দিপৰ-দ্য ৱাটাৰস্কে'প
(সাতোখন
বিলৰ পাতাল, পাতালৰ ৰূপকথাৰ নাৰী)
ৰত্না ভৰালী তালুকদাৰ
Pic-Sushanta Talukdar
(দিপৰ-দ্য ৱাটাৰস্কে'প
(সাতোখন বিলৰ পাতাল, পাতালৰ ৰূপকথাৰ নাৰী)
ৰত্না ভৰালী তালুকদাৰ
(তৰুণ গল্পকাৰ
নৱজিৎ চেলেঙৰ হাতত)
পখিলীবালা
অনন্য
ৰূপকথাৰ
নাৰী।
সাঁজবেলা যেতিয়া দিপৰৰ
পানী
চকৰ্দৌ পৰ্বতৰ ছায়াই আৱৰি ধৰে, পখিলীবালাই তেতিয়া ৰূপকথাৰ খোলাটিৰপৰা ওলাই আহে।দেখা আৰু
অদেখাৰ ধুৱলী-কুঁৱলীত বিলত পানীত
জান-নেজানকৈ ওপঙি
উঠে পখিলীবালাৰ
ডিঙা।
কোনো প্ৰাচীন চিত্ৰকৰে অঁকা পৌৰাণিক এখনি
পটৰ দৰে।
উত্তৰৰ
লংকেশ্বৰ
পৰ্বতৰ
দাঁতিৰ ফ'ৰলেনৰ চলন্ত
বাহনৰ সমদল, ফাইভ ষ্টাৰ হোটেল,
বহুজাতিক
কোম্পাণীৰ
শ্বৰমৰ
লাইটৰ
আৱতৰীয়া দিপাৱলী।
দক্ষিণৰ
চকৰ্দৌ
পৰ্বতৰ নামনিত বিলৰ
দখলী মাটিত
সজা বহিৰাগতৰ
অবৈধ
গুদামৰপৰা ওলাই
যোৱা শাৰী শাৰী ট্ৰাকৰ হে'ডলাইটৰ
দীপাৱলী।
সময়ে
সময়ে দিপৰৰ
বুকুত পোতা ৰে'ললাইনেৰে
উকিয়াই
গুচি
যোৱা
ৰেলগাড়ীয়েও
জলজ
জীৱকূললৈ
ভীত-চকিত পোহৰৰ সাজ এৰি যায়।
চকু চাট মাৰি ধৰা পোহৰৰ সেই নিৰ্দয় পৃষ্ঠত অসহায় এটা এঙামুৰি হৈ ৰৈ থাকে দিপৰ।অলস। শ্ৰান্ত। সাঁজৰ
বিশ্ৰী
পোহৰ, অবাইচ কোৰ্হালত জঁয়
পৰি ৰয় জলাহৰ কজলা পানীৰ ভেঁট, নিকৰি, পদুম আৰু মেটেঙাফুলৰ
থোপা।
পানীপোক খোৱা জাকশাৰলিৰ কোৰ্হাল। বৰপুণি আৰু মেটেঙাৰ ওপঙা জোপোহানিত বাহ সাজি যোৰ পতা দলপুঙা। পানীৰ জলঙাত কাইম চৰাইৰ ধেমালি। মইছলৈ চান্দি থকা মাছলংকা আৰু পানীকাউৰীৰ গোট । থৰ
লগা
আকুহি
বগ।হালখেদা। মণিয়ৰী। হঁয়কলী।
জঁয় পৰি ৰয় পাখি নগজা জিঙাপোকাৰ পৰ্বান্তৰৰ ৰহস্যময়, স্বচ্ছ শৰীৰ। পোহৰৰ
নিৰ্দয় পৃষ্ঠত কঁপি
উঠে।
কঁপি উঠে নাৱৰ খুঁটিত পাখি গজা পুৰঠ
জিঙাপোকাৰ উৰণচালি।
এজাৰ কাঠৰ ডিঙাত উঠি, শাল কাঠৰ বৈঠা বাই পখিলীবালাই দিপৰৰ এঙামূৰি ভাঙি দিয়ে ।নিকৰিৰ
কাঁইঁটীয়া, সুস্বাদু গুটি
খাই পানীধেমালি
কৰিবলৈ চকৰ্দৌ পৰ্বতৰ দণ্ডিৰে জাক পাতি নামি
অহা
বুঢ়াগঁহেই
যোৱাৰ
লিকে লিকে পানীৰ একোটা চিকুণ
বাট। তেনে এটি চিকুণ বাটেৰেই ধীৰ গতিৰে আগুৱাই আহে
পখিলীবালাৰ
নাও।
উজানবিল, চন্দাবিল, বৰখলাবিল, খাৰবাৰীবিল, বকাবিল, পকাদ'লবিল আৰু ডুমৰীয়াবিলৰ জলজ
সন্মোহণৰ
অপাৰ
সামুদ্ৰিক দিপৰৰ বুকুৰ
সাধেই- মাধেইৰ
ভিঠা
নামৰ কণমানি এটি দ্বীপত চপাই
দিয়ে
নাও।
সাঁজৰ পোহৰত
ৰহস্যঘন হৈ উঠা দিপৰৰ জলজ শইচ, মইছ আৰু চিত্চঞ্চল জীৱকূলৰ
পানীধেমালিৰ
আল-জালৰপৰা
ওলাই
আহে
তাই। মূৰৰ ওপৰত বৰপাচিটো লৈ সাৱধানে নাৱৰপৰা নামে।
পখিলীবালাৰ পাচিত জালত লগা দিপৰৰ মইছ।
পাচিৰ
তলত
চাৰিকান্দিৰ লাঙি জাল।পুঠি, টিংৰা লগা পুঠিলাঙি। বছৰৰ
প্ৰথমটো
দেওবাৰে মাছুৱৈসমাজৰ
তত্বাৱধানত
বিল বাইচ কৰাৰ দিনাৰপৰা ভাদৰ ভৰবাৰিষাত ফিছাৰিৰ পৰা কিনি ৰৌ, ভকুৱা আৰু মিৰিকাৰ অভগণ পোনা
বিলৰ বুকুত মেলি দিয়াৰ দিনটোলৈকে দিপৰৰ কেউখন বিলৰ
পাতালত মাছুৱৈয়ে
চাৰিকান্দিৰ পুঠিলাঙি, কাৱৈলাঙিৰপৰা
আঠকান্দিলৈকে বৰ একোখন জাল মৰাৰ সুযোগ
পায়। কেইবাদশকৰ আগেয়েই
বিলৰ
মইছসম্পদ
উভৈনদী
হৈ
থাকিবলৈকে
মাছুৱৈৰখীয়া
সমাজে
চৰকাৰৰ
মৎস্যপালন
বিভাগৰ
সহযোগত
পৰীক্ষা- নিৰীক্ষা কৰি
এই
তিনিবিধ
মইছৰ
পোনা এৰি
দিয়াৰ
সিদ্ধান্ত
লৈছিল।
বিলৰ
পাতালত অৱশ্যে
মইছসম্পদ উভৈনদী।
চৰকাৰে
দিপৰক
ৰামচাৰ
ক্ষেত্ৰ
আৰু
পক্ষী অভয়াৰণ্য
বুলি ঘোষণা
কৰাৰ
আগলৈকে
বেৰ
জাল, পৰঙী জাল,
খেৱালি জাল,
লাঙি জাল,
ঘাট জালেৰে
ভৰি
আছিল
দিপৰৰ
পাতাল। আজিকালি মাছুৱৈসমাজে ঘাইকৈ লাঙিজালেৰে নিয়ন্ত্ৰিতভাৱে মইছ
ধৰে। যতনাই
ৰাখিবলৈ চেষ্টা কৰে পাতালৰ
পুষ্টি ।মল। তথাপি গোধূলাবজাৰ, ভাঙাৰা গোঁসাইৰ থান, মইনা খোৰোং, পামহি,
ধাৰাপুৰ, পাণ্ডু কলনিৰ
বজাৰলৈ
বুলি নিতৌ
আঠ-দহ
কুইণ্টল মইছ দিপৰৰ বুকুৰপৰাই
উঠে।
পখিলীবালাৰ নিতৌ সেই একেখনি পুঠিলাঙি। কেতিয়াবাহে কাৱৈলাঙি পাতে
তাই। তাতেই লগা পুঠি-টিংৰা-কাৱৈ
মইছেৰে উভৈনদী তাইৰ বৰপাচি। মালিগাৱঁৰ বজাৰৰ প্লাষ্টিকৰ সূতাৰ জাল।নিচেই
পাতল। বিলৰ
পাতালৰ
বামত
জেং-জাবৰ-মেটেঙাৰ
কাষত পতা
জাৰ্কি- চেপা-ডিঙৰাতো সোমায়হি একোখৰাহী মিঠাসোৱাদৰ মোৱা-নিচলা- চন্দা- দৰিকণা। বৰপাচিৰ তলত প্লাষ্টিকৰ ঠোঙা এটাত সযতনে থোৱা শুকুলা এখনি
চাদৰো আছে।
এটোপ-দুটোপকৈ সৰে দিপৰৰ পাতলীয়া ব'ৰষুণ। পখিলীবালাৰ গাত লাগে দিপৰৰ বুকুৰ
সাতোখন
বিলৰ
সাঁজবেলাৰ
চেঁচা, পানীৰ মইছৰ গৰম, বিলবোৰৰ পাতাল চুই অহা বতাহৰ জলজ
শিহৰণ। পাচিত সুমুৱাই অনা শুকুলা
চাদৰখন
তাই গাত চাটি মাৰি লয়। বতাহত চাদৰৰ আঁচল দুটি উৰিবলৈ ধৰে। বুকুত মেথনি
মাৰি লোৱা
শুকুলা মেখেলা।
মলিয়ন।
ঠিক এনে সময়তে পৰ্বান্তৰ ঘটে তাইৰ।লেটাৰপৰা পখিলালৈ।লেটাৰ
লেহুকা, লপথপীয়া, বীজল আৰু এঠালেটীয়া
আঁহৰ পৰ্ব আৰু পৰ্বান্তৰৰ যন্ত্ৰণাময়, ঘিণ লগা কথকতাৰপৰা চুঁচৰি ওলাই আহে।ইতিহাসৰ
সিপাৰেৰে
বাগৰি
অহা
ৰূপকথা অথবা সোঁৱৰণিৰ উপকথাৰ শোক, অপমান, অবাঞ্চিত চকুলোৰ ধাৰ আৰু বোবা বেদনাৰপৰা
চুঁচৰি
ওলাই
আহে।
সাধেই-মাধেইৰ ভিঠাৰপৰা খাৰবাৰী বিলৰ পাতাল পাৰ হৈ ৰামচা হিল পঞ্চায়তৰ মিকিৰপাৰা লাটৰ ভিতৰুৱাল
গাওঁখনত থকা তাইৰ ঘৰলৈ দুই
কিলোমিটাৰ বাট। তাৰপৰা
গোধূলাবজাৰলৈ
আৰু কেইফাৰ্লংমান।খৰকৈ বাটকুৰি বায় তাই। মইছৰ উজানকালত খন্দাজানৰ বিলমুখেৰে লুইতৰ ধাৰেৰে যোৰ পাতিবলৈ সোমাই অহা আঁৰিমাছৰ দৰে
শৰীৰ পখিলীবালাৰ। টান।গোটোং। নিমজ। আঁৰিমাছৰ
ফিছাডোখৰৰ দৰে ঘিঁউবৰণীয়া কলাফুল। মেখেলাৰ
তলেৰে
উদং হৈ
থাকে।যৌৱনে গাৰপৰা মেলানি মাগিবলৈ পাহৰি যোৱা পখিলীবালাৰ
মায়া
সনা কলাফুল।
আন
মাছুৱৈৰ
দৰে
বিলৰ
পানীয়ে সেই
কলাফুলত
ঘাম
হৈ
জোলা
নাবান্ধে ।মইছৰ গোন্ধে আমোলমোলাই নাযায় শৰীৰ।
তিনিকুৰিৰ দেওনা পাৰ হোৱাৰ পিছতো উঠন গাভৰুৰ দৰে শ্ৰী। নিবোকা তাই। আপোনতে মগণ। এই
নজহা-নপমা
শৰীৰ, শৰীৰৰ দিব্যকান্তি প্ৰকাশ,ৰ'দ টল-মল জেউতি দিপৰৰ মাছুৱৈৰ বাবে বিস্ময় আৰু সমীহৰ বিষয়।
জানে তায়ো, গোধুলাবজাৰত মইছৰ পাচিৰ মাজে মাজে বিচৰণ কৰা সেই কলাফুলত চকু পৰি দিপৰৰ মইছলৈ
লালায়িত
হোৱাৰ দৰেই
গ্ৰাহকৰ চিত্ত লালায়িত
হৈ
উঠে।
নৰমনিচ
হয়নে
বাৰু তাই!
