকৰ্ষণীয় কৰি তুলিছে যদিও বহু ঠাইত সেই অভিজ্ঞতাৰ  পুনৰাবৃত্তি ঘটিছে। ফলত গল্পৰ ৰসাস্বাদনত ব্যাঘাত  আহি পৰিছে। চৰিত্ৰবোৰৰ নামৰো পুনৰাবৃত্তি ঘটিছে। পুনৰাবৃত্তিয়ে গল্পকাৰৰ উত্তৰণৰ বাটত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। সফল গল্পকাৰে আৰম্ভণিৰ গল্পৰ এনে প্ৰতবিন্ধকতা অতিক্ৰম  কৰি যায়। গোষ্ঠীজীৱনৰ অজানা, ৰহস্যময় জগতখনৰ গভীৰ সমুদ্ৰলৈ নামি  গৈ মেটাফ'ৰবোৰ (metaphor) তুলি অনাৰ প্ৰস্তুতিৰ মাজেৰে  এনে পুনৰাবৃত্তিক অতিক্ৰম  কৰিব পাৰি। এনে কঠিন প্ৰস্তুতিয়ে গোষ্ঠীৰ বাহিৰৰ অন্য  জীৱনৰ পটভূমিত  ৰচিত  গল্পসমূহকো অধিক আকৰ্ষণীয়  কৰি তোলে। অসমৰ জনগোষ্ঠীসমূহৰ জীৱনক লৈ বহুতো সাহিত্যৰ সৃষ্টি হৈছে, নেহোৱাকৈ থকা  নাই। তথাপি কব লাগিব যে, গোষ্ঠী জীৱনৰ অনেক অকথিত কাহিনী আৰু  সমকালীন জীৱনৰ মেটমৰা বহুতো অভিজ্ঞতা সাহিত্যৰ বিস্ময়কৰ পৃষ্ঠাবোৰলৈ উঠি আহিবলৈ বাকী।  

এজন গল্পকাৰ কিহত জীয়াই থাকেপাঠকৰ আশাত--অপেক্ষাত। নিজৰ উত্তৰণত।মনোৰঞ্জন বড়িৰ গল্পবোৰে বিশিষ্ট গল্পকাৰ অপূৰ্ব শৰ্মাৰ গল্পবোৰৰ দৰে অনন্যজীৱনৰ কথক হৈ উঠাৰ প্ৰতিশ্ৰুতি বহন কৰিছে।  তেওঁৰ গল্পৰ বাবে পাঠকৰ অপেক্ষা আছে।তেওঁ বাস কৰা সমাজখনে তেওঁৰপৰা বহুতো আশা কৰে। এই আশা আৰু অপেক্ষাত জীয়াই থকা কিন্তু সহজ কথা নহয়। তাৰবাবে যি যাত্ৰা, প্ৰস্তুতি, তিল তিলকৈ অভিজ্ঞতাৰ সঞ্চয়, পঠন আৰু মনন--সেয়া   গল্পকাৰৰ নিজা। নিজকে ভঙা আৰু গঢ়াৰ বেদনাখিনিও নিজা।  আনে সেইখন জগত নেদেখে, তেওঁলোকে গল্পটোহে দেখিব। কিন্তু সাৰ্থক একোটা গল্পৰ বাবে জীৱন পাত কৰে গল্পকাৰে।

গল্পকাৰ মনোৰঞ্জন বড়িলৈ অলেখ শুভকামনা থাকিল। 

---

দৈনিক জনমভূমি , ২৮-০৯-২০২৪

ৰত্না ভৰালী তালুকদাৰ

No comments:

Post a Comment