নে ৰূপকথাৰ নাৰী! আৰিমত্ত ৰজাৰ কুঁৱৰী সাধেই
নেকি!মাধেই
নেকি!
সৌজাক পুৰুষ মাছুৱৈ। একোটা গোমোঠা মন লৈ গুজ্ গুজ্ কৈ কথা পাতিছে।কিছু নিলগত হিন্দীভাষী বিল্ডাৰ
ধেনুকাৰ অনুচৰ দুটামানে
পিলিং-পালাং কৰিছে। সিহঁতক দেখিলেই মাছুৱৈকজাক গোমোঠা হৈ পৰে। মাছুৱৈজাকে
গোধূলাবজাৰলৈ
মইচ কঢ়িয়াই নিব চাইকেল, স্কুটী বা মটৰচাইকেলত। পখিলীবালাৰ
দৰে
সিহঁতে
ঢাহি-মুহি বজাৰলৈ বাটকুৰি
বাব নালাগে।
বাইছ
বছৰৰ
আগেয়ে
দিপৰক পোনতে ৰামচাৰ
চাইট
আৰু
তাৰপিছত পক্ষী- অভয়াৰণ্য
বুলি ঘোষণা কৰাৰ পিছতে চৰকাৰৰ চকুত মাছুৱৈসমাজৰ
আঠশৰো
অধিক পৰিয়াল
হৈ
পৰিছিল
আইনবিৰোধী।
চৰকাৰে
বিলত
মইছ ধৰা নিষেধ
কৰাৰ
সিদ্ধান্ত
লৈ বৈঠক দিছিল।বনবিভাগৰ সতে হোৱা বৈঠকলৈ
মাছুৱৈসমাজ গৈছিল হাতে হাতে শাল কাঠৰ বৈঠা
লৈ। দিপৰৰ পানীয়ে জোলা বন্ধা ঘাম আৰু মইছৰ গোন্ধে মলমলাই থকা শৰীৰ। শাল কাঠৰ বৈঠা
মাটিত
ঠুকুৰিয়াই
ঠুকুৰিয়াই ক্ষুব্ধ মাছুৱৈসমাজে বৈঠকত তুলি ধৰিব খুজিছিল আঁত হেৰাই যাব
খোজা সোৱঁৰণিৰ ৰূপকথা, যি ৰূপকথা জীয়াই
আছিল মাছুৱৈৰ ভিতৰুৱাল গাঁৱৰ জুহালৰ পোৰামাছৰ গোন্ধৰ
আলস্যত।
নিৰলে।
শাল কাঠৰ বৈঠা হাতত লৈ মাছুৱৈসমাজৰ একমাত্ৰ তিৰোতা মাছুৱৈ হিচাপে পখিলীবালায়ো বৈঠকত শাৰী পুৰাইছিলগৈ। অৱশ্যে তাই
আছিল নিবোকা হৈ। চুপ-চাপে। লাহে লাহে মাছুৱৈসমাজৰ
মাত-কথা ডাঙৰ হৈ আহিল। কোনেও
কাৰো কথা নুশুনা
হ'ল। অৱশেষত বনবিভাগৰ বিষয়াই চুপে-চাপে বহি থকা
পখিলীবালাক সকলোৰে হৈ কথাবোৰ
সজাই-পৰাই কবলৈ অনুৰোধ
কৰিলে।
সভাৰ মাজত ঠিয় হৈ কথা কবলৈ গৈ নিবোকা পখিলীবালা পোনতেই বিবুধিত পৰিল।ধীৰে ধীৰে দৃঢ় হ'ল তাই। সকলোৰে সন্মুখতে লেটাৰপৰা চুঁচৰি ওলাই আহিল। পৰ্বান্তৰৰ লাহি-পাহি পাখি গজিল। তাই পখিলাৰ ৰূপ ল'লে।মুখলৈ
এক লাৱণ্য আহিল। শৰীৰ অপৰূপ জেউতিয়ে আৱৰি ধৰিলে। চাটি মাৰি লোৱা চাদৰখন ওৰণিৰ দৰে মূৰলৈকে
তুলি
ল'লে।এটা সময়ত বৈঠাপাতক সাৱটি ধৰি তাইৰ আঁৰিমাছৰ দৰে নিমজ, গোটোং শৰীৰটোৱে সভাঘৰত ঠিয়দঙা
দিলে।এটি নিটোল ৰূপকথা মাছুৱৈসমাজৰ ভিতৰুৱাল গাৱঁৰ জুহালৰ পোৰামাছৰ গোন্ধৰ আলস্যৰপৰা ওলাই আহিল।
-‘দিপৰ কেৱল জলাহ নহয়। দিপৰ ইয়াৰ পাৰত বাস কৰা মাছুৱৈৰ সভ্যতা। তাহানিৰ আৰিমত্ত
ৰজাৰ
বিশাল
ৰাজ্যৰ পৰ্বতীয়া ৰাজধানী দিপৰ। মাছুৱৈসমাজ
বিলৰ পাতাল
আৰু
ভূঁইকপত পোত যোৱা আৰিমত্ত
ৰজাৰ
প্ৰাচীন ৰাজধানীৰ ৰখীয়া।উত্তৰাধিকাৰ।'
পখিলীবালাই কৈ গ’ল...
আৰিমত্ত।আঁৰিমাছৰ দৰে মূৰ। লুইতৰ উত্তৰকূলৰ প্ৰাচীন কামৰূপৰ ধৰ্মপাল ৰজাৰ পুত্ৰ। ৰূপকথাৰ দ্বিগবিজয়ী
বীৰ। ধৰ্মপালৰ ৰাজধানী বাৰে বাৰে ব্ৰহ্মপুত্ৰৰ
বানে
সংহাৰ
কৰিছিল। উদ্ধাৰ
পাবলৈ
পাৰিষদবৰ্গৰ
পৰামৰ্শমতে
ৰজাৰ কুঁৱৰী চন্দ্ৰপ্ৰভাক কলগছৰ ভূৰত উঠাই ব্ৰহ্মপুত্ৰক দান
দিছিল।পাচে, ব্ৰহ্মপুত্ৰ দেৱতাই দিপলীপ কুঁৱৰীৰ
প্ৰাণ
নাশ নকৰি গৰ্ভত দিলে সন্তানৰ বীজ।ভূৰত উটি
অহা সেই কুঁৱৰীক উদ্ধাৰ কৰিলে এঘৰ ব্ৰাহ্মণে। ব্ৰাহ্মণৰ
ঘৰত
কুঁৱৰীয়ে জন্ম দিলে এটি সন্তান--আৰিমত্ত।পাচে, প্ৰাণাধিক প্ৰিয় কুঁৱৰীক উচৰ্গা কৰাৰ পিছতো ব্ৰহ্মপুত্ৰই
সংহাৰ কৰিবলৈ নেৰাত ধৰ্মপালে মনৰ দুখত সেই ৰাজ্য এৰি নাম সলাই বেলেগ ঠাইত ৰাজ্য পাতিলেগৈ। এদিন
ব্ৰাহ্মণসমাজে
আৰিমত্তক ধৰ্মপালৰ কুঁৱৰীৰ পুত্ৰ বুলি জানি ৰজাৰ এলাগী হৈ পৰা পুৰণি ৰাজ্যৰ ৰজা পাতিলে। সেই আৰিমত্তই
হৈ
উঠিল
প্ৰৱল
প্ৰতাপী। দ্বিগবিজয়ী।
কৈ যাওতে টল-মল আৱেগে পখিলীবালাক হেঁচা
মাৰি ধৰিলেহি। তাই ক্ষন্তেক দৰক লাগি ৰ'ল।কিন্তু আখ্যানে
যে
বনবিভাগৰ লোকক উৎসুক
কৰি তুলিছে।
--‘কৈ যাওকচোন।কৈ যাওক।'
কৈ যায় তাই…
সুচল
ঠাই
বিচাৰি
তেওঁ
দক্ষিণকূলৰ
পৰ্বতত
দাবাইচাহান
ৰাজ্য
পাতিলেহি।
দ্বিগবিজয়ী বীৰ
ৰজাই এদিন
ব্ৰাহ্মণৰ
ৰূপ
ধৰি
অহা
বিষ্ণুদেৱতাক
যথাযোগ্য
সন্মান
জনাবলৈ
পাহৰি গ'ল। তেতিয়া
ক্ৰোধিত
দেৱতাৰ
শাপত
দিপৰবেলা
প্ৰবল
ভূঁইকপে
ৰজাৰ
ৰাজধানী পাতাললৈ
লৈ
গ'ল। ৰজাৰ
পৰ্বতীয়া
ৰাজধানী
নিমিষতে
হৈ
পৰিল
অপাৰ
সামুদ্ৰিক
বিল। দিপৰ বেলা
দাবাইচাহান
ৰাজ্যৰ ৰাজধানী
বহি
গৈ
বিলৰ
সৃষ্টি
হোৱাৰ
বাবেই
সেই
বিল
হ'লগৈ
দিপৰবিল।
ৰজাৰ
দুই
কুঁৱৰী
সাধেই
আৰু মাধেই আছিল
সাদৰী।
প্ৰজাবৎসল। সেই
দুই
কুঁৱৰীৰ
ভিঠা অৱশ্যেই
পাতালত
পোত ন'গল।
কেতিয়াও বুৰ নোযোৱা
সেই
সাধেই - মাধেই
ভিঠা
জাৰে- জহে
মাছুৱৈসমাজৰ
জিৰণিৰ
সুচল ঠাই
হৈ ৰ'ল।
পাচে,
প্ৰবল
প্ৰতাপী
ৰজাই
দ্বিগবিজয়
কৰি
ফুৰাৰ
কালত নজনাকৈ
সতীয়া
বাপেকক
হত্যা কৰিলে। পিছত
সেই
কথা জানিব পাৰি
মনৰ
গ্লানি সহিব
নোৱাৰি
আৰিমত্তই
নৈত
জঁপিয়াই
আত্নহনন কৰিলে।
-‘ইয়াৰ সতে মাছুৱৈৰ সম্পৰ্ক কি?'-- বনবিভাগৰ লোক হতাশ হ'ল।
পখিলীবালাই কৈ গ’ল…
সেই আৰিমত্ত ৰজাই পৰ্বতীয়া ৰাজধানীৰ গাতে লাগি
থকা নামনিৰ
এখন জলাহৰ
কাষত
বহুওৱা কেইঘৰমান মাছুৱৈৰ উত্তৰাধিকাৰেই
আজিৰ দিপৰৰ মাছুৱৈসমাজ। ৰজাৰ
আদেশ
আছিল
মাছুৱৈয়ে আস্কা
ভাওত মইছৰ বেহা কৰিব। সেই পৰম্পৰা আজিও
অক্ষুণ্ণ আছে।আজিও দিপৰৰ মইচৰ বেহা হয় আস্কা ভাওত।ওজনত নহয়। মাছুৱৈসমাজৰ
বিশ্বাস--যিকোনো বিপদৰ
সময়ত আৰিমত্ত ৰজাৰ কুঁৱৰী
সাধেই-মাধেইয়ে
মানুহৰ
ৰূপ লৈ
তেওঁবিলাকক
উদ্ধাৰ কৰিব।
তাই আখ্যান সামৰিলে। কিয় জানো,
চকুৰে
সৰসৰকৈ পানী
নামি আহিল!সভাঘৰৰ
খিৰিকিৰ
জলঙাৰে
সোমাই অহা ৰ'দৰ পোহৰত
চকুলোৰ সেই ধাৰ জুইৰ দৰে ৰঙা যেন দেখা
গ'ল। মাছুৱৈৰ বিশ্বাস--ৰজাই মাছুৱৈমসাজৰ যিজন মুখিয়ালক জলাহৰ কাষত বহুৱাই আস্কা ভাওত মইচৰ বেহা কৰিবলৈ দিহা দিছিল, পখিলীবালা সেই মুখিয়ালৰ
উত্তৰপুৰুষৰ কোনোবা এটি ঠালৰ
বোৱাৰী।
আখ্যান শুনি সভাঘৰ কাঁহ পৰি জীণ যোৱা অৱস্থা।উপস্থিত মাছুৱৈসমাজৰ
মাজত নোহোৱা-নোপজা আৱেগৰ ঢল ববলৈ ধৰিলে।উত্তেজনাত ৰব নোৱাৰি মাটিত বৈঠা
ঠুকুৰিয়াই এটি মাছুৱৈয়ে
কৈ
উঠিল,
--‘মোগলৰ সতে যুঁজ-বাগৰৰ আখ্যানটো কউ।ইয়াতেই কউ। কউ।সাইধৰ দিপৰ মাছুৱৈৰ হাতৰপৰা যায়
যায়!'
এইবাৰ আখ্যান যেন মাছুৱৈৰ জুহালৰ পোৰামাছৰ গোন্ধৰ আলস্য আৰু এলান্ধু জোকাৰি,
চিকুণ
হৈ
নিজেই
ওলাই
আহিল। চকু-মুখ মোহাৰি লৈ
তাই
কবলৈ ধৰিলে...
যেতিয়া মোগলৰ সেনাপতি মিৰ্জানাথনে দক্ষিণকূলৰ ৰংজুলিত কোঁঠ মাৰি উজাই আহি হালিগাঁৱত কোঁঠ
বহুৱালেহি,
তেতিয়া পৰ্বতীয়া ৰজাসকলে বাৰে বাৰে বাধা দি বিতত কৰি তুলিলে। চকৰ্দৌ পৰ্বতৰ সিপাৰৰ ৰাণীহাটত একুৰি
পৰ্বতীয়া ৰজা লগ হৈ মোগলৰ বিৰুদ্ধে যুঁজিবলৈ উজনিৰ আহোম ৰজালৈ সহায় বিচাৰিলে। পৰ্বতীয়া ৰজাই ফন্দি কৰি
হালিগাওঁ কোঁঠলৈ
মিৰ্জানাথনৰ
সেনাৰ
ৰচদ-পাতি যোগানৰ
পথ বন্ধ
কৰি
দিলে।
সিফালে
লুইতৰ
পাৰৰ
গড়লত মোগলৰ কোঁঠ
বাৰিষা
উটি গ'ল। তেতিয়া গড়লপৰা
দিপৰলৈকে
জান খান্দি
নাও সুমুৱাই
মোগলৰ ৰচদ-পাতি
অনাৰ
ব্যৱস্থা
হ'ল। এয়াই
খন্দাজান ।মানুহৰ
মুখত
পৰি
হ'লগৈ
খনাজান-- খনামুখ।
--‘অহ! এয়াই তেনেহ'লে দিপৰৰ বিলমুখ খনাজানৰ গুৰি কথা।' নিস্পৃহ
বনবিভাগৰ
লোক
সঁচাকৈয়ে
অনুসন্ধিৎসু
হৈ উঠিল।
মোগলে জলাহভূমি
দিপৰলৈ সোমাই
অহা নাৱৰপৰা গৰুগাড়ীৰে
হালিগাঁও কোঁঠলৈ ৰচদ
নিয়াৰ
বাট
উলিয়ালে। বাৰিষাৰ পানীয়ে বাট বুৰাই পেলোৱাত হাতীৰে ৰচদ নিয়াৰ ব্যৱস্থা কৰিলে। শ শ হাতীয়ে
মোগল সেনালৈ ৰচদ কঢ়িয়াই নবলৈ ধৰিলে।
মাছুৱৈসমাজে এইখিনিতে অথালি-পথালি কৰি মোগলক নানাধৰণে বিভ্ৰান্ত
কৰিছিল। কেইবাজনীও আদহীয়া তিৰোতাই মইচৰ বেহা কৰা পোহাৰিৰ ভাও লৈ মোগলৰ চাউনিৰ খবৰ- বাতৰি
উলিয়াই ৰাণীহাটৰ পৰ্বতীয়া ৰজাৰ কাণত পোৱাইছিলগৈ।পোনেই যুঁজলৈ নগলেও মিতিৰৰ
ভাও ধৰি
মোগলৰ
কেইবাটিও লুভীয়া চন্তৰীক খাদ্যত ধতুৰাৰ বিহ মিহলাই গতি লগাইছিল। যেতিয়া শৰাইঘাটৰ যুঁজ হ'ল, তেতিয়া
মাছুৱৈসমাজে আহোম সেনাক নৌকাযুঁজত দিপৰৰ পাতালৰ সুচলত যুঁজৰ নৌকা
ৰখা, নৌকাচালনাৰে
অনেক
সহায়
কৰিলে।
সন্ধিয়া পাতি থোৱা জালৰ মইচ পুৱা তুলিবলৈ যাওতে মাছুৱৈয়ে বিয়লিলৈও জাল
পাতি আহে।
পুৱা-গধুলি
মাছুৱৈৰ আদহীয়া তিৰোতাই
আস্কা ভাওত
সেই মইচৰ বেহা কৰে।জাল পতা, জাল গোঁঠা,বুঢ়াগহেঁই সকলে বিললৈ
জলকেলি
কৰিবলৈ দণ্ডিৰে নামি আহি নষ্ট কৰা জালৰ মেৰামতি কৰা, পাচি-খৰাহী বনোৱা, তাঁত-সূত বোৱাকে ধৰি ঘৰ- ঘৰোৱাহৰ অলেখ কামৰ ব্যস্ততাত প্ৰায় মৌনতাৰে পাৰ হয় মাছুৱৈৰ নিঃকিন জীৱন। সন্ধিয়া মইছৰ বেহা
সামৰি
ভাত খাই পাটীত পৰাৰ আগে আগে জুহালৰ কাষত ভাগৰুৱা হৈ বহাৰ সময়ত সামান্য আলাপৰ যি সুযোগ ওলায়,
তাতেই
সিহঁতে চেগা-চোৰোকাকৈ পাগুলি
থাকে বোপাককাৰ মুখেৰে বাগৰি অহা
আখ্যান। আন
মাছুৱৈৰ দৰে
জালবাঁক, ম'হ-যখ, দ'তে মানুহৰ ৰূপ লৈ মইছৰ চিকাৰ কৰাৰ অলৌকিক বিৱৰণী দিপৰৰ মাছুৱৈসমাজত নাই। পাচে, বিলৰ জলসাই দেৱতাই থলবাঁকৰ ৰূপত চকৰ্দৌ পৰ্বতত বাস কৰে আৰু নিশা তাৰেপৰাই দীঘল দীঘল হাত মেলি মইছৰ চিকাৰ কৰে বুলি বিশ্বাস এটি আছে।
সভাঘৰত মাছুৱৈসমাজ শিহৰিত হ'ল।আজিকোপতি সিহঁতক কোনোৱেই মাছুৱৈয়ে বুকুৰ মাজত সাঁচি থোৱা আখ্যানৰ কথা সোধা নাই।মাছুৱৈৰ জীৱনকথা জানিবলৈ কাৰো জিজ্ঞাসা
হোৱা নাই।জুহালৰ আলস্যত বাস্তৱ
আৰু বিভ্ৰমৰ
ওলোম-জোলোমত ইতিহাস গৈ গৈ কেতিয়া ৰূপকথা হৈ পৰিল, তাৰো সাথন
নাথাকিল।তথাপি আখ্যান চিজিল হৈ নাহে। মাছুৱৈৰ মাত-কথাও হেনা-হুঁচা হৈ ৰয়।
পখিলীবালাই
আজি সেই আখ্যানকেই নিৰহ-নিপানিকৈ বখানি
বনবিভাগৰ লোকক স্তব্ধ কৰি
দিছে।
কোন তাই? ৰূপকথাৰ সাধেই
নেকি! মাধেই নেকি!
সেইদিনা চৰকাৰী মানুহ, মাছুৱৈসমাজৰ
চকুত পখিলীবালা হৈ উঠিল বিস্ময়।সেয়া আছিল বাইছ বছৰৰ আগৰ কথা।পখিলীবালাই এই বিস্ময় আজিও
জীয়াই
ৰাখিছে।
মাছুৱৈৰ গোমোঠা মুখ, পূৰ্বতে নুশুনা ৰূপকথাৰ চমক আৰু বিল হেৰুওৱাৰ বেদনাৰ ভমক দেখি বনবিভাগ এখোজ
হলেও পিচুৱাবলৈ বাধ্য হ'ল। সেই ভমকৰ কোবতহে মাছুৱৈসমাজে অত বছৰ পাৰ হোৱাৰ
পিছতো
দিপৰক
নিজৰ
হাতত ৰাখিব পাৰিছে। অৱশ্যে
সেইদিনা সভাঘৰত পখিলীবালাৰ আখ্যানৰ শোভা
চাবলৈ
গিৰীয়েক
কণ্ঠি জীয়াই
থকা নাছিল।
তথাপি বিলৰ পাতাল,পাতালৰ পুষ্টি, মলৰ আধাৰ যতনাই ৰাখিব নোৱাৰাৰ বেদনাত মাছুৱৈসমাজে চট-ফট কৰে। খৰালি পানী নামি পাতাল ওলোৱাৰ লগে লগে ধেনুকাই খাৰবাৰী বিলৰ দুশ পঞ্চাশ বিঘাজোৰা পাতালত ব'ল্ডাৰ
বহুৱাই দখল দিবলৈ ধৰিছে। সৌ সিদিনালৈকে মাছুৱৈসমাজে পানী শুকোৱাৰ পিছত খাৰবাৰীৰ পাতালত গুটি সিঁচি বাওধানৰ খেতি কৰিছিল।গোট গোট ডাঙৰীৰে ভৰাই তুলিছিল নিঃকিন মাছুৱৈৰ ভঁৰাল।চৰকাৰী নীতি অনুসৰি
‘পৰিবেশ স্পৰ্শকাতৰ এলেকা' বুলি স্বীকৃতি পোৱাৰ পিছত মাছুৱৈয়ে বিলৰ পাতালত ধানখেতি কৰা নিষেধ হ'ল। তেনেহ'লে কাৰ সাহত ধেনুকাই দিপৰৰ ‘পৰিবেশ স্পৰ্শকাতৰ এলেকা'ত ব'ল্ডাৰ বহুৱাই মাটি দখল কৰি সীমা মাৰিছে? বিলৰ পাৰৰ
মিয়াদী মাটি কিনি-কুটি শাৰী শাৰী এপাৰ্টমেণ্ট সজাৰ পিছত মাটিৰ আকাল হোৱাত তাৰ চকু এতিয়া খাৰবাৰী বিলৰ পাতালত।মাছুৱৈয়ে গাৱঁৰ ব্লক পৰা বাটচোৱাৰ মাজেৰে খাৰবাৰীৰ পাতাললৈ ব'ল্ডাৰ কঢ়িওৱা ডাম্পাৰ আগচি ধৰিলে । এতিয়া সি গাৱঁৰ কাষৰ বিকল্প বাটেৰে ডাম্পাৰ সুমুৱাই বিলৰ পাতাল দখল কৰি সীমা মৰাৰ পাং পাতিছে।
উত্তৰে বৰখলা বিল, দক্ষিণ-পূবে পামহী আৰু মইনাখোৰোঙৰ দিশে জনগোষ্ঠীয় লোকৰ দখলত থকা উজান বিলৰ
এচোৱাও বহিৰাগতৰ দখলত--তাত বণিয়াৰ শাৰী শাৰী গুদাম।গোষ্ঠীৰ সৰলতাৰ আঁৰত হেৰাই গ'ল পাৰৰ সোণোৱালী
গুটিধানৰ খেতি কৰা মাটি। সিদিনা পৰ্যন্ত সেইচোৱা পৃথিৱী কুঁৱলীৰ আঁৰ লৈ জাক জাক
ধৃতৰাজ পখীৰ আৰাওৱে
জঁয়াল কৰি তুলিছিল।কুঁৱলী ঠেলি বৈঠা মাৰিবলৈ গৈ মাছুৱৈ দৰক লাগিছিল।সাৰেং পখীয়ে দীঘল দীঘল ঠেঙৰ ছন্দত
পাখি মেলি মেলি, ঠোঁট জোঁকাৰি আকুল হৈ কৰিছিল যোৰ পতাৰ আধিভৌতক নাচোন।আৰু চৰিছিল ডাঙৰ- দীঘল ঠোঁটেৰে চবিয়াই চবিয়াই মাছ ধৰি ডিঙিৰ জোলোঙাত ভৰাই যোৱা শুধ বগা ভেলা পখীৰ জাক।
দিপৰ আছিল যেন
অশৰীৰী
জলচৰী জীৱৰ নন্দন- বন!
মহানগৰীৰ লেতেৰা কঢিয়াই নৰ্দমা হৈ
পৰা বাহিনী নদীখন পোনে পোনে চকৰ্দৌ পৰ্বতৰ নিৰ্মল
জান-জুৰি-নিজৰা
সাৱটি বৈ অহা চিকুণ নৈ পামহিলৈ বোৱাই দিপৰত পোলোৱাৰ পিছৰেপৰা ৰাইজে উজান
বিলৰ
সেইচোৱাৰ
মইছ
খাব নোৱাৰা হ'ল দুৰ্গন্ধত।বাহিনী নৈৰ গেদ-পানীয়ে দ কৰি পেলোৱা উজান
বিলৰ
পাতালত
নগজে নল। নগজে
দল।দলনিত নেখেলে ৰৌ-ভকুৱা। নচৰে দল-কুকুৰা, কাইঠা। কনুৱা, কোঢ়া,বালিবগোৱা, লৰিয়লী, মূৰল'ৰি, দলম'ৰা, নল ঢেকৰৰ দৰে জলচৰী জীৱৰ দৃশ্য সেৰেঙা হৈ আহিল।ডুমৰীয়া বিলৰ পাতালত মহানগৰীৰ
পৌৰনিগমৰ
আৱৰ্জনাৰ
দ'ম।গোট গোট হাড়গিলাইহে তাত উচ্ছিষ্ট বোটলে। পশ্চিমৰ ধাৰাপুৰৰ চন্দা বিলৰ
বুকু ফালি
ফ'ৰলেনৰ
ডাইভাৰজন সজাৰ পিছত বিলৰ পাতাল হ'লগৈ পোতাপুখুৰী।
ভূতৰ ওপৰত দানহৰ দৰে যেতিয়া পৰ্যটন বিভাগে বিলৰ পাতালত নাওখেল পাতিবলৈ ঠিৰাং কৰি
খন্দাজানৰ
বিলমুখ মাটি পেলাই বন্ধ কৰি দিলে,তেতিয়া
কেইবামাহো ধৰি
লুইতলৈ
নামি যাব নোৱাৰা আৱদ্ধ পানীয়ে
বিলৰ
সমূহ পাতালৰ জলজ শৰীৰ নষ্ট কৰিলে। কিছুদিনৰ আগেয়ে ধেনুকাৰ দৰে বিল্ডাৰৰ শেন চকুৰপৰা দিপৰক
ৰক্ষা
কৰিবলৈকে মাছুৱৈসমাজে মন্ত্ৰী মহোদয়ক আথে-বেথে নিমন্ত্ৰণ কৰি আনি পাতালৰ নাড়ীলৈকে দেখুৱাই নৌকাবিহাৰ
কৰোৱাইছিল।পাচে, মন্ত্ৰী মহোদয়েচোন বিলৰ পাতাল ৰক্ষা কৰাৰ ৰাইজৰ
প্ৰচেষ্টাত সঁহাৰি দিয়াতকৈ
বিলৰ
কাষে
কাষে চাইকেল ট্ৰে'ক নিৰ্মাণ কৰাৰহে সিদ্ধান্ত ল'লে! নাওখেল পতাৰ কাজ-কৰ্মতো আগ-ভাগ পালে ধেনুকাই । ধেনুকাৰ মাটি দখলৰ সতে এই কুৰুং-কাৰাঙৰ গোপন যোগসূত্ৰৰ
সন্দেহত
মাছুৱৈসমাজে কেৱল চট-ফট কৰিবহে
পাৰে।
এই শাপগ্ৰস্ত প্ৰহৰত কেনেকৈ জীয়াই আছে দিপৰ! দিপৰৰ আকাশেদি পখীকূলৰ ঋতুকালীন প্ৰব্ৰজনৰ সংবেদী
উৰণ বাট! বাৰিষাৰ উদ্দামত কৈলাঙি, গো-বগ, পানীডুবি, নলচুপি, দেওহাঁহৰ যৌৱন উটুৱাই দিয়াৰ বাসনা! ডলা যেন নিকৰিৰ ওপঙা হৰিৎ পত্ৰত দীঘলঠেঙী দলপুঙাৰ নাচোন!
কেনেকৈ!
ৰাণী আৰু গড়ভাঙ্গা ৰিজাৰ্ভক সাৱটি
চকৰ্দৌ
পৰ্বতৰ নৈ-নিজৰাৰ খনিজ মৌলই দিপৰক দিয়া পুষ্টি! মল!পাতালৰ নাড়ীত গজি ওপঙি উঠা জলজ শইচ!
কেনেকৈ!
দিপৰৰ লখিমী মইছলৈ ৰাইজৰ হেঁপাহ! নিকৰিৰ নাড়ীত লগা পুৰঠ, কাঁইটীয়া, সুস্বাদু গুটি খাই বতাহত কঁপি থকা
বিলৰ দাপোনত জোন-তৰা-ডাৱৰৰ অঁকৰাধেমালি চাবলৈ চকৰ্দৌ পৰ্বতৰ দণ্ডিৰে নামি অহা বুঢ়াগঁহেঁইৰ
জাক!
কেনেকৈ!
পাতালৰ
পুষ্টি
আৰু
মল
যতনাই
ৰাখিবলৈ
মাছুৱৈসমাজে
কৰা প্ৰচেষ্টাতে ই
নহয়নে!
দিপৰ
মাছুৱৈৰ
সভ্যতা।
পখিলীবালা আগবাঢ়ে।
শূন্যতাত
হালধীয়াৰ
কণমান
ৰহণ
সানি
উৰি
গৈছে
সখীয়তী। ৰৈ
ৰৈ
শুনা যায় গছৰ ডালৰ কেতেকীপখীৰ
মাত--‘অ' কেতেকী!মই কেতেকী!' মাতটো দিপৰৰ বিলবোৰৰ দ-বাম পাতালত খূন্দা
খাই উভতি আহে। বিলৰ পাতালৰ পৰা উঠি আহি পখলীবালাৰ আঁৰিমাছৰ ফিছা যেন ভৰিৰ সৰুগাঁঠিত খুঁটিয়াই
কয়--‘অ' পখিলী!তই পখিলী!' তাই
উৰণীয়া হয়।মইছৰ গোন্ধ পাই ওলাই অহা সাধেই-মাধেইৰ ভিঠাৰ
গাঁতত
বাস কৰা চিনাকি ফেউৰা, মেচেকা আৰু জহামালৰ জাকবোৰ হুৰাই দিবলৈ বৈঠাপাত জোৰকৈ খামুচি ধৰে।
বৈঠা মাছুৱৈৰ সাৰথি।বৈঠা হাথিয়াৰো।
এটা সময়ত পখিলীবালাই খাৰবাৰী বিলৰ পানী শুকাই উদং হৈ পৰা পাতালত ভৰি থয়। এটি অশৰীৰী অস্তিত্বৰ
দৰে সাঁজৰ আকাশখনৰ তলেদি শুকুলা চাদৰৰ আঁচল উৰুৱাই কণা-মুণাকৈ উৰি যোৱাদি যায়গৈ--আঢ়ৈ কিলোমিটাৰ নিলগৰ গধুলিবজাৰলৈ।পাতালৰ শুকান নৰাৰ দৰে তৃণভূমিৰ ওপৰেৰে চলা খোজৰ খচখচ শব্দ,বতাহৰ সোঁ-সোঁৱনিৰ মাজেৰে তাই গৈ থাকে। খোজৰ শব্দত শুকান পাতালত পোক-ফৰিং খুছৰি থকা চকে চৰাইৰ সৰু জাক এটা উচপ খাই
ঢাপলি মেলে।প্ৰবাদ আছে--গোধুলাবজাৰত বেহাবলৈ কেনেবাকৈ শইচ টুটিলেও, টুটি নাহে সাতোখন বিলৰ পাতাল সাৱটি
থকা লখিমী দিপৰৰ দেও লগা মইছ।বিল সুৰক্ষা সমিতিয়ে ভাদত ফিছাৰিৰপৰা কিনি এৰি দিয়া ৰৌ-ভকুৱা- মিৰিকাৰ পোনাবোৰ পাতালৰ মল আৰু পুষ্টিত যতনত পুহৰ বিল বাইচৰ দিনলৈ দুই-আঢ়ৈ কেজি পৰ্যন্ত ওজন
হয়গৈ। এনেহেন
লখিমী দিপৰৰ
শ্ৰী। তাৰ উপৰিও সিদিনা মাছুৱৈৰ জাল, পলত পৰে দহ-বাৰ কেজি ওজনৰ একোটা আঁৰি।
বৰালি। ছয়-সাত কেজি ওজনৰ শাল। মাছৰ পোনা এৰাৰপৰা বিল বাইচৰ দিনালৈকে
মাজ-পাতালত মইচ ধৰা
নিষেধ। পাৰৰপৰা পঞ্চাশ মিটাৰ এলেকাতহে মাছুৱৈয়ে জাল পাতি মইচ
ধৰে, জাৰ্কি-ডিঙৰা-চেঁপা পাতে। বিল বাইচৰ পিছত
সাতোখন বিলৰ মাজ-পাতাললৈ নামি যায় মাছুৱৈ।
খাৰবাৰী বিলৰ পাতালৰ গাতে লাগি থকা গাৱঁৰ ব্লক পৰা বাটচোৱা পাৰ হৈ আহি পখিলীবালাৰ ভৰি থমকি ৰয়। সন্মুখত তিৰ-বিৰ ফ'ৰলেনৰ চুকটোৰ তিনিআলিত ক্ৰমাৎ সংকীৰ্ণ হৈ অহা
গধূলিবজাৰ--য'ত মাছুৱৈয়ে দিপৰৰপৰা
তুলি অনা মইচ আস্কা দৰত বেচিবলৈ সিহঁতৰ আখলৰ আদহীয়া তিৰোতাবোৰে খদমদম লগায়।
পখিলীবালা মাছুৱৈসমাজৰ এই সকলোবোৰ তিৰোতাৰপৰা
পৃথক।
অনন্য ৰূপকথাৰ
নাৰী।
তাই সাধেই নেকি! মাধেই নেকি!
নিমিষতে পখিলীবালাৰ বৰপাচিৰ মইছৰ বেহা শেষ হ'ল। গ্ৰাহকৰ উপৰিও কিছু বেপাৰীয়েও তাইৰপৰা মইছ কিনি
আন জোগত বেচেগৈ।ভাটিৰ ধুবুৰী-গোৱালপাৰাৰ দিশৰপৰা অহা গাড়ী আৰু মহানগৰীৰপৰা ভাটীৰফালে যোৱা
গাড়ীবোৰৰ কোৰ্হাল তল পেলাই গোধূলাবজাৰত এটা গুম-গুমণি উঠিছে। খাৰবাৰী বিলৰ শুকান পাতালত মাছুৱৈজাকে গুজ্ গুজ্ কৈ পতা কথাবোৰেই জাৰত গুম-গুমণি তুলিছে।পৰ্যটন বিভাগে নাওখেল পতাৰ পিছৰেপৰা
খাৰজান
বিলৰ
পাতল দখল কৰিবলৈ আক্ৰোহী হৈ উঠিছে ধেনুকা।মাছুৱৈসমাজ শংকিত।কিদৰে ইয়াৰ হেস্ত-নেস্ত কৰা যায়!
পখিলীবালাৰ আঁৰিমাছৰ দৰে গোটোং, নিমজ কলাফুল মাছুৱৈৰ উৎকণ্ঠা আৰু গুম-গুমণিৰ
মাজে
মাজে
বিচৰণ
কৰিবলৈ ধৰিলে। বিল সুৰক্ষা সমিতিৰ সভাপতিয়ে
ক'লে--‘জাগি শুবা।' ডাম্পাৰ চলে নিশাৰ এন্ধাৰত।
পখিলীবালা কণল'ৰাৰ চাহৰ
দোকান পালেহি।ইয়াৰপৰাই কণল'ৰাই ম'বাইলত ভিডিঅ'কল কৰি পখিলীবালাক
ডেৰাডুনত
জলাশয়ৰ ওপৰত গৱেষণা
কৰি
থকা জীয়েক প্ৰতিভাৰ সতে
কথা পতাই
দিব। তাই ম'বাইলত
কথা পতাৰ তলা- নলাবোৰ নজনাৰ বাবেই জীয়েকে কণল'ৰাৰ সতে বন্দবস্ত কৰি এই যোগাযোগ কৰাই দিছে।
এই সময়কণৰ বাবেই যেন পখিলীবালাই লেটাৰপৰা ওলাই আহিবলৈ দিনৰ সমস্ত আয়োজন কৰে।পৰ্বান্তৰৰ পখিলাৰ
ৰূপ লয়।দুৰণিত থকা নাতি আৰু জীয়েকৰ সতে এবাৰ কথা পতাৰ সুখ! ভিডিঅ'কলত সিহঁতৰ মুখখন দেখাৰ সুখ! জীয়েকৰ
বিয়া
হৈছে আন প্ৰদেশৰ
ল'ৰাৰ
সতে,
সেয়ে জোঁৱায়েকৰ সতে কথা পাতিবলৈ তাইৰ সংকোচ হয়।
আজিকালি
আন মাছুৱৈৰ
দৰে পখিলীবালাই
দুয়োবেলা
জাল
নাপাতে। কেৱল
সন্ধিয়াহে
মইছ তোলে। মইছৰ
বেহা সামৰি তাই কণল'ৰাৰ দোকানত চাহ একাপ খাবলৈ সোমোৱাৰ আপাহতে
জীয়েক আৰু নাতিপোৱালিকণৰ
সতে ফোনত কথা হয। লোকে কয়,পখিলীবালাৰ জীয়েক নামে-কামে প্ৰতিভা।চৰকাৰী স্কুলৰ দিয়াৰপৰা ঢাপে
ঢাপে আগুৱাই
গৈ তাই বিশ্ববিদ্যালয়ত পঢ়ি কেনেকৈ জলাহভূমিৰ ওপৰত গৱেষণা কৰাৰ পৰ্যায় পালেগৈ, সেয়া বহুতৰ
বাবে
আজিও বিস্ময়। পাছে, তাইৰ গৱেষণাই মাছুৱৈসমাজক যিমান সাহ দিছে, সেয়াও
জানো কম
কথা! ড্ৰোণ কেমেৰা লৈ
আকাশৰপৰা ফটো তুলি দিপৰৰ বিষয়ে কৰা এখন ডকুমেণ্টেৰী তাই যিদিনা মাছুৱৈসমাজক দেখুৱালেহি,সেইদিনা
মাছুৱৈসমাজৰ মুখৰ মাত হৰিল।সদায় দেখি থকা দিপৰ আকাশৰপৰা লোৱা কেমেৰাৰ ফটোত হৈ
উঠিছিল
অনন্য।
এয়া যেন
সাতাম-পুৰুষৰ দিপৰ নহয়-এয়াই
সৰগ! মাছুৱৈৰ জীৱন-মৰণৰ ঠাই।পঢ়া- শুনা কৰি
প্ৰতিভাই
দিপৰৰ পাতালৰ সতে নাড়ী চিঙা নাই। নাড়ীৰ বান্ধোন টানহে
কৰিছে।মাছুৱৈয়ে
যদি
যুঁজিছে
পৰম্পৰাৰ
বলেৰে, তাই যুঁজিছে জ্ঞানৰ গৰিমাৰে।
পখিলীবালাই বুজি উঠিছে, দুয়োখন
যুঁজেই গুৰুত্বপূৰ্ণ। সেইবাবেই পখিলীবালাই ফোনত জীয়েকক
গোধূলাবজাৰৰ
গুম-গুমণিৰ কথা জনাবলৈ নাপাহৰিলে।মইছৰ বেহাৰ পইচাৰে নিজৰ সামান্য বজাৰ-সমাৰ দুটামান কৰি বাকীখিনি টকা মাছুৱৈৰ কল্যাণৰ বাবে থকা পুঁজিৰ বাবে দি আহিলগৈ।জীয়েকৰ সুচল আৰ্থিক অৱস্থাৰ বাবে পখিলীবালাই জাল
পাতি মইছৰ বেহা নকৰিলেও
চলে। কিন্তু বিলৰ বতাহ গাত নালাগিলে তাই থাকিব পাৰিবনে!মহানগৰখন
এইফাললৈকে বাঢ়ি
অহাৰ
পাছত বিলৰ
মইছৰ
চাহিদাও বাঢ়িল। মাছুৱৈৰ
উপাৰ্জনো ভাল হ'ল।
পখিলীবালাই
ধন সাঁচি
কিনো
কৰিব? অধিক
হোৱা টকাখিনি তাই সেয়ে মাছুৱৈৰ কল্যাণৰ পুঁজিতে দি থয়।
কিছুসময়ৰ আগলৈকে বৰষুণজাক পাতলীয়া আছিল।এতিয়া লুইতৰ দিশৰপৰা আকাশ গাজি-গুমৰি
আহিছে।এইজাক বতাহে চকৰ্দৌ আৰু লংকেশ্বৰৰ মাজৰ দিপৰৰ পাতাল কোবাই যাবগৈ।বলিয়া বতাহৰ কোবত মাছুৱৈয়ে পাতি থোৱা
জালবোৰো থান-বান হ'ব। তাই ঘৰলৈ
খোজ
ল'লে।ঘৰ বুলিবলৈ গিৰীয়েক কণ্ঠিৰ চাৰিজন ককাই-ভাইৰ মাজত পিতৃ ভিঠা ভাগ হৈ যোৱাৰ পাচত পোৱা দুটা পনিয়লি কোঠা, এডোখৰ বাৰান্দা আৰু
সন্মুখত
অকণমানি
চোতাল
এখন।একমাত্ৰ কন্যাসন্তান তেনেই সৰু হৈ থাকোঁতেই
কণ্ঠিয়ে সিহঁতক এৰি গৈছিল।জীয়াই থাকোঁতেও সৰহভাগ সময় সি কটাইছিলগৈ বিলৰ পাৰত, নহলেবা সাধেই-মাধেইৰ ভিঠাত জুপৰি সাজি।এনেকৈ অনেক মাছুৱৈয়ে
চেগা-চোৰোকাকৈ
বিলৰ মাজত বা পাৰতে জুপুৰি ঘৰ সাজি থাকে।ৰং-ৰহইচ কৰি অন্য জীৱনৰ সোৱাদ লয়। বিলৰ অজান
ৰহস্যই
টানি নিয়ে মাছুৱৈক।
দিপৰে টানে।কণ্ঠিৰ পৰিয়ালৰ ঠালবোৰৰ কোনোবা এটিয়ে হলেও বিলতেই প্ৰায় নিগাজিকৈ
থকাৰ দস্তুৰ এটা
চলি
থাকে।হয়তোবা ৰূপকথাৰ আৰিমত্ত ৰজাই মাছুৱৈৰ মুখিয়ালক দিয়া নিৰ্দেশ মানি।এয়াও পৰম্পৰা।কণ্ঠিৰ বাপেক
ভোগীও
বিলতেই নিগাজী হৈছিল বুলিব পাৰি। ভোগী আছিল গুৱাহাটীৰ ভৰলুমুখৰপৰা মটৰগাড়ীৰে গৈ বিল
পাৰ হৈ
চকৰ্দৌত
বন্দুকৰ গুলীৰে বুঢ়াগঁহেই নিধন কৰিবলৈ যোৱা প্ৰসিদ্ধ চিকাৰী ফুকন দেউতাৰ সাৰথি ডাঠিভকতৰ ভতিজা। ফুকন দেউতাই চৰকাৰী কাগজ-পত্ৰ উলিয়াই লৈ
নিশা
মটৰগাড়ী
পাৰত থৈ
ডাঠিভকতৰ নাৱতে পাৰ হৈ
চকৰ্দৌত
চিকাৰলৈ গৈছিল।জোলোঙাত দন্তালৰ বৰ একোটা দাঁত, বাঘৰ একোখন ছাল লৈহে দেউতা উভতিছিল। ওভতনিৰ বাটত ফুকন দেউতাই চিকাৰত অনা বস্তু চাবলৈ বিলৰ পাৰত মানুহে ভিৰ কৰিছিলহি।এইচোৱা বুৰঞ্জী কিছু পৰিমাণে নিজেই
দেখিছিল ভোগীয়ে, কিছু ডাঠিভকতৰপৰা শুনিছিল ।
পখিলীবালাৰ শৈশৱতো দিপৰৰ পাৰ কুমলীয়া ঘাঁহ খাবলৈ চকৰ্দৌৰপৰা নামি অহা পহুৰ জাক, পহু ধৰিবলৈ চোপ লোৱা বাঘৰ হাওৰণিয়ে তমোময় কৰি ৰাখিছিল।জন্তু আৰু চৰাইৰ চিকাৰেৰে পাতালৰ একোটা ডোং ৰঙা-ৰাঙলী
হৈ
পৰিছিল।পাহাৰত আছিল ভালুক, কেটেলাপহুকে বিবিধ জীৱ। পাছে, দিপৰৰ মইছে বুকু জুৰাই ৰখা মাছুৱৈসমাজক
মঙহৰ লোভে তেতিয়াও বিতত কৰা নাছিল, এতিয়াও নকৰে।সেইবাবেই আজিও বুঢ়াগঁহেইসকলে কেতিয়াবা মাছুৱৈৰ
জালৰ অনিষ্ট কৰাৰ বাহিৰে মাছুৱৈৰ একো অপকাৰ কৰা নাই। প্ৰাণে হানি কৰা নাই।এয়া বিশ্বাস।
ঘৰলৈ আহি পখিলীবালাই লেটাৰ জগতলৈকে উভতি যায়।ভাৱনাৰ জগতত বিভোৰ হৈ পৰে।ভাবিবলৈ বুলিও সেই
একেখিনি আখ্যান। তাকেই আপোনমনে পাগুলি থাকে। মাছুৱৈৰ তিৰোতাই বিলত নানামে।তিৰোতাৰ জীৱন পাৰ হয়
ঘৰুৱা বনত।আদহীয়া তিৰোতাই মইছৰ বেহাত আগ-ভাগ লয়।পাচে, ভোকৰ জালাত তেনেই সৰুতে বিললৈ
নামিবলগীয়া
হৈছিল পখিলীবালা।তলত তিনিটাকৈ ভাই-ভনী।দেউতাকৰ আছিল পেটচলা বেমাৰ।দেহা দুৰ্বল।বৈঠা মৰা, জাল পতাৰ কাম একেলগে কৰিব নোৱাৰে।পখিলীবালাই লগৰীয়াই চেং গুটি খেলি সময় পাৰ কৰাৰ বয়সতে বাপেকক বৈঠা
মাৰি
সহায় কৰিবলৈ গ'ল। সেয়াই আৰম্ভণি।তাই আৰু বৈঠা হাতৰপৰা এৰিব নোৱাৰা হ'ল। পেটৰ বিষত দেদাউৰিয়াই,
কঁপি কঁপি বাপেকে এদিন দেহা পেলালে।পাছৰফালে বিললৈ চালেই মানুহটোৱে দেও উঠাৰ দৰে আচৰণ কৰিবলৈ
ধৰিলে।
মানুহবোৰে কেনেবাকৈ চকৰ্দৌ পৰ্বতত বাস কৰা থলসাই দেৱতাৰ দোষে চুলে বুলি
কোৱা-কুই কৰিলে।বাপেক জীয়াই থাকোঁতে তাই বৈঠা মাৰি নাও লৈ বিলৰ মাজ-পাতাল
পাইছিলগৈ।বাপেক কাল হোৱাৰ
পাছত বিললৈ চাবলৈ তাইৰো ভয় লগা হ'ল।দুবছৰমান বিলৰ বামত চেঁপা-ডিঙৰা-জাৰ্কি পাতিয়েই পাৰ কৰিলে।কলমৌ, হেলচি, কচুলতি,কচুথোৰো তুলিছিল। মাকে গোধূলাবজাৰত তাকেই বেচিছিলগৈ। সেই
সময়ত তেনে মইছ, বনশাকৰ
গ্ৰাহক
নাছিল বুলিবই পাৰি।এঁসাজ খালে দুসাজ লঘোণ যোৱাৰ দৰে অৱস্থা।
শৰীৰ উঠন হৈ আহিছিল।এনে বয়সত ভোকৰ জ্বালা সহিবলৈ টান।সাহ কৰি এদিন তাই ভায়েকক নাৱত লৈ বৈঠা
মাৰি বিলৰ মাজ-পাতাল পালেগৈ।লাঙিজাল পাতি বৰপাচি ভৰাই উঠাই আনিলে মইছ।এনেকৈয়ে আৰম্ভ হ'ল বিলৰ
একমাত্ৰ তিৰোতা মাছুৱৈৰ জীৱনৰ সংগ্ৰাম।বিলৰ মইছ, জলজ শইচ, গা জুৰ লগা বতাহত তাই নিজকে উটুৱাই
দিলে।মইছে যেন তাইৰ জালত সোমাবলৈ জাকি মাৰি আহে!চকৰ্দৌ পৰ্বতৰপৰা খৰি লুৰি নাৱত উঠাই অনাৰ
কামতো তাইক চেৰ পেলাব নোৱাৰ হ'ল। কেতিয়াবা দণ্ডিৰে নামি অহা বুঢ়াগঁহেইৰ জাকে জলকেলি কৰি মইছৰ জাল
ফালি-চিৰি টহিলং কৰি থৈ যায়। তেনে দিনত মাছুৱৈয়ে পদুমৰ ফুল আৰু চকা বিক্ৰী কৰিও উপাৰ্জন কৰে।
পদুম ফুল ছিঙিবলৈ যোৱাৰ এনে এটি দিনতেই তাই আচৰিতধৰণে লগ পালে কণ্ঠিক। ভৰ দুপৰ। এনে দুপৰত
বিলত মাছুৱৈ কি, কোনোবা নৰমনিচ থাকে বুলি ভাবিবই নোৱাৰি। নিমাওমাও পদুমনিত বৈঠা বাই থাকোঁতে তাই
শুনিবলৈ পালে মেটেঙাৰ বৰ এটা জোপাৰ আঁৰত কাৰোবাৰ কান্দোন। থাকি থাকি মৰণকাতৰ চিঞৰ।তাই নাও
লৈ
আগুৱাই গ'ল।ওচৰ পাই দেখিলে কণ্ঠি আৰু তাৰ বৈনায়েক।দুয়ো বাঢ়ি অহা মেটেঙাৰ বান্ধ দিবলৈ পুতি থোৱা
খুঁটি এটাত লাগি থকা জোপা এটাত ধৰি কোনোমতে ওপঙি ৰৈ,হুৰাওৰাৱে কান্দিবলৈ ধৰিছে।
ভৰ বাৰিষা।পুৱাতেই কণ্ঠি আৰু বৈনায়েক ওলাই গৈছিল চকৰ্দৌত খৰি লুৰিবলৈ।খৰি লুৰি, বোজা বৈ দুয়ো নাৱত
তুলিলেহি।বাৰিষাৰ ভৰা দিপৰ সাগৰৰ দৰেই হৈ উঠিছিল।নাও আহি বিলৰ দ-পাতাল পালেহি। তেনেতে পশ্চিমৰ দিশেৰে বলিল এছাটি বলিয়া বতাহ।মাজপানীত এজাৰ কাঠৰ নাও পাকঘূৰণি খাই
লুটি খাই
গ'ল। খৰিৰ বোজা তলি পালেগৈ।প্ৰাণ বচাবলৈ দুয়ো নাৱৰপৰা অথাই সাগৰ হেন পানীত জাঁপ দিলে। কণ্ঠি সাঁতোৰাত
পাৰ্গত। বৈনায়েক
তাৰ দৰে কাজী নহয়। কণ্ঠিয়ে এখন হাতত দা আৰু আনখনত বৈঠাপাত লৈয়েই
সাঁতুৰিবলৈ ধৰিলে। মাজে মাজে
বৈনায়েককো সাহ দি থাকিল।
কিমান প্ৰহৰ পাৰ হ'ল?সাঁতুৰি সাঁতৰি দুয়ো ভাগৰি পৰিল। এটা সময়ত
হাত দুখন যেন অৱশ হৈ আহিল। কণ্ঠিয়ে
হাতৰ দা আৰু বৈঠা পানীত পেলাই দিলে। দিপৰ যেন আজি পাৰাপাৰবিহীন।এটিয়ে আনটিক সাহ দি দি
উজান বিলৰ পাতাল পাৰ হ'ল, খাৰবাৰী বিলৰ পাতালত সোমাল। খাৰবাৰী বিলত মেটেঙা ভেটিবলৈ পুতি থোৱা খুঁটি
এটাত কেনেবাকৈ লাগি ধৰা মেটেঙাৰ বৰ এটা জোপাক সাৱটি ধৰি দুয়ো নিজকে এৰি দিলে। হাত-ভৰি নচলা
হৈ আহিল। কেনিও এটি নৰমনিচ নাই। এখনি নাৱৰ দেখা-দেখি নাই। চকুৰ সন্মুখত মৰণ আহি ওলাল। জেঠেৰি- বৈনায়েকে হুৰাওৰাৱে কান্দিবলৈ
ধৰিলে।
সেই কান্দোনৰেই আঁত ধৰি ওলালহি পখিলীবালাৰ নাও। দুয়ো উদ্ধাৰ পালে।পখিলীবালাৰ নাৱত উঠিলহি।কিছু সুস্থিৰ হৈ উজান বিলৰ নাও ডুবা ঠাই পালেগৈ। খৰিৰ বোজা পানীত ডুবি যোৱাৰ পিছত এজাৰ কাঠৰ নাও ওপঙি
উঠিছে। নাৱৰ এটা টিং দাং খাই আকাশৰ ফালে পানীৰ ওপৰত, আনটো পাতালত। নাও উদ্ধাৰ কৰা হ'ল।
সকলো কাম সুকলমে হৈ যোৱাৰ পাছত ওভতনিৰ বাটত কণ্ঠিৰ চকু পখিলীবালাত পৰিল।আঁৰ চকুৰে দেখিলে খন্দাজানৰ
বিলমুখেদি লুইতৰ ধাৰেৰে যোৰ পাতিবলৈ সোমাই অহা আঁৰিমাছৰ দৰে তাইৰ লাহি
শৰীৰ।
টান, গোটোং,
নিমজ।
আঁৰিমাছৰ ফিছাডোখৰৰ দৰে ঘিঁউবৰণীয়া কলাফুল।মেখেলাৰ তলেৰে উদং হৈ
আছে।বিধাতাৰ কি
ইচ্ছা যে
বিপদৰ সময়ত
তাই
আহি
ওলাল! মাজপানীত
জেঠেৰি- বৈনাইৰ প্ৰাণ ৰক্ষা পৰিল!
কোন তাই?
ৰূপকথাৰ সাধেই নেকি! মাধেই নেকি!
সেই ঘটনাৰ পিছত বিলৰ নিজান পাতালত কণ্ঠি আৰু পখিলীবালাই নিবিড়ভাৱে লগ পাবলৈ ধৰিলে।এদিন ভাল দিন- বাৰ এটা চাই কইনাৰ সাজেৰে তাই কণ্ঠিৰ ঘৰলৈ আহিল।
বৰষুণ নামি অহাৰ যো-জা কৰিছে।পখিলীবালাই কাম সামৰিবলৈ ধৰিলে। ঘৰ সাৰি-মচি চিকুণ কৰিলে।গা-ধূই ধূপ-কাঠি জ্বলালে।গেচৰ ষ্ট'ভটো জ্বলাই ভাতৰ চৰু বহাই দিলে।বিলৰ পাৰৰপৰা তুলি অনা শাকত পেলাই দিলে মইছ। এনেকৈয়ে তাইৰ ৰাতিৰ সাজ যোগাৰ হৈ গ'ল।ভাত খাই উঠে মানে বৰষুণে কলহৰ কানে ঢলাৰ দৰে ঢালিবলৈ আৰম্ভ কৰিলে। তাই বিছনাত পৰিলগৈ। ধাৰাসাৰ বৰষুণৰ মাজে মাজে ভাহি আহিছে বিললৈ নামি অহা বুঢ়াগঁহেইৰ চিঞৰ। জলকেলি কৰি উদ্দাম হোৱা চিঞৰ!হয়তো জাকত পোৱালিও আছে।পখিলীবালাৰ গালৈ এটা পিৰপিৰণি উঠি আহিল।
কণ্ঠিৰ ঘৰলৈ অহাৰ প্ৰথম বাৰিষাৰ এনে এটি কলহৰ কানে পানী ঢলা নিশা কণ্ঠিয়ে বৰষণুৰ মাজেৰেই তাইক বিলৰ মাজত থকা তাৰ জুপুৰিটোলৈ লৈ গৈছিল।গোটেই পৃথিৱীজুৰি বৰষুণ, মেঘৰ
গাজনি। চৌদিশ এন্ধাৰ। মাজে মাজে
বিললৈ জাক পাতি নামি অহা বুঢ়াগঁহেইৰ চিঞৰ।এনে নিশা বিল তেওঁসৱৰ দখললৈ যায়।বাটৰ
বিপদৰপৰা
সাৰিবলৈ
হাতত বৈঠাপাত লৈ সিহঁতে সাধেই-মাধেইৰ ভিঠাৰ তাৰ জুপুৰিটো পালেগৈ। গোটেই জীৱন বিলত জাল
পাতিলেও
পখিলীবালাই এতিয়াহে মাছুৱৈয়ে বিলত অস্থায়ীকৈ সাজি লোৱা জুপুৰিৰ এটাৰ ভিতৰ সোমাল। বোকা-পানীৰ
মজিয়াত
প্ৰথমবাৰলৈ দেখিলে তাৰ সংসাৰখন--এখন খাটিয়া, লেপ-তুলি গাৰু-আঁঠুৱা, এচুকত ৰন্ধাৰ সঁজুলি।
সেই নিশা দুয়ো মাছুৱৈৰ
ৰূপকথাৰ আখ্যান বখানি সময় খেদোৱা নাছিল।বৰঞ্চ মইছৰ গোন্ধে মলমলাই থকা কথকতাৰ
সিপাৰত এটি
মনোৰম সাঁথৰ, অজানা এটি কৌতূহল হৈ দুয়ো ৰূপকথাটিক মেৰিয়াই মেৰিয়াই ক্ৰমশঃ ভিতৰলৈ সোমাই গৈছিল--ধীৰে ধীৰে, বিলৰ পাতাল ভেদি ওলাই অহা বতাহৰ
ছন্দে ছন্দে। বিজুলী-ঢেৰেকণি, বৰষুণৰ টোপালে সেই
কাহিনী অলৌকিক কৰি তুলিছিল। তৰোৱালৰ ধাৰ যেন এছাৰকণিয়ে বাসনাক কৰি তুলিছিল শাণিত।পাতালত
মইছৰ
উজান উঠিছিল। উজনিত খনিজ মৌলবোৰ বুকুত লৈ চকৰ্দৌৰ সৰু-বৰ নৈ-নিজৰাৰে নামি অহা
জলধাৰাৰ
সংগমত নাচি-বাগি উটুৱাই দিবলৈ জাক জাক কাৱৈ-গৰৈ-টিংৰা-চেনিপুঠি-এলেং-কৰতি চকৰ্দৌৰ দিশে উজাবলৈ
ধৰিছিল। নামনিত উঠিছিল খন্দাজানৰ মুখত লুইতৰ ধাৰেৰে সোমাই অহা বোঁৱতী ধাৰাৰ সংগমত উত্ৰাৱল হৈ উঠা কুঢ়ি-ৰৌ-বৰালি-আঁৰি-গাগল-ভকুৱা-শালৰ দৰে বৰ বৰ মইছৰ উজান। মেঘৰ গাজনি, বিজুলীৰ চমকণি, পানীৰ
নাচোনত পাতালৰ জাক জাক মইছ হৈ উঠিছিল উৰণীয়া।দিপৰে আধিভৌতিক ৰূপ ল'লে।এই বন্য, অলৌকিক দৃশ্যাৱলীক
সন্মুখত লৈ অপাৰ সামুদ্ৰিক বিলৰ মাজ-পাতালত কেতিয়াও বুৰ নোযোৱা ভিঠাত বোকা-পানী আৰু বিলৰ জলজ শইচৰ
গোন্ধ সাৱটি প্ৰকৃতিৰ বিশাল কোলাত দুটি প্ৰাণ এক হৈ পৰিল।
মাজনিশা টোপনিৰ আল-জালত পখিলীবালাই দেখিলে বৰষুণ, বিজুলী-ঢেৰেকণিৰ চকা-মকাত উৰি ফুৰা মইছৰ
লানিৰ মাজেৰে জলকেলি কৰি ভাগৰি পৰা বুঢ়াগঁহেইৰ জাক এটা ভিঠালৈ উঠি আহিছে।তেওঁসৱৰ ভিজা গাৰপৰা পানী আৰু বোকামাটিৰ উহুমা-উহুম গন্ধ ওলাইছে।কণ্ঠি গভীৰ টোপনিত।চাই থাকোঁতেই এটি প্ৰকাণ্ড দন্তালে জুপুৰিৰ সন্মুখত
ভুমুকি মাৰিলেহি। ভিতৰলৈ শূঁৰডাল সুমুৱাই দি কিছুসময় দৰক লাগি ৰ'ল।লাহে লাহে শূঁৰ ওপৰলৈ উঠিল।নামিল। এটা সময়ত দন্তাল নিজ মনে আঁতৰি গ'ল। আন বুঢ়াগঁহেইসকলো পিচে পিচে গ'লগৈ।বোধহয় দন্তাল
জাকটোৰ
দলপতি আছিল।মৰণত শৰণ দি, উশাহটো বুকুত লৈ ৰৈ
থাকিল পখিলীবালা। আজিও তাই বুজি নাপালে সেইনিশা
সাধেই-
মাধেইৰ ভিঠালৈ বুঢ়াগঁহেই ডাঙৰীয়া কিহলৈ আহিল? আশীৰ্বাদ দিবলৈ নেকি!
সময়ত পখিলীবালাৰ এটি কন্যা সন্তানৰ জন্ম হ'ল। কণ্ঠিয়ে নাম দিলে প্ৰতিভাবালা। ছোৱালীৰ
দুবছৰ হৈছিলহে
মাথোন--এদিন শুই থাকোঁতেই কণ্ঠিয়ে বিছনাতে চকু মুদিলে। মাছুৱৈসমাজত শৰীৰৰ আপদ, মৰণ,পানীত ডুবা
আদি স্বভাৱিক কথা যদিও গাৱঁৰ প্ৰসিদ্ধ ফুটবল খেলুৱৈ, পাৰ্গত সাতোঁৰবিদ কণ্ঠিৰ
মৰণ
মানি লোৱা
সহজ নাছিল। বীৰা মেলা, টেকেলিহৰা, বাণ মৰাকে ধৰি নানান আখ্যান ওলাল। যথাসময়ত সান্ত্বনাৰ বাণী হৈ
অহা এনে
আখ্যান পাহৰণিত
বুৰ গ'ল। বিয়াৰ পাছৰেপৰা পখিলীবালাই বিললৈ
জাল পাতিবলৈ যোৱা
নাছিল। কণ্ঠিৰ
অকালমৰণে
তাইক
আকৌ এবাৰ জীৱন-জীৱিকাৰ
সংগ্ৰামৰ
বাবে বিলৰ পাতাললৈ
ঠেলি
দিলে। বৈঠা হাতত লৈ
তাই পানীত
নামিল। কণমানি
ছোৱালীকণ কণ্ঠিৰ যৌথ পৰিয়ালটোৰ ছাঁতে ডাঙৰ হ'ল।
স্কুলত নাম লগাবলৈ যাওতে শিক্ষকে বহীত জীয়েকৰ নামটো লিখিলে--প্ৰতিভা দাস।
ৰামচাৰ চাইট হোৱাৰ পিছতে দেশ-বিদেশৰ গুণী লোকে দিপৰলৈঅহা-যোৱা কৰিবলৈ ধৰিলে।মাছুৱৈসমাজে তেওঁলোকৰপৰা যিদৰে বিলৰ ওপৰেৰে পখীৰ সংবেদী উৰণ বাট, জলাশয়ৰ ব্যৱস্থাপনাৰ দৰে অজানা কথা জানিবলৈ পালে--সেইদৰেই
পাতালৰ সুৰক্ষাত মাছুৱৈৰ পৰম্পৰাগত
জ্ঞানে
তেওঁলোককো সমৃদ্ধ কৰিলে। এনে এটি দলেই এদিন
দিপৰৰ
মাজ-পাতালত জাল চপাই থকা একমাত্ৰ তিৰোতা মাছুৱৈগকাৰীক দেখি কৌতূহলী হৈ উঠিল। তেওঁলোকে লগত অনা কেমেৰাৰে পখিলীবালাৰ ফটো উঠালে। দুদিনমানৰ পিছত
সন্ধিয়া
মইছৰ বেহা সামৰি পখিলীবালা ঘৰ সোমোৱাত দলটোৱে
দুৱাৰত
টুকুৰিয়ালেহি।তেওঁলোকে তাইৰ কেইবাখনো ফটো বন্ধাই আনি উপহাৰ দিবলৈ আহিছে। সিহঁতক দেখি পখিলীবালা অপ্ৰস্তুত হৈ পৰিল। জীয়েক প্ৰতিভাই কিন্তু দলটোৰ সতে বেচ সপ্ৰতিভ হৈ কথা পাতিলে। তেতিয়া তাই হাইস্কুলৰ ছাত্ৰী।ছুবুৰীয়াৰপৰা কাপ-প্লেট আনি চাহ-বিস্কুটো যতনাই দিলে। মাছুৱৈৰ ঘৰত এনে এটি সপ্ৰতিভ কন্যা দেখি তেওঁলোকে তাইক উৎসাহ দিবলৈ ধৰিলে।বিলৰ বুকুত দলটিৰ দীঘলীয়া অধ্যয়ন
চলিল। তেওঁলোকৰ
উৎসাহতে প্ৰতিভায়ো পঢ়া-শুনা আগুৱাই নিলে। এটা সময়ত তাই দলটিৰ জলাশয়বিষয়ক গৱষেণাৰ প্ৰকল্পত জড়িত হৈ পৰিল।
এনেকৈয়ে উধাই গৈ গৈ তাই হৈ উঠিছেগৈ মাছুৱৈৰ গাৱঁৰ এটি ৰত্ন। পাছে, ডেৰাডুনৰ এগৰাকী জলাশয় বিশেষজ্ঞৰ
সতে বিবাহপাশত আবদ্ধ হৈ তাতেই নিগাজী হোৱা প্ৰতিভাই অনেক কাকুতি-মিনতি কৰিও মাকক তাইৰ ঘৰলৈ নিব পৰা নাই।ওৰে জীৱন দিপৰকেই ধিয়াই জীয়াই থকা পখিলীবালা বিলৰ পাতালৰ পৰা এপলক নিলগ হবলৈও নাৰাজ।
বিলৰ মাজৰ কণ্ঠিৰ জুপুৰিটোৱেই দিনটোৰ বাবে তাইৰ জিৰণিৰ ঠাই।
বৰষুণ এৰিছে।কিন্তু আকাশৰ পানী সৰোঁ সাৰোঁকৈয়ে আছে।শেহ নিশা পখিলীবালা বিছনাৰপৰা নামি আহিল। এন্ধাৰতে
বন সামৰি জলপান বহালে।দুটামান জলপান মুখত দি বাকীখিনি বান্ধি ল'লে। এতিয়া পাচিটো
আৰু বৈঠাপাত হাতত লৈ তাই জাল পাতিবলৈ বুলি এন্ধাৰৰ মাজেৰেই বিললৈ বাট পোনালে।
ব্লক পৰা বাটটোৰপৰা নামি তাই খাৰবাৰী বিলৰ পাতালত ভৰি থ'লে।হঠাতে তাই শুনিলে কোনোবাই কথাৰ কটা-কটি কৰিছে।মাতবোৰ গাৱঁৰ সীমাৰ ফালৰপৰা আহিছে।তাইৰ চকু সেইফালে গ'ল।এন্ধাৰৰ মাজতো পখিলীবালাই গম পালে কেইজনমান মাছুৱৈয়ে দুটা মানুহৰ সতে প্ৰচণ্ড কথাৰ কটা-কটি কৰিছে। মানুহ দুটাই তাইৰ ফালে পিচ মূৰ কৰি থকাৰ বাবে তাই সিহঁতক দেখা নাই।মাছুৱৈকেইজনৰ মুখহে দেখিছে। পিচফালে এখন ব'ল্ডাৰ ভৰ্তি ডাম্পাৰ। মানুহ
দুটা
হয়তো ধেনুকাৰ অনুচৰ।এটা চাগে ধেনুকাও হব পাৰে। তাই শৰীৰ দুটা ভালকৈ মণিবপৰা নাই। তাইৰ
গোধূলাবজাৰৰ গুম-গুমণিটোলৈ মনত
পৰিল।
-‘জাগি শুবা।'
বৈঠাপাত টানকৈ ধৰি তাই সেইফালে যাবলৈ ধৰিলে।বৰষুণ থামিলেও সোঁ-সোঁকৈ বলি থকা
বতাহৰ বাবে তাই তৰ্কা-তৰ্কিবোৰ ভালকৈ শুনা নাই। সিহঁতৰ ম'বাইলৰ পোহৰতহে চকা-মকাকৈ মানুহকেইটাৰ অৱয়ৱ দেখা পোৱা গৈছে। তাই
বেগ দি সিহঁতৰ কাষ পালেগৈ।
অকস্মাতে দেখিলে--তাইলৈ পিছ দি থকা এটাই হাতত পিষ্টল লৈ মাছুৱৈ এটাৰ মূৰলৈকে টোঁৱাইছে । সি সঁচাকৈ গুলীটো এৰি দিব নেকি? এৰি দিব নেকি?
কি হ'ব? সময় ৰৈ যাব নেকি?
পখিলীবালাই বৈঠাপাত বজ্ৰমুঠিৰে খামুচি ধৰি মনুহটোৰ পিছমূৰত প্ৰচণ্ড জোৰেৰে কোব এটা
বহুৱাই
দিলে।
মাছুৱৈৰ
হাতৰ শাল কাঠৰ বৈঠা। পিষ্টল হাতত লৈয়ে মানুহটো গিৰিসাই মাটিত বাগৰি পৰিল। লগত অহা আনটোৱে
তৰ্কিবলৈ
নাপাওতেই তাই তাৰ পিচমূৰতো আন এটা বজ্ৰকোব বহুৱাই
দিলে ।
মাছুৱৈজাকে তম্ভিবই নোৱাৰিলে। বোকামাটিত দুয়োটা শৰীৰ কিছুসময় চট-ফটাই নিথৰ হৈ গ'ল।এতিয়াহে পখিলীবালাই
দেখিলে--এটা ধেনুকা। আনটো তাৰ অনুচৰ। সি চাগে ডাম্পাৰ চলাই আহিছিল। নিশাৰ আন্ধাৰত খাৰবাৰী বিলৰ পাতালত ব'ল্ডাৰ পেলাবলৈ আহিছিল। বাটত বাধা পালে মাছুৱৈক গুলী কৰি ভয় খুৱাই দিবলৈকে এনেদৰে চুপে-চাপে
আহিছিল চাগে। কেনেবাকৈ এটা-দুটা মাছুৱৈক গুলী কৰি খতম কৰি দিলে ভয়তে সিহঁতে পিচুৱাই যাব। বিলৰ দখল যাব ধেনুকাৰ হাতলৈ। ইয়াৰ ভাগ মন্ত্ৰী মহোদয়েও পাব। হয়তো এয়াই তাৰ হিচাপ আছিল।
সন্মুখত দুটাকৈ বাগৰি থকা লাচ লৈ মাছুৱৈৰ জাকটো কঁপিবলৈ ধৰিলে।আজিলৈ সিহঁতে
এনে
ঘটনাৰ
সন্মুখীন হোৱাৰ নজিৰ
নাই। কিন্তু সিহঁতে
দেখিলে পখিলীবালাই অকণো ভয় কৰা
নাই। সকলোৰে সন্মুখতে তাই
লেটাৰপৰা চুঁচৰি ওলাই আহিছে।শৰীৰত পৰ্বান্তৰৰ লাহি-পাহি পাখি গজিছে। ধীৰে ধীৰে তাই
পখিলাৰ
ৰূপ
লৈছে।
মুখলৈ
আহিছে এক লাৱণ্য। শৰীৰ অপৰূপ জেউতিয়ে আৱৰি ধৰিছে। তিনিকুৰিৰ দেওনা পাৰ হোৱাৰ পিছতো
উঠন গাভৰুৰ
দৰে তাইৰ
শ্ৰী।
কোন
তাই?
সাধেই নেকি!মাধেই নেকি!
-“কিহলৈ ভয় খাইছ? অলপ পিছতে মুষলধাৰে বৰষুণ আহিব। বৰষুণ পানীয়ে মৰণৰ সাক্ষী-প্ৰমাণ উটুৱাই নিব। সকলো কথা ফুচ-ফাচ হৈ যাব। দিপৰ আমাৰ সভ্যতা। আমি আৰিমত্ত ৰজাই বহুওৱা মাছুৱৈ।দিপৰক আমিয়েই
ৰাখিবই লাগিব।জান দি হলেও,জান লৈ হলেও।যাগৈ যা। ঘৰলৈ গৈ শুই থাক।কাকো উম-ঘাম নিদিবি। বেৰৰো কাণ আছে।”
বৰষুণ সৰোঁ সৰোঁকৈ
আছিলেই।
এইবাৰ
সঁচাকৈয়ে
মুষলধাৰে
বৰষুণ
নামি আহিল।
বৈঠাপাত
হাতত লৈ
পখিলাবালাই
যাবলৈ
ধৰিলে
সাধেই- মাধেইৰ
ভিঠাত থকা তাইৰ
জুপুৰিটোলৈ। বিলৰ
মইছৰ
দুদ্ধৰ্ষ
চিকাৰী সৌজাক দৈকলা পখী।
দীঘল ডিঙিবোৰ
লৰাই
লৰাই
ক'লা
ভূতপোৱালিৰ
এবাহৰ
দৰে
মইছৰ
চিকাৰ
কৰিবলৈ চোপ পাতি আছে। দৈকলাজাকৰ
মাজেৰে ব'ৰষণৰ ফাঁকে ফাঁকে গৈ থকা তাইৰ অৱয়ৱটোলৈ চাই
মাছুৱৈকেইটি
ভিতৰলৈকে জিকাৰ খাই
উঠিল।
পুৱা হয়গৈ মানে পুঠিলাঙি জালখন পাতি আজৰি হৈ পখিলীবালাই জুপৰিৰ নাল ভগা কেটলিটোত পানী উতলাই চাহ
একাপ খালে। বিলৰ জুৰ বতাহ গাত লগাই খাটিয়াখনত বাগৰ দিলে।সাঁজবেলা জাল চপোৱাৰ সময়লৈকে তাই এঘূমটি
শুই লব।
দিপৰৰ পাতালত ধেনুকাৰ দৰে প্ৰবল প্ৰতাপী বিল্ডাৰৰ সতে তাৰ অনুচৰৰ লাচ ওলোৱাৰ
ঘটনাক লৈ
দিনৰ দিনটো আৰক্ষীৰ তৎপৰতা, সাংবাদিকৰ অহা-যোৱা, কোৰ্হাল--এইবোৰৰএকো উম-ঘাম তাই নাপালে। পূৰ্বতে
কোনোধৰণৰ
দুষ্কৰ্মৰ নজিৰ নথকা বিলৰ পাৰৰ তেনেই
নিমাখিত মাছুৱৈসমাজক চোভা কৰাৰ কাৰণ আৰক্ষীয়ে বিচাৰি
নাপালে। তাতেই মুষলধাৰ বৰষুণে সকলো প্ৰমাণ উটুৱাই নিছে। ব্যৱসায়িক
কন্দলেই এনে ঘটনাৰ কাৰণ
হব পাৰে বুলিহে
আৰক্ষীয়ে সাময়িকভাৱে সিদ্ধান্ত
কৰিলে ।
-----
সাঁজবেলা দিপৰৰ পানী চকৰ্দৌ পৰ্বতৰ ছায়াই আৱৰি ধৰিলেহি। পখিলীবালা ৰূপকথাৰ খোলাটিৰপৰা ওলাই আহিল। দেখা আৰু অদেখাৰ ধুৱলী-কুঁৱলীত বিলত পানীত জান-নেজানকৈ ওপঙি উঠিল পখিলীবালাৰ ডিঙা। কোনো প্ৰাচীন
চিত্ৰকৰে অঁকা পৌৰাণিক পট এখনিৰ দৰে।
এজাৰ কাঠৰ ডিঙাত উঠি, শাল কাঠৰ বৈঠা বাই পখিলীবালাই দিপৰৰ এঙামূৰি ভাঙি দিলে।
তাই সাধেই নেকি! মাধেই নেকি!
পখিলীবালা অনন্য
ৰূপকথাৰ
নাৰী।
---
বিশেষ
কৃতজ্ঞতাঃ
বিশিষ্ট শিক্ষাবিদ
ড০ বলেন্দ্ৰ
কুমাৰ দাস, বিশিষ্ট
পৰিবেশবিদ
ড০ আনোৱাৰউদ্দিন চৌধুৰী,
গুৱাহাটীৰ
সমীপৰ
আজাৰা
কেওটপাৰা
গাৱঁৰ
ক্ৰমে
নিৰঞ্জন দাস,
গেলোক দাস,
পুতুলবালা দাস,
গোলোক
দাস, পৰিবেশ কৰ্মী ঋতুৰাজ
দেৱান ।
---
বিশেষ কৃতজ্ঞতাঃ
বিশিষ্ট শিক্ষাবিদ ড০
বলেন্দ্ৰ কুমাৰ দাস, বিশিষ্ট পৰিবেশবিদ ড০ আনোৱাৰউদ্দিন চৌধুৰী, গুৱাহাটীৰ সমীপৰ
আজাৰা কেওটপাৰা গাৱঁৰ
ক্ৰমে নিৰঞ্জন দাস, গেলোক দাস, পুতুলবালা দাস, গোলোক দাস, পৰিবেশ কৰ্মী ঋতুৰাজ দেৱান ।

No comments:
Post a Comment